এয়া আকাশবাণী ডিব্ৰুগড়: ৫৪ বছৰীয়া পৰিক্ৰমালৈ অভিনন্দন
গৌতম শৰ্মা

এয়া আকাশবাণী ডিব্রুগড় – তিনিটা শব্দৰে পূৰ্ণ এই বাক্যশাৰীতেই প্ৰাণ পাই উঠে আমাৰ দৰে অলেখজনৰ অতীতৰ বহু ভাললগা সজীৱ স্মৃতিবোৰ।
জন্ম লগ্নৰেপৰা দেখি আহিছোঁ আমাৰ ঘৰখনৰ সৈতে ৰেডিঅ’টোৰ এক অতি আত্মিক সম্পৰ্ক। যিটো যন্ত্ৰক বাদ দি এক মিনিটৰ বাবে হ’লেও কোনো এজন আমাৰ ঘৰৰ সদস্যই ইফাল-সিফাল নহৈছিল। আঁতৰলৈ ফুৰিবলৈ যোৱাৰ সময়তো বহুসময়ত ব্যক্তিগতভাবে আমি পকেট ৰেডিঅ’ৰ আশ্ৰয় লৈছিলো।
এতিয়াও ঘৰখনৰ এটা কোঠাত পুৰণি সেই ৰেডিঅ’বোৰ ঠাহ খাই পৰি আছে। যিবোৰ ছবি চাই নিজেও বহুসময়ত বহু নষ্টালজিক হৈ পৰোঁ।
১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ এই বিশেষ দিনটোতেই পোনপ্ৰথমবাৰৰ বাবে মেডিয়াম ৱেভৰ ৫২৯.১ মিটাৰত অনুষ্ঠান সম্প্ৰচাৰ আৰম্ভ হোৱা আকাশবাণী ডিব্রুগড় অনাতাঁৰ কেন্দ্ৰটো হৈছে অসমৰ দ্বিতীয়টো আৰু উজনি অসমৰ একমাত্ৰ আকাশবাণী কেন্দ্ৰ।
জন্ম লগ্নৰেপৰা অতি নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে অসমৰ লগতে চুবুৰীয়া বহুকেইখন ৰাজ্যৰ শ্ৰোতাৰ পছন্দ অনুসৰি বিভিন্ন অনুষ্ঠানসমূহ প্ৰচাৰ কৰি সেৱা আগবঢ়াই অহা কেন্দ্ৰটিৰ এজন নিয়মীয়া শ্ৰোতা ৰূপে আকাশবাণী ডিব্ৰুগড়ৰ সৈতে আমাৰ এক অতি ঘনিষ্ঠতা আছে। ইয়াৰ সৈতে জড়িত হৈ থকা প্রায়বোৰ ব্যক্তিয়েই আমাৰ অতিকে আপোন। যিসকলৰ সুৰীয়া কণ্ঠবোৰ আমি কোনোদিনেই পাহৰিব নোৱাৰোঁ।
এইক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰটোত কৰ্ম জীৱনৰ পাতনি মেলি অৱসৰ লোৱা আৰু বৰ্তমানেও ইয়াত কৰ্মৰত কেতবোৰ বিশেষ ব্যক্তিৰ নাম নল’লে ডাঙৰ ভুল কৰা হ’ব। চৈয়দ ছাদুল্লা, জ্যোতিষ ভট্টাচাৰ্য, চবিন মেধি, লুতফুৰ ৰহমান, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, বীৰেন্দ্ৰ কুমাৰ ফুকন, দেবেন শৰ্মা, কমল শৰ্মা, মৃণাল কুমাৰ চৌধুৰী, অশ্বিনী বৰুৱা, ভৃগুৰাম হাজৰিকা, মৃণাল বৰুৱা, ভবেশ গোস্বামী, খগেন দত্ত, অঞ্জনা বৰুৱা, লোহিত ডেকা, শ্যামানন্দ বৈশ্য, ধ্ৰুৱজ্যোতি বৰদলৈ, মুনিন ভূঞা, ইভা আছাও ৰহিম, সূৰ্য দাস, অৱনী পাঠক, উৎপল দত্ত, দীনেশ চৌধুৰী, অজয়ানন্দ বৰা, উৎপল ভট্টাচাৰ্য, খগেন দাস, বীৰেন্দ্ৰ কুমাৰ ফুকন, দীনেশ দাস, ৰূপজ্যোতি দুৱৰা, ত্ৰিবেনী দাস গগৈ, ভূপেন গগৈ, তৰেণ লেখাৰু, পৰশা কোঁৱৰ, কাৰ্তিক সূত্ৰধৰ, খুৰচিদ আহমেদ, জিন্টু চেতিয়া, শকুন্তলা শৰ্মা, অঞ্জুমণি দাস মাহাতে, ইন্দিৰা মৰাং আদি মহান লোকসকলৰ লগতে