• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, May 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Reviews Book

‘এ হীপ অফ ব্ৰোকেন ইমেজেছ’ : ড.দয়ানন্দ পাঠকৰ আত্মকথা

by Editor
April 18, 2024
in Book, Reviews
Reading Time: 2 mins read
0
‘এ হীপ অফ ব্ৰোকেন ইমেজেছ’ : ড.দয়ানন্দ পাঠকৰ আত্মকথা
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

Musings on Books and Copyrights

Musings on Books and Copyrights

April 23, 2026
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
DISSECTING DHURANDHAR: FACTS, FICTION AND PROPAGANDA

DISSECTING DHURANDHAR: FACTS, FICTION AND PROPAGANDA

April 1, 2026

‘এ হীপ অফ ব্ৰোকেন ইমেজেছ‘ : ড.দয়ানন্দ পাঠকৰ আত্মকথা

গ্ৰন্থ পৰিচয়

পৰেশ বৈশ্য

Paresh Baishya
পৰেশ বৈশ্য

আমাৰ অসমীয়া সাহিত্যত আত্মকথা বা আত্মজীৱনী বিষয়ক গ্ৰন্থ খুব কম।

আনহাতে কোনো অসমীয়াই ইংৰাজী ভাষাত আত্মকথা লিখা চকুত পৰা নাই। সেই দৃষ্টিকোণৰ পৰা বিশিষ্ট শিক্ষাবিদ তথা সমালোচক ড.দয়ানন্দ পাঠকে তেওঁৰ আত্মকথা “ এ হীপ অফ ব্ৰোকেন ইমেজেছ” খন ইংৰাজী লিখি এক নতুন ইতিহাস সৃষ্টি কৰা বুলি ক’ব পাৰি।

হয়তো ড.দয়ানন্দ পাঠকেই হ’ব আত্মকথা ইংৰাজীত লিখা প্ৰথমজন অসমীয়া। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে ৭০ বছৰীয়া ড. পাঠকৰ আত্মকথাখন বিগত সাতটা দশকত জীৱন- জগত সম্পৰ্কে অৰ্জন কৰা তেওঁৰ অভিজ্ঞতাৰ দস্তাবেজ স্বৰূপ । ফলত গ্ৰন্থখন এখন আত্মকথা হৈয়ো সমাজৰ এখন দাপোণ হিচাপে চিহ্নিত হৈছে।
'এ হীপ অফ ব্ৰোকেন ইমেজেছ' : ড.দয়ানন্দ পাঠকৰ আত্মকথা

দেউতাকৰ চাকৰিসূত্ৰে ১৯৫১ চনৰ এক ফ্ৰেব্ৰুৱাৰীত আমিনগাঁৱত জন্ম গ্ৰহণ কৰা ড. পাঠকে সেইসময়ৰ আমিনগাঁৱৰ সমাজ জীৱন আৰু বৰ্তমানৰ ৰূপান্তৰ সম্পৰ্কে সুন্দৰ আলোচনা কৰিছে। আত্মকথাখনত তেওঁ বৰপেটাৰ এম চি কলেজৰ অভিজ্ঞতা, কটন কলেজৰ স্মৃতি আৰু কটনত লগ পোৱা কৃতীমান শিক্ষকসকলৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ কথা মনোগ্ৰাহীকৈ আলোচনা কৰিছে।

তেওঁ অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে পোৱা অভিজ্ঞতা আৰু পাছত এই চাকৰি এৰি পুনৰ অধ্যাপনাকে জীৱনৰ ব্ৰত হিচাপে লোৱাৰ আঁৰৰ বিভিন্ন দিশ উল্লেখ কৰিছে।

ইয়াৰ উপৰিও সাম্প্ৰতিক সময়ত অসমৰ বুদ্ধিজীৱীৰ ভয়- শংকা, শ্বেইকছপীয়েৰৰ ‘হেমলেট’ অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়া হিচাপে নিজক পৰিচয় কৰি দিয়া, হাজোৰ সুৰেন দাস কলেজৰ অধ্যক্ষৰ চাকৰি এৰি অহা আৰু প্ৰাগজ্যোতিষ কলেজৰ পৰা অৱসৰ গ্ৰহণৰ দিনা পোৱা মনোকষ্টৰ কথা, পেঞ্চনৰ বকেয়া নোপোৱাত চৰকাৰক সেই ধন দান দিয়া বুলি চিঠি লিখা, বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড.হিমন্তবিশ্ব শৰ্মাই ছাত্ৰাৱস্থাত কটন কলেজ এৰি আহি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হাজোৰ সুৰেন দাস কলেজৰ পৰা দিয়াৰ কথা, অসমত পিএইছডিৰ নামত চলা ভণ্ডামি, এলাহাবাদ বিশ্ববিদ্যালয়ত পিএইছডি কৰাৰ অভিজ্ঞতা আদি ভালেমান তথ্যই আত্মকথাখনত স্থান পাইছে।

