• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ঐতিহাসিক ঘটনা প্ৰৱাহৰ ধামখুমীয়াতঃ মটক-মৰাণ জনগোষ্ঠী

-সুশীল কুমাৰ গগৈ

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 1 min read
0
ঐতিহাসিক ঘটনা প্ৰৱাহৰ ধামখুমীয়াতঃ মটক-মৰাণ জনগোষ্ঠী
Share on FacebookShare on TwitterShare on LinkedIn

-সুশীল কুমাৰ গগৈ |

উজনি অসমৰ প্ৰাক্ ঐতিহাসিক কালৰে চাবেক বাসিন্দা মটক-মৰাণসকলৰ নিজৰ কোনো বুৰঞ্জী নাই। থাকিবলৈ মধ্যবিত্তবান শিক্ষিত সমাজখনৰ ধামখুমীয়াখিনিৰপৰা নিজকে সততে নিলগাই ৰাখি জনজাতীয় যৌথ শ্ৰমশক্তি নিৰ্ভৰ সমাজ এখনৰ জীৱন প্ৰণালীত অভ্যস্ত মটক-মৰাণসকলৰ মাজত বুৰঞ্জী লিখাৰ পৰিৱেশ এটা আশা কৰাটোও ভুল হ’ব। সেইবুলি পুৰণি বুৰঞ্জী আৰু আধুনিক কালৰ সমাজ অন্বেষীসকলৰ তথ্যসমৃদ্ধ লেখা-মেলাবিলাকত তেওঁলোকৰ সম্পৰ্কে তথ্য-পাতিৰ বৰ এটা অভাৱ বুলিও ক’ব নোৱাৰি। কাৰণটো স্পষ্ট। কিয়নো ত্ৰয়োদশ শতিকাৰপৰাই অসমত ধাৰাৱাহিক বুৰঞ্জী চৰ্চাৰ পৰম্পৰা সূচনা হোৱা অৱধি বিগত কালেছাৱাৰ বুৰঞ্জী বুলিলে ছশবছৰীয়া আহোম ৰাজত্ব কালৰ বুৰঞ্জীকে মুখ্যতঃ বুজায় আৰু মটক, মৰাণ, চুটিয়া, বৰাহী আদিৰ ভূমিকাৰাজিৰ উল্লেখ-উদ্ধৃতিৰ অবিহনে সেই কালছোৱাৰ বুৰজ্ঞীও অসম্পূৰ্ণ। মাথোঁ, খেলিমেলিজনক কথাটো হ’ল যে এই জনগোষ্ঠীসমূহৰ ভূমিকাৰ কথাবোৰ ইতিহাসত লিপিবদ্ধ কৰোতে লেখকসকলে ৰাজন্যবৰ্গৰ ক্ষেত্ৰত লোৱা সাৱধানতাখিনি তেওঁলোকৰ ক্ষেত্ৰতো একেদৰে লোৱাত মূৰ ঘমাবৰ প্ৰয়োজনবোধ কৰা নাই অথবা কৰা নাছিল। ঐতিহাসিক প্ৰয়োজনত থলুৱা জনগোষ্ঠীসমূহৰ ভূমিকাৰ যিখিনি কথা উল্লেখ নকৰিলেই নহয়, সেইখিনি উল্লেখ কৰোতে গোষ্ঠীটোৰ অন্যপ্ৰকাৰে কিবা হানি-বিঘিনি হ’ব পাৰে নেকি সেইবোৰতো গুৰুত্ব দিয়া নাছিল।

