• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল!

ASSAMESE Section / Nature

by Editor
February 16, 2025
in ASSAMESE SECTION, Environment, Nature
Reading Time: 4 mins read
0
এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল!
Share on FacebookShare on TwitterShare on LinkedIn

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল!

ডাঃ প্ৰবীণকুমাৰ নেওগ

Prabin Neog
ডাঃ প্ৰবীণকুমাৰ নেওগ

সাধাৰণভাৱে গৃহীত কথাটো হ’ল যে বৰ্তমান সময়ত অসমত ঘঁৰিয়াল নাই, কিন্তু ২০২২ চনত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, ব্ৰহ্মপুত্ৰৰ বুকুত ঘঁৰিয়াল দেখিবলৈ পোৱা বুলি দাবী কৰা হৈছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাটৰ এটা চাপৰিত দেখা পোৱা এই ঘঁৰিয়ালৰ ছবি বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীৱ শৰ্মাৰ কেমেৰাত বন্দি হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কতৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ যৌথ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি এলেকাত চলাই থকা জৰীপৰ সময়তে এই ঘঁৰিয়ালৰ অস্তিত্বৰ সম্ভেদ পোৱা বুলিও কোৱা হৈছে।

ইয়াৰ আগতে ১৯৯৪ চনত ব্ৰহ্মপুত্ৰত ঘঁৰিয়াল দেখাৰ এক খবৰ প্ৰকাশ পাইছিল যদিও তাৰ কোনো ফটোগ্ৰাফ আদি নাছিল; কিন্তু এইবাৰ ঘঁৰিয়ালে চাপৰিত জিৰণি লৈ থকা অৱস্থাৰ ফটোও বিভিন্ন মাধ্যমৰ যোগে প্ৰচাৰিত হৈছিল।

কিন্তু, এটা সময়ত ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালে গিজগিজাই আছিল বুলিও জনা যায়। উনবিংশ শতিকাৰ আগভাগত যেতিয়া ব্ৰহ্মপুত্ৰত ভাপ জাহাজ বা ইঞ্জিনচালিত ষ্টিমাৰবোৰ চলা নাছিল, তেতিয়াও অসমৰ সৈতে পশ্চিমবঙ্গ, ঢাকা আদিৰ বাণিজ্যিক যোগাযোগ আছিল।
এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

এনে ধৰণৰ বাণিজ্যিক কামৰ কাৰণে যিবোৰ নাও ব্যৱহাৰ কৰা হৈছিল সেইবোৰ আছিল মাৰ নাও। বৃটিছ অফিচাৰসকলেও অলপ উন্নত ধৰণৰ মাৰ নাৱেই ব্যৱহাৰ কৰিছিল, যিবোৰক খেল নাও বা বজৰ’ বুলি কোৱা হৈছিল। কলিকতাৰ বাঙালী সদাগৰসকলে অসমলৈ সামগ্ৰী পঠিয়াই তাৰ বিনিময়ত অসমীয়া তথা ইয়াৰ জনজাতীয় লোকসকলৰ পৰা ইয়াত পোৱা ম’হৰ শিং, হাতীৰ দাঁত, গড়ৰ খড়্গ আদি সংগ্ৰহ কৰি নিছিল।

তেওঁলোকে ব্যৱহাৰ কৰা নাওবোৰ ৫-৬ ফুটমান বহল আৰু বিছৰ পৰা ত্ৰিছ ফুট দীঘল আকাৰৰ আছিল। ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ নাওবোৰৰ ওপৰত আচ্ছাদনৰূপে ফলা বাঁহ আৰু তাল পাতৰ অথবা টকৌ পাতৰ একোখন চালি সাজি লৈছিল। নাৱৰ তলিতো বাঁহৰ খহটা ঢাৰি পাৰি দিয়া হৈছিল। নাৱতেই বনোৱা ঘৰৰ দুৱাৰ, খিৰিকী, খিৰিকীৰ জাপ আদিও বাঁহেৰেই বনোৱা হৈছিল।

১৮৩৫ চনত ব্ৰহ্মদেশৰ মৌলমেনৰ পৰা মিছনেৰি কৰ্মী নাথান ব্ৰাউন আৰু অলিভাৰ কাট্তাৰৰ দুই পৰিয়াল অসমলৈ যাত্ৰা কৰিছিল। মৌলমেনৰ পৰা কলিকতালৈ জাহাজেৰে আৰু কলিকতাৰ পৰা মাৰ নাৱেৰে শদিয়ালৈ আছিল তেওঁলোকৰ যাত্ৰা। ১৮৩৫ চনৰ ২০ নবেম্বৰত তেওঁলোকে দুটা পৰিয়ালৰ বাবে দুখন আৰু পাকঘৰ আৰু গুদাম ঘৰ হিচাপে এখন সহ মুঠ তিনিখন নাও লৈ কলিকতাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।

