• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ঐতিহাসিক পটভূমিত টাই-আহোমৰ ৰাজনৈতিক-সামাজিক স্থিতিঃ এক চমু অৱলোকন

-চাও মনোৰঞ্জন ফুকন

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 2 mins read
0
ঐতিহাসিক পটভূমিত টাই-আহোমৰ ৰাজনৈতিক-সামাজিক স্থিতিঃ এক চমু অৱলোকন
Share on FacebookShare on TwitterShare on LinkedIn

-চাও মনোৰঞ্জন ফুকন |

আগকথাঃ টাইসকলৰ আদিম বাসস্থান সম্পৰ্কে কিছু বিতৰ্ক থাকিলেও চীন দেশেই টাইসকলৰ আদিম বাসস্থান বা মূল গৃহভূমি আছিল বুলি বিশ্বৰ সৰহভাগ পণ্ডিতে সহমত পোষণ কৰা দেখা যায়। সেই অনুসাৰে চীন দেশৰ প্ৰাচীন সভ্যতা টাই জাতিৰদ্বাৰাই বিকশিত আৰু সম্প্ৰসাৰিত হৈছিল বুলিও পণ্ডিতসকলে মতপোষণ কৰে। এনে প্ৰেক্ষাপটৰপৰাই ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ব্ৰহ্মপুত্ৰ উপত্যকা বা অসমভূমিত বসবাস কৰি থকা টাই-আহোমসকলৰ ৰাজনৈতিক, সামাজিক স্থিতিৰ অতীত আৰু বৰ্তমান সম্পৰ্কে বিচাৰ কৰি চোৱাৰ প্ৰাসংগিকতা আছে। চীনৰ ইউনান অঞ্চলৰ পাহাৰীয়া ভূভাগত বসবাস কৰি থকা ‘টাই-আই’ অৰ্থাৎ ডাঙৰ ঠালৰ টাই লোকসকলে কালক্ৰমত আহি ম্যুংমাউ নদীৰ পাৰত বসবাস কৰিবলৈ লোৱাৰ লগতে ‘মাউ-শ্বান’ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ ধৰে। এই ভূখণ্ডকে পৰৱৰ্তী পৰ্যায়ত ‘ম্যু-মাউ-লুং’ হিচাপে অভিহিত কৰা হ’ল আৰু এই ভূখণ্ড ভৌগোলিকভাৱে উত্তৰ বাৰ্মাৰ (বৰ্তমান ম্যানমাৰ) অন্তৰ্ভুক্ত হৈ পৰিল। ম্যুংমাউ নদীৰ পাৰত ৰাজ্য প্ৰতিষ্ঠা তথা ৰাজ শাসন চলোৱাৰ বাবেই বৃহৎ টাই জাতিৰ এই লোকসকলক ‘টাই-মাউ’ বা ‘মাউ-শ্বান টাই’ বুলি বুৰঞ্জীত পৰিচিতি প্ৰতিষ্ঠিত কৰা হ’ল। এনেকৈয়ে এই মাউ-শ্বান ‘টাই বংশৰে নতুন পুৰুষ চাওলুং ছুকাফা আৰু তেৱেঁই সৈন্য-সামন্তসহিতে প্ৰায় ন-হেজাৰ লোক লগত লৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজনৈতিক ভেটি প্ৰতিষ্ঠা কৰিছিলহি। বুৰঞ্জীৰ লেখমতে সেয়া আছিল ১২২৮ খ্ৰীঃৰ ১৬ আঘোণৰ এক সোণালী পুৱা। আঘোণৰ পকাধান সেই সময়ত সোণালী হৈ জিলিকি আছিল। চাওলুং ছুকাফাই অলপো নভবাকৈ কৈ উঠিল— ‘ম্যুং-দুন চুন খাম’ অৰ্থাৎ ‘সোণালী শস্যৰ দেশ’। পৰৱৰ্তী পৰ্যায়ত ‘অসম’ নামেৰে এই ভূখণ্ড পৰিচিত হৈ পৰিলেও অন্য নাম ‘ম্যুং-দুন চুন-খাম’ হিচাপেও জনাজাত হৈ পৰিল। মূলতঃ এই বিৰাট ৰাজনৈতিক অভিযান চাওলুং ছুকাফাই ১২১৫ খ্ৰীঃতে আৰম্ভ কৰিছিল আৰু অনেক পৰ্বত-ভৈয়াম, নদ-নদী, হাবি-জংঘল পাৰ হৈ আহিহে বৰ্তমান অসমৰ উজনি খণ্ডত প্ৰৱেশ কৰিছিলহি। চাওলুং ছুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকালৈ ৰাজ্য বিস্তাৰৰ এই ৰাজনৈতিক অভিযান আৰম্ভ কৰাৰ পূৰ্বেই এই ঠাইৰ ভৌগোলিক জ্ঞান আহৰণ কৰি লোৱাৰ লগতে ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনৰো কিছু অভিজ্ঞতা আৰু তথ্য আহৰণ কৰি লৈছিল। স্বাভাৱিকতে পুনৰ উভতি নোযোৱাৰ সংকল্পৰে তেওঁ সম্পূৰ্ণ দৃঢ় হৈ অহাৰ বাবে এই সংকল্পৰ প্ৰেৰণাই তেওঁৰ এই বিপদসংকুল অভিযানক সহজ কৰি তুলিছিল। ম্যুং-মাউৰপৰা নাম-তি-লাউ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পাৰলৈকে এই সুদীৰ্ঘ প্ৰায় পোন্ধৰ বছৰীয়া যাত্ৰাত চাওলুং ছুকাফাই বিভিন্ন ঠাইত অস্থায়ী বসতি স্থাপন কৰি খেতি-খোলা কৰি খাই ধীৰে-সুস্থিৰে এক পৰিকল্পিত পদক্ষেপেৰে মূল লক্ষ্যৰ পিনে অগ্ৰসৰ হৈছিল। তদুপৰি চাওলুং ছুকাফাই পূৰ্বে প্ৰস্তুত হৈ থকা সম্পূৰ্ণ এটা কাজুৱা প্ৰশাসনিক গোটক লগত লৈ আহিছিল। সেয়ে প্ৰথমে অস্থায়ী ৰাজধানী স্থাপন কৰিয়ে প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰিছিল। এনেদৰে পদাৰ্পণৰ পাছৰ প্ৰায় চৌব্বিছ বছৰ কাল এই দেশৰ প্ৰকৃতি আৰু মানুহৰ লগত ভৌগোলিক অৱস্থিতিৰ বিস্তৃত অধ্যয়ন কৰি শেষত গৈ ১২৫৩ খ্ৰীঃত চৰাইদেউত স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। তদুপৰি মৰাণ, বৰাহীৰ মুখিয়ালসকলেও ৰাজধানীৰ বাবে চে-ৰায়-দয়েই উত্তম স্থান হ’ব বুলি কোৱাত ছুকাফাই ৰাজধানীৰ বাবে এই ঠাইকে চূড়ান্তভাৱে নিৰ্বাচন কৰিছিল।