ফলত ‘দেউৰী-চুটিয়া’, ‘বৰাহী-মৰাণ’, ‘চুঙি-হাবুং, ‘ৰাধা-ৰুক্মিণী’ আদি অস্বচ্ছ তথা অন্তহীন বিতৰ্কৰ সৃষ্টি কৰি থকা সংজ্ঞাবোৰৰ দৰে—‘মৰাণেই মটক/মটকেই মৰাণ’, ‘মুআমৰা-মায়ামৰা’, ‘মতেক-মটক’, ‘মোৱামৰা ধৰ্ম-মটক ধৰ্ম’ আদি বুৰঞ্জী লিখাৰ নামত এচাম লেখকে বাছ-বিচাৰহীনভাৱে উল্লেখ কৰি থৈ গৈ ‘মটক’, ‘মতেক’, ‘মৰাণ’, ‘মোৱামৰা’, ‘মায়ামৰীয়া’ এইকেইটাই যে ব্যুৎপত্তিগত আৰু ঐতিহাসিক বিবেচনা তাৎপৰ্যৰ ফালৰপৰাও সুকীয়া অৰ্থমূলক শব্দ, সেইকথা তেওঁলোকেই কেৱল নহয়, মধ্যযুগীয় মনোভাবী আধুনিক বুৰঞ্জী লেখকসকলৰো অনেকেই সীমাহীন অজ্ঞতাৰ বাবেই উপলব্ধি কৰিব নোৱাৰিলে। কিন্তু বুৰঞ্জীত চূড়ান্ত বুলি কোনো সিদ্ধান্ত নাই। যুগৰ নতুন আলোকত উদ্ভাসিত ন ন চিন্তা সম্ভাৰৰ অনুধাৱন-অধ্যয়নে পুৰণি সীমা চেৰাই বুৰঞ্জীক তাৰ সত্যান্বেষী দিশত ধাৱিত হ’বলৈ উৎসাহিত কৰিবই। বুৰঞ্জীৰ যিবোৰ তথ্যই ‘মটক’ এটা ধৰ্মীয় গোষ্ঠী কিম্বা ই এচাম একে ধৰ্মাৱলম্বী লোকৰ ‘Generic term’ বোলা ধাৰণাটোৰ জন্ম দিছে, সেই একেবোৰ তথ্যৰ মাজৰপৰাই এই ধাৰণাটো যে অশুদ্ধ, বৰঞ্চ মৰাণৰ দৰে মটকৰো নৃমূলীয় পৰিচয় এটা যে আছে সেই অনাৱিষ্কৃত সত্যটো তথ্যসমৃদ্ধ আৰু প্ৰণালীবদ্ধ ৰূপত ইতিমধ্যেই বিভিন্নজনৰদ্বাৰা প্ৰকাশিত গৱেষণাধৰ্মী লেখা-মেলাবিলাকত প্ৰকট হৈছে।

মৰাণসকলৰ দৰে মটকসকলেও সুদীৰ্ঘ কালৰ লোকায়তী ধ্যান-ধাৰণাপুষ্ট ধৰ্মীয় জীৱন নিৰ্বাহ প্ৰণালী ওৰ পেলাই এক শিষ্ট আৰু সংস্কৃত জীৱন কটোৱাৰ উদ্দেশ্যেই ১৭ শতাব্দীতে তেওঁলোকে হিন্দুত্ব সাঁচৰ ‘মায়ামৰা বৈষ্ণৱ ধৰ্ম’ গ্ৰহণ কৰিছিল— সেই কথা সঁচা। কিন্তু মুক্তভাৱে ক’বলৈ গ’লে সি হিন্দুত্ব বা সাংস্কৃতিয়ানৰ নামান্তৰহে আছিল। বৈষ্ণৱী হ’বলৈ গৈ প্ৰকৃতপক্ষে বৈষ্ণৱ ধৰ্মৰ সামাজিক ভূমিকা আৰু গণতান্ত্ৰিক চৰিত্ৰটোক নিজস্ব লোকায়তী ধ্যান-ধাৰণা আৰু ‘একেশ্বৰবাদ’তকৈ ‘গুৰুবাদ’ত অৰ্থাৎ নিজ গুৰুৰ অধিক শ্ৰেষ্ঠতা দি বৈষ্ণৱ মাৰ্গক নিজৰ জনজাতীয় আৰ্হিৰেহে গঢ় দি লৈছিল। যাৰ বাবেই আচলতে অসম বহল বৈষ্ণৱ সমাজখনৰ কথা বাদেই— আনকি মায়ামৰা বৈষ্ণৱ সমাজখনতে তেওঁলোকৰ ৰীতি-নীতিয়ে সমানে স্বীকৃতি পোৱা নাই। উদাহৰণস্বৰূপে, মায়ামৰা বৈষ্ণৱ ধৰ্মীয় মটকসকলে পূজা-সেৱা বিধি সকামৰ ভোজভাতত হাঁহ, পাৰ আদি বধ কৰি ভক্ষণ কৰে। মায়ামৰা উচ্চ হিন্দু বা অন্যান্যসকলৰ মাজত এনে প্ৰথা নাই। মটকসকলে বিগ্ৰহৰ দৰে থাপনাত শাস্ত্ৰ স্থাপন কৰি গোট খোৱা ৰাইজৰ সাক্ষীগোপাল কৰি বিবাহৰ কাম সম্পন্ন কৰে। কিন্তু আনসকলে ‘হোম’ পোৰে বা ‘চকলং’ পাতে। মটকৰ ছোৱালীয়ে বিহুত গছতলত বিহু নাচে। বিধৱা নাৰীৰ পুনৰ বিবাহ অনুমোদন জনায়, যিটো আনসকলে নকৰে। এয়া মাথোঁ কেইটামান উদাহৰণহে।

