• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

ওক, দেবদাৰু,ৰড’ডেন্দ্ৰনৰ গভীৰ অৰণ্যৰ মাজে মাজে

-ভৱেশ শৰ্মা

by Anjan Sarma
June 26, 2021
in Lifestyle, Travel
Reading Time: 4 mins read
0
ওক, দেবদাৰু,ৰড’ডেন্দ্ৰনৰ গভীৰ অৰণ্যৰ মাজে মাজে
Share on FacebookShare on TwitterShare on LinkedIn

-ভৱেশ শৰ্মা |

গুৱাহাটী- নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ী খন নিৰ্দিষ্ট সময়তকৈ এঘন্টা পলমকৈ আহি নিউ দিল্লী স্টেশ্যনৰ পোন্ধৰ নম্বৰ প্লেটফৰ্মত ৰলহি । পলম হোৱাৰ বাবে আমাৰ পিচে চিন্তাৰ কাৰণ নাই । কিয়নো দিল্লীৰ পৰা কাঠগোদামলৈ আমাৰ ৰেল খন আছে কাইলৈ ৰাতিপুৱা ছয় বজাত । আজিৰ দিনটো দিল্লীত কেবল খোৱা আৰু শোৱাৰহে কাম।

নিউ দিল্লী স্টেশ্যনৰ ৰিটায়াৰিং ৰুম বোৰ আমাৰ নিচিনা সাধাৰণ নৰ মনিচৰ বাবে নহয় । বোধকৰো সৰগৰ দেব দেবী সকলৰ বাবেহে সংৰক্ষিত । অন্তত: মোৰ অভিজ্ঞতাই তেনেকৈয়ে কয় । তিনি মাহ আগতে টিকেট কাটি বহুত চেষ্টা কৰিও ইয়াত ৰিটায়াৰিং ৰুম এটা লবলৈ সমৰ্থ নহলো মই ।

বস্তু বাহানিৰে সৈতে আজমীৰি গেটেৰে আমি স্টেশ্যনৰ বাহিৰ ওলালো । স্টেশ্যনৰ পৰা খোজ কাঢ়ি গলে Ginger Rail Yatri Niwas খন মাথো পাচ মিনিটৰ বাট । ইয়াতেই মই কোঠা এটা সংৰক্ষণ কৰি ৰাখিছিলো । থকা  খোৱাৰ ব্যবস্থা ভালেই । দামো বৰ বেছি নহয় ।  আৰু সকলোতকৈ ডাঙৰ সুবিধাটো হল — ৰাতিপুৱাৰ ৰেল ধৰিবলৈ হলে ইয়াৰ পৰা খোজ কাঢ়িয়েই যাব পাৰি । তাৰ কাৰণে টেক্সি বিচাৰি হাহাকাৰ কৰাৰ কোনো প্ৰয়োজনেই নাই ।

পিচদিনা ৰাতিপুৱা ফিকা চাহ একো কাপ খাই শ্ৰীমতী আৰু মই খোজ কাঢ়ি আহি বহিলো নিউ দিল্লী- কাঠগোদাম শতাব্দী  এক্সপ্ৰেছ ৰেল গাড়ী খনত ।

এই ৰেলগাড়ী খন মোৰ বৰ প্ৰিয় । আগতেও কেবাবাৰো গৈছো এই খন ৰেলেৰে । বেচ  পৰিস্কাৰ পৰিচ্ছন্ন আৰু শৃংখলাবদ্ধ । যাত্রী সকলোকো দেখিলে Gentleman যেনেই লাগে । খোৱা লোৱা আদিৰ ব্যবস্থা টিকেটৰ দামৰ লগতেই অন্তৰ্ভুক্ত — ঠিক ৰাজধানী এক্সপ্ৰেছৰ দৰে।

শতাব্দী  এক্সপ্ৰেছ চলিল । লগে লগেই আহিল মিনাৰেল ৱাটাৰৰ বটল একোটা । তাৰ অলপ পাচতে চাহ আৰু বিস্কুট ।

এই চাহ কাপৰহে বৰ প্ৰয়োজন আছিল মোৰ । তৃপ্তিৰে চাহ কাপ শেষ কৰি ঘৰৰ পৰা লৈ যোৱা তামোল খন মুখত ভৰাইছো মাত্র ।

–“ব্ৰেকফাস্ট ভেজ য়া নন ভেজ, চাহাব ?”— ৱেটাৰ জনৰ প্ৰশ্ন ।

–” Non veg. I am a strict non-vegetarian”– সদম্ভে ঘোষণা কৰিলো মই ।

–“জী চাহাব।”— মূৰ দোৱাই আতৰি গল ৱেটাৰ জন ।

নিউ দিল্লী – গাজিয়াবাদ- মোৰাদাবাদ- ৰামপুৰ- ৰুদ্ৰপুৰ চিটী– লাল কুৱা- হালদৱানি — কাঠগোদাম । এই খন শতাব্দী এক্সপ্ৰেছৰ  যাত্রা পথ এইটোৱেই ।

লাল কুৱা পাৰ হোৱাৰ পাচতেই ৰেল লাইনৰ দুই কাষৰ উত্তৰাখন্ডৰ  প্ৰকৃতিৰ বিনন্দীয়া ৰূপে মোৰ চিত্ত অলপ চঞ্চল কৰি তুলিলে । উত্তৰাখন্ডলৈ আহিলে প্ৰতিবাৰেই মোৰ এনেকুৱা হয় ।