            আহোম ৰাষ্ট্ৰ আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণিঃ চাওলুং ছুকাফাই যুদ্ধৰদ্বাৰা দেশ জয় কৰাৰ সপোন লৈয়ে এই ভূখণ্ডত পদাৰ্পণ কৰিছিলহি। ম্যুং খাম জাং বৰ্তমান ম্যানমাৰত অন্তৰ্ভুক্ত হোৱা অঞ্চলত স্থানীয় বাসিন্দা নগাসকলকে ধৰি বাকী যিসকল লোকে ছুকাফাৰ এই জয়যাত্ৰাত বাধা প্ৰদান কৰিছিল তেওঁলোকক অতি নিষ্ঠুৰভাৱে দমন কৰিছিল। তেওঁলোকক পৰাজয় কৰি সেই অঞ্চলত এক স্থানীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি বিষয়াসকলক সংস্থাপিত কৰি থৈ আহিছিল। সমতল অঞ্চললৈ আহি তেওঁ এই নীতিৰ পৰিৱৰ্তন ঘটাইছিল অৰ্থাৎ যুদ্ধৰ পৰিৱৰ্তে সম্প্ৰীতিৰ নীতি গ্ৰহণ কৰিছিল। মূলতঃ ছুকাফাই সমতলভূমিত আহি একে মংগোলীয় মূলৰ মৰাণ, বৰাহী, মটক, কছাৰী আদি জনগোষ্ঠীৰ সৈতে ভেটা-ভেটি হৈছিলহি। অসংগঠিত ৰূপত বসবাস কৰা এই জনগোষ্ঠীসমূহৰ মানসিকতাত চাওলুং ছুকাফাই তীব্ৰ শত্ৰুতাৰে সমুখ-সমৰত যুদ্ধ কৰাৰ আগ্ৰহ বা প্ৰস্তুতি দেখা নাপালে। সেয়ে দূৰদৰ্শিতাৰে ছুকাফাই অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগ কৰি ৰক্তক্ষয়ৰ অযথা পৰিস্থিতি সৃষ্টি নকৰিবলৈ মনস্থ কৰিলে। কিছুদিন ৰেহৰূপ অধ্যয়ন কৰি ছুকাফাই দূত প্ৰেৰণ কৰি থলুৱা থানগিৰিসকললৈ বাৰ্তা প্ৰেৰণ কৰি ক’লে— ‘‘আমি আলহী, তোমালোক থানগিৰি। আমি উজনি ৰাজ্যৰপৰা আহিছো। গাঁও-ভূঁইখন চিনাকি কৰি দি ক’ত থাকিবলৈ ভাল হয় আমাক দেখুৱাই দিব লাগে। ইয়াৰ বিনিময়ত ছুকাফাই অদ্ভুত ধৰণে সঁহাৰি লাভ কৰিছিল আৰু মিত্ৰভাৱে থলুৱা থানগিৰিৰ মন জয় কৰি অনুষ্টুপীয়াকৈ হ’লেও আহোম ৰাষ্ট্ৰ গঠনৰ পাতনি মেলিছিল। এয়াই আছিল আহোম ৰাষ্ট্ৰগঠনৰ আৰম্ভণি আৰু এনেকৈয়ে পৰৱৰ্তী চাওফাসকলে (স্বৰ্গদেউসকলে) অসমত ছশ বছৰ কাল ৰাজনৈতিক নেতৃত্ব প্ৰদান কৰিছিল। বুৰঞ্জী সমালোচক দুই-একে ছুকাফাৰ এই বিচক্ষণতা তথা দূৰদৰ্শিতাক অৱমূল্যায়ন কৰি ক’ব বিচাৰে যে, ‘ছুকাফাই বিজেতাৰ গৌৰৱৰ দাবী কৰাৰ অধিকাৰ নাই।’ ই সম্পূৰ্ণ এক বায়ৱীয় দৃষ্টিভংগী।

