• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, September 24, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

ক’ত অদৃশ্য হ’ল মোদীৰ মন্ত্ৰীসকল?

কাকলি দাস

by Admin
October 15, 2022
in Politics, National
Reading Time: 4 mins read
0
ক’ত অদৃশ্য হ’ল মোদীৰ মন্ত্ৰীসকল?
Share on FacebookShare on TwitterShare on LinkedIn

ক’ত মোদীৰ মন্ত্ৰীসকল?

কাকলি দাস

ক’ত অদৃশ্য হ'ল মোদীৰ মন্ত্ৰীসকল?
The President administering the oath
of office of the PM to Modi in 2014

এইটো সঁচা যে ভাৰসাম্যতা হৈছে জীৱনৰ মূল চাবিকাঠি; জুইকুৰাই পানীক ভয় কৰিবই লাগিব।

এতিয়াৰ ‘ডাবল ইঞ্জিন’ বিজেপি চৰকাৰে এনে সংলাপক গুৰুত্বসহকাৰে লয়। 

এই ভয়ক জীয়াই ৰাখিবলৈ মন্ত্ৰীত্বৰ স্থায়িত্বৰো সময়ে সময়ে পৰিৱৰ্তন হোৱা দেখা যায়।

RelatedPosts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 23, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 23, 2023
Privatizing the Public Education

Privatizing the Public Education

September 23, 2023

চৰকাৰ একেই, কিন্তু পাঁচ বছৰত সলনি হ’ল ৭০ জনকৈ মন্ত্রী৷ ২০১৪ চনৰে পৰা এতিয়াও মন্ত্ৰীত্ব লাভ কৰা মন্ত্ৰীসকলো আনকি এইসম্পৰ্কে সতৰ্ক ( সাধাৰণ উপপাদ্যঃ ৭০ জনকৈ মন্ত্ৰী সলনি হ’ল, অৰ্থাৎ সেই ৭০ জন যোগ্য নাছিল! আৰু, যদিহে যোগ্য নাছিল, মোডীয়ে যোগ্য মানুহ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত নিজেও যোগ্য নাছিল!)!

এবছৰ পূৰ্বে নীতিন গাডকাৰীয়ে নেহৰু আৰু বাজপেয়ীক দুজন আদৰ্শ নেতা বুলি অভিহিত কৰিছিল, তেওঁৰ মতামতৰ পিছত হ’ব পৰা প্ৰতিক্ৰিয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ।

প্ৰধানমন্ত্ৰী মোদীয়ে নেহৰুক প্ৰশংসা কৰিব পাৰে (অনিচ্ছাকৃতভাৱে অৱশ্যেই), কিন্তু আনসকলেও একে ধৰণৰ সাহস কৰিব পাৰেনে? 

গতিকে ইয়াৰ পিছত কি হ’ল সেয়া আচৰিত কথা নহয়!

মূল সমিতিৰ পৰা অপসাৰণ কৰা হ’ল নীতিন গাডকাৰীক।

ক’ত অদৃশ্য হ'ল মোদীৰ মন্ত্ৰীসকল?
নীতিন গাডকাৰী

এই একেজন নীতিন গাডকাৰীকেই ভাৰত চৰকাৰৰ আটাইতকৈ দক্ষ মন্ত্ৰী বুলি কোৱা হয়। তেওঁৰ নিম্নমুখী পতনে সকলোকে আচৰিত কৰি তুলিছিল – কাৰণ নীতিন গাডকাৰীয়ে বছৰৰ পিছত বছৰ ধৰি মন্ত্ৰী হিচাপে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে।

গাডকাৰীৰ মতামত আৰু মুক্ত চিন্তাধাৰাই তথাকথিত ‘শীৰ্ষ পৰ্যায়’ৰ লগত ভালদৰে সমতা ৰক্ষা কৰিব পৰা নাছিল বুলি বিশ্বাস কৰা হয়।

এই লেখাটো লিখাৰ সময়ত তেওঁ এতিয়াও মন্ত্ৰালয়ৰ সেৱা কৰি আছে( অহা কালি কি হয় কোনে জানে!)।

ক’ত অদৃশ্য হ'ল মোদীৰ মন্ত্ৰীসকল?
মোডী, নীতিন গাডকাৰী

২০১৪ চনৰ পৰা কিমানজন মন্ত্ৰী মন্ত্ৰালয়ত এতিয়া আছে জানেনে?

