• অৰবিন্দ ৰাভা
আন্তৰ্জাতিক মহাকাশ গৱেষণা সংস্থাৰ সদৰ কাৰ্যালয় নাছাত এতিয়া পুৰোহিত বা পূজাৰী বা ধৰ্মতত্ত্ববিদৰো প্ৰয়োজন হৈছে, আৰু তাৰবাবে নিয়োগ সংক্ৰান্তীয় বিজ্ঞাপনো প্ৰকাশ কৰা হৈছে। সেই বিজ্ঞাপনৰ দ্বাৰা ‘নাছা’ই ২৪ জন ধৰ্মগুৰু বিচাৰিছে। মহাকাশ গৱেষণা কেন্দ্ৰসমূহৰ বহুততে ধৰ্মীয় কৰ্ম-কান্ড চলি থকা ইতিপূৰ্বেও প্ৰত্যক্ষ হৈছে। ভাৰতৰ চন্দ্ৰযান -২ উৎক্ষেপণৰ আগে আগে ভাৰতীয় মহাকাশ গৱেষণাকেন্দ্ৰৰ মুখ্য সঞ্চালক কে.শিবান- এ দ্ৰুতগতিৰে তিৰুপতিৰ বালাজী মন্দিৰলৈ পূজা কৰিবলৈ ঢাপলি মেলিছিল। চন্দ্ৰ অভিযান মিশ্যনৰ সৈতে জড়িত একাধিক বিজ্ঞানীয়ে চন্দ্ৰ অভিযানৰ দিনা ৰাতিপুৱাই মন্দিৰলৈ গৈছিল পূজা দিবলৈ – যাতে উৎক্ষেপণৰ ক্ষেত্ৰত কোনো বাধা – বিপত্তি নহয়।
‘নাছা’ৰ যিকোনো ৰকেট উৎক্ষেপণৰ আগে আগে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ধৰ্মতত্ত্ববিদ ৰেভাৰেন্ট এন্ড্ৰু ডেভিচন কেপকাৰ্নিভাললৈ আহিবলগীয়া হয়। তেওঁ তালৈ আহি যীশুৰ প্ৰতীকী ক্ৰছ স্পৰ্শ কৰি যাত্ৰাৰ মঙ্গল কামনা কৰে। এতিয়া ‘নাছা’ই পুৰোহিত বা ধৰ্মতত্ত্ববিদ নিয়োগ সংক্ৰান্তীয় যি বিজ্ঞপ্তি জাৰি কৰিছে, তাৰ মূলতঃ হ’ল – ‘এলিয়েন’ বা ভিন্ন গ্ৰহৰ জীৱৰ সৈতে সংঘাত আতৰ কৰাৰ বাবে উপাসনা কৰিবলৈ। এলিয়েনক লৈ বিভিন্ন সময়ত নাছাৰ বিজ্ঞানীসকলৰ সৈতে বিশ্বৰ অইন ঠাইৰ বিজ্ঞানীসকলৰ মতবিৰোধ হৈছে। বহুত সময়ত আকাশেৰে অবাঞ্চিত উৰন্ত কাঁহী বা ইউ-এফ-অ’ উৰি গলেও নাছাৰ বিজ্ঞানীসকলে সেয়া স্বীকাৰ কৰা নাছিল। ৰেভাৰেণ্ড এন্ড্ৰুৱে নাছাৰ হৈ মহাকাশ আৰু ধৰ্মবিদ্যাৰ যৌক্তিকতাক লৈ ‘এস্ট্ৰো বায়োলজি এন্ভ দ্যা খ্ৰিষ্টান ডক্ট্ৰিয়ান’ নামৰ গ্ৰন্হখন প্ৰকাশ কৰিছিল আৰু তেওঁ বাৰম্বাৰ কৈছিল যে ভিন্ন গ্ৰহৰ কোনো জীৱ বা এলিয়েনৰ সৈতে পৃথিৱীৰ মানুহৰ যেতিয়া সাক্ষাৎ হ’ব, তেতিয়া সেই সাক্ষাৎ মধুৰ নহবও পাৰে। বৰং তেনে সাক্ষাৎ সম্পৰ্কীয় সংঘাতপূৰ্ণ পৰিস্থিতি এৰাবলৈ এতিয়া নাছাই ধৰ্মগুৰুৰ আশ্ৰয় লবলগীয়া