            আচলতে হিংসা-হত্যা, লুণ্ঠন তথা অত্যাচাৰ কেতিয়াও দূৰদৰ্শিতাৰ বিকল্প হ’ব নোৱাৰে। অসংগঠিত ৰূপত থকা থলুৱা-থানগিৰিসকলে যুদ্ধ কৰা হ’লেও হয়তো ছুকাফাৰ সংগঠিত বাহিনীৰ সমুখত সফলতা লাভ কৰিব নোৱাৰিলেহেঁতেন। মধ্যযুগৰ সামন্তীয় ব্যৱস্থাত যুদ্ধৰ লগতে সন্ধি স্থাপন, বশ্যতা স্বীকাৰ বা পৰাজয়বৰণ এক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে পৰিগণিত হৈছিল। সেয়ে, অপ্ৰৰোচিতভাৱে আক্ৰমণ কৰি ধ্বংস-যজ্ঞ নচলোৱাকৈ ছ্যুকাফাই যি সম্প্ৰীতিৰ নীতিৰে অগ্ৰসৰ হৈ ৰাজ্য বা ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰিছিল তাৰ যোগেদি ছুকাফাৰ ৰাজনৈতিক ভেটি সুপ্ৰতিষ্ঠিত হোৱাত এই নীতিয়ে অতি প্ৰশস্ত ৰূপত সহায় কৰিছিল। ছুকাফাৰ এই নীতি সৰ্বকালৰ বাবে সেয়ে প্ৰশংসনীয় আছিল।

            ছুকাফাৰ সৈতে দুই মন্ত্ৰী (চাও-থাও-লুং, চাও ফ্ৰং-ম্যুং), পণ্ডিত শ্ৰেণী (মছাম-মছাই-মপ্লং), বিষয়া (ফু-কিন ম্যুং) আদি সকলোৰে লগতে সৈন্যসকলো আহিছিল। সৈন্যবাহিনীৰ দঙুৱা লোকৰ বাহিৰে বাকীসকল গোট আৰু পৰিয়ালপৰিজনসহ আহিছিল। সেয়ে, তিৰোতাসকলো এই অভিযানত নিশ্চিতভাৱেই আহিছিল। লগত অহা উপযুক্ত ব্যক্তিসকলে নতুন ঠাইত ৰাজ শাসনৰ বিভিন্ন দায়িত্ব চম্ভালাৰ লগতে লাহে লাহে থলুৱা লোকসকলকো বিষয়বাব তথা উপাধি প্ৰদান কৰি সংস্থাপিত কৰিবলৈ ধৰিলে।

            চাওলুং ছুকাফাৰ কৃষিভিত্তিক প্ৰচুৰ জ্ঞান আছিল। এই অঞ্চলত অনুন্নত এক কৃষি ব্যৱস্থা চলি থকাৰ বাবে কৃষিকাৰ্যৰদ্বাৰা পৰ্যাপ্ত উৎপাদন লাভ নহৈছিল। ছুকাফাই ইয়াৰ কৃষিখণ্ডক নতুনকৈ সংগঠিত কৰি অধিক উৎপাদন লাভৰ ব্যৱস্থা কৰাৰ লগতে আবাদী হৈ পৰি থকা জলাহ-পিটনি, হাবি ভাঙি নতুনকৈ মাটি উলিয়াবলৈ ধৰিলে আৰু থলুৱা লোককো এই বিষয়ে জ্ঞান দি সংস্থাপিত কৰিবলৈ ধৰিলে। যুদ্ধ তথা অস্ত্ৰ চালনাৰ আৱশ্যক নোহোৱাত ডেকা-দঙুৱা সৈনিকসকলকো কৃষিকাৰ্যত নিয়োজিত কৰাৰ ব্যৱস্থা কৰাৰ বাবে থলুৱা কৃষক তথা ৰোৱণী-দাৱনী আদিয়েও অনুপ্ৰাণিত হৈ পৰিল। ফলত দঙুৱাসকলৰ থলুৱা যুৱতীৰ সৈতে পাণি গ্ৰহণৰ পথ প্ৰশস্ত হৈ পৰিল যি কাৰ্যত স্বয়ং ছুকাফায়ো নিৰুৎসাহিত কৰা নাছিল।

