• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

এয়াই অসম…প্ৰতিটো বনৰ পাত..জাংফাই মিনা কৰা..!

ASSAMESE SECTION / Assam

by Tonoy Chakraborty
September 21, 2025
in ASSAMESE SECTION, ASSAM
Reading Time: 21 mins read
0
এয়াই অসম…প্ৰতিটো বনৰ পাত..জাংফাই মিনা কৰা..!
Share on FacebookShare on TwitterShare on LinkedIn

এয়াই অসম…প্ৰতিটো বনৰ পাত..জাংফাই মিনা কৰা… ৰূপ জাতিষ্কাৰ !

এয়াই অসম...প্ৰতিটো বনৰ পাত..জাংফাই মিনা কৰা

সংগ্ৰহ: তনয় চক্ৰৱৰ্তী

Tonoy Chakraborty
তনয় চক্ৰৱৰ্তী

“.এয়াই অসম

         ..প্ৰতিটো বনৰ পাত

                  জাংফাই মিনা কৰা

                                ৰূপ জাতিষ্কাৰ”

এয়াই অসম...প্ৰতিটো বনৰ পাত..জাংফাই মিনা কৰা

অ

১)অঁকৰা মৈত উঠা=একেটা কথাতে লাগি থকা

২)অকাজৰ কাজী=কাম নোহোৱা বন কৰা

৩)অমাতৰ মাত=মৰমৰ মাত

৪)অকলশৰীয়া পহু=লগৰীয়া নোহোৱা লোক

৫)অচলা ভক্তি=লৰচৰ নোহোৱা স্থিৰ ভক্তি

৬)অজীন পাতকী=আনৰ লগত মিলিব নোৱাৰা

৭)অলপতে কলপ কটা=কোনোমতে সাৰি যোৱা বা ৰক্ষা পৰা

৮)অলপ পানীৰ মাছ=শক্তি বা সামৰ্থ নথকা মানুহ

৯)অলপ ধতুৱা=ভয়াতুৰ

১০)অৱস্থা চাই ব্যৱস্থা=চাই চিতি উপায় কৰা

১১)অথাই সাগৰ=মহা বিপদ

১২)অহুকাণে পহুকাণে=ইকাণে সিকাণে

১৩)অচিন কাথৰ থোৰা=অপৰিচিত

আ

১)আকাশত চাং পতা=অলীক কল্পনা কৰা

২)আওমৰণে মৰা

৩)আকালৰ ভাত

৪)আঁচলত জীউ বন্ধা

৫)আঁচলৰ ধন=অতি মৰমৰ

৬)আঁঠুৱা চাই ঠেং মেলা=সামৰ্থ অনুসৰি কাম কৰা

৭)আভুৱা ভাৰ=ঠগা

৮)আমঠু ক’লা পৰা=বৰকৈ বেজাৰ পোৱা

৯)আয়ুসত চাউল থকা=জীৱনৰ সময় থকা

১০)আঁঠু কাঢ়=আঁঠু মাতিত লগাই লৰ

১১)আঁঠু ল=সেৱা জনা

১২)আঁঠু চোঙা=সন্মান জনাবলৈ আঁঠু মাটিত লগা

১৩)আঁঠুত সোণ বিচৰা=কৰ্ম নকৰাকৈ ধন সম্পদ বিচৰা

১৪)আলাশৰ লাড়ু=অতি মৰমৰ

১৫)আথে বেথে=আদৰেৰে

১৬)আটোম টোকাৰি=পৰিপাটী

১৭)আলি বাটত চালি ধৰা=ধুন মাৰি ফুৰা

১৮)আজল মঠ=জানিও নজনাৰ ভাও জোৰা

১৯)আলৈ আথানি=নিঃসহায় অৱস্থা

ই/ঈ

১)ইকটা সিকটা কৰা=বেয়া গোন্ধত বা বেয়া সোৱাদত বা অপ্ৰিয় কথাত মুখ বিকটোৱা

২)ইঘৰ সিঘৰ কৰা=ঘৰে ঘৰে ঘূৰি ফুৰা

৩)ইতালিও মাৰে সিতালিও মাৰে=এতিয়াই এটা আৰু অলপ পিছত তাৰ ওলোটা কথা কোৱা

 উ

১)উকহে খোৱা=ধীৰে সুস্থিৰে নথকা

২)উজুটিত পৰি মৰা=নিশকতীয়া; অলপ ধতুৱা

৩)উভতি নচা=অতপালি কৰা

৪)উৰহী গছৰ ওচৰ=কোনো কথা বা বিষয় বা ঘটনাৰ মূল কাৰণ

৫)উশাহ পোৱা=নিস্তাৰ পোৱা

৬)উঠি ৰজা=পৰৰ ওপৰত প্ৰভূত্ব চলোৱা

৭)উদুলি মুদুলি=আনন্দৰ পৰিৱেশ

৮)উধ মুধ চাই=আগ গোৰ চাই

৯)উধৰপৰা মুধলৈ=আদিৰপৰা অন্তলৈ

১০)উৰণীয়া মৌ=ক্ষন্তেকীয়া বস্তু

ঊ/ঋ

