• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Spirituality

এটা প্রশ্নৰ পৰম্পৰা : গোৱিন্দ ভগৱত্পাদ, শঙ্কৰাচার্য, ৰমণ মহর্ষি

ASSAMESE SECTION

by Sanjeev Kumar Nath
April 5, 2026
in Spirituality, Spirituality
Reading Time: 13 mins read
0
এটা প্রশ্নৰ পৰম্পৰা : গোৱিন্দ ভগৱত্পাদ, শঙ্কৰাচার্য, ৰমণ মহর্ষি
Share on FacebookShare on TwitterShare on LinkedIn

এটা প্রশ্নৰ পৰম্পৰা : গোৱিন্দ ভগৱত্পাদ, শঙ্কৰাচার্য, ৰমণ মহর্ষি

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

কোৱা যায় যে আদি শঙ্কৰাচার্যই মাত্র আঠ বছৰ বয়সতে তেওঁৰ জন্মস্থান কেৰেলাৰ কালাদিৰ পৰা খোজ কাঢ়ি গৈ দুর্গম পথ অতিক্রম কৰি, প্রায় দুহেজাৰ কিলোমিটাৰ দূৰৰ নমর্দা নদীৰ পাৰৰ ঔমকাৰেশ্বৰত থকা অদ্বৈত বেদান্ত পৰম্পৰাৰ গুৰু গোৱিন্দ ভগৱত্পাদক লগ কৰি তেওঁৰ শিষ্য হ’ব বিচাৰে।

শংকৰক দেখি গোৱিন্দ ভগৱত্পাদে প্রশ্ন কৰে, “তুমি কোন?”

পৰম্পৰাগত কাহিনী মতে, শঙ্কৰে ভগৱত্পাদৰ সেই প্রশ্নৰ উত্তৰত গাইছিল স্বতস্ফূর্ট ভাৱে ৰচিত (আৰু পিছত “দশ শ্লোকী” নামেৰে খ্যাত) দহটা শ্লোক।

এটা প্রশ্নৰ পৰম্পৰা : গোৱিন্দ ভগৱত্পাদ, শঙ্কৰাচার্য, ৰমণ মহর্ষি
আদি শঙ্কৰাচার্য

“তুমি কোন” প্রশ্নৰ উত্তৰ দিওঁতে শঙ্কৰে বাৰে বাৰে জোৰ দি কয় যে তেওঁ একমাত্র নিত্য শুদ্ধ বুদ্ধ আত্মা অর্থাৎ “শিৱ” (শিৱ: কেৱলোহম্)। লগতে, তেওঁ কি নহয় সেয়াও অতি বিস্তৃত ভাবে কৈছে: যে মই ভূমি, জল, প্রকাশ, বায়ু, ইন্দ্রিয়, বর্ণ, আশ্রম, বর্ণাশ্রম সম্বন্ধীয় নিয়ম, ধ্যান, যোগ…..এইবোৰ একো নহয়।

প্রথম শ্লোকটোত চকু ফুৰালেই তেওঁৰ যুক্তিৰ ধৰণ উপলব্ধি কৰিব পাৰি:

ন ভুমির্ন তোয়ং ন তেজো ন ৱায়ুর্ন খং নেন্দ্রিয়ং ৱা ন তেষাং সমূহ:।

অনৈকান্তিকত্বাত্ সুষুপ্ত্যেকসিদ্ধস্তদেকোৱশিষ্ট: শিৱ: কেৱলোহম্।।

প্রথমে তেওঁ কি নহয় সেয়া স্পষ্ট কৰাৰ পিছত (এই প্রথম শ্লোকৰ পৰা নৱম শ্লোকটোলৈকে প্রতিটোতে) শেষত তেওঁ কয় যে এই সকলোবোৰ (শৰীৰ, মন, ইন্দ্রিয়, সেইবোৰৰ বিভিন্ন গুণ, বর্ণাশ্রম, নীতি-নিয়ম আদি) বাদ দিয়াৰ পিছত, গভীৰ নিদ্রাতো যাৰ অস্তিত্ব থাকে, তেওঁ মই; সেই “শিৱ” অর্থাৎ আত্মা মই। দশশ্লোকীয়ে বাৰে বাৰে দোহাৰে যে আত্মা শৰীৰ নহয়, ইন্দ্রিয় নহয়, মন নহয়, সমাজে গঢ়া নীতি-নিয়ম, আচাৰ ব্যৱহাৰ নহয়।

গভীৰ নিদ্রাত কি থাকে?

গভীৰ নিদ্রাই আমাৰ শৰীৰ, ইন্দ্রিয়, মন, জগত, এই সকলোবোৰৰ সৈতে আমাৰ সম্বন্ধ শেষ কৰি দিয়ে; আমাৰ বাবে তেতিয়া এইবোৰৰ অস্তিত্ব নাথাকে। থাকে কেৱল আমাৰ নিজৰ অস্তিত্ব। অদ্বৈত বেদান্তৰ আলোচনাত গভীৰ নিদ্রাৰ কথা বাৰে বাৰে আহে। “গভীৰ নিদ্রাৰ যি প্রশান্তি সেয়া চেতন অৱস্থাতে কেনেকৈ পাব পাৰি?” এই প্রশ্নটো অদ্বৈতৰ এটা গুৰুত্বপূর্ণ সাধনা বিষয়ক প্রশ্ন। সাধকে যত্ন কৰে যাতে তেনে প্রশান্তি স্থায়ী হয়।