চীন দেশৰ সমীপৱৰ্তী ম্যুং-মাউ নদীৰ পাৰত পেঁপা বজোৱা ডেকাটিয়ে ইয়াতো আঘোণৰ পথাৰত যেতিয়া লগত লৈ অহা ঢোল-পেঁপা বজাবলৈ ধৰিলে থলুৱাসকলে এই কাৰ্যত স্বাভাৱিকতে আকৰ্ষণ অনুভৱ কৰিবলৈ ধৰিলে। ন-খোৱা বতৰত ছুকাফাই আয়োজন কৰা ভোজমেললৈ সকলোকে মাতি প্ৰীতিৰ এসাঁজ খুওৱাৰ পাছত থলুৱা মানুহৰ মন ভৰি উঠিবলৈ ধৰিলে। এনেকৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াই সবলভাৱে পোখা মেলিবলৈ ল’লে আৰু সময়ত ই ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিল।

ছুকাফাই বাৰীচোৱা, কুকুৰাচোৱা, খৰি যোগান ধৰোতা আদি বিষয়ত থলুৱাসকলক নিয়োজিত কৰি উপাধিৰে মৰ্যাদা প্ৰদান কৰাৰ পাছত থলুৱাসকলে স্বপ্ৰণোদিতভাৱে সমাজ আৰু শাসন ব্যৱস্থাত জড়িত হৈ পৰিল আৰু তেওঁলোকেও সমতাৰ বান্ধোনতে আহ্লাদিত হৈ পৰিল। এনে ভিতৰ বিশ্বাসত ল’ব পৰাৰ বাবেই থলুৱা বৰাহী লোকক ‘চাংমাই’ উপাধি দি ৰান্ধনিশালৰ দায়িত্ব ছুকাফাই সম্পূৰ্ণ তেওঁলোকৰ ওপৰত সপি দিছিল। আস্থা আৰু বিশ্বাসে আৱৰি লোৱা এনে পৰিৱেশতে থলুৱা লোকসকলে ব্যক্ত কৰিছিল— ‘‘উজনি ৰাজ্যৰপৰা ৰজা-প্ৰজাসকলে ছলেৰে আমাক বনুৱা কৰি লোৱা সত্ত্বেও আমাৰ মনত কোনো বেয়া লগা নাই। বৰং এইদৰে অহা-যোৱাকৈ খাটি-লুটি থাকিবৰহে মন যায়। গতিকে এওঁলোক দেও মানুহ (দেৱতাৰ দৰে মানুহ), এওঁলোকৰ সম হওঁতা নাই।”

ছুকাফাৰ কৰ্মতৎপৰতা, সমতা আৰু গুণগ্ৰাহিতা নীতিৰ বাবে ইতিমধ্যে ছুকাফাৰ নাম-যশ চৌদিশে বিয়পি পৰিছিল। ছুকাফাৰ আগমনৰ পূৰ্বে এই ঠাইত ‘অসম’ আৰু ‘অসমীয়া’ৰ কোনো স্থিতি নাছিল। বড়ো-কছাৰী মূলৰ মানুহে মাটিক বা ঠাইক ‘হা’ বুলি বুজাব বিচাৰে। সেই অৰ্থতে তেওঁলোকৰ মুখৰপৰা ওলোৱা ‘হা-শাম’ (শামসকল এই দেশৰ গৰাকী) শব্দৰ শেষত হা-শাম—আ-চাম, অচম, অহম, আহোম হৈ শেষত দেশখনক বুজাবলৈ ‘আচাম’ ব্যৱহাৰ কৰা হ’ল। তেনেকৈয়ে ‘টাই-আহোম’ অভিধাৰো সৃষ্টি হ’ল বুলি ক’ব পাৰি। তেনেকৈ ‘আচাম’, ‘অচম’ৰপৰাই শেষত সংস্কৃতীয়া অলংকাৰ পিন্ধাই ভৌগোলিকভাৱে ‘অসম’ কৰা হ’ল আৰু ইয়াত বসবাস কৰাসকলক ‘অসমীয়া’ৰূপে পৰিচিতি নিশ্চিত কৰা হ’ল। ইয়াৰপৰাই বুজা যায় যে, জাতিগতভাৱে ‘অসমীয়া’ আৰু বসতি স্থাপন কৰা ঠাইডোখৰ ‘অসম’ৰ সৃষ্টি ছুকাফাৰ আগমনৰ বাবেই সম্ভৱ হৈ উঠিল। এয়াই আহোমসকলৰ অসমৰ বাবে যোগোৱা আটাইতকৈ উল্লেখযোগ্য তথা যাউতিযুগীয়া অৱদান।

