• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, April 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

কঁকালৰ বিষ

ডাঃ অনুপ বৈশ্য

by Anjan Sarma
January 6, 2023
in Health, Lifestyle
Reading Time: 4 mins read
0
কঁকালৰ বিষ
Share on FacebookShare on TwitterShare on LinkedIn

কঁকালৰ বিষ

ডাঃ অনুপ বৈশ্য

আধুনিক জীৱনশৈলীৰ ফলত বৰ্তমান সময়ত কঁকালৰ বিষত ভোগা ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়ি থকা দেখা গৈছে। প্ৰত্যেকজন ব্যক্তিয়ে জীৱনকালত এদিন নহয় এদিন এনে ৰোগত নিশ্চয় ভোগে।

RelatedPosts

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
AGRICULTURE : Smart solutions for high yield hydration

AGRICULTURE : Smart solutions for high yield hydration

April 12, 2026

আমাৰ ৰাজহাড়ডাল ৩৩ ডাল হাড়েৰে গঠিত। এই হাড়বোৰৰ মাজেৰে আমাৰ মস্তিষ্কৰপৰা স্নায়ুৰ এক গুচ্ছ (যাক আমি spinal cord বুলি কওঁ), ওলাই আহে। spinal cord-অৰপৰা ৩৩ যোৰা স্নায়ু, যাক আমি spinal Nerve বুলি কওঁ, ওলাই গৈ আমাৰ শৰীৰৰ বিভিন্ন অংশ ক্রিয়াশীল কৰি তোলে। দুডাল ৰাজহাড়ৰ টুকুৰাৰ  মাজত স্পঞ্জৰ  দৰে এবিধ বস্তু থাকে, যাক intervertebral disc বুলি কোৱা হয়।

আমাৰ যি কোনো কৰ্মত যদি এই অংশবোৰত হেঁচা পাৰে তেন্তে ৰাজহাড়ৰপৰা ওলাই অহা স্নায়ুবোৰত হেঁচা প্ৰয়োগ কৰে যাৰ ফলত আমি কঁকালত বিষ অনুভৱ কৰো।

কঁকালৰ বিষৰ মূল কাৰণসমূহ

১) অত্যধিক ভাৰ বহন কৰা

২) বেছিকৈ হালি হালি কাম কৰা

৩) বেঁকাকৈ থিয় হোৱা

৪) শৰীৰৰ ওজন বৃদ্ধি

৫) ৰাজহাড় ক্ষয় হোৱা

৬) অত্যাধিক খোজ কঢ়া

৭) ৰাজহাড়ৰ ভিতৰত টিউমাৰ হোৱা

৮) শ্লীপ ডিস্ক

৯) খাদ্যত কেলছিয়াম আৰু মেগনেছিযামৰ অভাৱ হোৱা

১০) আঘাত ইত্যাদি।

কঁকালৰ বিষ

কঁকালৰ বিষৰ কেতবোৰ আনুষংগিক কাৰণ

এইবোৰৰ উপৰি কঁকালৰ বিষৰ আন বহু কাৰণ দেখা যায়, যেনে—

১) আমি খোৱা খাদ্য যদি ভালদৰে হজম নহয় তেনেহ’লে ইয়াৰ ফলত পেটত গেছ উদ্ভৱ হয়; যাৰ ফলত আমাৰ ৰাজহাড়ডাল পিছলৈ ঠেলা খায় আৰু আমি বিষ অনুভৱ কৰো।

২) মহিলাসকলৰ যদি বগা স্ৰাৱ হয় নতুবা গৰ্ভাশয় আৰু ইয়াৰ আশে-পাশে থকা অংশসমূহৰ কোনো ৰোগ হয়, তেতিয়াও কঁকালৰ বিষ হোৱা দেখা যায়।

৩) মেৰুদণ্ডত হোৱা ৰোগ কিছুমান, যেনে—হাড়ৰ যক্ষ্মা ৰোগ, কর্কট ৰোগ, multiple myeloma নামৰ অন্য এবিধ ৰোগ, ৰাজহাড় ভঙা ইত্যাদিৰ বাবেও কঁকালৰ বিষ হ’ব পাৰে।

৪) অৰ্শ ৰোগ, পেটৰ ডিচেণ্টেৰী ৰোগ, ৰক্তহীনত আদি ৰোগতো সময় সাপেক্ষে কঁকালৰ বিষ হোৱা দেখা যায়।

৫) বৃক্কত পাথৰ (kidney stone) হোৱা ৰোগত কঁকালৰ বিষ হোৱা প্ৰায়েই দেখা যায়।

৬) বৃক্কত হোৱা বিভিন্ন ধৰণৰ টিউমাৰৰ বাবে কঁকালৰ বিষ হয়।

মনত ৰখা উচিত যে মানসিক দুৰ্বলতা আৰু অত্যধিক মানসিক চাপৰ বাবেও কঁকালৰ বিষ অনুভৱ কৰা যায়।

কঁকালৰ হাড়ৰ মাজৰপৰা নিৰ্গত শৰীৰৰ আটাইতকৈ দীঘল স্নায়ুডাল, যাৰ নাম sciatic nerve বুলি কোৱা হয়, এই স্নায়ুডাল কিবা কাৰণত ফুলি গ’লেও কঁকালৰ বিষ হয়। এনে ৰোগক আমি চায়েটিকা বুলি কওঁ।

প্ৰতিকাৰ

১) পুষ্টিকৰ আহাৰ সেৱন কৰিব লাগে। খাদ্য-তালিকাত যাতে উপযুক্ত পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন থাকে তাৰ ওপৰত মনোযোগ দিব লাগিব।

২) কাম বন কৰোতে মনত ৰাখিব লাগিব যাতে আমাৰ মেৰুদণ্ডডাল পোন হৈ থাকে অথবা যথা স্থানত থাকে।

৩) সন্মুখৰ পিনে বেছিকৈ হালি কাম নকৰিব।

৪) নিতৌ আধা ঘণ্টামান পোন হৈ খোজ কাঢ়ক।

৫) অত্যধিক ওজনৰ বস্তু নাদাঙিব।

৬) কঁকালৰ ব্যায়াম কৰক।

আমাৰ কঁকালখন পোনাই ৰখাত সহায় কৰা কেতবোৰ ব্যায়াম তলত বর্ণনা কৰা হ’ল।

ক) চিধাকৈ ওপৰমুখ কৰি শুই লওক। এতিয়া হাত দুখন বুকুৰ দুয়োপিনে বিছনাত ৰাখক। এতিয়া সোঁ-ভৰিখন পোনাই ওপৰলৈ যিমান দূৰ পাৰে ডাঙক। দহ চেকেণ্ডমান ৰাখি তললৈ নমাই দিয়ক। এনেদৰে আনখন ভৰিও কৰক। এনেদৰে দহ বাৰ কৰক।

খ) ওলোটা কৈ শুই লৈ আগৰ দৰে দুয়োখন ভৰি এখন এখনকৈ দাঙক। এনেদৰে দহ বাৰ কৰক।

শ্লীপ ডিস্কৰ বিষয়ে দুআষাৰ

উপৰিউক্ত লিখনিত কঁকালৰ বিষৰ বিষয়ে কিছু চর্চা কৰা হ’ল। আশা কৰিছো আপোনালোকে নিশ্চয় উপকৃত হৈছে।

মই আগতেই উল্লেখ কৰিছো যে আমাৰ ৰাজহাড় ডাল ৩৩ ডাল হাড়ৰ সমষ্টি আৰু এই হাড়কেইডাল এডালৰ লগত আনডালৰ ঘঁহনি নহ’বলৈ দুডাল হাড়ৰ মাজত স্পঞ্জৰ দৰে এবিধ বস্তু থাকে, যাক আমি intervetebral disc বুলি কওঁ। দুডাল হাড়ৰ মাজেৰে মস্তিষ্কৰপৰা নিৰ্গত তথা শৰীৰৰ অংগৰপৰা মস্তিষ্কলৈ অহা-যোৱা কৰা স্নায়ুসমূহ থাকে। ডিস্কখনে স্নায়ুবোৰক আঘাত নোপোৱাকৈ ৰাখে। বিভিন্ন কাৰণত এই ডিস্কখন যেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়া স্নায়ুবোৰত আঘাত কৰে আৰু ৰোগীজনে কঁকালৰ বিষৰ উপৰি ভৰিলৈ বিষ অনুভৱ কৰে।

ডিস্ক prolapsed–অৰ মুখ্য কাৰণসমূহ

১) অত্যাধিক ওজন থকা বস্তু দঙা

২) অত্যাধিক যান-বাহনত ভ্ৰমণ কৰা

৩) একে স্থানতে বহুত সময় বহি থকা

৪) কঁকালত থেকেচা খোৱা

৫) বেছিকৈ ছিৰি বগোৱা

কঁকালৰ বিষ

লক্ষণসমূহ

১) ৰোগীজনে উঠাৰপৰা বহা বা বহাৰ পৰা উঠোতে অসুবিধা পোৱা

২) কঁকালৰপৰা দুয়োখন বা কোনোবা এখন ভৰিলৈ প্ৰচণ্ড বিষ অনুভৱ কৰা

৩) দুয়োখন ভৰি কাৰ্য্যক্ষম অৰ্থাৎ paralysis হোৱা

৪) খোৰাই খোৰাই খোজ কঢ়া

৫) ৰোগবিধ পুৰণা হ’লে কোনোবা এখন ভৰি শুকাবলৈ ধৰে। কেতিয়াবা ভৰিৰ নিম্নাংশ অকামিলা হৈ পৰে যাক foot drop বুলি কোৱা হয়; ফলত ৰোগীৰ চেণ্ডেল পিন্ধা, জোতা পিন্ধাৰ লগতে খোজ কঢ়াত অসুবিধা হয়।

চিকিৎসা

আধুনিক চিকিৎসাবিজ্ঞানৰ মতে ৰোগাক্ৰান্ত ডিস্কখনৰ ওলাই অহা অংশ কাটি দিয়া হয়, যাক laminectomy operation বুলি কোৱা হয়। অৱশ্যে অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা নিৰ্ভৰ কৰিব ৰোগীৰ অৱস্থাৰ ওপৰত। ডিস্ক prolapsed-অৰ গভীৰতাক চাৰি ভাগত ভগাব পাৰি। প্ৰথম অৱস্থাত সামান্য ব্যায়ামৰদ্বাৰা নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। laminectomyৰ কেতবোৰ পাৰ্শ্বক্ৰিয়া দেখা যায়, যেনে—

  *ৰোগৰ পুনৰাবৃত্তি হোৱা।

  *অস্ত্ৰোপচাৰ সঠিকভাৱে নহ’লে স্নায়ু কাটি যোৱাৰ সম্ভাৱনা থাকে যাৰ ফলত ৰোগীয়ে ভৰিখনৰ কোনো অংশ অসাৰ নতুবা জ্বলি-পুৰি থকা যেন অনুভৱ কৰিব; যাৰ কোনো চিকিৎসা নাই।

   *অস্ত্ৰোপচাৰ কৰা অংশ দুৰ্বল হৈ পৰে যাৰ ফলত পৰৱর্তী সময়ত হাড় দুডাল ক্ষয় হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।

আয়ুৰ্বেদিক চিকিৎসা

আয়ুৰ্বেদিক চিকিৎসা ৰোগী আৰু ৰোগৰ বালাবল অনুসৰি আৰম্ভ কৰা হয়। তলৰ চিকিৎসা-পদ্ধতিসমূহৰ প্ৰয়োগত ৰোগীয়ে এনে ৰোগৰপৰা মুক্তি পোৱা দেখা যায়।

১) কটি বস্তি চিকিৎসা

২) নাদি স্বেদ চিকিৎসা

৩) গুড বস্তি চিকিৎসা

৪) ঔষধিৰদ্বাৰা চিকিৎসা

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে অন্তিম পৰ্যায়ৰ ৰোগীক আয়ুৰ্বেদিক চিকিৎসাৰদ্বাৰা সুস্থ কৰি তোলোতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এনে ক্ষেত্ৰত আধুনিক চিকিৎসাবিজ্ঞানৰ সহায় ল’ব লাগে।

চিকিৎসক হিচাপে মোৰ জীৱনৰ অভিজ্ঞতাৰ কিছু অংশ

চিকিৎসকৰ জীৱনটো সদায় আৰ্তসকলৰ লগতেই জড়িত। দৈনন্দিন লগ পোৱা ৰোগীসকৰ দুখ-বেদনাই আমাৰ অন্তৰ চুই যায়। এনে কেতবোৰ ৰোগীৰ কথা আমাৰ মানসপটত বহু দিনলৈ সোমাই থাকে। কেতবোৰ এনেকুৱা ৰোগীৰ সৈতে আমি হাঁহি-মাতি থাকো, যাৰ জীৱন হয়তো আৰু কেইদিনমানহে। এজন হৃদয়ৱন চিকিৎসকক এনে বহুতো স্মৃতিয়ে আমনি কৰে। বহুতো মুমূর্ষু অৱস্থাৰ ৰোগীয়ে যেতিয়া হাঁহিমুখে ঘৰলৈ উভতি যায়, তেতিয়া আমিবোৰে অন্তৰত কেনে আনন্দ অনুভৱ কৰো সেয়া বুজাই কোৱা টান।

আজি কঁকালৰ বিষৰ এনে কেতবোৰ ৰোগীৰ স্মৃতি ৰোমন্থন কৰিবলৈ ওলাইছো….

২০০৬ চনৰ কথা। বাইহাটা চাৰিআলিৰ কাষৰ বেজেৰা অঞ্চলৰ এজনী ৰোগী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ আহে। ৰোগীগৰাকীৰ গিৰিয়েকৰ ভাষ্য মতে তেওঁক বহুতো নামী-দামী চিকিৎসালয়ত লৈ যোৱা হৈছিল তথাপি আৰোগ্য লাভ কৰা নাই। মই তেওঁক বিছনাখনত শুৱাই দিবলৈ ক’লো। ৰোগীজনৰ ইমানেই কঁকালৰ বিষ যে অকণো ইকাতি-সিকাতি কৰিব নোৱাৰে।

তথাপি মই কোনোমতে পৰীক্ষা কৰি গম পালো যে তেওঁৰ sciatic nerve ডাল ফুলি আছে। মই ৰোগৰ নিদান অনুসৰি চিকিৎসা আৰম্ভ কৰিলো। অতি কম দিনৰ ভিতৰতে ৰোগীজন আৰোগ্য হৈ উঠিল। মনত এক বিৰল আনন্দ অনুভৱ কৰিলো। ৰোগীজনৰ ভাষ্য মতে যোৱা ছয় মাহ তেওঁ বিছনাতেই পৰি আছিল। গাঁৱৰ মানুহে তেওঁক নাবাচিব বুলিয়েই ভাবিছিল। আৰু যিদিনাখন তেওঁ সুস্থ হৈ খোজ কাঢ়ি ঘৰলৈ ঘূৰি গৈছিল, প্ৰায় গোটেই গাঁওবাসীয়ে তেওঁক ঘেৰি ধৰিছিল আৰু আচৰিত হৈছিল এই বুলি যে তেওঁ কেনেকৈ সুস্থ হ’ল! এইজনী ৰোগীৰ এতিয়াও মই চিকিৎসা কৰি আছো। তেওঁ তাৰ পিছৰেপৰা আজি এঘাৰ বছৰ পর্যন্ত কঁকালৰ বিষত ভোগা নাই।

এইবাৰৰৰ ৰোগীজনী হৈছে মোৰেই এগৰাকী চিকিৎসক ছাত্ৰী (নাম প্ৰকাশ কৰিব খোজা নাই) অর্থাৎ ডাক্তৰ। প্ৰচণ্ড কঁকালৰ বিষত তেওঁ ভুগি আছিল। এনে এক পর্যায় পাইছিলগৈ যে তেওঁৰ এখন ভৰি প্ৰায় অকামিলা হৈ গৈছিল। মোৰ চেম্বাৰলৈ আহোতে মই পৰীক্ষা কৰি দেখিলো যে তেওঁ চেণ্ডেল পিন্ধিব নোৱাৰে। ভৰিৰ নিম্নাংশ অৰ্থাৎ ভৰিৰ পতাখন  কৰ্মহীন হৈ পৰিছে। মই চাই গম পালো যে তেওঁৰ কঁকালৰ স্নায়ু এডাল বেয়াকৈ নষ্ট হ’ব ধৰিছে।

মই তেওঁক MRI এখন কৰিব দিয়াত গম পোৱা গ’ল যে তেওঁৰ ডিস্ক prolapse হৈছে লগতে ৰাজহাড়ৰ এডাল হাড় সন্মুখৰ পিনে ওলাই আহিছে, যাক চিকিৎসাবিজ্ঞানৰ ভাষাত spondylolisthesis বুলি কোৱা হয়। মই তেওঁক Neurologist এগৰাকীৰ পৰামৰ্শ ল’বলৈ দিলো। Neurologist গৰাকীয়ে তেওঁক ৰোগৰ ভয়াৱহতা বৰ্ণাই অতি সোনকালে অস্ত্ৰোপচাৰ কৰাৰ পৰামর্শ দিলে। লগতে ক’লে যে সেয়া নকৰিলে তেওঁৰ ভৰিখন paralysis হৈ যাব। কিন্তু ৰোগীজনীৰ বংশৰ বহুজনে অস্ত্ৰোপচাৰ কৰি ভাল নোপোৱা কাৰণে ৰোগীগৰাকীয়ে পুনৰ মোক সুধিলে—কি কৰা যায়। মই চিকিৎসা আৰম্ভ কৰি দিলো। ক্ৰমান্বয়ে তেওঁ ভাল হৈ আহিল আৰু ছয় মাহমানত সম্পূৰ্ণ সুস্থ হৈ উঠিল। মই তেওঁক বুজাই কৈছিলো যে তুমি গোটেই জীৱন কেতবোৰ নিয়ম মানি চলিবা, কিয়নো এই ৰোগ সম্পূৰ্ণ আৰোগ্য নহয়।

        দুবছৰমান পিছত তেওঁ মোক ক’লে যে তেওঁ গর্ভ ধাৰণ কৰিব বিচাৰে। মই তেওঁক এই বিষয়ে এগৰাকী Neurologistৰ পৰামর্শ লব’লৈ দিয়াত Nurologistগৰাকীয়ে তেওঁক গর্ভ ধাৰণ কৰাৰপৰা বিৰত থাকিবলৈ পৰামর্শ দিয়ে। মনৰ দুখত তেওঁ মোক পুনৰ সুধিলে—ছাৰ কি যাৰ যায়। মই তেওঁক সাহস দিলো। আৰু সম্পূৰ্ণ তত্বাৱধানত তেওঁ দ্বিতীয় গৰাকী সন্তানৰ মাতৃ হ’ল আমাৰ মহাবিদ্যালয়ত sciserian কৰি।

     আজি বোধকৰো ডেৰ বছৰমান হ’ল তেওঁ এতিয়াও সুস্থ হৈ আছে।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: কঁকালৰ বিষ
Anjan Sarma

Anjan Sarma

Related Posts

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy
Music

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

by Nilim Kashyap Barthakur
April 12, 2026
0

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy From Queen of Melody to Living Legend -The...

Read moreDetails
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
AGRICULTURE : Smart solutions for high yield hydration

AGRICULTURE : Smart solutions for high yield hydration

April 12, 2026
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

April 7, 2026
Zubeen Garg’s Death: An End to an Era

Zubeen Garg: “Sing ‘Mayabini’ for me when I am gone”

April 6, 2026
Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

April 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমৰ অশান্তি অতীতৰ সৈতে গভীৰভাৱে বিজড়িত

Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Wiping Out Indigenous Communities

April 19, 2026
Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

April 19, 2026
At the United Nations, young people are not asking for a place in the AI future – they are drawing the blueprint

At the United Nations, young people are not asking for a place in the AI future – they are drawing the blueprint

April 19, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30297 shares
    Share 12118 Tweet 7574
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12662 shares
    Share 5065 Tweet 3166
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    136 shares
    Share 54 Tweet 34
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4267 shares
    Share 1707 Tweet 1067
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3607 shares
    Share 1443 Tweet 902
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    88 shares
    Share 35 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    919 shares
    Share 368 Tweet 230
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    846 shares
    Share 338 Tweet 212
  • দেশে দেশে ফুটবল

    238 shares
    Share 95 Tweet 60
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d