• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

লক্ষ্মীনাথ বেজবৰুৱা

by Anjan Sarma
October 14, 2022
in Literature
Reading Time: 6 mins read
0
লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”
Share on FacebookShare on TwitterShare on LinkedIn

কবিতা

[ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ লেখা]

লক্ষ্মীনাথ বেজবৰুৱা

কাব্যং ৰসাত্মকং বাক্যং।

অৰ্থাত্‍ ৰসাত্মকং বাক্যং কাব্যং। ৰসাত্মকং বাক্যং যদি কাব্যং হৈছে, তেন্তে কাব্যং বৰবৰুৱায়াং বাক্যং। আৰু বৰবৰুৱায়ায়াং বাক্যং সংস্কৃতং; কিয়নো, বৰবৰুৱাই প্ৰমাণ কৰিব পাৰেং যে কাঁহ, ঘণ্টা, খোল আৰু মৃদঙ্গৰ মাতং সংস্কৃতং।

বোলে কাব্যৰ ৰস ৯টা। ভু।১৮টা। যথা:-বীৰ, ৰৌদ্ৰ, ভয়, কৰুণা, বীভৎস, শান্তি প্ৰভৃতি ৯টা ৰস; আৰু পাণৰ ৰস, মাটিকাঁদুৰীৰ ৰস, নেমুটেঙাৰ ৰস, মৌ ৰস, প্ৰভৃতি ৯টা।

বীৰ ৰস প্ৰভৃতিৰ কথা এটায়ে জানে, সেই দেখি তাত বাক্যব্যয় বা কাব্যক্ষয় নকৰি বাকী ৯টাৰ ভিতৰৰ দুটা এটাৰ বিষয়ে কিঞ্চিত কওঁ। কাৰবাক ভাবি চিন্তি যদি ৰাতি তোমাৰ টোপনি নাহি পাছদিনা পেটৰ অসুখ কৰে তেনেহলে পাণৰ ৰসত দুফাকিমান কবিতা মাৰি “অচ্যুতানন্দ গোবিন্দং নামোচ্চাৰণ ভেষজা। নশ্যন্তি সকলান ৰোগাণ সত্যং সত্যং বদামাহং।” এই মন্ত্ৰ মাতি খাবা; তোমাৰ পেটৰ অসুখ ভাল হব, মূৰফুৰণি গুচিব, আৰু ভাত-পানীত ৰুচি জন্মিব।

ভোকত ভাত, পিয়াহত পানী নেপালা; তুমি পিত্তাল মানুহ, পিত্ত উজাৰ খালে, লৰালৰিকৈ মাটিকাঁদুৰীৰ ৰস বা পটলৰ পাতৰ ৰসত দুগৰাহমান জহা চাউলৰ ভাতৰ কবিতা সানি ভোজন কৰিবা; তেতিয়াই অলপ সকাহ পাবা। খোৱাৰ আগেয়ে নাগকূৰ্ম্মাদিক দিয়া আৰু পঞ্চগ্ৰাস কৰা তোমাৰ পক্ষে অপথ্য; কাৰণ তুমি পিত্তাল মানুহ, তুমি বুজিবাজি চলিব লাগে।

কোনো লোকৰ গাত, কোনো সমাজৰ গাত, বা কোনো জাতিৰ গাত যদি তুমি ঘা দেখিলা, তেন্তে ততালিকে নেমুটেঙাৰ ৰসত বিদ্ৰুপাত্মক বা ব্যঙ্গসূচক কবিতা খৰাই তাত চটিয়াই দিব পাৰা। এই ঔষধ প্ৰয়োগ কৰা বাবে যদি ৰোগীয়ে বৰকৈ চেঙালুটি পাৰে, তেনেহলে তেওঁৰ কাণৰ ওচৰত ’সহিলে সম্পদক পায়’; আৰু ”ধৈৰ্য্যগুণ বৰগুণ” সোৱঁৰাই তুমি ঠাইতে আঁতৰ হবা; নাইবা তেওঁক কান্ধত লব লাগিব জানিবা।

