• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, May 23, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle food

ঔ টেঙাৰ বিষয়ে

ASSAMESE SECTION / Elephant apple

by Editor
March 4, 2025
in ASSAMESE SECTION, food, Lifestyle, Special Report
Reading Time: 3 mins read
0
ঔ টেঙাৰ বিষয়ে
Share on FacebookShare on TwitterShare on LinkedIn

ঔ টেঙাৰ বিষয়ে

ডা০ ভূপেন শইকীয়া

Bhupen Saikia
ডা০ ভূপেন শইকীয়া

অসমীয়া মানুহৰ মাজত ঔটেঙা আৰু ঔকিল নিচিনা লোক কমহে ওলাব ৷ সঘনাই চেনেলবিলাকত হকে-বিহকে নানা সন্দেহত বিভিন্নজনক আইন হাতত তুলি লোৱা জনতাই ঔকিল সোধাই থকাৰ দূশ্য আজিকালি বৰ সুলভ ৷

পিছে আজিৰ প্ৰজন্মই বনৰীয়া, গাঁৱলীয়া খাদ্য বুলি ভবা ঔটেঙাৰ উপকাৰিতাৰ বিষয়ে দুই এটা কথা জানেনে তাত সন্দেহ আছে ৷ গোটেই বিশ্বই এটা কথা জানে দক্ষিণ পূৱ এচিয়াৰ দেশসমূহৰ ভিতৰৰ অসমৰ বিভিন্ন বনাঞ্চলত ঔটেঙাৰ গছ আটাইতকৈ বেচিকৈ আছে ৷

ঘাইকৈ বনৰীয়া হাতীৰ এবিধ প্ৰিয় খাদ্য হোৱা বাবে ইয়াৰ ইংৰাজী নাম হাতী-আপেল বা হাতী-ফল ৷  এজন পাঠকে জনোৱামতে হাতীয়ে ঔটেঙাটো নভঙাকৈয়ে ভিতৰৰ বীজটো উলিয়াই খাব পাৰে হেনো আৰু ইংৰাজসকলে সেই বাবেই ইয়াক Elephant apple হিচাবে নামাকৰণ কৰিছিল ।

ঔ টেঙাৰ বিষয়ে

বড়োসকলে কয় ঠাইগৰ, কাৰ্বি সকলে কয় পিমপ্লান, ডিমাচাত থাইডি, মিচিং ভাষাত চম্ পা, টিৱাসকলে কয় অ’ৰো আৰু বিষ্ণুপুৰিয়া মণিপুৰীসকলে কয় হেইকিৰী ৷

ইয়াৰ বাহিৰে আন আন ভাষাত ঔটেঙাৰ সমশব্দ হ’ল – নেপালী (পাঁচপানে, পাঁচ ফল,পঞ্চ কুলে, ৰামফল, থুলো তাতৰী),বাংলা (চালতা), টাই (মাক্ ছান্), হিন্দী (চলতা, কৰমবেল), ওৰিয়া (উহুবা), কানাড়া (বেটকানাগালু ),মলয়ালম (ভালাপুন্না), তেলেগু (উভ্ভা), তামিল (উভয়),আৰু সংস্কৃত (আভাৰ্টাকি) ৷ ঔটেঙাৰ ব’টানিকেল নাম হ’ল – Dillenia indica ৷

RelatedPosts

red translucent die on top of black surface

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

May 22, 2025
অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

May 22, 2025
Can Tradition Fuel Innovation? Unpacking the Human-Centric Approach to Digital Transformation in Northeast. 

Can Tradition Fuel Innovation? Unpacking the Human-Centric Approach to Digital Transformation in Northeast. 

May 22, 2025

ঔটেঙা গছৰ প্ৰাপ্তিস্থান : – ভাৰতৰ অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল (ঘাইকৈ বাক্সা, ডিগবৈ, ডুমডুমা, বুঢ়ীদিহিং, কাকজান, বগাপানী আদিত), অৰুণাচল আৰু পশ্চিমবংগৰ ওপৰিও কম পৰিমানে উৰিষ্যা, বিহাৰ,মধ্য প্ৰদেশ,অন্ধ্ৰ প্ৰদেশ,তেলেংগানা আৰু কৰ্ণাটকৰ অৰণ্যটো ঔটেঙাৰ গছ পোৱা যায় ৷ বাংলাদেশত, শ্ৰীলংকাত, থাইলেণ্ডত, ভিয়েটনামত ,মালেয়শিয়াত, ইণ্ডোনেচিয়া, চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত আৰু অষ্ট্ৰেলিয়াৰো বনাঞ্চলত ঔটেঙাৰ গছ দেখা গৈছে ৷

গছৰ বৰ্ণনা : – ঔটেঙা হ’ল চিৰসেউজ উদ্ভিদ ৷ গছৰ উচ্চতা ১৫মিটাৰ বা তাতোকৈ ওখ হয় ৷ পাতবিলাক ১৫ৰ পৰা ৩৬চেন্টিমিটাৰ দীঘল, পাতবিলাক খহতা আৰু আঁচবিলাক স্পষ্টকৈ বহা  অৰ্থাৎপাতখিলাৰ শিৰাবিন্যাসৰ বিশেষত্ব চকুত লগা  ৷ পাতখিলা আলুৰ চিপচৰ দৰে পাতল ৷ গছত ১৫৷ ২০চেন্টিমিটাৰ ব্যাসৰ বগা ফুল জুন মাহৰ পৰা এমাহ মানলৈ ফুলে ৷ ঔটেঙাৰ গছত অক্টোবৰৰ পৰা জানুৱাৰীলৈ ঘূৰণীয়া ৫৷ ১০ চেন্টিমিটাৰ ব্যাসৰ ফল লাগে ৷

আৰম্ভণিতে সেউজীয়া হৈ লগা ফল পূৰঠ হৈ পকিলে হালধীয়া বৰণ লয় ৷ পূৰঠ ঔটেঙাৰ পৰা ওলোৱা নিৰ্দিষ্ট গোন্ধ বহুতৰ প্ৰিয় ৷ ফল পোন্ধৰটা পাহিৰ সমষ্টি ৷ ইয়াৰ ভিতৰত ৫টা গুটি থাকে ৷ ঔটেঙাৰ গুটিটো বিজলুৱা ৷ তলসৰা এই গুটিৰ পৰাই নতুন পুলি গজে ৷ হাতীৰ ওপৰিও বান্দৰ, হৰিণা পহু আৰু কেৰ্কেটুৱাই ঔটেঙা ভক্ষণ কৰে ৷

ইয়াত থকা লাগতিয়াল তত্বসমূহ কি কি ? : -১০০গ্ৰাম ঔটেঙাৰ ফলৰ খাদ্যমূল্য এনেধৰণৰ – কেলৰি :৫৯কিলো কেলৰি, ৮শতাংশ প্ৰটিন, ২-৫শতাংশ ফাইবাৰ, ৩-৫শতাংশ ছাই, ১৬মিলিগ্ৰাম কেলচিয়াম, ২৬মিলিগ্ৰাম ফচফোৰাচ, ৪মিলিগ্ৰাম ভিটামিন-চি ৷ ইয়াৰ ওপৰিও থাকে ভিটামিন-বি, থায়ামিন, ৰাইবোফ্লেভিন আৰু বিটা-কেৰটিন ৷

ঔটেঙা কেনেকৈ ব্যৱহৃত হয় ? : – অসমীয়া মানুহে ঔটেঙাৰ মাছৰ আঞ্জা, দাইলত দি, অম্বল বনাই, চৰবত, আচাৰ আৰু চাটনি কৰি খায় ভাল পায় ৷ আন বহুতে জাম,জেলি আদি বনায় ৷ অসমীয়া ৰান্ধনীসকলে ঔটেঙাৰ নানাবিধ জুতিলগা ব্যঞ্জন বনায় ৷

তাৰ কিছুমান হ’ল : – মাটিদাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইল + ঔটেঙা + ঢেকীয়াশাকৰ আঞ্জা, খুতৰা + কচু আৰু মাছৰ আঞ্জা, কুমলীয়া  ঔটেঙাৰ কলিৰ চৰ্চৰি ভাজি, ভাতত সিদ্ধ কৰা ঔটেঙাৰ পিতিকা আদি ৷ বহুতে ঔটেঙা সৰুসৰুকৈ কুটি নিমখ লগাই ৰ’দত শুকুৱাই সাঁচি থয় ৷ কেঁচা ঔটেঙা ফ্ৰিজত এমাহলৈ সংৰক্ষণ কৰিব পাৰি ৷

             অসমীয়া জনজীৱনত অতীজৰে পৰা ঔটেঙাই বিশিষ্ট স্থান লাভ কৰি আহিছে ৷ অলপতে মুক্তিপোৱা ‘কথা নদী’ বোলছবিখনতো ঔটেঙাই দৰ্শকৰ বিশেষ দূষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে ৷

              এতিয়া পাঠকসকলে অসমীয়া ভাষা শুৱনি কৰা এইকেইটিমান ঔ-মিঠা বাক্য পঢ়কচোন :

“ঔফুলীয়া হাঁহি”!

“আঞ্জাৰ সোৱাদ ঔ; মাতৰ সোৱাদ বৌ” !

” ঔটেঙা ঢেকীয়া শাক,  জিভাৰ পানী পৰি থাক ” !

“ঔৰে গছতে মৌৱে বাহ ল’লে ককাই পাৰি দে খাওঁ”!

ঔটেঙাৰ উপযোগী গুণসমূহ :

কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় শোধপত্ৰত প্ৰকাশ পোৱা তথ্য মতে ঔটেঙাৰ অন্তৰ্নিহিত গুণৰ ভিতৰত উল্লেখযোগ্য হ’ল-

১- ডায়েবটিজৰ নিয়ন্ত্ৰণত সহায়ক – ইতিমধ্যে বজাৰত ঔটেঙাৰ পাউদাৰ এই উদ্দেশ্যে উপলব্ধ হৈছে বুলি জনা গৈছে  ৷

২- বীজানুনাশক গুণযুক্ত – এন্টিচেপ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে ৷

৩- লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত ৷

৪- কীটনাশক গুণ : ঔটেঙাৰৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আতৰ হয় ৷

খাদ্যৰ বাহিৰে আন সচৰাচৰ কিছুমান ব্যৱহাৰ তলত উল্লেখ কৰিলোঁ –

আয়ুৰ্বেদৰ মতে পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয় ৷

চুলি সৰা, উফিৰ বাবে ঔটেঙাৰ বীজেৰ মূৰ ধুলে আৰোগ্য হয় ৷ চাবনৰ পৰিবৰ্তে ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিব পাৰি ৷

ঔগছৰ ডাল আৰু ঠাল-ঠেঙুলিৰ ভাল খৰি হয় ৷

ঔটেঙাৰ পাতেৰে উত্তৰ প্ৰদশ,বিহাৰ আদি ঠাইৰ লোকে বিড়ী নুৰিওৱাৰাত প্ৰয়োগ কৰে ৷

উপসংহাৰ : – প্ৰাণীজগতক প্ৰকৃতিয়ে দিয়া এই গছৰ গুণৰ ওপৰত বিস্তাৰত অনুসন্ধান বৈজ্ঞানিক প্ৰয়োগশালাত চলি আছে ৷ নৰসিংহ, ভেদাইলতা, মহানিম আদিৰ দৰে ঔটেঙাৰ বিষয়েও আমাৰ বহুতৰ ধাৰণা আছে যে উচ্চ ৰক্তচাপ থকালোকে ঔটেঙা খোৱা অহিতকাৰী ৷ কিন্তু মই এই বিষয়ে বহু অনুসন্ধান কৰিও ঔটেঙাৰ বিৰুদ্ধে একো বিৰূপ তথ্য নাপালোঁ ৷ এতিয়ালৈকে উপলব্ধ মেডিকেল তথ্য মতে ঔটেঙা খোৱাৰ আন কোনো অপকাৰিতাৰ কোনো বৰ্ণনা আমাৰ ক’তো চকুত পৰা নাই ৷

প্ৰবাসী জীৱন কটোৱাৰ পৰা মধ্য প্ৰাচ্যৰ দেশসমূহৰ চুপাৰমাৰ্কেটৰ পৰাই শাক পাচলি আৰু ফলমূল কিনি আহিছোঁ ৷ ইয়াৰ বিপণিবিলাকত বিশ্বৰ বিভিন্ন দেশৰ খাদ্য সামগ্ৰীয়েই পোৱা যায় – আনকি কচুথুৰি আহে বাংলাদেশৰ পৰা,কলডিল আৰু পচলা আহে কেৰেলাৰ পৰা, লেতেকু আহে থাইলেণ্ডৰ পৰা, কণবিলাহী আহে অষ্ট্ৰেলিয়াৰ পৰা, মাটিকান্দুৰি আৰু কলমৌ আহে শ্ৰীলংকাৰ পৰা ৷ নোপোৱা অসমীয়া দুষ্প্ৰাপ্য সম্পদকেইটি হ’ল- ঢেকীয়া, বেতগাজ আৰু ঔটেঙা !

        সাধাৰণতে ঔটেঙাৰ গছ মানুহে বাৰীত নুৰুৱে ৷ ইয়াৰ কাৰণ হয়তো ঔটেঙা খাবলৈ বনৰীয়া হাতী,বান্দৰ আদি আহিলে গিৰিহঁতৰ অহিত হোৱাৰ সম্ভাৱনা থাকে বাবেই ৷ আনহাতে আমোদজনক ভাবে ঔৰ গছত ভূতে বাহ লয় বুলি একাংশ বঙালী লোকৰ ধাৰণা ৷

       গুৱাহাটীকে ধৰি অসমৰ প্ৰমুখ নগৰসমূহৰ বজাৰত একোটা ঔটেঙাৰ দাম দহটকা বা ততোধিধ, অৱশ্যে গ্ৰামাঞ্চলত ই সুলভ মূল্যত পোৱা যায় ৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে অৱগত হোৱাৰ পিছত অসমৰ ৰাইজে ইয়াৰ ব্যৱসায়িক দিশটোলৈ চকু দিলে ভাল হয় ৷

          দুই তিনিদিনৰ আগতে অসমৰ এজন যুৱকে (নামটো মনলৈ অহা নাই) মোক ঔৰ বিষয় লিখিবলৈ অনুৰোধ কৰাত খৰখেদাকৈ এই লিখনিটো যুগুতাইছিলোঁ ৷ জৈৱিক চাহৰ খেতি কৰা সেই যুৱকজনে এই লেখাটো পঢ়িলেনে নাই, মই গম পোৱা নাই ৷ তেওঁৰ ব্যৱসায়ত ঔটেঙাৰ সংযোজন ঘটাব বুলি মই আশা কৰিলোঁ ৷

Elephant apple tree

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: Dillenia indicaঔ টেঙা
Editor

Editor

Related Posts

red translucent die on top of black surface
Special Report

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

by Kakali Das
May 22, 2025
0

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth KAKALI DAS Kakali Das Across Africa, gambling addiction is being called a...

Read moreDetails
অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

May 22, 2025
Can Tradition Fuel Innovation? Unpacking the Human-Centric Approach to Digital Transformation in Northeast. 

Can Tradition Fuel Innovation? Unpacking the Human-Centric Approach to Digital Transformation in Northeast. 

May 22, 2025
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025
close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 21, 2025
Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

May 21, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Bhattadev University Hosts Pivotal Discourse on Climate Crisis and Solutions

Bhattadev University Hosts Pivotal Discourse on Climate Crisis and Solutions

May 22, 2025
red translucent die on top of black surface

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

May 22, 2025
অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

May 22, 2025
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 22, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11468 shares
    Share 4587 Tweet 2867
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    837 shares
    Share 335 Tweet 209
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7070 shares
    Share 2828 Tweet 1768
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1014 shares
    Share 406 Tweet 254
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5383 shares
    Share 2153 Tweet 1346
  • মিচিং সমাজ আৰু সংস্কৃতি

    2853 shares
    Share 1141 Tweet 713
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2154 shares
    Share 862 Tweet 539
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    3785 shares
    Share 1514 Tweet 946
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    122 shares
    Share 49 Tweet 31
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2577 shares
    Share 1031 Tweet 644
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d