দশশ্লোকীত শঙ্কৰে ব্যৱহাৰ কৰা “via negativa”ৰ দ্বাৰা (মই কি নহয় তাৰ বিস্তৃত বর্ণনা : শৰীৰ নহয়, ইন্দ্রিয় নহয়…) অদ্বৈত বেদান্তৰ মূল তত্ত্বকে সজোৰে প্রতিষ্ঠা কৰা হৈছে : “ব্রহ্ম সত্যম্ জগত মিথ্যা”।

এটা প্রশ্নৰ পৰম্পৰা : গোৱিন্দ ভগৱত্পাদ, শঙ্কৰাচার্য, ৰমণ মহর্ষি
অদ্বৈত বেদান্ত পৰম্পৰাৰ গুৰু গোৱিন্দ ভগৱত্পাদ

মন কৰিবলগীয়া কথা যে গুৰুৰ এটা প্রশ্নৰ (“তুমি কোন”?) উত্তৰতে শঙ্কৰে দশশ্লোকীত অদ্বৈত বেদান্তৰ সাৰ প্রকাশ কৰিছে। প্রকৃততে এই প্রশ্নৰ উত্তৰ বিচৰাই অদ্বৈতৰ সাধনা। কিছু বছৰৰ পিছত শঙ্কৰাচার্যই সেই একেটা প্রশ্ন কৰিছিল এটা ১৩ বছৰীয়া ল’ৰাক আৰু শঙ্কৰে দশশ্লোকীত যি কথা কৈছিল সেই কথাকে অন্য ধৰণে কৈছিল সেই কিশোৰে।

এটা প্রশ্নৰ পৰম্পৰা : গোৱিন্দ ভগৱত্পাদ, শঙ্কৰাচার্য, ৰমণ মহর্ষি
শংকৰক দেখি গোৱিন্দ ভগৱত্পাদে প্রশ্ন কৰে, “তুমি কোন?”

শঙ্কৰ তেতিয়া শঙ্কৰাচার্য হৈছিল। হিন্দু ধর্মৰ এক প্রকাৰৰ নৱজাগৰণৰ সূচনা কৰি তেওঁ ধর্ম প্রচাৰ আৰু প্রতিষ্ঠাৰ কামত ভাৰতবর্ষৰ বিভিন্ন ঠাইত ভ্রমণ কৰি আছিল। (কালক্রমত দেশৰ চাৰি দিশে তেওঁ চাৰিটা পীঠ প্রতিষ্ঠা কৰিলে : বদৰিকাশ্রমৰ জ্যোতির্মঠ, শ্রীঙ্গেৰীৰ শাৰদা পীঠ, পূৰীৰ গোৱর্ধন পীঠ আৰু দ্বাৰকাৰ দ্বাৰকা পীঠ।)

এইদৰে ভ্রমণ কৰি থাকোতে এবাৰ তেওঁ দক্ষিণৰ শ্রীবলি নামৰ এখন গাৱঁলৈ গৈছিল। শঙ্কৰাচার্যৰ আগমনৰ খবৰ পাই সেই গাঁৱৰ অনেক মানুহে তেওঁৰ দর্শন আৰু সান্নিধ্য পাবলৈ, তেওঁৰ কথা শুনিবলৈ আহিছিল।

সেই গাৱঁত প্রভাকৰ নামৰ এজন শাস্ত্রজ্ঞ, ধর্মনিষ্ঠ ব্রাহ্মণৰ একমাত্র পুত্রৰ বয়স ১৩ বছৰ হৈছিলগৈ, কিন্তু ল’ৰাটোৱে মুখেৰে কেতিয়াও কোনো শব্দ কৰা নাছিল।

সংসাৰৰ কোনো কথাত, কাম-কাজত তাৰ কোনো ৰাপ নাছিল। খাবলৈ দিলে খায়, শুবলৈ দিলে শোৱে, কিন্তু তাৰ নিজৰ কোনো ধৰণৰ উদ্যম নাছিল। পঢ়া-শুনা, খেল-ধেমালীতো তাৰ ৰুচি নাছিল।

প্রভাকৰে বিভিন্নজন বৈদ্য কবিৰাজৰ ওচৰলৈ ল’ৰাটো নি দেখুৱাইছিল, কিন্তু পৰীক্ষা-নিৰীক্ষা কৰি তেওঁলোকে প্রত্যেকে একে মত দিছিল যে ল’ৰাটোৰ স্বাস্থ্য ভাল; তাৰ কোনো অসুখ নাই, শৰীৰৰ কোনো বিকাৰ নাই। কি কাৰণে সি কথা নকয় তেওঁলোকে ধৰিব পৰা নাছিল। শঙ্কৰাচার্য অহাৰ কথা জানিবলৈ পাই প্রভাকৰেও নিজৰ ল’ৰাটোক লৈ তেওঁৰ ওচৰলৈ গৈ প্রণাম কৰিলে। ল’ৰাটোকো প্রণাম কৰিবলৈ কোৱাত সিও শঙ্কৰাচার্যক প্রণাম কৰিলে।

