• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Journalism

এলিজাবেথ ডব্লিউ ব্ৰাউনৰ গ্ৰন্থৰ নতুন সংস্কৰণ উন্মোচন

175+ Years of Assam and Beyond

by Anjan Sarma
September 27, 2022
in Journalism, Book, Media, News, Newspaper
Reading Time: 4 mins read
0
এলিজাবেথ ডব্লিউ ব্ৰাউনৰ গ্ৰন্থৰ নতুন সংস্কৰণ উন্মোচন
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ সংবাদ মাধ্যমৰ ১৭৫+ বছৰ উপলক্ষে অৰুণোদই-ৰ ডিজিটেল সংস্কৰণো উন্মোচন

 অৰবিন্দ ৰাভা 

IMG 20220301 WA0006

অসমৰ সংবাদ মাধ্যমৰ ১৭৫+ বছৰ উপলক্ষে মহাবাহুৰ উদ্যোগত আৰু মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেন্ট ট্ৰাষ্টৰ সহযোগত ২৩/০৯/২০২২ তাৰিখ শুক্ৰবাৰে গুৱাহাটীৰ হোটেল লেন্ডমাৰ্কৰ সভাগৃহত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৰুণোদই-ৰ প্ৰকাশৰ জৰিয়তে অসমৰ সংবাদ মাধ্যমৰ বাটকটীয়া নাথান ব্ৰাউনৰ সৈতে একেখন নাওঁতে ছপাশাল এটা লৈ বিশাল খৰস্ৰোতা ব্ৰহ্মপুত্ৰ নদ উজোৱা তেখেতৰ সহধৰ্মিনী এলিজাবেথ ডব্লিউ ব্ৰাউনে সমগ্ৰ যাত্ৰাৰ উপৰিও অসমৰ সেই সময়ৰ বিভিন্ন দিশ বৰ্ণনা কৰি লিখা বিখ্যাত ঐতিহাসিক দস্তাবেজ ‘THE WHOLE WORLD KIN: A Pioneer Experience Among Remote Tribes, and Other Labors of Nathan Brown’ নামৰ গ্ৰন্থখনৰ (বহু দশকৰ পিছত পুন:মুদ্ৰণ) নতুন সংস্কৰণ উন্মোচন কৰা হয়। 

সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰি মহাবাহুৰ সম্পাদক অঞ্জন শৰ্মাই কয় যে ২০২০-২০২১ চনত অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট ( 175 Years of Media in Assam and Beyond) নামৰ গ্ৰন্থখনৰ বাবে কৰ্মৰত হৈ থকা সময়ত মনলৈ আহিছিল যে প্ৰায় ১৮০ বছৰ আগতে প্ৰচন্ড খৰস্ৰোতা বিশাল ব্ৰহ্মপুত্ৰৰে নাথান ব্ৰাউনে এটা ছপাশাল আৰু নিজৰ সহধৰ্মিনীক লৈ কিদৰে সোঁতৰ বিপৰীতে শদিয়া পৰ্যন্ত উজাইছিল আৰু কেনে আছিল সেই অবিস্মৰণীয় যাত্ৰা!

তেতিয়াই মনলৈ আহিছিল যে সময় সুযোগ পালে সেই দু:সাহসিক যাত্ৰাৰ লগতে অইন ভালেমান দিশ সামৰি নাথান ব্ৰাউনৰ পত্নীয়ে লিখা THE WHOLE WORLD KIN: A Pioneer Experience Among Remote Tribes, and Other Labors of Nathan Brown নামৰ গ্ৰন্থখন পুনৰ প্ৰকাশ কৰিব লাগিব – যিহেতু গ্ৰন্থখন পাবলৈ নাই।

বহু চেষ্টাৰ পিছত গ্ৰন্থখন সংগ্ৰহ কৰি কামত হাত দিয়াৰ পিছত, অকালতে এই পৃথিৱীৰ পৰা বিদায় লোৱা স্বৰ্গীয় মেঘালী বৰ্মন মহন্ত ( জন্ম ২৭.০৪.১৯৭৭ – মৃত্যু ১৯.১০.২০২০)ৰ স্বামী শ্ৰীহৰেন মহন্ত আৰু তেওঁৰ পুত্ৰদ্বয় সহিতে পৰিয়ালটিয়ে স্বৰ্গীয় মেঘালী বৰ্মন মহন্তৰ সোঁৱৰণত মহাবাহুৰ এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়াই এই কাম সম্পূৰ্ণ কৰাৰ লগতে অৰুণোদই-ৰ ডিজিটেল সংস্কৰণটোৰ‌ বিশাল কৰ্মখিনিও কৰাৰ ক্ষেত্ৰত এশ শতাংশ সহযোগিতা আগবঢ়োৱা হেতুকে কামখিনি সম্পূৰ্ণ কৰিব পৰা গ’ল।

