• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 8, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

এনে সৰ্বনাশী সময়ৰ বাবে দায়ী কোন?

-অঞ্জন শৰ্মা

by Admin
June 18, 2021
in Health, Special Report
Reading Time: 2 mins read
0
people working in a call center

Photo by Tima Miroshnichenko on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-অঞ্জন শৰ্মা |

সময় হৈ পৰিছে দু:সময়। নতুন দিল্লী, গাজিয়াবাদ, বাৰাণসী, বিভিন্ন স্থান  হৈ পৰিছে মৃত্যু ভূমি। নতুন দিল্লীৰ বনবিভাগে নতুনকৈ গছ কাটিবলৈ অনুমতি দিবলগীয়া হৈছে; কাৰণ শ্মশানত মৃতদেহ সৎকাৰ কৰিবলৈ খৰি নাই ( ‘The forest department has granted permission to South Delhi Municipal Corporation to chop nearly 200 standing dry trees for utilising the wood for cremation’- The Times of India, 25 April,2021)! ১৭ এপ্ৰিল তাৰিখ শনিবাৰে ভাৰতত ২ লাখ ৩৪ হাজাৰ লোক কোভিডৰ দ্বাৰা আক্ৰান্ত হৈছিল, সেইদিনা ভাৰতত সৰ্বমুঠ ১৬.৮ লাখ হৈ পৰিছিল ‘কোভিড পজিটিভ’; আৰু সেইদিনাই বঙ্গৰ আচানচোলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত ঘোষণা কৰিছিল যে ইমান বিশাল সমাৱেশ তেওঁ তেওঁৰ জীৱনত এইবাৰেই প্ৰথম দেখা পাই ধন্য হৈছে! ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কোভিড সম্পৰ্কে কিমান সচেতন আছিল, বঙ্গত তেওঁলোকৰ নিৰ্বাচনী সূচী আৰু সেই তাৰিখৰ ছৱি তথা ভিডিঅ’বোৰেই প্ৰমাণ কৰিব ! ভাৰতত হু হু কৈ বৃদ্ধি পাইছিল কৰ’না, হু হু কৈ বৃদ্ধি পাইছিল মৃত্যুৰ তালিকা, বিখ্যাত আৰু বৃহৎ চিকিৎসালয়বোৰত আৰম্ভ হৈছিল অক্সিজেনৰ অভাৱ, ‘আই-চি-ইউ’ৰ অভাৱ, বিচনাৰ অভাৱ, চিকিৎসকৰ আৰু স্বাস্থ্য কৰ্মীৰ অভাৱ; তেনে এক পৰিস্থিতিৰ কিম্বা কৰ’নাৰ দ্বিতীয় ইনিংছৰ মুখামুখি হ’বলৈ এন-ডি-এ চৰকাৰে কিবা পৰিকল্পনা গ্ৰহণ কৰিছিল নে একেবাৰে উপেক্ষা কৰিছিল – সেই প্ৰশ্ন এতিয়া কেৱল ভাৰততে আৱদ্ধ হৈ ৰোৱা নাই, বিখ্যাত ‘টাইম’ আলোচনীৰ পৰা আৰম্ভ কৰি ৱাশ্বিংটন প’ষ্ট, নিউয়ৰ্ক টাইমছ, দ্যা গাৰ্জিয়ান, লা-মন্দে (Le Monde), দ্যা টেলিগ্ৰাফ, দ্যা আটলান্টিক, দ্যা ফাইনেন্সিয়েল টাইম ইত্যাদিয়েও মোডী চৰকাৰক সেই প্ৰশ্ন কৰাৰ লগতে ( যদিও ভাৰতৰ প্ৰধান মেডিয়া মোগলসকলে এতিয়াও মৃত্যুৰ মিছিল, চিতাৰ জুই, মোডী চৰকাৰৰ ব্যৰ্থতা দেখা নাই; যিদৰে প্ৰথমবাৰৰ লকডাউনৰ সময়ত শ্ৰমিকৰ অৱস্থা, মানুহৰ হাহাকাৰ নেদেখি আকাশৰ পৰা বিমান বাহিনীৰ পুষ্পবৃষ্টি চাই আৰু ঘন্টাধ্বনি শুনি বিভোৰ হৈ আছিল!) কৈছে যে ( কেইটামান উদাহৰণ ডাঙি ধৰো) – “After the virus landed on India’s shores, he imposed a brutal shutdown – one that largely hurt the poorest as most vulnerable – without consulting the nation’s top scientists, yet did not use the time to build up the country’s health-care infrastructure….’