১)ঊনৈশত বা বলা=আনন্দত আত্মহাৰা হোৱা

২)ঊনৈশ বিছ হোৱা=সামান্য কম বেছি হোৱা

৩)ঋষিৰ শাপত পৰা=আনৰ ৰোষৰ বলি হোৱা

এ/ঐ

১)একঠা খোৱা=প্ৰতিপত্তি বঢ়া

২)একাঠী চৰা=জোখতকৈ এখোজ আগবঢ়া

৩)এপৰাল পৰা=কষ্ট সহ্য কৰি দুৰ্বল হোৱা

৪)এন্দূৰক সেন্দূৰ পিন্ধোৱা=অপাত্ৰক গুৰুত্ব দিয়া

৫)এপাচি শাকত এটা জলকীয়া=প্ৰয়োজনতকৈ কম হ

৬)ঐদেহি বৈদেহি গোৱা=যিহকে পাই তিহকে বলকি থকা

ও/ঔ

১)ওঁঠ চেপিলে গাখীৰ ওলোৱা=কম বয়সীয়া

২)ওপৰ চকুৱা=অসাৱধান বা বেহিচাপী লোক

৩)ওভোত গোৰে নচা=অতপালি কৰা

৪)ওফন্দি গংগাটোপ হোৱা=অসাৰ ভেম কৰা

৫)ওৱাদানী হোৱা=উভৈনদী হোৱা

৬)ওৱা বন দোৱা=একেটা কামকে বাৰে বাৰে কৰি থাকিব লগা হোৱা

৭)ওপৰ ডিঙি কৰ=আনৰ বিপদ নিজে চপাই ল

৮)ঔ গছৰ মৌ=অনায়াসে পাব নোৱাৰা বস্তু

৯)ঔ পৰা=বৰকৈ কিল পৰা

১০)ঔচ বুলিলে পোৱা=বিচাৰিলেই পোৱা

১১)ঔৱে গ’ল খুজোৱা=আশা নকৰা ব্যক্তিৰপৰা অপকাৰ পোৱা

assamese alphabet

ক

১)কাণ দি=মন দি

২)কাণ কৰ=মনোযোগ দে

৩)কাণ নাই=মন নাই

৪)কাণ খোল=ভালকৈ শুন

৫)কাণ সৰালি মাৰ=নুশুনা ভাও জোৰ

৬)কাণ থিয় হ=শুনিবলৈ উদগ্ৰীৱ হ

৭)কাণ থিয় কৰ=শুনিবলৈ প্ৰস্তুত হ

৮)কাণত ধৰি ক=শপত খাই ক

৯)কণাকণি কৰ=ফুচফুচাই কথা পাত

১০)কাণত পেলা=জনোৱা

১১)কাণ সাৰ কৰ=মনোযোগ দে; মন কৰ

১২)কাণ তাল মাৰ=তীব্ৰ শব্দৰ প্ৰহাৰত কাণেৰে নুশুনা হ

১৩)কাণ টাহ মাৰ=গালত জোৰে চৰ মৰা

১৪)কাণ কটা=নিলাজ

১৫)কাণ পাত=শুনিবলৈ বিচাৰ

১৬)কাণ ছোৱা=জনাই থ

১৭)কাণ ছোৱাই থ=জনাই থ

১৮)কান সমনীয়া=ডেকা

১৯)কান কাট=বাঁহৰ খুটাৰ কান কাট

২০)কান খৰ=গৰুৰ কান্ধত হোৱা খৰ

২১)কান মাৰ=কান্ধ সলা

২২)কঁকাল পৰ=বুঢ়া হ

২৩)কঁকাল বান্ধ=সাজু হ

২৪)কঁকালত টঙালি বান্ধ=সাজু হৈ ওলা

২৫)কঁকাল ভাং=নাচিবলৈ কঁকালৰ সোমাজ বেঁকা কৰ

২৬)কঁকাল ভাগ=দুৰ্বল হ

২৭)কপাল খা=ভাগ্য নষ্ট হ

২৮)কপাল নাই=ভাগ্য নাই

২৯)কপাল আছে=ভাগ্য আছে

৩০)কপাল ফুট=দূৰ্ভাগ্য উপস্থিত হ

৩১)কপাল ফুল=সৌভাগ্য উপস্থিত হ

৩২)কপাল ধো=সুবিধা এৰ

৩৩)কপাল চা=ভাগ্য পৰীক্ষা কৰ

৩৪)কপালৰ ঘাম মাটিত পেলা=কঠোৰ পৰিশ্ৰম কৰ

৩৫)কপাল মুকলি হ=সৌভাগ্য আহ

৩৬)কপালত জুই লাগ=সৌভাগ্য নষ্ট হ

৩৭)কাঠ চিতীয়া=কঠোৰ অন্তৰৰ

৩৮)কাঠ সংস্কাৰ কৰ=মৃতকৰ শ পোৰা

৩৯)কথাত আখৈ ফুটা=ফটফটাই কথা কোৱা

৪০)কুকুৰে কাঁইট নোখোৱা কৰা=বৰকৈ গালি পাৰা

৪১)কুলাই পাচিয়ে নধৰা হ=বৰকৈ; সৰহকৈ

৪২)কোৰোণাৰে চপোৱা=সৰহকৈ আৰোহণ কৰা

৪৩)কাঁহ পৰি জীণ যোৱা=নীৰৱ হোৱা

৪৪)কটা ঘাঁত চেঙা তেল দিয়া=দুখৰ ওপৰত দুখ দিয়া

৪৫)কিতাপৰ পোক=কিতাপতে ব্যস্ত থকা লোক

৪৬)কথা দে=প্ৰতিশ্ৰুতি দে

৪৭)কথা ৰাখ=প্ৰতিশ্ৰুতি ৰাখ

৪৮)কথা হ=আলোচনা হ

