• অঞ্জন শৰ্মা
কবিৰ সন্ধানৰত জননী জন্মভূমি..
ভাগৰি পৰিছে আই, চাই
চাই বাতৰিকাকত, আলোচনী
আন্তৰ্জালৰ বিশাল ক্ষেত্ৰ
গ্ৰন্হ, কবি সন্মিলন, কবিতা
শুনিবলৈ প্ৰয়াস কৰি কৰি কাণ
পাতি পাতি আই
ভাগৰি পৰিছে আই, কিন্তু কবি নাই
কবি নাই, বেপৰোৱা কবি
সতেজ সৱল স্বেচ্ছাচাৰী ভ্ৰূক্ষেপহীন
কবি নাই অভং
কবিতা নাই কোলাহলৰ কবিতা নাই
উশৃঙ্খলতাৰে শৃংখলাৰ স্বপ্ন দেখা কবি মানুহৰ জয়গান গোৱা শব্দৰ প্ৰভু
কবি নাই…..

আই,
নাই কবি নাই কবিতা নাই নাই
আমি আছো আই
জননীৰ সন্তান আমি আছো আই প্ৰচন্ড শীত হেলাৰঙে পাৰ কৰি প্ৰখৰ
ৰ’দ তীব্ৰ ‘লু’ আৰু কৰ’নাৰ ভয়াবহ
দিন লকডাউনৰ জীৱন ৰাজপথত
পাৰ কৰি আই আমি যি যি দেখিলো
লেখিলো আই
সেইবোৰ কবিতা নহয়
আই
আমিও কবি নহয় বাবে কবিতাও নহয়
আই, কবি নাই নাই
আমাৰ দিনলিপি পঢ়িলেই শান্তি পাবা
আই
আমাৰ দিনলিপিতেই বিচাৰি পাবা আই
জীৱনৰ জয়গান
কবি নাই, নাই কবি নাই …!