চমুকৈ আহোম শাসন ব্যৱস্থা আৰু উপাধিৰ সংযোজনঃ চাওলুং ছুকাফাকে ধৰি মুঠ বিয়াল্লিছগৰাকী চাওফা (স্বৰ্গদেৱে) অসম দেশৰ শাসনৰ বাঘজৰী একেধাৰে ছশবছৰ পৰ্যন্ত চম্ভালিছিল যি কাৰ্য ইতিহাসত এক নজিৰবিহীন হিচাপে পৰিগণিত হৈ আছে। আহোম শাসন ব্যৱস্থা মূলতঃ সামন্ততান্ত্ৰিক হ’লেও তাত গণতান্ত্ৰিকতাৰ বহু দিশ সংযোজিত হৈ আছিল। চাওলং ছুকাফাই ম্যু-মাউ-লুঙৰপৰাই দুগৰাকী মন্ত্ৰী লৈ আহিছিল যদিও শাসনৰ সুবিধাৰ্থে পৰৱৰ্তী পৰ্যায়ত অতিৰিক্তভাৱে এগৰাকী মন্ত্ৰী সংযোজন কৰাত বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই—এই তিনি মন্ত্ৰী পদ সৃষ্টি হৈছিল। তিনিওগৰাকী মন্ত্ৰীয়ে একমত হ’লে আৱশ্যকস্থলত ৰজা ভঙা-পতা কৰিব পাৰিছিল। ইয়াতেই গণতান্ত্ৰিকতাৰ আভাস নিহিত হৈ আছে বুলি ক’ব পাৰি। মন্ত্ৰী পৰিষদৰ লগতে চাওফাই তিনি পণ্ডিতশ্ৰেণী ‘মহুং-চাংবুন-মপ্লং’ পণ্ডিতসকলৰপৰাও ৰাজনৈতিক পৰামৰ্শ গ্ৰহণ কৰিছিল। অন্যহাতেদি ৰাজকীয় পূজা-সেৱা, জ্যোতিষচৰ্চা, বুৰঞ্জী লিপিবদ্ধ কৰা কাৰ্যতো এই তিনি পণ্ডিত শ্ৰেণী জড়িত হৈ আছিল। সেইবাবেই তেওঁলোকক ‘দেশৰ তিনি পণ্ডিত’ (চাম-তিনি, ম-পণ্ডিত, ম্যুং-দেশ) বুলি সন্মানপূৰ্বক মৰ্যাদা প্ৰদান কৰিছিল। প্ৰথমে চাওফাগৰাকীৰ সৈতে দুয়োফালে দুই মূল ভেটি হিচাপে মন্ত্ৰী পৰিষদ আৰু টাই পণ্ডিত শ্ৰেণীক লৈয়ে মূল ৰাজকীয় কাম-কাজ চলাইছিল যদিও দেশৰ প্ৰশাসনিক কাম-কাজৰ বোজা বৃদ্ধি পোৱাৰ পাছত অতিৰিক্তভাৱে (ক) বৰবৰুৱা আৰু (খ) বৰফুকনৰ পদৱী সৃষ্টি কৰে। বৰফুকনক গুৱাহাটীত ৰাখি নামনি অঞ্চল চোৱাচিতাৰ বাবে দায়িত্ব দিয়াৰ বিপৰীতে বৰবৰুৱাক ৰাজধানীত ৰাখিয়ে সকলো ধৰণৰ প্ৰশাসনিক কামত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। এনেদৰে যুদ্ধ বিগ্ৰহ, প্ৰশিক্ষণ, যোগাযোগ আদি সকলো দিশতে বৰবৰুৱাই চকু দিছিল। যুদ্ধক্ষেত্ৰত সেনাপতি হিচাপে আনকি মন্ত্ৰী পৰিষদৰ সদস্যসকলেও সময়ে সময়ে নেতৃত্ব প্ৰদান কৰিছিল।

