অসমৰ থলুৱা মাছ
সংগ্ৰহঃ ধনেশ্বৰ হুজুৰী
জৰ্জ বাৰ্নাড শ্বৱে কৈছিল যে খাদ্যৰ প্ৰতি মানুহৰ যি প্ৰেম, আন কোনো প্ৰেমেই তাতকৈ আন্তৰিক হ’ব নোৱাৰে। প্ৰত্যেক মানুহে ভাতমুঠি কিদৰে জুতি লগাকৈ তৃপ্তিৰে খাব পাৰে তাৰ বাবে চেষ্টা কৰে। আমাৰ খাদ্য-সম্ভাৰত যাতে বিভিন্ন স্বাস্থ্য আৰু পৌষ্টিক গুণ থাকে তাৰ প্ৰতি অধিক সচেতন হোৱা উচিত, কাৰণ স্বাস্থ্যই পৰম ধন।
এই স্বাস্থ্য ৰক্ষাৰ বাবে শাক-পাচলি, মাছ-পুঠি অতি আৱশ্যক। গতিকে খাদ্যৰ ৰুচি আৰু পুষ্টিকৰ গুণেৰে সমৃদ্ধ এবিধ খাদ্য হৈছে থলুৱা মাছ। এসময়ত অসমৰ চৌদিশ থলুৱা মাছেৰে ভৰি আছিল। য’তে পানী তাতে মাছ বুলি এষাৰ কথা আছে। সম্প্ৰতি অসমত প্ৰাকৃতিকভাৱে থকা প্ৰায় 126 থলুৱা মাছৰ প্ৰজাতি আছে। এই মাছবোৰৰ ভিতৰত গৰৈ, চেঙেলী, পুঠি, মোৱা, চেনিপুঠি, শিঙি, মাগুৰ, শ’ল, ভাঙোন, কুঢ়ি ইত্যাদি।
অসমৰ প্ৰায় 100খন নদী আৰু 22 খনমান জলাশয় আছে। প্ৰায় 3 লাখৰ ওপৰ সৰু-ডাঙৰ পুখুৰী আছে। এই খাল-বিলবোৰত থলুৱা মাছ পুহি আমি খাব পাৰো। কিয়নো, ঔষধি গুণসম্পন্ন মাছৰ 100 গ্ৰামত খাদ্যগুণ এনেধৰণৰ— প্ৰ’টিন 20 শতাংশ, 20 শতাংশ, কেলৰি 50 শতাংশ, খনিজ লৱণ 10 শতাংশ। ইয়াৰ উপৰি মাছত পোৱা যায় কেলচিয়াম, ফছফৰাছ, লৌহ পদাৰ্থ, জিংক আদি পুষ্টিগুণ।
কিয়নো, মাছ হ’ল অতি কম খৰচতে সহজতে পালন কৰি উৎপাদন কৰিব পৰা এবিধ অসমতাপী শীতলৰক্তী চৰ্বি আৰু প্ৰ’টিনযুক্ত। মাছত বিভিন্ন প্ৰকাৰৰ মাণিক পদাৰ্থ, যেনে – ছডিয়াম, পটাছিয়াম, কেলচিয়াম, আইৰন, ফছফৰাছ, ভিটামিন – এ, চি, বি, ই আৰু কে পোৱা যায় বুলি স্বাস্থ্যবিজ্ঞানীয়ে কয়। মানৱ শৰীৰৰ বাবে ওমেগা-3ৰ উৎকৃষ্ট ভাণ্ডাৰ হৈছে মাছ।
মাছ কিয় খাব লাগে?