ঘড়ীৰ কাটা মতেই চলিল শতাব্দী এক্সপ্ৰেছ। ঠিক ১১-৪০ বজাত কাঠগোদাম স্টেশ্যন পোৱালেহি । আমাৰ প্ৰথম শ্ৰেণীৰ ডবাটো আছিল একেবাৰে সমুখত– ইঞ্জিনৰ ঠিক পাচতেই । গাড়ীৰ পৰা নামি মই সমুখৰ ফালে চকু ফুৰালো । একেই আছে কাঠগোদাম স্টেশ্যন । ৰেল লাইনটো অলপ আগত শেষ হৈ পৰিছে । তাৰ পৰাই আৰম্ভ হৈছে কুমাওঁ হিমালয়ৰ সুউচ্চ পৰ্বত শ্ৰেণী । স্টেশ্যনৰ সমুখৰ চোতাল খনত গাড়ী মটৰৰ ভীৰ এতিয়া যথেষ্ট বাঢ়িল । বাঢ়িবৰেই কথা । কুমাওঁ ভ্ৰমণৰ কাৰণে এতিয়া অনুকুল সময় । দেশ বিদেশৰ পৰ্য্যটক সকলেৰে কাঠগোদাম ভৰি পৰিছে নিশ্চয় ।

কুমাওঁ মন্ডল বিকাশ নিগমৰ অতিথিশালাটো ৰেল স্টেশ্যনৰ নিচেই কাষৰ সৰু টিলা এটাৰ ওপৰত । খোজ কাঢ়িয়েই যাব পাৰি । গৰম কাপোৰ আদিৰে ভৰি থকা আমাৰ বেগ বোৰ যথেষ্ট গধূৰ হৈ পৰা দেখিহে সৰু গাড়ী এখন লব লগা হল।

নিগমৰ অতিথিশালাৰ আদহীয়া মেনেজাৰ জন মোৰ চিনাকি । দেখা মাত্রেই মোক চিনি পালে।-“ওপৰ মহলাৰ ১০১ নম্বৰ কোঠালৈকে যাওক । বস্তু বাহানি মই পঠাই আছো । খোৱাৰ অৰ্ডাৰ অলপ পিচে পৰে দিলেও হব । এতিয়া গৰম চাহ একাপ খাই লবতো ।”— কথাষাৰ কৈয়েই মোৰ সন্মতিলৈ বাট নাচাই মেনেজাৰ মহাশয়ে দুকাপ চাহৰ অৰ্ডাৰ দিয়েই দিলে ।

কুমাওঁ মন্ডল বিকাশ নিগমৰ অতিথিশালা সমূহৰ ঘৰুৱা পৰিবেশটো মই বৰ উপভোগ কৰো । আৰু এটা কাৰণত নিগমৰ অতিথিশালা সমূহ মোৰ বৰ পচন্দ— সকলো ঠাইতেই দেখিছো, নিগমৰ অতিথিশালা সমূহৰ অবস্থান সবাতোকৈ সুন্দৰ ঠাইত– কোলাহলপূৰ্ণ এলেকাৰ পৰা সদায়েই অলপ নিলগত।

কাঠগোদামত আজি আমাৰ জিৰণি লোৱাৰ দিন । কাইলৈ ৰাতিপুৱাই যাত্রা কৰিম ‘বিনসাৰ’ৰ গভীৰ অৰণ্যৰ মাজলৈ । গাড়ী এখন আজিয়েই ঠিক কৰি থব লাগিল । ‘এ.টি.এম’ৰ পৰা ইয়াতে পইচা অলপো উলিয়াই লব লাগিব । পাহাৰীয়া ঠাই বোৰত ‘এ.টি.এম’ৰ ওপৰত ভৰষা নকৰাই ভাল । প্ৰয়োজনীয় ঔষধ পাতি মই গুৱাহাটীৰ পৰা লৈয়েই আহিছো । টৰ্চ লাইট, মমবাতি, জুইশলা, চাৰ্জ লাইট আদি সকলো মজুত । বচ, আৰু কি চিন্তা ।

এক গভীৰ প্ৰশান্তি আৰু আনন্দত  ভৰি পৰিল মোৰ মন ।

শুকান ৰুটী, আলু বিলাহীৰ তৰকাৰী আৰু ওমলেটেৰে বঢ়িয়াকৈ ৰাতিপুৱাৰ জলপান পৰ্ব সমাধা কৰি  আমি যাত্রা আৰম্ভ কৰিলো । কাঠগোদাম এৰি পাহাৰীয়া পথেৰে কিছু দূৰ ওপৰলৈ উঠাৰ পাচত প্ৰথমেই আহি পালো ‘ভীমতাল’ । বৰ মনোমোহা ‘ভীমতাল’ নামৰ এই সৰোবৰটো ।আমাৰ কাৰণে পিচে এই সৰোবৰ নতুন নহয় । আগতে আহি গৈছো। ‘ভীমতাল’ সৰোবৰৰ পাৰে পাৰে কিছু দূৰ যোৱাৰ পাচত গাড়ী আকউ ওপৰলৈ বগাব ধৰিলে একা বেকা পথটোৰে ।

‘ভোৱালি’ নামৰ ঠাই খন পালো ইয়াৰ পাচতেই ।সৰু ঠাই যদিও ভোৱালিৰ বজাৰ খন তেনেই সৰু নহয় ।  কুমাওঁ অঞ্চলত উৎপন্ন হোৱা ফলমূলৰ এই খন এখন নিৰ্ভৰযোগ্য বজাৰ।  ফলমূলৰ প্ৰতি শ্ৰীমতীৰ  লোভটো  আগৰে পৰাই অলপ বেছি । ৰাস্তাৰ কাষতে ফলমূলৰ সৰু পোহাৰ এখন দেখি শ্ৰীমতীয়ে গাড়ী ৰখালেই । সতেজ ফলমূল বোৰ  মোৰো বৰ পচন্দ হল । দুই এবিধ ফল কিনি লৈ আমি এই বাৰ আগবাঢ়িলো আলমোৰা অভিমুখে।

