• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, February 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

ক’প ২৭: আমিয়েই বিধ্বস্ত কৰিলো এখন বিতোপন বিশ্ব!

অঞ্জন শৰ্মা

by Anjan Sarma
November 13, 2022
in Climate Change, Environment, Nature, World
Reading Time: 4 mins read
0
ক’প ২৭: আমিয়েই বিধ্বস্ত কৰিলো এখন বিতোপন বিশ্ব!
Share on FacebookShare on TwitterShare on LinkedIn

ক’প ২৭ (COP27)

অঞ্জন শৰ্মা

COP27 EGYPT

এতিয়াৰ পৰা ৫০ বছৰ আগৰ কথা। ১৯৭২ চনৰ কথা। 

১৯৭২ চনত চুইডেনৰ ষ্টকহ’মত অনুষ্ঠিত হোৱা প্ৰথমখন বিশ্ব পৰিৱেশ সন্মিলনত ১১৪ খন দেশৰ নেতাই পৰিৱেশ আৰু পৰিৱেশ তন্ত্ৰক সুৰক্ষা দিবলৈ সন্মত হয়।

বিশ্বৰ প্ৰাক-ঔদ্যোগিক সময়তকৈ ডেৰ শতিকাৰ পাছত বিশ্বৰ ১.১ ডিগ্ৰী চেলছিয়াছ অধিক উষ্ণতা বৃদ্ধি পাইছে, হিমালয়ৰ হিমবাহৰ পৃষ্ঠভাগ বছৰি প্ৰায় ৫০ চে.মি. হাৰত গলিছে।

RelatedPosts

Hundreds of Food Paradoxes : One best solution

Hundreds of Food Paradoxes : One best solution

February 9, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 8, 2026
Manas Tiger Reserve Inspires Young Conservationists Through “Nature Orientation” Program

Manas Tiger Reserve Inspires Young Conservationists Through “Nature Orientation” Program

February 6, 2026

 ২০১৯ চনত গ্ৰীণলেণ্ডত প্ৰতি মিনিটত এক লাখ টন হিমবাহ গলিছিল, সাগৰৰ জলপৃষ্ঠ বছৰি ৩.৬ মিলিমিটাৰ হাৰত বৃদ্ধি পাইছে, আৰু উপকূলীয় ভূমি সমুদ্ৰৰ বক্ষত জাহ গৈ আছে । এইবোৰৰ লগে লগে পানীৰ স্তৰ উষ্ণ হৈ আহিছে আৰু ধ্বংসাত্মক ঘূৰ্ণীবতাহে উপকূলত অধিক আঘাত হানিছে।

বিশেষজ্ঞসকলে কৈছে যে এই শতিকাত উপকূলীয় অঞ্চলৰ ৩৪-৪৮ নিযুত লোকে বাসস্থান হেৰুৱাব। কেৱল সেয়াই নহয়, প্ৰতি মিনিটত ২০ খন ফুটবল খেলপথাৰৰ সমতুল্য বনাঞ্চলৰ এলেকা কাটি পেলোৱা হৈছে; ১৯৮০-২০০০ চনৰ ভিতৰত ১০ কোটি হেক্টৰ গ্রীষ্মমণ্ডলীয় বনাঞ্চল হেৰুৱাইছিল৷ এই বেদখল অব্যাহত থাকিলে ২০৩০ চনত বিশ্বৰ মাত্ৰ ১০% বনাঞ্চলহে জীয়াই থাকিব। 

উষ্ণতা বৃদ্ধিৰ লগে লগে বন্য অগ্নিকাণ্ডই বিশাল অৰণ্য আৰু ঘাঁহনি জ্বলাই দিছে।

২০১৯-২০২০ চনত দক্ষিণ অষ্ট্ৰেলিয়াৰ ৯৭ হাজাৰ বৰ্গ কিলোমিটাৰ আৰু আমাজনৰ ২২০০ বৰ্গ কিলোমিটাৰ বনাঞ্চল জ্বলিছিল। ২০২১ চনৰ তুলনাত, ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈ ১৬.৭% আমাজনৰ বনাঞ্চল অধিক জ্বলিছিল ( নে‌ জ্বলাই দিয়া হৈছিল!)।

 ২০২২ চনৰ নৱেম্বৰ মাহৰ ১ তাৰিখে ‘ইউৰোপীয়ান ফৰেষ্ট ফায়াৰ ইনফৰমেশ্যন চিষ্টেম ‘(EFFIS)-এ দিয়া তথ্য অনুসৰি কেৱল ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্ভুক্ত দেশসমূহৰ ২ নিযুতৰ পৰা ২.১৫ নিযুত একৰ অঞ্চল অগ্নিয়ে দাহ কৰিছে আৰু ‘ইউৰোপীয়ান ইউনিয়ন’ৰ সীমান্ত অঞ্চলৰ বনাঞ্চল সমূহৰ ভিতৰত ৪ নিযুতৰ পৰা ৪.২ নিযুত বনাঞ্চল জ্বলি গৈছে!