এলিজাবেথ ডব্লিউ ব্ৰাউনৰ গ্ৰন্থৰ নতুন সংস্কৰণ উন্মোচন

গ্ৰন্থখন উন্মোচন কৰে ‘ইন্ডিয়ান ইন্সটিটিউট অৱ মাচ্ কমিউনিকেশ্যন’(IIMC)ৰ সঞ্চালক প্ৰধান অধ্যাপক (ড°) সঞ্জয় দ্বিবেদী ডাঙৰীয়াই। এই গ্ৰন্থখনৰ লগতে মহাবাহুৰ উদ্যোগত সম্পন্ন হোৱা অৰুণোদই-ৰ ডিজিটেল সংস্কৰণটো উন্মোচন কৰে বিশিষ্ট সাহিত্যিক সাংবাদিক শ্ৰী প্ৰশান্ত ৰাজগুৰু মহোদয়ে। অৰুনোদইৰ ডিজিটেল সংস্কৰণৰ কাৰিকৰী কৰ্মখিনি প্ৰখ্যাত আই-টি তথা ৱেব বিশেষজ্ঞ, মাল্টিকালচাৰেল এডুকেচনেল ডেভেলপমেন্ট ট্ৰাষ্টৰো অন্যতম ট্ৰাস্টি সঞ্জীৱ শৰ্মাই (Webx Technologies) নিয়াৰিকৈ এই বিশাল কৰ্ম সম্পন্ন কৰা কাৰ্য দেখি সকলোৱে চমকৃত হয় আৰু তেওঁক ভূয়সী প্ৰশংসা কৰে।

20220924 111515
The Assam Tribune, 24-09-2022

সভাত উপস্থিত থাকি আপ্লুত‌ হোৱা গুৱাহাটী বেপ্টিষ্ট মিছন-অৰ পেষ্টৰ ড° মাখনলাল দাসে সেইসময়ৰ মিশ্যনাৰী সকলে অসমলৈ, অসমীয়ালৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বৰ্ণনা কৰি তাৰে পটভূমিত সাম্প্ৰতিক কালৰ বিষয়ে মনোজ্ঞ আলোচনা কৰে।

তেওঁ কয় যে বেপ্টিষ্ট সকলে নিজৰ ভাষাতেই খৃষ্টধৰ্মৰ প্ৰচাৰ কৰিব পাৰিলেহেতেন বা যিটো ভাষা সেইসময়ৰ অসমত চৰকাৰীভাৱে চলি আছিল, সেই ভাষাটোৰেও কাম চলাই থাকিব পাৰিলেহেতেন; কিন্তু ভাষাৰ মৰ্ম বুজি পোৱা বেপ্টিষ্ট সকলে দায়বদ্ধতাৰে অসমীয়া ভাষাৰ বিকাশৰ বাবে কাম কৰি অসমীয়া ভাষাক মান্যতা দিলে আৰু অসমত সংবাদ মাধ্যমৰ জয়যাত্ৰাৰ সূচনা কৰিলে। তেওঁ মাতৃভাষাৰ সাম্প্ৰতিক যি অবক্ষয় হৈছে, তাৰ ওপৰত আলোকপাত কৰি কয় যে নিভাঁজ অসমীয়া ভাষাৰ বাবেও এতিয়া এক আন্দোলনৰ প্ৰয়োজন হৈছে।

  • 20220924 081739
  • 20220924 081841
  • 20220924 082006 scaled
  • 20220924 081406 scaled
  • 20220924 081500 scaled
 

[News published in Dainik Janambhumi, Dainik Asom, Asomia Pratidin; 24-09-2022]

 সভাত কুমাৰ দীপক দাসে মহাবাহুৰ প্ৰচেষ্টাৰ শলাগ লৈ পূৰ্বৰ কৰ্মৰাজীৰ বিষয়ে সুন্দৰকৈ ডাঙি ধৰে। বিশিষ্ট অধিবক্তা তথা অসমৰ পৰা সূচনা হোৱা দুঃসাহসিক অভিযানৰ সৈতে বহুকালৰে পৰা যুক্ত সত্যেন শৰ্মাই নাথান ব্ৰাউনৰ সেই দুঃসাহসিক অভিযানৰ কথা উল্লেখ কৰে আৰু কয় যে সাহিত্যৰ ক্ষেত্ৰখনতো এনেধৰণৰ দুঃসাহসিক অভিযান চলি থাকিব লাগে।