/ The Atlantic; ‘ .. unless Modi takes accountability for his role in this crisis, more funeral pyres will burn across his nation’/ The Financial Times; ‘ Modi’s lack of foresight, arrogance, and demagoguery are evidently among the causes of a situation that now seems out of control’/Le Monde;… ইত্যাদি। ভাৰতৰ বিভিন্ন চিকিৎসালয়ে অক্সিজেন বিচাৰি উচ্চ ন্যায়ালয়ৰ মজিয়াত থিয় হ’বলগীয়া হৈছে, বিজেপি-ৰ স্বনামধন্য সুব্ৰমণিয়ম স্বামীয়েও ভাৰত চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে সমালোচনা কৰিছে আৰু কৈছে যে ভাৰতৰ স্বাস্থ্যমন্ত্ৰীক কোভিড সম্পৰ্কীয় কামৰ পৰা অব্যাহতি দি অভিজ্ঞ মন্ত্ৰী নীতিন গাদকাৰীক দায়িত্ব দিব লাগে, এতিয়া শ্মশানত মৃতদেহেও শাৰী পাতিবলগীয়া হৈছে, গাড়ীৰ আসনত থকা মুমুৰ্ষু ৰোগীয়েও ৰাজপথত অক্সিজেনৰ বাবে শাৰী পাতিবলগীয়া হৈছে,…; এনে এক সময়তেই মোডী  চৰকাৰৰ সম্পূৰ্ণ সহযোগত ৪৯ লাখ মানুহে কুম্ভমেলাত অংশগ্ৰহণ কৰিলে, নিয়ম পালন কৰা দূৰৈৰ কথা – লক্ষ লক্ষ মানুহে মাস্ক পৰ্যন্ত পৰিধান নকৰিলে। ডেৰাডুনৰ ‘ভাইৰেল ৰিচাৰ্ছ এন্ড ডায়াগনস্টিক লেবৰেটৰী’য়ে সদৰি কৰিছে যে কুম্ভমেলাত অংশগ্ৰহণ কৰা মানুহৰ শৰীৰত কৰ’না ভাইৰাছৰ বি.১.৬১৭ ষ্ট্ৰেইনৰ উপস্থিতি প্ৰমাণিত হৈছিল আৰু আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ পৰা নমুনা সংগ্ৰহ কৰি ‘নেশ্বনেল চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰোল’লৈ মাৰ্চ মাহৰ শেষভাগৰ প্ৰেৰণ কৰা হৈছিল। ১৪ এপ্ৰিলৰ ‘ৰাজকীয় স্নান'(শ্বাহী স্নান)ত অংশগ্ৰহণ কৰিছিল প্ৰায় ৩০ লাখ মানুহে আৰু অন্তিম ‘ৰাজকীয় স্নান’ হৈছিল ২৭ এপ্ৰিল তাৰিখে; তেতিয়ালৈ কুম্ভমেলা লৈ অহা ১৭০০+ মানুহৰ শৰীৰত ভাইৰাছে আসন গ্ৰহণ কৰিছিল। এইখিনিতে উল্লেখযোগ্য যে চৰকাৰৰ হিচাবে অনুসৰি ২ লাখ মানুহৰ নমুনা পৰীক্ষা কৰা হৈছিল; অৰ্থাৎ কুম্ভমেলাত অংশগ্ৰহণ কৰা ৪৭ লাখ মানুহে পৰীক্ষা অবিহনে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা নিজৰ নিজৰ ঘৰলৈ উভতি গৈছিল। গতিকে সংক্ৰমণ কিমান হ’ব পাৰে ধাৰণাৰ বাহিৰত ! ধাৰণাৰ বাহিৰত এয়াও যে মোডী- শ্বাহৰ বিশাল নিৰ্বাচনী সমাৱেশবোৰেও ( লগতে মমতা, ৰাহুল গান্ধী আদিৰ সমাৱেশেও)কিমান সংক্ৰমিত কৰিলে! কুম্ভমেলাৰ বাবে মোডী চৰকাৰে ৩২৫ কোটি টকা উত্তৰাখণ্ড চৰকাৰক দিছিল। বঙ্গৰ নিৰ্বাচনত সমাৱেশ ‘সফল’ কৰি কৰ’না বিয়পাবলৈ কিমান কোটি টকা খৰচ হ’ল সেই হিচাব কাহানিও নোলাব! কুম্ভমেলা আয়োজন কৰা উত্তৰাখণ্ডত ৩১ মাৰ্চ পৰ্যন্ত কৰ’না আক্ৰান্ত লোকৰ সংখ্যা আছিল ২৯৩ জন; ১৯ এপ্ৰিলত সেই সংখ্যা হৈ পৰিছিল ২১৬০! মহাকুম্ভৰ সমাৱেশৰ প্ৰভাৱ! উত্তৰ দিশত মহাকুম্ভত সমাৱেশ, পশ্চিমে মহাৰাষ্ট্ৰ- গুজৰাটত কৰ’নাই সংঘটিত কৰা মহা-সংক্ৰমণ, পূৱত নিৰ্বাচনী সমাৱেশবোৰত কৰ’নাৰ মহা-সংক্ৰমণ ( স্বয়ং প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী কৰ্মসূচী ২২ এপ্ৰিল পৰ্যন্ত বাতিল নহ’ল)! ২৬ এপ্ৰিল তাৰিখে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিয়ে ক’ভিড সংক্ৰমণৰ বাবে তীব্ৰ ভৎসৰ্নাৰে নিৰ্বাচন আয়োগক দায়ী কৰি কবলৈ বাধ্য হ’ল যে অতিমাৰীৰ সময়ত বিশাল বিশাল সমাৱেশ কৰাৰ অনুমতি দিয়াৰ অপৰাধত অপৰাধী নিৰ্বাচন আয়োগ আৰু এনে অপৰাধৰ বাবে নিৰ্বাচন আয়োগৰ পদাধিকাৰী সদস্য বিৰুদ্ধে ‘হত্যাৰ গোচৰ’ ৰজু হোৱাই শ্ৰেয় বুলি যুগান্তকাৰী বক্তব্য ডাঙি ধৰে।

