• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

ASSAMESE SECTION / Assam / Jubeen Garg

by Divyanshu Bora
October 2, 2025
in ASSAMESE SECTION, ASSAM, Book, Music, Reviews
Reading Time: 3 mins read
0
Zubeen Garg: The Voice of Climate Action
Share on FacebookShare on TwitterShare on LinkedIn

কপিল ঠাকুৰৰ পিতৃৰ দৃষ্টিত জুবিন আৰু সংগীতৰ আঁৰৰ জুবিনৰ বিষয়ে বহুতো নজনা কথা 

কপিল ঠাকুৰৰ "পিতৃৰ দৃষ্টিত জুবিন" আৰু সংগীতৰ আঁৰৰ জুবিনৰ বিষয়ে বহুতো নজনা কথা 

দিব্যাংশু বৰা 

Divyanshu Bora 1
দিব্যাংশু বৰা 

কিতাপ পঢ়াৰ এক বিশেষ আমেজ আছে যিটো কেৱল এজন পঢ়ুৱৈয়ে অনুভৱ কৰিব পাৰে। ছাত্ৰসকলৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ উপৰিও অন্যান্য গ্ৰন্থসমূহ তেওঁলোকে অধ্যয়ন কৰিলে তেওঁলোকৰ জ্ঞানৰ লগতে চিন্তাধাৰা আৰু কল্পনাৰ ক্ষমতা বহুগুণে বৃদ্ধি পোৱা দেখা যায়।

এখন উপন্যাস বা চুটিগল্পৰ সংকলন বা আত্মজীৱনী/জীৱনী পঢ়ি থকাৰ সময়ত পঢ়ুৱৈয়ে অজানিতে বহুতো কথা জানিবলৈ পোৱাৰ লগতে নিজৰ ধৈৰ্য আৰু মনোযোগ ক্ষমতাৰ বিকাশৰ ক্ষেত্ৰতো বহুগুণে লাভাম্বিত হোৱা দেখা যায়।
কপিল ঠাকুৰৰ "পিতৃৰ দৃষ্টিত জুবিন" আৰু সংগীতৰ আঁৰৰ জুবিনৰ বিষয়ে বহুতো নজনা কথা 
জুবিন গাৰ্গ, কপিল ঠাকুৰ

এখন উপন্যাস বা চুটিগল্প বা আত্মজীৱনী/জীৱনী পঢ়ি থকাৰ সময়ত পঢ়ুৱৈয়ে বহু সময়ত সেই কাহিনীৰ নায়ক বা অইন চৰিত্ৰৰ সংঘৰ্ষ, বেদনা আৰু শেষত সাফল্যৰ সৈতে এনেদৰে একাত্ম হৈ যায় যেন সেই বিশেষ চৰিত্ৰটো পঢ়ুৱৈ নিজেই।

বগা কাগজত কলা পোছাক পৰিধান কৰা আখৰেৰে সৃষ্টি হোৱা একো একোখন গ্ৰন্থই যেন আমাক বহুতো কথা শিকাই যায়। এখন কিতাপ যে চিৰকালৰ বাবে মানুহৰ এজন অন্তৰংগ বন্ধু হৈ উঠিব পাৰে, এই কথাষাৰৰ ময়ো দৃঢ় বিশ্বাসী।

                 এনে এজন কিতাপ পঢ়ি ভাল পোৱা ব্যক্তি আছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, অৰ্থাৎ জুবিনদা। সেই কিতাপ পঢ়ি ভালপোৱা জুবিনদাৰ কথা আজি একেনিশাই পঢ়ি শেষ কৰা তেখেতৰ পিতৃ কপিল ঠাকুৰৰ দ্বাৰা ৰচিত “পিতৃৰ দৃষ্টিত জুবিন” নামৰ নিজ পুত্ৰৰ জীৱনীৰ পৰা তেওঁৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ পালোঁ। বৰ্তমান সময়ত অসমত হয়তো এনে এজন ব্যক্তি নোলাব যি জুবিনদাৰ বিষয়ে অজ্ঞাত।