এনেকুৱা নাওবোৰ সাধাৰণতে লগত ৬-৮ জন সহায়কাৰী লৈ এজন কেপ্টেইন বা গুৰিয়ালে পৰিচালনা কৰে। সাধাৰণতে এই মানুহকেইজনেই নৈৰ পাৰে পাৰে থকা ৰাষ্টাইদি ৰচি ব্যৱহাৰ কৰি নাওবোৰ টানি গৈ থাকে। ১৮৩৬ চনৰ ২২ মাৰ্চত তেওঁলোক আহি শদিয়া পাইছিল, অৰ্থাৎ এই যাত্ৰাত কলিকতাৰ পৰা শদিয়ালৈ তেওঁলোকক সময় লাগিছিল ১২৪ দিন।

মিছনেৰীসকলৰ, বিশেষকৈ ব্ৰাউন দম্পতীৰ অসম আগমন আৰু তেওঁলোকৰ বিভিন্ন কাৰ্যকলাপ সম্পৰ্কে তেওঁলোকৰ ডায়েৰী, টোকাবহী, বিভিন্নজনৰ চিঠিপত্ৰ, ইষ্ট ইণ্ডিয়াৰ ডাকত অহা চিঠিৰ টোপোলা আৰু ‘বেপ্টিষ্ট মিছনেৰি মেগাজিন’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত বা-বাতৰিৰ আলমত তেওঁলোকৰ তৃতীয় কন্যা সন্তান এলিজাবেথ হুইটনি ব্ৰাউনে এখন কিতাপ প্ৰস্তুত কৰিছিল।

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

The Whole World Kin নামৰ এই বুজন আকাৰৰ কিতাপখন ব্ৰাউন দম্পতীৰ মৃত্যুৰ পাছত, ১৮৯০ চনত ফিলাডেলফিয়াৰ ‘হাবাৰ্ড ব্ৰাদাৰ্ছ’ নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছিল। The Whole World Kin নামৰ ঐতিহাসিক কিতাপখন মহাবাহুৰ উদ্যোগত একো সালসলনি নকৰাকৈ বহুকালৰ পিছত সম্পূৰ্ণভাৱে পুনৰ্মুদ্ৰণ কৰি উলিওৱা হৈছে আৰু আনুষ্ঠানিক ভাবে কিছুমাহ আগতে উন্মোচনো কৰা হৈছে ( প্ৰকাশক: পাৱাৰশ্বিফ্ট) ।

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

এই পুথিখনৰ, প্ৰান্তিকৰ কাৰ্যবাহী সম্পাদক ইমৰান হুছেইনে ব্ৰাউন দম্পতীৰ আমেৰিকাৰ চাৰ্লমণ্টৰ পৰা ব্ৰহ্মদেশলৈ যাত্ৰাৰ পৰা তেওঁলোকে অসম এৰি যোৱালৈকে থকা বৰ্ণনাৰ অনুবাদ কৰি ‘নাথান ব্ৰাউনৰ অসম অভিযান’ নামেৰে লিখি উলিয়ায় আৰু বনলতা প্ৰকাশনে এইখন প্ৰকাশ কৰিছে।

কিতাপখনত অসম আৰু অসমীয়াত্বৰ হকে ব্ৰাউন দম্পতী আৰু মিছনেৰীসকলে কৰা কামৰ লগতে তেওঁলোকৰ বিভিন্ন যাত্ৰাৰ লোমহৰ্ষক বিৱৰণ সন্নিৱিষ্ট হৈছে। সেই সময়ৰ অসমৰ প্ৰাকৃতিক পৰিৱেশ, বিভিন্ন জীৱ-জন্তুৰ প্ৰাকৃতিক বিচৰণ আদিৰ লগতে ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালকে আদি কৰি অন্যান্য জীৱ-জন্তুৰ অৱস্থিতিৰ বৰ্ণনাও কিতাপখনত উল্লেখ হৈছে।