RelatedPosts

Traditional Masculinity: The damage It Does

Traditional Masculinity: The damage It Does

August 7, 2022
অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

August 6, 2022
NEW GST RATES

NEW GST RATES

August 6, 2022

এতিয়া কোভিডে দৈনিক প্ৰায় ৪ লাখ লোকক আক্ৰান্ত কৰিবলৈ সক্ষম হৈছে আৰু হঠাৎ মোডীয়ে ‘টীকা উৎসৱ’ ঘোষণাৰে সকলোকে চমকৃৎ কৰিবলৈ চেষ্টা কৰিছে যদিও টীকাৰ অভাৱ প্ৰত্যক্ষ হৈছে সমগ্ৰ ভাৰততে! অৰ্থাৎ, টীকাকৰণৰ বাবেও নাছিল কোনো সুচিন্তিত পৰিকল্পনা। চাহিদা অনুসৰি টীকা নাই ভাৰতবৰ্ষত, কিন্তু ফোপোলা বদান্যতা দেখুৱাই আন্তৰ্জাতিক ক্ষেত্ৰত নিজৰ মুখ জিলিকাবলৈ বাংলাদেশক ১০৩ লাখ , ম্যানমাৰক ৩৭ লাখ, নেপালক ২৪.৪৮ লাখ, ভূটানক ৫.৫ লাখ, মালদ্বীপক ৩.১২ লাখ, মৰিচাছক ৪ লাখ, চিচিলিক ০.৫ লাখ, শ্ৰীলংকাক ১২.৬৪ লাখ, বাহৰেইনক ১ লাখ, ব্ৰাজিলক ৪০ লাখ, মৰক্কোক ৭০ লাখ, অ’মানক ১ লাখ, ইজিপ্তৰ ০.৫ লাখ, আলজেৰিয়াক ০.৫ লাখ, দক্ষিণ আফ্ৰিকাক ১০ লাখ, কুৱেইটক ২ লাখ, ইউনাইটেড আৰৱ এমিৰেটচ্-ক ২ লাখ, আফগানিস্তানক ৯.৬৮ লাখ, বাৰবাডোচ-অক ১ লাখ, ডমিনিকাক ০.৭ লাখ, মেক্সিকোক ৮.৭ লাখ, ছৌদি আৰৱৰ ৪৫ লাখ,…… এনেদৰে ৯৫ খন দেশক ৬৬৩.৬৯৮ লাখ ভেকচিন প্ৰেৰণ কৰিছে ( ৪ মে’,২০২১ পৰ্যন্ত; বৈদেশিক মন্ত্ৰালয়ৰ তথ্য)! ইয়াকে কয় – ‘গাত নাই চাল-বাকলি, মদ খায় তিনি টেকেলি’! তাৰোপৰি ৰাষ্ট্ৰসংঘকো ২০০০০০ ভেকচিন দান দিছে ভাৰতে! এই আচঁনিৰ আৰম্ভ কৰা হৈছিল এইবছৰ জানুৱাৰী মাহত, নাম দিয়া হৈছিল           ‘ভেকচিন মৈত্ৰী’ ; প্ৰমাণ কৰিবলৈ প্ৰয়াস কৰা হৈছিল ভাৰত কিমান সক্ষম! এইবছৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে ‘ৱৰ্ল্ড ইকোনমিক ফ’ৰাম’ (ডাভোচ) ৰ ‘ভাৰ্চুৱেল বক্তব্য’ত মোডীয়ে কৈছিল যে ভাৰততো এনে এখন দেশ, যিখনে কৰ’নাক সফলতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ( PM Modi had said that India is one of the countries that has successfully controlled coronavirus)! মোডীয়ে যিয়েই নকওক, বৰ্তমান ভাৰতত কোডিড ইমানেই বাঢ়িছে আৰু  টীকাৰ ইমানেই অভাৱ হৈছে যে  ভাৰতত কোভিশ্বিল্ড টীকা প্ৰস্তুতকৰ্তা  আদৰ পুনেৱালাই ভাৰতত ৰাজনৈতিক হেঁচা সহ্য কৰিব নোৱাৰি বিদেশলৈ গমন কৰিছে!

