যাদৱ চন্দ্ৰ দাসৰ সোঁৱৰণত
(১o জানুৱাৰীত মৃত্যু তিথি উপলক্ষে)
যুগান্ত বায়ন

সু-লেখক আজীৱন শিক্ষাব্রতী সমাজ সেৱক বিশিষ্ট প্ৰকাশক দুৰ্ঘোৰ জাতীয় প্ৰেমী যাদৱ চন্দ্ৰ দাস সৃষ্টি আৰু সাহিত্যৰ বিকাশ তথা জাতীয় প্ৰেৰণাময় সংগঠক হিচাপে সমগ্ৰ অসমৰ গৌৰৱৰ সম্পদ।
মানৱ জীৱনৰ মূল্যায়ন ব্যক্তিৰ সামাজিক কৰ্মৰাজিৰ মাজেৰে হে নিৰূপণ কৰা হয়। এনেধৰণৰ একো একো জন মহীৰূহৰ অৱদানৰ ফচল হিচাপে একো একোটা অঞ্চল মহীয়ান হৈ উঠে।
এনে এক মহীৰূহ হ’ল যাদৱ চন্দ্ৰ দাস। দাসৰ নিৰলস সামাজিক দায়িত্ববোধৰ বাবে বৃহত্তৰ হাউলী বৰপেটা অঞ্চলকে ধৰি পশ্চিম অসমৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু ধাৰ্মিক দিশৰ উত্তৰণৰ ব্যাপক প্ৰসাৰ ঘটিছিল। সামাজিক সচেতনতাৰ প্ৰেৰণাৰ উৎস যাদৱ চন্দ্ৰ দাসৰ জন্ম হৈছিল ১৯১৩ চনৰ ৯ আগষ্টত হাউলীৰ মইৰামাৰা নমাটি সত্ৰত।
প্ৰয়াত ৰমাকান্ত দাসৰ কনিষ্ঠ পুত্ৰ যাদৱ চন্দ্ৰ দাস। ৰমাকান্ত দাস আছিল অসমৰ অন্যতম প্ৰকাশক গোষ্ঠী “পঞ্চৰতন ফাৰ্ম“ৰ প্ৰতিষ্ঠাতা। এই পঞ্চৰতন ফাৰ্মৰ পৰাই মাতৃ ভাষাৰ প্ৰতি থকা তেওঁৰ অদমনীয় সেৱাৰ বাবে অসমীয়া জাতীয় জীৱনলৈ তেওঁৰ শ্ৰেষ্ঠতম অৱদান “প্ৰাচীন কামৰূপ পঞ্জিকা” ১৯৫০ চনত অসমীয়া ভাষাত প্ৰথম প্ৰকাশ পাইছিল।
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰাণহানিৰ ভৱিষ্যৎ বাণী গণনা কৰি প্ৰাচীন কামৰূপ পঞ্জিকাই আলোৰণৰ সৃষ্টি কৰিছিল। এই পঞ্জিকাখন বৰ্তমান “কেলেণ্ডাৰ পঞ্চৰতন ফাৰ্ম” নামেৰে প্ৰকাশ হৈ আজিও অসমীয়া জাতীয় জীৱনত অগ্ৰণী স্থান দখল কৰি আছে।
তেওঁ লগতে “নিংনি ভাউৰীয়াৰ ৰহস্য“, “ল’ৰাৰ সংযম শিক্ষা”, “হিন্দী-অসমীয়া অভিধান“কে ধৰি কেইবাখনো পাঠ্যপুথিৰ লগতেই অনান্য গ্ৰন্থ প্ৰকাশ আৰু প্ৰণয়ন কৰি অসমীয়া সাহিত্য লৈ অলেখ অৱদান আগবঢ়াই গৈছে।
শিক্ষকতাৰ লগতে বৃহত্তৰ বৰপেটা আৰু হাউলী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠা আৰু শ্ৰীবৃদ্ধিৰ হকে দেহে-কেহে কাম কৰি যাদৱ চন্দ্ৰ দাস সমাজৰ অগ্ৰদূত হিচাপে পৰিচিত হৈছিল।
১৯৩৯ চনত হাউলী হাইস্কুল স্থাপনৰ জৰিয়তে অনগ্ৰসৰ হাউলী অঞ্চলক শিক্ষাৰ পোহৰেৰে উজ্বলাই তুলিছিল। দেৱেন্দ্ৰ নাথ ওজীৰ সভাপতি আৰু দীননাথ চৌধুৰীক সম্পাদক হিচাপে লৈ গঠন কৰা হাউলী হাইস্কুলৰ প্ৰথমখন পৰিচালনা সমিতিৰ তেওঁ আছিল সহকাৰী সম্পাদক।
কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে এনে পুৰোধা ব্যক্তিৰ অৱদানেৰে গঢ় লৈ উঠা হাউলী হাইস্কুলৰ আজিৰ অৱস্থা একেবাৰে সোচনীয়। চৰকাৰ আৰু ৰাইজৰ উপযুক্ত দৃষ্টিৰ অভাৱত স্কুলখনৰ আন্তঃগাঠনি একেবাৰে যহি খহি গৈছে। ৰাজনৈতিক লাভা লাভৰ বাবে অভিজ্ঞ আৰু শিক্ষাব্ৰতী লোকসকলক স্কুলখনৰ পৰিচালনাৰ পৰা আঁতৰাই ৰখা হৈছে। এনে পৰিৱেশৰ বাবে যাদৱ চন্দ্ৰ দাসৰ লগতে অন্য পুৰোধা ব্যক্তিৰ আত্মাই জানো শান্তি পাব।
