• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 19, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল!

ASSAMESE Section / Nature

by Editor
February 16, 2025
in ASSAMESE SECTION, Environment, Nature
Reading Time: 4 mins read
0
এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল!
Share on FacebookShare on TwitterShare on LinkedIn

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল!

ডাঃ প্ৰবীণকুমাৰ নেওগ

Prabin Neog
ডাঃ প্ৰবীণকুমাৰ নেওগ

সাধাৰণভাৱে গৃহীত কথাটো হ’ল যে বৰ্তমান সময়ত অসমত ঘঁৰিয়াল নাই, কিন্তু ২০২২ চনত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, ব্ৰহ্মপুত্ৰৰ বুকুত ঘঁৰিয়াল দেখিবলৈ পোৱা বুলি দাবী কৰা হৈছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাটৰ এটা চাপৰিত দেখা পোৱা এই ঘঁৰিয়ালৰ ছবি বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীৱ শৰ্মাৰ কেমেৰাত বন্দি হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কতৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ যৌথ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি এলেকাত চলাই থকা জৰীপৰ সময়তে এই ঘঁৰিয়ালৰ অস্তিত্বৰ সম্ভেদ পোৱা বুলিও কোৱা হৈছে।

ইয়াৰ আগতে ১৯৯৪ চনত ব্ৰহ্মপুত্ৰত ঘঁৰিয়াল দেখাৰ এক খবৰ প্ৰকাশ পাইছিল যদিও তাৰ কোনো ফটোগ্ৰাফ আদি নাছিল; কিন্তু এইবাৰ ঘঁৰিয়ালে চাপৰিত জিৰণি লৈ থকা অৱস্থাৰ ফটোও বিভিন্ন মাধ্যমৰ যোগে প্ৰচাৰিত হৈছিল।

কিন্তু, এটা সময়ত ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালে গিজগিজাই আছিল বুলিও জনা যায়। উনবিংশ শতিকাৰ আগভাগত যেতিয়া ব্ৰহ্মপুত্ৰত ভাপ জাহাজ বা ইঞ্জিনচালিত ষ্টিমাৰবোৰ চলা নাছিল, তেতিয়াও অসমৰ সৈতে পশ্চিমবঙ্গ, ঢাকা আদিৰ বাণিজ্যিক যোগাযোগ আছিল।
এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

এনে ধৰণৰ বাণিজ্যিক কামৰ কাৰণে যিবোৰ নাও ব্যৱহাৰ কৰা হৈছিল সেইবোৰ আছিল মাৰ নাও। বৃটিছ অফিচাৰসকলেও অলপ উন্নত ধৰণৰ মাৰ নাৱেই ব্যৱহাৰ কৰিছিল, যিবোৰক খেল নাও বা বজৰ’ বুলি কোৱা হৈছিল। কলিকতাৰ বাঙালী সদাগৰসকলে অসমলৈ সামগ্ৰী পঠিয়াই তাৰ বিনিময়ত অসমীয়া তথা ইয়াৰ জনজাতীয় লোকসকলৰ পৰা ইয়াত পোৱা ম’হৰ শিং, হাতীৰ দাঁত, গড়ৰ খড়্গ আদি সংগ্ৰহ কৰি নিছিল।

তেওঁলোকে ব্যৱহাৰ কৰা নাওবোৰ ৫-৬ ফুটমান বহল আৰু বিছৰ পৰা ত্ৰিছ ফুট দীঘল আকাৰৰ আছিল। ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ নাওবোৰৰ ওপৰত আচ্ছাদনৰূপে ফলা বাঁহ আৰু তাল পাতৰ অথবা টকৌ পাতৰ একোখন চালি সাজি লৈছিল। নাৱৰ তলিতো বাঁহৰ খহটা ঢাৰি পাৰি দিয়া হৈছিল। নাৱতেই বনোৱা ঘৰৰ দুৱাৰ, খিৰিকী, খিৰিকীৰ জাপ আদিও বাঁহেৰেই বনোৱা হৈছিল।

RelatedPosts

close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 19, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

May 18, 2025
Is Artificial Intelligence a Friend or Foe to the Environment?

