কচু শাকৰ গুণাগুণ (Colocasia)

ডাঃ ৰেইনী দেৱী
খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া। কলপাতত দিয়া কচুথোৰৰ পিটিকা,কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি আদি মাছৰ লগত বনোৱা কচুথোৰৰ জালুকীয়া আঞ্জাখন খাই বেয়া পোৱা কোনো নোলাবই কিজানি।
এই ব্যঞ্জন সমূহৰ ৰন্ধন প্ৰকৰণ চালে এটা কথাই বুজা যায় যে আমাৰ পূৰ্বজ সকলৰ খাদ্যৰ গুণাগুন সম্বন্ধে কিমান যথাযথ জ্ঞান আছিল। কচুৰ স্বভাৱ হৈছে খজুওৱা।বিয়া নাম এফাকি আছে নহয়’ কচু হলে খজুৱায়,শাহু হলে নচুৱায়, তাৰ লগত ননদ হ’লে হুৰাহুৰে কন্দুৱায়।’ইয়াত ৰসার্থত কচু, শাহু আৰু ননদৰ তথাকথিত স্বভাৱ বুজাবলৈকে নামফাকি গোৱা হয়।

কচুৰ গুনেই হৈছে খাওঁতাজনক খজুওৱা।কেঁচা কচু গাত লাগিলেতো কথাই নাই। ৰান্ধোতেও টেঙা বা জ্বলা দি ৰন্ধা হয় যাতে ইয়াৰ জালতো কাটি যায়। ঠিক তেনেদৰে ভেকুৰী তিতাৰ লগত বনালে ভেকুৰীৰ তিতাও নথকা হয় আৰু কচুয়েও নখজুৱায়।থুৰি কচুৰ ব্যঞ্জন বনাওতে কচু খিনি অলপ ৰ’দত শুকুৱাই ললে খাওঁতে নখজুৱায়।
কচু বইল কৰি পানী খিনি পেলাই লব লাগে ,তাৰ পিছত যি ব্যঞ্জন বনায় বনাব পাৰে। এইদৰে কৰিলে কচু খাওঁতে নখজুৱায়। প্ৰসূতা তিৰোতাৰ বাবে জাল বনাই খুওৱা পৰম্পৰা আজিও প্ৰচলিত।কচুৰ ব্যঞ্জন সমূহ যথেষ্ট ঔষধি গুণসম্পন্ন আৰু বহু ৰোগত উপকাৰী।
কচু শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে ভিটামিন A, ভিটামিন B যৌগ , ভিটামিন C, ভিটামিন E, অমেগা 3 ফেটি এচিড, অমেগা 6 ফেটি এচিড, বিভিন্ন প্ৰকাৰৰ খনিজ যেনে কেলচিয়াম,আইৰণ, মেংগানিজ, মেগনেছিয়াম,কপাৰ, ফচফৰাছ,জিঙ্ক,ছিলেনীয়াম আদি পোৱা যায়। এই উপাদান সমুহ থকা বাবে ইয়াৰ ঔষধি গুণ তুলনামূলক ভাবে বেছি।

কচুৰ উপকাৰীতা সমূহ থুলমূলকৈ তলত দিয়া হৈছে:-
প্ৰচুৰ পৰিমাণে ভিটামিন A থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী।দৃষ্টিশক্তিৰ দুৰ্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে।
ৰক্তহীনতা( anaemia) ৰোগত কচু উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ,ভিটামিন B6 আৰু ফলেট( folate) থাকে।
কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।ইয়াত থকা মিথিয়নিন( methionine) আৰু আহে( dietary fiber) কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড( triglyceride) নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী। ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ।আৰু ইয়াত থকা ভিটামিন B6 এ হ’ম’চিষ্টিন( homocystine) নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক(stroke) হোৱাত বাধা প্ৰদান কৰে।
ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।
গৰ্ভৱতী তিৰোতাই মাজে সময়ে কচু শাক খাব লাগে।কাৰণ ইয়াত আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে।ইয়াৰ উপৰিও ভ্ৰূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্রৰ বিকাশত ইয়াত থকা ফলেট উপকাৰী।
ইয়াত থকা আঁহৰ বাবে ই কোষ্ঠ কাঠিন্য আৰু IBS ৰোগত উপকাৰী।
প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাবৃদ্ধি কৰে।
ভিটামিনৰ অভাৱত বা বীজাণু সংক্ৰমণ জনীত মুখত ঘাঁ (mouth ulcer) হলে কচু খালে সুফল পোৱা যায়। হালধি পাতত থুৰি কচু, জালুক কেইটামান, নহৰু কেইফুটামান,নেমুৰ আগ দুটামান দি জুইত সেকি পিটিকা কৰি খাব লাগে।
প্ৰসূতা তিৰোতাক মাগুৰ,শিঙি, গৰৈ, কাৱৈ আদি কাঠ মাছৰ লগত কচু থুৰীৰ জালুকীয়া খাবলৈ দিয়া হয়।এইবিধ ব্যঞ্জনে প্ৰসূতি গৰাকীৰ শৰীৰত হিমগ্লবিনৰ নাটনি হোৱাত বাধা দিয়ে আৰু লগতে গৰ্ভাশয়ক স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে। তদুপৰি ইয়াত জালুক দিয়া হয় বাবে দুগ্ধ উৎপাদনত সহায় হয়।সাধাৰণতে কেঁচুৱা জন্মৰ৩ বা ৫দিনত কচু থুৰিৰ জালুকীয়া খাবলৈ দিয়া হয়।ই সম্পূৰ্ণ বিজ্ঞানসন্মত ব্যঞ্জন।

কচু শাক খোৱাৰ নীতি নিয়ম আৰু লব লগা সাৱধানতা:-
যিকোনো খাদ্য সামগ্ৰী যদিও উৎকৃষ্ট গুনেৰে ভৰপূৰ তথাপি কোনো কোনো ৰোগত সি অপথ্যও হব পাৰে। কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী ।কিন্তু কিছুমান ৰোগত অপকাৰী ।যেনে :–
কিডনি ষ্টোন হলে কচু খোৱা অনুচিত। কিয়নো ইয়াত থকা প্ৰচুৰ পৰিমাণৰ কেলচিয়াম অক্সলেটে( calcium oxalate) পাথৰ ডাঙৰ হোৱাত সহায় কৰে। বেছিভাগ কিডনী স্টোন অক্সলেট স্টোন হয়।সেয়েহে পাথৰ হোৱা ৰোগীয়ে কচু খোৱা অনুচিত। নিৰোগী লোকেও অত্যাধিক পৰিমানে কচু নোখোৱা ভাল। অন্যথা কিডনী পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে।অত্যাধিক খালে লিভাৰত বেছি পৰিমাণে ভিটামিনA সঞ্চিত হয়। ভিটামিন A ফেটত হে দ্ৰবিত হয়( fat soluble)সেয়েহে লিভাৰৰ বিভিন্ন ৰোগ যেনে জণ্ডিচ, ফেটি লিভাৰ( fatty liver), লিভাৰ বৃদ্ধি বা enlarged লিভাৰ আদিত কচু বেছি নোখোৱাই ভাল। অন্যথা লিভাৰৰ ওপৰত অতিৰিক্ত বোজা আহি পৰে

এলাৰ্জি জনীত বহু ৰোগত কচু অপথ্য। কাৰণ তেনে অৱস্থাত ৰোগৰ উপদ্ৰৱ বৃদ্ধি হব পাৰে।তদুপৰি কিছুমান লোকৰ কচু খালেও এলাৰ্জী হয়।গতিকে এলাৰ্জি হোৱাৰ সময়ত কচু নাখাব।
অৰ্শ ৰোগত কচু থুৰি খাব নালাগে।কাৰণ ইয়াত বেছিকৈ লৌহ বা আইৰণ আছে।গতিকে বেছিকৈ কচু খালে কৌষ্ঠকাঠিন্য হৈ ৰোগৰ বৃদ্ধি হব পাৰে।অৱশ্যে অৰ্শ ৰোগত উলকচু উপকাৰী।

ডাকৰ বচনত কঁচুৰ বিষয়ে এষাৰ কথা উল্লেখ আছে:-‘ কচু খাবা ওলাওতে,কচু খাবা সোমাওঁতে।’ অৰ্থাৎ কচু ওলোৱা ( পুহ, মাঘ )আৰু সোমোৱাৰ ( ,ভাদ,আহিন ,কাতি)সময়ত থুৰীৰে সৈতে কচু ঠন ধৰি উঠে।সেই সময়ত হয়তো জলবায়ুৰ প্ৰভাৱত কঁচুৰ ঔষধি গুণ বৃদ্ধি হয়। কথাষাৰে হয়তো আৰু এটা কথা আমাক সকীয়াই দিছে যে বছৰত এই দুই সময়ত কচু খালে গোটেই বছৰৰ বাবে আমাৰ শৰীৰে লাগতিয়াল সকলো সামগ্ৰী পায়।কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ আছে। যিকোনো বস্তুৰে অত্যধিক সদায়ে অপকাৰী। গতিকে খুব ঘনাই কচু নোখোৱাই ভাল।
বি:দ্ৰ: ইয়াত কচুৰ উপকাৰীতা বা অপকাৰীতা সম্বন্ধে থুলমূল আভাস দিবলৈ এটা প্ৰয়াস কৰা হৈছে। ৰোগৰ পথ্য অপথ্য চাই খাদ্য গ্ৰহণ কৰাটো নিতান্তই বাঞ্চনীয়।
*ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক, ফোন নম্বৰ: ৭৩৯৯১১৪৬১৭ / ৯১০১৪২৭৮৯৭

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