প্রভাকৰে শঙ্কৰাচার্যক নমস্কাৰ কৰি ক’লে যে “প্রভূ, মোৰ এই ল’ৰাটোৰ বয়স এতিয়া ১৩ বছৰ হ’লহি, কিন্তু সি মুখেৰে এটাও কথা কোৱা নাই, আৰু সি সদায় নির্বিকাৰ ভাবে থাকে। বৈদ্য সকলে তাক সুস্থ বুলিহে কৈছে। তাৰ কিবা প্রেত বাধা বা অন্য কিবা বাধা আছে নেকি? আপুনি সর্বজ্ঞ, জ্ঞানী। অনুগ্রহ কৰি আমাক সহায় কৰক”।

কিন্তু আচার্যই যেন প্রভাকৰে কোৱা কথাবোৰ শুনাই নাই। তেওঁ সম্পূর্ণ তন্ময় হৈ কেৱল প্রভাকৰৰ ল’ৰাটোক চাই আছে। মুখত তেওঁৰ এক স্বর্গীয় আনন্দৰ ভাব। কিশোৰটিৰ হাতত ধৰি আচার্যই অত্যন্ত মৰমেৰে শুধিলে :

“হে শিশু, তুমি কোন? কাৰ তুমি? তুমি ক’লৈ গৈ আছা? নাম কি তোমাৰ? ক’ৰ পৰা আহিছা? প্রিয় ৱত্স, মোৰ এই প্রশ্নসমূহৰ উত্তৰ দিয়া আৰু মোক প্রসন্ন কৰা। তোমাক দেখি মোৰ অসীম আনন্দ আৰু প্রীতিৰ অনুভূতি হৈছে”!

ইমান দিনে নিমাতে থকা কিশোৰটিয়ে আচার্যৰ প্রশ্ন শুনি কিছু পৰ নীৰৱে থাকি হঠাতে ক’বলৈ লাগিল:

নাহং মনুষ্যো ন চ দেৱ য়ক্ষৌ ন ব্রাহ্মণ ক্ষত্রিয় ৱৈশ্য শূদ্রা:।

ন ব্রহ্মচাৰী ন গৃহী ৱনস্থো ভিক্ষুর্নচাহং নিজবোধ ৰূপ:।।

অর্থাৎ “মই মনুষ্য নহওঁ, দেৱতা বা যক্ষ নহওঁ। মই ব্রাহ্মণ, ক্ষত্রিয়, ৱৈশ্য, বা শূদ্র নহওঁ। মই ব্রহ্মচাৰী, গৃহস্থ বা ৱানপ্রস্থ নহওঁ, সন্ন্যাসীও নহওঁ। মই আত্মবোধস্বৰূপ”।

        এইদৰে, মুঠ তেৰটা শ্লোকত সেই কিশোৰে দিয়া উত্তৰ আৰু শঙ্কৰাচার্যই কৰা প্রশ্নটো ধৰি ১৪ টা শ্লোকেৰে গঠিত হয় “হস্তামলকস্তোত্র”। সেই অদ্বৈত জ্ঞানত প্রবুদ্ধ অদ্ভূৎ কিশোৰক আচার্যই নাম দিলে “হস্তামলক” অর্থাৎ আত্মানুভূতি যাৰ বাবে হাততে থকা আমলখিটোৰ দৰে প্রত্যক্ষ।

শঙ্কৰাচার্যই প্রভাকৰক ক’লে তেওঁৰ এই চমৎকাৰী অতিৱর্ণাশ্রমী পুত্র সাধাৰণ সাংসাৰিক জীৱনৰ বাবে উপযুক্ত নহয়। পিতৃ-মাতৃৰ অনুমতি লৈ আচার্যই হস্তামলকক নিজৰ এজন প্রধান শিষ্য কৰি লৈ গ’ল। পিছত দ্বাৰকা পীঠৰ প্রথম আচার্য হয় হস্তামলকাচার্য।

        মাত্র “তুমি কোন?” প্রশ্নটোৰে শঙ্কৰাচার্যৰ দশশ্লোকী বা হস্তামলকৰ হস্তামলকস্তোত্রমৰ দৰে অদ্বৈত বেদান্তৰ কৃতি কেনেকৈ সৃষ্টি হয়? কোৱা যায় যে বহু জন্মৰ সাধনাৰ ফল গোট খাই থকা একোজনে এনেকৈ মূহুর্ততে অদ্বৈত জ্ঞানৰ পৰাকাষ্ঠাত উপনীত হ’ব পাৰে। বহুতে অৱতাৰবাদৰ যুক্তিৰেও এনে ঘটনা বুজিবলৈ যত্ন কৰে।

এটা প্রশ্নৰ পৰম্পৰা : গোৱিন্দ ভগৱত্পাদ, শঙ্কৰাচার্য, ৰমণ মহর্ষি
শঙ্কৰাচার্য

সাধু কথা, কিংবদন্তী, ইতিহাস সান মিহলি হোৱা বহু শতাব্দী পুৰণি এই কথাবোৰৰ ব্যাখ্যা সহজ নহয়, কিন্তু অদ্বৈত পৰম্পৰাৰ এজন অতি শ্রেষ্ঠ জ্ঞানীৰ আবির্ভাাৱ হৈছিল কুৰি শতিকাতে, আৰু তেওঁৰ বিষয়ে অনেকজনৰ কিতাপ পত্র, ৰচনা আদি বিভিন্ন ভাৰতীয় ভাষা, ইংৰাজী আৰু প্রায় আটাইবোৰ ইউৰোপীয় ভাষাত পোৱা যায়।