অন্যান্য বহু চিনাকি-অচিনাকি লোকসকলে নিৰিৱচ্ছিন্নভাবে কেন্দ্ৰটিৰ সৰ্বাংগীন উন্নতিৰ বাবে যিখিনি যৎপৰোনাস্তি চেষ্টা চলাই গৈছিল আৰু গৈছে ইয়াৰ ফলতেই আজিও কেন্দ্ৰটি নিজৰ স্বকীয় বৈশিষ্ট্যই শ্ৰোতা-ৰাইজৰ মাজত প্ৰবলভাবে জনপ্ৰিয় হৈ থাকিবলৈ সক্ষম হৈছে। যিসকল ব্যক্তি বহুজনেই আকাশবাণী অনুষ্ঠানসমূহৰ দৰে নিজেই একো একোটা বিৰল অনুষ্ঠান আছিল। যিসকলৰ অনবদ্য অৱদানসমূহে আমাৰ সাহিত্য, সংস্কৃতি ভঁৰালটোকো যথেষ্ট সমৃদ্ধ কৰি গৈছে।

প্ৰতিষ্ঠা হোৱাৰ দিন ধৰি আকাশবাণী ডিব্ৰুগড়ে বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত বহু দিশৰ সৈতে ৰজিতা খুৱাই বহুবোৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। কিছুমান অনুষ্ঠান কালৰ বুকুত বিলীন হৈ গ’লেও এতিয়াও বহুবোৰ উল্লেখযোগ্য অনুষ্ঠান কেন্দ্ৰটোৰ যোগেদি প্ৰচাৰ হৈ আছে। বৰ্তমান সময়ত ব্যক্তিগত অনাতাঁৰ কেন্দ্ৰসমূহৰ দপদপনিৰ মাজতো আকাশবাণী ডিব্ৰুগড় নামৰ কেন্দ্ৰটিৰ জনপ্ৰিয়তা এতিয়াও সুদৃঢ় হৈ থকাটো অতিশয় মনকৰিবলগীয়া।
বিশেষকৈ ব্যতিক্ৰমী অনুষ্ঠানবোৰে এই জনপ্ৰিয়তাক অদ্যাপী অক্ষুণ্ণ ৰখাইছে। অনুষ্ঠান প্ৰচাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভক্তিমূলক গীত, শংকৰী গীত, দিহানাম, আইনাম, বৰগীত, বনগীত, বিহুগীত আদি ঐতিহ্য সংৰক্ষণ আৰু বহনকাৰী অনুষ্ঠানৰ প্ৰচাৰে ইয়াৰ মূল কাৰণ; যিবোৰ বৈশিষ্ট্য অন্যান্য ব্যক্তিগত আকাশবাণী কেন্দ্ৰসমূহত দেখিবলৈ পোৱা নাযায়। তদুপৰি এই কেন্দ্ৰটোৰ যোগেদি সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিক সুকীয়া-সুকীয়া স্বাদ যোগান ধৰি অহা চেষ্টাৰ বাবে আকাশবাণী ডিব্ৰুগড়ৰ সমাদৰতা শ্ৰোতাৰ মাজত কমি যোৱা নাই।

ঘাইকৈ কেন্দ্ৰটোৱে সাহিত্যপ্ৰেমী তথা সাহিত্য ৰচনাত হাত উজান দিয়া বিভিন্নজনৰ ৰচনা প্ৰচাৰৰ বাবে যোৱাটো শতিকাৰ সত্তৰ দশকৰ মাজভাগতে ‘সাহিত্য কানন’ নামৰ এটি অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছিল পষেকীয়াকৈ। যিটো অনুষ্ঠান আজিও প্ৰতি মংগলবাৰে নিশা ৯.৩০ বজাত সাহিত্য আলোচনীৰ অনুষ্ঠান ‘সাহিত্য কানন’ নামেৰেই প্ৰচাৰ হৈ সাহিত্যানুৰাগী শ্ৰোতাক আকৰ্ষণ কৰি আহিছে।
সমাজৰ প্ৰতিজন যুৱক-যুৱতীৰ প্ৰতিটো বলিষ্ঠ চিন্তা মুক্তভাবে প্ৰকাশৰ বাট দেখুৱাবলৈ ১৯৭০ চনতেই কেন্দ্ৰটিৰ পৰা প্ৰচাৰ হোৱা এটি অনুষ্ঠান আছিল ‘যুৱ তৰংগ’। উল্লেখ্য যে, পিছলৈ এই অনুষ্ঠানটো দেশৰ সকলোবোৰ আকাশবাণী কেন্দ্ৰৰ দৰে আকাশবাণী ডিব্ৰুগড়তো ‘যুৱবাণী’ ৰূপে নামকৰণ কৰা হৈছিল, যিটো অনুষ্ঠান আজিও প্ৰচাৰ হৈ আছে।
ভাইটি-ভন্টীসকলৰ সৃষ্টিশীলতাক বিকশিত কৰাৰ উদ্দেশ্যে আকাশবাণী ডিব্রুগড়ে ‘সেউজী চ’ৰা’ নামেৰে ১৯৭৪ চনৰে পৰা যিটো অনুষ্ঠান আজিলৈকে প্ৰচাৰ কৰি আহিছে সেয়াও কেন্দ্ৰটোৰ এক ব্যতিক্ৰমী প্ৰয়াস। ‘ক্ৰমশঃ’ হৈছে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রই শ্ৰোতা-ৰাইজলৈ আগবঢ়োৱা এক অনবদ্য অৱদান।
এই অনুষ্ঠানটোৰ জৰিয়তে ধাৰাবাহিকভাবে প্ৰতি সপ্তাহতে প্ৰচাৰ হয় উপন্যাস পাঠৰ অনুষ্ঠান, যিটো অনুষ্ঠানৰ যোগেদি ৰেডিঅ’প্ৰেমী ৰাইজে ঘৰতে বহি ৰেডিঅ’টো শুনিয়েই কোনো এখন উপন্যাসৰ বিষয়ে বিতংকৈ জানিবলৈ সক্ষম হৈ আহিছে।

১৯৮৬ চনৰে পৰা প্ৰচাৰৰ শুভাৰম্ভ হোৱা এই ‘ক্ৰমশঃ’ অনুষ্ঠানৰ যোগেদি প্ৰথমতে টুৰ্গেনিভ, ডষ্টয়ভক্সী, লুছন আদি লেখকৰ ৰচনাসমূহ প্ৰচাৰ হ’লেও পৰৱৰ্তী সময়ত বিভিন্ন জনজাতীয় লোকৰ উপন্যাসো পঠিত হৈছে।
এই অনুষ্ঠানটিত যিসকল ঔপন্যাসিকৰ উপন্যাস ইতিমধ্যে প্ৰচাৰ হৈছে তেখেতসকলৰ ভিতৰত দেৱেন্দ্ৰনাথ আচাৰ্যৰ জঙ্গম, অৰূপা পটংগীয়া কলিতাৰ ফেলানী, য়েছে দৰজে ঠংচিৰ মৌন ওঁঠ মুখৰ হৃদয়, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয়, হোমেন বৰগোহাঞিৰ পিতাপুত্ৰ, অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেং ইত্যাদিবোৰ বিশেষভাৱে উল্লেখযোগ্য।
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বিপুলৰূপত সম্প্ৰতি জনপ্ৰিয় হোৱা এটি অনুষ্ঠান হৈছে শুকুৰবৰীয়া ‘ফোন ইন সুৰৰ সাতসৰী’। ২০০৩ চনৰ আগষ্ট মাহৰপৰা প্ৰচাৰ কৰিবলৈ লোৱা এই অনুষ্ঠানটিয়ে একপ্ৰকাৰে কেন্দ্রটোক বহু উচ্চ স্তৰলৈ লৈ গৈছে।
এইসমূহ বিশেষ অনুষ্ঠানৰ সমান্তৰালকৈ আকাশবাণী ডিব্ৰুগড়ত বহুবোৰ অন্যান্য গুৰুত্বপূৰ্ণ অনুষ্ঠান সম্প্ৰচাৰ হৈ আছে। যিসমূহে কেন্দ্রটোক সুকীয়া মৰ্যদা প্ৰদান কৰি আহিছে।

এনেধৰণৰ অনুষ্ঠানসমূহৰ ভিতৰত বয়োজ্যেষ্ঠসকলৰ অনুষ্ঠান জুয়ে পোৰা সোণ, গাঁৱৰ কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত গঞা ৰাইজৰ অনুষ্ঠান, চাহ শ্ৰমিকসকলৰ আচৰ, মিচিং শ্ৰোতাৰ বাবে কাৰপুংপুলি, মহিলাসকলৰ অনুষ্ঠান ঘৰজেউটি, সোমবৰীয়া নাট্যনুষ্ঠান, ছাত্র-ছাত্ৰীসকলৰ বাবে বিদ্যাৰ্থী অনুষ্ঠান, অন্যান্য বিভিন্ন সংগীতৰ অনুষ্ঠান যেনে- সুৰৰ-সাতসৰী, সুৰৰ-পানচৈ, ৰামধেনু, মন্দাকিনি, অন্তৰা, গীতৰ শৰাই, আধুনিক গীত, সৈন্য বাহিনীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান, ডাকপখিলী আদি অনুষ্ঠানবোৰেই প্ৰধান।
