যতীন্দ্ৰ নাথ দুৱৰা
কুমাৰ দীপক দাস
‘ তুমি মোক ক’লা কাণে কাণে
অতীতক নানিবা দুনাই
অতীতে মোহিনী বেশেৰে
দিলে হেনো অবাট চিনাই’
অসমীয়া সাহিত্যত সাহিত্য ‘অকাডেমী বঁটা ‘প্ৰাপ্ত প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱ ।আজি কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ স্মৃতিদিৱস ৷১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। বনফুলৰ কবি বুলি পৰিচিত অতি প্ৰিয় বিশিষ্ট কবি গৰাকীৰ দেহৱসানৰ এই বিশেষ দিনটোত তেখেতৰ পবিত্ৰ স্মৃতিত আমাৰ অন্তৰৰ গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰি শ্ৰদ্ধাৰে সুঁৱৰিছো ।
অসমৰ এইগৰাকী প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাদেৱ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগী আছিল ।দৰাচলতে দুৱৰাদেৱৰ সাহিত্য প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰাদেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ, আদি কবিসকলৰ দ্বাৰা তেখেত বিশেষভাবে প্ৰভাৱিত হৈছিল।
১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত জন্ম হোৱা দুৱৰাদেৱৰ পিতৃ শ্যামসুন্দৰ দুৱৰাৰ পাঁচজন পুত্ৰ আৰু দুগৰাকী জীয়ৰীৰ মাজত যতীন্দ্ৰ নাথ সবাতোকৈ কনিষ্ঠ পুত্ৰ আছিল।দুৱৰাদেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকা সময়তে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৪৮ চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰপৰাই ১৯৬০ চনত অৱসৰ গ্ৰহণ কৰে।
সাহিত্য কৰ্ম তথা গ্ৰন্থৰাজি
অনুবাদ কবিতা এটাৰেই সাহিত্যৰ বিশাল পথাৰখনত প্ৰথমটো খোজ পেলাইছিল যতীন্দ্ৰনাথ দুৱৰাদেৱে। সেইটো আছিল Twinkle twinkle little star ৰ অনুবাদ:
‘‘চিকিমিকি চিকিমিকি সৰু তৰাটি
কেনেকৈ শোভা কৰে ওখ আকাশত
চিকিমিকি কৰি কৰি হীৰাৰ দৰে জ্বলি
লাহে লাহে পৃথিৱীক দিছেহি পোহৰ।’’
যতীন্দ্ৰ নাথ দুৱৰাদেৱ চিৰকুমাৰ আছিল। কবি দুৱৰাদেৱৰ কবিতা সমূহত ব্যক্তিগত হা-হুমুনিয়াহ , ব্যৰ্থ প্ৰেমৰ কৰুণ স্মৃতি আৰু সাংসাৰিক দুখত অকলশৰীয়া ভাবৰ আক্ষেপেৰে পৰিপূৰ্ণ। তেওঁ লিখিছিল –
‘অকলে আপোন মনে বহি নিৰলাত
ৰচোঁ মই জীৱনৰ গান।
সঙ্গীহীন বিহগৰ আকুল সুৰত
আকাশত ভাহি আহে তান।’
দুৱৰাদেৱে ৰচনা কৰা ‘ওমৰ তীৰ্থ‘ অসমীয়া কাব্য সাহিত্যত চুফীবাদ বা চুফীতত্ত্বৰ সহজ সৰল আৰু সাৱলীল প্ৰকাশ। অসমীয়া কাব্য সাহিত্যলৈ তেওঁৰ আন এক অৱদান কথা কবিতা। তেওঁৰ কবিতাত টেনিশ্যন, শ্যেলী, গ্ৰে’, ৰুছো, খৈয়াম, আইভান, টুৰ্গেনিভ, হাফিজ আদি কবিতাৰ প্ৰভাৱ পৰিলক্ষিত হয় যদিও দুৱৰাই নিজস্ব শব্দ, ব্যঞ্জনা, উপস্থাপন ৰীতিৰে কবিতাসমূহক চুঁচি-মাজি ইমান নিমজ কৰি তুলিছে যে তাত সেই প্ৰভাৱৰ চিন বিচৰাটো কঠিন হৈ পৰে।
ব্যক্তিগত হা-হুমুনিয়াহ, ব্যৰ্থতা, কৰুণ স্মৃতি, সাংসাৰিক দুখ, স্মৃতিকাতৰতা, নিসংগতা আদি তেওঁৰ কবিতাৰ বিষয়বস্তু, কিছুমান কবিতাত আধ্যাত্মিক ভাৱৰ প্ৰকাশো দেখা যায়। তেওঁৰ কবিতাত ব্যক্তি পূজাৰ ছবি এখনো ৰিণিকি-ৰিণিকি দেখা যায়। শব্দবোৰক “বুকুৰ তেজৰ ওমনিৰে সজীৱ কৰি” কবিতাৰ সৃষ্টিৰে অসমীয়া কাব্য সাহিত্যলৈ অপৰিসীম বৰঙণি আগবঢ়োৱা কবি যতীন্দ্ৰ নাথ দুৱৰাৰ অতীতক যোৱাহে পাহৰি, নাযাবা পাহৰি, শূন্য পৰিচয়, তোমালৈ, সপোনৰ সুৰ, বাটৰুৱা, নাৱৰীয়া আদি জনপ্ৰিয় কবিতাসমূহৰ অন্যতম।
সৰল আৰু নিৰলঙ্কাৰ ভাষাৰে কবিতা ৰচনা কৰি প্ৰতীকৰ সহায়েৰে সুন্দৰ ভাৱে উপস্থাপন কৰিব পৰাটো আছিল তেওঁৰ কাব্য ৰচনাৰ যোগাত্মক দিশ।
গ্ৰন্থৰাজি
ওমৰ তীৰ্থ (১৯২৫)
কথা কবিতা (১৯৩৩)
আপোন সুৰ (১৯৩৮)
বনফুল (১৯৫২)
মিলনৰ সুৰ (১৯৬০)
এই গৰাকী স্বনামধন্য সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ ১৯৬৪ চনৰ ৫ জুলাইত মৃত্যু হয়।
05-07-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)