তেওঁ হ’ল ১৮৭৯ চনত তামিলনাডুৰ তিড়ুচুড়িত জন্ম লাভ কৰা, আৰু ১৭ বছৰ বয়সত এটা বিশেষ আধ্যাত্মিক অভিজ্ঞতাৰ পিছত গৃহত্যাগ কৰি তিৰুৱান্নমলইৰ অৰুণাচলেশ্বৰ মন্দিৰ, পবিত্র অৰুণাচলা পাহাৰ আৰু শেষত ৰমণাশ্রমত থাকি ১৯৫০ চনত দেহ ত্যাগ কৰা শ্রী ৰমণ মহর্ষি।

মহর্ষিৰ গ্রন্থ ৰচনা কৰাৰ কোনো হাবিয়াস নাছিল যদিও বিভিন্ন সময়ত বিভিন্ন জনৰ অনুৰোধত তেওঁ তামিল, তেলেগু, মালায়ালাম আৰু সংস্কৃতত নিজৰ আত্মানুভূতিৰ বিষয়ে অতি উৎকৃষ্ট কাব্য ৰচনা কৰে। এইদৰে তেওঁ নিজে লিখা আৰু তেওঁৰ বিষয়ে আনে লিখা কিতাপ-পত্র বহুত, কিন্তু বহুতে কয় যে মহর্ষিয়ে আধ্যাত্মৰ শিক্ষা দিবলৈ মূলতে মাত্র এটা প্রশ্নৰ ব্যৱহাৰ কৰে।

প্রশ্নটো গোৱিন্দ ভগৱত্পাদে শঙ্কৰক আৰু শঙ্কৰাচার্যই হস্তামলকক কৰা প্রশ্নটোৱেই : “তুমি কোন?”

শিৱপ্রকাশম পিল্লাইৰ কিছুমান প্রশ্ন আৰু মহর্ষিৰ উত্তৰ সম্বলিত এখন ক্ষুদ্র তামিল গ্রন্থৰ নাম “নান য়াৰ” (ইংৰাজী অনুবাদ “Who Am I?”)। বহুতে আকৌ কয় যে অনবৰতে “সহজ সমাধি”ত থকা ৰমণ মহর্ষিয়ে কোনো বাক্য-ব্যয় নকৰাকৈ, কেৱল তেওঁৰ প্রগাঢ় মৌনতাৰেও (অদ্বৈত পৰম্পৰাৰ জ্ঞানীৰ এনে মৌনতাক নীৰৱতা বা মূক অৱস্থা নহয়, কিন্তু আত্মাৰ ভাষা বুলি কোৱা হয়) আধ্যাত্মৰ শিক্ষা দিছিল।

এটা প্রশ্নৰ পৰম্পৰা : গোৱিন্দ ভগৱত্পাদ, শঙ্কৰাচার্য, ৰমণ মহর্ষি
শ্রী ৰমণ মহর্ষি

অদ্বৈত পৰম্পৰাত যাক “জ্ঞানী” বুলি কোৱা হয়, তেওঁৰ জগতৰ অসত্যতা আৰু ব্রহ্মৰ নিত্য-শুদ্ধ-বুদ্ধ স্বৰূপৰ বিষয়ে কোনো সন্দেহ নাথাকে। জ্ঞানীক জীৱনমুক্ত বুলি ধৰা হয়—শৰীৰ জীয়াই থকা অৱস্থাতেই যি মুক্ত হৈছে, মোক্ষ লাভ কৰিছে। আচলতে অজ্ঞান আঁতৰিলেই জ্ঞান হয়।

“সংসাৰ সত্য, আৰু মই এই সংসাৰত কিছু দিনৰ বাবে অহা এটা এক প্রকাৰৰ চেতন তত্ত্ব”, এই অনাদি-সিদ্ধ ভ্রমেই অজ্ঞান, আৰু এই ভ্রমৰ পৰা মুক্ত নোহোৱালৈকে এজন ব্যক্তি হৈ থাকে অজ্ঞানী (তেওঁৰ শিক্ষাগত অর্হতা যিমানেই নহওক কিয়)। সংসাৰ অনিত্য, অসত্য, আৰু একমাত্র ব্রহ্ম বা আত্মাহে সত্য (“জগত মিথ্যা, ব্রহ্ম সত্য”) এই জ্ঞানৰ দ্বাৰা অজ্ঞানক আঁতৰাব পাৰিলেই জ্ঞানী।

অদ্বৈত পৰম্পৰাত একমাত্র সত্য হ’ল ব্রহ্ম বা আত্মা আৰু সেই আত্মাক ক’তো বিচাৰি যোৱাৰ প্রয়োজন নাই কাৰণ বিচৰাজন নিজেই সেই আত্মা। ছান্দোগ্য উপনিষদত ঋষি উদ্দালক আৰুণিয়ে তেওঁৰ পুত্র শ্বেতকেতোক দিয়া উপদেশত এই পৰম সত্যকে দোহৰা হৈছৈ: “তত ত্বম অসি, শ্বেতকেতো” (অর্থাৎ “সেই ব্রহ্ম বা পৰম সত্য বা আত্মা তুমিয়েই, শ্বেতকেতো!)। অন্য মহাবাক্য কেইটাতো এই সত্যকে বিভিন্ন ধৰণে দর্শাবলৈ যত্ন কৰা হৈছে (ব্রিহদাৰণ্যক উপনিষদত “অহম্ ব্রহ্মাস্মি”, ঐতেৰীয় উপনিষদত “প্রজ্ঞানম্ ব্রহ্ম” আৰু মাণ্ডুক্য উপনিষদত “অয়ম্ আত্মা ব্রহ্ম”)।