অসম অসামৰিক সেৱাৰ বিষয়া হৈ থকা সময়ত চৰকাৰৰ দুৰ্নীতিৰ কথা লিখি কিদৰে চৰকাৰী শাসক যন্ত্ৰৰ আক্ৰোশৰ বলি হ’ব লগা হৈছিল, বিদেশী নাগৰিকৰ সমস্যাৰ কথা আলোকপাত কৰা আদি আন বহুতো কথা গ্ৰন্থখনত উন্মোচিত হৈছে। ড.পাঠকৰ এই আত্মকথাখন আচলতে জীৱন দ্বীপৰ এখনি ভগ্ন চিত্ৰ স্বৰূপ। আত্মকথাখনে পাঠক সমাজক তেওঁৰ ব্যক্তিগত জীৱনৰ ঘাত প্ৰতিঘাতৰ লগতে তেওঁৰ সমাজ বীক্ষণৰ বিভিন্ন দিশৰ সম্ভেদ দিছে।

আত্মকথাখনত তেখেতে পঢ়ি থকা সময়ত বৰপেটাৰ মাধৱ চৌধুৰী কলেজৰ এটি কথা উল্লেখ কৰিছে। সেই সময়ত তাত ছোৱালী আৰু ল’ৰা একে সময়তে শ্ৰেণীকোঠাত সোমাব নোৱাৰিছিল। ছোৱালী বিলাকে শ্ৰেণীত শিক্ষকৰ লগত সোমাব লাগিছিল আৰু শিক্ষকৰ লগত একেলগে ওলাব লাগিছিল। ছাত্ৰী সকলক ছাত্ৰৰ লগত মিলা মিচা কৰাৰ সুযোগ দিয়াৰ নিয়ম নাছিল।

“ইয়াৰ উপৰিও সাম্প্ৰতিক সময়ত অসমৰ বুদ্ধিজীৱীৰ ভয়- শংকা, শ্বেইকছপীয়েৰৰ ‘হেমলেট’ অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়া হিচাপে নিজক পৰিচয় কৰি দিয়া, হাজোৰ সুৰেন দাস কলেজৰ অধ্যক্ষৰ চাকৰি এৰি অহা আৰু প্ৰাগজ্যোতিষ কলেজৰ পৰা অৱসৰ গ্ৰহণৰ দিনা পোৱা মনোকষ্টৰ কথা, পেঞ্চনৰ বকেয়া নোপোৱাত চৰকাৰক সেই ধন দান দিয়া বুলি চিঠি লিখা, বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড.হিমন্তবিশ্ব শৰ্মাই ছাত্ৰাৱস্থাত কটন কলেজ এৰি আহি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হাজোৰ সুৰেন দাস কলেজৰ পৰা দিয়াৰ কথা, অসমত পিএইছডিৰ নামত চলা ভণ্ডামি, এলাহাবাদ বিশ্ববিদ্যালয়ত পিএইছডি কৰাৰ অভিজ্ঞতা আদি ভালেমান তথ্যই আত্মকথাখনত স্থান পাইছে।”

ইয়াৰ উপৰিও আত্মকথাখনত তেওঁৰ পিতৃৰ সংগীত সাধনাৰ কথা, বৰপেটাৰোডৰ ঘৰখনৰ কথা, তেওঁ নিজেও যে সংগীত চৰ্চা কৰিছিল সেই কথা, তেওঁৰ ভাতৃৰ অনুপ্ৰেৰণাত ড.ভূপেন হাজৰিকাই লিখা ” জুয়ে পোৰা তিৰাশী” শীৰ্ষক গীতটোৰ কথা উল্লেখ কৰিছে।

অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হৈ থকা সময়ত তেওঁ অসম সাহিত্য সভাৰ তদানীন্তন সভাপতিদ্বয় ড. ভূপেন হাজৰিকা আৰু লক্ষ্যধৰ চৌধুৰীৰ সান্নিধ্য লাভৰ কথাও সুন্দৰকৈ আলোচনা কৰিছে। কটন কলেজত পঢ়ি থাকোতে ইংৰাজীৰ অধ্যাপক অমৰেশ দত্তৰ ক্লাছে তেওঁক শ্বেইকছপীয়েৰৰ প্ৰতি কিদৰে আকৃষ্ট কৰিলে তাক সুন্দৰকৈ আলোচনা কৰিছে।

অসম ভাষা বিজ্ঞান সমিতিৰ লগত জড়িত হোৱাৰ অভিজ্ঞতা , শংকৰদেৱ আৰু মাধৱদেৱৰ নাটকৰ ইংৰাজী অনুবাদ কৰাৰ বাবে পোৱা পৰিৱেশৰ কথা আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতো তেওঁ কেনেদৰে জড়িত হৈ আছে তাৰ আলোচনা কৰিছে।

'এ হীপ অফ ব্ৰোকেন ইমেজেছ' : ড.দয়ানন্দ পাঠকৰ আত্মকথা

বিশেষকৈ নিউজ ও.পি ২৪, অমৃত নিউজ আৰু দ্য নিউজ প্লাছৰ চেটেলাইট চেনেলত সাংবাদিকতা কৰাৰ কথাবিলাকো আত্মকথাখনত প্ৰতিফলিত হৈছে।

গ্ৰন্থখনত তেওঁৰ পৰিয়াল, আত্মীয় -স্বজনৰ কথাৰ লগতে সহপাঠী সকলৰ লগত তেওঁৰ সান্নিধ্যৰ কথাও সাৱলীলভাৱে উপস্থাপন কৰিছে। আত্মকথাখন ইংৰাজীত লিখিছে যদিও ভাষা অতি সহজ আৰু প্ৰাঞ্জল।

গ্ৰন্থখনৰ শেষত তেখেতৰ জীৱনপঞ্জী সংক্ষিপ্তকৈ দিয়া আছে। সঁচাকৈয়ে তেখেতৰ আত্মকথাখন এখন পঠনীয় গ্ৰন্থ। আত্মকথাখন প্ৰকাশ কৰিছে গুৱাহাটীৰ পানবজাৰৰ অসম বুক হাইভে।মূল্য দুশ টকা।

মোবাইল নম্বৰ: ৯৮৫৯২-৬৩৯৭৩

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Musings on Books and Copyrights
Book

Musings on Books and Copyrights

by Paddaja Roy
April 23, 2026
0

Musings on Books and Copyrights Paddaja Roy Every year, 23rd April is celebrated worldwide as World Book and Copyright Day....

Read moreDetails
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
DISSECTING DHURANDHAR: FACTS, FICTION AND PROPAGANDA

DISSECTING DHURANDHAR: FACTS, FICTION AND PROPAGANDA

April 1, 2026
Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

March 27, 2026
Is “Hamnet” the Most Intimate Portrayal of Grief in Cinema? Inside Chloé Zhao’s Vision and Jessie Buckley’s Oscar-Winning Performance

Is “Hamnet” the Most Intimate Portrayal of Grief in Cinema? Inside Chloé Zhao’s Vision and Jessie Buckley’s Oscar-Winning Performance

March 25, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

February 28, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Preserving Deepor Beel

দীপৰ বিলৰ নীৰৱ বিননি আৰু উন্নয়নৰ কুঠাৰঘাত : “তহঁতে মোক মাৰি পেলালি”

May 13, 2026
Anti Consumerism and the Fight Against Billionaire Power: Why More People Are Rejecting Capitalism

Anti Consumerism and the Fight Against Billionaire Power: Why More People Are Rejecting Capitalism

May 13, 2026
The Gokyo Mandate 2026: How Indigenous Himalayan Knowledge Is Reshaping Global Climate Policy

CLIMATE CHANGE: What Africa and Global South Should Canvass at COP31 in Türkiye

May 13, 2026
The Restoration Revolution: Why the World Is Quietly Getting Better – and Why You Should Know About It

The Restoration Revolution: Why the World Is Quietly Getting Better – and Why You Should Know About It

May 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32205 shares
    Share 12882 Tweet 8051
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13908 shares
    Share 5563 Tweet 3477
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    253 shares
    Share 101 Tweet 63
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3708 shares
    Share 1483 Tweet 927
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6518 shares
    Share 2607 Tweet 1630
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    925 shares
    Share 370 Tweet 231
  • Love in the Age of Ghosting and Situationships

    82 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    77 shares
    Share 31 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    65 shares
    Share 26 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d