 ‘চিষ্টাৰ নিবেদিতা’ৰ স্মৃতি বিজড়িত এই আলমোৰা চহৰ। চিষ্টাৰ নিবেদিতাই এসময়ত বাস কৰা ভবনটো ইয়াত এতিয়াও অক্ষত অবস্থাত আছে। আলমোৰা এখন অতি মনোৰম চহৰ । ইয়াৰ জলবায়ু  অতি স্বাস্হ্যকৰ বুলি প্ৰসিদ্ধি আছে। এসময়ত ভগ্নস্বাস্থ্যৰ ৰোগী অনেকেই স্বাস্হ্যোদ্ধাৰৰ বাবে আহি ইয়াতে বাহৰ পাতিছিল ।

আলমোৰা চহৰত প্ৰবেশ কৰাৰ অলপ পাচতেই ৰাস্তাৰ কাষৰ এঠাইত গাড়ী ৰখাবলৈ মই নিৰ্দেশ দিলো।

গাড়ী খন ৰাস্তাৰ কাষত ৰখাই প্ৰশ্নবোধক চাৱনিৰে মোৰ ফালে চালে আমাৰ ড্ৰাইভাৰ মনু ভাইয়ে ।

গাড়ীৰ পৰা নামি ৰাস্তাৰ কাষৰ বিশেষ এঠাইত থিয় হৈ অলপ ‘নষ্টালজিক’ হৈ পৰিলো শ্ৰীমতী  আৰু মই দুয়ো ।–“ছয় বছৰ আগতে ইয়াতে তিনিটা সুন্দৰ দিন কটাইছিলো, মনু ভাই ।”– ড্ৰাইভাৰৰ প্ৰশ্নবোধক চাৱনিৰ উত্তৰ দিলো মই ।

-” ইয়াত ? এই মুকলি আকাশৰ তলত ?”— মনু ভাই হতভম্ব ।

–“আৰে ভাই, মুকলি আকাশৰ তলত নহয়হে । ইয়ালৈ আহি চোৱা । ৰাস্তাৰ কাষৰ পৰা তললৈ নামি গৈছে কংক্ৰীটৰ এটা চিৰি  । এই পাহাৰ খনৰ একেবাৰে তলত আছে ৰামকৃষ্ণ মিশ্যনৰ আলমোৰা আশ্ৰম । এই আশ্ৰমৰে অতিথিশালাত আছিলো আমি । উ: কি যে সুন্দৰ আধ্যাত্মিক পৰিবেশ এই আশ্ৰম খনৰ ।”

গাড়ীৰ পৰা নামি আহি মনু ভাইয়ে চালেহি । থিয় চিৰি বোৰ কত শেষ হৈছে ওপৰৰ পৰা দেখাই নাযায় । আশ্ৰমলৈ এতিয়া যাব খুজিলেও অহা যোৱা কৰোতে বহুত সময় খৰচ হব । বৰ অসময়ত বিনসাৰ গৈ পাম। সেই গতিকেই আমি আগবাঢ়িলো আলমোৰা চহৰ অতিক্ৰম কৰি । লক্ষ্যস্থান এই বাৰ “বিনসাৰ”।

বিনসাৰৰ অৰণ্যৰ মাজত থাকিবৰ বাবে চৰকাৰী খন্ডৰ প্ৰতিষ্ঠান কুমাওঁ মন্ডল বিকাশ নিগমৰ অতিথিশালাটোৱেই  একমাত্র ঠাই। বেচৰকাৰী হোটেল, ৰিচৰ্ট আদি যি আছে, সকলো বোৰ অৰণ্যৰ বাহিৰত অবস্থিত।

জিম কৰবেট চাহাব এতিয়া নাই । হলেও বহু হিংস্ৰ জন্তু অধ্যুষিত কুমাওঁৰ এই গভীৰ অৰণ্যৰ মাজত দুটাকৈ নিশা কটোৱা মোৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতা হব বুলি  মই নিশ্চিত আছিলো ।

আলমোৰা চহৰ অতিক্ৰম কৰিবৰ উপক্ৰম হওতেই এঠাইত গাড়ী ৰখাই মনু ভাইয়ে কৈ উঠিল –” দৰ্কাৰী বস্তু কিবা যদি লব লগা আছে ইয়াতে লৈ লওক । আগলৈ কুটা এগছো নাপাব । অতিথিশালাত পাব কেৱল খোৱা খাদ্য আৰু পানীৰ বটল।”

মনু ভাইয়ে নিজৰ কাৰণেও কিবাকিবি ললে হবলা । আমাৰ প্ৰয়োজনীয় সকলো বস্তু মজুত আছিলেই । শ্ৰীমতীয়ে তথাপিও নিমখীয়া বিস্কুটৰ পেকেট এটাকে লৈ থলে ।

অৰণ্যৰ প্ৰবেশ দ্বাৰত যাবতীয় আনুষ্ঠানিকতা খিনি সম্পূৰ্ণ কৰি প্ৰবেশ মূল্য জমা দি আমি অৰণ্যৰ গভীৰতাৰ ফালে ধাবমান হলো ।