নিম্ন পৰ্যায়ত সকলো শ্ৰেণীৰ লোকৰপৰাই ‘পাইক ব্যৱস্থা’ৰ বাবে প্ৰাপ্তবয়স্ক লোকক নিয়োজিত কৰা হৈছিল। চাৰিজনীয়া বা তিনিজনীয়া পাইকৰ গোটে খেতি-খোলাৰপৰা যুদ্ধ-বিগ্ৰহলৈকে সকলোতে অংশগ্ৰহণ কৰিব লাগিছিল। তেওঁলোকক উপযুক্ত প্ৰশিক্ষণৰ লগতে দেশপ্ৰেমৰ মনোভাবেৰে এনেদৰে উদ্বুদ্ধ কৰা হৈছিল যে, তেওঁলোকে আদেশ পোৱাৰ লগে লগেই জীৱন উৎসৰ্গা কৰিবলৈকো কুণ্ঠাবোধ নকৰিছিল। ইয়াৰ ওপৰত ‘চমুৱা’ হিচাপে নিৰ্বাচিত লোকেৰে অন্য এটা শ্ৰেণী সংগঠিত কৰা হৈছিল য’ৰপৰা বিভিন্ন বিষয়বাব উপযুক্তজনক উপাধি তথা পদৱীৰে সৈতে সংস্থাপিত কৰা হৈছিল। এনেদৰে বিভিন্ন পদৱীৰ সৈতে সংযুক্ত উপাধি প্ৰদানেৰে মৰ্যাদাসহ দায়িত্ব অৰ্পণ কৰাৰ বাবে দেশৰ সম্ভ্ৰান্ত শ্ৰেণীৰ সৈতে সংযোজিত হোৱাৰ সন্তুষ্টিৰে তেওঁলোকে নিজৰ পদৱীৰপৰা সাধাৰণ পাইকলৈকে সকলোকে নিস্বাৰ্থ দেশপ্ৰেমৰ মনোভাবেৰে উজ্জীৱিত কৰিছিল। এনেদৰেই শৰাইঘাটৰ মহাযুদ্ধৰ সময়লৈকে এছিয়াৰ ভিতৰতে এটা শক্তিশালী জাতি হিচাপে অসমীয়াই মূৰ দাঙি উঠিব পাৰিছিল। তদুপৰি এনে সন্মিলিত শক্তিৰ যৌথ প্ৰচেষ্টাতে মোগলৰ দৰে মহাপ্ৰতাপী শক্তিক চিৰদিনৰ বাবে পৰাভূত কৰিব পাৰিছিল।

আহোম ৰাষ্ট্ৰব্যৱস্থা এনেদৰে গঢ়ি তোলা হৈছিল যে, য’ত ৰজা চাওফা বা মন্ত্ৰী কোনোৱেই অতিৰিক্তভাৱে ধন সঞ্চয়ন বা ভূ-সম্পত্তি আহৰণ কৰিব নোৱাৰিছিল। এনে বিৰল আৰু ব্যতিক্ৰমী ব্যৱস্থাৰ বাবেই দেশ ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পাছত শাসকশ্ৰেণীও লাওলোৱা অৱস্থালৈ পৰ্যৱসিত হৈ পৰিছিল। উল্লেখযোগ্য যে, গণতান্ত্ৰিক আৰু মানৱীয় মূল্যবোধৰ ভিত্তিত থলুৱা জনগোষ্ঠীৰ বিভিন্নজনক উপাধি তথা বিষয়বাব দিয়াৰ লগতে ইতিমধ্যে অসমত স্থায়ীভাৱে থাকি যোৱা মুছলমানসকলকো বৰা, শইকীয়া, হাজৰিকা, বৰুৱা, চৌধুৰী, বৰবৰা আদি উপাধি তথা বিষয়বাব দি ভিতৰ বিশ্বাসত লৈছিল। এয়া আছিল বিশ্বৰ ভিতৰতে নজিৰবিহীন।

