• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, November 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

এবছৰীয়া শিশুটিৰ মাহিলী উপাৰ্জন ৭৫০০০ টকা!

তনয় চক্ৰৱৰ্তী

by Tonoy Chakraborty
October 28, 2021
in Special Report
Reading Time: 1 min read
0
এবছৰীয়া শিশুটিৰ মাহিলী উপাৰ্জন ৭৫০০০ টকা!
Share on FacebookShare on TwitterShare on LinkedIn

–তনয় চক্ৰৱৰ্তী |

Screenshot 20211027 130837 Instagram

এবছৰীয়া শিশু। এতিয়াও ভালদৰে খোজ দিবলৈও শিকা নাই। কিন্তু এই বয়সতেই শিশুটিয়ে ভাৰতীয় মুদ্ৰা অনুসৰি মাহে ৭৫০০০ টকা উপাৰ্জন কৰি আছে! সদা হাস্যময় এই বিস্ময়কৰ শিশুৰ পেশা হ’ল ‘মেডিয়া ইনফ্লুৱেন্সাৰ’; অৰ্থাৎ কেৱলমাত্ৰ সংবাদ মাধ্যমৰ জগতত তোলপাৰ কৰিয়েই এধানিমান শিশুটিয়ে মাহিলী উপাৰ্জনৰ দ্বাৰা পুনৰ সংবাদৰ শিৰোনাম দখল কৰি অধিক উপাৰ্জনৰ দিশে আগবাঢ়িছে। বহুতেই কৈছে যে বয়সৰ পিনেৰে তেনেই দুগ্ধপোষ্য হ’লে কি হ’ব, এই শিশুৰ উপাৰ্জনৰ দ্বাৰা এখন সংসাৰ সুন্দৰকৈ চলি যাব পাৰে। বহুতেই শিশুটিক ভৱিষ্যতৰ বিল গেটচ, জেফ বেজোছ বুলিও অভিহিত কৰিছে।
নেট সভ্যতাৰ অগ্ৰগতিৰ লগে লগে নতুন নতুন পেশাৰ সৃষ্টি হৈছে। যেনে, ব্লগাৰ, ইউটিউবাৰ, ভ্লগাৰ, ইত্যাদি। তেনে এক পেশা হ’ল ‘মেডিয়া ইনফ্লুৱেন্সাৰ’। অৰ্থাৎ, এজন মানুহে গোটেই দিনটোত কি কৰে, কি খায়, ক’ত ফুৰে, অথবা এটা ষাঁড়গৰুৱে দিনটো কি কি কৰে, কি কি খায়, ক’ত ঘূৰি ফুৰে, কিহত আনন্দ পায়, কিহত বেদনা পায়, ইত্যাদি চোছিয়েল মেডিয়াত আপলোড কৰা হয় আৰু তাৰপৰাও উপাৰ্জনৰ পথ মুকলি হয়। এই শিশুক কোৱা হৈছে বিশ্বৰ সৰ্বকনিষ্ঠ মেডিয়া ইনফ্লুৱেন্সাৰ।

