• অৰবিন্দ ৰাভা
পৃথিৱীৰ হাওঁফাওঁত এতিয়া প্ৰচন্ড ক্ষয়ৰোগ আৰম্ভ হৈছে। পৃথিৱীৰ সবাতোকৈ আৰ্দ্ৰস্থান সমূহৰ ভিতৰত আমাজনক অন্যতম বুলি সকলোৱে স্বীকাৰ কৰে। অথচ ২০১৯ চন আমাজন সাক্ষী হৈ ৰ’ল এক ভয়ংকৰ তথা অবিৰত অগ্নিকাণ্ডৰ। অগ্নিৰ লেলিহান শিখাত পৃথিৱীৰ বৃহত্তম ক্ৰান্তীয় অৰণ্যাঞ্চল ধ্বংস হোৱাৰ ঘটনাই স্বাভাবিকতে বিশ্বৰ কোটি কোটি মানুহক শংকিত কৰি তুলিছে। ২০১৯ চনত সবাতোকৈ বেছি দাবানলৰ ঘটনা ঘটিছে আমাজনত। আৰ্দ্ৰ ক্যান’পিযুক্ত এই বিশাল অৰণ্যাঞ্চল, য’ত বছৰি ২৫০ -অৰ পৰা ৩০০ চেন্টিমিটাৰৰ অধিক বৰষুণ হয়, আকৌ স্থানভেদে ১০০০ চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়, সেইস্থানত এনেধৰণৰ ভয়ংকৰ দাবানলৰ ঘটনাই পৰিৱেশবিদকে ধৰি সকলো শুভবুদ্ধিসম্পন্ন মানুহক এক ভয়ংকৰ উদ্বেগৰ মুখলৈ ঠেলি দিছে, কাৰণ এয়া সমগ্ৰ বিশ্বৰ বাবেই এক ভয়ংকৰ ঘটনা।
আনহাতে, অইন এক সত্যও পোহৰলৈ আহিছে। ব্ৰাজিল নেশ্যনেল স্পেচ্ ৰিচাৰ্ছ ইনষ্টিটিউট-অৰ সাম্প্ৰতিক প্ৰতিবেদনত কোৱা হৈছে যে মানুহৰ হাতেৰে অৰণ্য ধ্বংস হোৱাৰ ঘটনাও সবাতোকৈ অধিক সংঘটিত হৈছে ২০১৯ চনত। পৰিমাৰ্জিত সূত্ৰ অনুসৰি ২০১৮ চনৰ আগষ্ট মাহৰ পৰা ২০১৯ চনৰ জুলাই মাহৰ ভিতৰত ১০১২৯ বৰ্গ কিলোমিটাৰ অৰণ্যাঞ্চল ধ্বংস হৈছে আৰু ই পূৰ্বৱৰ্তী বছৰৰ তুলনাত ৩৪.৪% অধিক। বেআইনী ভাবে প্ৰতিদিনে যি বিপুল পৰিমাণৰ অৰণ্য অন্তৰ্ধান কৰা কাৰ্য চলি আছে, সেয়া এই প্ৰতিবেদনত উল্লেখ কৰা হোৱা নাই। ফলত সকলো মিলি পৰিস্থিতি কেনে ভয়াবহ সেয়া উল্লেখ নকৰিলেও হয়। অইন এক সমীক্ষামতে মুঠ ক্ৰান্তীয় অৰণ্যাঞ্চলৰ ৩% ৰো অধিক সমূলি ধ্বংস হৈছে ২০১৯ চনত। ২০১৯ চনত যি ধৰণে বৃক্ষছেদন কাৰ্য আৰম্ভ হৈছিল, এই বছৰো সেয়া অব্যাহত আছে!
এইপৰ্যন্ত আমাজনত আইন মানি ৬০০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ গছ কটা হৈছে। ফলস্বৰূপে, সমীক্ষাৰ অন্তিম পৰ্বলৈ পৰিসংখ্যাই ২০১৯ চনকো অতিক্ৰম কৰিব বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। আমাজনত প্ৰায় ৩০ লাখ প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু আছে। তাৰোপৰি ১০ লাখ জনজাতীয় লোকৰো বাসস্থান তাতেই। কাৰ্বন- ডাই- অক্সাইড শোষণ কৰি বিশ্বৰ উষ্ণতা হ্ৰাস কৰাৰ ক্ষেত্ৰতো আমাজনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জইৰ বলচোনাৰোৰ আমোলত অৰণ্যাঞ্চলৰ ধ্বংস অত্যাধিক বৃদ্ধি পাইছে, কাৰণ অৰণ্য মুকলি কৰি কৃষিভূমি আৰু নগৰ নিৰ্মাণ আদিক তেওঁ প্ৰাধান্য দিছে। প্ৰশাসনিক ভাবেও তৎপৰতা দেখুওৱা হৈছে আমাজনৰ বক্ষৰ পৰা খনিজ সম্পদ আহৰণৰ ক্ষেত্ৰত। অৰণ্য ধ্বংস কৰা কাৰ্যক লৈ ‘ই-এন-পি-ই’ৰ সৈতেও বিতৰ্কত লিপ্ত হৈছিল ৰাষ্ট্ৰপতি বলচোনাৰো।
এইহেন বিশাল অৰণ্যাঞ্চল আমাজনৰ বুকুৰেই প্ৰবাহিত হৈছে বিশ্বৰ অন্যতম বৃহৎ নদী আমাজন, যাৰ জলধাৰণৰ ক্ষমতাই অইন সকলো নদীকে পৰাভূত কৰিব পাৰে। পৃথিৱীৰ তেনে এক অন্যতম ক্ৰান্তীয় বৰ্ষাৰণ্যত ইমান বেছি দাবানলৰ ঘটনা একেবাৰেই স্বাভাৱিক নহয়। কিন্তু এই প্ৰসঙ্গতে এয়াও ক’ব লাগিব যে জুলাই মাহৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত আমাজনত বৰষুণৰ মাত্ৰা একেবাৰে কম হোৱা হেতুকে সাধাৰণতে সেই সময়ত আপেক্ষিকভাৱে শুকান পৰিৱেশ বিৰাজ কৰে। এই পৰিৱেশৰ সুযোগ লৈ অৰণ্য মুকলি কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাজনত অৰণ্যদস্যুৱে অগ্নিসংযোগ কৰা কাৰ্য উলাই কৰিব নোৱাৰি।
আমাজনৰ এই বৰ্ষাৰণ্যৰ প্ৰয়োজনীয়তা কেৱল ব্ৰাজিল আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ বাবেই মাথো নহয়,আমাজনৰ অৰণ্য ধ্বংস হ’লে বিশ্বৰ উষ্ণতা চিৰদিনৰ বাবে মানুহৰ আয়ত্বৰ বাহিৰলৈ গুচি যাব। শিল্পোন্নত দেশবোৰে সবাতোকৈ বেছি কাৰ্বন ডাই অক্সাইড উৎপাদন কৰে। ভাৰত, চীন আদিৰ দৰে বৃহৎ জনসংখ্যাৰ দেশবোৰৰ বতাহতো কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ইমান বেছি যে এনে দেশবোৰো বিশ্বৰ জনসাধাৰণৰ সন্মুখত অপৰাধী। এনে বিভিন্ন দেশৰ পাপৰ বোজা আমাজনে গ্ৰহণ কৰি কৰি অম্লজান উৎপন্ন কৰে। গতিকে পৃথিৱীৰ হাওঁফাওঁ আমাজনক যদি ক্ষত-বিক্ষত কৰা হয়, বিলুপ্ত কৰিবলৈ অহৰহ প্ৰয়াস কৰা হয় – পৃথিৱীৰ ভৱিষ্যত কি হ’ব সেয়া বুজিবলৈ অকণো আহুকাল নহয়। সেইবাবে কাৰ্বন ডাই অক্সাইড মাত্ৰাধিক উৎপাদন কৰা দেশবোৰে ব্ৰাজিলৰ দৰে দেশবোৰৰ সৈতে আলোচনা কৰিব লাগে আৰু বিকল্প ব্যৱস্থাৰ বাবে সহযোগ- সাহায্য কৰিব লাগে। এয়াই সময়ৰ দাবী।