তেনেদৰে এই মুলুকত ধৰ্মচৰ্চা তথা ধৰ্মীয় ক্ষেত্ৰখনৰ নেতৃত্ব দিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰপৰা আমদানি কৰি আনি বিশেষকৈ ব্ৰাহ্মণ শ্ৰেণীৰ লোকক সত্ৰ প্ৰতিষ্ঠা কৰি ধৰ্মাধিকাৰ হিচাপে তাৰ দায়িত্ব অৰ্পণ কৰিছিল। আহোম ৰাজত্বৰ শেষৰ প্ৰায় দুশবছৰৰ ভিতৰত এনেদৰে অনেক সত্ৰ ৰাজপৃষ্ঠপোষকতাতে প্ৰতিষ্ঠিত হৈছিল। সত্ৰসমূহৰদ্বাৰা হিন্দু ধৰ্ম বিস্তাৰ কৰাৰ লগতে এফালেদি বিস্তৰ বৰ্ণবাদ সৃষ্টি কৰি বৰ্ণ বিভাজন সংঘটিত কৰিছিল যদিও লেখা-পঢ়া জনা লোক হিচাপে তেওঁলোকৰপৰাও কাকতি, কটকী আদি উপাধি প্ৰদানৰ লগতে দায়িত্ব অৰ্পণ কৰা হৈছিল। এনেদৰে শৰ্মা, ভট্টাচাৰ্যৰ বাহিৰে বৰকটকী, চাংকাকতি, বৰঠাকুৰ, ৰাজখোৱা, ৰাজগুৰু আদি উপাধি প্ৰদানেৰে ব্ৰাহ্মণ কায়স্থ লোকক প্ৰশাসনৰ ভিতৰত স্থান দিয়াৰ লগতে সংমিশ্ৰিত অসমীয়া সমাজ গঢ়ি তোলাৰ বাবেও ইয়াক তৰান্বিত কৰি তোলা হৈছিল। অৱশ্যে ব্ৰিটিছৰ আমোললৈ দেশ যোৱাৰ পাছতে এই শ্ৰেণীৰ লোকে ৰাতিৰ ভিতৰতে ব্ৰিটিছভক্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকেই অসমীয়া মধ্যশ্ৰেণী হিচাপে অসমৰ বৌদ্ধিক নেতৃত্বক নিজৰ নিয়ন্ত্ৰণাধীন কৰি বৌদ্ধিক বৰ্ণশোষণৰ পথো মুকলি কৰিছিল বুলি আজিও অভিযোগ থাকি গৈছে। এনেকৈয়ে সকলো শ্ৰেণীৰ সহযোগতে অসমীয়া জাতি তথা প্ৰশাসন গঢ় লৈ উঠিছিল। চুবুৰীয়া লোকসকল আৰু তেওঁলোকৰ বসতিস্থলক লৈ আহোম ৰাজকীয় নেতৃত্বই সুকীয়া নীতি নিৰ্ধাৰণ কৰিছিল আৰু তেনেদৰে তাক প্ৰয়োগ কৰি দেশৰ বৈদেশিক নীতি সুস্থিৰ কৰি ৰখাৰ লগতে পাহাৰীয়া জনগোষ্ঠীসমূহৰ সৈতে সৌহাৰ্দমূলক সম্পৰ্কও গঢ়ি তুলি ঐক্য-সম্প্ৰীতি বৰ্তাই ৰাখিছিল।

টাই-আহোমৰ ধৰ্ম আৰু সামাজিক নীতিঃ বৃহৎ সাংস্কৃতিক ক্ষেত্ৰখনৰে এক শক্তিশালী উপাদান হিচাপে ধৰ্মই এখন সমাজত সংবেদনশীলভাৱে সক্ৰিয় ৰূপত ক্ৰিয়া কৰি থাকে। ছুকাফাই এই ভূখণ্ডলৈ আহোতে লগত নিজা ধৰ্ম, ভাষা, গীত-মাত, লোকবিশ্বাস, বাদ্যযন্ত্ৰ আদি সকলো ম্যুং-মাউ-লুঙৰপৰা লৈ আহিছিল। টাই-আহোমসকলে মূলতঃ এগৰাকী সৰ্বশক্তিমান পৰম কৰ্তাৰ স্থিতিত বিশ্বাস কৰে আৰু দেৱতা-মানুহ, প্ৰকৃতি আদি সকলো তেওঁৰে সৃষ্টি বুলি গণ্য কৰে। তেওঁলোকৰ মূল ধৰ্মীয় পুথি ‘পেঞ-কা-কা’ত সৃষ্টিতত্ত্ব সম্পৰ্কে লিপিবদ্ধ কৰা আছে আৰু ইয়েই টাই আহোম ধৰ্মৰ ভিত্তি বুলি গণ্য কৰা হয়। আদিতে মহাশূন্যতে এই পৰমকৰ্তাৰ স্থিতি বিৰাজমান হৈ আছিল বুলি ভবা হয় আৰু কালক্ৰমত তেওঁৰদ্বাৰাই সৌৰমণ্ডলৰ গ্ৰহ-নক্ষত্ৰৰ সৃষ্টি হ’ল বুলি বিশ্বাস কৰা হয়। মানৱ প্ৰজাতিও তেওঁৰে সৃষ্টি বুলি ভবাৰ বাবেই উপৰিসকলৰ সাঁকোৱেদি বগাই গ’লেই পৰমকৰ্তাৰ সমীপত উপস্থিত হ’ব পাৰি বুলি মান্যতা দিয়া হয়। সেয়ে উপৰিসকলৰ সেৱা-পূজা টাই আহোম ধৰ্মৰ এক অবিচ্ছেদ্য অংগৰূপে জ্ঞান কৰা হয়। সৰগৰ দেৱতা হিচাপে আঠলক্ষ বজ্ৰ-বিজুলীৰ অধিকাৰী ‘লেংদন’ক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ বুলি জ্ঞান কৰা হয় আৰু লেংদনৰ লগতে জল, স্থল, অন্তৰীক্ষৰ সকলো শক্তিকে আৰাধনা কৰি তেওঁলোকৰপৰা আশিস বিচৰা হয়। পৰমকৰ্তা সকলোৰে স্ৰষ্টাগৰাকীক টাই আহোম ভাষাত ‘ফা-তু-ছিং’ বা ‘ফুৰা’ বুলি আখ্যা দিয়া হয়। এই পৰমকৰ্তাৰে সকলো শক্তি অধীনস্থ। সেয়ে তেওঁলোকে আচৰণ কৰা ধৰ্মৰ ধাৰাকে ‘ফুৰা লং’ বুলি মানি লোৱা হৈছে। একাংশই হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও টাই আহোমৰ পণ্ডিত শ্ৰেণীকে ধৰি একাংশই এই নিজ ধৰ্মীয় ধাৰাত আজিও অটল হৈ আছে। অন্যহাতে আনুষ্ঠানিকভাৱে সেৱা-তৰ্পণ যাচিবলৈ হ’লে পৰমকৰ্তা ফুৰাক সাত্ত্বিকভাৱে ফলমূল আৰু বন্তি জ্বলাই আৰাধনা কৰা হয়। তেনেদৰে তেওঁৰে সৃষ্ট দেৱতাসকলক শক্তিৰ আধাৰ হিচাপে জীৱ-জন্তু উছৰ্গা কৰি আৰাধনা কৰা হয়। তদুপৰি এই অনুষ্ঠানসমূহ পূৰ্বৰেপৰা প্ৰায় ব্যক্তিগত চিন্তাতকৈ দেশ আৰু জাতিৰ মংগলৰ বাবেই অনুষ্ঠিত কৰি অহা হৈছে। মে-ডাম-মে-ফী, ওম-ফা, ৰিক-খ্বন-ম্যুং-খ্বন এই জাতীয় অনুষ্ঠান। টাই-আহোম ধৰ্মীয় চিন্তাত বৰ্ণবাদী চিন্তাৰ কোনো স্থান নাই। সমতাৰ আধাৰত মানৱীয় প্ৰমূল্য আৰু কৰ্মক ইয়াত অগ্ৰাধিকাৰ দিয়া হয়। অন্য ধৰ্মত দীক্ষিত হোৱা বহু আহোম বৰ্তমান স্ব-ধৰ্মীয় পতাকাৰ তললৈ ঘূৰি আহিছে। অন্যহাতেদি বিবাহ অনুষ্ঠানৰ মূল বৈশিষ্ট্য হ’ল ‘চকলং’।