Is Artificial Intelligence a Friend or Foe to the Environment?

May 18, 2025

১৮৩৫ চনত ব্ৰহ্মদেশৰ মৌলমেনৰ পৰা মিছনেৰি কৰ্মী নাথান ব্ৰাউন আৰু অলিভাৰ কাট্তাৰৰ দুই পৰিয়াল অসমলৈ যাত্ৰা কৰিছিল। মৌলমেনৰ পৰা কলিকতালৈ জাহাজেৰে আৰু কলিকতাৰ পৰা মাৰ নাৱেৰে শদিয়ালৈ আছিল তেওঁলোকৰ যাত্ৰা। ১৮৩৫ চনৰ ২০ নবেম্বৰত তেওঁলোকে দুটা পৰিয়ালৰ বাবে দুখন আৰু পাকঘৰ আৰু গুদাম ঘৰ হিচাপে এখন সহ মুঠ তিনিখন নাও লৈ কলিকতাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।

এনেকুৱা নাওবোৰ সাধাৰণতে লগত ৬-৮ জন সহায়কাৰী লৈ এজন কেপ্টেইন বা গুৰিয়ালে পৰিচালনা কৰে। সাধাৰণতে এই মানুহকেইজনেই নৈৰ পাৰে পাৰে থকা ৰাষ্টাইদি ৰচি ব্যৱহাৰ কৰি নাওবোৰ টানি গৈ থাকে। ১৮৩৬ চনৰ ২২ মাৰ্চত তেওঁলোক আহি শদিয়া পাইছিল, অৰ্থাৎ এই যাত্ৰাত কলিকতাৰ পৰা শদিয়ালৈ তেওঁলোকক সময় লাগিছিল ১২৪ দিন।

মিছনেৰীসকলৰ, বিশেষকৈ ব্ৰাউন দম্পতীৰ অসম আগমন আৰু তেওঁলোকৰ বিভিন্ন কাৰ্যকলাপ সম্পৰ্কে তেওঁলোকৰ ডায়েৰী, টোকাবহী, বিভিন্নজনৰ চিঠিপত্ৰ, ইষ্ট ইণ্ডিয়াৰ ডাকত অহা চিঠিৰ টোপোলা আৰু ‘বেপ্টিষ্ট মিছনেৰি মেগাজিন’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত বা-বাতৰিৰ আলমত তেওঁলোকৰ তৃতীয় কন্যা সন্তান এলিজাবেথ হুইটনি ব্ৰাউনে এখন কিতাপ প্ৰস্তুত কৰিছিল।

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

The Whole World Kin নামৰ এই বুজন আকাৰৰ কিতাপখন ব্ৰাউন দম্পতীৰ মৃত্যুৰ পাছত, ১৮৯০ চনত ফিলাডেলফিয়াৰ ‘হাবাৰ্ড ব্ৰাদাৰ্ছ’ নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছিল। The Whole World Kin নামৰ ঐতিহাসিক কিতাপখন মহাবাহুৰ উদ্যোগত একো সালসলনি নকৰাকৈ বহুকালৰ পিছত সম্পূৰ্ণভাৱে পুনৰ্মুদ্ৰণ কৰি উলিওৱা হৈছে আৰু আনুষ্ঠানিক ভাবে কিছুমাহ আগতে উন্মোচনো কৰা হৈছে ( প্ৰকাশক: পাৱাৰশ্বিফ্ট) ।

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

এই পুথিখনৰ, প্ৰান্তিকৰ কাৰ্যবাহী সম্পাদক ইমৰান হুছেইনে ব্ৰাউন দম্পতীৰ আমেৰিকাৰ চাৰ্লমণ্টৰ পৰা ব্ৰহ্মদেশলৈ যাত্ৰাৰ পৰা তেওঁলোকে অসম এৰি যোৱালৈকে থকা বৰ্ণনাৰ অনুবাদ কৰি ‘নাথান ব্ৰাউনৰ অসম অভিযান’ নামেৰে লিখি উলিয়ায় আৰু বনলতা প্ৰকাশনে এইখন প্ৰকাশ কৰিছে।

কিতাপখনত অসম আৰু অসমীয়াত্বৰ হকে ব্ৰাউন দম্পতী আৰু মিছনেৰীসকলে কৰা কামৰ লগতে তেওঁলোকৰ বিভিন্ন যাত্ৰাৰ লোমহৰ্ষক বিৱৰণ সন্নিৱিষ্ট হৈছে। সেই সময়ৰ অসমৰ প্ৰাকৃতিক পৰিৱেশ, বিভিন্ন জীৱ-জন্তুৰ প্ৰাকৃতিক বিচৰণ আদিৰ লগতে ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালকে আদি কৰি অন্যান্য জীৱ-জন্তুৰ অৱস্থিতিৰ বৰ্ণনাও কিতাপখনত উল্লেখ হৈছে।

কিতাপখনতে সন্নিৱিষ্ট, ১৮৩৫ চনৰ ৭ ডিচেম্বৰত শ্ৰীমতী ব্ৰাউনে নাৱেৰে ভ্ৰমণ কালত লিখা এটা টোকাত কৈছে, “আমাৰ নৌযাত্ৰীসকলৰ যাত্ৰা পথৰ বেছিখিনিতে নদীৰ পাৰবোৰ দহৰ পৰা বাৰ ফুট ওখ ইকৰা-কঁহুৱাৰ দৰে ঘাঁহনিৰে ভৰা জংগলে আগুৰি আছিল। এই জংগলবোৰ বনৰীয়া হাতী, ম’হ আৰু হৰিণৰ লগতে বাঘ, নাহৰফুটুকী বাঘ, বন গাহৰি আৰু শিয়ালেৰে ভৰি আছিল। … এই হাবিবোৰত বিষাক্ত সাপবোৰে নিৰ্বিঘ্নে চিকাৰ কৰি ফুৰে। … চৰবোৰত অজগৰ জাতীয় বৃহৎ সাপবোৰ ভূৰিভোজনৰ পাছত দীঘলীয়া নিদ্ৰাত পৰি থাকে। এই ঠাইবোৰত ঘঁৰিয়ালো ৰ’দ লৈ পৰি থাকে আৰু নিশা পানীলৈ সোমাই যায়।”

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

১৮৪০ চনত ব্ৰাউন দম্পতী আছিল জয়পুৰত। তেওঁলোকৰ তৃতীয়টো সন্তান নাথান বেলাৰ্ডৰ পেৰালাইচিছ জাতীয় অসুখে দেখা দিয়াত সন্তানটোক চিকিৎসা কৰাবলৈ শ্ৰীমতী ব্ৰাউন অকলেই কলিকতালৈ যাবলৈ সাজু হ’ল। সেই বছৰৰে ১০ ফেব্ৰুৱাৰীত দুখন ছৈ দিয়া নাৱেৰে চাৰি বছৰীয়া অসুখীয়া বেলাৰ্ড আৰু ডেৰ বছৰীয়া ছোৱালী হুইটনিক লৈ এগৰাকী আয়া সহ শ্ৰীমতী ব্ৰাউনে জয়পুৰৰ পৰা যাত্ৰা কৰিলে।

এই যাত্ৰাত দেখা কিছু দৃশ্য শ্ৰীমতী ব্ৰাউনৰ ভাষাত আৰু ইমৰান হুছেইনৰ অনুবাদত এনেদৰে বৰ্ণিত হৈছে, “প্ৰায় প্ৰত্যেক দিনাই আমি নিশাটো কটাবলৈ ৰোৱা ঠাইত হাতী আৰু বনৰীয়া ম’হ অহা-যোৱা কৰা ভালেমান বাট দেখিছিলোঁ। আমি গৈ থাকোঁতে প্ৰায়ে এনে বৃহৎ জন্তুবোৰ নৈলৈ পানী খাবলৈ অহাও দেখিছিলোঁ, কিন্তু সিহঁতৰ কোনেও আমাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা নাছিল। মোৰ ঘঁৰিয়ালবোৰলৈহে বেছি ভয় লাগিছিল। কোনো কোনো ঠাইত নদীখন বনৰীয়া জন্তুতকৈ ঘঁৰিয়ালেৰেহে ভৰি থাকে। আমি ঠায়ে ঠায়ে শ শ ঘঁৰিয়াল নদীৰ বালিত ভালেমান এলেকাজুৰি বিস্তৃত হৈ ৰ’দ লৈ পৰি থকা দেখিছিলোঁ।”