৪৯)কথাৰে হাত হাল বা=বৰ বৰ কথাৰে ফিটাহি মাৰা

৫০)কুন্দত কটা=ধুনীয়া

৫১)কথা গৰকা=ভাল বেয়া যি বিচাৰ কৰি চায়

৫২)কপাল ধিওৱা=আশাৰে বাট চাই থাক

৫৩)কঁকাল দঙা=পুনৰ শক্তি লাভ কৰা

৫৪)কঁকালত টঙালি বান্ধ=সাজু হৈ ওলা

৫৫)কুঁচিয়া খোচা দে=অতিশয়  শাৰীৰিক কষ্ট দে

খ

১)খামী ডাঠ=সাহসী

২)খৰি দে=দাহ সংস্কাৰ কৰ

৩)খৰা নাকত লাজে ধৰা=নিলাজৰ লাজ লগা

৪)খুঁটি পুতি উজুতি খোৱা=নিজৰ অসুবিধা নিজে ভোগ কৰা

৫)খাই পাত ফলা=অশলাগী লোক

৬)খোজা বঢ়া কৰা= বিয়া কৰাবলৈ ছোৱালী বিচৰা

৭)খোৱা কামৰা কৰা=হাই কাজিয়া কৰ

৮)খোপনি পাত=নেৰানেপেৰাকৈ ধৰা

৯)খোপনি ধৰ=নেৰানেপেৰাকৈ লাগ

১০)খোপনি এৰ=নেৰানেপেৰাকৈ কৰিবলৈ এৰ

১১)খতা দিয়া=কৃতজ্ঞতা নজনালে সোঁৱৰাই দিয়া

১২)খাজ খা=উপযুক্ত হ

১৩)খুজি কিল খা=নিজৰ বিপদ নিজে চপা

Assamese 2

গ

১)গছত উঠা=দুষ্ট

২)গা এৰা দে=সম্পৰ্ক এৰ

৩)গাই বাই চা=চেষ্টা কৰি চা

৪)গা গধুৰ=এলেহুৱা

৫)গা আছে=শকত আৱত

৬)গা নাই=ক্ষীণ মীন

৭)গা ঘেলা=কাম বন নকৰি এনেয়ে ঘূৰি ফুৰ

৮)গা পাতি ল=পৰৰ দায়িত্ব নিজে ল

৯)গাত ল=দায়িত্ব গ্ৰহণ কৰ; মান্তি হ

১০)গা টেঙা=বেজাৰ পা

১১)গা ছো=মাৰ

১২)গা জুৰ পৰ=গাটো শীতল শান্ত হ

১৩)গাত হাত দে=মাৰ

১৪)গা জোৰা=অটা

১৫)গা ধৰ=শকত হ

১৬)গা ভাল হ=নৰিয়া ভাল হ

১৭)গা বেয়া হ=নৰিয়াই ধৰা

১৮)গা ভাৰী=গৰ্ভৱতী হ

১৯)গা তঙা=নৰিয়াৰপৰা বা বিপদৰপৰা ক্ৰমে উদ্ধাৰ হ

২০)গাৰ নোম ডাল ডাল হ=ভয় খাই গাৰ নোম শিয়ৰি উঠ

২১)গা ৰ=ৰক্ষা পৰ

২২)গা সাৰ=বিপদৰ পৰা ৰক্ষা পা

২৩)গা খালাচ হ=প্ৰসৱ হ

২৪)গা লগাই কৰ=মন দি কৰ

২৫)গা দাং=বেমাৰৰপৰা উঠ

২৬)গা দাঙি ক=সাহসেৰে ক

২৭)গা ৰাই জাই কৰ=ইচাটি বিচাটি কৰ

২৮)গা সাতখন আঠখন কৰ=আনন্দত উত্ৰাৱল হ

২৯)গছত তুলি গুৰি কটা=বিশ্বাসঘাটকতা কৰা

৩০)গৰখীয়া ধেমালি=গুৰুত্বহীন কৰ্ম

৩১)গৰুৰ আগত টোকাৰী বোৱা=মোল নুবুজাজনক কথা কোৱা

৩২)গাই গোটে পেটে ভড়াল=কেবল নিজৰ বাবে আহৰণ কৰা

৩৩)গাখীৰতে মহৰ খুটি=সুখৰ ওপৰতে সুখ

৩৪)গোৰ মাৰি গংগাত পেলোৱা=অপকাৰ কৰিব বিচাৰোঁতে উপকাৰহে হোৱা

৩৫)গা চেবা=সন্দেহ হোৱা

৩৬)গা নচুৱাই ফুৰা=কাম বন নকৰি ঘূৰি ফুৰা

৩৭)গাঁতত কঁকাল পেলোৱা=এলাহতে কাম বন পিছলৈ পেলাই থোৱা

ঘ

১)ঘৰ কৰ=গৃহস্থালি কৰ

২)ঘৰ পাত=বিয়া পাত

৩)ঘৰ ল=নতুন দৰা কইনা ঘৰ  লোৱা

৪)ঘৰ গোনা=সদায় ঘৰত সোমাই থাক

৫)ঘৰ ভাঙ=ঘৰত কাজিয়া লগা

৬)ঘৰ গুচি বাঁহতল হ=ঘৰত বিশৃংখল হ

৭)ঘঁৰিয়ালৰ চকুপানী=চলনাভৰা দুখ প্ৰকাশ

৮)ঘঁৰিয়াল পৰা দে=দীঘল হৈ পৰি থাক

৯)ঘেকেটি খোৱা=অপমান/কষ্ট আদি পাই পাই সেইবোৰলৈ কেৰেপ নকৰা

১০)ঘিঁউত কাঁইট বিচৰা=অলপো দোষ নথকা স্থলতো দোষ খুচৰি ফুৰা

