-দীপজ্যোতি গগৈ |
তেতিয়া চাৰিওদিশে বগা চাহাবৰ দপদপনি।অসমৰ ছাত্ৰ-সমাজ তেতিয়ালৈকে “অৰাজনৈতিক”য়েই নহয়, একেবাৰে অপৰিপক্ক! চাৰিওফালৰ অন্ধকাৰৰ ফেঁহুজালি ফালি সেইসময়ৰ ছাত্ৰ ওলাই অহাটো সপোনৰো অগোচৰ আছিল।কিন্তু যি স্ফুলিংগ ফুটিল,সেইয়া আৰম্ভণি ঘটিল “কটন কলেজ”ত। নেতা বহু প্ৰকাৰৰ থাকে,কিন্তু তেনে নেতা খুৱ কম থাকে যিয়ে জনতা-জনাদনৰ অন্তৰত সংগ্ৰামৰ প্ৰতিধ্বনি ৰচিব পাৰে ! আৰু সেইপ্ৰকাৰৰ নেতা আছিল ড০ সুভাষ চন্দ্ৰ বসু। আজি যে কটনে সংগ্ৰামী সত্বাৰে অসমৰ শিক্ষানুষ্ঠানৰ মাজতে অনন্য ৰূপত আছে,সেই সংগ্ৰামৰ বীজ অংকুৰণৰ আঁৰৰ ব্যক্তিজন কোন আছিল? সুভাষ বসু। কটনলৈ কোন অহা নাছিল! হুমায়ুন কবিৰৰ পৰা পণ্ডিত নেহেৰুলৈকে। কিন্তু তেওঁলোকৰ পদধূলাই কটনৰ চৰিত্ৰগত বৈপ্লৱিক পৰিবৰ্তন আনিবলৈ সক্ষম হোৱা নাছিল,সক্ষম হৈছিল ১৯৩৮ৰ আগষ্টত সুভাষ বসুৰ আগমনেৰেহে। যদিওবা অসমত ১৯১৬ তে “অসম ছাত্ৰ সন্মিলন” গঠন হয়,ছাত্ৰৰ মাজত ইয়াৰ প্ৰভাৱ আছিল তেনেই নিশকতীয়া। ছাত্ৰক আন্দোলনমুখী কৰিবলৈ সক্ষম হোৱা নাছিল।অসমৰ ইতিহাসত এক উল্লেখনীয় দিন হৈছে ৬ ডিচেম্বৰ,১৯৪১;কিয় জানেনে? ভাৰতৰ ইংৰাজ শাসিত কটনেই আছিল একমাত্ৰ কলেজ,যাৰ ছাত্ৰই আৰম্ভণি কৰিছিল “ছাত্ৰ ধৰ্মঘট”। ইংৰাজ চমকিত হৈছিল,আচৰিত হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামীসকল।”অসমৰ ছাত্ৰৰ মাজত এইয়া কি ঘটিছে!” এই প্ৰতিবাদী ধাৰাটো সুভাষ বসুৱে ১৯৩৮ত আহি জীপাল কৰিছিল।তেতিয়া কটনৰ ছাত্ৰ আছিল ৯২৬ গৰাকী।যিসকলে অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাস নাজানে,তেওঁলোকে ৬ ডিচেম্বৰৰ হয়তো কোনো গুৰুত্বও উপলব্ধি কৰিব নোৱাৰে। কটন সেই ইতিহাসৰ সন্তান,আমি সেই ইতিহাসৰ গজ গজালি। তেতিয়া ধৰ্মঘটৰ সময়ত অভিভাৱক সমিতিৰ সভাপতি আছিল গোপীনাথ বৰদলৈ। ১৯৪০-৪১ লৈকে কটনে দেখুওৱা আন্দোলনমুখী বাটে বাট ল’বলৈ বাধ্য হৈছিল অসমৰ অন্যান্য স্কুল-কলেজৰ ছাত্ৰ একতা সভা সমূহ। এইবাৰ যেতিয়া বিজেপিয়ে সংসদত কলা আইন “নাগৰিকত্ব সংশোধনী আইন” সকলোৰে ওপৰত জাপি দিছিল-তেতিয়ালৈকে ভাৰতৰ প্ৰায়বোৰ কলেজ-বিশ্ববিদ্যালয়ে ধৰিবকে পৰা নাছিল-তেনহেন পৰিৱেশত কটন আগবাঢ়ি আহিছিল অকলশৰে।কটনৰ ল’ৰাই অসমৰ অন্যান্য কলেজৰ ছাত্ৰক,ছাত্ৰ সংগঠনক নিদ্ৰাৰ পৰা উঠাবলৈ ক’ত উজাগৰী নিশা পাৰ কৰিলে! এইয়াই কটন। ১৯৪২ত কটনৰ তিনি ছাত্ৰ বিশ্ব গোস্বামী,বিশ্বদেৱ শৰ্মা আৰু উত্তম তহবিলদাৰে গৈ লগ কৰিছিল তেতিয়াৰ কংগ্ৰেছ অধ্যক্ষ আব্দুল কালাম আজাদক।আজাদৰ আগত বর্ণনা কৰিছিল কটনৰ ছাত্ৰ আন্দোলন সম্পৰ্কে। মনপুতি শুনি আজাদে সুধিছিল-তোমালোকে হয়তো প্ৰথমবাৰৰ বাবে পুলিচৰ কোব খাইছা? শুনা ডেকা ল’ৰা,এইয়া আছিল সামান্য যুঁজ-ডাঙৰ যুঁজ আহি আছে,তাৰ বাবে সাজু হোৱা। আৰু ইয়াৰ পিছতেই সমগ্ৰ কটনে ব্ৰিটিছৰ বিৰুদ্ধে “ভাৰত ত্যাগ আন্দোলন”ত সৰ্বশক্তিৰে জঁপিয়াই পৰিছিল। তেতিয়াৰ যোৰহাটৰ জগন্নাথ বৰুৱা কলেজ,বৰপেটাৰ এম চি কলেজ,শিলচৰৰ গুৰু চৰণ কলেজে সেই প্ৰতিবাদী ভূমিকা ল’বলৈ সক্ষম নহ’ল- আৰু আজিও তেওঁলোক সেই ইতিহাসৰ গৌৰৱৰ পৰা বঞ্চিত হ’ল! কটন,আজি তোমালোক থমকি গ’লে নহ’ব-তোমালোকে অসমক বাট দেখুৱাব লাগিব!
“শুনা ডেকা ল’ৰা,এইয়া মাথোঁ আৰম্ভণি-ডাঙৰ যুঁজৰ বাবে সাজু হৈও ব’লা!”