• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech

ককা আইতাৰ দিন আৰু চ্যেট জি.পি.টি  (Chat G.P.T)  

ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

by Anjan Sarma
October 3, 2023
in Tech, Media, News, Opinion, Science, Social Media
Reading Time: 3 mins read
0
ককা আইতাৰ দিন আৰু চ্যেট জি.পি.টি  (Chat G.P.T)  
Share on FacebookShare on TwitterShare on LinkedIn

ককা আইতাৰ দিন আৰু চ্যেট জি.পি.টি  (Chat G.P.T)

ঝৰ্ণা শৰ্মা দেৱচৌধুৰী  

Jharna Dev Choudhury
 ঝৰ্ণা শৰ্মা দেৱচৌধুৰী     

ছেপ্টেম্বৰ মাহ শিক্ষকৰ মাহ।

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মতিথি উপলক্ষে পাঁচ ছেপ্টেম্বৰ দিনটো প্ৰতি বছৰৰ দৰে  চলিত বছৰতো সমগ্ৰ ভাৰতবৰ্ষত অতি ধুমধামেৰে শিক্ষক দিৱস হিচাপে পালন কৰা হ’ল।

এখন সুস্থ সমাজ গঢ়িবলৈ শিক্ষাৰ গুৰুত্ব কিমান সেয়া অনুধাৱন কৰিয়েই  এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নতুন নতুন শিক্ষানীতিৰ প্ৰবৰ্তন কৰা হয়, আনহাতে শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ গুৰুদায়িত্ব বহন কৰা শিক্ষকসকলৰ  গুৰুত্ব বুজিয়েই তেওঁলোকৰ সন্মানাৰ্থে  প্ৰতি বছৰে শিক্ষক দিৱসৰ আয়োজন কৰা হয়।
শিক্ষাব্যৱস্থা বুলি কোৱাৰ লগে লগে যদিও তাৎক্ষণিক ভাৱে  স্কুল, কলেজত দান কৰা পাঠ্যক্ৰমিক শিক্ষাৰ কথাই আমাৰ মনলৈ আহে, কিন্তু ব্যৱহাৰিক শিক্ষা, নীতিশিক্ষা, সামাজিক শিক্ষা, শুদ্ধ আচৰণৰ  শিক্ষা , সফলতা, বিফলতা দুয়োটাকে সহজভাৱে গ্ৰহণ কৰিব পৰা শিক্ষা, উদাৰচিত্ত হোৱা আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰা শিক্ষাৰ অবিহনে পাঠ্যক্ৰমিক শিক্ষা তেনেই মূল্যহীন হৈ পৰে।

সেয়েহে হয়তো আমাৰ ককা-আইতাহঁতৰ দিনত পাঠ্যক্ৰম ভিত্তিক উচ্চ শিক্ষাৰে শিক্ষিত লোকৰ সংখ্যা আজিৰ তুলনাত কম আছিল যদিও তেওঁলোকৰ  সামাজিক মূল্যবোধ অধিক আছিল।

বিজ্ঞানৰ দৃষ্টিৰে তেওঁলোক কিছু পিছপৰা আছিল যদিও আসক্তি, অসহনশীলতা আৰু বিয়োগাত্মক প্রতিযোগিতাৰ পৰা দূৰত থকাৰ হেতুকে  এক পৰিশীলিত  জীৱন যাপনেৰে জ্ঞানৰ এক অন্য দুৱাৰ মুকলি কৰিবলৈ সক্ষম হৈছিল।

যি কি নহওঁক সময়ৰ লগে লগে সকলো ক্ষেত্ৰতে পৰিৱৰ্তন অৱশ্যম্ভাৱী। শৃংখলিত পৰিৱৰ্তন সমাজ উন্নয়নৰ  মূল চাবিকাঠি। এনে পৰিৱৰ্তনক গ্ৰহণ কৰিব নোৱাৰা মানুহৰ মনবোৰ এটুকুৰা বন্ধ পানীৰ দৰে, য’ত কেৱল ম’হ দাঁহ আদি জীৱৰহে বাসস্থান হ’ব পাৰে।

সম্প্ৰতি পৃথিৱী তোলপাৰ লগোৱা তেনে এটা নতুন পৰিৱৰ্তনৰ নাম হৈছে চ্যেট জি.পি.টি ( Generative pre-trained Transformer) ২০২২ চনৰ ৩০ নৱেম্বৰ তাৰিখে  “Open AI” য়ে এই টুলতো লঞ্জ কৰিছিল, আৰু লঞ্জ কৰাৰ মাথোঁ পাঁচ দিনৰ ভিতৰতে দহলাখ মানুহে উক্ত টুলটোত ৰেজিষ্টাৰ কৰি পেলাইছিল।

কি এই চ্যেট জি. পি.টি?চ্যেট জি.পি.টিয়ে এনে কি কৰে? যাৰ বাবে টুলটোৰ প্ৰতি মানুহ ইমানকৈ আকৰ্ষিত হৈছে?

