কবি মই
জ্যোতিপ্ৰসাদ আগৰৱালা

কবি মই
কবিতা বিলাসী মই নহওঁ নহওঁ
মোৰ কবিতা
নবীন দিনৰ
নৱ-জ্যোতি প্ৰণতা
দু:খিতৰ দুখেৰে উচ্ছ্বসিতা
চিৰ আশাৰে আই আনন্দিতা ৷
কবি মই
ছন্দ-বিলাসী মই নহওঁ নহওঁ
মোৰ কবিতা
মৰ্ম্মন্তুদ বেদনাৰ
উচ্ছ্বাসে উচ্ছ্বাসে
মাথোঁ গ্ৰথিতা
মোৰ কবিতা ৷
কবি মই
বিশ্ব-প্ৰেম বিলাসী নহওঁ
মোৰ কবিতা
পৃথিৱীৰ পঙ্কৰ
গৰ্ভত থিত লোৱা
মৃন্ময়ী নৱ দয়িতা
মোৰ মন সৰোবৰ
জিনি চিন্ময়ী তাই
আলোক প্ৰণয় অনুৰাগে
ধ্যান কৰে নৱ সবিতা ৷
কবি মই
নোহো কৰুণতা বিলাস
মাথোঁ
নৱ নৱ বেদনাৰে
উঠো প্ৰকাশি
মোৰ কবিতা
চকুপানী নিজৰাৰ
বিয়াকুল বিননিত
উচুপি নিচুকি থাকি
প্ৰাণে প্ৰাণে বৰ ব্যথিতা ৷
কবি মই
শবদৰ ৰঙা অঙঠাৰ
ভাব-ফিৰিঙটি ওফৰাই
দেখুৱাব খোজা নাই
অগ্নিময়ী ভাষাৰ বিলাস
দেখুৱাব খোজা নাই
মাতৃভাষা-সাহিত্যত
বীৰ ভয়ানক আৰু ৰৌদ্ৰ ৰসৰ
নৰোন্মেষী… কোনো বিচিত্ৰ বিকাশ
দীপক সুৰৰ কোনো প্ৰচণ্ড প্ৰকাশ
মোৰ কবিতা
মাথোঁ
দৈৱী আদৰ্শ বিচলিত
ভ্ৰান্ত স্খলিত মানৱৰ
আজি দেখি নিলাজ হীনতা
বিদ্যুৎৰোষে ঘনে
প্ৰকম্পিতা ৷
মই কবি
দেখুৱাব খোজা নাই গানে গানে মোৰ
শব্দ ছন্দ যোজনাৰ
অৰ্থভাব কল্পনাৰ
যাদুকৰী প্ৰয়োগৰ
বৰ্নভঙ্গ চাতুৰীৰ… অভিব্যঞ্জনা
মোৰ কবিতা
নিষ্পেষিতৰ যি
কলিজাৰ তেজ আহি
তাই ভৰি আঙুলিত
পিন্ধালে জেতুকা
যি তেজ উছলি উঠি
ৰঙা ফুল বছা কৰে
তাই পিন্ধা
ৰিহাৰে মেখেলা
যি তেজৰ উঠি জলকনি
তাইৰ কপালত
আঁকি দিয়ে মোৰ ৰঙা
চন্দনৰ ৰেঘা
পিন্ধি সেই ৰঙা জবা ৰক্ত কৰবী
তাই মাথোঁ
সুৰজিতা ৷
মই কবি
হীৰা জেউতিৰে জ্বলি
অন্ধৰ চকু ফালি
দেখুৱাব খোজা নাই
পোহৰৰ জিকিমিকি
চিকিমিকি নাচ
মোৰ কবিতা
জ্বলি উঠে
মাথোঁ তাই
আতুৰৰ আমন্ত্ৰণ পাই
নিজকে নিশেষ কৰি
আপোনাকে ছাই কৰি
পোহৰ বিলাই যোৱা
তাই শলিতা
মোৰ কবিতা ৷
কবি মই
কল্পনা বিলাসী হৈ
কল্পনাৰ বগা ডাৱৰৰ
মাজে মাজে উৰি ফুৰি
সোণোৱালী পুৱা সন্ধিয়াৰ
ফুলে ফুলে পাখী লগা
পখিলাটি হৈ
পাহৰিব খোজা নাই
বাস্তৱ সমস্যা নিষ্ঠুৰ
পাহৰিব খোজা নাই
জীৱনৰ কৰ্ত্তব্য কঠোৰ
পৃথিৱীত মাটি পানী
ধূলি বালি এৰি থৈ
হব খোজা নাও মাথোঁ
কল্পনাৰ সপোনৰ বাগীৰে বিভোৰ
মোৰ কবিতা
মহা কল্পনাৰ
দেশ মহাদেশ ফুৰি
গ্ৰহান্তৰ ঘূৰি ঘূৰি
বিচাৰি ফুৰিছে