মটকসকলৰ ধৰ্মীয় আচাৰ-সংস্কাৰণ, শৰণ প্ৰণালী, শাস্ত্ৰ থাপনা কৰা পদ্ধতি, নামঘৰ নিৰ্মাণ আদিৰ আৰ্হি বহুক্ষেত্ৰত সুকীয়া। যিবোৰ আন বৈষ্ণৱী শিষ্ট সমাজখনৰদ্বাৰা পৰিত্যক্ত। ‘মটক’ বুলি কোনো জাতি-গোষ্ঠী নাই, ‘একমত স্থিৰ হৈ ৰোৱাৰ বাবেই মতেক’ বা ‘মটক’— এই প্ৰবাদ সৃষ্টিৰে তেওঁলোকৰ সহজ-সৰল জনজাতীয়সুলভ মনবোৰত হিন্দুত্বৰ চাপ দি লোকপিয়লত তেওঁলোকক ‘মটক’ বুলি পৰিচয় দিয়াৰ ঠাইত ‘হিন্দু’ বুলি পৰিচয় দিবলৈ প্ৰলুব্ধ কৰি পিয়লত হিন্দুৰ সংখ্যা ৰাজনৈতিকভাৱে গৰিষ্ঠ কৰিলে হয়তো সঁচা। পাছে হিন্দুত্বৰ সেই চাপে হিন্দু তথা বহল অসমীয়া সমাজখনৰ কথাটো বাদেই আনকি অন্যান্য বৈষ্ণৱসকলৰ লগতো একেলগে হৰিনাম গাবলৈ বহিবলৈ ঠাই এডোখৰ তেওঁলোকে আজিও নাপালে।

টাই মংগোলীয় বৃহৎ ‘ফুথাই’ নামৰ শাখাটোৰ ‘ফু-খ্যাও’ (বগাটাই) বুলি বুৰঞ্জীত সুপৰিচিত মটকসকলে ত্ৰয়োদশ শতিকাত টাই আহোমসকলে অসমলৈ অহাৰ বহু পূৰ্বেই সৌমাৰখণ্ডত বসতি লৈ—‘পূবে চফ্ৰাই নদী, পশ্চিমে ব্ৰহ্মপুত্ৰ, উত্তৰে বুঢ়ীদিহিং আৰু দক্ষিণে দিচাং নদী’— এই ভূখণ্ডত নিজাকৈ সৰু ৰাজ্য এখন প্ৰতিষ্ঠা কৰি বসবাস কৰিছিল। আহোমসকলে তেওঁলোকৰ একে গুৰিবংশৰ এই মটক (টাই ভাষাত ম= বুদ্ধিমান + টক= উপযুক্ত) সকলৰ বুদ্ধিমান যেন জ্ঞান কৰি ৰাজ্য বিস্তাৰত সহযোগী কৰি লোৱাৰ লগতে তেওঁলোকক আনখ্যাও ‘ফু-খ্যাও’ অৰ্থাৎ ‘আগেয়ে অহা ফু-খ্যাও বুলিছিল আৰু ‘The Matak descended from phukhau family (A family originated from seed sewn), বুলি অভিহিত কৰিছিল। আনহাতে ধৰ্মীয় পৰম্পৰাৰ আচাৰ-সংস্কাৰত দেখি পোৱা কিছুমান আচহুৱা বিশিষ্টতাৰ প্ৰতি লক্ষ্য কৰি তেওঁলোকক ‘মুআমৰা’ (মোৱামৰা > মোহমাৰী>মোহমৰীয়া) আখ্যা দিছিল। যাৰ ব্যাখ্যা টাই আহোম ভাষাত (মু+আ+ম+ৰা) ‘হাতেৰে চৰুৰ বিঘিনি গাঁঠি গুচোৱা বা তামোল কটা বৰ দেউৰী।’ অৰ্থাৎ ঐতিহাসিক তথ্যভিত্তিক ‘মটক’ আৰু ‘মোৱামৰা’ কিম্বা ‘মোৱামৰীয়া’ বা ‘মোহামাৰী’ একেখিনি মানুহ আৰু নৃ-গোষ্ঠীগতভাৱে তেওঁলোক টাই মংগোলীয় দলৰ।