ওক, দেবদাৰু আৰু ৰড’ডেন্দ্ৰনৰ গভীৰ সেউজ অৰণ্যৰ মাজত জিলিকি আছে ৰঙা টিনপাতৰ আমাৰ সুদৃশ্য অতিথিশালা। আমাৰ গাড়ী খন আহি সমুখত ৰখাৰ লগে লগেই পৰিচাৰক এজন দৌৰ মাৰি আহি আথে বেথে আমাৰ বয় বস্তু ভিতৰলৈ কঢ়িয়াই নিলে । অতিথিশালাৰ মেনেজাৰ জন এজন কমবয়সীয়া কুমাওনী ডেকা ।—“আগতে ইয়ালৈ আহিছেনে, চাৰ ?”–  ৰেজিস্টাৰ খনত আমাৰ নাম, ঠিকনা আদি পূৰাই থকাৰ সময়ত মেনেজাৰে মোক সুধিলে ।

-“কুমাওঁ অঞ্চললৈ কেবাবাৰো আহিছো, কিন্তু বিনসাৰলৈ এই প্ৰথম।”—উত্তৰত মই কলো ।

–” ভাল পাব ইয়াৰ নিৰ্জন পৰিবেশ । বতৰ পৰিস্কাৰ থাকিলে আগবেলা আমাৰ ইয়াৰ পৰা বৰফে ঢাকি ৰখা হিমালয়ৰ সুদীৰ্ঘ পৰ্বত শ্ৰেণী বৰ সুন্দৰকৈ দেখা যায় ।”

কোঠাৰ চাবি কোছা মোৰ হাতত তুলি দিয়াৰ সময়ত মেনেজাৰে আকউ কলে–“আপোনাৰ ৰুমৰ লগত ব্ৰেকফাস্ট আৰু ডিনাৰ কম্প্লিমেন্টাৰী । লাঞ্চ যদি খায়, এতিয়াই অৰ্ডাৰ দিব লাগিব । সন্ধিয়া ছয় বজাৰ নিশা ন বজালৈ আমাৰ জেনেৰেটৰ চলিব । মোবাইল আদি চাৰ্জ কৰিব লগা থাকিলে সেই খিনি সময়তে কৰি লব । নিশা চৌহদৰ বাহিৰ নোলাব । বন্য জন্তু কেতিয়াবা একেবাৰে কাষলৈকে আহে ।”

বিনসাৰলৈ বিদ্যুৎ যোগানৰ ব্যবস্থা এতিয়ালৈ হৈ উঠা নাই– সেয়া মই পঢ়িছিলো । এই গভীৰ অৰণ্যৰ মাজত বিদ্যুতৰ আশা কৰাও ভুল। ছয় বজাৰ পৰা তিনি ঘন্টা যে বিদ্যুৎ পাম সেয়াই বহুত ।

নিশাৰ ঘোপমৰা অন্ধকাৰত কেনে ৰহস্যময় হৈ পৰিব বাৰু ইয়াৰ নিস্তব্ধ প্ৰকৃতিৰ ৰূপ !– কথাষাৰ ভাবিয়েই দেহৰ মাজত এক শিহৰণ অনুভব কৰিলো মই ।

সন্ধিয়া ছয় বাজিবলৈ দুই মিনিট মান বাকী থাকোতেই জেনেৰেটৰৰ ঘৰ ঘৰ আৱাজ আহি মোৰ কাণত পৰিল । অন্ধকাৰাচ্ছন্ন প্ৰকৃতিৰ মাজত লাইটৰ পোহৰেৰে সুশোভিত হৈ নিমিষতে উজলি উঠিল আমাৰ অতিথিশালা । কোঠাৰ মমবাতি দুদাল নুমাই  লৰালৰিকৈ মোবাইল ফোন দুটা চাৰ্জিঙত দি আমি ওলাই আহিলো কোঠাৰ বাহিৰলৈ ।

অতিথিশালা ইতিমধ্যেই  ভৰি পৰিছে আন আন অতিথিৰে। অভ্যৰ্থনা কক্ষৰ সমুখত এতিয়া দহ খন গাড়ী । গাড়ী বিলাকৰ চালক সকল লগ হৈ এচুকত জুম বান্ধি আড্ডা মাৰিছে । আড্ডাৰ মাজত আমাৰ ড্ৰাইভাৰ মনু ভাই কথাত মচগুল । আমাক দেখি আগবাঢ়ি আহি হাহি হাহি কলে –“আজি আমি দহ জন ড্ৰাইভাৰ গোট খাইছো । গতিকে চিন্তাৰ কাৰণ নাই । ৰাতিটো ভালদৰে যাবগৈ ।”

–“মানে ?”– মনু ভাইৰ কথাত কিবা ৰহস্যৰ গোন্ধ পাই সুধিলো মই ।

–“মানে, চাহাব”— মাতটো অলপ সৰু কৰি মনু ভাইয়ে খুব গুপুত কথা এটা কোৱাদি কলে–” ইয়াত ড্ৰাইভাৰ সকল থাকিবৰ বাবে আচুতীয়া ডৰ্মিটৰি এটা আছে সউ ফালে অলপ নামনিত।সমগ্ৰ কুমাওঁ অঞ্চলৰ কোনো ড্ৰাইভাৰে  মৰি গলেও তাত অকলে নাথাকে। অকলে কিয়, দুই তিনি জন লগ হলেও নাথাকে । অশৰীৰী কিবা বেয়া বস্তু আছে তাত । ৰাতি খন বৰ দিগদাৰ দিয়ে ।আগতে এনে বহুত ঘটনা ঘটি গৈছে তাত । অকলে থাকিব লগা হলে ড্ৰাইভাৰ সকলে সদায় নিজৰ গাড়ীৰ ভিতৰতে শোৱে । মইও গাড়ীৰ ভিতৰত শুম বুলি সাজু হৈ আহিছিলো । কিন্তু আমি দহ জন লগ হলো যেতিয়া আজি সকলোৱে তাতেই শুম বুলি ভাবিছো। লগত যা-যোগাৰো গোট খাইছে ।”— Royal Stag হুইস্কীৰ ডাঙৰ বটলটো গৰ্বেৰে প্ৰদৰ্শন কৰিলে মনু ভাইয়ে ।

