• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

কমতাপুৰ ধ্বংস কাব্য

by Anjan Sarma
February 24, 2024
in History, Heritage, Literature, Poetry
Reading Time: 21 mins read
0
কমতাপুৰ ধ্বংস কাব্য
Share on FacebookShare on TwitterShare on LinkedIn

কমতাপুৰ

শ্ৰীহিতেশ্বৰ বৰবৰুৱা প্ৰণীত

|| কমতাপুৰ ধ্বংস কাব্য ||

  শ্ৰীহিতেশ্বৰ বৰবৰুৱা প্ৰণীত।
যোৰহাট, আসাম

সন ইং ১৯১২

মূল্য পকা বন্ধা ১৸৹ সাত মহা। কেচা বন্ধা ১।৵৹ পাঁচ মহা দুঅনা

                      •••••••••••••

১৫৫ নং ••••••• কলিকাতা

মোছলেম প্ৰেছ

শ্ৰীনজিৰুদ্দিন আহমেদৰ দ্বাৰা

ছপা কৰা হল।

                       •••••••••••

                  কমতাপুৰ ধ্বংস
(কাব্য)

“Hold fast thy truth, Young Soldier.
Gentle Maiden, keep you your
promise, plight leave age
its subtleties.’’

–The Trial.

                কমতাপুৰ ধ্বংস কাব্য

 শ্রীহিতেশ্বৰ বৰবৰুৱা প্ৰণীত।
যোৰহাট, আসাম।

                           সমৰ্পণ

“Dear Mother, let thy tender care
Be graven on my heart.’’

     –Anonymous

   মৰমৰ আইতা,

তোমাৰ স্নেহৰ ইটো নহয় সুজনি;
“কমতাৰ ধ্বংশ” মাথোঁ পুৰণি কালৰ।
আভা মাত্ৰ সোঁৱৰণি। ই যে বনফুল,
তলসৰা ফুলে গথাঁ মালা পলাশৰ;
তোমাক যদিও দিওঁ হাৰ সুবৰ্ণৰ
মণি মুক্তাময় মালা গজ মুকুতাৰ।
ধম ৰত্ন হীৰকাদি, হয় কি সুজনি
বাৎসল্য স্নেহৰ মাতৃ?—স্নেহৰ তোমাৰ?
সকলো কৰিব পাৰে,—শুনা নাই ক’তো
ঋণমুক্ত হয় পুত্ৰ সুজি মাতৃ-ঋণ!
নহয় “কমতা’’ মোৰ নহয় সুজনি,
মাতৃ ভকিতৰ মাথোঁঁ আভা মাত্ৰ চিন॥
সাদৰে হাতত তুলি লোৱা মালাধাৰ,
হৰষিত হ’ব সৰুমইনা তোমাৰ।


      সৰুমইনা।

   ইতি। ১লা জানুৱাৰী ১৮৯৯।

                   ••••••••••••••

         কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী  বিলাপ কাব্য/প্ৰস্তাবনা

প্ৰস্তাবনা।*

এনে এটি জন প্ৰবাদ আছে, এজন বামুণৰ এটা বৰ দুষ্ট গৰখীয়া লৰা আছিল। এদিন সেই লৰাটো পঠাৰৰ পৰা ঘৰলৈ উলটি নহাত বামুণজনে বিচাৰি গই দেখিলে, সি এজোপা গছৰ তলত শুই আছে আৰু মুখত অলপ ৰদ পৰাত এটা ফেটী গোম সাপে ফেঁট মেলি তাক ছাঁ দিছে। বামুন জনে ইয়াক দেখি বৰ ভয় খালে। তেওঁক দেখা পাই সাপটো লৰ মাৰি পলাল। পাছে বামুণ জনে লৰাটোৰ ওচৰলৈ গই দেখিলে, তাৰ ***ল পদ্ম ত্ৰিশূল আৰু পদ্ম ৰেখা আছে।

ইয়াকে দেখি তেওঁ লৰাটোক জগাই ঘৰলৈ লই গল আৰু আৰু সেই দিনাৰ পৰা গাই ৰখা, ইত্যাদি হীন কৰ্ম্ম বিলাক তাক কৰিবলৈ ** ৰলে। পাছে এদিন তেওঁ তাক এই বুলি প্ৰতিজ্ঞা * যদি সি কেতিয়াবা ৰজা ভয় তেনেহলে তেঁওক মন্ত্ৰী *** কালক্ৰমে সেই বামুনৰ মন্ত্ৰণাতেই পাল বংশৰ শেষ জন ৰজা অতিশয় দুৰ্ব্বল হোৱাত তেওঁক ভাঙ্গি সেই গৰখীয়া লৰাটোৱেই ৰজা হ’ল।

এইটি সম্পূৰ্ণ কাল্পনিক কথা।

প্ৰকৃত পক্ষে ভাবি চাবলৈ গ’লে ৰাজ্যৰ দুৰ্বলতাৰ বাবে আৰু প্ৰজা বিলাক পৰস্পৰ বিৰোধা বিৰোধি হোৱাত এজন অজ্ঞাত-কুলশীল মানুহ ৰজা হোৱা কথাই এই কাহিনীৰ মূল বুলি বিশ্বাস হয়।

এই জনা ৰজাই পূৰ্ব্বৰ প্ৰতিজ্ঞা অনুসাৰে সেই বামুণজনকে মন্ত্ৰী পাতিলে আৰু নিজে নীলধ্বজ নাম লৈ, ‘কমতাপুৰ’ নামে ৰাজ্য পাতিলে।