গেইট চাহাবে তেওঁৰ ‘A History of Assam’ গ্ৰন্থৰ ১৯৫ পৃষ্ঠাত উল্লেখ কৰি যোৱা ধৰণেৰে— “Moran is the name of the tribe and Moamaria that of sect, while matak refers to the country once ruled by the Borsenapati” বোলা ব্যাখ্যাটোৰ আঁত ধৰি বহুতে বৰসেনাপতিয়ে শাসন কৰা ৰাজ্যখণ্ডটোৰপৰাহে ‘মটক’ শব্দটোৰ উৎপত্তি বুলি ক’ব খোজে। কিন্তু প্ৰকৃততে মটক জনগোষ্ঠী লোকৰ বসতিপ্ৰধান হোৱা সূত্ৰেহে যে মাটিবৰ সেনাপতিয়ে শাসনৰ কৰা ৰাজ্যখণ্ডৰ নাম মটক ৰাজ্য হৈছিল, সাম্প্ৰতিক বুৰঞ্জীবিদসকলৰ লেখাত তাৰ ভু পোৱা যায়। গেইট চাহাবৰ ‘A History of Assam’ নামৰ প্ৰসিদ্ধ বুৰঞ্জীখনৰ অসমীয়া অনুবাদকাৰী বুৰঞ্জীবিদগৰাকীয়ে বুৰঞ্জীখনৰ ১৯৫ পৃষ্ঠাত লিপিবদ্ধ বিশেষ টোকাটোকো আনকি সংশোধন কৰি ‘বহুতো লেখকে মৰাণ, মটক আৰু মোৱামৰীয়াক থোৰতে একেবাৰে মানুহ বুলি কৈ ভুল কৰিছে। দৰাচলতে মৰাণ এটা জনজাতিৰ নাম। মোৱামৰীয়াসকল হ’ল এটা ধৰ্মমত মানি চলা লোক আৰু মটক হ’ল আন এটা জনজাতি’ বুলি মন্তব্য প্ৰকাশ কৰি যোৱা কথাটো এই প্ৰসংগত প্ৰণিধানযোগ্য। আনকি মাটিবৰ সেনাপতিৰ বংশধৰসকলে নিজকে ‘চুটিয়া’ বুলিহে পৰিচয় দিছে যদিও ৰায়বাহাদুৰ গোলাপ চন্দ্ৰ বৰুৱাৰ ‘Ahom Buranji’-ৰ ৩৮ পৃষ্ঠাত উল্লেখ থকা ‘Then the king appointed three Katakis, One Kamateswar, Once Chutia of Matak origin and one Kuchari of Naga origin’ বোলা ব্যাখ্যাটোৰ আঁত ধৰি চালে তেওঁলোকো মটক মূলৰ চুটিয়া বুলি প্ৰতিপন্ন হয় আৰু ৰাজ্যখনক ‘মটক’ বা মোৱামৰীয়া জাতিৰ (Bengara Country of Moamoreeya tribe” : Hamilton) ৰাজ্য বুলি কোৱাৰ যথাৰ্থক ভিত্তি বিচাৰি পোৱা যায়।