বিশিষ্ট লেখক ৰেজাউল‌ কৰিমে বিস্তৃতভাবে অসমৰ সংবাদ জগত, বৰ্তমানৰ পৰিস্থিতিৰ পটভূমিত বিভিন্ন দিশ ডাঙি ধৰে আৰু মহাবাহুৰ কৰ্মৰাজীৰ বিষয়ে উল্লেখ কৰে।

বিশিষ্ট সাংবাদিক অমল গোস্বামীয়ে এইধৰণৰ গ্ৰন্হৰ গুৰুত্বৰ লগতে এইধৰণৰ গ্ৰন্হৰ অসমীয়া অনুবাদৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। 

এলিজাবেথ ডব্লিউ ব্ৰাউনৰ গ্ৰন্থৰ নতুন সংস্কৰণ উন্মোচন
বেদব্ৰত দেৱমিশ্ৰ

বিশিষ্ট কবি বেদব্ৰত দেৱমিশ্ৰই তেওঁৰ ভাষণত উল্লেখ কৰে যে অসমীয়া জাতি এক সন্ধিক্ষণত উপস্থিত হৈছে আৰু এতিয়া এনে এক পৰিস্থিতি হৈছে যে বাৰম্বাৰ অসমীয়া অপমানিত হ’বলগীয়া হৈছে নিজৰ বাসভূমিত। গতিকে অসমত মহাবাহুৰ দৰে এনেদৰে ঐক্যবদ্ধ হৈ কাম কৰিলেহে অসমৰ মেৰুদণ্ড পোন হৈ থাকিব।

অনুষ্ঠানৰ প্ৰধান অতিথি অধ্যাপক সঞ্জয় দ্বিবেদীয়ে ২০২১ চনৰ জানুৱাৰী মাহত মহাবাহুৰ উদ্যোগত অঞ্জন শৰ্মাৰ সম্পাদনাত প্ৰকাশ হোৱা ‘অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট’ ( 175 Years of Media in Assam and Beyond) নামৰ ১২০০ পৃষ্ঠাৰ বিশাল গ্ৰন্হখন উন্মোচন কৰিবলৈ আহি তেখেতৰ যি বিৰল অনুভূতি হৈছিল, সেই সম্পৰ্কে বিশদভাবে ডাঙি ধৰি মাতৃভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বলিষ্ঠভাবে উল্লেখ কৰে।

এলিজাবেথ ডব্লিউ ব্ৰাউনৰ গ্ৰন্থৰ নতুন সংস্কৰণ উন্মোচন
অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট’ ( 175 Years of Media in Assam and Beyond)

তাৰোপৰি THE WHOLE WORLD KIN: A Pioneer Experience Among Remote Tribes, and Other Labors of Nathan Brown নামৰ ৬০০ পৃষ্ঠাৰ গ্ৰন্হখন হাতত লৈ হোৱা অনুভৱৰ বিষয়েও সদৰি কৰে।

অধ্যাপক দ্বিবেদী ডাঙৰীয়াক সভাৰ মাজতেই অঞ্জন শৰ্মাই কয় যে যদি IIMCৰ তৰফৰ পৰা সঞ্চালক প্ৰধান ড° সঞ্জয় দ্বিবেদীৰ নেতৃত্বত সকলো স্তৰৰ সংবাদসেৱীৰ বাবে এখন হাতপুথি যুগুতোৱা হয়, সেইখন মহাবাহুৱে প্ৰকাশ কৰিবলৈ সাজু হৈ থাকিব।

অধ্যাপক দ্বিবেদীয়ে প্ৰস্তাৱটো গুৰুত্ব সহকাৰে বিবেচনা কৰা হ’ব বুলি শৰ্মাক কয় আৰু মহাবাহুক নতুন দিল্লীৰ IIMC চৌহদলৈ এনেধৰণৰ অনুষ্ঠান উদযাপন কৰিবলৈ আমন্ত্ৰণ জনায়।

ড° দ্বিবেদীয়ে কয় যে শিক্ষক অবিহনে শিকা ভাষাটোৱেই হ’ল মাতৃভাষা, কাৰণ ই মাকৰ ভাষা, হৃদয়ৰ ভাষা। এই ভাষাৰ বাবে কাম কৰি থকা বাবে তেওঁ পুনৰ মহাবাহুক ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁ দেখা মহাবাহুৰ প্ৰতিটো কামেই অসাধাৰণ।