এই জনা মহান মণিষীৰ উদ্যোগতেই ১৯৫০ চনত জননেতা মহেন্দ্ৰমোহন চৌধুৰীৰ পৰামৰ্শ মতে হাউলীত নৰ্মাল স্কুল স্থাপন কৰা হৈছিল আৰু এই স্কুলখন স্থাপনৰ মূল হোতা আছিল যাদৱ চন্দ্ৰ দাস। পিছত তেওঁ নৰ্মাল স্কুলত “মেনুৱেল উপদেষ্টা” ৰূপে নিযুক্তি লাভ কৰিছিল। হাউলীৰ চণ্ডীবৰুৱা স্মৃতি ভৱন, বি.এইচ কলেজ, বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ, হালাপাকুৰি এম.ই হাই মাদ্ৰাছা স্থাপনটো তেওঁৰ আছিল অৱদান।
১৯৫৮ চনত হাউলীত স্থাপন হোৱা বাপুজী হস্পিতালৰ তেওঁ আছিল আগৰণুৱা। হাউলী ৰাস মহোৎসৱৰ লগতে মদন মোহন কীৰ্তন ঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ আছিল প্ৰধান উদ্যোক্তা।

অসমীয়া জাতীয় জীৱনৰ অতন্দ্ৰ প্ৰহৰী ১৯৬১ চনত অম্বিকাগীৰি ৰায়চৌধুৰীৰ জাতীয় সুৰক্ষা আন্দোলনৰ তেওঁ আছিল প্ৰধান পৃষ্ঠপোষক। তাৰপিছত অসমৰ প্ৰতিটো জাতীয় আন্দোলন যেনে ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন আৰু অস্তিত্ব ৰক্ষা আন্দোলনত তেওঁ আছিল আন্দোলনকাৰীসকলৰ মূল পথ প্ৰদৰ্শক।
যাদৱ চন্দ্ৰ দাস নেতৃত্বাধীন “পঞ্চৰতন ফাৰ্ম” আছিল জাতীয় আন্দোলনসমূহৰ মূল চালিকা শক্তি। ফলত প্ৰতিষ্ঠানখনে কেইবাবাৰো চৰকাৰী হিংসাৰ বলি হ’ব লগা হৈছিল।
প্ৰকৃততে যাদৱ চন্দ্ৰ দাস আছিল এগৰাকী পূৰ্ণ মানৱ। সততে ৰাগীয়াল দ্ৰব্যৰ ব্যৱহাৰৰ পৰা আঁতৰি থাকি সমাজকো সেই পথ অনুসৰণ কৰিবলৈ সততে আহ্বান জনোৱা তেওঁৰ অন্যতম আকৰ্ষণীয় দিশটো হ’ল নিৰপেক্ষ বিচাৰ বিশ্লেষণেৰে তথ্য নিৰ্ভৰ অকাত্য যুক্তিৰে, তেজশ্ৰী বাকপটুতাৰে প্ৰকৃত সত্যৰ সন্ধান দিয়া এক সব্যসাচী পৰামৰ্শ দাতা।
কিন্তু মাদক দ্ৰব্যৰ প্ৰচলনৰ বিৰোধ কৰি ওৰে জীৱন সংগ্ৰাম কৰি অহা বৃহত্তৰ বৰপেটা হাউলী অঞ্চলৰ লগতে সমগ্ৰ নামনি অসমক শিক্ষা আৰু আধ্যাত্মিক চিন্তা-চেতনাৰে জাগ্ৰত কৰি ৰখা যাদৱ চন্দ্ৰ দাসৰ আৱৰ্তমানত বৰ্তমানে হাউলী অঞ্চলত হোৱা মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে এনে গুণী-জ্ঞানী লোকৰ বৰ্ণিল জীৱন পৰিক্ৰমাক আজি অচল মুদ্ৰা লৈ যেন পৰিণত কৰিছে।
নতুন পুৰুষে এনেবোৰ লোকৰ জীৱন বুৰঞ্জী অধ্যয়ন কৰাটো আজিৰ অসমৰ জৰুৰী আহ্বান হিচাপে বিবেচিত হৈছে।
২০০২ চনৰ ১২ জানুৱাৰীত দেহাৱসান ঘটা আজি ১০ জানুৱাৰীত তেওঁৰ ২১তম মৃত্যু তিথিৰ এই পৱিত্ৰ ক্ষণত আমি যাচিছো তেওঁ লৈ সত সহস্ৰ প্ৰণাম। এই মহীৰূহগৰাকীৰ আদর্শক মূলধন হিচাপে লৈ এখন সুস্থ-সৱল সমাজ গঢ়াৰ লক্ষ্য ৰে আমি আগবাঢ়িব লাগিব। তেতিয়াহে তেওঁৰ প্ৰতি থকা আমাৰ শ্ৰদ্ধা অকৃত্ৰিম হিচাপে বিবেচিত হ’ব।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)