কুৰি শতিকাৰ তৃতীয় দশকত ইংৰাজ সাংবাদিক, লেখক পল ব্রান্টনে (১৮৯৮-১৯৮১) প্রথম বাৰ যেতিয়া ৰমণ মহর্ষিক  দেখা কৰিছিল তেতিয়া তেওঁ ভালদৰে নাজানিছিল যে মহর্ষি অদ্বৈত বেদান্ত পৰম্পৰাৰ এজন শ্রেষ্ঠ জ্ঞানী। হিন্দু আধ্যাত্মিকতাৰ বিষয়ে ব্রান্টনৰ জিজ্ঞাসা আছিল অপাৰ, আৰু তেওঁ ভাৰতলৈ আহিছিল এজন অতি উচ্চ স্তৰৰ গুৰুৰ সন্ধানত, কিন্তু তেওঁ বিভিন্ন ফকীৰ, যাদু দেখুৱা মানুহ, যোগী আদিও লগ কৰি ফুৰিছিল।

ব্রান্টনৰ বর্ণনাৰ পৰা জনা যায় যে তেওঁ মহর্ষিক ধর্ম, দর্শন আদি বিভিন্ন বিষয়ত প্রশ্ন কৰিবলৈ সাজু হৈ গৈছিল। তিৰুৱান্নমলইলৈ যাওঁতে তেওঁ ৰেলগাড়ীত বহি এসোপা প্রশ্ন লিখি, জুকিয়াই লৈছিল। ভাবিছিল যে যদি তেওঁ শুনা মতেই মহর্ষি জ্ঞানী হয় তেন্ত তেওঁ ইমান দিনে উত্তৰ নোপোৱা প্রশ্নবোৰৰ সমাধান মহর্ষিৰ পৰা বিচাৰিব লাগিব।

ব্রান্টনে ৰমণাশ্রমত মহর্ষি বহি থকা কোঠাত সোমাই দেখিলে যে তাত বহুত মানুহ আছে। কিছুমানে ধ্যান কৰিছে, কিন্তু মহর্ষি মাত্র নীৰবে বহি আছে। তেওঁৰ সম্পূর্ণ নিশ্চলতা দেখি এনে লাগে যেন তেওঁ সমাধি অৱস্থাত আছে। (জাগ্রত, স্বপ্ন, গভীৰ নিদ্রা—এই তিনি অৱস্থাতকৈ পৃথক “তুৰীয়” অর্থাৎ চতুর্থ অৱস্থাক সমাধি বুলি কোৱা হয়, কিন্তু মহর্ষিয়ে কয় যে সমাধি এটা “অৱস্থা” নহয়, বৰঞ্চ ই সকলো অৱস্থাৰ ভেটি, আৰু আমাৰ প্রকৃত স্বৰূপ)।

মহর্ষিয়ে ব্রান্টনৰ আগমনৰ কথা গম পাইছে নে নাই পোৱা ব্রান্টনে ধৰিব নোৱাৰি ভাবিলে অলপ অপেক্ষা কৰা যাওক। কিন্তু তেওঁৰ সেই অপেক্ষা ক্রমাৎ দীঘলীয়া হ’বলৈ ধৰিলে। ব্রান্টনে কৈছে :

Ramana Maharshi Paul Brunton
মহর্ষি, ব্রান্টন

এই মানুহজনৰ কিবা এটা শক্তি আছে কাৰণ চুম্বকে লোহাৰ টুকুৰাক ধৰি ৰখাৰদৰে তেওঁ মোৰ মনোযোগ ধৰি ৰাখিছে। তেওঁৰ পৰা চকু আঁতৰাব পৰা নাই মই। প্রথমে হোৱা আশ্চর্যৰ ভাৱ, মোক সমূলি উপেক্ষা কৰাৰ বাবে হোৱা মোৰ বিভ্রান্তি লাহে লাহে কমি আহিল, আৰু এই আচৰিত আকর্ষণে মোক আৰু বেছি দৃঢ় ভাবে খামুচি ধৰিলে।

সম্পূর্ণ নীৰবে বহি থকা সেই সময়খিনিত লাহে লাহে ব্রান্টনৰ প্রশ্নবোৰ এটা এটাকৈ অপ্রয়োজনীয় হৈ পৰিল। এক গভীৰ শান্তিৰ ভাবে তেওঁৰ মন-আত্মা ভৰি পৰিল, আৰু তেওঁৰ প্রশ্ন কৰাৰ সকলো স্পৃহা নি:শেষ হৈ গ’ল। তেওঁ কৈছে :