মাছে মানুহৰ শৰীৰ গঠনত সহায় কৰে।
মস্তিষ্কৰ বিকাশ আৰু চকুৰ ৰেটিনাৰ বাবে মহৌষধ।
স্নায়ুতন্ত্ৰ সবল কৰি মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে।
বিজ্ঞানীসকলে কয় যে মানুহৰ মগজুত থকা ছেৰিটমিন আৰু থন এড্ৰানালিন ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে একমাত্ৰ মাছ খোৱাৰ ফলত।
ই মানুহৰ ভাল টোপনি অহাত সহায় কৰে।
নিয়মিত মাছ আৰু ওমেগা-3 চৰ্বিযুক্ত এচিড গ্ৰহণৰ বাবে মানসিক চাপ আৰু আত্মহননৰ প্ৰৱণতা দূৰ কৰে।
মাছৰ দেহত থকা এন-3জাতীয় পলি অন চেচুৰেটেড ফেটী এচিডে হৃদৰোগত বাধা দিব পাৰে।
ডঁৰিকনা, চন্দা, কাৱৈ, পুঠি, খলিহনা, শিঙৰা মাছ ভিটামিনৰ ভঁৰাল বুলি কোৱা হয়।
মাছৰ হাড় চোবাই খালে দৃষ্টিশক্তি বৃদ্ধি হয়।
পুঠিমাছ ঘিউত ভাজি খালে পুৰুষৰ বীৰ্য বাঢ়ে বুলি কোৱা হয়।
এতিয়া আলোচনা কৰিবলৈ লৈছো কি কি মাছৰ কি কি ঔষধি গুণ আছে।
ৰৌ মাছ –
মাছৰ সোৱাদ ৰৌ
আঞ্জাৰ সোৱাদ ঔ
ৰৌ মাছ স্বাস্থ্যৰ বাবে বৰ উপকাৰী। ই মানুহৰ দেহ-মন সুস্থ-সবল কৰি ৰাখিব পাৰে। যথেষ্ট প্ৰ’টিন পোৱা যায় ৰৌ মাছত। ৰৌ মাছে শুক্ৰ বৃদ্ধি কৰে। ৰৌ মাছ খালে মানুহৰ বাত বেমাৰ নাশ হয়। বিশেষকৈ কাহ, কফ, হাপানী, পিত্তনাশক এই ৰৌ মাছ।
কাৱৈ মাছ – কাৱৈ মাছ বৰ উপকাৰী। কাৱৈ মাছ আৰু পালেং শাক খাবলৈ বৰ সোৱাদ লগা হয়। পালেং শাক আৰু কাৱৈ মাছৰ আঞ্জা বায়ু দোষ আৰু পিত্ত ৰোগৰ মহৌষধ। কাৱৈ মাছ ধনিয়াৰে জোল কৰি খালে কাহ-কফ নিৰাময় হয়। কাৱৈ ৰুচিকাৰক। কাৱৈ মাছ জুইত সেকি বা পুৰি সৰিয়হ তেল আৰু কলাখাৰ দি কেঁচা জলকীয়াৰে পিটিকি খালে বৰ জুতি লগা হয়। এচিডিটী হ্ৰাস কৰে। ই হজম শক্তি বঢ়ায়।
ভকুৱা মাছ – ভকুৱা মাছ খাবলৈ বৰ সোৱাদ। ই গুৰুপাকী ৰসযুক্ত আৰু উষ্ণবীৰ্য। ই ত্ৰিদোষনাশক আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰে বুলি কোৱা হয়।
মোৱা মাছ – থলুৱা মাছৰ ভিতৰত মোৱা মাছৰ বহুতো ঔষধি গুণ আছে। মোৱা মাছ ভাজি খাৰ দি বা লাইশাকৰ লগত থপথপীয়াকৈ ৰান্ধি খালে বৰ জুতি লগা হয়। ই মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। বিভিন্ন চকুৰ ৰোগৰ বাবে মহৌষধ বুলি কোৱা হয়।
চেঙেলী বা চেং মাছ
চেঙেলী আছিল খালত
থৈকাৰা আছিল ডালত
দুয়ো লগ হ’ল মৰণ কালত।
থেকেৰা টেঙাৰে চেঙেলী মাছৰ আঞ্জা খাবলৈ বৰ সোৱাদ। ই তেজ বৃদ্ধি কৰে। শক্তিবৰ্ধক। ৰুচিকাৰক। থেকেৰা টেঙা আৰু চেঙেলী মাছৰ আঞ্জাই পেটৰ ৰোগ নিৰাময় কৰিব পাৰে। তেজত ৰক্ত কণিকা বঢ়ায়।
