-পুষ্পাঞ্জলী শিৱম শৰ্মা |
অতিমাত্ৰা অহং ভাবে মানুহে মানুহৰ মাজৰ পৰা ক্ৰমাৎ আতৰাই লৈ আহে ৷ আজি যদি আপুনি বা আমি আনৰ অলপমান সুখ,সাফল্য দেখি ঈৰ্ষা কৰিব লও আনৰ সেই সুখ আৰু সাফল্যৰ বাবে তেওঁলোকৰ শলাগ লোৱাৰ বিপৰীতে নিজকে অহৰহ তুলনা কৰি অশান্তি মাতি আনো ,তেনেহলে আমিয়েই আমাৰ অশান্তিৰ মূল কাৰক ৷ তুলনাই নিজৰ থকাখিনিৰো অস্তিত্ব বিলোপ কৰি দিব পাৰে ৷আপুনি সিমানখিনিহে পাব যিমানখিনিৰ বাবে আপুনি যত্ন কৰিছে ৷ প্ৰতিজন ব্যক্তিৰে পৰিবেশ সামৰ্থ্যতা অথবা কৰ্মৰ মাত্ৰাবোৰ ভিন্ন হয় ৷ তেনেস্থলত আমি অইন এজনৰ কেৱল মাত্ৰ সফলতা দেখিয়েই তেওঁৰ দৰে নিজৰ কিয় নহল বা কিয় হোৱা নাই জাতীয় কথাবোৰত মূৰ ঘমাইহে বেছি ভাল পাওঁ,বেছিভাগ মানুহৰে এইটো এটা কটু স্বভাৱ ৷ আনৰ সুখত সুখী হোৱাৰ দৰে মহানুভৱতা আয়ত্ত নকৰি ঈৰ্ষাৰে নিজকে লেটিপেটি কৰি নিজৰেই অনিষ্ট কৰিব কুন্ঠাবোধ নকৰে এচামে,নিজেই নিজক কষ্ট দি থাকে এনেকৈ প্ৰতিটো পৰিবেশ প্ৰতিটো মুহূৰ্তত৷
ইমানেই হিংসুকতা ভৰি থাকে মানুহবোৰৰ মাজৰেই এচাম মানুহৰ মনমগজুত ৷ কিন্ত নিজ নিজ কৰ্ম আৰু যত্ন চেষ্টাৰ দ্বাৰা আমি সফল হোৱাৰ পথতহে খোজ পেলাব যে লাগে আৰু অহৰহ জীৱনৰ বাটত সংঘৰ্ষ কৰি আগবাঢ়িব লাগে তাত মনোনিৱেশ কৰিব লাগে সেয়া পাহৰি থাকো ৷
প্ৰতিজন ব্যক্তিৰে নিজস্ব জীৱনত সংঘৰ্ষ থাকে ৷ সহজতে একোৱেই প্ৰাপ্ত কৰিব নোৱাৰি ৷ কৰ্ম, ধৈৰ্য, একাগ্ৰতা আদিয়ে এজন ব্যক্তিক সফলতাৰ প্ৰাপ্তিৰ পিনে লৈ যায় ৷
গতিকে আনে কি কৰিছে, কলৈ গৈছে ,কি পাইছে,কি লৈছে সেইবোৰত অহৰহ চকু নিদি নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ মানসিকতা ৰাখিব লাগে ৷
আপুনি যদি আনৰ সুখত সুখী হব নাজানে বা নোৱাৰে তেন্তে আপুনি কেনেকৈ আশা কৰিব পাৰে যে এদিন আপোনাৰ সুখতো কোনোবা সুখী হব ?
সুখবোৰ ভগাব পাৰিলেহে তাৰ আমেজ দুগুন হয় ৷আনৰ সুখত সুখী আনৰ দুখত দুখী হবলৈ যেতিয়াই আপুনি অন্তৰআত্মাৰ পৰা উপলব্ধি কৰিব সক্ষম হব সেইদিনাৰ পৰাই আপোনাৰ সুখতো সুখী আপোনাৰ দুখতো দুখী হবলৈ মানুহ আগবাঢ়ি আহিব ৷
মন ,চিন্তাধাৰা বহল কৰাটো প্ৰয়োজন,ইয়াৰ প্ৰসাৰতাই আমাক এক সুন্দৰ জীৱন যাপনৰ পিনে আগুৱাই লৈ যায় সেয়া ধূৰুপ৷
সুখবোৰ দুখবোৰৰ অস্তিত্ব মানুহৰ মাজতেই ,মানুহেই যদি মানুহৰ মাজত থাকি ,সমভাগী হৈ ইয়াক উপলব্ধি নকৰে আপোনাক বিচাৰিব কোনে?আপোনাৰ সুখত হাহিঁব কোনে? অথবা আপোনাৰ দুখত সমভাগী হব কোনে?
কথাবোৰ কেতিয়াবা এনেকৈয়ো ভাবি চাব পাৰি ৷
মনত ৰখাটো ভাল যে আপোনাক চিকুটিলে যেনেকৈ আপুনি চিঞৰ মাৰিব ঠিক তেনেকৈ অইন এজনেও চিকুট খালে তেনেকৈয়ে চিঞৰি উঠিব ৷ যি কৰিব যেনে ভাবে কৰিব বিনিময়ত সেই ফলাফলেই লাভ কৰিব ৷
নিজৰ বাবে আনৰ পৰা যিদৰে ভালটো আশা কৰা যায় নিজেও আনৰ প্ৰতি সেই একেই ভাল টো প্ৰদৰ্শন কৰাটো দৰকাৰ ৷
আপুনি যদি আন্তৰিকতাৰে এটা মিঠা হাহিঁ অইনক দিব নোৱাৰে আপোনালৈ চাই অইনে মিঠা হাহিঁ কিয় মাৰিব?
আমি সকলোবোৰ মানুহেই আৰু মানুহক লৈয়ে মানুহৰ মাজতেই আমি আমাৰ জীৱন যাত্ৰা আগুৱাই লৈ গৈ থাকিব লাগিব ৷