হৈছে। ৰেভাৰেণ্ড এন্ড্ৰুৱে কৈছে যে ‘কোনো বিশেষ এক ধৰ্মৰ পৰাই ধৰ্মতত্ত্ববিদক নিয়োগ কৰা নহ’ব, বৰং বিভিন্ন ধৰ্মৰ ধৰ্মযাজক বা পুৰোহিত – যিয়ে নিজৰ নিজৰ ধৰ্মৰ বিষয়ে ভালদৰে অৱগত, তেনে উপযুক্ত ব্যক্তিক নিৰ্বাচিত কৰাৰ পিছত নাছাত চাকৰি দিয়া হ’ব।’ গতিকে, নাছাত যিদৰে হিন্দু ধৰ্মৰ পুৰোহিত থাকিব, খ্ৰীষ্টানসকলৰ পাদ্ৰীৰ পৰা আৰম্ভ কৰি মুছলমানৰ মৌলৱী, বৌদ্ধৰ লামা আদিৰ বাবেও আসন থাকিব। এওঁলোকে, যেনে ধৰক হিন্দু ধৰ্মৰ পুৰোহিত – তেওঁৰ হিন্দু ধৰ্মৰ বিষয়ে যাৱতীয় জ্ঞান থাকিব লাগিব আৰু লগতে সংস্কৃত উচ্চাৰণ, শাস্ত্ৰ পাঠত দক্ষতা আদিও থাকিব লাগিব; আৰু একেদৰে অইনসকলৰো ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
এই ধৰ্মতত্ত্ববিদ সকলে উপগ্ৰহ উৎক্ষেপণৰ আগে আগে কিম্বা মহাকাশ সংক্ৰান্তীয় কোনো নতুন গৱেষণাৰ ক্ষেত্ৰত নাছাই প্ৰৱেশ কৰাৰ আগে আগে পূজা-পাতল কৰিব লাগিব বুলি চাকৰিৰ চৰ্তত উল্লেখ কৰা হোৱা নাই। কিন্তু ‘এলিয়েন’ সকলৰ সৈতে যেতিয়া বিশ্ববাসীৰ সাক্ষাৎ হ’ব, তেতিয়া এলিয়েনবোৰক শান্ত কৰিবলৈ মন্ত্ৰোচ্চাৰণ, কোৰাণ পাঠ, বাইবেল পাঠ আদি এওঁলোকে কৰিব লাগিব। এতিয়া যি ২৪ জন ধৰ্মতত্ত্ববিদ নাছাই নিয়োগ কৰিব, সেইসকলৰ ভিতৰত হিন্দু, খ্ৰীষ্টান আৰু ইছলামৰ ৩ জনকৈ মুঠ ৯ জন লৈ অইন অইন ধৰ্মৰ পৰা একোজনকৈ ১৫ জন লোৱা হ’ব।
এলিয়েনৰ সন্ধান নাছাই এতিয়া কৰা নাই, আগৰে পৰাই কৰি আহিছে। বিজ্ঞানী ষ্টিফেন হকিং-এ মৃত্যুৰ আগেয়ে মানবজাতিক সতৰ্ক কৰি কৈছিল যে ভিন্ন গ্ৰহৰ জীৱসকলে এসময়ত পৃথিৱী দখল কৰিব আৰু বিকল্প বুদ্ধিমত্তা মানৱজাতিৰ উন্নতিৰ পক্ষে বাধা হৈ পৰিব।
নাছাৰ এই বিজ্ঞাপনটো প্ৰকাশিত হোৱাৰ পিছত নাম প্ৰকাশত অনিচ্ছুক এষ্ট্ৰোফিজিক্স বিভাগৰ কেইজনমান বিদগ্ধ বিজ্ঞানীয়ে টিপ্পনী দিছে – ‘শ্ৰীকৃষ্ণ স্বয়ং কুৰুক্ষেত্ৰত উপস্থিত থাকিও যুদ্ধখন বন্ধ কৰিব নোৱাৰিলে, তেনেস্থলত এলিয়েনৰ সৈতে সম্ভাব্য যুদ্ধখন ২৪ জন পুৰোহিতে বন্ধ কৰিব পৰাটো সম্ভৱ হ’ব নে?’