এতিয়া অৱস্থা এনে হৈছে যে কৰ’নাৰ প্ৰকোপত এপ্ৰিল মাহত কৰ্মহীন হৈছে ৭০ লাখ মানুহ, বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ( চেন্টাৰ ফৰ মণিটৰিং ইন্ডিয়ান ইকোনমিৰ তথ্য)। উচ্চতম ন্যায়ালয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়োজনত কেন্দ্ৰ আৰু ৰাজ্যসমূহক লক-ডাউনৰ বিষয়ে বিবেচনা কৰিবলৈ কৈছে ৬৪ পৃষ্ঠাৰ ৰায়দানযোগে, অন্যান্য পদক্ষেপৰ বিষয়েও বিতংকৈ সেই ৰায়দানত উল্লেখ কৰা হৈছে। দ্বিতীয় ঢৌৰ মহা-সংকটৰ মেঘ আতৰাৰ কোনো উমঘামেই নাই, এনে সময়তে ‘এইমচ’-ৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই নতুন আশংকাত আগজাননী দি কৈছে যে অনতিপলমে কৰ’নাৰ তৃতীয় ঢৌ ভাৰতত আছাৰ খাই পৰিব পাৰে আৰু এনে ক্ষেত্ৰত সাপ্তাহিক লকডাউন বা নিশাৰ সান্ধ্য আইনৰ দ্বাৰা কোনো সুফল পোৱা নাযাব! ৪ মে’, মঙ্গলবাৰে তেওঁ কয় যে তিনিটা বিষয়ত গুৰুত্ব দিয়া উচিত – ১) চিকিৎসালয়সমূহৰ আন্তঃগাথঁনিৰ উন্নয়ন, ২) সংক্ৰমণ ৰোধ কৰিবলৈ অতি সক্ৰিয়তাৰ পদক্ষেপ, ৩) বিপুল হাৰত টীকাকৰণ। অক্সিজেনৰ সৰবৰাহৰ ক্ষেত্ৰতো তেওঁ অতি গুৰুত্ব প্ৰদান কৰিব লাগে বুলিও কৈছে। গুলেৰিয়াই যিসময়ত এনে আশংকাৰ বিষয়ে কৈছে, তেনে সময়তে আমোদজনক ভাৱে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ কাৰ্যালয়ৰ পৰা ১ মে’ তাৰিখে এক টুইট কৰি কোৱা হৈছে যে ‘ অক্সিজেনৰ সৰবৰাহৰ অক্ষুণ্ণ ৰখাৰ বাবে সকলো প্ৰচেষ্টা চৰকাৰে কৰিব লাগিব। সকলো ধৰণৰ সম্ভাৱনা আৰু বিকল্পৰ সদ্ব্যৱহাৰ কৰিব লাগিব। আই-আই-টি কানপুৰ আৰু অন্যান্য বিশেষজ্ঞৰ লগত আলোচনা কৰি নাইট্ৰোজেনৰ পৰা অক্সিজেন প্ৰস্তুত কৰা সম্ভাৱনাও চাব লাগিব।’