এইসমূহ বিশেষ অনুষ্ঠানৰ উৰ্ধত আজি কিছুদিনৰ আগৰ পৰা আকাশবাণী ডিব্ৰুগড়ত নতুনকৈ জন্ম পোৱা এটি বিশেষ অনুষ্ঠানে বৰ্তমান কেন্দ্ৰটিক অনন্য মাত্ৰা প্ৰদান কৰিছে। এই নতুন বিশেষ অনুষ্ঠানটো হৈছে আকাশবাণী ডিব্ৰুগড় আৰু জে.জে.এম. হস্পিটেল প্ৰাইভেট লিমিটেডে যৌথভাবে প্ৰযোজনা কৰা অনুষ্ঠান “লোকসংগীতৰ মাধুৰী” শীৰ্ষক অনুষ্ঠানটো।
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত নতুনকৈ সংযোজন হোৱা এই “লোকসংগীতৰ মাধুৰী” শীৰ্ষক অনুষ্ঠানটো হৈছে এনে এটি অনুষ্ঠান, যাৰ জৰিয়তে অসমৰ মাটিত চুকে-কোনে বিয়পি থকা বিভিন্ন লোকসংগীতসমূহক উদ্ধাৰ কৰি প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা। লগতে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে বহু অচিনাকি, প্ৰচাৰ বিমুখ প্ৰতিভাসমূহক বিভিন্ন ঠাইৰপৰা বুটলি আনি এখন গুৰুত্বপূৰ্ণ মঞ্চ দিয়া।
প্ৰথমাৱস্থাত কামৰূপী আৰু গোৱালপৰীয়া লোকসংগীতৰ ওপৰত গুৰুত্ব দিয়া এই অনুষ্ঠানটো ২০১৭ বৰ্ষৰ ২৫ ছেপ্টেম্বৰত আকাশবাণী ডিব্ৰুগড়ৰ বাকৰিত শুভ উদ্ধোধন কৰা হৈছিল। এইখিনিতে আৰু কথা উল্লেখ কৰিবই লাগিব যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰটোৱে প্ৰতিবাৰেই ‘অসম সাহিত্য সভা’ অধিবেশনৰ চলন্ত বিৱৰণীসমূহকো প্ৰচাৰ কৰি আহিছে।

শেহতীয়াকৈ YouTube আৰু প্ৰচাৰ ভাৰতী Appৰ যোগেদিও আকাশবাণী ডিব্রুগড়ৰ অনুষ্ঠানসমূহ উপলব্ধ হোৱাৰ ফলত বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা অনায়াসে আকাশবাণী ডিব্ৰুগড়ৰ সকলো অনুষ্ঠান শুনিব পৰা হৈছে।
সঁচাই, শ্ৰোতাৰ বাবে আকাশবাণী ডিব্ৰুগড়ৰ এনেবোৰ ব্যতিক্ৰমী প্ৰচেষ্টা বহু ভাল আৰু ইতিবাচক। কেন্দ্ৰটিৰ সুন্দৰ প্ৰয়াসসমূহ এনেকৈয়েই অদূৰ ভৱিষ্যতেও অব্যাহত থাকক। নতুন-নতুন আৰু বহু অনুষ্ঠানৰ সংযোজনে ন-ন সাজেৰে যুগৰ লগত খাপ খুৱাই, পৰিৱৰ্তনৰ সৈতে শৃংখলাক সুকলমে বৰ্তাই কেন্দ্ৰটোৱে সদায় শ্ৰোতা-ৰাইজৰ মন মোহিত কৰি ৰাখক।
এজন নিয়মীয়া শ্ৰোতা ৰূপে কেন্দ্ৰটিৰ প্ৰতি আমাৰ অকৃত্ৰিম মৰম, স্নেহ, কৃতজ্ঞতা, দায়বদ্ধতা আৰু আশাভৰা এবুকু হেঁপাহ সদায় আছে আৰু থাকিব। ওপজা দিনৰ এই মধুৰ ক্ষণত আকাশবাণী ডিব্রুগড়লৈ যাচিলোঁ আমাৰ অফুৰন্ত শুভকামনা ৷
(লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ গৱেষক লগতে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক। ফোন: ৯৯৫৪০-০০২০০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)