-মনোজ কুমাৰ ডেকা |
…ক্ৰমশঃ এটা ভয়ে নায়কক চেপি আনিছে l চিঞৰিছে …কান্দিছে l নিজৰ অভিপ্সা সিদ্ধিৰ বাবে এটাৰ পিছত এটা হত্যাকাণ্ড সংঘটিত কৰি যোৱা নায়ক এতিয়া ভাগৰুৱা l ক্লান্ত l
সেয়া আছিল মেকবেথ’ৰ এটি দৃশ্য l পৰিচালক, ৰতন থিয়াম l চুবুৰীয়া মনিপুৰ’ৰ প্ৰখ্যাত পৰিচালক গৰাকীয়ে নিজৰ ধৰণে মেকবেথ’ক ব্যাখ্যা কৰিছে l সহস্ৰজনে অবাক হৈ চাইছে l আমিও চাইছো তেখেতৰ নাটকৰ্ম l বুজিবলৈ চেষ্টা কৰিছো l কিন্তু মনলৈ হঠাতে আন কেতবোৰ চিন্তা আহি ভীৰ কৰিলে l মনটোৱে কৈছে , সুধিছে – আৰম্ভণি কি আছিল …কেনে আছিল ? আমি অসমৰ বা ৰাজ্যৰ কোনো পৰিচালকৰ চবি চাইছো , নাটক চাইছো l কিন্তু আজিৰ পৰা ১০০ বছৰ আগেয়ে ? ২০০ বছৰ আগেয়ে ? তেতিয়া ? তেতিয়া আমাৰ পূৰ্ব পুৰষে কি চাইছিল ? সিমান বছৰ পূৰ্বে জ্ঞান বা মনোৰঞ্জনৰ বাবে কৰা কামৰ, প্ৰদৰ্শনৰ ৰূপ কেনেকুৱা আছিল ! ৰীতি কেনেকুৱা আছিল ?
যদি উভটি চাওঁ দেখিম যে প্ৰাচীন অসমত প্ৰচলিত কেইটামান নাট্যধৰ্মী অনুষ্ঠান হৈছে- ওজাপালি , পুতলা নাছ, কুশান গান ইত্যাদি l আমি ইয়াত ওজাপালি’ৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম l
নামনি অসমৰ কেইবাখনো জিলাত এইবিধ লোক কলাৰ অনুশীলন আজিও অব্যাহত l তথাপি দৰং জিলাত ই অধিক শক্তিশালী ৰূপ পৰিগ্ৰহ কৰা লক্ষ্য কৰা যায় l
ওজাপালি মুলতঃ দুই প্ৰকাৰৰ l
(এক) ব্যাসৰ ওজাপালি,
( দুই ) শুকন্নানী ওজাপালি l দুয়োপ্ৰকাৰৰ ওজাপালী মাজত অকণ পাৰ্থক্য আছে l অভিনয় বা মুদ্ৰা আদিৰ কথা সাময়িকভাৱে পিছলৈ থৈ যদি পোছাকলৈ লক্ষ্য কৰো তেন্তে দেখিম, শুকন্নানী ওজাপালিত ওজা বা পালীয়ে জামা নিপিন্ধে l তেওঁলোকে পিন্ধে পাটৰ চাপকন ছোলা আৰু ধূতি l ওজাৰ পাগুৰি ডিম্বাকৃতিৰ হয় l পালিসকলৰ পাগুৰি দেখিবলৈ ময়ুৰে পাখি মেলাৰ দৰে l সেয়ে ইয়াক কোৱা হয়, মৈৰাছাৰী পাগুৰি l
পৰিবেশনৰ সময়ত শুকন্নানী ওজাপালি’ত পোনতে জয়ঢোল বজোৱা হয় l শুকন্নানী ওজাপালিত পালীয়ে এখন হাতেৰে দুয়োপাত খুটিতাল বজায় l সাধাৰণতে শুকন্নানী ওজাপালি পৰিবেশন কৰা হয় পূজা সমুহত l যেনে : মনসা পূজা , গণেশ পূজা , সত্যণাৰায়ণ পূজা আদি l ইয়াৰ বিপৰীতে বিষ্ণু পূজা বা আদ্যশ্ৰাদ্ধ আদিত শুকন্নানী ওজাপালি পৰিবেশন কৰা নহয় l
সাধাৰণতে শুকন্নানী ওজাপালিয়ে পদ্মাপুৰাণ বা আন পুৰাণৰ আখ্যান গায় l
আকৌ, ব্যাস’ৰ ওজাপালি’য়ে পিন্ধে জামা l তেওঁলোকে ঢোলৰ ব্যৱহাৰ নকৰে l তেওঁলোকে দুয়োখন হাতেৰে দুখন খুটিতাল লৈ বজায় l ব্যাসৰ ওজাপালিয়ে ৰামায়ণ-মহাভাৰত’ৰ কাহিনী গায় l
ওজাপালিক কোৱা হয় প্ৰাচীন নাট্যধৰ্মী অনুষ্ঠান l ইয়াত ওজাই শুৱলাকৈ গীত গাই অংগসঞ্চালনেৰ অভিনয় কৰি উপস্থিত দৰ্শকক বুজায় l কোৱা হয়- “মুখে গাৱে হাতে মুদ্ৰা, পাৱে ধৰে তাল- ময়ুৰ সদৃশ নাছে, সেই ওজা ভাল ।”- ইয়াৰ মাজতেই ওজাপালি’ৰ নাট্যধৰ্মী গুণৰ বহু কথা সোমাই আছে l ওজাপালি’ৰ অন্যতম ভাললগা দিশতো হ’ল ওজাপালি’য়ে উপস্থিত শ্ৰোতা দৰ্শকক জড়িত কৰে l টোপনি যোৱাজনক জগাবলৈ হঠাতে তালৰ বা সুৰৰ গতি সলনি কৰে l খুহুতীয়া কথাৰে একঘেয়ামী আঁতৰাই l শিৱ পাৰ্বতীৰ আখ্যানত পাৰ্বতীয়ে সদা শিৱক বাইক কিনিব দিয়ে !
“অ শুনা …”
“কি শুনিম ?”
“শুনা পাৰ্বতী যাবা অল্লা..”
“তাৰপাছত !”
“শিৱই কলা…যাবা খুজ্জা, যাৱা…কিবা দিগদাৰ পালি ফোন কোৰবা !”
“তাৰপাছত ?”
“তাৰপাছত পাৰ্বতী শিৱৰ দেখি ঘপাকে চাই কলা…আজিকলেগি এখান বাইক কিনবা নোল্লা …মতা দেখাবা আইছি !”
_এনেদৰে ৰসাল ৰূপত বিষয়বস্তুক উপস্থাপন কৰা হয় l
বৰণীয়া অসমীয়া সংস্কৃতিৰ বহুমূলীয়া মুকুতা ওজাপালিক এতিয়া আমি যত্ন লোৱাহে কথা l