• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

কপৌজাতীয় উদ্ভিদ: সংৰক্ষণ, সংবর্ধন, সংকট আৰু সম্ভাৱনা

by Editor
June 17, 2024
in Nature, Special Report
Reading Time: 5 mins read
0
কপৌজাতীয় উদ্ভিদ: সংৰক্ষণ, সংবর্ধন, সংকট আৰু সম্ভাৱনা
Share on FacebookShare on TwitterShare on LinkedIn

কপৌজাতীয় উদ্ভিদ: সংৰক্ষণ, সংবর্ধন, সংকট আৰু সম্ভাৱনা

সুমিত দাস

Sumit Das 1
সুমিত দাস

অর্কিড (Orchid) বা কপৌজাতীয় উদ্ভিদ প্ৰকৃতিৰ অনুপম সৃষ্টি। অর্কিডৰ মোহনীয় সৌন্দৰ্য্য আৰু ফুলৰ বিচিত্র গঢ়ে (Floral architechture) সকলো মানুহকে মোহাচ্ছন্ন কৰিব পাৰে।

পুষ্পধাৰী বা সপুষ্পক উদ্ভিদশ্ৰেণীৰ (Flowering Plants) সিংহভাগ ঠাই কপৌজাতীয় উদ্ভিদে দখল কৰিছে। অৰ্কিডৰ বিস্তাৰণ (Distribution), মন কৰিবলগীয়া। অতিশয় ঠাণ্ডা আৱহাৱাৰ মেৰু অঞ্চল আৰু অতিকৈ উষ্ণ আৱহাৰৰ মৰু অঞ্চলক বাদ দি পৃথিবীৰ প্ৰায় সকলো অঞ্চলত কপৌজাতীয় উদ্ভিদৰ বিস্তাৰণ পৰিলক্ষিত হয়।

কপৌজাতীয় উদ্ভিদ: সংৰক্ষণ, সংবর্ধন, সংকট আৰু সম্ভাৱনা

সেয়ে অৰ্কিডৰ বিস্তাৰণ বিশ্বব্যাপী (Cosmopolitan)। তুলনামূলকভাৱে আৰ্দ্ৰ (Moist) আৱহাৱা পচন্দ কৰে। সেয়ে বিশ্বৰ ক্ৰান্তীয় (Tropical) অঞ্চলবোৰত অকিৰ্ডৰ সৰ্বাধিক উপস্থিতি ধৰা পৰিছে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো অকিৰ্ডৰ বিচিত্ৰতা (Diversity) মন কৰিবলগীয়া। ভাৰতবৰ্ষৰ ১১ খন ভৌগোলিক উদ্ভিদ ক্ষেত্ৰত অৰ্কিডৰ উপস্থিতি বিদ্যমান। এই ১১ খন ভৌগোলিক উদ্ভিদ ক্ষেত্র (Phyto-Geo-graphical region) ৰ ভিতৰত পূর্ব হিমালয় ক্ষেত্ৰ (Eastern Himalaya Region)’ত অকিৰ্ডৰ সৰ্বাধিক বৈচিত্র (Diversity) পৰিলক্ষিত হয়।

 ভাৰতবৰ্ষৰ পৰা বৰ্তমানলৈকে ৪০০ প্রজাতিৰ থলুৱা (Endemic) অর্কিড তালিকাভুক্ত হৈছে। ভাৰতবৰ্ষৰ প্ৰায়বোৰ অৰ্কিডৰ আবাসস্থল হিমালয় অঞ্চল (Himalaya) আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ।

✓উদ্ভিদ বিজ্ঞানৰ দৃষ্টিকোণেৰে কপৌজাতীয় উদ্ভিদ (Orchid): কপৌজাতীয় উদ্ভিদক একবীজপত্রী উদ্ভিদগোটৰ (Monocot) অর্কিডেচি (Orchidaceae)গোত্রত (Family) অন্তর্ভুক্ত কৰা হৈছে। অর্কিডেচি গোত্রটো সপুষ্পক উদ্ভিদৰ এটা অন্যতম বৃহৎ গোট। ভাৰতবৰ্ষত অৰ্কিডৰ বৈচিত্ৰই উদ্ভিদবিদসকলকো সতচকিত কৰিছে।