মুঠতে আমি এক ভয়াবহ, সৰ্বনাশী সময়ত অৱস্থান কৰিছো; পৰিত্ৰাণৰ বাবেও নাই পৰিকল্পনা! ক্ষমতাৰ দন্ড হাতত লৈ থকাসকলো অবিবেচক বুলি বিমুদ্ৰাকৰণৰ সময়ত, প্ৰথমবাৰৰ লকডাউনৰ সময়ত, কৰ’নাৰ দ্বিতীয় ঢৌৰ সময়ত, নিৰ্বাচনী সমাৱেশবোৰত, কুম্ভমেলাত, কৃষকৰ প্ৰতিবাদৰ সময়ত, বিভিন্ন পৰ্যায়ত প্ৰমাণিত হৈছে হেতুকে পৰিস্থিতি অতি ভয়াবহ হৈ পৰিছে। সমগ্ৰ বিশ্বৰ প্ৰায় সকলো বিমানবন্দৰ ভাৰতৰ বাবে বন্ধ কৰি দিয়া হৈছে। আন্তৰ্জাতিক ক্ষেত্ৰতো ভাৰতক সকলোৱে ধিক্কাৰ দিছে এনে মহা-সংক্ৰমণ ৰোধ কৰিবলৈ উপযুক্ত কাৰ্যব্যৱস্থা নোলোৱা হেতুকে। ভাৰতত এতিয়া চিতাৰ বাবে স্থানৰ অভাৱ, চিতাৰ বাবে খৰিৰ অভাৱ, আক্ৰান্ত হৈ থকাসকলৰ বাবে বিচাৰ অভাৱ, অক্সিজেনৰ অভাৱ, চিকিৎসকৰ অভাৱ, টীকাৰ অভাৱ, লকডাউন হ’লে অভাৱৰ উপৰি অভাৱ, মহা-সংকট…! আমি মাস্ক পিন্ধিব লাগে, পিন্ধি আছো; আমি সান্ধ্য আইন মানিব লাগে, মানি আছো; আমি ছেনিটাইজ কৰিব লাগে, কৰি আছো; …আমি কৰি থাকিম! কিন্তু আজি অসমত, ভাৰতত এনে ভয়াবহ সৰ্বনাশী সময়ৰ বাবে দায়ী কোন – সেই বিচাৰ কোনে কৰিব? ইমান বৃহৎ সমাৱেশ দেখা নাই বুলি বঙ্গত কোৱা মোডীৰ বিচাৰ কোনে কৰিব? কোনে বিচাৰ কৰিব মহাকুম্ভ উপলক্ষে গঙ্গাত স্নান কৰা অমিত শ্বাহৰ? অক্সিজেনৰ অভাৱ হোৱা বুলি কোৱাসকলক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি ধমক দিয়া যোগীৰ বিচাৰ? অসমৰ নিৰ্বাচনী সমাৱেশবোৰত মাস্ক বৰ্জন কৰি নৃত্যৰত নটৰাজসকলৰ তথা অন্যান্য নেতাসকলৰ? নিৰ্বাচন আয়োগৰ বিচাৰ? অন্ধ ধৃতৰাষ্ট্ৰৰ বিচাৰ? নে চিতাজুইৰ ধোঁৱাৰ সৈতে উৰি যাব আধুনিক দেৱতাসকলৰ সমস্ত অপৰাধ? দেৱতাসকলে কিয় ধৰি ল’লে যে তেওঁলোকে ক’ৰনাক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে হেতুকে স্বাস্থ্য-খন্ডত কৰণীয় নাই! জানি বুজিও তেওঁলোকে কিয় বিয়পালে দ্বিতীয় ঢৌৰ মাৰাত্মক ভাইৰাছ!! ডেমোক্লিছৰ তৰোৱালৰ তলত অসহায় হৈ অৱস্থান কৰা আমাৰ মনত আজি স্বাভাৱিকতে প্ৰশ্ন হয় – আমাৰ ভৱিষ্যত কি?

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: আই-চি-ইউনতুন দিল্লী
Admin

Admin

Related Posts

Traditional Masculinity: The damage It Does
Special Report

Traditional Masculinity: The damage It Does

by Admin
August 7, 2022
0

Traditional Masculinity Kakali Das The Marlboro Man or the Clint Eastwood Cowboy of The Wild Wild West (1965), the macho...

Read more
অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

August 6, 2022
NEW GST RATES

NEW GST RATES

August 6, 2022
দুৰ্যোগ আৰু মানসিক সমস্যাৰ সমাধান

দুৰ্যোগ আৰু মানসিক সমস্যাৰ সমাধান

August 5, 2022
ধৰ্মীয় অসহিষ্ণুতা

ধৰ্মীয় অসহিষ্ণুতা

August 5, 2022
Is India ready for Cyber Warfare?

Is India ready for Cyber Warfare?

August 5, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
building during golden hour

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত

August 7, 2022
Sunday Getaway To A Local Natural Retreat

Sunday Getaway To A Local Natural Retreat

August 7, 2022
Traditional Masculinity: The damage It Does

Traditional Masculinity: The damage It Does

August 7, 2022
PEC demands justice to Myanmar photographer Aye Kyaw

PEC demands justice to Myanmar photographer Aye Kyaw

August 7, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    105 shares
    Share 42 Tweet 26
  • ৬ আগষ্টঃ কেইটামান খবৰ

    10 shares
    Share 4 Tweet 3
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • Emergence Of The KNF In Chittagong Hill Tracts

    361 shares
    Share 144 Tweet 90
  • PEC demands justice to Myanmar photographer Aye Kyaw

    5 shares
    Share 2 Tweet 1
  • UTA demands a correct NRC for Assam

    13 shares
    Share 5 Tweet 3
  • ১ আগষ্টঃ কেইটামান খবৰ

    18 shares
    Share 7 Tweet 5
  • ম্যানমাৰৰ জনসাধাৰণৰ পৰা ভাৰতৰ নাগৰিক সমাজ সংগঠন আৰু ৰাজনৈতিক দললৈ মুকলি পত্ৰ

    19 shares
    Share 8 Tweet 5
  • Kharkiv School Graduate In Her Graduation Dress!

    132 shares
    Share 53 Tweet 33
  • ৫ আগষ্টঃ কেইটামান খবৰ

    7 shares
    Share 3 Tweet 2
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: