–অৰবিন্দ ৰাভা
যিসময়ত ওমিক্ৰনক লৈ সমগ্ৰ বিশ্ব পুনৰ উদ্বিগ্ন হৈ পৰিছে, সেইসময়তে দক্ষিণ-পূৱ ফ্ৰান্সত একেলগে ১২ জনৰ শৰীৰত কৰ’নাৰ নতুন এক স্ট্ৰেইন পোৱা গৈছে। এই ষ্ট্ৰেইনৰ এতিয়াও নামাকৰণ কৰা হোৱা নাই যদিও ফ্ৰান্সে এই মুহুৰ্তত সেই ষ্ট্ৰেইনটোৰ নাম ৰাখিছে ‘আই-এইচ-ইউ’ ভেৰিয়েন্ট। ইতিমধ্যে ইজৰাইলতো পোৱা গৈছে ‘ফ্লোৰোনা’ নামৰ অইন এবিধ ‘ষ্ট্ৰেইন’। এই ষ্ট্ৰেইনবিধ ইন্ফ্লুৱেঞ্জা আৰু কৰ’নাৰ সংমিশ্ৰণ বুলি কোৱা হৈছে। ইতিমধ্যে কৰ’নাৰ যিমানবোৰ ষ্ট্ৰেইন পোৱা গৈছে, তাৰে ভিতৰত সবাতোকৈ অধিক মিউটেশ্যন হৈছে ওমিক্ৰনত। ওমিক্ৰণৰ ক্ষেত্ৰত জিনৰ কোডিং সলনি হৈছিল ৩৮ বাৰ। অৰ্থাৎ, ডেল্টা ষ্ট্ৰেইনতকৈও ৬ বাৰ অধিক। কিন্তু সকলোকে তল পেলাই ‘আই-এইচ-ইউ’ৰ মিউটেশ্যন হৈছে ৪২ বাৰ।
যিকোনো ভাইৰাছৰ স্পাইক প্ৰোটিনৰ কোডিং যিমানবাৰ পৰিৱৰ্তন হয়, সি সিমানেই সংক্ৰামক হৈ পৰে। অন্ততঃ বিশ্বৰ শ্ৰেষ্ঠ ভাইৰোলজিষ্ট সকলৰ সেয়াই মত। কৰ’নাৰ আলফা, বিটা কিম্বা গামা ষ্ট্ৰেইনৰ তুলনাত যিহেতু ডেল্টা ষ্ট্ৰেইনৰ মিউটেশ্যন বা জিনৰ কোডিং সলনি ঘনে ঘনে হৈছিল, সেয়ে ডেল্টা অতিশয় চিন্তাৰ কাৰণ হৈ পৰিছিল চিকিৎসক সকলৰ বাবে। সম্প্ৰতি ডেল্টাতকৈও অধিক জিনৰ অৱস্থানৰ সালসলনি কৰি ওমিক্ৰন অধিক সংক্ৰামক হৈ পৰিছে। এতিয়া ওমিক্ৰনৰ সংক্ৰমণক লৈ উদ্বেগৰ আৰম্ভণি পৰ্ব চলি থাকোতেই ‘আই-চি-ইউ’ৰ আৱিৰ্ভাৱ হোৱাত চিকিৎসা বিজ্ঞানীসকলৰ নাজল নাথল অৱস্থা হৈছে।
ফ্ৰান্সৰ স্বাস্থ্য সংস্থাৰ সূত্ৰৰ মতে ফ্ৰান্সৰ বিমানবন্দৰত যি ১২ জনৰ শৰীৰত আই-এইচ-ইউ ষ্ট্ৰেইন ধৰা পৰিছে, তেওঁলোকৰ ক্ষেত্ৰত সুকীয়া উপসৰ্গ দেখা দিয়া নাই। কেৱল জ্বৰ, কাহ, মূৰৰ বিষৰ বাহিৰে অইন উপসৰ্গ নথকা হেতুকে বহুতেই হয়তো প্ৰকাশ্যে পৰীক্ষা নকৰাকৈ আছে। ফ্ৰান্সত যোৱা দুসপ্তাহত ৩ লাখৰো অধিক আক্ৰান্ত হৈছে ওমিক্ৰনৰ দ্বাৰা। সেয়ে প্ৰতিখন বিমানবন্দৰত বিদেশৰ পৰা অহা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। আৰু এনে পৰীক্ষাৰ দ্বাৰাই কেমেৰুণৰ পৰা অহা যাত্ৰীৰ শৰীৰত প্ৰাথমিক পৰীক্ষাতেই ধৰা পৰে শাৰীৰিক অসুস্থতাৰ ঘটনা। তাৰ পিছতেই সেই ১২ জনক বিশেষ আইচোলেশ্যনত ৰাখি চিকিৎসা কৰাই বিশ্লেষণ কৰি থকা হৈছে।
এনে পৰিস্থিতিত কৰ’নাৰ এই নতুন ভেৰিয়েন্টক লৈ সতৰ্ক কৰিছে আমেৰিকাৰ বিশেষজ্ঞ ফেইডল ডিং-এ। তেওঁ এনে নতুন জিনৰ ৰূপান্তৰিত হোৱা ঘটনা আতংকময় বুলি ঘোষণা কৰিছে। ‘আই-এইচ-ইউ’ক চিকিৎসা বিজ্ঞানৰ ভাষাত বি.১.৬৪০.২ ষ্ট্ৰেইন বুলি কোৱা হৈছে। এই সম্পৰ্কে ভাৰতৰ ভাইৰাছ সংক্ৰান্তীয় ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰৰ অধ্যাপক নিধান বিশ্বাসে কৈছে যে ‘কৰ’নাৰ ক্ষেত্ৰত এই জিনৰ সালসলনি অতি বিপদৰ কাৰণ।’ তেওঁৰ মতে, কৰ’নাৰ যি টিকা বা বুষ্টাৰ ডোজ প্ৰচলন হৈ আছে, সেইবোৰ কৰ’নাৰ পুৰণি ষ্ট্ৰেইনৰ ওপৰত প্ৰয়োগ কৰাৰ পিছত ইতিবাচক সঁহাৰি পোৱা হৈছিল, আৰু তাৰ পিছত সেই ভেকচিন মানুহৰ ওপৰত প্ৰয়োগ কৰা আৰম্ভ হৈছিল। কিন্তু যদি জিনৰ অৱস্থানৰ সলনি হয়, তেনে ক্ষেত্ৰত স্পাইক প্ৰোটিনৰ তলৰ ফালে থকা ‘হেক্সাকান্হ হুক’ক ধ্বংস কৰাৰ বাবে অব্যৰ্থ টিকা আৱিষ্কাৰ হৈছে নে নাই তাকে লৈ উদ্বেগ বৃদ্ধি পাইছে। ভাইৰাছৰ এই ‘হেক্সাকান্হ হুক’-এ হাওঁফাওঁ, ব্ৰঙ্কিওল, ট্ৰাকিয়াত অৱস্থান লৈ শ্বাসৰ কষ্ট সৃষ্টি কৰিছিল বিগত বছৰত।