তেন্তে  জানো আহক…চ্যেট জি. পি.টি. এনে এটা টুল যি আপোনাক আপুনি বিচৰা সকলো কাম কৰি দিব পাৰে।

হয় সকলো কাম।

যেনে ?

যেনে – আপোনাৰ স্কুলৰ হ’মৱৰ্ক আছে, টুলটোক মাথোঁ আপুনি কোৱালৈকেহে দেৰি। আপোনাৰ পচন্দমতে নিমিষতে ই আপোনাৰ হ’মৱৰ্ক ৰেডি কৰি দিব।আপুনি এটা প্ৰবন্ধ লিখিব লাগে, টুলটোক মাথোঁ আপুনি বিচৰা  বিষয়টো বান্ধি দিয়ক, মুহূৰ্ততে প্ৰবন্ধ লিখি আপোনাৰ সন্মুখত প্ৰস্তুত কৰি দিব। গল্প, কবিতা, উপন্যাস,  আপোনাক যি লাগে, যেনে মানদণ্ডৰ লাগে ঠিক তেনে ধৰণেৰেই  আপোনাৰ সন্মুখত লিখি হাজিৰ কৰি দিব এই চ্যেট জি.পি.টি. য়ে।

ককা আইতাৰ দিন আৰু চ্যেট জি.পি.টি  (Chat G.P.T) 

ই-মেইল ফৰ্মেট কৰি দিব লাগে, কডিং কৰিব লাগে, ব্যাকৰণ শুদ্ধ কৰিব লাগে, বাক্যৰ গাঁঠনি অধিক শক্তিশালী কৰিব লাগে, সকলোবোৰ আপোনাক চ্যেট জি. পি.টি. য়ে অতি সহজতে কৰি দিব।

এতিয়া আৰু ছবি এখন আঁকিবৰ  বাবে আপোনাক কাগজ, পেঞ্চিল বা কম্পিউটাৰত পেইন্ট ব্ৰাছৰ প্ৰয়োজন নহয়। আপুনি মাথোঁ চ্যেট জি.পি.টিত টাইপ কৰিব বা ক’ব লাগে যে আপোনাক এটা পাখি থকা হাতী আকাশত উৰি থকা ছবি এখন লাগে। বচ…মুহূৰ্ত্ততে নীল দিগন্তত এটা বিশালকায় হাতী উৰি থকা ছবিখন আপোনাৰ চকুৰ সন্মুখত ভাঁহি উঠিব।

মাথোঁ ইমানেই নহয়, আপুনি যদি কাৰোবাৰ প্ৰেমত পৰিছে আৰু প্ৰপ’জ কৰিবলৈ বিচাৰিছে ?

প্ৰপ’জ কৰাৰ সম্পূৰ্ণ পদ্ধতি চ্যেট জি.পি টি.য়ে আপোনাক শিকাই দিব। আপোনাক যদি প্ৰয়োজন হয় প্ৰেমপত্ৰও এই চ্যেট জি.পি.টি.য়েই আপোনাৰ বাবে লিখি দিব। আপুনি যদি কনটেণ্ট ৰাইটাৰ, ই-মেইল ডেভলপাৰ, ব্লক ৰাইটাৰ, শ্লোগান বা টাইটেল ৰাইটাৰ তেন্তে চ্যেট জি. পি.টি.ৰ জৰিয়তে আপুনি কম কষ্টত আৰু কম সময়তে  অধিক উন্নত মানৰ কাম কৰিবলৈ সক্ষম হ’ব।

ককা আইতাৰ দিন আৰু চ্যেট জি.পি.টি  (Chat G.P.T) 

বহুতে সন্দেহ প্ৰকাশ কৰিছে যে এই টুলটোৰ বাবে এতিয়া বহুলোকে  চাকৰি হেৰুৱাব , কাৰণ বহুলোকৰ কাম এতিয়া মাথোঁ এজন লোকে চ্যেট জি.পি.টি.ৰ সহায়তে সম্পন্ন কৰিব পাৰিব।

আন বহুতে ধাৰণা কৰিছে যে এই টুলটোৰ জৰিয়তে কাম কৰিবলৈ ভাল পোৱা লোকে কম সময়তে, উচ্চমানৰ কাম কৰি আর্থিকভাৱে অধিক লাভৱাম্বিত হ’ব পাৰিব।

চ্যেট জি. পি.টি.ৰ আৱিৰ্ভাৱৰ ফলত হ’ব লগা সলনি সমূহে পৃথিৱীক  পৰিৱৰ্তনৰ কোনটো  দিশলৈ লৈ যায় সেয়া সময়ে ক’ব।

কিন্তু আমি নিজা অভিজ্ঞতাৰপৰা দেখিছোঁ যে টেলিভিছন,  কম্পিউটাৰ, মোবাইল ফোন,ভিডিও গেম আদিৰ আৱিষ্কাৰ আৰু ব্যৱহাৰে জীৱন আগতকৈ সহজ আৰু আৰামদায়ক কৰি তুলিছে যদিও পৰোক্ষভাৱে বিৰূপ প্ৰভাৱো পেলাইছে। 

মানুহে সৃষ্টি কৰা গেজেটসমূহে বৰ্তমান মানুহক এনেদৰে নিজৰ মোহপাশত আবদ্ধ কৰি ৰাখিছে যে মানুহ ওলোটাই এই গেজেটসমূহৰ অধীন হৈ পৰিছে। মোবাইল ফোনত নাম টাইপ কৰিলেই নম্বৰ ওলোৱাৰ ফলত আগৰ দৰে আমি আনৰ ফোন নাম্বাৰসমূহ মনত ৰখাৰ প্ৰয়োজনবোধ নকৰা হ’লো। চচিয়েল মিডিয়া ব্যৱহাৰৰ ফলত শ-শ  অনলাইন  বন্ধু-বান্ধৱ গোট খোৱাৰ ফলত ওচৰ-চুবুৰীয়াৰ কাষত এখন্তেক থিয় দিবলৈ সময় নোহোৱা হ’ল।

ইণ্টাৰনেটৰ বহুল প্ৰচাৰ হোৱাৰ আগেয়েও মানুহে বাতৰি কাকত , আলোচনী আদিলৈ গল্প কবিতা আদি লিখি পঠাই আৰু প্ৰকাশ হ’লেই  লিখাটো ভাল হোৱা বুলি ধৰি লৈ আনন্দিত হৈছিল। আজি কালি কিবা এটা লিখি উঠি লাইক, কমেন্ট, শ্বেয়াৰ আদিৰ হিচাপ কৰা হয়। ভৱা মতে নহ’লেই হতাশগ্ৰস্ততাই আগুৰি ধৰা হ’ল।হাতে হাতে থকা মোবাইল ফোনবোৰে মানুহক চিন্তামুক্ত কৰাৰ সলনি অধিক উদ্বিগ্নহে কৰি তুলিলে।

ককা আইতাৰ দিন আৰু চ্যেট জি.পি.টি  (Chat G.P.T) 

ফোনটো কৰাৰ লগে লগে যদি বিপৰীত পক্ষই ৰিচিভ নকৰে  মনতো নানা দুৰ্ভাৱনাই চানি ধৰি অসুবিধা দিয়া হ’ল।

এতিয়া চ্যেট জি.পি.টিৰ ব্যৱহাৰৰ ফলত  বিনা কষ্টত থাওকতে  কামবোৰ সমাধা কৰিব পৰা সময়ত আমি যদি বুদ্ধিৰে পৰিচালিত হৈ সঠিকভাৱে, উচিত পৰিমাণত চ্যেট জি. পি.টি আৰু আন আন  আধুনিক গেজেট ব্যৱহাৰ কৰাত সাৱধান নহওঁ তেন্তে  হয়তো অধিক অলসতা, সৃষ্টিহীনতা, মগজুৰ কৰ্ষণৰ অভাৱত বুদ্ধিহীনতাৰ দিশে গতি কৰিম।