ড্ৰেচলাৰ (১৯৯৩) নামৰ উদ্ভিদবিজ্ঞানী গৰাকীয়ে আগবঢ়োৱা তথ্য অনুসৰি বিশ্বত ৭৫০-৮০০ গণ (Genus)ৰ অন্তভূর্ত ২৫,০০০- ৩০,০০০ প্ৰজাতিৰ অৰ্কিড বিস্তাৰিত হৈ আছে।ভাৰতবৰ্ষৰ আশাব্যঞ্জক অর্কিড বৈচিত্র্যই (Diversity)উদ্ভিদবিদসকলৰ মোহাবদ্ধ আৰু আনন্দিত কৰিছে। ১৬৭ টা গণৰ(Genus) অন্তর্গত ২৫০০ প্ৰজাতিৰ (Species) অৰ্কিড ভাৰতভূমিৰ পৰা তালিকাভুক্ত হৈছে।

✓অৰ্কিড (Orchid) নামৰ উৎপত্তিঃ গ্রীক দার্শনিক থিওফ্রাষ্টাচে (Theo-phrastus) পোণতে কপৌজাতীয় উদ্ভিদক বুজাবলৈ ‘Orchis’ শব্দৰ ব্যৱহাৰ কৰিছিল। গ্ৰীক মূলৰ অৰ্কিছ (Orchis) শব্দৰ পৰাই অর্কিড (Orchid) শব্দটো নিষ্পন্ন হৈছে। গ্রীক মূলৰ অৰ্কিছ (Orchis) শব্দৰ অৰ্থ হৈছে অণ্ডকোষ বা অণ্ডাশয় (Testes)। সৰহভাগ স্থলজ বা ভূমিবাসী (Terrestrial) অকিৰ্ডৰ কন্দ (Tuber) ৰ আকাৰৰ সৈতে অণ্ডাশয়ৰ সাদৃশ্য পৰিলক্ষিত হয়।

সেইবাবেই অর্কিড (Orchis) শব্দটো প্রয়োগ কৰা হৈছিল।ইউৰোপীয় সকলে প্রাচীনকালৰে পৰাই অর্কিডক যৌনতাৰ (Sex) প্রতীক হিচাপে গণ্য কৰি আহিছে। অকিৰ্ডৰ কন্দ (Tuber) যৌনোদ্দীপক (Aphrodisiac) গুণাৱলীৰে ভৰপুৰ। আধুনিক চিকিৎসা শাস্ত্রতো এই গুণৰ বাবেই অৰ্কিডৰ ব্যবহাৰ কৰা হয়। যৌন শক্তি (Sexual vigour) আৰু শুক্রকোষৰ বৃদ্ধিৰ(Sperm Count) বাবে আধুনিক কেপছুলত অকিৰ্ড ব্যৱহাৰ কৰা হয়।

কপৌজাতীয় উদ্ভিদ: সংৰক্ষণ, সংবর্ধন, সংকট আৰু সম্ভাৱনা

✓ভাৰতীয় সংস্কৃতিত অৰ্কিড: পৌৰাণিক ভাৰতীয় চিকিৎসা বিধি আৰু পৰম্পৰাগত জ্ঞানত অৰ্কিডৰ বৰঙনি মন কৰিবলগীয়া। আয়ুর্বেদ চিকিৎসাতো অকির্ড বেচ জনপ্রিয় উপকৰণ। ভাৰতীয় প্রাচীন চিকিৎসা ব্যৱস্থাত ব্যৱহাৰ হোৱা কেতবোৰ অৰ্কিড হৈছে ৰিদ্ধি, বৃদ্ধি, বন্দক, জীবন্তী, ধন্য আদি। আলংকাৰিক গুণৰ বাবে অকির্ড বেচ জনপ্রিয়।

মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীত অকিৰ্ডক অলংকাৰ/অংগৰাগ (Ornaments) হিচাপে ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ পোৱা যায়। সীতাদেৱী বনত থকাৰ সময়ত কেশসজ্জাত কপৌফুল (Foxtail orchid) ব্যৱহাৰ কৰিছিল। সেয়ে কপৌফুলক ‘সীতাপুষ্প’ নামেৰে জনাযায়। একেদৰে পাণ্ডৱ ভাৰ্যা দ্রৌপদীয়ে বনবাসৰ বেলিকা Aerides গণৰ কপৌ প্রজাতি কেশসজ্জাত ব্যৱহাৰ কৰিছিল। সেয়ে Aerides গণৰ অৰ্কিডবোৰক ‘দ্রৌপদীপুষ্প’ নামেৰেও জনা যায়।

কপৌজাতীয় উদ্ভিদ: সংৰক্ষণ, সংবর্ধন, সংকট আৰু সম্ভাৱনা

√অসমীয়া সংস্কৃতিত অৰ্কিড: অসমৰ বিহু সংস্কৃতিত কপৌফুলৰ স্থান অদ্বিতীয়। তাহানিৰ পৰা কপৌফুল প্রেম-প্রণয়, উৰ্বৰতা আৰু ধনাত্মকতাৰ প্ৰতীক হিচাপে গণ্য হৈ আহিছে।অসমৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ আক লখিমপুৰ জিলাৰ বৌদ্ধ ধর্মাবলম্বীয় লোকসকলে ভাটৌফুল (Vanda teres) বুদ্ধমূর্ত্তিত অর্পণ কৰে।

অকিৰ্ডৰ ফুলৰ আকাৰ, গঢ়ত যে বৈচিত্র্য বিদ্যমান তেনে নহয়। ইইতৰ চৰিত্ৰগত দিশ (Habit) আৰু বাসস্থান (Habitat) তো অত্যন্ত বিভিন্নতা পৰিলক্ষিত হয়। পৰাশ্রয়ী অর্কিড (Epiphyte), স্থলজ/ভূমিবাসী (Terrestrial/Ground), শিলবাসী/শৈলজ অর্কিড (Lithophyle) আৰু মৃতজীৱি (Saphrophite) রূপে ইহঁতক দেখা যায়। আটাইতকৈ বেছি বিভিন্নতা আৰু সংখ্যাগত অধিক্য পৰাশ্রয়ী অৰ্কিডবোৰৰ মাজত দেখিবলৈ পোৱা যায়।

পৰাশ্রয়ী উদ্ভিদে কেৱল অন্য গছত আশ্রয়/ থিতাপিহে লয়, আশ্রয়দাতা (Host) ৰ পৰা কোনোধৰণৰ পুষ্টিদ্রব্য, আহৰণ নকৰে। উদাহৰণস্বৰূপে কপৌফুল (Rhynchostylis retusa), ভাটোফুল (Vanda teres), শালিকাফুল (Dendrobium lituiflorum) ইত্যাদি।

কপৌজাতীয় উদ্ভিদ: সংৰক্ষণ, সংবর্ধন, সংকট আৰু সম্ভাৱনা

✓অৰ্কিডৰ ভেষজ গুণঃ ভেষজগুণত অর্কিড চহকী উদ্ভিদ। ভাৰতীয় চিকিৎসাশাস্ত্রত্ব আয়ুর্বেদতে (Ayurveda) অকিৰ্ডৰ ব্যৱহাৰ লক্ষণীয়। অষ্টবৰ্গ (Astavarga) হৈছে আঠবিধ উপকৰণেৰে তৈয়াৰী এবিধ ঔষধ। এই উপকৰণসমষ্টি বিখ্যাত ঔষধ চয়নপ্রাশ (Chavyanprasha) প্ৰস্তুতকৰণত ব্যৱহাৰ হয়। এই আঠবিধ উপকৰণৰ চাৰিভাগেই অর্কিড। এই অৰ্কিডবোৰ হৈছে – Malaxis acuminala, Malaxis muscifera,Habenaria intermedia আৰু Plantheva edgeworthi ।

ইবোৰৰ উপৰিও Dactylorhiza halagirea, Gymnadenia orchidis, Eulophia campertric, Vanda tesellata, Dendrobium nobile আদি অর্কিডৰ ঔষধি গুণ বিদ্যমান। ৪০ বিধ ভিন্ন প্ৰজাতিৰ Dendrobium অর্কিড চীনৰ পৰম্পৰাগত ঔষধ প্ৰস্তুতকৰণত ব্যৱহাৰ হয়। Vanda গণৰ বহুবিধ অর্কিড প্রদাহ বিৰোধী (Anti-inflammatory) ঔষধ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়।ইণ্ডোনেচিয়া, মালয়েছিয়া, টাইৱান, চিংগাপুৰ, ভিয়েটনাম, থাইলেণ্ড, ম্যানমাৰ প্রভৃতি এছীয় (Asian) দেশত ইতিহাসে ঢুকি

নোপোৱা কালৰ পৰা অৰ্কিডৰ ব্যবহাৰ কৰি অহা হৈছে। আমেৰিকাত Vanilla planifolia নামৰ অৰ্কিড বিধক পেশীয় শক্তি বৃদ্ধি আৰু বাতবিষ নিৰাময়ত ১৫ শতিকাৰ পৰা ব্যবহাৰ কৰি আহিছে। অৰুনাচল প্রদেশেও বিভিন্ন লোক-চিকিৎসাত (Folk medicine) অৰ্কিড ব্যবহাৰ কৰা দেখা যায়। অসমতো দুই-এক পৰম্পৰাগত ব্যৱহাৰ পৰিলক্ষিত হয়।কাণৰ বিষত কপৌফুলৰ পাতৰ দুটোপাল ৰস ব্যৱহাৰ কৰিলে উপশম পোৱা যায়।

কপৌজাতীয় উদ্ভিদ: সংৰক্ষণ, সংবর্ধন, সংকট আৰু সম্ভাৱনা

√অৰ্কিডৰ অৰ্থনৈতিক গুৰুত্বঃ কপৌজাতীয় উদ্ভিদ বা অৰ্কিডৰ ফুলৰ আকাৰ, বিচিত্ৰ ৰং, মৃদু-তীব্র সুঘ্রাণ আৰু ফুলবোৰৰ চিত্তাকর্ষক গড়ৰ বাবে বিশ্বব্যাপী বেছ জনপ্রিয়তা দেখা যায়। উদ্যানপুষ্প হিপপে এছীয় (Asian) দেশবোৰত অৰ্কিডৰ স্থান অনন্য। অৰ্কিডৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ইহঁতৰ ফুলৰ স্থায়িত্ব আন কেতবোৰ ফুলতকৈ তুলনামূলকভাবে বেছি। এই জনপ্রিয়তাৰ ববেই বিশ্বব্যাপী ১.২ লাখ বর্ণসংকৰ (Hybrid) জাতৰ অৰ্কিডৰ খেতি কৰা হয়।

ভাৰতীয় অৰ্কিডৰ ৭০ বিধ প্রজাতি ইতিমধ্যে উদ্ভিদ সংবর্ধন/কলাকর্ষন ক্ৰিয়াত ব্যবহাৰ কৰা হৈছে। সাম্প্ৰতিক সময়ত অৰ্কিডৰ পুষ্পমঞ্জুৰী (Inflorescene), পুলিৰ বাণিজ্যিকীকৰণত বহুত ৰাষ্ট্ৰই গুৰুত্ব প্রদান কৰিছে। পুষ্পসজ্জা (Floral arrangement or Bouqet) প্রস্তুতকৰণ, আভ্যন্তৰীন গৃহসজ্জা (Home decor) আদি কার্যত সম্প্রতি অর্কিডৰ ব্যৱহাৰ বাঢ়ি অহা দৃষ্টিগোচৰ হৈছে।

✓অর্কিড বৈচিত্র্যৰ অবক্ষয়ঃ যদিও অর্কিড এই বিশ্বৰ অন্যতম বৃহৎ উদ্ভিদগোট তথাপিতো বিশ্বব্যাপী অস্তিত্বৰ সংকটত ইহঁত ত্রস্তমান। পবাশ্রয়ী অর্কিড অন্য গছৰ উপৰত ভিত্তি কৰি জীয়াই থাকে। অবধি হাৰত বননি ধ্বংস কৰাৰ ফলত অৰ্কিডবোৰে বাসস্থানৰ সংকটত পৰিছে। এই কথাষাৰ মনত ৰখা উচিত যে গছ থাকিলেহে অর্কিড থাকিব। কৃষিভূমিৰ প্ৰসাৰণ, ঝুম কৃষি, অৰণ্য ধ্বংস কৰি নিৰ্মান কৰা আন্তঃগাঁথনিয়ে অর্কিডৰ বাবে যম হৈ থিয় দিছে।

✓অৰ্কিড সংৰক্ষণৰ প্ৰয়োজনীয়তা: অর্কিড মিলিয়ন বছৰ ক্ৰমবিকাশৰ ফচল। ঐতিহ্যবাহী এই উদ্ভিদৰ নৈসর্গিক, অভি ৰুচীয়, নৈতিক আৰু পৰিবেশতান্ত্রিক গুৰুত্ব বিদ্যমান। অর্কিড সম্পদক উদ্যানপুষ্প (Horticulture), ঔষধি গুণ (Medici- nal value) আৰু অৰ্থনৈতিক গুণৰ বাবে গুৰুত্ব প্ৰদান কৰা হয়। ২৮০ বিধ ভাৰতীয় থলুৱা (Native) অর্কিড প্রজাতি সম্প্রতি সংকট ৰ গৰাহত পৰিছে বুলি ঠাৱৰ কৰা হৈছে।অৰ্কিডবোৰ সুস্থ বাতাবৰণৰ জীৱিয় সূচক (Biological indicators) প্ৰদূষিত বাতাবৰণত অৰ্কিড নগজে। তেনে ঠাইত আমিও অর্কিত ৰোপন কৰিলেও বৃদ্ধি মন্থৰ হয় আৰু ক্ৰমশঃ মৃত্যুমুখত পৰে।

Orchid3

✓অর্কিডৰ সংৰক্ষণঃ

১। অন্তঃ সংৰক্ষন/স্ব-স্থানত সংৰক্ষণ:

প্রাকৃতিক স্থানত কৰা সংৰক্ষণক স্ব-স্থানত সংৰক্ষণ বা “অন্তঃ সংৰক্ষণ” বুলি ধৰা হয়। জীৱমণ্ডল সংবক্ষিত অঞ্চল (Biosphere Reserve), ৰাষ্ট্ৰীয় উদ্যান (National Park), অভয়াৰণ্য (Sanctury) আদি স্ব-স্থানত সংৰক্ষণৰ উদাহৰণ। অৰ্কিডবোৰৰো ইবোৰৰ প্ৰাকৃতিক এলেকাত কেতবোৰ সংৰক্ষিত অঞ্চলত সুৰক্ষা প্রদান কৰা হয়।ভাৰতবৰ্ষৰ অৰুণাচল, চিক্কিম, কর্নাটক আৰু পশ্চিম বংগই অর্কিডেৰে চহকী অৰণ্যস্থানক আর্কিড অভয়াৰণ্য (Orchid Sanctury) হিচাপে যোষণা কৰিছে। আইনগতভাবে অর্কিডক ভাৰতীয় বন্যপানী সংৰক্ষণ আইন, ১৯৭২ (wildlife Pro- tection Act 1972) ৰ “অন্তৰ্গত অনুসূচীত অন্তর্ভুক্ত কৰি সুৰক্ষা প্ৰদান কৰা হৈছে।

Orchid6

২/ বহিঃ সংৰক্ষণ/পৰস্থানত সংৰক্ষণঃ

 প্রাকৃতিক স্থানৰ পৰা বাহিৰলৈ আনি কৃত্রিম বাসস্থানত কৰা সংৰক্ষণক বহিঃ সংৰক্ষণ বা পৰস্থানত সংৰক্ষণ বুলি ধৰা হয়। চিৰি য়াখানা (Zoo), উদ্ভিদ উদ্যান (Botani- cal Garden), জিন বেংক (Gene Bank) আদি পৰ স্থানত সংৰক্ষণৰ উদাহৰণ। সংকটগ্রস্ত অৰ্কিডবোৰক সুৰক্ষা প্ৰদান কৰিবলৈ ভাৰতীয় উদ্ভিদবিদ্যা জৰীপ (Botanical Survey of India)’ই তিনিটা অর্কিডেৰিয়া (Orchidaria) নিৰ্মান কৰিছে।

ৰাষ্ট্ৰীয় অর্কিড গৱেষণা প্রতিষ্ঠান (National Research Centre for Orchids), চিক্কিম আৰু কেৰেলাস্থিত ক্রান্তীয় উদ্ভিদ উদ্যান আৰু গৱেষনা প্রতিষ্ঠান, ত্রিবেন্দ্রাম (Tropical Botanical Garden and Research Institue, Trivandrum) য়ে অর্কিড সংৰক্ষণত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

Orchid4

সুমিত দাস; পৰিবেশকৰ্মী,ছৈখোৱাঘাট (তিনিচুকীয়া)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First
Special Report

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

by Kakali Das
July 19, 2026
0

Walking Safely Is a Fundamental Right: Why India's Cities Must Put Pedestrians First KAKALI DAS When the Supreme Court of...

Read moreDetails
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d