শিঙি মাছ – শিঙি মাছ আৰু ভেদাইলতাৰে ৰান্ধি খালে বৰ উপকাৰ পোৱা যায়। ই তেজ বৃদ্ধিকাৰক। বিভিন্ন ৰোগত বিশেষকৈ ৰক্তহীনতা ৰোগৰ বাবে বৰ উপকাৰী। শৰীৰত তেজৰ কণিকা বৃদ্ধি কৰে। পেটৰ ৰোগ নিৰাময় কৰিব পাৰে। ধনিয়াৰ লগত ইয়াক জোল কৰি খালে উপকাৰ পোৱা যায়। ৰুচিকাৰক। শৰীৰৰ শক্তি বৃদ্ধি কৰে।
মাগুৰ মাছ – মাগুৰ মাছ মগু দাইলৰ লগত খাবলৈ সোৱাদ লগা হয়। ই শৰীৰৰ তেজ বৃদ্ধি কৰে। মাগুৰ মাছ পুষ্টিকাৰক। ইয়াত যথেষ্ট পৰিমাণে আইৰন আৰু ক’পাৰ থাকে। সেয়েহে হিম’গ্লবিন সংশ্লেষণ কৰি মানুহৰ দেহত তেজৰ কণিকা বৃদ্ধি কৰে। ই মিঠাৰসযুক্ত ৰুচিকাৰক। মাগুৰ মাছে মানুহৰ শুক্ৰ বৃদ্ধি কৰে আৰু শৰীৰ সুস্থ-সবল কৰি ৰাখিব পাৰে।
কুচিয়া মাছ – কুচিয়া মাছ অত্যন্ত পুষ্টিকাৰক। ডেকা, বুঢ়া, গৰ্ভৱতী তিৰোতাৰ বাবে ই উত্তম পথ্য বুলি কোৱা হয়। কুচিয়াত আইৰন, ক’পাৰ পৰ্যাপ্ত পৰিমাণে থাকে বাবে ই বৰ পুষ্টিকৰ আৰু ৰক্তহীনতা ৰোগীৰ উপাদেয়।
শ’ল-শাল মাছ – শ’ল আৰু শাল মাছত একাচিউনিক এচিড থাকে। প্ৰষ্টাগ্ল’ডিন আৰু প্ৰম’ক্সিন নামৰ ৰাসায়নিক পদাৰ্থবিধে তেজৰ চেকুৰা বঢ়াই তোলে। ইয়াত যথেষ্ট প্ৰ’টিন পোৱা যায়। ইয়াৰ দেহত থকা এমিনো এচিড আৰু চৰ্বিযুক্ত এচিডে ঘা শুকোৱাত সহায় কৰে। সন্ধিবাত উপশমৰ বাবে শ’ল মাছ বৰ উপকাৰী। অস্ত্ৰোপচাৰ কৰা ৰোগীক চিকিৎসকে মাগুৰ-শিঙি মাছ খাবলৈ পৰামৰ্শ দিয়া দেখা যায়।
পুঠি মাছ – পুঠি, ডঁৰিকনা মোৱা মাছ আদি চকুৰ ৰোগৰ বাবে বৰ উপকাৰী। মুখৰ ভিতৰত বা কণ্ঠনলীৰ ৰোগ হ’লে পুঠি মাছৰ জোল খাবলৈ দিয়া হয়। পুঠি ডঁৰিকনা মাছৰ লগত ভেদাইলতা বা মানিমুনিৰ আঞ্জা খালে মানুহৰ যৌনস্পৃহা বৃদ্ধি হয় বুলি কোৱা হয়। ই গ্ৰহণী ৰোগ, কোষ্ঠকাঠিন্য, পেটৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী।
ডঁৰিকনা – ডঁৰিকনা মাছ আদাৰ সৈতে জোল কৰি খালে বৰ উপকাৰী। ই মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। হজম শক্তি বঢ়ায়। বিশেষকৈ লিভাৰত চৰ্বি জমা হ’লে নাইবা মেদবহুলতা, ডায়েবেটিছ ৰোগৰ বাবে উপকাৰী।
শিঙৰা মাছ – ভেদাইলতা বা মানিমুনিৰ লগত শিঙৰা মাছৰ জোল কৰি খালে বৰ জুতি লগা হয়। ই বৰ পুষ্টিকৰ হয়। খোৱাৰ ৰুচি বঢ়ায়।
বিশেষকৈ শাওণ – ভাদ মাহত থলুৱা মাছ উভৈনদী হয়। মাছৰ তেলো হয়। চেঙেলী, গৰৈ, পুঠি, তোৰা, বটিয়া, ডঁৰিকনা, শিঙৰা, বামী মাছ আদিৰ বিভিন্ন ঔষধি গুণ আছে।
সম্প্ৰতি বজাৰত অন্ধ্ৰ, কলকাতাৰ পৰা অহা ফৰ্মেলিন দিয়া চালানী মাছ খোৱাৰ পৰিৱৰ্তে নিজে উৎপাদন কৰি থলুৱা মাছ খাওক। সুস্থ দেহ-মনৰ অধিকাৰী হওক।
থলুৱা মাছ পুঠি খাওক
দেহত পুষ্টি গুণ পাওক।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.