আমি পুথিগত শিক্ষাৰে উচ্চ শিক্ষিত হৈছোঁ যদিও আধুনিক জীৱনশৈলী আৰু গেজেটসমূহৰ ব্যৱহাৰে আমাৰ অবাঞ্চিত প্ৰত্যাশা বৃদ্ধি কৰিছে। ফলত আমি কৰবাত নহয় কৰবাত অসন্তুষ্ট হৈ থাকিবলৈ লৈছোঁ।এই ক্ষেত্ৰত আমাক আধ্যাত্মিক শিক্ষাৰো প্ৰয়োজন আছে। কোভিড কালত বিদ্যালয়, মহাবিদ্যালয়সমূহৰ শ্ৰেণীসমূহ অন লাইন হোৱাৰ সময়ত ভৱা হৈছিল যে এইবাৰ হয়তো পৃথিৱী কাগজমুক্ত হৈ পৰিব। বহু সমস্যাৰ হয়তো অন্ত পৰিব।

কিন্তু দিন যোৱাৰ লগে লগে অনলাইন ক্লাছৰ  ভাল দিশসমূহ সামৰিলৈও আমি উপলব্ধি কৰিলোঁ যে  হাজাৰ উন্নত মানৰ অনলাইন ক্লাছ থাকিলেও বিদ্যালয়লত শাৰীৰিক ভাৱে উপস্থিত থাকি গ্ৰহণ কৰা শিক্ষাৰ মূল্য অধিক।

grandma

ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে কেৱল পাঠ্যক্ৰমৰ শিক্ষাই নহয়, জীৱনৰ বাবে প্ৰয়োজনীয় নিয়মানুৱৰ্তিতা, গুৰুৰ প্ৰতি শিষ্যৰ থাকিব লগা শ্ৰদ্ধা, সহপাঠীৰ সৈতে অন্তৰংগতা, পৰস্পৰে পৰস্পৰৰ প্রতি থাকিব লগা সৌহাদ্যপূৰ্ণ আচৰণ, সহায়কাৰী মনোভাৱ আদিৰো বিকাশ হয়। এজন  সুনাগৰিকৰ মাজত থাকিব লগা এই আচৰণসমূহ আয়ত্ব কৰিবলৈ আধুনিক গেজেটৰ বজাৰখনৰ পৰা ওলাই আহি  মানুহে মানুহৰ সংগত বাস কৰিব লাগিব।

ককা আইতাৰ দিন আৰু চ্যেট জি.পি.টি  (Chat G.P.T) 

বৃদ্ধ অৱস্থাৰ  নিঃসংগতাক জয় কৰিবলৈ হ’লে  আধুনিক উপকৰণ সমূহতকৈ মানুহৰ সংগ উপভোগ কৰিবলৈ শিকিব  লাগিব।

আমাৰ ককা আইতাৰ দিনত যদিও চ্যেট জি.পি.টি. ৰ দৰে আধুনিক সংস্কৰণৰ  আবিৰ্ভাৱ হোৱা নাছিল,যদিও তেওঁলোকে চন্দ্ৰৰ বুকুৰ শিলাময় পাহাৰক তুলসীৰ তলৰ মৃগপহু বুলিয়েই ভাবি আছিল, তথাপি আধুনিক গেজেটৰ পৃথিৱীৰ পৰা দূৰত থাকি তেওঁলোক মানুহৰ ওচৰ চাপি আছিল। আজিৰ দিনৰ অভিশাপ স্বৰূপ নিসংগতা, বিষণ্ণতা, বৰদম আদিৰ পৰা তেওঁলোক শ-শ যোজন দূৰত আছিল।

গতিকে আমি এনে গেজেট সমূহৰ দ্বাৰা প্ৰভাৱাম্বিত নহৈ নিজৰ অধীনত ৰাখি ব্যৱহাৰ কৰিব জানিলেই  বহু সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিম যেন ধাৰণা হয়।

Images from different sources

[Declaration: This article is written by the writer, not by the ChatGPT/AI]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power
Climate Change

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

by Kakali Das
June 7, 2026
0

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power KAKALI DAS A young student in Guwahati...

Read moreDetails
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

June 7, 2026
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34013 shares
    Share 13605 Tweet 8503
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15189 shares
    Share 6076 Tweet 3797
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    552 shares
    Share 221 Tweet 138
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3802 shares
    Share 1521 Tweet 951
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d