মই ৰেলগাড়ীত ইমান যত্ন কৰি, নিখুঁট প্রশ্নবোৰ যে সাজু কৰি আনিছিলো, সেইবোৰ দেখোন এটা এটা কৈ নোহোৱা হ’ল। এতিয়া এনে লাগিছে যে সেই প্রশ্নবোৰ সোধা বা নোসোধাটো একো ডাঙৰ কথা নহয়, আৰু এতিয়ালৈকে যিবোৰ সমস্যাই মোক ভাৰাক্রান্ত কৰি ৰাখিছিল, সেইবোৰৰ সমাধান মই উলিৱাওঁ বা নুলিৱাওঁ সেয়াও যেন একো ডাঙৰ কথা নহয়। মই মাত্র জানো যে এক স্থায়ী শান্তিৰ নদী মোৰ কাষেৰে বৈ গৈছে, যে মোৰ সত্তাৰ গভীৰতম প্রদেশলৈকে প্রবেশ কৰিছে এক অনাবিল শান্তিয়ে, যে চিন্তাৰে ভাৰাক্রান্ত মোৰ মগজটোৱে অৱশেষত কিছু বিশ্রাম অনুভৱ কৰিছে।

……হঠাৎ এটা কথা স্পষ্টকৈ মই বুজি পাইছো—যে মন–বুদ্ধিয়ে নিজেই নিজৰ সমস্যাবোৰ সৃষ্টি কৰে, আৰু পিছত সেই সমস্যাবোৰৰ সমাধান বিচাৰি হাবাঠুৰি খায়। বুদ্ধিৰ মূল্য ইমান বেছি বুলি ভবা (মোৰ দৰে) এজন মানুহৰ মনত উদয় হোৱা এই ভাবটো কিন্তু সঁচাকৈ নতুন।

       দুঘন্টা পাৰ হোৱালৈকে ক্রমাৎ গভীৰ হৈ অহা বিশ্রাম আৰু শান্তিৰ ভাবটোৰ প্রতি মই নিজকে সমর্পণ কৰি দিছো। সময় গৈ আছে, কিন্তু মই মুঠেও বিৰক্ত হোৱা নাই কাৰণ মোৰ ভাব হৈছে যে মনে গঢ়া সমস্যাৰ শিকলিবোৰ ভাঙি দলিয়াই পেলোৱা হৈছে। আৰু লাহে লাহে এটা নতুন প্রশ্ন মোৰ চেতনাত উদয় হৈছে:

“ফুলৰ পাপৰিয়ে সুবাস বিলোৱাৰ দৰে এই মানুহজনে—যাক মহর্ষি বুলি কোৱা হয়—আধ্যাত্মিক শান্তিৰ সৌৰভ বিয়পাইছে নেকি?”…………অথচ এনে লাগে যেন তেওঁ নির্বিকাৰ ভাবে বহি আছে, যেন তেওঁ মোৰ উপস্থিতিৰ কথা গমকে নাপায়।

Ramana Maharshi Brunton
মহর্ষি, ব্রান্টন

ব্রান্টনে ৰমণাশ্রমত দুপৰীয়াৰ আহাৰ গ্রহণ কৰাৰ অন্তত পুণৰ মহর্ষিৰ ওচৰলৈ আহিল। ব্রান্টনে দেখে যে মহর্ষিয়ে কিতাপৰ পাণ্ডুলিপি এটাত কিবা লিখি আছে। অলপ সময়ৰ পিছত তেওঁ পাণ্ডুলিপিটো আঁতৰাই থৈ খোৱা-বোৱাৰ ক্ষেত্রত ব্রান্টনে পোৱা অসুবিধাৰ খবৰ ল’লে। (মহর্ষিয়ে ইংৰাজী বুজি পাইছিল আৰু অলপ অচৰপ কৈছিল যদিও সাধাৰণতে তেওঁ তামিলত কথা কৈছিল আৰু তাত উপস্থিত থকা কোনোবা এজনে ইংৰাজীলৈ অনুবাদ কৰি দিছিল)।

        কথা পতাৰ সুবিধা ওলালত ব্রান্টনে মন কৰিলে যে মহর্ষিৰ আচাৰ-ব্যৱহাৰ তেনেই সহজ-সৰল; কোনো ভেম নাই, আড়ম্বৰ নাই। সাহস পাই তেওঁ প্রশ্ন কৰিলে:

“মহাশয়, মই আমাৰ পশ্চিমীয়া দর্শন আৰু বিজ্ঞান অধ্যয়ন কৰিছো, আমাৰ জনাকীর্ণ চহৰবোৰৰ মানুহৰ সৈতে বাস কৰিছো, কাম কৰিছো, তেওঁলোকৰ আমোদ–প্রমোদ, আনন্দ–উল্লাসত ভাগ লৈছোঁ, আৰু তেওঁলোকৰ দৰে উচ্চকাংক্ষাৰ পিছতো দৌৰিছোঁ। কিন্তু মই নীৰলে জনশূন্য ঠাইলৈও গৈছোঁ আৰু তাত গভীৰ চিন্তাৰ নিসঙ্গতাও অনুভৱ কৰিছোঁ। পশ্চিমৰ মনীষি সকলক মই প্রশ্ন কৰিছোঁ; আৰু এতিয়া মই পূবলৈ আহিছোঁ। মই আৰু জ্ঞানৰ পোহৰ বিচাৰোঁ”।