বিভিন্ন নৃগোষ্ঠীয় লোকৰদ্বাৰা সংগঠিত মায়ামৰীয়া বৈষ্ণৱ ধৰ্মীয়পন্থী গোটটোৰ নাম (Generic term) অনেকে মূল্যায়ন কৰিব খোজাৰ দৰে ‘মটক’ নহয়, ব্যুৎপত্তিগত অৰ্থাৎ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ চৰিত পুথিয়ে বৰ্ণনা কৰা মতে ‘মতেক’হে, অৰ্থাৎ একমতত স্থিৰ হৈ ৰ’ব পৰাৰ বাবে—মত+এক=মতেক’। সেইদৰে একেখন চৰিত পুথিয়েই বৰ্ণনা কৰাৰ দৰে ‘মায়াসৰ্প’ সৃষ্টি কৰি আদি গুৰুগৰাকীয়ে নিৰ্বাণ কৰি দেখুৱাব পৰাৰ বাবেই বৈষ্ণৱ কালসংহতিৰ সেই ধৰ্মীয় ধাৰাটোৰ নাম— ‘মায়ামৰা’ বা ‘মায়ামৰীয়া’ ধৰ্মহে ‘মোৱামৰীয়া’ নহয়। ‘মটক’ক ‘মতেক’ লৈ আৰু ‘মোৱামৰীয়া’ক –‘মায়ামৰা’ লৈ সম্পৰ্কিত কৰি ‘মটক’ জনজাতীয় নামটোৰ নৃগোষ্ঠীয় স্বৰূপটো ভাঙি তাক সংস্কৃত কৰা আৰু একেদৰে ‘মুআমৰা’ মোৱামৰা> মোহামাৰী’ নামটোও সংস্কৃতিকৰণৰ উদ্দেশ্যেই যে ‘মায়ামৰা’ নামটো অৱতাৰণা কৰাৰ কাৰণ জড়িত হৈ আছিল সেই কথা সাম্প্ৰতিক কালৰ বুৰঞ্জীবিদৰ গৱেষণা নিৰীক্ষণতে উদ্ঘাটিত হৈছে। গতিকে বাস্তৱিক কথাটো হ’ল — ‘মতেক’ বা ‘মায়ামৰীয়া’হে মূলগতভাৱে বিভিন্ন নৃ-মূলীয় লোকৰ এক ধৰ্মীয় গোট বা লোকসমষ্টি (Generic term)। তাৰ বিপৰীতে ‘মটক’ক ‘মতেক’লৈ আৰু ‘মোৱামৰা’ক ‘মায়ামৰীয়া’লৈ সংস্কৃতিকৰণৰ সুবাদত ‘মটক’ আৰু ‘মোৱামৰা’ সংজ্ঞা দুটাক Generic term বা সৰলীকৃত অৰ্থাৎ সাধাৰণ জনসমষ্টি বুলি গণ্য কৰাটো অসমীচীন হ’ব। কিয়নো বুৰঞ্জীৰ নিৰ্মোহ বিচাৰ্যত দুয়োটা সংজ্ঞাৰে ব্যুৎপত্তি নৃ-মূলীয়হে, অৰ্থাৎ শব্দ দুটাই এটা ঐতিহাসিক জনগোষ্ঠীকহে বুজায়।

‘মটক’ বা ‘মোৱামৰা’সকল মায়ামৰা বৈষ্ণৱ ধৰ্মৰ অন্তৰ্গত অন্যান্য ভালেমান নৃ-গোষ্ঠীয় লোকসকলৰ মাজৰ টাই মংগোলীয় মূলৰ এক সুকীয়া নৃ-গোট। ১৭ শ শতাব্দীতেই তেওঁলোকে এই ধৰ্মীয় ধাৰাটোৰ অনুগামী হৈছিল। কিন্তু কথা হ’ল ধৰ্ম এটাৰ অনুগামী হোৱা আৰু সেই ধৰ্মৰ শিষ্ট উপাদানখিনিৰে অনুগামীসকল সু-সংস্কৃতিবান হৈ উঠা— দুটা সুকীয়া কথা। মটকসকলৰ ক্ষেত্ৰত প্ৰথমটোহে হ’ল, দ্বিতীয়টো নহ’ল আৰু আজিও সেই দিশত লক্ষ্যণীয় ন-বিন্যাস সাধন কিবা হৈছে বুলি সুনিৰ্দিষ্টকৈ ফঁহিয়াই দৰ্শাব নোৱাৰি। তেওঁলোকৰ ধৰ্মীয় সামাজিক জীৱন অতি সম্প্ৰতিও বহু পৰিমাণে প্ৰাচীন লোকায়তী ধ্যান-ধাৰণাৰদ্বাৰা নিয়ন্ত্ৰিত।