–” ৰুমৰ ভিতৰতো এনে কিবা …”—সভয়ে কিবা কব খুজিলে শ্ৰীমতীয়ে ।

–” নাই, নাই, মাডাম । ৰুমত তেনেকুৱা একো নাই ।থকা হলে মই আগতেই আপোনালোকক কৈ দিলোহেতেন । আপুনি নিশ্চিন্ত মনে থাকক।”– শ্ৰীমতীক আস্বস্ত কৰাৰ চেষ্টা কৰিলে মনু ভাইয়ে।

কিছু পৰ বাহিৰত ফুৰি চাকি  এটা সময়ত আমি ঘূৰি আহিলো নিজৰ কোঠালৈ। কোঠাৰ বাহিৰৰ অন্ধকাৰ প্ৰকৃতিয়ে ইতিমধ্যেই ৰহস্যময় ৰূপ ধাৰণ কৰিছে । জেনেৰেটৰৰ শব্দৰ বাহিৰে সমগ্ৰ পৃথিবী নিস্তব্ধ ।  অতিথি সকল চাগে নিজ নিজ কোঠাৰ ভিতৰত জেনেৰেটৰলব্ধ বিদ্যুতৰ সদ্ব্যবহাৰ কৰাত ব্যস্ত । সময়ো বেছি নাই। ন বজাৰ আগতেই নিশাৰ আহাৰ খাই আজৰি হব লাগিব । শ্ৰীমতীৰ মুখলৈ চালো ।মনু ভাইৰ মুখত ডৰ্মিটৰিৰ ভূতৰ কথা শুনি অলপ ভয় খাইছে হবলা। –” ধূৰ, বাদ দিয়াহে ভূতৰ কথা।”— গৰজি উঠিলো মই ।–“মই থাকোতে কিহৰ  চিন্তা ! যা- যোগাৰ মোৰ খুবেই মজবুত।”— Blenders Pride ৰ ডাঙৰ বটলটো শ্ৰীমতীৰ আগত গৰ্বেৰে প্ৰদৰ্শন কৰিলো মই ।

পিচ দিনা ৰাতিপুৱা মনু ভাইৰ হাহি ভৰা মুখ খন দেখিয়েই মই গম পালো — যোৱা নিশা নিশ্চয় “ৰয়েল স্টেগ’ৰেই জয় হল । তথাপিও নিশ্চিত হবৰ বাবে মই সুধিলো –” ৰাতি কিবা অসুবিধা হৈছিল নেকি ?”

-” নাই, চাহাব । আমি দহ জনকৈ পাহাৰীয়া ডেকা । লগত আছে ৰয়েল স্টেগ । কোনোবা ভূতৰ বাপেকৰ হিম্মৎ হবনে আমাক দিগদাৰি দিবলৈ!”— বেপৰোৱা ভংগীত কৈ উঠিল মনু ভাইয়ে।

-“সেইটো বাৰু গম পাইছো”– মই কলো–” তথাপিও, ভূত মহাশয়ে কিবা চেষ্টা চলাইছিল নেকি ?”

-” নাই নাই, চাহাব । আমি দহ জন ড্ৰাইভাৰ  লগ হৈ ৰং ধেমালি কৰি আড্ডা মাৰি থাকোতে একো গমেই নাপালো । বটলটো মাজ নিশাই শেষ হল । তাৰ পাচত পাল পাতি দুজনক ৰখীয়া কৰি থৈ আমি শুই গলো । টোপনি ভালেই হল । আপোনাৰ কেনেকুৱা গল, চাহাব ?”– উৎসাহেৰে সুধিলে মনু ভাইয়ে।

–” ব্লেন্ডাৰ্চ প্ৰাইডৰ কৃপাত ময়ো বৰ সুন্দৰ নিশা এটা পাৰ কৰিলো ।”– একেই উৎসাহেৰে উত্তৰ দিলো মই ।

মনু ভাইক ইমানতে এৰি এতিয়া মই আহো অতিথিশালাৰ অভ্যৰ্থনা কক্ষলৈ ।

কুমাওঁ মন্ডল বিকাশ নিগমৰ ব্যবস্থাপনাত ‘পেকেজ ট্যুৰ'(Package Tour)ৰ সুবিধা উপলব্ধ । কৈলাস পৰ্বত – মানস সৰোবৰ হ্ৰদলৈকো আছে তেনে এক পেকেজ ট্যুৰ । আমাৰ অতিথিশালাৰ ডেকা মেনেজাৰ জন বেচ কিছু দিন কৈলাস- মানস সৰোবৰ ট্যুৰৰ দায়িত্বত আছিল । তিনি মাহ আগতে মাথোন তাৰ পৰা বদলি হৈ আহি বিনসাৰৰ অতিথিশালাৰ কামত যোগদান কৰিছেহি ।

এই মেনেজাৰ জনৰ লগত শ্ৰীমতীয়ে দীৰ্ঘ সময় ধৰি কথাত ব্যস্ত হৈ পৰা দূৰৈৰ পৰাই মই লক্ষ্য কৰিছিলো । চিন্তাও হৈছিল একোবাৰ  — শ্ৰীমতীয়ে মোক নোকোৱাকৈ কৈলাস- মানস সৰোবৰ ভ্ৰমণৰ একপক্ষীয় পৰিকল্পনা কৰা নাইতো !