        মহর্ষিয়ে মূৰ দূপিয়ালে, যেন ক’লে, “ওঁ, মই বুজি পাইছোঁ”।

ব্রান্টনে কয় যে তেওঁ বিভিন্ন ধৰণৰ যুক্তি-তর্ক পঢ়িছে, কিন্তু ব্যক্তিগত অনুভূতি অবিহনে কেৱল বৌদ্ধিক আলোচনাই তেওঁক সন্তুষ্ট কৰিব নোৱাৰে। তেওঁ কয় যে তেওঁ বিশ্বাসী, ধার্মিক মানুহ নহয়। কিন্তু তেওঁ যে এজন সত্য-সন্ধানী হয়, সেয়া তেওঁৰ প্রশ্নৰ পৰাই স্পষ্ট হয়। কঠোপনিষদত নচিকেতাই যমক কৰা প্রশ্নৰ দৰে আছিল ব্রান্টনৰ প্রশ্ন  :

“মানুহৰ ভৌতিক অস্তিত্বৰ বাহিৰে আৰু কিবা আছে নে? যদি আছে, তেন্তে মই নিজে (সেই পৰম তত্ত্বক) কেনেকৈ অনুভৱ কৰিব পাৰিম?”

উপস্থিত ভক্তসকলে ব্রান্টনক চাই থকা দেখি তেওঁ মহর্ষিক এইদৰে প্রশ্ন কৰি কিবা জগৰ লগালে নেকি বুলি ভাবিছিল, কিন্তু মহর্ষিয়ে লগে লগে উত্তৰ নিদি কিবা চিন্তাত থকা যেন দেখি ব্রান্টনে পুণৰ আৰম্ভ কৰিলে :

“পশ্চিমত বিজ্ঞানীসকলকেই জ্ঞানী বুলি মনা হয়, আৰু তেওঁলোকক তেওঁলোকৰ বুদ্ধিৰ বাবে বেচ সন্মান কৰা হয়। কিন্তু তেওঁলোকে স্বীকাৰ কৰিছে যে জীৱনৰ গুপ্ত সত্য উদ্ঘাটন কৰিবলৈ তেওঁলোক অসমর্থ। কোৱা যায় আপোনালোকৰ দেশত এনে মানুহ আছে যি আমাৰ পশ্চিমৰ জ্ঞানীসকলে ধুকি নোপোৱা সত্যৰ সম্ভেদ দিব পাৰে। এইটো কথা সঁচা নে? তেনে জ্ঞান লভিবলৈ মোক আপুনি সহায় কৰিব পাৰিব নে? নে এনে সত্যৰ সন্ধানেই বিভ্রান্তি মাত্র?”

ব্রান্টনে একেৰাহে এইদৰে বহুত পৰ কথা কৈ, নিজৰ প্রশ্ন শেষ কৰি ৰৈ আছে, আৰু মহর্ষি নীৰৱ। তেওঁ কেৱল কিবা চিন্তাৰ ভাৱত থকা দৰে ব্রান্টনক চাই আছে। ব্রান্টনৰ বর্ণনা মতে ১০ মিনিট পাৰ হোৱাৰ পিছত হে মহর্ষিয়ে কোমলকৈ কয় :

        “ তুমি কৈছা ‘মই’ : ‘মই জানিব বিচাৰোঁ’। মোক কোৱাচোন এই ‘মই’টো কোন?”

অদ্ভূৎ যেন লগা প্রশ্নটো শুনি ব্রান্টনে থতমত খাই ক’লে :

        “ক্ষমা কৰিব, মই আপোনাৰ প্রশ্নটো বুজি পোৱা নাই।”

        মহর্ষি : “প্রশ্নটো স্পষ্ট হোৱা নাই জানো? আকৌ চিন্তা কৰাচোন”।

কিছু সময় চিন্তা কৰি ব্রান্টনে নিজৰ গাৰ ফালে আঙুলিয়াই নিজৰ নামটো ক’লে।

        “আৰু তেওঁক তুমি চিনি পোৱা নে?” মহর্ষিয়ে সুধিলে।

এইবাৰৰ প্রশ্নটো সহজ যেন পাই ব্রান্টনে হাঁহি মাৰি ক’লে : “গোটেই জীৱন চিনি পাওঁ তেওঁক”।

মহর্ষি : “কিন্তু সেয়া তোমাৰ শৰীৰটোহে। পুণৰ সুধিছোঁ, ‘তুমি কোন’?”

ব্রান্টনে কি কব ভাবি পোৱা নাই আৰু মহর্ষিয়ে পুণৰ কৈছে :

        “প্রথমে সেই ‘মই’টোক চিনি লোৱা, আৰু তেতিয়া তুমি সত্যৰ সন্ধানো পাবা”।

Ramana Maharshi1

এয়াই অদ্বৈতৰ অতি গুৰত্বপূর্ণ প্রশ্ন। ব্রান্টনে ৰমণ মহর্ষিক লগ পোৱাৰ পিছতো ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন জন সাধক, সিদ্ধ, জ্ঞানীক লগ কৰে, কিন্তু শেষত মহর্ষিৰ “আত্ম-বিচাৰ”ৰ শিক্ষাকেই (অর্থাৎ গভীৰ ভাবে “মই কোন/কি?” বিচাৰ কৰা) গ্রহণ কৰে।