ক'প ২৭: আমিয়েই বিধ্বস্ত কৰিলো এখন বিতোপন বিশ্ব!

 ২০২২ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত ৭২১১ টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু ৩৬২৩৫১ একৰ ভূমি এই অগ্নিকাণ্ডৰ অগ্নিশিখাই আৱৰি পেলাইছে, ৭৭২ টা ঘৰ-দালান ধ্বংস হৈছে, ১০৪ টা ক্ষতিগ্ৰস্ত হৈছে। ১৯৭০-২০১৬ চনৰ ভিতৰত পৃথিৱীত স্তন্যপায়ী, মাছ, চৰাই, সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ সংখ্যা ৬৮% হ্ৰাস পাইছে।

 আশংকা কৰা হৈছে যে অহা কেইটামান দশকত ১০ লাখ প্ৰজাতি নোহোৱা হ’ব, অহা দুটা দশকত ৫০০ প্ৰজাতি নোহোৱা হ’ব পাৰে। বিপন্ন মৌমাখিৰ দৰে পোক-পৰুৱাবোৰো তেনেকুৱাই, যিয়ে নিজৰ ক্ৰিয়াৰে এই পৰিৱেশ তন্ত্ৰবোৰক জীয়াই ৰাখে।

যি সময়ছোৱাত পৃথিৱীৰ পৰা ইমানবোৰ প্ৰাণ হেৰুওৱা হৈছিল, সেই সময়ছোৱাত জনসংখ্যা দুগুণে বৃদ্ধি পাই ৭.৬ বিলিয়ন হ’ল। ২০৫০ চনত এই সংখ্যা ৯০০ কোটিলৈ বৃদ্ধি পাব। ফলত খাদ্যৰ চাহিদা ৭০ শতাংশ বৃদ্ধি পাব। ২০০০ চনত ৰাষ্ট্ৰসংঘই ঘোষণা কৰা ১৭টা সহস্ৰাব্দ উন্নয়ন লক্ষ্যৰ ভিতৰত প্ৰথমটো আছিল ২০১৫ চনৰ ভিতৰত বিশ্বক ক্ষুধা আৰু অনাহাৰৰ মহামাৰীৰ পৰা মুক্ত কৰা। 

ক'প ২৭: আমিয়েই বিধ্বস্ত কৰিলো এখন বিতোপন বিশ্ব!
ষ্টকহ’মত অনুষ্ঠিত হোৱা প্ৰথমখন বিশ্ব পৰিৱেশ সন্মিলন

নিৰ্ধাৰিত সময় পাৰ হৈ গ’ল, কিন্তু তথাপিও বিশ্বৰ প্ৰায় ৮ কোটি ২০ লাখ লোকে আধা খুৱাই দিন পাৰ কৰে, ১১ কোটি লোকে প্ৰয়োজনীয় ফিল্টাৰ কৰা পানী নাপায়। কিন্তু বিশ্বই প্ৰতি বছৰে ১৩ লাখ টন খাদ্য অপচয় কৰে, যাৰ ফলত ৩ বিলিয়ন মানুহৰ ভোক দূৰ কৰিব পৰা যায়। আমেৰিকানসকলে প্ৰতি বছৰে ৬ কোটি টন ফল-মূল আৰু শস্য পেলাই দিয়ে।

প্ৰতি বছৰে সমগ্ৰ বিশ্বত পেলাই দিয়া খাদ্য আৱৰ্জনাবোৰৰ পৰা ৪৪ লাখ টন সেউজ গৃহ গেছ বায়ুমণ্ডলত প্ৰৱেশ কৰে।

প্লাষ্টিক বিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ। আমি দৈনন্দিন জীৱনত বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰো আৰু এই ব্যৱহাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। ১৯৫০ চনত বিশ্বত ৫০ লাখ টন প্লাষ্টিক উৎপাদন হৈছিল, যিটো ২০১৫ চনত বৃদ্ধি পাই প্ৰায় ৪.২ কোটি টন হয়। সমস্যাটো হ’ল, প্লাষ্টিক জৈৱ-বিঘ্নিত হ’বলৈ কমেও ৪০০ বছৰ সময় লাগে, আৰু আমাৰ প্লাষ্টিকৰ আৱৰ্জনাবোৰৰ মাত্ৰ ৯ শতাংশহে পুনঃব্যৱহাৰ কৰা হয়।

প্ৰতি বছৰে ১১৫-২৪১ লাখ টন প্লাষ্টিক-আৱৰ্জনা নলা-নদী-সাগৰলৈ যায়। যদি আমি এতিয়াও সচেতন নহও, দুটা দশকৰ পাছত ৬ কোটি টন প্লাষ্টিক-আৱৰ্জনা আৰু মাইক্ৰ’-প্লাষ্টিক সাগৰত শেষ হ’ব।

ক'প ২৭: আমিয়েই বিধ্বস্ত কৰিলো এখন বিতোপন বিশ্ব!

বায়ু প্ৰদূষণ আজিকালি আটাইতকৈ ডাঙৰ সমস্যা। আক্ৰান্ত নৱজাতকৰ পৰা জ্যেষ্ঠ নাগৰিকলৈ।

বিশ্বৰ ৯০ শতাংশ নাগৰিক কম-বেছি পৰিমাণে বায়ু প্ৰদূষণৰ সন্মুখীন হৈছে। এই প্ৰসংগত ভাৰতৰ কথালৈ উভতি যাওঁ। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ৰাজধানী দিল্লীকে ধৰি দেশৰ ১৩২ খন চহৰত শীতকালত বায়ু প্ৰদূষণ ঘটে। ১২টা বায়ুমণ্ডলীয় প্ৰদূষক চিনাক্ত কৰা হৈছে যদিও দুবিধ কণা — পি এম ১০ আৰু পি এম ২.৫ — সহ্যযোগ্য মাত্ৰা অতিক্ৰম কৰিছে।

পিছৰটো অতি মিহি, পৰুৱাৰ আকাৰৰ প্ৰায় এক হাজাৰতম। হাওঁফাওঁৰ যোগেদি ই তেজৰ লগত মিহলি হৈ মগজুত জমা হয়।

বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা, মূৰৰ বিষ, খজুৱতি, হৃদযন্ত্ৰ, যকৃত, স্নায়ু আৰু হাওঁফাওঁৰ সমস্যা হয়। বায়ু প্ৰদূষণৰ বাবে ভাৰত উপমহাদেশৰ মানুহৰ গড় আয়ুস ১.৭০ বছৰ হ্ৰাস পাইছে। ২০২৪ চনৰ ভিতৰত বায়ু প্ৰদূষণ ২০-৩০% হ্ৰাস কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ দেশতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও সামগ্ৰিকভাৱে লাভ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈয়েই আছে।

amazon3 1
আমাজনৰ বনাঞ্চল

অসমত কামটো অধিক কঠিন। আই আই টি গুৱাহাটী বা অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগেহে গৱেষণাৰ দ্বাৰা ক’ব পাৰিব- অসমৰ বায়ু প্ৰদূষণৰ মাত্ৰা কেনে হৈছে আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বায়ুৰ অৱস্থা কেনে! সেয়েহে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এই সম্পৰ্কে পৰিকল্পনা আৰু পৰিচালনাৰ প্ৰয়োজনীয়তা আছে। প্ৰসংগক্ৰমে ক’ৰোনা মহামাৰীৰ সময়ত ‘লকডাউন’ই বায়ু গৱেষণাৰ এক অনন্য সুযোগ প্ৰদান কৰিছিল। সেই সময়ছোৱাত গুৱাহাটীকে ধৰি অইন নগৰ অঞ্চলত বায়ুত থকা মিহি কণা বা পি এম ২.৫ৰ পৰিমাণ হয়তো ভালেখিনি হ্ৰাস পাইছিল।

কেৱল বায়ু নহয়, বৰ্তমান ভাৰতৰ ৩৫১ খন নদীৰ নিৰ্বাচিত অংশ প্ৰদূষিত ঘোষণা কৰা হৈছে। এই দীঘল তালিকাৰ কথা বাদ দি আমি যদি অসমৰ ভৰলু নদীখনৰ বিষয়ে চিন্তা কৰো, যিখন বৈ গৈ ব্ৰহ্মপুত্ৰত পৰে, আমি অচেতন হৈ পৰিব লাগে! কিন্তু আমি অচেতন হৈ নপৰো, বৰং সচেতন ভাবে অধিক প্ৰদূষিত কৰো!

ভৰলুৰ পানীত, হয় অসমৰ ৰাজধানী গুৱাহাটীৰ মাজেৰে বৈ থকা ভৰলুৰ পানীত ভয়ংকৰ pH, BOD, DOআদিৰ উপৰিও বিষাক্ত ৰাসায়নিক পদাৰ্থ ফ্লোৰাইড আদিৰো উপস্থিতি ধৰা পৰিছে।

Bharalu1
ভৰলু

গুৱাহাটীৰ পৰা প্ৰতিদিনে হাজাৰ – অযুত লিটাৰ বর্জ্য পানী ওলাই আহে ৷ এই আৱৰ্জনাসমূহ পৰিশোধন কৰি পুনঃব্যৱহাৰযোগ্য কৰি তোলাটো এটা কঠিন কাম। নৈত আৱৰ্জনা পেলোৱাৰ বেয়া সংস্কৃতি আজিও অব্যাহত আছে। গতিকে ভৰলুৰ পানী ব্ৰহ্মপুত্ৰৰ পানীৰ লগত মিহলি হৈ কেনে অৱস্থা হৈছে, চিন্তা কৰিলেই শিঁয়ৰি উঠিব লাগে; কিন্তু আমি একো চিন্তা নকৰো।

Bharalu
ভৰলুৰ পানী

এইদৰে বৈ যোৱা পানীত কলিফৰ্ম বেক্টেৰিয়াৰ সংখ্যা নিৰ্ধাৰিত মাত্ৰাতকৈ বহু বেছি হয়। ‘আজাদী কা অমৃত মহোৎসৱ’ অনুষ্ঠিত হৈছে বিভিন্ন মুলুকত, ‘স্বাধীনতা’ৰ ৭৫ বছৰ! কিন্তু কোনো এখন সভাতো খোৱাপানীৰ বটল নথকাকৈ সভা অনুষ্ঠিত হৈছেনে? অৰ্থাৎ, টেপৰ পানী গিলাচত লৈ খাব পৰাকৈ আজিও চৰকাৰে কৰিব নোৱাৰিলে বাবেই ৰাজনৈতিক নেতাই প্লাষ্টিকৰ বটলৰ পানী গলাধঃকৰণ কৰি খালী বটলবোৰ দলিয়াই প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি কৰিয়েই আছে।

অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ইংলেণ্ডত পৰিৱেশৰ অৱক্ষয় ত্বৰান্বিত হয়। তেতিয়া পৰিৱেশ সম্পৰ্কীয় কোনো নিয়ম নাছিল। ১৮৫৮ চনত আৱিষ্কাৰ হয় যে ঔদ্যোগিক আৱৰ্জনা আৰু চহৰৰ আৱৰ্জনাবোৰে টেমছ নদীত বিষাক্ত কৰি পেলাইছে। ১৯৫২ চনত আন এক সমস্যাৰ সৃষ্টি হৈছিল।

৫ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ লণ্ডনৰ আকাশত চালফাৰ ডাই অক্সাইড মিহলি বিষাক্ত ধোঁৱা আৰু নিম্নমানৰ কয়লা জ্বলোৱাৰ ফলত সৃষ্টি হোৱা জলীয় বাষ্পৰে আবৃত হৈ পৰিছিল। ১২ হাজাৰ লোকৰ মৃত্যু হয়।

তেতিয়াৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত ঔদ্যোগীকৰণৰ লগে লগে কৃষিক্ষেত্ৰত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ১৯৪৬ চনত ডি ডি টিৰ আৱিষ্কাৰকাৰী জন পল হাৰ্মান মুলাৰে লাভ কৰিছিল নোবেল বঁটা। মেলেৰিয়া আৰু অন্যান্য পোক-পৰুৱাৰ দ্বাৰা হোৱা ৰোগ নিয়ন্ত্ৰণলৈ আহিল। কিন্তু পৰিৱেশৰ ওপৰত ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ দেখি ৰেচেল কাৰ্ছনে ১৯৬২ চনত লিখিছিল ভূমিস্খলনকাৰী গ্ৰন্থ চাইলেণ্ট স্প্ৰিং।

climate 1

পৰৱৰ্তী সময়ত ইউৰোপ আৰু আমেৰিকাত ডিডিটি নিষিদ্ধ কৰা হয়। দহ বছৰৰ পাছত ষ্টকহ’ম সন্মিলনত বিজ্ঞানীসকলে পৰিৱেশৰ অৱক্ষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