কিহৰ আলোচনা চলিছে তাকে জানিবলৈ ওচৰ চাপি গলো মই ।

— “ট্ৰেকিঙত যাবলৈতো মোৰ খুবেই ইচ্ছা । কিন্তু এতিয়া বেমাৰী হৈ পৰিলো যে । মন গলেও যাব নোৱাৰো।”– হুমুনিয়াহ কাঢ়ি কৈছে শ্ৰীমতীয়ে ।

–“কিয় নোৱাৰিব, মাডাম । এতিয়াও পাৰিব । প্ৰথমেই কঠিন পথ বাচি নলব । সহজ পথেৰে ট্ৰেকিং আৰম্ভ কৰক । আত্মবিশ্বাস বাঢ়ি গলে পিচলৈ যিকোনো ট্ৰেকিং পথ আপুনি নিজেই বাচি লব পাৰিব । ইচ্ছা কৰিলে আজিয়েই তেনে এক সহজ পথেৰে ট্ৰেক কৰি আহিব পাৰে। “– মেনেজাৰ মহাশয়ৰ প্ৰস্তাব ।

–“আজিয়েই ? কলৈ?”– একে জাপে ওচৰ চাপি এই বাৰ প্ৰশ্ন কৰিলো মই ।

–“ইয়াৰ পৰা আঢ়ৈ কিলোমিটাৰ দূৰৈত আছে জিৰো পইন্ট (Zero Point)। তালৈ অৰণ্যৰ মাজেৰে ট্ৰেক কৰি যাব লাগে । জিৰো পইন্টৰ পৰা হিমালয়ৰ দৃশ্যও চাবলগীয়া । ৰাস্তাত বনৰীয়া হৰিণাৰ জাক দেখা পাবও পাৰে। ৰাতিপুৱা গৈ আপোনালোকে দুপৰীয়া খোৱাৰ সময়ৰ আগে আগে ঘূৰি আহিব পাৰিব ।”— মেনেজাৰ মহাশয়ে কলে ।

প্ৰস্তাবটো বৰ বেয়া নালাগিল মোৰ । ট্ৰেক কৰাৰ ইচ্ছা মোৰো নথকা নহয় । কিন্তু এই বয়সত শৰীৰে সহিব পাৰিবনে নাই তাত মোৰ সন্দেহ আছিল । এতিয়া মেনেজাৰ মহাশয়ৰ কথাত সহজ ট্ৰেকিং পথৰ সম্ভেদ পাই উৎসাহ দুগুণে বাঢ়িল ।

অতিথিশালাৰ সমুখৰ পকী ৰাস্তাটোৰ এটা কাষৰ পৰাই আৰম্ভ হৈছে আমাৰ আজিৰ ট্ৰেকিঙৰ পথ । তাতে গাইড এজন ৰৈ থকাৰ কথা ।  পাচশ টকাৰ বিনিময়ত আমাক বাট দেখুৱাই লৈ যাব জিৰো পইন্টলৈ — ৰাতিপুৱা মেনেজাৰে আমাক তেনেকৈয়ে কৈছিল ।

ইফালে সিফালে চাইও কোনো গাইড আমাৰ চকুত নপৰিল । আৰু গাইডনো লাগিছে কেলেই ! জিৰো পইন্টলৈ হাবিৰ মাজেৰে এটাই মাত্র পথ হেনো । পথটো সম্পূৰ্ণ নিৰাপদ বুলিয়েই সকলোৱে কৈছে । ৰাতিপুৱাই বঙালী পৰিয়াল এটা গৈ সুকলমে ঘূৰি আহিছে ।

বেচি পৰ গাইডলৈ বাট নাচাই আমি নিজেই থিয় ৰাস্তাটোৰে পাহাৰ বগাব ললো । ঠিক ৰাস্তা বুলিও কব নোৱাৰি । হাবিৰ মাজেৰে মানুহ অহা যোৱা কৰোতে ৰাস্তাৰ নিচিনা চিন এটা বহি গৈছে ।বচ, সিমানেই। ট্ৰেকিঙৰ পথ বোৰ সাধাৰণতে এনেকুৱাই হয় ।

অৰণ্যৰ ভিতৰলৈ ক্ৰমান্বয়ে আমি আগবাঢ়ি গৈ থাকিলো — অবশ্যেই মাজে মাজে জিৰণি লৈ ।গভীৰ অৰণ্যৰ মাজত মাথো আমি দুটা প্ৰাণী । আগলৈ পিচলৈ আৰু কোনোৱেই নাই ।

কুমাওঁৰ অৰণ্য আমাৰ অসমৰ  নিচিনা ঘোপমৰা হাবি নহয় । ডিগবৈৰ ওচৰৰ লক্ষীপথাৰৰ অৰণ্য খনৰ মাজেৰে এসময়ত মই বহুকেইবাৰ অহা যোৱা কৰিছো । অকলে গলে এই অৰণ্য খনৰ মাজত দিনতেই  গা সিৰসিৰাই যায় । ওখ ওখ প্ৰকান্ড গছ বিৰিখেৰে ভৰা এই অৰণ্য খনৰ মাজৰ ঠাই বোৰ সুৰুযৰ কিৰণে কোনো কালেই স্পৰ্শ কৰিব নোৱাৰে হবলা ।