মৰাণসকলৰ ক্ষেত্ৰতো সেই একোটা পৰিঘটনাই বৰ্তি থকা দেখা যায়। মটকসকলৰ দৰে মৰাণসকলেও সোতৰ-ওঠৰ শতিকাতে মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল যদিও লোকায়তী তান্ত্ৰিক ধ্যান-ধাৰণাৰ বহু অৱশেষ তেওঁলোকৰ মাজত আজিও সক্ৰিয়ভাৱে বৰ্তি আছে। নৱবৈষ্ণৱ ধৰ্মৰ অৰ্বাচীন পৰিকাঠামোটোত তেওঁলোকৰ পূৰ্বৰ জনজাতীয় বৈশিষ্ট্যই নিজাববীয়া ঠাই এডোখৰ উলিয়াই লৈছে আৰু ধৰ্মৰ মূল বস্তুক আঘাত কৰা নাই যদিও সিবোৰৰ সজীৱ স্থায়িত্বই জনগোষ্ঠীটোৰ ধৰ্মীয় সামাজিক জীৱন কম প্ৰভাৱান্বিত কৰি নৰখাকৈ থকা নাই। বৰঞ্চ মটকসকলতকৈ এইক্ষেত্ৰত তেওঁলোক সংবেদনশীল হৈ ৰোৱাটোহে প্ৰত্যক্ষ কৰা যায়। হয়তো গুৰু ফৈদৰ হোৱা বাবেই।

এইখিনিতে মটক আৰু মৰাণৰ মাজৰ নৃতাত্ত্বিক সমাজ তাত্ত্বিক সম্পৰ্কৰ কথাটোও স্বাভাৱিকতে আহি পৰে। নৃতাত্ত্বিক দিশৰপৰা মটক আৰু মৰাণ উভয়ে যে টাই মংগোলীয় বৃহৎ ‘ফুথাই’ ঠালৰ, সেই কথাৰ সম্ভেদ ঐতিহাসিক তথ্যই আমাক দিয়ে। অৰ্থাৎ গোষ্ঠীগতভাৱে উভয়ে সমপৰ্যায়ৰ একে মূলৰ মানুহ। কোনো কোনোৱে সেয়েহে মটক আৰু মৰাণৰ মাজৰ সীমা বা ব্যৱধান ৰেখাডাল ‘বৰ ক্ষীণ’ বুলি উল্লেখ কৰিছে। পাছে সেই ক্ষীণতা কোনখিনিত তাক নিৰ্ণয় কৰি দিব পৰা নাই। আমি প্ৰত্যক্ষ কৰাত ‘টাই খেক্লাই বেত’ত উল্লেখ থকা আৰু ইতিপূৰ্বে তথ্যবিজ্ঞমহলে স্থানান্তৰত বিশদভাৱে মুকলি কৰি থৈ যোৱা ব্যাখ্যা এটাই এই ক্ষীণ সীমাৰেখাডালৰ সম্ভেদ আমাক দিয়ে। সেই ব্যাখ্যা মৰ্মে— ‘মটক আৰু মৰাণসকল মংগোলীয় আৰু ‘টাই বা’, অৰ্থাৎ চীন তিৰ্বতীয় গোষ্ঠীৰ ভাষিক লোক। টাই মংগোলীয় জাতিৰ সৃষ্টি সূত্ৰত প্ৰত্যেকৰে দুটাকৈ ফৈদ আছে। এটা ‘শাসক ফৈদ’ আনটো ‘গুৰু ফৈদ’। মটকসকল হ’ল শাসক বা ৰাজ ফৈদৰ, মৰাণসকল গুৰু ফৈদৰ। তদুপৰি টাই মংগোলীয় গোষ্ঠীৰ মানুহ হিচাপে চুটিয়া, কছাৰী, বড়ো, কোচ, বৰাহী, মটক, মৰাণ, দেউৰী, মিৰি-মিচিং, ৰাভা, মণিপুৰী, নেপালী এইকেউটাই ‘কফি’ শাখা অন্তৰ্ভুক্ত গোষ্ঠী বুলি উল্লেখ থকাৰ কথাও জনা যায়। গতিকে বুজাত অসুবিধা নহয় যে ভৌগোলিক ঐতিহাসিক পটভূমি (মৰাণসকল উজনিৰ ন-খোলা আৰু মটকসকল নামনিৰ ন-খোলাৰ)ত ভিন্ন ভিন্ন উপাদানেৰে পৰিপুষ্ট হৈ সুকীয়া সুকীয়া নাম আৰু পৰিচয়েৰে ব্যুৎপত্তি লভিলেও তেওঁলোক গোষ্ঠীত একে মূলৰ মানুহ। তেওঁলোকৰ আগমনো একে সময়ৰ আৰু ছুকাফাৰ আগমনৰো বহুকালৰ আগৰ। নৃতাত্ত্বিক দিশৰপৰা উভয়ে একে টাই মংগোলীয় ‘ফুথাই’ ঠালৰ ‘কফি’ শাখাৰ লোক। সমপৰ্যায়ী একে মূলৰ গোষ্ঠী হিচাপে ৰাজত্ব চলাইছিল বাবেই ৰজা ‘বদৌচা’ মৰাণৰো ৰজা, মটকৰো ৰজা। ‘বাঁহগৰীয়া বংশাৱলী’ বুৰঞ্জীত উল্লেখ থকা প্ৰাক আহোম যুগৰ ‘বুঢীদিহিং-দিচাং আৰু চফ্ৰাই লুইতৰ মাজৰ’ মটকৰ ৰাজ্যখন যিদৰে মটক-মৰাণ উভয়ৰে ৰাজ্য একেদৰে সৰ্বানন্দ সিংহই প্ৰতিষ্ঠা কৰা ‘বেংমৰা’ ৰাজ্যখনো মটক-মৰাণ উভয়ে নিজৰ বুলি কোৱাত কোনো অস্বাভাৱিকতা নাই।