কিতাপখনতে সন্নিৱিষ্ট, ১৮৩৫ চনৰ ৭ ডিচেম্বৰত শ্ৰীমতী ব্ৰাউনে নাৱেৰে ভ্ৰমণ কালত লিখা এটা টোকাত কৈছে, “আমাৰ নৌযাত্ৰীসকলৰ যাত্ৰা পথৰ বেছিখিনিতে নদীৰ পাৰবোৰ দহৰ পৰা বাৰ ফুট ওখ ইকৰা-কঁহুৱাৰ দৰে ঘাঁহনিৰে ভৰা জংগলে আগুৰি আছিল। এই জংগলবোৰ বনৰীয়া হাতী, ম’হ আৰু হৰিণৰ লগতে বাঘ, নাহৰফুটুকী বাঘ, বন গাহৰি আৰু শিয়ালেৰে ভৰি আছিল। … এই হাবিবোৰত বিষাক্ত সাপবোৰে নিৰ্বিঘ্নে চিকাৰ কৰি ফুৰে। … চৰবোৰত অজগৰ জাতীয় বৃহৎ সাপবোৰ ভূৰিভোজনৰ পাছত দীঘলীয়া নিদ্ৰাত পৰি থাকে। এই ঠাইবোৰত ঘঁৰিয়ালো ৰ’দ লৈ পৰি থাকে আৰু নিশা পানীলৈ সোমাই যায়।”

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

১৮৪০ চনত ব্ৰাউন দম্পতী আছিল জয়পুৰত। তেওঁলোকৰ তৃতীয়টো সন্তান নাথান বেলাৰ্ডৰ পেৰালাইচিছ জাতীয় অসুখে দেখা দিয়াত সন্তানটোক চিকিৎসা কৰাবলৈ শ্ৰীমতী ব্ৰাউন অকলেই কলিকতালৈ যাবলৈ সাজু হ’ল। সেই বছৰৰে ১০ ফেব্ৰুৱাৰীত দুখন ছৈ দিয়া নাৱেৰে চাৰি বছৰীয়া অসুখীয়া বেলাৰ্ড আৰু ডেৰ বছৰীয়া ছোৱালী হুইটনিক লৈ এগৰাকী আয়া সহ শ্ৰীমতী ব্ৰাউনে জয়পুৰৰ পৰা যাত্ৰা কৰিলে।

এই যাত্ৰাত দেখা কিছু দৃশ্য শ্ৰীমতী ব্ৰাউনৰ ভাষাত আৰু ইমৰান হুছেইনৰ অনুবাদত এনেদৰে বৰ্ণিত হৈছে, “প্ৰায় প্ৰত্যেক দিনাই আমি নিশাটো কটাবলৈ ৰোৱা ঠাইত হাতী আৰু বনৰীয়া ম’হ অহা-যোৱা কৰা ভালেমান বাট দেখিছিলোঁ। আমি গৈ থাকোঁতে প্ৰায়ে এনে বৃহৎ জন্তুবোৰ নৈলৈ পানী খাবলৈ অহাও দেখিছিলোঁ, কিন্তু সিহঁতৰ কোনেও আমাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা নাছিল। মোৰ ঘঁৰিয়ালবোৰলৈহে বেছি ভয় লাগিছিল। কোনো কোনো ঠাইত নদীখন বনৰীয়া জন্তুতকৈ ঘঁৰিয়ালেৰেহে ভৰি থাকে। আমি ঠায়ে ঠায়ে শ শ ঘঁৰিয়াল নদীৰ বালিত ভালেমান এলেকাজুৰি বিস্তৃত হৈ ৰ’দ লৈ পৰি থকা দেখিছিলোঁ।”

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

এদিন শ্ৰীমতী ব্ৰাউনৰ নাওখন ৰাতি জিৰণি ল’বলৈ বুলি এটা সুঁতিৰ মুখত ৰখোৱা হ’ল। শ্ৰীমতী ব্ৰাউনে আয়াগৰাকী আৰু ল’ৰা-ছোৱালী দুটিক লৈ নৈৰ পাৰত ফুৰিবলৈ গ’ল। ইমৰান হুছেইনৰ অনুবাদত বৰ্ণিত হৈছে, “তেনেতে পানীৰ ফালৰ পৰা এটা তীব্ৰ হিচ-হিচনিৰ শব্দ শুনা গ’ল। সন্ধিয়াৰ চকামকা পোহৰত তেওঁলোকে সুঁতিটোৰ আন্ধাৰৰ মাজৰ পৰা এটা ঘঁৰিয়ালৰ মূৰ প্ৰকট হোৱা দেখা পালে।

তাৰ পাছত আৰু এটা, তাৰ পাছত আৰু এটা, – এনেদৰে কেইবাটাও ঘঁৰিয়ালে দেখা দিলে।” নৈৰ সিটো পাৰত ডাঙৰ ডাঙৰকৈ কোনো লোকে জুই জ্বলাই আছিল আৰু সম্ভৱ সেই কাৰণেই ঘঁৰিয়ালবোৰ তেওঁলোকৰ নাওখনৰ ফালে গুছি আহিছিল। এইটোও ভবা হৈছিল যে এই সুঁতিটো ঘঁৰিয়ালবোৰৰ পৰম্পৰাগত মাছ চিকাৰ কৰা এলেকা আৰু সেয়েহে গধূলি সময়ত সিহঁত তাত গোট খাইছিল।