RelatedPosts

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

November 30, 2023
MAHABAHU : AN EXTRAORDINARY JOURNEY

MAHABAHU : AN EXTRAORDINARY JOURNEY

November 30, 2023
কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

November 29, 2023
Screenshot 20211027 130937 Instagram

ইনস্টাগ্ৰামত শিশুটিৰ প্ৰফাইলৰ নাম হ’ল ‘বেবি ব্ৰিগচ্’। তাতেই পৰিচয় ডাঙি ধৰা হৈছে ‘বিশ্বৰ সৰ্বকনিষ্ঠ পৰ্যটন উৎসাহী’ হিচাপে। ইয়াৰ দ্বাৰাই শিশুটিৰ মাহিলী উপাৰ্জন হৈছে ১০০০ আমেৰিকান ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৭৫০০০ টকা। যোৱা বছৰৰ ১৪ অক্টোবৰত আমেৰিকাত জন্ম লাভ কৰা এই ১২ মহীয়া শিশুটিয়ে ইতিমধ্যে ৪৫ বাৰকৈ বিমান ভ্ৰমণ কৰিছে, আমেৰিকাৰ ১৬ খন প্ৰদেশত ভ্ৰমণ সমাপ্ত কৰিছে। শিশুটিয়ে ভ্ৰমণ কৰিছে উটাহ, ফ্লোৰিডা, আলাস্কা, কেলিফ’ৰ্ণিয়াৰ দৰে প্ৰদেশ। শিশুটিৰ বয়স যেতিয়া আছিল মাথোঁ ৩ সপ্তাহ, তেতিয়াৰে পৰাই যেন শৰীৰত বান্ধি লৈছিল ভ্ৰমণৰ ডেউকা। ইনস্টাগ্ৰামত শিশুটিৰ অনুৰাগীৰ সংখ্যা হ’ল ৩০০০০! শিশুটিৰ মাতৃ জেছ-এ এটা ব্লগ চলায়, সেইটোৰ নাম হ’ল ‘পাৰ্ট টাইম টুৰিস্ট’। যোৱা বছৰ জীৱনত প্ৰথম মাতৃত্বৰ আনন্দ লাভ কৰাৰ পিছত শিশুটিৰ মাতৃয়ে ভাবিছিল যে তেওঁৰ পক্ষে হয়তো ব্লগ চলাই থকা সম্ভৱ নহ’ব।

Screenshot 20211027 131014 Instagram

কিন্তু শিশুটি সামান্য ডাঙৰ হোৱাৰ লগে লগে পুনৰ ব্লগৰ কাম আৰম্ভ কৰিলে তেওঁ। সংবাদ মাধ্যমৰ সন্মুখত মাতৃয়ে সদৰি কৰিছে যে পৰ্যটন উৎসাহী কোনো শিশুৰ ইনস্টাগ্ৰামত একাউণ্ট আছে নে নাই সেয়া তন্ন তন্নকৈ চলাথ কৰি তেনে একাউণ্ট দেখা নাপাই কেৱল মনোৰঞ্জনৰ বাবেই ‘বেবি ব্ৰিগচ্’ নামেৰে এটা একাউণ্ট খুলি সাধাৰণ মানুহৰ সৈতে নিজৰ সন্তানৰ ভ্ৰমণৰ আনন্দ ভাগ কৰি ল’বলৈ আৰম্ভ কৰো। নিজৰ সন্তানৰ বিষয়ে তেওঁ কয় যে ব্ৰিগচ্- এ ইতিমধ্যে আলাস্কাত ভালুক দেখিছে, ইউলোস্টোন নেশ্যনেল পাৰ্কত কুকুৰনেছীয়া দেখিছে, উটাহত ডেলিকেট চাৰ্চ দেখিছে, কেলিফ’ৰ্ণিয়াৰ উষ্ণ সমুদ্ৰ উপকুলৰ বালিত বাগৰিছে, নিৰল ঠাইত তম্বুত থকাৰ অভিজ্ঞতা লভিছে, আৰু পৰ্যটনৰ নিচাই শিশুটিক আসক্ত কৰি পেলাইছে।