Screenshot 20221014 140147 Chrome

মৌ-ৰসত মাৰি সকলো ৰকমৰ কবিতা সকলোকে সেৱন কৰাব পাৰি| ই সৰ্ব্বঢাক; বাতৰিকাকত মাহেকীয়া কাকত য’তে ত’তেই প্ৰাপ্তব্য। কেতিয়াবা মৌ নোপোৱা যদি ”মধ্বাভাবে গুড়ং দদ্যাত্‌” বাক্যং বা কাব্যমস্তি।

আৰু সৰহ বেলি আমি কাব্যৰসত জোবোৰা নেখাওঁ, ৰসৰ পৰা বগাই উঠি পাখি ৰদোৱা যাওক| কবি যিমনবিধ, কবিও সিমান বিধ। কথাটো অলপ বিয়লাই কওঁ। অৰ্থাৎ কবি শাক যত প্ৰকাৰৰ কবিও তত প্ৰকাৰৰ আছে। চুটীকৈ দুবিধ এবিধৰ কথা কোৱা যাওক।

এবিধ কবি আছে, তাক বন্ধা কবি বোলে। এই বিধ কবিৰে আমাৰ ”বঘাসুৰ বধ,” ’কূলাচলবধ’ ৰচোঁতা কবিৰ তুলনা হয়। বন্ধা-কবি, যাক ইংৰাজীত দ্ৰম্‌হেড্‌ বোলে, দুটা দুফালে দিলে এখন মেট্‌মৰা ভাৰ হয়; বঘাসুৰবধ আৰু কূলাচলবধ পুথি দুখন দুফালে দিলে ভাৰীয়ে কোনোমতে ভাৰখন দাঙিব পাৰেহে! দ্ৰম্‌হেড্‌ কবিৰ ভিতৰে পাতহে পাত মেৰহে মেৰ, তাৰ অন্ত নাই; বঘাসুৰবধ আৰু কূলাচলবধ পুথি ৰচোঁতাৰ পেটত নো কিমান পাত কিমান মেৰ, বঘাসুৰ আৰু কূলাচল পুথিয়েই তাৰ সাক্ষী।

আৰু এবিধ কবি আছে, যাক ফুল-কবি বুলিব পাৰি| আজি এপাহি, কাইলৈ দুপাহি, অ’ত এপাহি, ত’ত দুপাহি, আজি এটি কবিতা, কাইলৈ দুটি কবিতা, আজি বাতৰি কাকতত চাৰি ফাকি, কাইলৈ মাহেকীয়া কাকতত বাৰ ফাকি। গুৰিৰ ফালে যেইকিবা নহওক ফুলৰ ফালে ঠিক আছে। ইয়ালৈ ভাবিব নালাগে, চিন্তিব নালাগে, মুঠেই লেখিবা আৰু ছপাবা।

ওল-কবিৰ শ্ৰেণীৰ এবিধ কবি আছে, তাৰ ওপৰ ফালে চোৱা যদি একোৱেই নাই, জুটুলাপুতুলা; কিন্তু তললৈ মন কৰা, গোট কবিতাৰ লাড়ুটো। এই বিধৰ কবিয়ে কাকতে-পত্ৰই এফাকি কবিতা লেখা দেখা নাযায়; কিন্তু ভিতৰি তেওঁ কবিতাৰ কোঁহটো। ’মস্ত’ কবি! ভইব কবি! আকোঁৱালে নোপোৱা কবি! এই শ্ৰেণীৰ কবিৰ প্ৰতি বৰবৰুৱাৰ বৰ ভক্তি , বৰ প্ৰীতি, তেওঁবিলাক ’অগাধ জল সঞ্চাৰী ৰোহিত’। ৰৌমাছৰ মূৰ এৰি পুঠিমাছৰ কাঁইট চোবাই মৰিবলৈ বৰবৰুৱা একো আপদত পৰা নাই।

তলে তলে বৰবৰুৱা যে ভয়ঙ্কৰ কবি এই কথা কোনেও নেজানে। নেজানে নেজানক তাত বৰবৰুৱাৰ অণুমাত্ৰকো হানি নাই। লোকে শুই থাওক, তলে তলে বৰবৰুৱাৰ কবিতাৰ বৰ আলু বাঢ়ি থাওক। আঙঠা এডোখৰ কাপোৰ দি ঢাকি কোনেও ৰাখিব নোৱাৰে। বৰবৰুৱাৰ কবিতাৰ আঙঠা আজি নহয় কাইলৈ, কাইলৈ নহয় পৰশুইলৈ ওলাবই ওলাব, তাৰ ভুল নাই।

Screenshot 20221014 140218 Chrome

আজিকালি কাকত কিতাপত কবিতা নেলেখিলে মানুহে কবি বুলি স্বীকাৰ নকৰে। দুৱাৰ-চুকে পানীপোতায় খেৰতলে বাঁহতলে যে কত কালিদাস ভৱভূতি আছে তাক কোনেও নেজানে। মনুষ্য সমাজৰ ইমান দূৰ অধোগতি দেখি বৰবৰুৱা অবাক!

বৰবৰুৱাই জানো মন কৰিলে বাতৰি কাকতত কবিতা লিখি বিখ্যাত হৈ যাব নোৱাৰে? আমুকাৰ পক্ষে তেনেবিলাক ক্ষুদ্ৰাদপি ক্ষুদ্ৰ কাম। কিন্তু বৰবৰুৱাৰ তো আত্মসন্মানৰ (Self-respect) জ্ঞান নাইকিয়া হোৱা নাই: তেওঁ তেওঁৰ আত্মসন্মান সোপাকে কলঙৰ সোঁতত উটাই দি বজৰুৱা কাকতত কবিতা লেখি বজৰুৱা কবি হব লাগিব নে কি? ”ইম্‌পচিবোল” অসম্ভৱ! লোকে বৰবৰুৱাক মান কৰক নকৰক তেওঁ যে নিজে নিজক মান কৰে তাৰ সন্দেহ নাই।

আজিকালি কবি আপোনগুণে কবি হয় নে বিষয় (Subject) গুণে কবি হয়? বিষয় গুণহে। ফুল, ফুলনি, কুলি, মলয়া, কপৌ, চন্দ্ৰ, পদুম, ভেট, হাঁহি বিলাপ প্ৰভৃতি কিছুমান কথা আৰু বিষয় আছে, যিবিলাক গয়াঁ মানুহে পাতক নেপাতক আপুনি গাওঁবুঢ়া, অৰ্থাত্‌‍ যিবিলাক নিজগুণেই কবিতা। কবিয়ে, অৰ্থাত্‌ আজিকালিৰ নামধাৰী কবিয়ে সেইবিলাককে ইফাল-সিফাল কৰি কছুগুটি খেলি কবিতা খেলাৰ বাহাদুৰী লয় মাত্ৰ।

অৰ্থাত্‌ জানিবা শ্ৰীযুত কপৌ ডেকা মহাজনক ঘোৰামৰা সত্ৰৰপৰা ভেচেলি মৰা সত্ৰলৈ অধিকাৰ পাতি পঠিয়ালে; চন্দ্ৰবাবু চতুৰ্থ শিক্ষকক তেজপুৰৰ স্কুলৰ পৰা যোৰহাটৰ স্কুললৈ বদলি কৰি তেওঁৰ ঠাইত যোৰহাটৰ পৰা শ্ৰীযুত হামিৰাম হাজৰিকাক আনি খাজিলে; ডিবৰুৰ ছোৱালী-স্কুলৰ মাষ্টৰণী মিচ মলয়া দাসক ধুবুৰীলৈ পঠিয়াই তাৰপৰা শ্ৰীমতী বিলাপবালা বাগচীক নি ডিবৰুত দিলে, কুলি কানুনগুক ৰঙামাটিৰপৰা গুৱাহাটীলৈ বদলি কৰি ভেট ভড়ালী বৰুৱা পেস্কাৰক গুৱাহাটীৰ পৰা ৰঙামাটিলৈ পঠিয়ালে; এনে বিধৰ ব্যৱস্থা।

এইবিলাক বিষয়ে কবিতাৰ মলা-চৰু লৈ মথুৰা পাগ মাৰি আদি কবি বাল্মীকিৰ দিনৰেপৰা কবিতা গাওঁবুঢ়া বা কবিতা-বৰমেধী হৈ আছে; তাক আৰু তুমি-কবি, আমি-কবিয়ে নিমন্ত্ৰণ কৰি ’ৰসাত্মকং বাক্যং’- বৰ সবাহৰ আগ শাৰীত বহুৱাত যশস্যা ক’ত? বাৰু তুমি যদি সঁচাসচিকৈয়েই কবি, তেন্তে বিলাতী কবি পোপৰ দৰে তিহু শহাপহুৰ বিষয়ে বিষয়ে কবিতা লেখি ওপৰত কোৱা ১৮টা ৰসৰ নিচিনা ৰস বোওৱাঁচোন চাওঁ? সৰু কথাত ডাঙৰ ভাবৰ ”পয়দা” কৰিব যি সি হে কবি।

বৰবৰুৱাৰ পৰামৰ্শ এই:-অসমত এণ্ট্ৰেন্স পৰীক্ষাৰ লগতে বছৰি বছৰি কবিতাৰ পৰীক্ষা হওক| বাঢ়নি, সোতা, ঢেঁকী, উৰাল, শোৱা-পাটী, ভাত-চৰু, গা-টোকা গামোছা, তামোলৰ বঁটা, সেন্দুৰৰ টেমা, কেটেলা পহুৰ কাঁইট, গোবৰ, ব-চুঙা, তাঁতশাল, তেল পেৰা পলা, খলিহৈ, ইত্যাদি বিষয়ৰ উত্‌কৃষ্ট ডাঙৰ ডাঙৰ ভাবৰ ”পয়দা’ হোৱা কবিতা লেখিবলৈ চৰ্কাৰৰ ঘৰৰপৰা প্ৰশ্ন দিয়া হওক।

এই পৰীক্ষাত যি যি উত্তীৰ্ণ হয়, তেওঁবিলাকক যোগ্যতানুসাৰে, কবি-ঢেকী, কবি-চুঙা, কবি-টেমা, কবি-খলিহৈ, কবি-গোবৰ বা কবি-গোবৰ্দ্ধন উপাধি দি চিহ্নিত বা ছাব-মৰা কবি পতা যাওক। এনে উপায় অৱলম্বন নকৰিলে ধানপুৰীয়া প্ৰকৃত কবি পাতৰ তলতে লুকাব আৰু ফুতে-উড়া মেমেৰা কবি ভোটাতৰা জ্বলাদি জ্বলিব| আৰু এনে এটা কিবাকিবি নহলে বৰবৰুৱাই সত্যে কৈছে কবিতা নেলেখে।

গুৰীয়াল নহলে নাৱৰ মৰণ; বৰবৰুৱা নহলেও অসমীয়া কবিতাৰ মৰণ নিশ্চয়| গতিকে কৃপাবৰে কবিতাৰ গুৰি-বঠা হাতত লব লগাত পৰিল্ সেইদেখি তেওঁ কেনেকৈ কবিতা লেখিব লাগে তলত তাৰ গোটাচেৰেক আৰ্হি দিলে।

Screenshot 20221014 140257 Chrome

(ক)

ৰাঙ্গলি হাঁহিটি,       সোণালি আকাশে

      মলয়া বলিছে ঘনে,

কুউ পঞ্চমত       কুলিয়ে মাতিছে

      ফুলনি ফুলিছে বনে।।

যুতি জাতি জাই        মালতী মধাই

      ভোমোৰা কলীয়া গুঞ্জে।

তৰু লতা কুল       ৰঙ্গত বিভোল,

      মৌ-পিয়া পিয়ে কুঞ্জে।।

চন্দ্ৰৰ হাঁহিটি,       ভেটৰ পাহিটি,

       পদুম সূৰ্য্যৰ প্ৰেম।

নিজম পৰত        নিজনি বিলত

      বাঁহী বাজে গ্ৰেম্‌ গ্ৰেম্‌।

বসন্ত মিলিল,       সখি যে নাহিল,

       প্ৰিয়া হিয়া যায় ভাগি।

ভাল পাওঁ দেবি,       যাওঁ পমি গলি

       মইনা মৰম লাগি।।

উষাৰ সঙ্গীত,       চৰাইৰ গীত

       বিজুলী তৰাৰ মাজে।

যেনে মুকুতাৰ        মণি জিলিকিছে

       জোনাকী পৰুৱা বাজে।।

কপৌ কপৌৱনী        মধুৰ হাসিনী

       কুৰু কুৰু মুখে মুখে,

বনৰ হৰিণী        কান্দে ৰিণি ৰিণি

       যেনে বীণা বাজে দুখে।।

সখি ঐ নেচাবাঁ,        কাষলৈ নাহিবাঁ,

       দেই পুৰি মাৰে বুকু,

ভজা ভাই ভজা,       নকৰিবা হেলা

       ঈশ্বৰত ৰাখি চকু।।

(খ)

গৈছিলোঁ এদিন গধূলি সখি ঐ নেপালোঁ দেখা|

কত দুখ বেজাৰে মৰোঁ সখি,

নেৰা-নেপেৰা সখি হৃদয় পটত লেখা।।

ভাল পোৱা নাই সংসাৰত, কলৈ যাম,

কি কৰিম, তপত খোলাত পাৰোঁ চেঙালুটি।

দিন ৰাতি নেযায় নুপুৱায় তোমাতে ধাউতি।।

(গ)

চিকুণ তৰাটি।

চিকুণ লতাটি।।

চেনেহ চুমা।

সাবটি উমা।।

(ঘ)

উঠা অসমীয়া।

উঠা কানীয়া।।

আত্মোত্‌সৰ্গ কৰাঁ।।

জাতীয়-পতাকা ধৰাঁ।।

বেলি দুপৰ হ’ল।

হালোৱা পথাৰলৈ গ’ল।।

জাতীয়-সঙ্গীত গোৱাঁ।

এলাহ টোপনি থোৱা।।

কু-সংস্কাৰ এৰাঁ।

ধোৱাঁখোৱাঁ ধৰাঁ।

নুঠিলি নে অসমীয়া?

সঁচাই বুলিছ নে কানীয়া?

ওচৰ চাপি যাব দিছ নে ভঙ্গুৱা?

এখুন্দা দিম নে বৰিয়া?

চকু মেলি চা!

কুহিঁয়াৰ এচকল খা।।

পূবে পশ্চিমে।

উত্তৰে দক্ষিণে।।

মান্দ্ৰাজী বঙ্গালী।

পঞ্জাবী গুৰ্খালী।।

পটুৰ্গীচ মাৰ্কিন।

ইংৰাজ চীন।।

উঠ অসমীয়া।

কটা বৰ কানীয়া।।

কাণত দিম পানী বাকি।

মুখত ল পাণৰ চাকি।।

লোকে কবিতাক কাব্যং ৰসাত্মকং বাক্যকেই বোলক বা লাই শাকৰ জোলকেই বোলক, বৰবৰুৱাই হ’লে তাক পঁচি খেলা কড়ি নুবুলি কোনোমতেই থাকিব নোৱাৰিলে।