বৰ্তমানৰ টাই-আহোমৰ স্থিতিঃ একালত শাসকীয় গোষ্ঠী হ’লেও বৰ্তমান তেওঁলোক অন্য জনগোষ্ঠীৰ দৰেই শোষিত-বঞ্চিত। প্ৰায় পঁচপন্ন লাখ টাই-আহোম লোকৰ গৰিষ্ঠসংখ্যকৰে অৰ্থনৈতিক অৱস্থা অতি শোচনীয়। নিজৰ ভাষা-সংস্কৃতি ৰক্ষা তথা শোষণ-বঞ্চনাৰপৰা উদ্ধাৰ পাবৰ বাবে ১৮৯৩ চনতে তেওঁলোকে ‘আহোম সভা’ৰ জন্ম দিছিল। তেতিয়াৰেপৰা নিৰৱচ্ছিন্নভাৱে তেওঁলোকে সংগ্ৰাম কৰি আহিছে যদিও আজিলৈকে মূল সমস্যাসমূহৰ এটাও সমাধান হোৱা নাই। গত তেইছ বছৰ ধৰি জনজাতিকৰণ বিষয়টি অৱহেলিত হৈ ওলমি আছে। ভাষা-সংস্কৃতিয়ে উচিতভাৱে মৰ্যাদা পোৱা নাই। প্ৰাচীন কীৰ্তিচিহ্নসমূহ জহি-খহি গৈছে। সংগঠনৰ নামত অনেক সংগঠন আছে যদিও এক শক্তিশালী যৌথ সংগ্ৰাম গঢ়ি তুলিব পৰা নাই। সন্মিলিত শক্তি হিচাপে থলুৱা জনগোষ্ঠীসমূহৰ সৈতে তাই আহোমসকলে সদায়ে সহযোগ আগবঢ়াই আহিছে। তদুপৰি শক্তিশালী এক যৌথ সংগ্ৰামৰ আদৰ্শতহে টাই আহোমে সদায় বিশ্বাস ৰাখে আৰু তেনে এক আশাৰে সকলোৱে অনাগত দিনত ঐক্যবদ্ধ হোৱাটো তেওঁলোকে কামনা কৰে। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত তেনে পথেৰে অগ্ৰসৰ হ’লেহে ভৱিষ্যতৰ অসম বাছি থাকিব বুলি তেওঁলোকে বিশ্বাস কৰে।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: টাই-আহোম
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d