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

এদিন শ্ৰীমতী ব্ৰাউনৰ নাওখন ৰাতি জিৰণি ল’বলৈ বুলি এটা সুঁতিৰ মুখত ৰখোৱা হ’ল। শ্ৰীমতী ব্ৰাউনে আয়াগৰাকী আৰু ল’ৰা-ছোৱালী দুটিক লৈ নৈৰ পাৰত ফুৰিবলৈ গ’ল। ইমৰান হুছেইনৰ অনুবাদত বৰ্ণিত হৈছে, “তেনেতে পানীৰ ফালৰ পৰা এটা তীব্ৰ হিচ-হিচনিৰ শব্দ শুনা গ’ল। সন্ধিয়াৰ চকামকা পোহৰত তেওঁলোকে সুঁতিটোৰ আন্ধাৰৰ মাজৰ পৰা এটা ঘঁৰিয়ালৰ মূৰ প্ৰকট হোৱা দেখা পালে।

তাৰ পাছত আৰু এটা, তাৰ পাছত আৰু এটা, – এনেদৰে কেইবাটাও ঘঁৰিয়ালে দেখা দিলে।” নৈৰ সিটো পাৰত ডাঙৰ ডাঙৰকৈ কোনো লোকে জুই জ্বলাই আছিল আৰু সম্ভৱ সেই কাৰণেই ঘঁৰিয়ালবোৰ তেওঁলোকৰ নাওখনৰ ফালে গুছি আহিছিল। এইটোও ভবা হৈছিল যে এই সুঁতিটো ঘঁৰিয়ালবোৰৰ পৰম্পৰাগত মাছ চিকাৰ কৰা এলেকা আৰু সেয়েহে গধূলি সময়ত সিহঁত তাত গোট খাইছিল।

নাৱৰ গুৰিয়ালজনে শ্ৰীমতী ব্ৰাউনক আশ্বাস দিছিল যে ঘঁৰিয়ালবোৰে মানুহক আক্ৰমণ কৰাৰ কথা কেতিয়াও তেওঁলোকে শুনা নাই। ব্ৰাউনক আশ্বস্ত কৰিবলৈ নাৱৰীয়াকেইজনো নাওখনতে শুব বুলিও ক’লে। আগেয়ে সচৰাচৰ তেওঁলোক নৈৰ পাৰতহে শোৱে।

ৰাতি নাৱত শুই থকা সময়ৰ এক ছবি ইমৰান হুছেইনৰ অনুবাদত আছে, “পানী পখালি থকা ঘঁৰিয়াল এটাৰ নেজডালে বহুসময় ধৰি বাৰে বাৰে নাওখনত কোব মাৰি থকাত নাওখন কঁপি উঠিছিল। … শ্ৰীমতী ব্ৰাউনে নাওখনৰ তলফালে আৰু কাষৰ ফালে এই ভয়ানক, পিছল দেহৰ কিম্ভূতকিমাকাৰ জন্তুবিধৰ অহা-যোৱাৰ শব্দ শুনি আছিল। এনে এটা সৰীসৃপে তাৰ শক্তিশালী নাকটোৰে নাওখনৰ দূৰ্বল তলিখন ফুটাই পেলোৱাটো অসম্ভৱ নাছিল।”

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

নাৱৰীয়াকেইজনেও যথেষ্ট ভয় খাইছিল। পাছত শ্ৰীমতী ব্ৰাউনৰ উদ্যোগত নাৱৰীয়াকেইজনৰ সৈতে নাৱৰ ছৈটো খুলি আনি পাৰৰ বালিত শোৱাৰ ব্যৱস্থা কৰা হ’ল। নৈৰ পাৰতো ঘঁৰিয়ালৰ চিঞৰ আৰু বনৰীয়া জন্তুৰ ভয়ত ব্ৰাউনহঁতৰ সেইৰাতি টোপনি নাহিল।

ব্ৰাউনে লিখিছে, “ৰাতিপুৱা মই দেখিলোঁ, পাৰলৈ অহাৰ ফলত আমাৰ অৱস্থা একো উন্নত নহ’ল, কাৰণ নৈৰ সিটো পাৰত থকা নাও বন্ধা অৰ্ধবৃত্তাকাৰ ঠাইবোৰ ওখ কিছুমান খুটিৰে বেৰি থোৱা আছে। ইয়াৰ পৰা বুজিলোঁ, ঘঁৰিয়ালবোৰ অকল পানীৰ মাজতে আৱদ্ধ হৈ নাথাকে। নাৱৰীয়াহঁতে জ্বলোৱা জুইকুৰা গোটেই ৰাতি জ্বলি আছিল। সেইকাৰণে বোধহয় এই জন্তুবোৰ আমাৰ কাষ চাপিব পৰা নাছিল।”

ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালে গিজগিজাই থকাৰ এনে ছবি আন কোনো কিতাপ বা বিবৰণত এতিয়ালৈকে পোৱা নাছিলোঁ অথবা প্ৰত্যক্ষভাৱে ক’তো শুনাও নাছিলোঁ। ইমৰান হুছেইনৰ অনুদিত কিতাপখনে উনবিংশ শতিকাৰ আদি-মধ্যভাগৰ অসমৰ সামাজিক ভৌতিক পৰিৱেশৰ লগত সুন্দৰকৈ চিনাকি কৰাই দিলে। নিঃসন্দেহে ‘নাথান ব্ৰাউনৰ অসম অভিযান’ অসমৰ সাহিত্য আৰু জনজীৱনলৈ এক অনবদ্য অৱদান।

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল

ডাঃ প্ৰবীণকুমাৰ নেওগ, এ টি ৰোড, টিয়ক, জিলা: যোৰহাট, মোবাইল: ৯৪৩৫০৯৪২১২, (লেখক পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী গৱেষণা বিষয়া।)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

close up photo of a person holding a sphygmomanometer gauge
ASSAMESE SECTION

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

by Dr Pranab Bhattacharyya
May 19, 2025
0

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্য্য ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্য্য উচ্চ ৰক্তচাপ বা 'হাইপাৰটেনচন' (Hypertension/High Blood Pressure)ক ভাৰতত...

Read moreDetails
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

May 18, 2025
Is Artificial Intelligence a Friend or Foe to the Environment?

Is Artificial Intelligence a Friend or Foe to the Environment?

May 18, 2025
অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

May 17, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

May 16, 2025
Gujarat : Sustainable Initiative Under ‘Vikas Saptah’ Celebrations

The Plastic Plague: Why the World Must Act Now

May 13, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Empowering India: Unleashing the Potential of Multilingual Voice AI in Digital Transformation

Empowering India: Unleashing the Potential of Multilingual Voice AI in Digital Transformation

May 19, 2025
close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 19, 2025
Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

May 19, 2025
Afghan Women’s Silent Suffering!

Afghanistan: The Living Hell Where Girls Are Erased and Women Left to Die

May 18, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11265 shares
    Share 4506 Tweet 2816
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    718 shares
    Share 287 Tweet 180
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    6978 shares
    Share 2791 Tweet 1745
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    963 shares
    Share 385 Tweet 241
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5324 shares
    Share 2130 Tweet 1331
  • মিচিং সমাজ আৰু সংস্কৃতি

    2830 shares
    Share 1132 Tweet 708
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2146 shares
    Share 858 Tweet 537
  • বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

    347 shares
    Share 139 Tweet 87
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3019 shares
    Share 1208 Tweet 755
  • তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

    455 shares
    Share 182 Tweet 114
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d