–দিলীপ দৈমাৰী
বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ’নাৰ নতুন ৰূপৰ সংক্ৰমণ বিয়পি পৰাৰ পিছত পুনৰ সমগ্ৰ বিশ্বতে চৰম উদ্বেগ সৃষ্টি হৈছে। বিভিন্ন দেশে বিভিন্ন দেশৰ পৰা অহা বিমান আৰু যাত্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ প্ৰভাৱ পৰিছে বিমান সেৱাসমূহত। ডিচেম্বৰ মাহটোৰ শেষৰ সপ্তাহত সমগ্ৰ বিশ্বতে ১১০০০+ বিমানৰ ঊৰণ বাতিল কৰা হৈছে। অহা বছৰ, অৰ্থাৎ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত মুঠ ৩৪০০০+ বিমান বাতিল হৈছে। ফলত ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে যাত্ৰীসকল।
এতিয়া বৰদিনৰ বতৰ, আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই নতুন বছৰ এটাৰ আৰম্ভণি হ’ব, আৰম্ভ হ’ব ২০২২ চন। গতিকে সপ্তাহৰ শেষৰ সপ্তাহত বিদেশলৈ বহুতেই উৰা মাৰিছে বৰদিনৰ ছুটি উপভোগ কৰিবলৈ, নতুন বছৰটো উদযাপন কৰিবলৈ। কিন্তু নতুনকৈ কৰ’নাৰ যি ৰূপ এতিয়া ‘ওমিক্ৰণ’ৰ নামেৰে বিয়পি পৰিছে, যি আতংকৰ সৃষ্টি হৈছে, তাৰে পটভূমিত বহু দেশৰ বিমানসেৱা বাতিল হৈ পৰিছে। কেৱল সোমবাৰৰ দিনটোতেই , অৰ্থাৎ ২৭-১২-২০২১ তাৰিখেই ৩০০০+ বিমানৰ ঊৰণ বাতিল হৈছে। ফ্লাইট ট্ৰেকাৰ ‘ফ্লাইট অ্যৱাৰ’ অনুসৰি মঙলবাৰে পুনৰ ১০০০ বিমানৰ ঊৰণ বাতিল হৈছে। সপ্তাহটোৰ প্ৰথম দুটা দিনতেই ৪৫০০ বিমানৰ ঊৰণতকৈও অধিক ঊৰণ বাতিল হোৱাত এক প্ৰৱল সমস্যা সৃষ্টি হৈছে বিশ্বৰ দেশে দেশে, পৰ্যটকসকলে পৰিছে অভানীয় সমস্যাৰ মুখত, লগতে পৰ্যটন ব্যৱসায়।
সবাতোকৈ অধিক বিমানৰ সেৱা বাতিল হৈছে চীনত। দুটা বিমান সেৱা সংস্থাই চীনৰ বিভিন্ন নগৰলৈ অন্তৰ্দেশীয় আৰু আন্তৰ্জাতিক বিমান সেৱাৰ ব্যৱস্থা কৰে। চাইনা ইষ্টাৰ্ণ এয়াৰলাইঞ্চে ৪২৩ খন বিমানৰ ঊৰণ বাতিল কৰিছে আৰু এয়াৰ চাইনাই বাতিল কৰিছে ১৯৮ খন বিমানৰ ঊৰণ। চীনৰ পিছতেই আমেৰিকাৰ ৪ টা বিমান সেৱা সংস্থাই সকলো মিলাই প্ৰায় ৩০০ খনতকৈও অধিক বিমান বাতিল কৰিছে। আমেৰিকাৰ ডেল্টা এয়াৰলাইঞ্চৰ ৭৩ খন, ইউনাইটেড এয়াৰলাইঞ্চৰ ৯৩ খন, আমেৰিকান এয়াৰলাইঞ্চৰ ৮২ খন, জেট ব্লু-ৱে ৬৬ খন বিমান বাতিল কৰিছে। উল্লেখযোগ্য যে যোৱা ২৬ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত প্ৰথমে কৰ’নাৰ ওমিক্ৰণ ভ্যাৰিয়েন্ট ধৰা পৰিছিল আৰু মাত্ৰ ৬ সপ্তাহৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ সীমা অতিক্ৰম কৰি ১৬৪ খন দেশত বিয়পি পৰিছে এই নতুন স্ট্ৰেইন!
সকলোতকৈ অধিক আক্ৰান্তৰ বাৰ্তা আহিছে ইউৰোপ আৰু আমেৰিকাৰ পৰা। ‘দ্যা নিউয়ৰ্ক টাইমছ’ৰ সূত্ৰ অনুসৰি আমেৰিকাত এইপৰ্যন্ত ৭৫% বাসিন্দা কৰ’নাত আক্ৰান্ত হৈছে। আমেৰিকাৰ ইষ্টাৰ্ণ চি-বোৰ্ডৰ দৰে অঞ্চলত এতিয়া ৯০% মানুহ ওমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হৈছে। বৰদিনৰ বন্ধৰ দিন কটাবলৈ ভ্ৰমণ কৰা আমেৰিকানসকলৰ দ্বাৰাই ওমিক্ৰণ-আক্ৰান্তৰ সংখ্যা দিনে ৪৫% হাৰত বৃদ্ধি পাইছে। এতিয়া তেনে অঞ্চলত প্ৰতিদিনে ১৫০০০০ -অৰ পৰা ২০০০০০। আমেৰিকাৰ মধ্য-পশ্চিম অঞ্চল, বিশেষকৈ ইন্ডিয়ানা, অ’হিও, মিছিগান আদিত প্ৰচুৰ পৰিমাণে আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছে। গ্ৰেট ব্ৰিটেইনতো একেই পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু তাত এতিয়া শিল্প, কল-কাৰখানা তথা পৰিবহন ব্যৱস্থাত ব্যাপক কৰ্মী সংকট তৈয়াৰ হৈছে।