শ্ৰী প্ৰশান্ত ৰাজগুৰুৱে অতি প্ৰাঞ্জলভাৱে তথা বলিষ্ঠভাবে কয় যে মহাবাহুৱে অঞ্জন শৰ্মাৰ নেতৃত্বত লোকচক্ষুৰ আতৰত থাকি অসমীয়া ভাষা, সংবাদ মাধ্যম আৰু সাহিত্যৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন কৰ্ম কৰি আহিছে আৰু অঞ্জন শৰ্মাৰ বিশাল কৰ্ম কোচবিহাৰৰ ইতিহাসৰ অনুবাদ, প্ৰাচীন কামৰূপৰ ইতিহাসৰ অনুবাদ, নিজস্ব অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস, পাৰমাণৱিক সময়, ইত্যাদি সৃষ্টিৰাজিৰ বাবে সমাজে তেওঁৰ অৱদান সদায় স্মৰণ কৰি থাকিব।

এলিজাবেথ ডব্লিউ ব্ৰাউনৰ গ্ৰন্থৰ নতুন সংস্কৰণ উন্মোচন
প্ৰশান্ত ৰাজগুৰু

শ্ৰীৰাজগুৰুৱে কয়, ভাষাকেন্দ্ৰিক জাতি হিচাপে আমি গৌৰৱান্বিত।

তেওঁ কয়, বৰ্তমানৰ শক্তিশালী ডিজিটেল যুগত অসমীয়া ভাষা, সংস্কৃতি, সাহিত্যৰ প্ৰতি প্ৰৱাসী অসমীয়াৰ আগ্ৰহেও আশাবাদৰ বতৰা কঢ়িয়াই আনিছে। মহাবাহুৱে অৰুনোদইৰ ডিজিটেল সংস্কৰণটোৰ‌ কাম কৰি ডিজিটেল জগততো অসমীয়া ভাষাৰ অমৰত্বৰ পতাকা পুতি সেই আশাবাদ আৰু অসমীয়া হিচাবে আমাৰ গৌৰৱৰ ধ্বজা উৰুৱাইছে।

ভৱিষ্যতেও এনেধৰণৰ কাম তেওঁ মহাবাহুৰ উদ্যোগত হোৱাটো কামনা কৰিছে।

এলিজাবেথ ডব্লিউ ব্ৰাউনৰ গ্ৰন্থৰ নতুন সংস্কৰণ উন্মোচন
হেমেন দাস

সভাখন সুন্দৰকৈ পৰিচালনা কৰি থকাৰ মাজে মাজে শ্ৰীহেমেন দাসে পূৰ্বৰ অভিজ্ঞতা (কৰ’নাৰ পটভূমিত লক্-ডাউন চলি থকা সময়ছোৱাত অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃপ্ৰেক্ষাপট নামৰ গ্ৰন্হখনৰ সৃষ্টিৰ সময়ছোৱা)ৰ বিষয়েও বৰ্ণনা কৰে। 

DSC1293 01
বিভিন্ন ক্ষেত্ৰৰ ভালেমান অভিজ্ঞ ব্যক্তিৰ উপস্থিতি

বিশিষ্ট শিল্পী ধনঞ্জয় শৰ্মা, উদ্যোগী জয়ন্ত ডেকা, ডা° নয়নজিৎ ডেকা, কল্যাণ বসুমতাৰী, মাণিক তালুকদাৰ, অনুজ পালিৱাল, মণিকংকন বৰুৱা, হিতেন্দ্ৰ নাথ নেওগ, বিজয় চৌধুৰী, ৰুদ্ৰেশ্বৰ শৰ্মা, অধিবক্তা তনয় চক্ৰৱৰ্তী, অধিবক্তা দিবাকৰ তালুকদাৰ, অধিবক্তা জগদীশ দাস, তনুজা বৰকাকতি, মৃণাল হাজৰিকা, বিপুল ৰাভা, অপুৰ্ব খাউণ্ড, সূৰ্য বৰঠাকুৰ, বৰষা শৰ্মা, ৰামকৃষ্ণ শৰ্মা, ইমন শৰ্মা আদিকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ভালেমান অভিজ্ঞ ব্যক্তিৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে আৰু অসমৰ সংবাদ মাধ্যমৰ ১৭৫+ বছৰীয়া এই অনুষ্ঠান সাফল্যমন্ডিত কৰি তোলে। অৰুণোদই-ৰ ডিজিটেল সংস্কৰণ চাবলৈ হ’লে www.mahabahu.com খুলি লৈ বাওফালে ওপৰত থকা তিনিদাল আচঁত ক্লিক কৰি ‘Mahabahu Books‘-অত ক্লিক কৰিলেই হ’ব ( Read Online)। 

24-09-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

“Paromanawik Samay” !
Reviews

“Paromanawik Samay” !

by Editor
July 12, 2026
0

Paromanawik Samay Partha Pratim Hazarika Paromanawik Samay; A book written by Anjan Sarma.The overwhelming size (924 pages) notwithstanding, Anjan Sarma’s...

Read moreDetails
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d