এন.আৰ.চি. বাতিলৰ ষড়যন্ত্ৰ
ৰাঘৱ বসুমতাৰী
অসমস্থ বাওঁপন্থী ৰাজনৈতিক দল চি.পি.আই(এম), চি.পি.আই., চি.পি.আই.( এম-এল) আৰু আৰ.চি.পি.আই.ৰ নেতৃত্বই যোৱাকালি ২৪ মে’তাৰিখে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কৈছে যে ‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী’ বা চমুকৈ এন.আৰ.চি.ৰ বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই বিজেপি চৰকাৰৰ নিৰ্দেশতেই এন.আৰ.চি. খন বাতিলকৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
বাওঁপন্থী ৰাজনৈতিক দল কেইটাৰ নেতৃত্বই এনে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰস্তুত হোৱা এন.আৰ.চি. খন বাতিলকৰণৰ ষড়যন্ত্ৰ হিচাপেই এন.আৰ.চি.ৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি.আই.ডি.ত গোচৰ ৰজু কৰা কাৰ্য সেই ষড়যন্ত্ৰৰেই অংশ।
চি.পি.আই.(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে অসমৰ দীৰ্ঘদিনীয়া বিদেশী নাগৰিকৰ সমস্যাটোৰ এক আশু সমাধানৰ উদ্দেশ্যে অসমৰ সকলো দল – সংগঠনৰ সহমতেৰে উচ্চতম ন্যায়ালয়ৰ তদাৰকীত ২০১৯ চনৰ ৩১ আগষ্টত অসমত এন.আৰ.চি.ৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হৈছিল আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত অসমৰ বিভিন্ন জাতি – জনগোষ্ঠীৰ লোকে প্ৰভূত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। এন.আৰ.চি.ৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত উচ্চতম ন্যায়ালয়ে সেই তালিকাক আধাৰ সদৃশ নিৰাপত্তাৰ ব্যৱস্থাৰে ন্যায়ালয়ত জমা দিবলৈ নিৰ্দেশ দিছিল।
কিন্তু বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই বিগত ৩ বছৰে আদালতৰ নিৰ্দেশ অৱমাননা কৰি সকলো পেলাই থলে। বিজেপি চৰকাৰৰ নিৰ্দেশতেই সমন্বয়ক হিতেশ দেৱ শৰ্মাই এনে কৰাৰ অভিযোগ কৰি সুপ্ৰকাশ তালুকদাৰে কয় যে সমন্বয়ক জনে এতিয়া প্ৰাক্তন সমন্বয়ক হাজেলাৰ বিৰুদ্ধে চি.আই.ডি.ত গোচৰ দি প্ৰস্তুত হোৱা এন.আৰ.চি. খনকে বাতিল কৰাৰ। ষড়যন্ত্ৰত লিপ্ত হৈছে।
“বাওঁপন্থী ৰাজনৈতিক দল কেইটাৰ নেতৃত্বই এনে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰস্তুত হোৱা এন.আৰ.চি. খন বাতিলকৰণৰ ষড়যন্ত্ৰ হিচাপেই এন.আৰ.চি.ৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি.আই.ডি.ত গোচৰ ৰজু কৰা কাৰ্য সেই ষড়যন্ত্ৰৰেই অংশ।”
তালুকদাৰে কয়, প্ৰস্তুত কৰা এন.আৰ.চি. খনত আসোঁৱাহ থকাটো নিশ্চিত, কিন্তু সেই আসোঁৱাহ দূৰ কৰাৰ ব্যৱস্থা ন্যায়ালয়ে দি থৈছে। ইয়াৰ বাবে ২০০ খন বিদেশী ন্যায়াধিকৰণ গঠন কৰা হ’ল আৰু তাত নিয়োগ কৰা সদস্যসকলক যোৱা ৩ বছৰে চৰকাৰে এনেয়ে বহুৱাই ৰাখি দৰমহা দি আছে।
গতিকে এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ হ’বলৈ বাওঁপন্থী ৰাজনৈতিক দল কেইটাই সকলোকে আহ্বান জনাইছে।
25-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.