প্ৰতি বছৰে ব্যৱহাৰ কৰা ৬ হাজাৰ কোটি টন প্ৰাকৃতিক সম্পদৰ ভিতৰত ইয়াৰ বহুখিনি নবীকৰণ নহয়।

fossil fuel

এইবোৰৰ লগতে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ, বিস্ফোৰণ, ধোঁৱা, গুলী, ধূলি, পৰমাণু বোমাৰে আক্ৰমণৰ ভাবুকি আদিৰ বিষয়ে এই লেখাত উল্লেখ নকৰো ; কিন্তু কেনে ভয়ংকৰ হৈ পৰিছে এসময়ৰ বিতোপন বিশ্বখন!

ষ্টকহ’মৰ সন্মিলনৰ আধা শতিকা পাৰ হৈ গ’ল আৰু প্ৰাকৃতিক ভাবে এসময়ৰ অতিকৈ ধনী আৰু বৈচিত্ৰ্যপূৰ্ণ পৃথিৱীখন ক্ৰমান্বয়ে ‘দেউলীয়া’ হৈ পৰিল। এতিয়া ইজিপ্তত “ক’প- ২৭” নামেৰে পুনৰ আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছে – কিন্তু ভাব-ভংগী দেখি ভাব হৈছে, সকলো যেন ‘গালো বালো খোলাকুটিৰ তাল’ হৈ পৰিব !

Ukraine2 2
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ

পৃথিৱীখন মনোমোহা আছিল, এনেধৰণৰ পৃথিৱীৰ সন্ধান এতিয়াও বিজ্ঞানীসকলে বিশাল ব্ৰহ্মাণ্ডত এতিয়াও পোৱা নাই। কিন্তু আমিয়েই, হয় আমিয়েই ভৱিষ্যতৰ পুৰুষৰ বাবে আমিয়েই বিধ্বস্ত কৰা, এখন ভয়ংকৰ পৃথিৱী আমি এৰি থৈ যাম! অথচ, আমিয়েই জীৱশ্ৰেষ্ঠ বুলি কৰো অহংকাৰ! মানুহৰ বাহিৰে অইন কোনোবা জীৱই পৃথিৱীৰ কিবা হানি কৰিছেনে বাৰু?

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Hundreds of Food Paradoxes : One best solution
food

Hundreds of Food Paradoxes : One best solution

by Claudia Laricchia
February 9, 2026
0

Hundreds of Food Paradoxes : One best solution Claudia Laricchia  We live on an obese Planet that is dying of...

Read moreDetails
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 8, 2026
Manas Tiger Reserve Inspires Young Conservationists Through “Nature Orientation” Program

Manas Tiger Reserve Inspires Young Conservationists Through “Nature Orientation” Program

February 6, 2026
India’s Climate Budget 2026–27: Mere Announcements or Real Action?

India’s Climate Budget 2026–27: Mere Announcements or Real Action?

February 6, 2026
Acceptance of Injustice… The root of the ruin in the system

Acceptance of Injustice… The root of the ruin in the system

February 6, 2026
In Antarctica, Climate Change Disrupts Penguin Lifecycles

In Antarctica, Climate Change Disrupts Penguin Lifecycles

February 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Manipur in Turmoil Again !

Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

February 9, 2026
Hundreds of Food Paradoxes : One best solution

Hundreds of Food Paradoxes : One best solution

February 9, 2026
silhouette photography of group of people jumping during golden time

পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়

February 9, 2026
The 2026 Skill Meta: How Ordinary People Become Quietly Exceptional

The 2026 Skill Meta: How Ordinary People Become Quietly Exceptional

February 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    26814 shares
    Share 10725 Tweet 6703
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    10331 shares
    Share 4132 Tweet 2583
  • Latest COVID data confirm infections have risen globally

    1933 shares
    Share 773 Tweet 483
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3206 shares
    Share 1282 Tweet 802
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6350 shares
    Share 2540 Tweet 1588
  • Winter without Sleep: Kashmir’s Black Bears in a Warming World

    112 shares
    Share 45 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3452 shares
    Share 1381 Tweet 863
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    731 shares
    Share 292 Tweet 183
  • Perks of Leaving Your Hometown Behind

    96 shares
    Share 38 Tweet 24
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4105 shares
    Share 1642 Tweet 1026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d