নৱ সৃষ্টিৰ সূচনা
মহা কাল্পনিকৰ
চাবলৈ নতুন স্বৰূপ
কৰে তাই উগ্ৰ সাধনা
আজিৰ বেদনা মথি
কালিৰ অমৃতখিনি
তুলি দিয়া
তাই দুহিতা
মোৰ কবিতা ৷
কবি মই
সৌন্দৰ্য্য-বিলাসী হৈ
খোজা নাই পাতিব যে
সৌন্দৰ্য্যৰ যমুনাৰ
জোনালী বালিত
মনে গঢ়ি লোৱা মোৰ
কল্পনাৰ বৃন্দাবনত
পূৰ্ণিমাৰ দিনা পূৰ্ণবাস
দেখুৱাব খোজা নাই
সৌন্দৰ্য্যৰ নাচোন
বিনন্দ বিলাস ৷
মোৰ কবিতা
অভিভূত হৈ তাই বিশ্বব্যাপী সৌন্দৰ্য্যৰ
প্ৰশান্ত সন্মোহনত
ৰিণিকি ৰিণিকি শুনি
চিৰসুন্দৰৰ
বাঁহীটিৰ নি:শব্দ আহ্বান
থাকিব নোৱাৰি আৰু
আপোনাৰ সীমাৰ ঘৰত
চিৰসুন্দৰৰ
বিশ্বব্যাপী বিগ্ৰহৰ
দেৱতাৰ মন্দিৰলে’
আকুল বিকুল হৈ
তাই লৰি যায়….
সৌন্দৰ্য্য কালিকা লগা
তাই দেওধনি
চিৰসুন্দৰৰ
হাঁহিৰ লহৰ লাগি
ৰৈ ৰৈ কঁপে তাইৰ
স্থিৰ চকুমণি ৷
ধ্যানৰ মাজত তাই
লগ পাই
অৰূপ সুন্দৰ
দেখি তাৰ অনন্ত ধেমালি
তাৰে সতে উমলিবলে গৈ
তাৰে সতে লুকা-ভাকু খেলি
কত ছন্দে ভঙ্গে ৰঙ্গে
উঠিছে উতলি
কত লয়লাসে
ধেমালিৰ বিলাসে বিলাসে
তাইৰ কত ৰূপ ৰঙ্গ….
দেখুৱাই অঙ্গে অঙ্গে
মন্দ মধুৰ দ্ৰুত গতি
প্ৰশান্ত উচ্ছল
সুশান্ত সুচ্ছল
স্থিৰ আৰু অধীৰ
প্ৰাণৰ উচ্ছাসৰ
ফুটে প্ৰতিচ্ছবি
সাহিত্যৰ প্ৰসাধন
অলঙ্কাৰ… সাজেৰে
হয়ো-নহয়ো তাই সুসজ্জিতা
সোণাৰীশালত গঢ়া
ছন্দৰ জুনুকা পিন্ধিছেও নাই পিন্ধা
যুগ কাল বাজনাৰে নাই কৰা
ধৰাবন্ধ ঐক্য-সঙ্গত
কোনো ৰাগ-ৰাগিণীৰ
দীঘ-বাণী সূতাৰে….
খনীয়া বৈ
লোৱা নাই অঙ্গত
গ্ৰামৰ গণ্ডীত বান্ধ খাই থকা নাই তাই
সপ্তকৰ সীমান্ত
উচ্ছলি চলাই চৰণ
দেখুৱাই আলোকি বৰণ
তাল মান ৰাগ-ৰাগিণীৰ
নাচোনত ফালি চিৰি
বস্ত্ৰ অলঙ্কাৰ
দিগম্বৰী হৈ আত্মহাৰা ৷
পিন্ধি অভিনৱ ৰূপ অম্বৰ
ক্ষণে নৱ বস্ত্ৰে বিভূষিতা
ক্ষণে দেখুৱাই গৈ
যৌৱনৰ উলঙ্গ সম্ভাৰ
ক্ষণে বিভূষিতা হৈ
ক্ষণে ৷ণে অসংবৃতা
মোৰ কবিতা ৷
চিৰসুন্দৰৰ
হাঁহিত উপজি তাই
থিত ললে মোৰ অন্তৰত
সেউজীয়া পৃথিৱীত
সোণৰ পদুম কলি
ফুলাবলৈ নাচে তাই
আজি মোৰ মনৰ বনত ৷
তায়ে মোৰ
উদ্ভাসিত মনীষাৰ… প্ৰতিভাৰ
মহা কালিকা
নবীন দিনৰ তাই
প্ৰাণৰো প্ৰাণত জ্বলা
দিব্য-জ্যোতিকা
জ্বল্ হৈ আন্ধাৰত দীপান্বিতা
মোৰ কবিতা অ’
মোৰ কবিতা
মোৰ কবিতা!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)