-ডা° সুকৃতি চৌধুৰী |
নমস্কাৰ বন্ধু-বান্ধৱী সকল,
আমি সকলোৱেই কেতিয়াবা নহয় কেতিয়াবা ঔষধ খাবই লগা হয় ৷ ঔষধৰ অনুচিত ব্যৱহাৰৰ পৰিণাম গুৰুতৰ হ’ব ৷ সেয়ে আজি আমি ঔষধৰ বিষয়ে অলপ কথা-বতৰা হ’ম ৷
আগতে এই কথাবোৰ আপোনাৰ সৈতে পাতিছিলো যদিও নতুনকৈ সংযোগ হোৱা বন্ধু- বান্ধৱী সকলৰ বাবে ৰিপিট কৰিলো। আশা কৰো আমনি নেপাব:-
মানৱ জাতিৰ জীৱন যাত্ৰাত ঔষধ এৰাব নোৱাৰা সংগী ৷ অসুখ হ’লে মানুহে অ’তি দামী ঔষধেই হওঁক বা খাবলৈ তিতা সোৱাদৰ ঔষধেই হওঁক, সেয়া সেৱণ কৰিবলৈ বাধ্য যাতে সোনকালে আৰোগ্য হ’ব পাৰে ৷ অসুখৰ পৰা মুক্তি পোৱাৰ বাদেও সমাজৰ প্ৰভাৱশালী /ধনী লোকসকলে প্ৰাচীন কালত চিৰযৌৱন আৰু অমৰত্বৰ সন্ধানত ঔষধৰ অনুসন্ধান কৰোৱাইছিল ৷ আনহাতে সাধাৰণ শ্ৰেনীৰ মানুহবোৰৰ অসুখ হ’লে বেজ কবিৰাজ আদিৰ কাষ চপাৰ বাদে আন উপায় নাছিল ৷ মধ্য যুগত ব্যাপক হাৰত হোৱা মহামাৰীৰ পৰা নিদান পাবলৈ ইউৰোপৰ নগৰ অঞ্চলত ঔষধালয় (Drug Houses) গঢ় লৈ উঠে ৷ পেৰাচেলছ দৰে বিজ্ঞ লোকৰ ৰ উদ্যোগত ৰসায়ন বিজ্ঞানৰ সহায়ত ঔষধ বনোৱাৰ ব্যাপক প্ৰক্ৰিয়া আৰম্ভ হয় ৷ এইদৰে ঔষধি-ৰসায়ন (Pharmaceutical Chemestry) ৰ জন্ম হয় ৷ কিন্ত এই সকলোবোৰ সামৰি ঔষধৰ ইতিহাস বহুত বিশাল ৷ পিছে-পৰে আমি কেইবাটাও খণ্ডত বহলাই ঔষধৰ ইতিহাসৰ বিষয়ে কথা পাতিম ৷ আজি আমি খুবেই সাধাৰণভাৱে ঔষধৰ বিষয়ে দুটামান কথাহে আলোচনা কৰিবলৈ ওলাইছো :-
বৰ্তমানলৈকে প্ৰায় দুহেজাৰ প্ৰকাৰৰ ঔষধ উদ্ভাৱন কৰা হৈছে ৷ বাৰু এতিয়ালৈ মানৱ জাতিয়ে গম পোৱা অসুখৰ সংখ্যা কিমান জানেনে ? প্ৰায় ত্ৰিছ হাজাৰ ৷ মানে ৰোগৰ সংখ্যা প্ৰায় ৩০ হাজাৰ আৰু আমাৰ হাতত থকা ঔষধ প্ৰায় দুহেজাৰ ৷ ঔষধৰ ব্যাপক আৱিষ্কাৰ আৰু প্ৰয়োগৰ বাবেই মানুহৰ গড় আয়ুস যোৱা এশ বছৰত ৪৬ বছৰৰ পৰা বাঢ়ি ৭০ বছৰ হৈছেগৈ ৷ ঠাই আৰু দেশভেদে এই গড় আয়ুস বেলেগ দেই ৷ ইয়াত এটা সাধাৰণ গড় আয়ুসৰ কথাহে কোৱা হ’ল ৷ কোনে জানে যে নিকট ভৱিষ্যতে মানুহ এশ-ডেৰশ বছৰলৈকে সম্পূৰ্ণ সুস্থ আৰু সক্ষম হৈ জীয়াই নেথাকিব ? ইয়াৰ পুৰা সম্ভাৱনা আছে ৷ ঔষধ আৰু জেনেটিক ইঞ্জিনিয়াৰিঙৰ ব্যাপক প্ৰগতিয়ে সোণকালেই এনে এটা ভৱিষ্যত মানৱ জাতিলৈ আনি আছে যে ধৰি লওঁক এজন ৭০ বছৰীয়া বৃদ্ধই তিনি-চাৰি দিনৰ ভিতৰতেই ২০ বছৰীয়া ডেকা হৈ উঠিব ৷ সোতোৰা পৰা ছাল বা ক্ৰমশঃ দুৰ্বল হৈ পৰা তেওঁৰ সকলো অংগ-প্ৰত্যংগ বিছ বছৰীয়া ল’ৰাজনৰ দৰে হৈ উঠিব ৷ শুনাত সাধু যেন লগা এইবোৰ মানুহৰ আহি থকা বাস্তৱ ৷ আপুনি হয়তো Botox injection ৰ কথা শুনিব পাৰে যাৰ সহায়ত সোতোৰা পৰা চাল নোহোৱা কৰি ডেকা /গাভৰুৰ দৰে হৈ পৰিব পাৰে ৷ Botox injection ৰ দাম ভাৰতত বিশ হাজাৰমান পৰে ৷ পিছে বাইদেউ সকলে Botox injection ৰ কথা নুশুনাকৈ থাকক দেই ৷ নহ’লে দাদা / ভিনদেউ সকলে ইয়াৰ কথা আপোনাক কোৱাৰ বাবে সুকৃতিক বান্ধি কিলাব
কেতবোৰ মেডিকেল প্ৰয়োগৰ দ্বাৰা চলমান খানৰ দৰে আপুনিও বডি বনাই ল’ব পাৰে ৷ মুকেশ আম্বানিৰ ভীষণ শকত-আৱত ল’ৰাটোয়ে অলপদিন ব্যয়াম কৰি আৰু খাদ্যাভাস সলনি কৰিয়েই কম সময়তে খীনাই হেন্দচম হৈ গ’ল বুলি কোৱা কথাতো অন্ততঃ মই বিশ্বাস নকৰো ৷ এই ল’ৰাটো যিমান বেছি শকত-আৱত আছিল যে তাক বৰ্তমানৰ shape লৈ আহিবলৈ এটা দীঘলীয়া সময়ৰ ব্যায়াম আৰু খাদ্যাভাস তথা life style সলনি কৰাৰ দৰকাৰ আছিল ৷ কিন্ত সি কৰি দেখুৱালে বিস্ময়কৰ কম সময়ৰ ভিতৰত ৷ গতিকে মোৰ বিশ্বাস “দাল মে কুচ কালা হ্যে “মানে চিকিৎসা বিজ্ঞানৰ নিশ্চয় সহায় লৈছে বুলিয়েই মোৰ ধাৰণা……………যি কি নহওঁক মানৱৰ অমৰত্ব সপোন বাস্তৱ হোৱাৰ দিন আহি আছে নে কি এয়া ভাবি চাব লগা কথা ৷
এই যে ওপৰত কৈ আহিলো দুহেজাৰ প্ৰকাৰৰ ঔষধ আছে, এই সকলো বিলাকক সাধাৰণভাৱে 7 টা মান ভাগত ভগাব পাৰি ৷ যেনে —-
(১) মুৰ আৰু শৰীৰৰ অন্য অংগৰ বিষ নিবাৰক ঔষধ
(৩)জুই বা গৰম বস্তুৰ দ্বাৰা পুৰিলে দিয়া ঔষধ
(৪) পানীলগা, কাঁহ আদিৰ ঔষধ
(৪) বিজানু নাশক ঔষধ
(৫)মৃদুবিৰেচক (Laxatives)
(৬) চেতনা নাশক ঔষধ
(৭) উত্তেজক ঔষধ (Stimulants)
এই সাত প্ৰকাৰৰ ঔষধৰ প্ৰত্যেক
প্ৰকাৰৰ বিষয়ে আলোচনা আৰু এটা খণ্ডত লিখিম বুলি পিছুৱাই থ’লো ৷ এতিয়া আন দুটামান কথাহে ক’ব খুজিলো :-
(১) আপোনাক ঔষধৰ যি কোৰ্চ দিছে সেয়া পুৰা কৰক ৷ গাটো ভাল লগাৰ লগে লগেই আধাতে এৰি নিদিব ৷
(২) যদি ঔষধ খাই যিকোনো ধৰনৰ অসুবিধা পাইছে সেয়া তৎক্ষণাত চিকিৎসক জনক কৈ কি কৰিব কি নকৰিব পৰামৰ্শ লওঁক। নিজৰ মৰ্জিত এৰি নিদিব বা জোৰ কৰিও নেখাব ৷ সুধি লওঁক ৷
(৩) কোনটো ঔষধ কেনেকৈ খাব, কিমান পৰিমাণে খাব আৰু কিহৰ লগত খাব সেয়া স্পষ্ট কৰি সুধিব ৷ নুবুজালৈকে বাৰে বাৰে সোধক ৷ মইতো ক’ম যে পকেটতে লৈ ফুৰিব পৰা সৰু নোট বুক আৰু কলম এটা লৈ যাওঁক ৷ লিখি আনক ৷ ঘৰলৈ আহি পাহৰি গৈ ঔষধ খাওঁতে খেলি-মেলি খন নকৰিবছোন ৷ ক্ষতি আপোনাৰেই ৷ আপুনি ফিজ দি হে চিকিৎসকক দেখুৱাইছে ৷ আপুনি নুবুজালৈকে সুধি থাকিব পাৰে ৷ বুজাই দিবলৈ তেওঁ বাধ্য ৷ মনত ৰাখক, তেওঁ আপোনাক দয়া কৰি চিকিৎসা পৰামৰ্শ দিয়া নাই ৷ ফিজ লৈহে সেৱা দিছে ৷ ফিজৰ টকা দিছে যদি প্ৰাপ্য সেৱা নল’ব কিয় ? সংকোচ নকৰিব ৷ ভালকৈ জানি-বুজি আহক ৷
(৪) বহুলোকে সংকোচ কৰি চিকিৎসকৰ ওচৰত কথা লুকুৱায় ৷ চিকিৎসকো আপোনাৰ দৰেই মানুহ ৷ তেওঁ সৰৱজান নহয় যে আপুনি কি অসুবিধা পাই আছে সেয়া সকলো ভাঙি-পাতি নক’লে গম পাব ৷ লাজ-সংকোচ এৰক আৰু চিকিৎসকক সকলোবোৰ খুলি কওঁক ৷
(৫) আপুনি যদি আন ক’ৰ’বাত চিকিৎসা লৈ আছে সেয়া চিকিৎসকৰ পৰা নুলুকাব ৷ চিকিৎসা লোৱা দুয়ো ঠাইৰ ঔষধ খাব পাৰিব নে নাই জানি লওঁক ৷ লাগে সেয়া যি চিকিৎসা পদ্ধতিৰেই ঔষধ নহওঁক ৷
(৬) চিকিৎসকে আপোনাৰ বাবে বিধান দিয়া ঔষধ হে খাব ৷ গুগল, ইউটিউব, ফাৰ্মাচীৰ চেলছবয়, বা অ’ৰ ত’ৰ পৰা শুনি ঔষধ নেখাব ৷ আপুনি অ’ৰ ত’ৰ পৰা শুনি খোৱা মুৰৰ বিষ বা পেটৰ অসুখৰ টেবলেটতোও আপোনাৰ বাবে এতিয়াই নহ’লেও এটা সময়ত গৈ বিৰাট ক্ষতিকৰ হ’ব পাৰে ৷ কিডনী বিকল হৈ মৃত্যু হোৱা বা ডায়েলাইছিচ কৰি কৰি জীয়াই থকা ৰোগী সকলৰ মাজৰ একাংশৰ এই অৱস্থাৰ আচল কাৰণ নিজৰ মৰ্জিত ভুল ঔষধ খোৱা ৷ সেয়ে সাৱধান ৷
চিকিৎসকে কোনবিধ ঔষধ কিমান পৰিমাণে “আপোনাক” (prescribed for YOU only) খাবলৈ দিছে, ইয়াৰ লগত আপুনি ইতিমধ্যে খাই থকা আন ঔষধ খাব পাৰিব নে নাই আৰু খাদ্যৰ ক্ষেত্ৰত কিবা হকাবধা আছে নে কি সকলো কথা ৰোগ দেখুৱাবলৈ যাওঁতে জানি ল’ব ৷
আজিলৈ নমস্কাৰ