কুমাওঁৰ এই অঞ্চলৰ অৰণ্য বোৰ  পাইন,ওক, দেবদাৰু আৰু ৰ’ড’দেন্দ্ৰন গছেৰে ভৰা । গেজেপনি মৰা হাবি ইয়াত নাই । প্ৰাকৃতিক সৌন্দৰ্য্য ইয়াৰ অতি বিনন্দীয়া।  গছ বিৰিখৰ মাজে মাজে সুৰুযৰ কিৰণ আহি ঠায়ে ঠায়ে মনোমোহা মায়াজালৰ সৃষ্টি কৰে।

তথাপিও কিবা ভয় ভয় লাগে এই অৰণ্যৰ মাজত — ইয়াৰ অখন্ড নীৰবতাৰ বাবে । উস, প্ৰকৃতি ইমানেই নিস্তব্ধ হব পাৰেনে ! ওক গছৰ শুকান পাতৰ ওপৰত আমি খোজ দিওতে হোৱা খচ খচ শব্দৰ বাহিৰে আৰু কোনো শব্দই নাই । চৰাই চিৰিকতিৰ কথাটো বাদেই, জিলীৰ মাত এটাও শুনিবলৈ নাই ।

এই ট্ৰেকিং পথটো সম্পূৰ্ণ নিৰাপদ বুলি অতিথিশালাৰ সকলোৱে দঢ়াই দঢ়াই কৈছিল যদিও গভীৰ অৰণ্যৰ মাজত হিংস্ৰ জন্তুৰ ভয় এটা আহি মোৰ মনত পীড়া নকৰা নহয় । কুমাওঁৰ হাবি বাঘৰ কাৰণে বিখ্যাত ।জিম কৰবেট  ডাঙৰীয়াই অবশ্যে বাঘক ‘Large hearted gentleman’ বুলি কৈ গৈছে। সেয়াই হয় যেন। যদি বাঘ ইয়াত আছেও, সিহতে  আজি অন্তত: নিজৰ ভদ্ৰলোকৰ পৰিচয় অক্ষুন্ন ৰাখক ।

গৈ আছো, গৈ আছো — গৈয়েই আছো । ভাগৰত অবস্থা নাই । পথ শেষ নহয়হে নহয় । আঢ়ৈ কিলোমিটাৰৰ পথো  ইমান দীঘল হব পাৰেনে ! কুমাওঁ অঞ্চলৰ কিলোমিটাৰ বোৰ বেচ দীঘল যেন পাও ।

গৈ থাকোতেই হঠাতে এবাৰ মানুহৰ মাত কথা শুনা যেন লাগিল । ক্ষন্তেক থমকি ৰৈ কাণ থিয় কৰি শুনিবৰ চেষ্টা কৰিলো । হয়, মানুহৰ মাতেই হয় । ঠিক কিমান দূৰৈৰ পৰা ভাহি আহিছে এই কন্ঠস্বৰ ঠাৱৰ কৰিব নোৱাৰিলো । সৰু লৰা ছোৱালীৰ কিৰিলিও তাৰ মাজতে শুনা যেন লাগিল ।

এই নিজান হাবিৰ মাজত আমি দুটা প্ৰাণী অকলশৰীয়া নহও তাৰ মানে । আৰু কোনোবা জন আছে ইয়াতে । মনটো ভাল লাগি গল । হেৰাই যাব খোজা আত্মবিশ্বাস বহু খিনি ঘূৰি আহিল ।

ৰাস্তাৰ কেকুৰি এটা পাৰ হোৱাৰ পাচতেই এবাৰ অদূৰত  ‘টাৱাৰ’ এটাৰ চূড়া ভাহি উঠিল।

জিৰো পইন্টৰ পৰা হিমালয়ৰ দৃশ্য দৰ্শণ কৰাৰ বাবে তাতে ‘টাৱাৰ’ এটা বনাই থোৱা বুলি মেনেজাৰ মহাশয়ে মোক কৈছিল । আ: আহি পালো তেনেহলে ভালে ভালে । ইমান পৰে শুনি থকা মাত কথা বোৰো এই বাৰ আৰু স্পষ্ট হৈ উঠিল ।

হাবিৰ মাজৰ পৰা ওলাই জিৰো পইন্টৰ টাৱাৰটোৰ সমুখৰ মুকলি ঠাই খিনিত আমি গৈ থিয় হলো । প্ৰকৃতিৰ সৈতে একাত্ম হৈ পৰিব খোজা মানুহ কেই জনে আচৰিত হৈ আমাৰ ফালে ঘূৰি চালে ।মতা মানুহ তিনি জন । দুগৰাকী মহিলা । লগত লৰা ছোৱালী এহাল ।

–” কাহা চে আয়া, ভাইচাব ?”— সমুখৰ মানুহ জনে মোক সুধিলে ।

-“গুৱাহাটী চে।”- সুদীৰ্ঘ সময়ৰ মৌনতাৰ জড়তা ভাঙি মোৰ মাতটো কোনোমতেহে ওলাল।

–“গুৱাহাটীৰ পৰা ! আৰে বা:। কি মজাৰ কথা ! আমি আহিছো কোকৰাঝাৰৰ পৰা ।”— ঘাহনিৰ ওপৰত বহি থকাৰ পৰা একে জাপে থিয় হৈ কলে মানুহ জনে ।