ওপৰত লেখ দিয়া ’বসন্ত’ ’কুলি’ প্ৰভৃতি কথাবিলাক ডাঙৰ-সৰু অনুসাৰে বামুণ-কড়ি আৰু গাঁথি-কড়ি নহয় কি? তুমি ডেকা মানুহ, তোমাৰ হাত ডাঙৰ হৈছে, তুমি দীঘলকৈ ঢাল পাতি, বসন্ত, ময়না, কুলি, ফুল, পদুম, চন্দ্ৰ এই ছটা ডাঙৰ বামুণ-কড়ি লৈ ডথালি এটা কাণ-তাল-মৰা এটাহ লগাই পঁচি মাৰি দিয়া, দেখিবা সুন্দৰ কবিতাখন খাই পৰিল, তোমাৰ কবিতা পঢ়ি তাৰ গুণত মোহ গৈ ভাবত ভোল হৈ কত অমুক পাঠক, তমুক পাঠিকা, ভচুক লেখক আৰু তহুক লেখিকা বলিয়া হৈ ফুৰিছে।

মই ইস্কুলীয়া লৰা, বয়স ১৫/১৬, ইউক্লিডৰ জিয়েমেট্ৰিৰ পঞ্চম আৰু চতুৰ্থ প্ৰতিজ্ঞাৰূপী ভলুকা বাঁহৰ টোকোনৰ প্ৰহাৰত ইস্কুল তোমাৰ পক্ষে যমৰ দক্ষিণ দুৱাৰ হৈছে, বাৰু একো কথা নাই, চিন্তা নকৰিবা, ভেট, হাঁহি, বিলাপ (বিধৱাৰে বা সধৱাৰে, তেও বিধৱাৰ হলে ভাল) মন, সখি আৰৌ কপৌ এই কেটা গাঁথি-কড়ি লৈ যোৱাঁ, মুঠি মাৰি ধৰি ঢালত ঠেকেছা মাৰি দহ বুলি পেলাই দিয়া, দহ নেখায় যদি তেও কবিতাৰ ছয়খন খাবহে। বিশেষ সাহিত্য-বজাৰত যদি কিবা সস্তা শাক-পাচলি আছে, তেন্তে সি কবিতাৰ বৰ-বেঙেনা। ভাবিব নেলাগে, চিন্তিব নেলাগে, শ্ৰীদামচন্দ্ৰ বৰুৱাৰ পৰা ফোকোন্দ চন্দ্ৰ কলিতালৈকে সকলো কবিয়ে এপইচা পেলাই দিলেই এজোকা পাব।

বৰবৰুৱাই আজি এধা পইচা এটা ভাঙ্গি এইজোকা কবিতা-বৰবেঙেনা কিনি আনিছে, কাৰবাক লাগিলে দুটা এটা নিব পাৰে; কিন্তু শাস্ত্ৰত কৈছে ”বতৰা এটি কৈ যোৱাঁ| ঢেকিঠোৰাটি লৈ যোৱা।।” সেইদেখি বৰবৰুৱাইও কয়—”কবিতা বৰ বেঙেনা এটি লৈ যোৱা; কিন্তু গোটেই জোকা বেঙেনা জাত লগাই এবাৰ পঢ়ি যোৱা।।”

শুনা হেৰা ককাই!

হাতত লৈ কাৰফাই

মাৰাঁ বালিচৰাই।।

বগৰি দগৰি আহিল কাহ।

ভাগৰি-ছাগৰি বাৰ মাহ।

কেনে ছন্দ।

লণ্ড-ভাণ্ড।।

হ’ল মণ্ড।

খণ্ড খণ্ড।।

কবিতাৰ কথা অতি অমৃত সমান।

কিৰিপ আচাৰ্য্যে কয় শুনে পুণ্যবান।।

ইতি

স্থিতি।।

কবিবৰ।

কৃপাবৰ।।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
Anjan Sarma

Anjan Sarma

Related Posts

Why Hitler Hated Jews: Origins of the Holocaust
History

Why Hitler Hated Jews: Origins of the Holocaust

by Kakali Das
May 28, 2026
0

Why Hitler Hated Jews: Origins of the Holocaust Hitler’s rise, Nazi ideology, antisemitism, and how it led to genocide in...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 25, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026
World Environment Day 2026: The Eastern Himalayas at a Crossroads

World Environment Day 2026: The Eastern Himalayas at a Crossroads

June 4, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d