১১)ঘূৰ্মুটিয়াই ফুৰা=কিবা বিচাৰি ফুৰা

চ

১)চকু গজ=ভাল বেয়া জনা হ

২)চকু চৰহা=আনৰ ভাল দেখিব নোৱাৰা

৩)চকু পোৰা=আনৰ ভাল দেখিব নোৱাৰা

৪)চকু জুৰা=দেখি সন্তোষ পোৱা

৫)চকুত লগা=দেখিবলৈ ধুনীয়া হ

৬)চকু ৰোৱা=দেখিবলৈ ধুনীয়া হ

৭)চকুত পৰ=দেখ

৮)চকু পৰ=দেখ

৯)চকুত ধুলি মাৰ=ফাকি দে

১০)চকুত বালি মাৰ=ফাকি দে

১১)চকু দি=মন দি

১২)চকু পেলা=মন লগা

১৩)চকু ফুৰা=ওপৰে ওপৰে চা

১৪)চকু ফুৰাই চা=ওপৰে ওপৰে চা

১৫)চকু মুদ=মৃত্যু হ

১৬)চকু মুদা কুলি=ফাকি দি খোৱা মানুহ

১৭)চকু মেলি চা=অনুগ্ৰহ কৰ; দয়া কৰ

১৮)চকুৰ কুটা হ=অপ্ৰিয় হ

১৯)চকুৰ পুতলা=আদৰৰ

২০)চকুৰ মণি=আদৰৰ

২১)চকু ৰাখ=যত্ন ৰাখ; দেখি থাক; সাৱধান হ

২২)চকুৰ পচাৰতে=তৎক্ষণাত

২৩)চকু থাকি খালত পৰ=জানি বুজি বিপদত পৰ

২৪)চকুৰে সৰিয়হ ফুল দেখ=বৰকৈ জলাকলা হ

২৫)চকু আহ=জ্ঞান আহ

২৬)চকু আছে=যত্ন আছে

২৭)চকু নাই=যতন নাই

২৮)চুঙাৰ বাদুলি=অজ্ঞ লোক

২৯)চুঙা চাই সোপা=উপযুক্ত প্ৰত্যুত্তৰ

৩০)চল চাই কঠিয়া পাৰ=উপযুক্ত সময়ত কাম কৰ

৩১)চোৰক মোৰে পোৱা=পৰক ঠগা মানুহে নিজে ঠগ খোৱা

৩২)চৌঠেঙীয়া কৰা=উপায় নোহোৱা কৰা

৩৩)চুইহে নিকিলোৱা=অতিমাত্ৰা গালি গালাজ পাৰা

৩৪)চুকৰ ভেকুলি

৩৫)চুকত থাকি বুকুত কামোৰা=আপোন যেন দেখুৱাই অনিষ্ট কৰা

ছ

১)ছাল ছিগা ভিকহু=অতি দৰিদ্ৰ

২)ছালে বেৰে কোবোৱা=সামঞ্জস্য নথকা

৩)ছাল বাকলি নাইকীয়া=অৱস্থাহীন; দূৰৱস্থাৰ লোক

৪)ছাঁটোকে বাঘটো দেখা=সৰু কথা এটাকে মিছাকৈ ডাঙৰ কৰা

৫)ছেগা চোৰোকাকৈ=মাজে সময়ে

জ

১)জপনা কাটি=নিঃসহায় অৱস্থা

২)জলজল পটপট=স্পষ্টভাৱে

৩)জুই ছাই=খুউব বেছি; অতিপাত

৪)জুইত জাপ দে=দেখি শুনি বিপদৰ পিনে আগবঢ়া

৫)জলা কলা কৰা=হাৰাসাস্তি কৰা

৬)জোকৰ মুখত চূণ দে=উপযুক্ত প্ৰত্যুত্তৰ

৭)জুপুৰা হাবিত বাঘ থকা=সৰু কামতো ডাঙৰ ভয়ৰ উদ্ভৱ হোৱা

৮)জোৰ পুৰি হাত পোৱা=বিপদ আহি ওচৰ পোৱা

৯)জ্বলি পকি উঠা=খুউব খং কৰা

১০)জ্বলা জুইত ঘিঁ ঢলা=খঙ উঠি থকা অৱস্থাতে আৰু খং তোলা

ট

১)টুপাই বুৰ মৰা=পলকতে গা লুকুওৱা; কোনো কাম কৰি কৰি হঠাতে আঁতৰি যোৱা

২)টকালি পাৰি খোৱা=তৃপ্তিৰে ভোজন কৰা

৩)টান পালে ৰাম বোলা=সমস্যা বা বিপদত পৰিলেহে মনত পেলোৱা

৪)টগৰ বগৰ কৰা=কথা সলাই থকা

৫)টাং বাং কৰা=কথা সলাই থকা

৬)টালি বাজি কৰা=কথা সলাই থকা

৭)টোপ পৰিবলৈ নিদিয়া=অতি আদৰেৰে যতন লোৱা

৮)টৌখুটি মৰা=একেলগে নাখাই বেলেগ বেলেগকৈ ৰান্ধি বাঢ়ি খোৱা

ঠ

১)ঠোঁট মুখ চেলেকা=ইচ্ছা কৰিও লাভ কৰিব নোৱাৰা

২)ঠন ধৰ=জীপ পাই সবল হোৱা

৩)ঠাৰে চিয়াৰে=আকাৰ ইংগিতেৰে

৪)ঠেঙৰ ওপৰত ঠেং তুলি=আৰামত কোনো চিন্তা নোহোৱাকৈ

৫)ঠেৰু ছিগা=অৱলম্বন হেৰোৱা

ড