সি যি নহওক, নিজা ভৌগোলিক অৱস্থান আৰু আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিপ্ৰেক্ষিতত মটক-মৰাণসকলে সুদীৰ্ঘকালৰ একান্নৱৰ্তী তথা যুগ্ম ইতিহাসৰ যৱনিকা পেলাই সুকীয়া সুকীয়া জনগোষ্ঠী হিচাপেই আপোন তৎপৰতাৰে আজি বুৰঞ্জীত নিজাববীয়া ঠাই এডোখৰ ঐতিহাসিকভাৱেই প্ৰতিষ্ঠা কৰি ল’বলৈ সক্ষম হৈছে। এই সন্দৰ্ভত পুনৰ বিন্যাসৰ কিবা প্ৰয়োজন বা সেই বিষয়ে চিন্তা-চৰ্চাৰ অৱকাশ আছে বুলি ভাবিবৰ কোনো কাৰণ দেখা পোৱা নাযায়। কিয়নো ‘কোনো একপ্ৰকাৰ প্ৰজাতীয় উপাদান বিভিন্ন জনসমষ্টিত বিভিন্ন ৰূপ লৈ থাকিব পাৰে। বিভিন্ন প্ৰক্ৰিয়াৰ ফলত প্ৰজাতিৰ মাজৰ পৰিৱৰ্তনশীলতাৰ বাবে এনে অৱস্থা চকুত পৰে। ইয়াক জনসমষ্টিৰ ‘স্থানীয় ৰূপ’ বুলিও ক’ব পাৰি। অঞ্চলভেদে একোটা প্ৰজাতিৰ মানুহে বিভিন্ন ৰূপলৈ ভিন্ন জনসমষ্টি গঠন কৰাৰ দৃষ্টান্ত বহুত আছে’ (ড৹ ভুৱনমোহন দাসঃ ‘অসমৰ মানুহঃ প্ৰজাতি আৰু সংস্কৃতি’, পৃঃ ১২, ১৩)। মটক আৰু মৰাণ সম্প্ৰতি এক প্ৰজাতিমূলৰ তেনে দুটা ভিন্ন ৰূপ বুলিয়ে বিবেচনা কৰাটোহে যুগুত হ’ব।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মটক-মৰাণ জনগোষ্ঠী
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d