নাৱৰ গুৰিয়ালজনে শ্ৰীমতী ব্ৰাউনক আশ্বাস দিছিল যে ঘঁৰিয়ালবোৰে মানুহক আক্ৰমণ কৰাৰ কথা কেতিয়াও তেওঁলোকে শুনা নাই। ব্ৰাউনক আশ্বস্ত কৰিবলৈ নাৱৰীয়াকেইজনো নাওখনতে শুব বুলিও ক’লে। আগেয়ে সচৰাচৰ তেওঁলোক নৈৰ পাৰতহে শোৱে।

ৰাতি নাৱত শুই থকা সময়ৰ এক ছবি ইমৰান হুছেইনৰ অনুবাদত আছে, “পানী পখালি থকা ঘঁৰিয়াল এটাৰ নেজডালে বহুসময় ধৰি বাৰে বাৰে নাওখনত কোব মাৰি থকাত নাওখন কঁপি উঠিছিল। … শ্ৰীমতী ব্ৰাউনে নাওখনৰ তলফালে আৰু কাষৰ ফালে এই ভয়ানক, পিছল দেহৰ কিম্ভূতকিমাকাৰ জন্তুবিধৰ অহা-যোৱাৰ শব্দ শুনি আছিল। এনে এটা সৰীসৃপে তাৰ শক্তিশালী নাকটোৰে নাওখনৰ দূৰ্বল তলিখন ফুটাই পেলোৱাটো অসম্ভৱ নাছিল।”

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

নাৱৰীয়াকেইজনেও যথেষ্ট ভয় খাইছিল। পাছত শ্ৰীমতী ব্ৰাউনৰ উদ্যোগত নাৱৰীয়াকেইজনৰ সৈতে নাৱৰ ছৈটো খুলি আনি পাৰৰ বালিত শোৱাৰ ব্যৱস্থা কৰা হ’ল। নৈৰ পাৰতো ঘঁৰিয়ালৰ চিঞৰ আৰু বনৰীয়া জন্তুৰ ভয়ত ব্ৰাউনহঁতৰ সেইৰাতি টোপনি নাহিল।

ব্ৰাউনে লিখিছে, “ৰাতিপুৱা মই দেখিলোঁ, পাৰলৈ অহাৰ ফলত আমাৰ অৱস্থা একো উন্নত নহ’ল, কাৰণ নৈৰ সিটো পাৰত থকা নাও বন্ধা অৰ্ধবৃত্তাকাৰ ঠাইবোৰ ওখ কিছুমান খুটিৰে বেৰি থোৱা আছে। ইয়াৰ পৰা বুজিলোঁ, ঘঁৰিয়ালবোৰ অকল পানীৰ মাজতে আৱদ্ধ হৈ নাথাকে। নাৱৰীয়াহঁতে জ্বলোৱা জুইকুৰা গোটেই ৰাতি জ্বলি আছিল। সেইকাৰণে বোধহয় এই জন্তুবোৰ আমাৰ কাষ চাপিব পৰা নাছিল।”

ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালে গিজগিজাই থকাৰ এনে ছবি আন কোনো কিতাপ বা বিবৰণত এতিয়ালৈকে পোৱা নাছিলোঁ অথবা প্ৰত্যক্ষভাৱে ক’তো শুনাও নাছিলোঁ। ইমৰান হুছেইনৰ অনুদিত কিতাপখনে উনবিংশ শতিকাৰ আদি-মধ্যভাগৰ অসমৰ সামাজিক ভৌতিক পৰিৱেশৰ লগত সুন্দৰকৈ চিনাকি কৰাই দিলে। নিঃসন্দেহে ‘নাথান ব্ৰাউনৰ অসম অভিযান’ অসমৰ সাহিত্য আৰু জনজীৱনলৈ এক অনবদ্য অৱদান।

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

ডাঃ প্ৰবীণকুমাৰ নেওগ, এ টি ৰোড, টিয়ক, জিলা: যোৰহাট, মোবাইল: ৯৪৩৫০৯৪২১২, (লেখক পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী গৱেষণা বিষয়া।)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা
ASSAM

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

by Bhrigu kumar Kalita
September 10, 2026
0

When Livelihoods Knew Nature : The ecological wisdom embedded in Assam's changing traditional occupations BHRIGU KUMAR KALITA There was a...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

September 3, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

September 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 10, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d