১)ডলাৰ বগৰী=অনাই বনাই ঘূৰি ফুৰা লোক

২)ডকৰা পৰা=পকিবলৈ বা শুকাবলৈ ধৰা

৩)ডাংকোপ মৰা=ফিটাহি মৰা

৪)ডাল জোৰা দিয়া=বঢ়াই কথা কোৱা

৫)ডালে পাতে কোবোৱা=সামঞ্জস্যহীন

৬)ডিঙিৰ হাৰ মাল=এৰাবনোৱাৰা

ঢ

১)ঢলং পলং কৰা=থৰক বৰক খোজ

২)ঢাপত গজা=অকামিলা; অনাদৃত

৩)ঢাপলি মেলা=যাবলৈ ওলা

৪)ঢেৰাই মেৰাই পৰা=ভাগৰি হাত ভৰি মেলি দিয়া

৫)ঢোল কোবোৱা=সকলোকে জনাই দিয়া

৬)ঢৌতে খৰ মাৰি=কামৰ মাজত সময় উলিয়াই

৭)ঢৌটোকে ৰৌটো কৰা=সৰু কথা এটাক মিছাকৈয়ে ডাঙৰ কৰি তোলা

ত

১)তৰা নৰা ছিঙ=ভয়ত খুউব বেগাই দৌৰ

২)তত নোহোৱা হ=অস্থিৰ হ

৩)তলা নলা=ভূ ভা; সম্ভেদ

৪)ততা ভুকুতা কৰ=লৰালৰি কৰ

৫)তলে পুতল=গোপন অভিসন্ধি

৬)তিলক তাল কৰা=সৰু কথা  এটাক মিচাকৈ ডাঙৰ কৰা

৭)তেল পৰি পিছলা=চিকুণ

৮)তপত ভাতৰ ধোঁৱাই ধৰা=মিছা কষ্ট কল্পনা কৰি অসন্তোষ হোৱা

৯)তিলকে তাল কৰা=ঢৌটোকে ৰৌটো কৰা

থ

১)থকা সৰকা হ=জৰ্জৰিত হ

২)থকা সৰকা কৰ=জৰ্জৰিত কৰ

৩)থকা খুন্দা খা=জৰ্জৰিত হোৱা

৪)থৰকাছুটি হেৰোৱা=বিবুধিত পৰা আৰু বিতত হোৱা

৫)থেকেচ নেকেচ কৰা=অনাদৰ কৰি দুখ কষ্ট দিয়া

৬)থান থিত নোহোৱা=একেৰাহে কোনো ঠাইত নথকা

৭)থৌকি বাথৌ হোৱা=কি কৰোঁ কি নকৰোঁ ভাৱ হোৱা

দ

১)দলনিত পোনা মেলা=নিৰাশ্ৰয় কৰি এৰি যোৱা

২)দুই নাৱত দুই ভৰি=দোধোৰ মোধোৰত পৰা

৩)দেও চাই বলি=উপযুক্ত শাস্তি

৪)দিনতে এন্ধাৰ হোৱা=হঠাত নিৰুপায় অৱস্থাত পৰা

৫)দেৱত নলগা, ভকতত নলগা=অসাৰ্থক

৬)দাঁতত ভাত লগা=সামান্য ঘটনা

৭)দাঁতে ওঠে লাগ=সমূলি কাজিয়া লাগ

৮)দাঁতে ওঠে নালাগ=সমূলি কাজিয়া নালাগ

৯)দাঁত লাগ=আনৰ চকু পৰি অমংগল হ

ধ

১)ধোদৰ পচলা=অকামিলা

২)ধান খেৰৰ জুই=ক্ষন্তেকীয়া চমক

৩)ধোবাং বাং কৰ=নষ্ট কৰি শেষ কৰ

৪)ধুন পেচ মাৰ=সাজোন কাচোন কৰ

৫)ধোঁৱা চাঙত তেল দি=আৰামত

৬)ধোঁৱা চাঙত তুলি থ=কামত নহাকৈ বা চৰ্চা নকৰাকৈ

ন

১)নাম কৰ=সুখ্যাতি কৰ

২)নাম ল=মনত পেলা

৩)নাম জ্বলা=সুখ্যাতি বঢ়োৱা

৪)নাম নুমা=সুখ্যাতি নষ্ট কৰা

৫)নাকত তেল দি=আৰামত

৬)নগৈ গড়গাওঁৰ বাতৰি ক=নজনাকে জনাৰ দৰে মন্তব্য কৰা

৭)নকৰিবৰ চকৰি কৰা=অতিকে হাৰাসাস্তি কৰা

৮)নদন বদন হ=অৱস্থা টনকিয়াল হ

৯)নলে গলে লগা=খুউব ভাল সম্বন্ধৰ

১০)নলগা জেঙাত লগা=মিছা মিছি অযথা বিপদ চপাই ল

১১)নাক কাট=সন্মান নষ্ট কৰ

১২)নাক কোঁচা=ঘৃণা কৰা

১৩)নাক কাণ কটোৱা=মান সন্মান নষ্ট কৰা

১৪)নাৱ বুৰিলেও টিঙৰপৰা ননমা=সকলো নষ্ট হ’লেও ভেম অহংকাৰ নেৰা

১৫)নেগুৰ কটা শিয়াল=অতি চতুৰ অঘাইতং লোক

১৬)নপতা ফুকন=নিজকে নিজে ডাঙৰ বুলি ভাৱ

১৭)ন দি ক=ডাঠি ক

প

১)পাবত গজা=মূল নোহোৱা

২)পচলাত দাঁত ভঙা

৩)পৰৰ পালে জ্বৰৰ গাৰে খোৱা