কংগ্ৰেছ নেতাই মন্ত্ৰীত্বৰ পৰা বাদ পৰাৰ পূৰ্বে বা পদত্যাগ কৰোৱাৰ পূৰ্বে তেওঁলোকক জনোৱাটো এসময়ৰ পৰম্পৰা আছিল, কিন্তু বিজেপি দলৰ মন্ত্ৰীসকলক জনোৱাৰ কোনো প্ৰয়োজন নাই; যেতিয়াই ইচ্ছা তেতিয়াই বিজেপিৰ মন্ত্ৰীক অদৃশ্য কৰিব পৰা যায়। চমক প্ৰদৰ্শনৰ বাবে নে আন কিবা কাৰণত মোডীৰ মন্ত্ৰীসকলক অদৃশ্য হৈছে, যেনে ‘ৰাজনৈতিক কাৰণ’?

২০১৪ চনত কেন্দ্ৰীয় চৰকাৰত মোডীৰ কেবিনেট মন্ত্ৰী কোন কোন আছিল? সুষমা স্বৰাজ, অৰুণ জেটলী, মনোহৰ পাৰিকাৰ, ৰামবিলাস পাছৱান এতিয়া আৰুজীৱিত হৈ থকা নাই ( আৰু সেয়ে স্বাভাৱিকতেই বিজেপিৰ মন্ত্ৰালয়তো নাই)। 

মিত্ৰতাৰ পৰিৱৰ্তনৰ বাবে অশোক গজপতি ৰাজু আৰু অনন্ত গীতেও নাই।

কিন্তু বাকী থকা সকলৰ বিষয়ে কি ক’ব? এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী, টুইটাৰত সক্ৰিয় হৈ থকা ৰবিশংকৰ প্ৰসাদো এতিয়া মন্ত্ৰীসভাত নাই, আৰু তেওঁৰ অস্তিত্ব এতিয়া কেৱল ছ’চিয়েল মিডিয়াতহে বিৰাজমান। বিজেপিৰ সৈতে নীতিশ কুমাৰে মিত্ৰতা এৰাত ৰবিশংকৰ প্ৰসাদৰো বিহাৰৰ ৰঙীন আশা ম্লান হৈ পৰিল। তেওঁ ছ’চিয়েল মিডিয়াৰ গাইডলাইনৰ পৰিকল্পনা কৰি আছিল – আই টি চেল, মিডিয়া ইনফ’ বা ২০০০ টকাৰ নোটত নেনো চিপৰ সৈতে জড়িত বিষয়বোৰ!

বৰ্তমান বিহাৰত নীতিশ কুমাৰৰ বিৰোধী হ’ল সৌ সিদিনালৈ মিত্ৰ হৈ থকা ৰবিশংকৰ প্ৰসাদ।

ক’ত অদৃশ্য হ'ল মোদীৰ মন্ত্ৰীসকল?
প্ৰকাশ জাভাডেকাৰ

প্ৰকাশ জাভাডেকাৰে নিজৰ পূৰ্বৰ ভূমিকা বজাই ৰাখিব নোৱাৰিলে, কিয়নো সংগঠনসমূহে আই টি আইনৰ ৬৯এ অনুচ্ছেদৰ পৰা অ’টিটি প্লেটফৰ্মসমূহৰ বাবে সকাহ বিচাৰি তেওঁৰ কাষ চাপিছিল। আই টি আইনৰ ৬৯ নং ধাৰা অনুসৰি – যিকোনো কম্পিউটাৰৰ জৰিয়তে যিকোনো তথ্যৰ ভৰালত জনসাধাৰণৰ প্ৰৱেশৰ বাবে বাধা দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰাৰ ক্ষমতা চৰকাৰৰ আছে, যদিহে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, প্ৰতিৰক্ষাৰ লগত আপোচ কৰা হয়।

জাভেদকাৰে এই জটিল বিষয়টো চম্ভালিব পৰা নাছিল – বৰঞ্চ বৰ্তমানৰ চিনেমাট’গ্ৰাফ আইনখন সংশোধন কৰা হৈছিল, যাৰ ফলত চেন্সৰ ব’ৰ্ডৰ ক্লিয়াৰেন্সৰ পিছতো চৰকাৰে যিকোনো চিনেমাক বাতিল কৰিব পাৰে। চিনেমা উদ্যোগৰ সৈতে সম্পৰ্ক নষ্ট হ’ল, জাভাডেকাৰক সেই চেলুতে মন্ত্ৰালয়ৰ পৰা আঁতৰাই দিয়া হ’ল।

বৰ্তমান তেওঁ ‘টি আৰ এছ’ৰ ওপৰত ৰাজনৈতিক মন্তব্য নিক্ষেপ কৰাতেই মনোনিৱেশ কৰিছে।

Dr. Harsh Vardhan
ডাঃ হৰ্ষ বৰ্ধন

জ্ঞান-বুদ্ধিৰ বাবে জনাজাত ডা° বৰ্ষ বৰ্ধন। কৰোনা মহামাৰীৰ সময়ত ডাঃ হৰ্ষ বৰ্ধন আছিল স্বাস্থ্যমন্ত্ৰী।

খাদ্যাভ্যাস, যোগ, আয়ুৰ্বেদিক বনৌষধিৰ পোষকতা কৰা লোকসকলৰ বাবে তেওঁৰ দিনতে এক নিৰ্দেশনা প্ৰকাশ কৰা হয়। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন তেওঁৰ ওপৰত সন্তুষ্ট নহ’ল। হৰ্ষ বৰ্ধনে কৈছিল যে প্ৰথম ঢৌৰ কৰ’না নিজে নিজেই নোহোৱা ‌হোৱাৰ ফলত কৰ’না মহামাৰীৰ অন্ত পৰিল। কিন্তু কিছু সময়ৰ পিছত ভাৰতত অধিক মাৰাত্মক দ্বিতীয় তৰংগ (ডেল্টা তৰংগ) পৰ্যবেক্ষণ কৰা হ’ল।

তেওঁকো তেনেধৰণৰ চেলুতেই আতৰোৱাৰ পিছত আৰু তেওঁৰ ভুল প্ৰমাণিত হোৱাৰ পিছত তেওঁ এতিয়া ‘আপ’ৰ সুৰা নীতিক আক্ৰমণ কৰি দিল্লীৰ ৰাজনীতি পুনৰুজ্জীৱিত কৰাৰ পৰিকল্পনা কৰাত ব্যস্ত !

লখিমপুৰ খেৰীৰ কাণ্ডক লৈ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছিল বৰুণ গান্ধীয়ে। ৰাষ্ট্ৰীয় কাৰ্যবাহী দলৰ পৰা অপসাৰণ কৰা হ’ল বৰুণ আৰু মাতৃ মনেকা গান্ধীক। সম্প্ৰতি, বৰুণ গান্ধীয়ে বিজেপিত ‘লো প্ৰফাইল‘ হৈ দিন কটাইছে।

বাবৰি মছজিদ বিষয়টোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল উমা ভাৰতীয়ে, কিন্তু, প্ৰথম মন্ত্ৰীসভাৰ পিছত তেওঁৰ বিশেষ ভূমিকা কোনেও দেখা নাপালে। এয়া অটল-আদৱানীৰ বিজেপি নহয়– সেই কথা উমা ভাৰতীয়ে নিশ্চয় জানে! দিল্লীত গুৰুত্বহীন হৈ পৰা উমা ভাৰতীয়ে কিছুদিন পূৰ্বে ভূপালৰ এখন সুৰাৰ দোকানত শিলগুটি নিক্ষেপ কৰিছিল। তেওঁৰ সমৰ্থকসকলে তেওঁৰ এই মহান কৰ্মত আনন্দিত হৈছিল, আৰু কেইঘণ্টামানৰ বাবে উমা ভাৰতীয়ে ‘চৰ্চা’ লাভ কৰিছিল।

বিপ্লৱী মানুহ হিচাপে বিখ্যাত, প্ৰাক্তন আই এ এছ বিষয়া কে জে আলফনছে বহুতো অবৈধ নিৰ্মাণ ভাঙি জনপ্ৰিয় হৈ পৰিছিল। আজিকালি শিক্ষিত মানুহ বিজেপিত বেছি পোৱা নাযায়, কে.জে. আলফনছক সেয়েহে অতিশয় সন্মান জনোৱা হৈছিল – পৰ্যটন মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু, ২০১৯ চনত তেওঁক আতৰোৱা হৈছিল।২০২২ চনৰ জুলাই মাহলৈকে ৰাজ্যসভাৰ সদস্য হৈ থকা, কে.জে. আলফনছ আৰু কোনো চৰকাৰতেই নাই। 

Suresh Prabhu
সুৰেশ প্ৰভু

বিশ্বাসযোগ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট সুৰেশ প্ৰভুৱে শিৱসেনা এৰি বিজেপিত যোগদান কৰিছিল, আৰু ৰে’ল মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ২০১৭ চনত হোৱা এক ৰেল দুৰ্ঘটনাৰ পিছত তেওঁ নৈতিক দায়িত্ব কান্ধ পাতি পদত্যাগ কৰে। তাৰ পিছত মোডীয়ে বাণিজ্য আৰু অসামৰিক বিমান পৰিবহণ বিভাগ তেওঁৰ হাতত অৰ্পণ কৰে (যিটো সকলোতকৈ নিৰাপদ মন্ত্ৰালয়)।

কিন্তু, ২০১৯ চনত মন্ত্ৰীসভা পুনৰ সালসলনি কৰাৰ পিছত সুৰেশ প্ৰভুক সকলো দায়িত্বৰ পৰা মুক্ত কৰি দিয়া হ’ল।

ব্যক্তিগত বিষয়ৰ বাবে বিতৰ্কত আবদ্ধ হৈ পৰা এসময়ৰ বৈদেশিক মন্ত্ৰী এম.জে.আকবৰৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগৰ পিছতে পদত্যাগ কৰে। এম.জে.আকবৰে এতিয়া ক’ত কি দখল কৰিছে সেয়া জানিব পৰা হোৱা নাই, কিন্তু এতিয়ালৈকে কোনো মন্ত্ৰালয়ত তেওঁ নাই ।

GIRIRAJ SINGH
গিৰিৰাজ সিঙ

ৰাজহুৱা মন্তব্যৰ বাবে সুপৰিচিত কানহাইয়া কুমাৰক নিৰ্বাচনত পৰাস্ত কৰা গিৰিৰাজ সিঙে ২০২১ চনত মন্ত্ৰীৰ পদ এৰি দিছিল। তেওঁৰ মন্ত্ৰালয়ৰ পৰা আঁতৰি যোৱাটো আছিল আচৰিত ধৰণৰ। বিহাৰত এতিয়া বিজেপিৰ ৰাজনীতি চম্ভালিবলৈ সিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে, কিন্তু এই মুহূৰ্তত সেয়া তেওঁৰ বাবে কঠিন যেন হৈ পৰিছে।

কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে মাটি পৰীক্ষণ কিট সম্পৰ্কীয় চুক্তিৰ বাবে অন্ধ্ৰস্থিত নাগাৰ্জুন কেমিকেলছক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও তেওঁ এই অভিযোগসমূহ তীব্ৰভাৱে খণ্ডন কৰিছিল। সিঙৰ প্ৰস্থান হ’ল আৰু তেওঁ যোৱাৰ পিছত নৰেন্দ্ৰ সিং টোমাৰক কৃষি মন্ত্ৰালয় প্ৰদান কৰা হয়। মন্ত্ৰালয়ত একাধিক সালসলনিৰ বাবে বহুবাৰ বিজেপিৰ মুখপাত্ৰইও পাহৰি যায় দায়িত্বত থকা মন্ত্ৰীজন কোন।

বাবুল সুপ্ৰিয়ই ২০১৪ চনত বিজেপিত যোগদান কৰিছিল, আৰু পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল আটাইতকৈ বেছি ‘চাহিদা’ থকা নেতা। কিন্তু লাহে লাহে ‘Us v/s Them’ ৰাজনীতিত বিচলিত হোৱাৰ বাবে প্লেবেক গায়ক বাবুল সুপ্ৰিয়ই নিজকে সলনি কৰি পেলালে।

২০২১ চনত বাবুলে ৰাজনীতি এৰিছিল যদিও তেওঁৰ হৃদয়ে তেওঁক তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল আৰু তেওঁ এতিয়া বিধায়ক।

ramesh pokhriyal
ৰমেশ পোখৰিয়াল

টুইটাৰত গুড মৰ্নিং মেছেজৰ বাবে জনপ্ৰিয় ৰমেশ পোখৰিয়ালৰ মন্ত্ৰীত্ব ২০২১ চনত বাতিল কৰা হয়। জ্যোতিষ উচ্চস্তৰৰ বুলি কোৱাৰ বাবে শিক্ষামন্ত্ৰী হিচাপে ‘লাইমলাইট’ লাভ কৰে পোখৰিয়ালে। জ্যোতিষবিদ্যাই বিজ্ঞানৰ ওপৰত আসন লৈ বহি আছে বুলি কৰা মন্তব্য, প্লাষ্টিক চাৰ্জাৰী সম্পৰ্কীয় বক্তব্য, নিউক্লিয়াৰ টেষ্ট আদিৰ ওপৰত দিয়া মন্তব্যৰ বাবে তেওঁ পৰিচিত। এতিয়া, তেওঁ বাতৰিৰ ক্ষেত্ৰৰ পৰা অন্তৰ্ধান হৈছে।

৪০ বছৰ কংগ্ৰেছত ‘ম্যাদীপট্টা’ লৈ দিন কটোৱাৰ পিছত ২০১৪ চনত বিজেপিত যোগদান কৰিছিল বৃজেন্দ্ৰ সিঙে। ২০১৬-১৯ চনলৈ তেওঁ তীখা মন্ত্ৰালয় চম্ভালিছিল, পিছত পুত্ৰ বৃজেন্দ্ৰ সিঙে হিছাৰৰ পৰা লোকসভাৰ টিকট লাভ কৰাৰ পিছত পদত্যাগ কৰিছিল।

সদানন্দ গৌড়াইও আনৰ দৰেই মন্ত্ৰালয় সলনি কৰিছে – ৰে’লৰ পৰা আইন আৰু ন্যায়লৈ, তাৰ পিছত পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ, তাৰ পিছত ৰাসায়নিক আৰু সাৰ, আৰু শেষত, মন্ত্ৰী পৰিষদৰ বাহিৰত ( সকলোৰে পৰা আঁতৰাই পেলোৱা হ’ল)। ২০১৪ চনত তেওঁ জখলাত উঠিছিল, কিন্তু তেতিয়াৰ পৰা কেৱল তললৈ যোৱা সৰ্পিল পথেৰে যাত্ৰা!

কিয় এনে হৈছে?

‘ডাবল ইঞ্জিন’ৰ যুটি – মোডী আৰু শ্বাহৰ বাহিৰে বিজেপি চৰকাৰত বাকী সকলোৱে টিকি থাকিবলৈ কিয় অক্ষম?

• প্ৰথমতে হ’ল, সমতা (BALANCE)। এহাতেৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা আতৰ কৰা, আনখন হাতেৰে ‘ক’ৰ কমিটি’ৰ সদস্যপদ আগবঢ়োৱা। উদাহৰণস্বৰূপে, দেৱেন্দ্ৰ ফডনাভিছ, বি এছ য়েদিয়ুৰাপ্পা, সৰ্বানন্দ সোণোৱাল।

• দ্বিতীয়তে, নিয়ন্ত্ৰণ (CONTROL)। যোগী আদিত্যনাথ, শিৱৰাজ সিং চৌহান আদিয়ে নিয়ন্ত্ৰণৰ পৰা আঁতৰি যোৱাৰ আশংকাত ডাবল ইঞ্জিনৰ যুটি মোদী আৰু শ্বাহে জনপ্ৰিয় নেতাসকলক সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে নহয়, তেওঁলোকৰ সিদ্ধান্তৰ অনুগামী হিচাপে গঢ় দিবলৈ সিদ্ধান্ত লয়। সেয়েহে সংসদীয় ব’ৰ্ডত তেওঁলোকৰ কোনো ভূমিকাই নাই।

• তৃতীয়তে,চমকদাৰ উপাদান (SURPRISE ELEMENT)। কংগ্ৰেছত প্ৰাৰ্থীসকলক অপসাৰণৰ বিষয়ে পূৰ্বতে অৱগত কৰা হয়, কিন্তু বিজেপিত আচৰিত ভাবে অৱগত কৰোৱা নহয়। ডাঙৰ ডাঙৰ পদবীত হঠাৎ পৰিৱৰ্তন ৰাতিটোৰ ভিতৰতে ঘটে – সকলো নেতাক এজনৰ বা দুজনৰ বা গুজৰাটৰ নিয়ন্ত্ৰণত ৰাখিবলৈ।

• চতুৰ্থতে, নতুন মুখ (NEW RECRUITS)। নতুন মুখ আকোঁৱালি লোৱাৰ ক্ষেত্ৰত বিজেপিয়ে কোনো আজিকালি পূৰ্বৰ দৰে কঠোৰ নীতি-নিয়ম পালন নকৰে । উদাহৰণস্বৰূপে সৌ সিদিনালৈকে বিজেপিৰ এজন প্ৰধান সমালোচক তথা বিজেপিৰ বাবেও প্ৰচন্ড দুৰ্নীতিৰ নায়কস্বৰূপ কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ এটা দশক নোহোৱা স্বত্বেও বহু পূৰণি নেতাক বাদ দি সেইজন হিমন্ত বিশ্ব শৰ্মাকেই বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে নিৰ্বাচিত কৰিলে!

Rajnath Singh
ৰাজনাথ সিং

২০১৪ চনত ১৯ জন মন্ত্ৰীয়ে মোডীৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল –তাৰে মাত্ৰ চাৰিজনেহে এতিয়াও শক্তিশালীভাৱে থিয় হৈ আছে: যেনে, নীতিন গাডকাৰী, ৰাজনাথ সিং, নৰেন্দ্ৰ সিং টোমাৰ আৰু স্মৃতি ইৰাণী। আৰু আজি এই সকলো কেইজনেই মানসিক চাপত আছে। চাৰিওজনেই সাৱধান হৈ আছে।

নীতিন গাডকাৰী আৰু ৰাজনাথ সিঙে ৰাজনীতিৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে, নৰেন্দ্ৰ টোমাৰে মৌনতাৰ প্ৰতিজ্ঞা লৈছে, আৰু স্মৃতি ইৰাণীয়ে ‘এইচ আৰ ডি‘ মন্ত্ৰীৰ পৰা ‘ৰাহুল গান্ধী সম্পৰ্কীয় মন্তব্য’লৈ অৱনমিত হৈছে (pun intended)।

এই সকলোবোৰ এই ডাবল ইঞ্জিন চৰকাৰৰ পৰিকল্পিত কৌশল, আৰু কোনো এৰাব নোৱাৰা পৰিঘটনা নহয় – যিয়ে নিৰ্বাচনত বিজেপিক লাভৱান কৰে।

কিন্তু এই ডাবল ইঞ্জিনটোও‌ দেখাত হে ‘ডাবল’ নে সচাই ‘ডাবল’ – পিছলৈ দেখা যাব!

২০২৪ চনত বাকী চাৰিজন মন্ত্ৰীৰ ভিতৰত কিমানজনে নিজৰ পদবী ৰাখিবলৈ সক্ষম হ’ব পাৰিব আৰু কিমানজন নতুনক নিযুক্তি দিব বুলি আপুনি ভাবে?

[Images from different sources]

(কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা) 

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?
Politics

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

by Admin
September 23, 2023
0

Has India-Canada relations Crumbled? Will Trudeau apologize to India? KAKALI DAS KAKALI DAS Should India worry about the fact that...

Read more
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 23, 2023
Privatizing the Public Education

Privatizing the Public Education

September 23, 2023
ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

Karnataka Verdict: Modi is not invincible

September 19, 2023
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

September 19, 2023
India’s historic public urination culture: Must STOP

India’s historic public urination culture: Must STOP

September 14, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
10 Unheard-of Courses That Expand Horizons

10 Unheard-of Courses That Expand Horizons

September 24, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 23, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 23, 2023
Managing Work and Personal Space A Need of Today

Managing Work and Personal Space A Need of Today

September 23, 2023

Popular Stories

  • FREEDOM FIGHTERS OF ASSAM

    FREEDOM FIGHTERS OF ASSAM

    2539 shares
    Share 1016 Tweet 635
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1831 shares
    Share 732 Tweet 458
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1518 shares
    Share 607 Tweet 380
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    978 shares
    Share 391 Tweet 245
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    812 shares
    Share 325 Tweet 203
  • Wildlife Photos: An astonishing and sorrowful image!

    217 shares
    Share 87 Tweet 54
  • অসমৰ বুৰঞ্জী

    1272 shares
    Share 509 Tweet 318
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    674 shares
    Share 270 Tweet 169
  • Does IIT always guarantee jobs, huge salary packages?

    1072 shares
    Share 429 Tweet 268
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    177 shares
    Share 71 Tweet 44
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: