-মহাবাহু |
এভাৰেষ্ট, হিমালয়ৰ মাউণ্ট এভাৰেষ্টৰ বৰফ গলিবলৈ আৰম্ভ কৰিছে আৰু যিমানেই বৰফ গলিছে, সিমানেই প্ৰকট হৈছে বেদনাৰে গধুৰ অলেখ স্মৃতি। বৰফৰ শুভ্ৰ চাদৰ অন্তর্ধান হোৱাৰ ফলত দেখা গৈছে এটাৰ পিছত অইন এটা নিথৰ মৃতদেহ। এই ধৰণৰ মৃতদেহৰ, ‘সতেজ’ হৈ থকা মৃতদেহৰ সংখ্যা ১০০ৰো অধিক হৈছে। দেহবোৰত পচনৰ চিহ্নমাত্ৰও নাই। পোছাক-পাতিৰপৰা আৰম্ভ কৰি বহুতৰে ক্ষেত্ৰত অভিযানৰ সা-সৰঞ্জাম পৰ্যন্ত অক্ষত হৈ আছে। কেৱল শৰীৰবোৰত নাই প্ৰাণ। আগন্তুক দিনবোৰত পুনৰ কিমান মৃতদেহ আৱিষ্কাৰ হয় আৰু সেই মৃতদেহবোৰক লৈ কি কৰা যায়—তাকে লৈ চিন্তাত পৰিছে ‘নেপাল মাউণ্টেনিয়াৰিং এছ’চিয়েছন’! বিগত ২৫ মাৰ্চ তাৰিখে ‘নেপাল মাউণ্টেনিয়াৰিং এছ’চিয়েছন’ৰ প্ৰাক্তন সভাপতি আংশ্বেৰিং শ্বেৰপাই নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি কৈছে যে—‘‘ইমানবোৰ মৃতদেহ—আমি এতিয়া কি কৰো?’’
মাউণ্ট এভাৰেষ্ট অভিযানৰ ইতিহাসে কয় যে ২০০৮ চনত ৭ জন ব্ৰিটিছ অভিযাত্ৰীৰ দেহ একেলগে বাহিৰ হৈছিল। সেইকেইজন অভিযাত্ৰীয়ে এভাৰেষ্ট জয়ৰ সপোন লৈ ১৯৭০ চনত কাঠমাণ্ডুৰপৰা ৰাওনা হৈছিল যদিও এভাৰেষ্ট জয় কৰিব নোৱাৰিলে। তেওঁলোকে নিজৰ নিজৰ ঘৰলৈও যাব নোৱাৰিলে। প্ৰবল তুষাৰপাত আৰু ধুমুহাই তেওঁলোকক এভাৰেষ্টৰ বক্ষতেই চিৰদিনৰ বাবে বিলীন কৰি দিলে। এই ঘটনাৰ প্ৰায় ৩৮ বছৰ পিছত ৩নং আৰু ৪নং বেচকেম্পৰ মাজত ৭টা মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেই মৃতদেহবোৰৰ এটাতো পচনক্ৰিয়া সামান্য পৰিমাণেও আৰম্ভ হোৱা নাছিল। মৃতদেহবোৰৰ সমীপত বিশেষ কুঠাৰ, কঁকালত থকা ৰছী আদিও অক্ষত অৱস্থাত পোৱা গৈছিল।
২০০৮ চনৰ পিছত এনেদৰে ইমানবোৰ মৃতদেহৰ স্বাভাৱিক উদ্ধাৰ ইমানদিনে হোৱা নাছিল। প্ৰায় ১১ বছৰ পিছত পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি। সবাতোকৈ উল্লেখযোগ্য ঘটনা হ’ল এভাৰেষ্টৰ শৃংগৰপৰা মাত্ৰ ১২০ মিটাৰ দূৰৈত আছে খুজবু আইচফল। সবাতোকৈ বিপদজনক স্থান খুম্বু। এছ’চিয়েছনৰ হিচাপ মতে বিগত ১০০ বছৰত শতাধিক অভিযাত্ৰীৰ মৃত্যু হৈছে খুম্বুত। ২০১৪ চনত সকলোতকৈ ডাঙৰ বিপৰ্যয় সংঘটিত হৈছিল খুম্বুত। সেই বছৰতেই ১৩জন অভিজ্ঞ নেপালী শ্বেৰপাৰ খুম্বুত তুষাৰ-ধুমুহাত মৃত্যু হয়। এই ঘটনাৰ বাবে শোক পালন কৰা হৈছিল আৰু এদিন এছ’চিয়েছন বন্ধ আছিল। সেই তেতিয়াৰেপৰাই এজনো শ্বেৰপাৰ মৃতদেহ উদ্ধাৰ হোৱা নাছিল। এইবাৰ প্ৰথমবাৰৰ বাবে খুম্বুৰ বৰফ গলিবলৈ ধৰিছে আৰু এছ’চিয়েছনে জনোৱা অনুসৰি ২০১৪ চনত মৃত্যু হোৱা ১৩ জন শ্বেৰপাৰ ৩ জন শ্বেৰপাৰ দেহ প্ৰত্যক্ষ হৈছে। কিন্তু এটা দেহৰো পচন হোৱা নাই সামান্যতমো। কিন্তু এই দেহবোৰক নমাই অনা হ’ব নে নহ’ব তাকে লৈ ২৫ মাৰ্চ পৰ্যন্ত প্ৰায় ৭২ ঘণ্টা জোৰা আলোচনা চলি আছে এছ’চিয়েছনৰ সভাত। সম্প্ৰতি কিমানটা দেহ এভাৰেষ্টৰ বক্ষত প্ৰত্যক্ষ হৈছে তাৰে কোনো পৰিসংখ্যা এতিয়াও প্ৰাপ্ত হোৱা নাই সঠিককৈ। এছ’চিয়েছনৰ সহকাৰী সভাপতি সবিত কুঁৱাৰ-এ জনাইছে যে প্ৰায় শতাধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে, কিন্তু সেই মৃতদেহবোৰ ওপৰৰপৰা নমাই অনা হ’ব নে নহ’ব—তাক লৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। কোনো পৰিয়ালে যদি ব্যয় বহন কৰে, তেনে ক্ষেত্ৰত এছ’চিয়েছনে প্ৰশিক্ষিত শ্বেৰপাৰ সহায়ত হয়তো উদ্যোগ গ্ৰহণ কৰিব পাৰে। তেওঁ পুনৰ কয় যে দীৰ্ঘকাল বৰফৰ মাজত সোমাই থকা বাবেই একো-একোটা মৃতদেহৰ ওজন ১৫০ কিলোগ্ৰামৰপৰা ২০০ কিলোগ্ৰাম পৰ্যন্ত হৈ পৰিছে।
১৯৫৩ চনত এভাৰেষ্টৰ শৃংগ প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিছিল এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই। তাৰ পিছত সুদীৰ্ঘ ৬৬ বছৰত এছ’চিয়েছনৰ হিচাপ মতে ৮৯৪৭জন অভিযাত্ৰীয়ে এভাৰেষ্ট অভিযানৰ বাবে নামভৰ্তি কৰিছে। ইয়াৰে ৫৩৪৭জনে সফলতাৰে শৃংগবিজয় কৰি উভতি আহিছে। বাকী ১১৯২ জন অভিযাত্ৰীৰ কোনো শুংসূত্ৰ এছ’চিয়েছনৰ হাতত নাই। এইসকলৰ বহুতেই হয়তো শৃংগজয় কৰিব নোৱাৰিলেও ‘বেচ কেম্প’লৈ সুস্থ অৱস্থাৰে উভতি আহিছিল। ২০১৫ চনত এভাৰেষ্টৰ শৃংগৰ ওচৰতেই ‘হিলাৰী ষ্টেপ’ ভূমিকম্পৰ ফলত ধ্বংস হৈছিল। আংশ্বেৰিং-এ কৈছে যে সেই বিলুপ্ত ‘হিলাৰী ষ্টেপ’ পুনৰ দেখা গৈছে। তাতেও ১৫টা মৃতদেহৰ সন্ধান পোৱা গৈছে। ইতিমধ্যে ভালেমান পৰিয়ালে জনাইছে যে দেহ নমাই ঘৰলৈ লৈ অহাৰ খৰচ বহন কৰা তেওঁলোকৰ বাবে সম্ভৱপৰ নহয়, কাৰণ এটা এটা দেহ আনিবলৈ হ’লে ১০ লাখৰপৰা ১৫লাখ টকা খৰচ হ’ব বুলি এছ’চিয়েছনৰ তৰফৰপৰা জনোৱা হৈছে। আংশ্বেৰিং-এ কৈছে যে পৰিয়ালবোৰৰ তৰফৰপৰা যদি কোনোৱেই দেহবোৰৰ সৎকাৰৰ ব্যৱস্থা নকৰে, তেনে ক্ষেত্ৰত এছ’চিয়েছনৰ তৰফৰপৰাই দেহৰ শেষকৃত্য হিমালয়ৰ বক্ষতেই কৰা হ’ব। এনে বেদনাদায়ক ঘটনাৰ মাজতে, পৰিৱেশবিদসকলে উদ্বিগ্নতাৰে কৈছে যে যদি এনেদৰে এভাৰেষ্টৰ বৰফ গলি থাকে—আগন্তুক ১০০ বছৰৰ ভিতৰত এভাৰেষ্টৰ ৭১% বৰফ গলি যাব আৰু তেতিয়া এভাৰেষ্টৰ অস্তিত্ব থাকিব নে নাথাকিব—সেয়া এক জটিলতম প্ৰশ্ন হিচাপে বিবেচিত হৈছে।