৪)পদূলি শুঙা=আৰ তাৰ ঘৰে ঘৰে ঘূৰি ফুৰা লোক

৫)পানীৰ তলৰ কাঁইট=অচিন বা নজনা নিচিনা শতৰু

৬)পানী হ=নষ্ট হ

৭)পানী কৰ=নষ্ট কৰ

৮)পানী পৰ=সকলো নষ্ট হ

৯)পেটে ভাতে খা=কোনোমতে খাই বৈ জীয়াই থকা

১০)পেট মচা=নুমুলীয়া সন্তান

১১)পেট পচা=মন লেতেৰা

১২)পেট পা=গোপন কথা জনা

১৩)পেট ল=গোপন কথা জানি ল

১৪)পানী ল=শৌচ বা মূত্ৰ ত্যাগ কৰি শুচি হ

১৫)পানীত হাঁহ নচৰা=অৱস্থা বেয়া হ

১৬)পেট পোহ=প্ৰতিপালন কৰ

১৭)পেটত হাত ভৰি লুকা=খুউব ভয় পোৱা

১৮)পেট ভাটৌ=পেটত বহু কথা লুকাই ৰখা আৰু প্ৰকাশ নকৰা লোক

১৯)পেট উঠ=হেঁচাত চেপেটা হ

২০)পানী ছো=মূত্ৰ ত্যাগ কৰ

২১)পেট চল=হাগণি হ

২২)পেট হ=গৰ্ভৱতী হ

২৩)পেট দে=গোপন কথা জানিবলৈ দে

২৪)পৰুৱাই পোৱা=তত হেৰুৱাই ইফালে সিফালে ঘূৰি ফুৰা

২৫)পৰ্বতত কাছ কণী বিচৰা

২৬)পানীৰ মিঠৈ=সজাই কোৱা মিছা কথা

ফ

১)ফটা মুখৰ বাইক=খুউব ডাঙৰ ডাঙৰ কথা কোৱা

২)ফটা ঢোল কোবোৱা=মিছা গুণগান প্ৰচাৰ কৰা

৩)ফুটুকাৰ ফেন=অসাৰ্থক হোৱা

৪)ফাটি ফুটি যোৱা=বিখ্যাত হোৱা

৫)ফোপ ডাং মাৰা=মিছাকৈ ডাঙৰ ডাঙৰ কথা কোৱা

৬)ফোৰোহণি মাৰা=খং কৰি উঠা

৭)ফেঁহুজালি দিয়=ৰাতিপুৱা হোৱা

৮)ফৰিংফুটা জোনাক=জোনাকী নিশা

ব

১)বাট চা=অপেক্ষা কৰ

২)বাট বুল=যাবলৈ ওলা

৩)বাট কুৰি বা=বহু দূৰ খোজ কাঢ়ি

৪)বাট কোবা=বহু দূৰ খোজ কাঢ়ি

৫)বাট মাৰ=মুদা মাৰ

৬)বাট মৰ=মুদা মৰ

৭)বাট কেণা লাগ=কণা মুৰি লাগ

৮)বিৰ দি বাট নোপোৱা=বহু মানুহৰ সমাগম হোৱা

৯)বকলা মেলা=অতিৰিক্ত কথা কোৱা

১০)বৰলাৰ ঘৰত শুকান ধান বিচৰা=নোপোৱা বস্তু বিচৰা

১১)বাঘৰ আগতেল খোৱা=অতি অঘাইটং

১২)বাটে পোৱালি মেলা=খৰালি কাল হোৱা

১৩)বেলিয়ে আটে মানে কাঁচিয়ে কাটে মানে=সাধ্যমতে

১৪)বিনা মেঘে বজ্ৰপাত=আগজাননী দি নহা বিপদ

ভ

১)ভাত মৰ=জীৱিকাৰ উপায় নোহোৱা হ

২)ভাত মাৰ=জীৱিকাৰ উপায় নোহোৱা কৰ

৩)ভাত ঘৰ=অতি আপোন ঘৰ

৪)ভাতে ভঁৰালে খা=কোনোমতে খাই জীয়াই থকা

৫)ভাত মোকলা=জীৱিকাৰ উপায় কৰ

৬)ভাত উঠ=আয়ুস চমু চাপ

৭)ভেঁটিত তিতা লাও গজা=ঘৰখন নষ্ট হৈ যোৱা

৮)ভেঁটিত দুৱৰি বন গজা=ঘৰখন নষ্ট হৈ যোৱা

৯)ভিৰাই লৰ মৰা=ভয়ত পিছলৈ নাচাই লৰ মৰা

১০)ভেকো ভাওনা=অৰ্থহীন কৰ্ম

১১)ভালুকৰ সাঙী হোৱা=একো কামত নহা

ম

১)মজা দে=শাস্তি দে

২)মজা ল=উপভোগ কৰ

৩)মজা পা=শাস্তি পা

৪)মজা কৰ=উপভোগ কৰ

৫)মূৰ পাত=দায়িত্ব ল

৬)মূৰ পাতি ল=দায়িত্ব ল

৭)মূৰ পোলোকা মাৰ=গা এৰা দে

৮)মূৰ খা=মৃত্যুৰ কাৰণ হ

৯)মূৰ দি উঠ=ঠন ধৰি উঠ

১০)মূৰ দাঙি উঠ=ঠন ধৰি উঠ

১১)মূৰ দাঙি ক=সাহস বা গৌৰৱেৰে ক

১২)মূৰ দোৱা=শ্ৰদ্ধা ভক্তিত সেৱা কৰ

১৩)মূৰ ঘমা=বৰকৈ চিন্তা কৰ

১৪)মূৰত উঠা=প্ৰভূত্ব চলোৱা

১৫)মূৰ দাঙ=ঠন ধৰ; সুস্থ হ