হিন্দু ধর্মৰ এক বিশেষ সন্ধিক্ষণত শঙ্কৰাচার্যৰ আবির্ভাৱ হৈছিল, আৰু তেওঁ বেদ-বেদান্তৰ পঠন-পাঠন, মনন-শিক্ষণৰ দ্বাৰা, বিভিন্ন উৎকৃষ্ট ভাষ্য, প্রকৰণ গ্রন্থ, স্তোত্র আদি ৰচনাৰ দ্বাৰা, সমস্ত ভাৰত ভ্রমণ কৰি, বিভিন্ন কর্মকাণ্ডী আৰু বৌদ্ধ মতালম্বী আদিক তর্কত হৰুৱাই, সর্বতোপ্রকাৰে, প্রাচীন, সনাতন হিন্দু ধর্মৰ হেৰুৱা গৌৰৱ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

কুৰি শতিকাৰো এক বিশেষ সময়ত—ভাৰতৰ স্বাধীনতা সংগ্রাম, প্রথম বিশ্ব যুদ্ধ, দ্বিতীয় বিশ্ব যুদ্ধৰে ভৰা সময়ত—ৰমণ মহর্ষিয়ে আধুনিক সমাজৰ উপযোগীকৈ অদ্বৈত বেদান্তৰ উপদেশ দিছিল। তেওঁ কোনো দিনেই সভা পাতি বক্তৃতা দিয়া নাছিল, কিন্তু জিজ্ঞাসু মানুহৰ প্রশ্নৰ উত্তৰ দিছিল; আৰু তেওঁৰ জীৱনেই আছিল আটাইতকৈ ডাঙৰ উপদেশ।

আচৰিত যেন লগা কাহিনীৰে ভৰা তেওঁলোকৰ জীৱন অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হয় : যে তেওঁলোক দুয়োৰে আবির্ভাৱ হৈছিল সনাতন হিন্দু ধর্মৰ গৌৰৱ প্রতিষ্ঠা কৰিবলৈ।

ব্রান্টনৰ A Search In Secret India গ্রন্থখনে ৰমণ মহর্ষিক পশ্চিমৰ অনেক মানুহৰ ওচৰত চিনাকি কৰি দিয়ে। অৱশ্যে, তেওঁতকৈ আগতে, ১৯১১ চনতে ফ্রেঙ্ক হামফ্রীজ নামৰ এজন ইংৰাজ পুলিচ বিষয়াই মহর্ষিক লগ কৰি অভিভূত হোৱাৰ কথা ১৯১৩ চনত International Psychic Gazetteত প্রকাশ কৰিছিল।

বিংশ শতাব্দীৰ তৃতীয় দশকৰ পৰা ১৯৫০ চনত মহর্ষিৰ মহাপ্রয়াণলৈকে বিশ্বৰ বিভিন্ন প্রান্তৰ অজস্র জিজ্ঞাসু মানুহে আহি মহর্ষিক দেখা কৰিছিল, আৰু আজিও পৃথিৱীৰ প্রায় প্রতিখন দেশৰ মানুহ ৰমণাশ্রমলৈ যায়। মহর্ষিয়ে ৰচনা কৰা আৰু তেওঁৰ বিষয়ে ৰচিত গ্রন্থ অনেক ভাৰতীয় আৰু বিদেশী ভাষাত পোৱা যায়, (কিন্তু এই ক্ষেত্রত অসমীয়া ভাষা বোধকৰোঁ বিশেষ ভাবে পিছপৰা)।

মহর্ষিয়ে কাকো দীক্ষা দি শিষ্য কৰা নাছিল, আৰু তেওঁ কোনো বিশেষ পন্থা সৃষ্টি কৰা বুলি কোনোধৰণৰ দাবী কৰা নাছিল, কিন্তু তেওঁক গুৰু মানি অনেকে বিভিন্ন ধৰণে ভাৰতত আৰু বিদেশত (বিশেষকৈ আমেৰিকাত) অদ্বৈতৰে বেদান্তৰে এক প্রকাৰৰ নতুন পন্থাৰ প্রচাৰ কৰে। বহুতে এওঁলোকৰ শিক্ষাক “নৱ-অদ্বৈত” বুলি নামাকৰণ কৰে, কিন্তু মহর্ষিয়ে আচলতে কোনো নতুন পন্থাৰ সৃষ্টি কৰা নাছিল।

আদি শঙ্কৰাচার্যৰ অদ্বৈত আৰু ৰমণ মহর্ষিৰ অদ্বৈতৰ মাজত প্রকৃততে কোনো পার্থক্য নাই। সেই কথা বুজিবলৈ হ’লে এটা বিশেষ কথা মন কৰিব লাগিব :  সনাতন হিন্দু ধর্মৰ এটা পৰম্পৰা, অদ্বৈত বেদান্তত, এটা প্রশ্নৰ গুৰত্ব। সেই প্রশ্ন গোবিন্দ ভগৱদ্পাদে শঙ্কৰক, শঙ্কৰাচার্যই হস্তামলকক, আৰু ৰমণ মহর্ষিয়ে অনেকক কৰা প্রশ্নটো : তুমি কোন/কি? (বা মই কোন/কি?)।

arunachala Hill1
ৰমণাশ্রম

Images from different sources

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells
Travel

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

by Pradakshina Sarmah
September 5, 2026
0

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells PRADAKSHINA SARMAH The tinkling sound of thousands of bells makes up...

Read moreDetails
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 23, 2026
Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

July 29, 2026
Of Gurus, the True and the False

Of Gurus, the True and the False

July 29, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d