গ্ৰন্থখনত লেখকে জনোৱাৰ দৰে বিংশ শতিকাৰ শেষ দশকত বহুতো যুৱক–যুৱতীয়ে যেতিয়া অসমীয়া গীতসমূহৰ সলনি পশ্চিমীয়া গীতসমূহৰ প্ৰতি আকৰ্ষিত হৈছিল তেতিয়া অসমীয়া সংগীত জগতক একধৰণৰ উদ্ধাৰ কৰোঁতা হিচাপে পৰিগণিত হৈছিল জুবিনদা। তেওঁ অসমীয়া সংগীত জগতত যিটো ধুমুহাৰ সৃষ্টি কৰিলে সেই ধুমুহাৰ ফলত বহুতো যুৱক–যুৱতীক পুনৰবাৰ অসমীয়া গীত শুনিবলৈ বাধ্য কৰালে।

কিন্তু জুবিনদাৰ এই জনপ্ৰিয়তা একেদিনাই অৰ্জন কৰা নহয় কাৰণ ইয়াৰ আঁৰত আছে তেখেতৰ সংগীতৰ প্ৰতি শ্ৰদ্ধা আৰু সাধনা। কেৱল নিজৰ কথা মতে চলা মানুহ আছিল জুবিনদা। কোনোবা এটা কাম কৰিম বুলি ভাবিলে সেই কাম সম্পন্ন কৰিহে এৰিব, তাত বাধা দিয়াৰ যেন কাৰো সাধ্য নাই। তেওঁৰ নিজৰ ওপৰত ইমানেই আত্মবিশ্বাস আছিল যে তেওঁৰ আত্মবিশ্বাস দেখি তেওঁৰ বন্ধুবৰ্গও আচৰিত হৈ গৈছিল।

২০০৬ চনত মুকলি পোৱা হিন্দী চলচ্চিত্ৰ “Gangster” ৰ বিখ্যাত গান “য়া আলি” ৰ বাবে সংগীত পৰিচালক প্ৰীতমে বহুতো গায়কৰ দ্বাৰা সেই বিশেষ গানটোৰ বাবে কণ্ঠদান কৰিছিল যদিও তেওঁৰ মন পছন্দ হোৱা নাছিল। আনকি নিজে কণ্ঠদান কৰিও পিছত গানটো শুনাত সন্তুষ্ট হৈছিল। তেতিয়া তেওঁৰ লগতে থকা জুবিনদাৰ বন্ধু Sound Recordist গৌতমক গানটোৰ বাবে কোনোবা সক্ষম গায়ক আছে নেকি বুলি সোধাত তেওঁ জুবিনদাৰ কথা তেখেতক জনাই আৰু সেইমতেই তাৰ পিছদিনা জুবিনদাক মাতি পঠিয়ায় সংগীত পৰিচালক প্ৰীতমে।

কপিল ঠাকুৰৰ "পিতৃৰ দৃষ্টিত জুবিন" আৰু সংগীতৰ আঁৰৰ জুবিনৰ বিষয়ে বহুতো নজনা কথা 

জুবিনদাই গানটো শুনিয়েই যিটো কথা কৈছিল সেই কথাই সকলোকে অবাক কৰি পেলালে। গানটো শুনিয়েই তেওঁ কৈছিল— “এইটো মোৰ গান। মই ভালকৈ গাব পাৰিম।” আৰু মাথোঁ ডেৰ ঘণ্টাত গানটো শিকি ৰেকৰ্ডিং সম্পূৰ্ণ কৰিছিল। ইয়ো এক অভিলেখ।

জুবিনদাৰ আত্মবিশ্বাসৰ সাক্ষী আন এক ঘটনাও। তেতিয়া জুবিনদাই অন্য শিল্পীৰ সৈতে কী–বৰ্ড বজায়। এদিন এজন শিল্পীৰ নিৰ্ধাৰিত কাৰ্যসূচীত তেওঁ উপস্থিত হ’ব নোৱাৰিলে। হয়তো পিছত কিছু বাক্ বিতণ্ডা হ’ল। জুবিনদাই সেই শিল্পীক সেইদিনাই বৰ্জন কৰিলে। তাৰপিছত খঙত বন্ধু হেমচন্দ্ৰ পাঠকৰ হোষ্টেলৰ ৰুমত আহি ক’লে- “দেখুৱাই দিম মই তাক।” তেতিয়া বন্ধু হেমচন্দ্ৰই কৈছিল- “অহঙ্কাৰ‌ নকৰিবি।”

তাৰ প্ৰত্যুত্তৰত জুবিনদাই কৈছিল- “অহংকাৰ নহয় Self Confidence will be the base of my success, within 2000 Zubeen Garg will be the Substance” আৰু পৰৱৰ্তী সময়ত এই কথা সঁচা প্ৰমাণিত হ’ল। কিমান যে আত্মবিশ্বাস আছিল মানুহজনৰ!

                  সৰুৰেপৰাই জুবিনদাই কিতাপ পঢ়ি বৰ ভাল পাইছিল। কৰিমগঞ্জত থকা সময়চোৱাত বিভিন্ন দেশ–বিদেশৰ লেখকসকলৰ ইংৰাজী, বাংলা আৰু অসমীয়া ভাষাত উপলব্ধ গ্ৰন্থসমূহ নিষ্ঠাৰে পঢ়িছিল। জীৱনৰ বহুতো বিপৰীত অৱস্থাত হাঁহিমুখেৰে যুঁজ দিয়াতো যেন জুবিনদাৰ এটা বিশেষ গুণ আছিল।

এই কথাই তেওঁৰ মানসিকভাৱে শক্তিশালী হোৱাৰ দিশটোও বাৰুকৈয়ে প্ৰতিফলিত কৰে। লেখকে কোৱাৰ দৰে এই বিশেষ গুণটো জুবিনদাই বোধহয় তেওঁ সৰুতেই পঢ়া তেওঁৰ বৰ প্ৰিয় কিতাপ মাৰ্জাৰী কিনান ৰলিংছৰ “ইয়াৰ্লিঙ” নামৰ উপন্যাসখনৰ পৰাই শিকিছিল।

কপিল ঠাকুৰৰ "পিতৃৰ দৃষ্টিত জুবিন" আৰু সংগীতৰ আঁৰৰ জুবিনৰ বিষয়ে বহুতো নজনা কথা 

মেট্ৰিক পাছ কৰাৰ পাছত তেওঁ আৰু এখন কিতাপ পঢ়িছিল মনত ৰখাকৈ আৰু সেই বিশেষ কিতাপখন হৈছে চাৰ্লি চেপলিনৰ আত্মজীৱনী “My Autobiography” অৰ্থাৎ “মোৰ আত্মজীৱনী“। লেখকে জনোৱাৰ মতে এই কিতাপখনে জুবিনদাক আটাইতকৈ বেছি প্ৰভাৱান্বিত কৰিছিল। ভাল কিতাপ পঢ়াটো যেন তেওঁৰ আজীৱন অভ্যাস আছিল। মোৰ বোধেৰে, সেইবাবেই তেওঁৰ দ্বাৰা ৰচিত গীতসমূহৰ ভাষা আৰু ভাবধাৰা ইমান সাৱলীল আৰু উচ্চ মানদণ্ডৰ হৈছিল। 

                   জুবিনদাৰ আন এটা মহান গুণ হৈছে তেওঁৰ উদাৰতা আৰু জাতি–ধৰ্ম নিৰ্বিশেষে সকলোকে আদৰেৰে আকোঁৱালি লোৱা। নিজৰ সামৰ্থ্য অনুযায়ী সকলোকে যেন তেওঁ সহায় কৰিব বিচাৰিছিল। নিজৰ শিশুকালৰ বন্ধুবৰ্গক আৰু শিক্ষকসকলক জুবিনদাই কেতিয়াও পাহৰিব পৰা নাছিল আৰু সময় সাপেক্ষে তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াই আহিছিল।

লেখকে জনোৱাৰ দৰে তেওঁ ইমান উচ্চ মানদণ্ডৰ শিল্পীলৈ পৰিণত হোৱাৰ পিছতো সেই আগৰ শিশুসুলভ জুবিন হৈয়েই সকলোৰে লগত অকাত্ম হ’বলৈ বিচাৰিছিল। ক’ৰবাত কোনোবা অসহায় লোকক দেখা পালে সেই সময়ত নিজৰ ওচৰত থকা গোটেই পইচাই যেন দান কৰি দিছিল। তেওঁ কাপোৰৰ চৌখিন আছিল যদিও আগদিনা পিন্ধা বিশেষ কাপোৰ পিছদিনা কোনোবা অসহায় লোকক দান দি দিছিল। পশু–পক্ষী ভাল পোৱা জুবিনদাই সদায় প্ৰকৃতিৰ সৈতে নিজৰ আত্মীয়তা অনুভৱ কৰিছিল।

                     লেখক কপিল ঠাকুৰ ডাঙৰীয়াই সকলোৱে বুজিব পৰাকৈ অতি সহজ-সৰল ভাষাত গ্ৰন্থখন লিখি পঢ়ুৱৈ সমাজক বাৰুকৈয়ে উপকৃত কৰিছে। পাঠকসকলৰ জুবিনদাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱা ভাবক সন্মান জনাই গ্ৰন্থখনত শেষৰফালে জুবিনদাৰ জীৱনৰ বিভিন্ন সময়ছোৱাৰ বহুতো ফটো যুগুত কৰা হৈছে।

প্ৰত্যেকখন ফটোতে যেন অন্তৰ্নিহিত হৈ আছে একো একোটা কাহিনী। তাৰোপৰি ক’ভাৰপেজত থকা ভাৰত পূৰ্বৰ ৰাষ্ট্ৰপতি, প্ৰতিভা পাতিল বাইদেৱৰ পৰা জুবিনদাই গ্ৰহণ কৰা ৰাষ্ট্ৰ পুৰস্কাৰৰ ফটোখন কিতাপখনক আৰু জীপাল কৰি তুলিছে। জুবিনদাৰ অনুৰাগীসকলে এই গ্ৰন্থখন পঢ়ি বাৰুকৈয়ে অনুপ্ৰাণিত হ’ব বুলি মোৰ বিশ্বাস।

কপিল ঠাকুৰৰ "পিতৃৰ দৃষ্টিত জুবিন" আৰু সংগীতৰ আঁৰৰ জুবিনৰ বিষয়ে বহুতো নজনা কথা 

দিব্যাংশু বৰা, এম.এ. প্ৰথম ষাণ্মাসিক, ইংৰাজী বিভাগ,তেজপুৰ বিশ্ববিদ্যালয়, ফোন নং: 9101813697

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Zubeen Garg
Divyanshu Bora

Divyanshu Bora

Related Posts

group of people in public toilet using smartphones
Business

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

by Anjan Sarma
August 13, 2026
0

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন! TIMEPASS ECONOMY অঞ্জন শৰ্মা স্মাৰ্টফোন এতিয়া মাথো কেৱল যোগাযোগৰ সজুঁলি...

Read moreDetails
How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

August 12, 2026
International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

August 11, 2026
Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

August 11, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
বান, পাহাৰ, মানুহ আৰু এক অস্বস্তিকৰ সত্য

বান, পাহাৰ, মানুহ আৰু এক অস্বস্তিকৰ সত্য

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d