• অবিনাশ বৰা
১২০৬ খ্ৰীষ্টাব্দৰ পুৰণি অসম বা কামৰূপৰ অতি উল্লেখযোগ্য ঘটনা। বিখ্যাত তুৰ্কী বীৰ মহম্মদ বিন বখতিয়াৰ খিলজীৰ কথা আমি সকলোৱে জানোঁ। এইজন খিলজী এনে এজন বিয়াগোম বীৰ, যাক পৰাভূত কৰাটো অতি দুঃসাধ্য আছিল। অপ্ৰতিৰোধ্য বখতিয়াৰ খিলজীয়ে এফালৰ পৰা ভাৰতৰ বিহাৰ, বংগ আদি ৰাজ্যবোৰ সমূলঞ্চে ধ্বংস কৰি আনিছিল।
খিলজীৰ নেতৃত্বত তুৰ্কী বাহিনীয়ে চলোৱা ধ্বংসলীলাৰ বলি হৈছিল সেই সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত জ্ঞানৰ জ্যোতি বিলোৱা বিখ্যাত নালন্দা বিশ্ববিদ্যালয়ো। খিলজীয়ে নালন্দা বিশ্ববিদ্যালয়কো জ্বলাই বিধস্ত কৰি পেলাইছিল। প্ৰবল পৰাক্ৰমী খিলজীৰ দুৰ্বাৰ গতিয়ে ভাৰতভূমিত সন্ত্ৰাসৰ সৃষ্টি কৰিলে। ভাৰতভূমিৰ বিস্তৃত অঞ্চল দখল কৰি এইজন খিলজীয়ে তিব্বত জয়ৰ মানসেৰে আমাৰ অসম (তেতিয়াৰ কামৰূপ) দেশ আক্ৰমণ কৰিবলৈ আহিছিল। লগত লৈ আহিছিল ১২ হাজাৰ অশ্বাৰোহী তুৰ্কী সৈন্য।
এই বিশাল সৈন্য বাহিনী লগত লৈ বখতিয়াৰ খিলজীয়ে কামৰূপ ভূমিত প্ৰৱেশ কৰিলে। তেওঁক বাধা দিয়াটো একেবাৰে সহজ নাছিল। কিন্তু খিলজীৰ এই অনিৰুদ্ধ গতিক বাধা দিবলৈ সেই সময়ৰ কামৰূপত আছিল পৃথু নামেৰে ৰজাজন। কামৰূপৰ বীৰ অধিপতি পৃথুৱে বখতিয়াৰ খিলজীৰ বিৰুদ্ধে গঢ়ি তুলিলে বিশাল প্ৰত্যাহ্বান। আমাৰ কামৰূপ দেশ আক্ৰমণ কৰিবলৈ আহি পৰাক্ৰমী খিলজী আৰু তেওঁৰ বিশাল সৈন্যবাহিনী সমূলঞ্চে ৰণত ঘাটিল। কামৰূপাধিপতি পৃথুৰ ৰণকৌশলৰ সন্মুখত বখতিয়াৰ খিলজীৰ সৈন্যবাহিনী সম্পূৰ্ণৰূপে ধ্বংস প্ৰাপ্ত হয়। সমগ্র ভাৰতত কোনেও বাধা দিব নোৱাৰা এইজন বখতিয়াৰ খিলজীৰ পৰাক্ৰম লুইতৰ এই বিশাল পাৰৰ স্বাধীন দেশ কামৰূপত ধূলিস্যাৎ হৈ যায়। কামৰূপী সৈন্যৰ বীৰত্বৰ আগত তুৰ্কী সৈন্যৰ সকলো শক্তি লয়প্ৰাপ্ত হয়। যুদ্ধ নিপুণ কামৰূপী সৈন্যই তুৰ্কী বাহিনীক চকুৰে সৰিয়হ ফুল দেখুৱাই দিয়ে।
তুৰ্কী সৈন্যৰ তেজেৰে কামৰূপৰ মাটি ভিজি গৈছিল। ১২ হাজাৰ তুৰ্কী সৈন্যৰ মাত্ৰ ১০০ জনমানহে বাচি থাকিল। যুদ্ধত পৰাজয় বৰণ কৰি খিলজীয়ে বাচি থকা সৈন্যসকলকে লগত লৈ ব্ৰহ্মপুত্ৰ নদীয়েদি সাঁতুৰি পলাই গ’ল। পলাই গৈ খিলজীয়ে বংগৰ দেৱকূট পায়গৈ আৰু তাতে খিলজীৰ মৃত্যু হয় বুলি জনা যায়। এইখিনিতে উল্লেখযোগ্য যে সেই সময়ত কামৰূপৰ ৰাজধানী আছিল “দুৰ্জয় নগৰ”, যাক বৰ্তমান উত্তৰ গুৱাহাটী নামেৰে জনা যায়।স্বাধীন দেশ কামৰূপৰ ৰাজধানী এই উত্তৰ গুৱাহাটী সঁচাই দু্ৰ্জয় আছিল। সেই সময়ত কোনো বহিৰাগত আক্ৰমণকাৰী শক্তিয়েই এই ভূমি জয় কৰি আধিপত্য বিস্তাৰ কৰিব পৰা নাছিল। কাৰণ এই দেশত আছিল বিশাল ব্ৰহ্মপুত্ৰ নদীয়ে গঢ়ি তোলা উৰ্বৰ সভ্যতাত জন্মা একো একোজন পৰাক্ৰমী বীৰ সৈন্য। সেই বীৰসকলক যুদ্ধত হৰুৱাবলৈ কোনো আক্ৰমণকাৰী শক্তিৰ সামৰ্থ্য নাছিল। এয়া জানো আমাৰ কাৰণে কম গৌৰৱৰ কথা?
এইখিনিতে আৰু এটা কথা উল্লেখ কৰি থোৱা ভাল যে বিখ্যাত শৰাইঘাটৰ যুদ্ধখনো সংঘটিত হৈছিল এই উত্তৰ গুৱাহাটীতে। শৰাইঘাটৰ এই যুদ্ধখনতো অসমীয়া সৈন্যই মোগল আৰু অন্যান্য ৰাজপুত বীৰসকলক এই উত্তৰ গুৱাহাটীতে পৰাভূত কৰিছিল। ইয়াৰ সাক্ষী হৈছে মোমাইকটা গড়। মোগল সৈন্যক ৰুধিবলৈ অসমীয়া সৈন্যৰ সেনাপতি লাচিত বৰফুকনে এৰাতিৰ ভিতৰতে এই মোমাইকটা গড় সাজি তুলিছিল। ঠিক সেইদৰে কামৰূপ ৰাজ পৃথুৱেও তুৰ্কী সৈন্যৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এৰাতিৰ ভিতৰতে এটা বৃহৎ খাৱৈ খন্দাইছিল। অসমৰ গৌৰৱময়ী ইতিহাসৰ সোণালী স্বাক্ষৰ বহন কৰি ৰাখিছে মোগল আৰু তুৰ্কী বিজয়ী এই দুইখন বিখ্যাত যুদ্ধই। অসমৰ জাতীয় জীৱনত শৰাইঘাটৰ যুদ্ধৰ যিমান গুৰুত্ব আছে, অনুৰূপ ধৰণে তুৰ্কী আৰু কামৰূপী সৈন্যৰ মাজৰ এই যুদ্ধখনৰো সমানেই গুৰুত্ব আছে। দুয়োখন যুদ্ধই আমাৰ যুগ যুগান্তৰৰ ৰক্তৰঞ্জিত গৌৰৱৰ কথা সোঁৱৰাই দিয়ে। কামৰূপৰ ৰজা পৃথুৱে খিলজীক পৰাস্ত কৰা এই মহান ঐতিহ্যৰ স্বাক্ষৰ পোৱা যায় উত্তৰ গুৱাহাটীত অৱস্থিত এখন শিলৰ লিপিৰ মাজত, যাক “কানাই বৰশী বোৱা শিলালিপি” বুলি জনা যায়। যুদ্ধজয়ী কামৰূপী সৈন্যৰ এই বীৰগাথা আৰু কামৰূপ দেশৰ প্ৰবল পৰাক্ৰমৰ কথা লিপিবদ্ধ হৈ আছে উত্তৰ গুৱাহাটীৰ এই বিখ্যাত “কানাই বৰশী বোৱা শিলালিপি”ত। এই লিপিত লিখা আছে এইদৰে―
“শাকে তুৰগবুগ্নেষে মধুমাস ত্ৰয়োদশে। কামৰূপম সমাগত্য তুৰস্কা ক্ষয়মায়সু।”
অৰ্থাৎ ১১২৭ শকৰ চ’ত মাহৰ তেৰ তাৰিখে তুৰ্কীসকলে কামৰূপত আহি ক্ষয়প্ৰাপ্ত হৈছিল।
এইখন শিলালিপিয়ে ১২ হাজাৰ তুৰ্কী সৈন্যই কামৰূপত আহি ধ্বংস হোৱাৰ স্বাক্ষৰকে বহন কৰা নাই, এই শিলালিপিত পৰিস্ফুট হৈ আছে ত্ৰয়োদশ শতিকাৰ “অসমীয়া লিপি”ৰ ক্ৰমবিকাশৰো এক প্ৰত্যক্ষ প্ৰমাণ।

এতিয়া কথা হ’ল যে অসমৰ এক অতি গুৰুত্বপূৰ্ণ পৰিঘটনাৰ নিদৰ্শন দাঙি ধৰা “কানাই বৰশী বোৱা শিলালিপি“ৰ এই অৱস্থা কোনে কৰিলে? এটা জাতি, এটা সভ্যতা আৰু এটুকুৰা ভূ-খণ্ডৰ বীৰত্বৰ সোণালী আখৰ খচিত এই লিপিখনত কোনে কি উদ্দেশ্যত এনেকৈ ৰাসায়নিক ৰং সানি ধ্বংসৰ মুখলৈ যাবলৈ এৰি দিছে? যিখন লিপিয়ে আমাৰ মাতৃভাষা অসমীয়াৰ এক দীঘলীয়া ইতিহাসৰ সাক্ষী প্ৰামাণ্য ৰূপত দাঙি ধৰিছে, যিখন লিপিত খোদিত আছে কামৰূপৰ, কামৰূপীয়াৰ, তথা আজিৰ আমাৰ এই অসমৰ,অসমীয়াৰ বীৰত্বৰ গৌৰৱোজ্জ্বল গাথা, সেই লিপিখনত কৃত্ৰিম ৰঙা ৰং লগাই এনেকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়াটো উদ্দেশ্যপ্ৰণোদিত নে কি? কাৰ অবহেলাৰ বাবে আজি শিলালিপিখনৰ এই অৱস্থা? শিলালিপি খনত এনেকৈ ৰং সানি এটা পক্ষৰ আমাৰ ইতিহাসৰ অস্তিত্ব নাশ কৰাৰ এয়া এক পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ নেকি? অসমৰ সকলো সচেতন ৰাইজে ইয়াৰ উত্তৰ বিচৰা উচিত। নহ’লে আমাৰ গৌৰৱময়ী ইতিহাসৰ সোণালী স্বাক্ষৰ বহন কৰা এই শিলালিপি খনৰ অস্তিত্ব সম্পূৰ্ণৰূপে খুউব কম সময়ৰ ভিতৰত লোপ পাব।