-“এই নিজান হাবিৰ মাজত নিজৰ ঠাইৰ মানুহ লগ পোৱাটো কম কথা নহয় দেই।”— বুলি কৈ শ্ৰীমতীৰ ফালে আগ্ৰহেৰে আগবাঢ়ি আহিল কোকৰাঝাৰনী।

কোকৰাঝাৰীয়া পাৰ্টীৰ লগত আমাৰ পৰিচয় পৰ্ব আৰু কথা বতৰা চলিল ভালেখিনি সময় ধৰি । মানুহ জন বেচ কথকী । পেশাত ব্যবসায়ী । লৰা ছোৱালী হাল  স্কুলত পঢ়ি আছে । এতিয়া স্কুল বন্ধ থকাৰ সুযোগত সপৰিয়ালে ফুৰিব আহিছে ।

 ভদ্ৰমহিলা গৰাকী স্বল্পভাষী । হলেও শ্ৰীমতীক লগ পাই কিছু সময়ৰ বাবে তেখেতো  মুখৰ হৈ উঠিল ইটো সিটো কথাৰ মাজত ।

–” এই বাৰ আমি বৰ ধুনীয়া ঠাই এখন চাই আহিলো বুজিছেনে !  ঠাই খনৰ নাম কৌসানি । ইয়াৰ পৰা তিনি ঘন্টাৰ বাট ।”– কথাৰ মাজতে কলে ভদ্ৰলোকে ।

-” হয়, জানো । কাইলৈ আমি তালৈকে গৈ আছো । আগতেও এবাৰ আমি আহি গৈছো তালৈ। সচাকৈ বৰ ধুনীয়া ঠাই।”— শলাগিলো মই ।

‘টাৱাৰ’টোৰ ওপৰলৈ চিৰি বগাই গৈ পিচে বিশেষ লাভ নহল আমাৰ । শুকুলা ডাৱৰ বোৰ কৰবাৰ পৰা আহি এতিয়া ছাটি ধৰিছে হিমালয়ৰ বৰফ সনা টিং বোৰ । তাৰ বাবে পিচে আমাৰ বৰ এটা আক্ষেপ নাই – কিয়নো আমাৰ অতিথিশালাৰ Terrace ৰ পৰা আজি ৰাতিপুৱা সূৰ্য্যোদয়ৰ পাচত পৰিস্কাৰ আকাশত  উজলি উঠা ত্রিশূল, নন্দাদেবী ( স্থানীয় লোকৰ ভাষাত নন্দা আৰু সুনন্দা) আদি গিৰিশৃংগৰ অপৰূপ সৌন্দৰ্য্য প্ৰত্যক্ষ কৰি ইতিমধ্যেই আমি ধন্য হৈ পৰিছো ।

-“ঘূৰি যোৱাৰ আগতে ইয়াতে ফটো দুই কপি মান লব লাগিল। চিন এটা থাকি যাব ।”– শ্ৰীমতীক মই কলো ।

-“আংকোল, আন্টি, আপোনালোক দুয়োজনে একেলগে থিয় হওক । মই ফটো তুলি দিম।”— আগবাঢ়ি আহি কলে ভদ্ৰলোকৰ জীয়ৰীয়ে ।

মোবাইল ফোনৰ কেমেৰাত জিৰো পইন্টৰ স্মৃতি ধৰি ৰখাৰ প্ৰয়াস কৰি লাহে ধীৰে আমি উভতিলো ।

অতিথিশালাৰ সমুখত কোকৰাঝাৰীয়া পাৰ্টীয়ে আমাৰ পৰা বিদায় ললে । তেওঁ লোক এতিয়া যাবগৈ আলমোৰা চহৰলৈ । তাৰ পৰা কাঠগোদাম হৈ কোকৰাঝাৰলৈ ।

ইন’ভা গাড়ী খনত উঠি কোকৰাঝাৰীয়া সকল আতৰি যোৱালৈ চাই কিবা এক অজান বিষাদত ভৰি পৰিল মোৰ মন । বৰ আচৰিত আমাৰ এই মন বোলা বস্তুটো । মাথো অলপ সময়ৰ আগৰহে চিনাকি । তাতেইনো কিহৰ ইমান আত্মীয়তা !

আচলতে এই সংসাৰ খনেই এনেকুৱা নহয় জানো ? সকলো মাথো অহা যোৱাৰেই খেল ।দুদিন অগা পিচাকৈ কোনোবা আহিছে, কোনোবা গৈছে । অহাটো আহক বাৰু । কিন্তু এই যোৱাটোহে মোৰ সহ্য নহয় । উজ্বল নতুন প্ৰভাত এটাক সদায়েই মই জনাও অতি সাদৰ সম্ভাষণ । কিন্তু বিষন্ন অপৰাহ্ন এটাক ?  ওহো , নাই নোৱাৰিম স্বাগতম জনাবলৈ । মোৰ সৰু মানব  জীৱনটোৰ এইটোৱেই চৰম ব্যৰ্থতা ।

যাহওক, সেই বোৰ ভাবি গুণি লাভ নাই । আহিছো যেতিয়া যাবই লাগিব– সেয়াই পৰম সত্য । বিনসাৰ খন এৰি থৈ কাইলৈ আমিও যামগৈ কৌসানিলৈ ।

ছয় বছৰ আগতে দৰ্শণ কৰা কৌসানিৰ সেই মনোমোহা ৰূপটোৰ কথা কল্পনা কৰি উৎফুল্লিত কৰি তুলিবৰ চেষ্টা কৰিলো মোৰ বিষাদগ্ৰস্থ মন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: গুৱাহাটী- নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ী
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
July 7, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

June 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d