এমাহজোৰা সন্ধানৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অমৃতপালক
ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হ’ব অমৃতপাল সিঙক
অৰবিন্দ ৰাভা

নতুন দিল্লী, ২৩ এপ্ৰিল: আৰক্ষীয়ে শিখ বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙক এমাহতকৈ অধিক সময় ধৰি বিচাৰি অৱশেষত গ্ৰেপ্তাৰ কৰিছে।
শিখসকলৰ সংখ্যাগৰিষ্ঠতা থকা উত্তৰ-পশ্চিম পঞ্জাৱ ৰাজ্যৰ প্ৰচাৰক সিঙৰ উত্থানে স্বাধীন শিখ গৃহভূমিৰ কথা পুনৰ সজীৱ কৰি তুলিছে আৰু ১৯৮০ চনত আৰু ১৯৯০ চনৰ আৰম্ভণিতে এই সময়ছোৱাত বহু লোকৰ মৃত্যু হোৱা হিংসাত্মক পৰিস্থিতিলৈ ঘূৰি অহাৰ আশংকা জগাই তুলিছে পুনৰ এক শিখ বিদ্ৰোহক।
পঞ্জাৱ আৰক্ষীৰ শীৰ্ষ বিষয়া সুখচাইন সিং গিলে সাংবাদিকৰ আগত কয় যে পঞ্জাৱৰ মোগা জিলাৰ ৰ’ড গাঁৱৰ পৰা চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা হৈছে।
“ৱাৰিছ পঞ্জাব দে” (পঞ্জাৱৰ উত্তৰাধিকাৰী) নামৰ এটা গোটৰ নেতৃত্ব দিয়া অমৃতপাল সিং (৩০)ক গ্ৰেপ্তাৰ কৰাৰ পিছতে স্বয়ং প্ৰচাৰক আৰু তেওঁৰ শ শ সমৰ্থকে তৰোৱাল আৰু আগ্নেয়াস্ত্ৰ লৈ থানাত আক্ৰমণ কৰি মুক্তিৰ দাবী জনাইছে ।
আৰক্ষীয়ে সিং আৰু তেওঁৰ সমৰ্থকসকলক হত্যাৰ চেষ্টা, আইন প্ৰয়োগকাৰী সংস্থাত বাধা প্ৰদান, অসন্মান সৃষ্টিৰ অভিযোগ উত্থাপন কৰি মাৰ্চ মাহৰ মাজভাগৰ পৰাই তেওঁ পলায়ন কৰি আছিল বুলি কয়।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অনুসৰি গাঁৱৰ গুৰুদ্বাৰা নামৰ শিখ মন্দিৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰা লোকসকলক এবছৰ পৰ্যন্ত কোনো অভিযোগ নোহোৱাকৈ আটক কৰিব পৰা যায়।
গিলে কয় যে তেওঁক অসম ৰাজ্যৰ ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হ’ব, য’ত তেওঁৰ কিছু সহযোগী ইতিমধ্যে জেলত আছে।
( ৰয়টাৰ্ছৰ পৰা প্ৰাপ্ত বাতৰিৰ ভিত্তিত)
23-04-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)