Screenshot 20211027 130920 Instagram


আগতে ব্লগ চলাই যি উপাৰ্জন হৈছিল, সেই ধনেৰে তেওঁ আমেৰিকাৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছিল। এতিয়া শিশুটিয়ে সংসাৰৰ লেকাম ধৰিব পৰা হ’ল, গতিকে চিন্তা কিহৰ! মাতৃৰ ভাষাৰে – ভ্ৰমণ কৰি সেই স্থানবোৰৰ বিষয়ে ব্লগত লেখি, ছৱি আপলোড কৰি মই ঘৰ চলাইছিলো। গতিকে ব্ৰিগচ্ পেটত থিতাপি লওঁতে চিন্তা হৈছিল – সন্তানক লৈ ভ্ৰমণ হয়তো সম্ভৱ নহ’ব। কিন্তু এতিয়া মোৰ চিন্তাধাৰা সলনি হৈ পৰিছে। কাৰণ এতিয়া মানুহে জানিবলৈ বিচাৰে, এটি শিশুক লগত লৈ ভ্ৰমণ কৰিবলৈ হ’লে কি কি সুবিধা- অসুবিধা হ’ব পাৰে, কি কি প্ৰস্তুতি ল’ব লাগে, ইত্যাদি; সেয়েহে মোৰ ব্লগৰ পৰা তেওঁলোকৰ উপকাৰ হয়। যোৱাবছৰ কোভিডৰ বিধি-নিষেধ সমূহ মানি ব্ৰিগচ্-অক লৈ ভ্ৰমণ কৰোতে বিপদজনক নিউয়ৰ্কৰ দৰে ডাঙৰ চহৰ তালিকাৰ পৰা বাদ দিছিলো। স্থানীয় ভ্ৰমণ আৰু পথযাত্ৰাৰ ওপৰতো গুৰুত্ব দিছিলো। সেয়ে সমস্যা হোৱা নাছিল।
ব্ৰিগচ্-এ ইতিমধ্যে তেওঁৰ নিত্য ব্যৱহাৰ্য ডাইপাৰ আৰু ওৱাপ্স আদিৰ স্পনছৰ লাভ কৰিছে। সেই সূত্ৰেও লাভ কৰে নগদ ডলাৰ। মাতৃয়ে খিলখিলাই হাঁহি সংবাদ মাধ্যমক জনাইছে যে তেওঁলোকৰ পৰৱৰ্তী গন্তব্যস্থল হ’ল সমগ্ৰ ইউৰোপ। ব্লু-প্ৰিন্ট ইতিমধ্যে তৈয়াৰ হৈছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ইউটিউবাৰবেবি ব্ৰিগচ্ব্লগাৰভ্লগাৰমেডিয়া ইনফ্লুৱেন্সাৰ
Tonoy Chakraborty

Tonoy Chakraborty

Related Posts

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য
Inspiration

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

by Admin
November 30, 2023
0

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য গিৰিমল্লিকা শইকীয়া (গিৰিমল্লিকা শইকীয়া ২০১৮ চনৰ ৫ নৱেম্বৰৰ “দি চেন্টিনেল” কাকতত প্ৰকাশিত এটা...

Read more
MAHABAHU : AN EXTRAORDINARY JOURNEY

MAHABAHU : AN EXTRAORDINARY JOURNEY

November 30, 2023
কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

November 29, 2023
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

November 28, 2023
snow covered mountains during daytime

Third Pole Warming- Humanity’s Himalayan Challenge

November 28, 2023
NGOs and the Law of Detrimental Effects

NGOs and the Law of Detrimental Effects

November 27, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

November 30, 2023
COP28: The Global Stocktake and Climate Change Action

COP28: The Global Stocktake and Climate Change Action

November 30, 2023
Climate Change: Individual Action Versus Collective Action

COP28 Commences in Dubai: Urgent Call for Global Climate Action

November 30, 2023
Henry Kissinger Is Dead at 100

Henry Kissinger Is Dead at 100

November 30, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1718 shares
    Share 687 Tweet 430
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2084 shares
    Share 834 Tweet 521
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1530 shares
    Share 612 Tweet 383
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    928 shares
    Share 371 Tweet 232
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2439 shares
    Share 975 Tweet 610
  • FREEDOM FIGHTERS OF ASSAM

    3009 shares
    Share 1204 Tweet 752
  • অসমৰ লোকসংস্কৃতি

    1263 shares
    Share 505 Tweet 316
  • মাজুলী আৰু ৰাস

    401 shares
    Share 160 Tweet 100
  • ইতিহাসৰ জলঙাইদি হাজো

    1047 shares
    Share 419 Tweet 262
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    1253 shares
    Share 501 Tweet 313
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: