অসমৰ সংবাদ মাধ্যমৰ ১৭৫+ বছৰ উপলক্ষে অৰুণোদই-ৰ ডিজিটেল সংস্কৰণো উন্মোচন
অৰবিন্দ ৰাভা

অসমৰ সংবাদ মাধ্যমৰ ১৭৫+ বছৰ উপলক্ষে মহাবাহুৰ উদ্যোগত আৰু মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেন্ট ট্ৰাষ্টৰ সহযোগত ২৩/০৯/২০২২ তাৰিখ শুক্ৰবাৰে গুৱাহাটীৰ হোটেল লেন্ডমাৰ্কৰ সভাগৃহত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৰুণোদই-ৰ প্ৰকাশৰ জৰিয়তে অসমৰ সংবাদ মাধ্যমৰ বাটকটীয়া নাথান ব্ৰাউনৰ সৈতে একেখন নাওঁতে ছপাশাল এটা লৈ বিশাল খৰস্ৰোতা ব্ৰহ্মপুত্ৰ নদ উজোৱা তেখেতৰ সহধৰ্মিনী এলিজাবেথ ডব্লিউ ব্ৰাউনে সমগ্ৰ যাত্ৰাৰ উপৰিও অসমৰ সেই সময়ৰ বিভিন্ন দিশ বৰ্ণনা কৰি লিখা বিখ্যাত ঐতিহাসিক দস্তাবেজ ‘THE WHOLE WORLD KIN: A Pioneer Experience Among Remote Tribes, and Other Labors of Nathan Brown’ নামৰ গ্ৰন্থখনৰ (বহু দশকৰ পিছত পুন:মুদ্ৰণ) নতুন সংস্কৰণ উন্মোচন কৰা হয়।
সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰি মহাবাহুৰ সম্পাদক অঞ্জন শৰ্মাই কয় যে ২০২০-২০২১ চনত অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট ( 175 Years of Media in Assam and Beyond) নামৰ গ্ৰন্থখনৰ বাবে কৰ্মৰত হৈ থকা সময়ত মনলৈ আহিছিল যে প্ৰায় ১৮০ বছৰ আগতে প্ৰচন্ড খৰস্ৰোতা বিশাল ব্ৰহ্মপুত্ৰৰে নাথান ব্ৰাউনে এটা ছপাশাল আৰু নিজৰ সহধৰ্মিনীক লৈ কিদৰে সোঁতৰ বিপৰীতে শদিয়া পৰ্যন্ত উজাইছিল আৰু কেনে আছিল সেই অবিস্মৰণীয় যাত্ৰা!
তেতিয়াই মনলৈ আহিছিল যে সময় সুযোগ পালে সেই দু:সাহসিক যাত্ৰাৰ লগতে অইন ভালেমান দিশ সামৰি নাথান ব্ৰাউনৰ পত্নীয়ে লিখা THE WHOLE WORLD KIN: A Pioneer Experience Among Remote Tribes, and Other Labors of Nathan Brown নামৰ গ্ৰন্থখন পুনৰ প্ৰকাশ কৰিব লাগিব – যিহেতু গ্ৰন্থখন পাবলৈ নাই।
বহু চেষ্টাৰ পিছত গ্ৰন্থখন সংগ্ৰহ কৰি কামত হাত দিয়াৰ পিছত, অকালতে এই পৃথিৱীৰ পৰা বিদায় লোৱা স্বৰ্গীয় মেঘালী বৰ্মন মহন্ত ( জন্ম ২৭.০৪.১৯৭৭ – মৃত্যু ১৯.১০.২০২০)ৰ স্বামী শ্ৰীহৰেন মহন্ত আৰু তেওঁৰ পুত্ৰদ্বয় সহিতে পৰিয়ালটিয়ে স্বৰ্গীয় মেঘালী বৰ্মন মহন্তৰ সোঁৱৰণত মহাবাহুৰ এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়াই এই কাম সম্পূৰ্ণ কৰাৰ লগতে অৰুণোদই-ৰ ডিজিটেল সংস্কৰণটোৰ বিশাল কৰ্মখিনিও কৰাৰ ক্ষেত্ৰত এশ শতাংশ সহযোগিতা আগবঢ়োৱা হেতুকে কামখিনি সম্পূৰ্ণ কৰিব পৰা গ’ল।

গ্ৰন্থখন উন্মোচন কৰে ‘ইন্ডিয়ান ইন্সটিটিউট অৱ মাচ্ কমিউনিকেশ্যন’(IIMC)ৰ সঞ্চালক প্ৰধান অধ্যাপক (ড°) সঞ্জয় দ্বিবেদী ডাঙৰীয়াই। এই গ্ৰন্থখনৰ লগতে মহাবাহুৰ উদ্যোগত সম্পন্ন হোৱা অৰুণোদই-ৰ ডিজিটেল সংস্কৰণটো উন্মোচন কৰে বিশিষ্ট সাহিত্যিক সাংবাদিক শ্ৰী প্ৰশান্ত ৰাজগুৰু মহোদয়ে। অৰুনোদইৰ ডিজিটেল সংস্কৰণৰ কাৰিকৰী কৰ্মখিনি প্ৰখ্যাত আই-টি তথা ৱেব বিশেষজ্ঞ, মাল্টিকালচাৰেল এডুকেচনেল ডেভেলপমেন্ট ট্ৰাষ্টৰো অন্যতম ট্ৰাস্টি সঞ্জীৱ শৰ্মাই (Webx Technologies) নিয়াৰিকৈ এই বিশাল কৰ্ম সম্পন্ন কৰা কাৰ্য দেখি সকলোৱে চমকৃত হয় আৰু তেওঁক ভূয়সী প্ৰশংসা কৰে।

সভাত উপস্থিত থাকি আপ্লুত হোৱা গুৱাহাটী বেপ্টিষ্ট মিছন-অৰ পেষ্টৰ ড° মাখনলাল দাসে সেইসময়ৰ মিশ্যনাৰী সকলে অসমলৈ, অসমীয়ালৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বৰ্ণনা কৰি তাৰে পটভূমিত সাম্প্ৰতিক কালৰ বিষয়ে মনোজ্ঞ আলোচনা কৰে।
তেওঁ কয় যে বেপ্টিষ্ট সকলে নিজৰ ভাষাতেই খৃষ্টধৰ্মৰ প্ৰচাৰ কৰিব পাৰিলেহেতেন বা যিটো ভাষা সেইসময়ৰ অসমত চৰকাৰীভাৱে চলি আছিল, সেই ভাষাটোৰেও কাম চলাই থাকিব পাৰিলেহেতেন; কিন্তু ভাষাৰ মৰ্ম বুজি পোৱা বেপ্টিষ্ট সকলে দায়বদ্ধতাৰে অসমীয়া ভাষাৰ বিকাশৰ বাবে কাম কৰি অসমীয়া ভাষাক মান্যতা দিলে আৰু অসমত সংবাদ মাধ্যমৰ জয়যাত্ৰাৰ সূচনা কৰিলে। তেওঁ মাতৃভাষাৰ সাম্প্ৰতিক যি অবক্ষয় হৈছে, তাৰ ওপৰত আলোকপাত কৰি কয় যে নিভাঁজ অসমীয়া ভাষাৰ বাবেও এতিয়া এক আন্দোলনৰ প্ৰয়োজন হৈছে।
[News published in Dainik Janambhumi, Dainik Asom, Asomia Pratidin; 24-09-2022]
সভাত কুমাৰ দীপক দাসে মহাবাহুৰ প্ৰচেষ্টাৰ শলাগ লৈ পূৰ্বৰ কৰ্মৰাজীৰ বিষয়ে সুন্দৰকৈ ডাঙি ধৰে। বিশিষ্ট অধিবক্তা তথা অসমৰ পৰা সূচনা হোৱা দুঃসাহসিক অভিযানৰ সৈতে বহুকালৰে পৰা যুক্ত সত্যেন শৰ্মাই নাথান ব্ৰাউনৰ সেই দুঃসাহসিক অভিযানৰ কথা উল্লেখ কৰে আৰু কয় যে সাহিত্যৰ ক্ষেত্ৰখনতো এনেধৰণৰ দুঃসাহসিক অভিযান চলি থাকিব লাগে।
বিশিষ্ট লেখক ৰেজাউল কৰিমে বিস্তৃতভাবে অসমৰ সংবাদ জগত, বৰ্তমানৰ পৰিস্থিতিৰ পটভূমিত বিভিন্ন দিশ ডাঙি ধৰে আৰু মহাবাহুৰ কৰ্মৰাজীৰ বিষয়ে উল্লেখ কৰে।
বিশিষ্ট সাংবাদিক অমল গোস্বামীয়ে এইধৰণৰ গ্ৰন্হৰ গুৰুত্বৰ লগতে এইধৰণৰ গ্ৰন্হৰ অসমীয়া অনুবাদৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।

বিশিষ্ট কবি বেদব্ৰত দেৱমিশ্ৰই তেওঁৰ ভাষণত উল্লেখ কৰে যে অসমীয়া জাতি এক সন্ধিক্ষণত উপস্থিত হৈছে আৰু এতিয়া এনে এক পৰিস্থিতি হৈছে যে বাৰম্বাৰ অসমীয়া অপমানিত হ’বলগীয়া হৈছে নিজৰ বাসভূমিত। গতিকে অসমত মহাবাহুৰ দৰে এনেদৰে ঐক্যবদ্ধ হৈ কাম কৰিলেহে অসমৰ মেৰুদণ্ড পোন হৈ থাকিব।
অনুষ্ঠানৰ প্ৰধান অতিথি অধ্যাপক সঞ্জয় দ্বিবেদীয়ে ২০২১ চনৰ জানুৱাৰী মাহত মহাবাহুৰ উদ্যোগত অঞ্জন শৰ্মাৰ সম্পাদনাত প্ৰকাশ হোৱা ‘অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট’ ( 175 Years of Media in Assam and Beyond) নামৰ ১২০০ পৃষ্ঠাৰ বিশাল গ্ৰন্হখন উন্মোচন কৰিবলৈ আহি তেখেতৰ যি বিৰল অনুভূতি হৈছিল, সেই সম্পৰ্কে বিশদভাবে ডাঙি ধৰি মাতৃভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বলিষ্ঠভাবে উল্লেখ কৰে।

তাৰোপৰি THE WHOLE WORLD KIN: A Pioneer Experience Among Remote Tribes, and Other Labors of Nathan Brown নামৰ ৬০০ পৃষ্ঠাৰ গ্ৰন্হখন হাতত লৈ হোৱা অনুভৱৰ বিষয়েও সদৰি কৰে।
অধ্যাপক দ্বিবেদী ডাঙৰীয়াক সভাৰ মাজতেই অঞ্জন শৰ্মাই কয় যে যদি IIMCৰ তৰফৰ পৰা সঞ্চালক প্ৰধান ড° সঞ্জয় দ্বিবেদীৰ নেতৃত্বত সকলো স্তৰৰ সংবাদসেৱীৰ বাবে এখন হাতপুথি যুগুতোৱা হয়, সেইখন মহাবাহুৱে প্ৰকাশ কৰিবলৈ সাজু হৈ থাকিব।
অধ্যাপক দ্বিবেদীয়ে প্ৰস্তাৱটো গুৰুত্ব সহকাৰে বিবেচনা কৰা হ’ব বুলি শৰ্মাক কয় আৰু মহাবাহুক নতুন দিল্লীৰ IIMC চৌহদলৈ এনেধৰণৰ অনুষ্ঠান উদযাপন কৰিবলৈ আমন্ত্ৰণ জনায়।
ড° দ্বিবেদীয়ে কয় যে শিক্ষক অবিহনে শিকা ভাষাটোৱেই হ’ল মাতৃভাষা, কাৰণ ই মাকৰ ভাষা, হৃদয়ৰ ভাষা। এই ভাষাৰ বাবে কাম কৰি থকা বাবে তেওঁ পুনৰ মহাবাহুক ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁ দেখা মহাবাহুৰ প্ৰতিটো কামেই অসাধাৰণ।
শ্ৰী প্ৰশান্ত ৰাজগুৰুৱে অতি প্ৰাঞ্জলভাৱে তথা বলিষ্ঠভাবে কয় যে মহাবাহুৱে অঞ্জন শৰ্মাৰ নেতৃত্বত লোকচক্ষুৰ আতৰত থাকি অসমীয়া ভাষা, সংবাদ মাধ্যম আৰু সাহিত্যৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন কৰ্ম কৰি আহিছে আৰু অঞ্জন শৰ্মাৰ বিশাল কৰ্ম কোচবিহাৰৰ ইতিহাসৰ অনুবাদ, প্ৰাচীন কামৰূপৰ ইতিহাসৰ অনুবাদ, নিজস্ব অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস, পাৰমাণৱিক সময়, ইত্যাদি সৃষ্টিৰাজিৰ বাবে সমাজে তেওঁৰ অৱদান সদায় স্মৰণ কৰি থাকিব।