১৬)মূৰ মৰ=উপাই নাইকীয়া হ

১৭)মূৰ মাৰ=উপাই নাইকীয়া কৰ

১৮)মূৰ ফুৰা=মূৰ ঘূৰা

১৯)মন উঠ=উৎসাহিত হ

২০)মন কৰ=ইচ্ছা কৰ

২১)মন খা=পচন্দ হ

২২)মন লাগ=পচন্দ হ

২৩)মন ডাঠ কৰ=সাহস বঢ়া

২৪)মন পা=মনৰ কথা বুজ

২৫)মন পোত=মনোযোহ দে

২৬)মন বঢ়া=পাবলৈ ইচ্ছা কৰ

২৭)মন মেল=পাবলৈ ইচ্ছা কৰ

২৮)মন বাঢ়=এবাৰ পাই পিছত আৰু অধিক পাবলৈ ইচ্ছা কৰ

২৯)মন বান্ধ=লোভ/ইচ্ছা সংযত কৰ

৩০)মন ভাগ=আগ্ৰহ নোহোৱা হ

৩১)মন মৰা=বেজাৰ মনে থাক

৩২)মন মাৰ=নিৰানন্দ হ

৩৩)মনত পৰ=স্মৰণ হ

৩৪)মনত কৰ=স্মৰণ কৰ

৩৫)মন পতিয়া=মনক শান্ত কৰ

৩৬)মনে চিতে=অন্তৰেৰে

৩৭)মন বহ=ভাল লগা হ

৩৮)মন সামৰ=ইচ্ছা এৰ

৩৯)মন যা=ইচ্ছা কৰ

৪০)মনে ধৰ=বিশ্বাস হ

৪১)মনে পতা=কাল্পনিক

৪২)মুখ লাগ=নজৰ লাগ

৪৩)মুখ বাঢ়=ডাঙৰ ডাঙৰ কথা কব পৰা হ

৪৪)মুখ নাই=কথা ক’ব নজনা

৪৫)মুখ উজ্জ্বল কৰ=নামজ্বলা হ

৪৬)মুখ ওলমা=অসন্তোষ কৰা

৪৭)মুখ ওফন্দা=অসন্তোষ কৰা

৪৮)মুখ ফুলা=অসন্তোষ কৰা

৪৯)মুখ কৰ=মুখ ফুৰা

৫০)মুখ চা=পুতৌ বা দয়া কৰ

৫১)মুখলৈ চা=পুতৌ বা দয়া কৰ

৫২)মুখ পাত=আনৰ মৌখিক বিবাদত যোগ দে

৫৩)মুখ পাতি ধৰ=আনৰ মৌখিক বিবাদত যোগ দে

৫৪)মুখ হাত ধো=মলমূত্ৰ ত্যাগ কৰি শুচী হ

৫৫)মুখৰ ছাই গুচা=মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ

৫৬)মুখ খুলি ক=একো গোপন নকৰি ক

৫৭)মুখ ফুটাই ক=স্পষ্টকৈ ক

৫৮)মুখত দে=চাকি চা

৫৯)মুখ মৰ=মৌন হ

৬০)মুখ সলা=সদায় খোৱা বস্তু এৰি বেলেগ বস্তু খোৱা

৬১)মুখ নোহোৱা=কথা ভালদৰে ক’ব নাজানা

৬২)মইমতালি কৰা=নিজৰ ইচ্ছা মতে চলা

৬৩)মৰণত শৰণ দি=প্ৰাণে পণে

৬৪)মৰো জীওকৈ লগা=জীৱন পণ কৰি পুৰুষাৰ্থ কৰা

৬৫)মাহ খোৱা বান্দৰ=একে স্বভাৱৰ

৬৬)মুখত এটা পেটত এটা=মনত বেলেগকৈ ৰাখি মুখেৰে বেলেগকৈ কোৱা

৬৭)মূৰে কপালে হাত দিয়া=বৰকৈ চিন্তাত পৰি হতাশ হোৱা

৬৮)মুখেৰে সাত হাল বোৱা=বৰকৈ ফিটাহি মাৰা

৬৯)মাটিৰ মানুহ=অতি সহজ সৰল লোক

৭০)মাটি কৰ=নষ্ট কৰ

৭১)মুখ মেলা=আনলৈ আশা কৰা

৭২)মুখত সোপা দিয়া=মাত নাইকিয়া হোৱা

য

১)যমৰ যাতনা=কঠোৰ শাস্তি

২)যমৰ গু মূত খোৱা=মহা দুষ্ট

৩)যত কূটৰ ঘাই=অভিসন্ধিৰ মূল

৪)যতে ৰাতি ততে কাতি=থকা ঠাইৰ অনিচ্ছয়তা

৫)যাৰ বল তাৰ চল=কৰ্মকুশল মানুহেহে সুবিধা পোৱা

৬)যোৱা থোৱা হোৱা=মৃতপ্ৰায় অৱস্থা

ৰ

====

১)ৰণত পৰি কলীয়া হোৱা=অকস্মাৎ বিপদত পৰি অৱস্থাহীন হোৱা

২)ৰসতে নাম থোৱা=কোনো কাম কৰোঁতে উৎসাহ প্ৰবল থাকোঁতেই কামটো সমাধা কৰা

৩)ৰাতিটকে হাতীটো দেখা=ৰাতিয়েই ডাঙৰ ঘটনাত আক্ৰান্ত হোৱা

৪)ৰান্ধনি উচটাই জোল খোৱা=প্ৰশংসা কৰি কাৰ্য সিদ্ধি কৰা

৫)ৰৈ বৈ যোৱা=উপচি পৰা

৬)ৰৌজোল বৌজোল কৰা=জনাজাত হোৱা

ল

১)লকৰ থকৰ কৰা=থৰক বৰক কৰা

২)লতা পতা লগা=দূৰ সম্পৰ্কীয়

৩)লৰত ফেঁটী সাপৰ মূৰ ছিগা=খুউব জোৰেৰে দৌৰা

৪)লাওপাত কচুপাত=বহুবল্কী

৫)লুইতেহে বঠাৰ কোব জনা=ভুক্তভোগীয়েহে নিজৰ দুখ কষ্ট বুজা

৬)লৈ লৈ থৈ থৈ=বহু দূৰ্গতি

৭)লেই লেই ছেই ছেই কৰা=ঘৃণা কৰি ওচৰৰপৰা খেদা

শ

১)শালৰ মাজৰ শিঙি=শতৰুৰ মাজত থকা

২)শক্তি চাই ভক্তি=সাধ্য অনুসৰি

৩)শ’লঠেকত পৰা=মহা বিপদত পৰা

৪)শলগোঁতে শলা গাঁথি লগা=বহুত শলাগাৰ ফলত অকৰ্মণ্য হোৱা

৫)শনি চৰা=বেয়া দিন অহা

৬)শেন চকুৱা=চোকা দৃষ্টিৰ লোক

৭)শূণ্যত গদা ঘূৰোৱা=অনুমানত কাম কৰা

৮)শহা কণীয়া=অলপতে শুনা

স

১)সাজ চাই চাপৰি বোৱা=লাভ অনুযায়ী কাম কৰা

২)সাত ঘাটৰ চেঙেলি=অতি বুদ্ধিৰ বা চতুৰ লোক

৩)সাত ঘাটৰ সৈয়াকণী=অতি চতুৰ বা বুদ্ধিৰ লোক

৪)সান্দহ খোৱা বালি তল যা=সুখ ভোগ অন্ত হোৱা

৫)সূৰ্যৰ মুখত সোপা দিব নোৱাৰা=গুপ্ত কথা লুকাই ৰাখিব নোৱাৰা

হ

১)হোলাৰ ভাই মোলা=অতি সহজ সৰল লোক

২)হোলোঙাৰে কাণ বিন্ধোৱা=অসম্ভৱ কাম কৰা

৩)হাতত সাৰে ভৰিত সাৰে=মনে মনে

৪)হাত আহ=অভ্যাস হ

৫)হাত উঠ=উন্নতি হ

৬)হাত কৰ=বশ কৰ

৭)হাত কৰি ল=বশ কৰি ল

৮)হাত উজান দে=কামত সহায় কৰ

৯)হাত এৰ=বৰকৈ খৰচ কৰ; তত্বাৱধান এৰ

১০)হাত দে=কৰিবলৈ ধৰ

১১)হাত ধো=সম্পৰ্ক ছেদ কৰ

১২)হাত লৰ=চোৰ স্বভাৱৰ

১৩)হাত দীঘল=ক্ষমতাশালী লোক

১৪)হাত পাত=ভিক্ষা বা সহায় খোজ

১৫)হাত সাৰ=ৰক্ষা পা

১৬)হাত যোৰ কৰ=প্ৰাৰ্থনা কৰ

১৭)হাত সাৱটি থাক=কামত নধৰাকৈ থাক

১৮)হাতে ভৰি ধৰ=কাকুতি মিনতি কৰ

১৯)হাতৰ মুঠিত ৰাখ=বশ কৰি ৰাখ

২০)হাত টান=কৃপণ

২১)হাত বাগৰা=আগে আনে ব্যৱহাৰ কৰা

২২)হাত ফুৰা=মৰম কৰা

২৩)হাত বুলা=মৰম কৰা

২৪)হাতেৰে নামাৰি ভাতেৰে মাৰা=বুধি কৰি আপোন হৈ অনিষ্ট কৰা

২৫)হাত খালি=টকা পইচা নথকা

২৬)হাত চুটি=ক্ষমতাহীন লোক

২৭)হাড় ছাল ওলোৱা=অতি ক্ষীণ

২৮)হাড়ত বন গজা=বহুদিন আগতে মৰা

২৯)হাড়ে হিমজুৱে=সম্পূৰ্ণভাৱে

৩০)হাড়ক মাটি কৰা=কঠোৰ পৰিশ্ৰম কৰা

৩১)হাড়লৈকে চিনা=অতি ভালদৰে চিনা

৩২)হাড় ভগা শ্ৰম/বন=কঠোৰ শ্ৰম

৩৩)হাড় পেলোৱা=মৃত্যু হোৱা

৩৪)হাড় নাইকীয়া জিভা=লাগ বান্ধ নোহোৱাকৈ কথা কোৱা লোক

৩৫)হিয়া ধুনা=কান্দি ব্যাকুল।হ

৩৬)হিয়া ধাকুৰীয়া=শোকত বিয়াকুল হ

৩৭)হিয়াৰ আমঠু=অতি আদৰৰ

৩৮)হাত ঘলা=আনৰ বস্তুক লোভ কৰা

৩৯)হাত চোৱা=মংগল চোৱা

৪০)হাত থকা=প্ৰভাৱ থকা

৪১)হাত মৰা=মনে মনে আনৰ বস্তু নিজৰ কৰা

৪২)হাত মুকলি=অবাবত খৰচ কৰা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অচলা ভক্তিঅৱস্থা চাই ব্যৱস্থা
Tonoy Chakraborty

Tonoy Chakraborty

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d