শ্ৰীৰাজগুৰুৱে কয়, ভাষাকেন্দ্ৰিক জাতি হিচাপে আমি গৌৰৱান্বিত।
তেওঁ কয়, বৰ্তমানৰ শক্তিশালী ডিজিটেল যুগত অসমীয়া ভাষা, সংস্কৃতি, সাহিত্যৰ প্ৰতি প্ৰৱাসী অসমীয়াৰ আগ্ৰহেও আশাবাদৰ বতৰা কঢ়িয়াই আনিছে। মহাবাহুৱে অৰুনোদইৰ ডিজিটেল সংস্কৰণটোৰ কাম কৰি ডিজিটেল জগততো অসমীয়া ভাষাৰ অমৰত্বৰ পতাকা পুতি সেই আশাবাদ আৰু অসমীয়া হিচাবে আমাৰ গৌৰৱৰ ধ্বজা উৰুৱাইছে।
ভৱিষ্যতেও এনেধৰণৰ কাম তেওঁ মহাবাহুৰ উদ্যোগত হোৱাটো কামনা কৰিছে।

সভাখন সুন্দৰকৈ পৰিচালনা কৰি থকাৰ মাজে মাজে শ্ৰীহেমেন দাসে পূৰ্বৰ অভিজ্ঞতা (কৰ’নাৰ পটভূমিত লক্-ডাউন চলি থকা সময়ছোৱাত অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট নামৰ গ্ৰন্হখনৰ সৃষ্টিৰ সময়ছোৱা)ৰ বিষয়েও বৰ্ণনা কৰে।

বিশিষ্ট শিল্পী ধনঞ্জয় শৰ্মা, উদ্যোগী জয়ন্ত ডেকা, ডা° নয়নজিৎ ডেকা, কল্যাণ বসুমতাৰী, মাণিক তালুকদাৰ, অনুজ পালিৱাল, মণিকংকন বৰুৱা, হিতেন্দ্ৰ নাথ নেওগ, বিজয় চৌধুৰী, ৰুদ্ৰেশ্বৰ শৰ্মা, অধিবক্তা তনয় চক্ৰৱৰ্তী, অধিবক্তা দিবাকৰ তালুকদাৰ, অধিবক্তা জগদীশ দাস, তনুজা বৰকাকতি, মৃণাল হাজৰিকা, বিপুল ৰাভা, অপুৰ্ব খাউণ্ড, সূৰ্য বৰঠাকুৰ, বৰষা শৰ্মা, ৰামকৃষ্ণ শৰ্মা, ইমন শৰ্মা আদিকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ভালেমান অভিজ্ঞ ব্যক্তিৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে আৰু অসমৰ সংবাদ মাধ্যমৰ ১৭৫+ বছৰীয়া এই অনুষ্ঠান সাফল্যমন্ডিত কৰি তোলে। অৰুণোদই-ৰ ডিজিটেল সংস্কৰণ চাবলৈ হ’লে www.mahabahu.com খুলি লৈ বাওফালে ওপৰত থকা তিনিদাল আচঁত ক্লিক কৰি ‘Mahabahu Books‘-অত ক্লিক কৰিলেই হ’ব ( Read Online)।
24-09-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)