* ৺ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰৰ ‘বুৰঞ্জী’ চাওক- নগৰ স্থাপন কৰিলে। কামৰূপৰ পশ্চিম অঞ্চলত ১২৫০—৬০ শকত এই নগৰ স্থাপন হোৱাৰ অনুমান হয়। নগৰৰ নাম অনুসাৰে নিজে “কমতেশ্বৰ” উপাধি লই সেই ৰজাই আপোনাৰ কুলীয়া “খেন”(১) বিলাক “সচ্ছুদ্ৰ” বা ভাল শুদিৰ বুলি প্ৰকাশ কৰি দিলে। নীলধ্বজৰ পাছত ক্ৰমান্বয়ে চক্ৰধ্বজ আৰু নীলাম্বৰ ৰজা হয়। নীলাম্বৰ ৰজাৰ মন্ত্ৰীজন এজন বামুণ। এই নীলাম্বৰে আমাৰ বৰ্তমান কাব্যৰ প্ৰধান নায়ক। এওঁকেই “নিলাম” আৰু কেতিয়াবা “নীল ৰজা” ও বোলে আৰু এওঁৰ কুঁৱৰীয়েই আমাৰ কাব্যৰ প্ৰধান নায়িকা। সম্ভৱতঃ ১৩৮৮–৯০ শঁকত নীলাম্বৰ ৰজাই ৰাজত্ব কৰে। এওঁ আহোমৰ “চুচেন্‌ফা” ৰজাৰে সম-সাময়িক ৰজা। এই সময়ত আহোম ৰজাই উজনি খণ্ডত ৰাজত্ব কৰে।

নীলাম্বৰ ৰজাই তেওঁৰ ৰাণীৰ সতে মন্ত্ৰীৰ পুতেকৰ আসক্তি আছিল বুলি সন্দেহ হোৱাত এদিন মন্ত্ৰীৰ পুুুুতেকক ধৰাই বধ কৰালে, আৰু তাৰ মাংস পহুৰ মঙ্গহ বুলি মন্ত্ৰীক খাবলৈ দিলে।
……………..
{(১) এই “খেন” বংশৰ বিষয়ে ‘গেইট’ চাহাবে তেওঁৰ History Assam ত এই দৰে লিখিছে:
“To what race the Khens belonged it is impossible to say. The great majority on the m have now been absorded in the ranks of other communities, The few who still retain the tribal names claim to be kayasths, and are said to betray in thei physiognomy a considerable infusion of Aryan blood, but this was probably received after their rise to power and a affords no clue to their origin.

•Gaits “History of Assam” page 41.}

তাৰ পাছত, ৰজাই মন্ত্ৰীক মতাই আনি পুতেকৰ মুৰটো উলিয়াই দেখুৱালে আৰু মন্ত্ৰীয়ে কি খালে আক পুতেকৰ অপৰধৰ কথা ভাঙ্গি পাতি ক’ই দিলে৷ পাছে মন্ত্ৰীয়ে শোকে বেজাৰে, পতি সংসৰ্গৰ নিমিত্তে প্ৰায়শ্চিত হই, সেই পাপ মোচনৰ অৰ্থে গঙ্গাতীৰলৈ গ’ল৷]

এই তীৰ্থ যাত্ৰা কেবল ছল মাত্ৰ আছিল৷ মন্ত্ৰীয়ে গৌৰ নগৰৰ নবাব হুচেন ছাৰ তালৈ গই মিছামিছিকৈ ৰাজ্যৰ দুৰ্ব্বলতা জনাই, পুত্ৰহন্তা নীল’মক প্ৰতিফল দিবৰ নিমিত্তে ভালেমান মুছলমান সেনা লই আহিলগৈ৷ সেই সৈন্যৰে সতে নীলাম্বৰ ৰজাৰ ঘোৰ যুদ্ধ হল৷ বাৰ বছৰ এই ৰণ থাকে, তথাপি মুছলমান বিলাকে কমতা সেনাক পৰাস্ত কৰিব নোৱাৰিলে৷

পাছে মুছলমান বিলাকে কেতবিলাক দোলাৰ ভিতৰত অস্ত্ৰে সইতে বহুত চিপাহি সুমুৱাই থই নীলাম্বৰ বজালৈ এই বুলি কই পঠালে, বোলে, “এতিয়া আমি ৰণ এৰি ভাটীলৈ যাওঁগৈ, কিন্তু যোৱাৰ আগতে আমাৰ তিৰুতা বিলাকে ৰাণীৰে সইতে চিনা পৰিচয় হব খোজে৷’’

নীলাম্বৰে এই কথাত মান্তি হোৱাত পাছ দিনা নগৰৰ ভিতৰলৈ দোলা বোৰ আহিবলৈ আজ্ঞা দিয়া হ’ল৷ পাছে যেতিয়া সকলো বিলাক দোলা আহিল তাৰ পৰা অস্ত্ৰধাৰী সৈন্য বিলাক ওলাই একে বাৰে নগৰ অধিকাৰ কৰি ৰজাক বন্দী কৰি পেলালে৷ ৰজাৰ লগে লগে কমতাপুৰ ধ্বংস পালে৷ ১৪২০ শকত কমতাপুৰত মুছলমানৰ জয় পতাকা উঠিল৷ বিভীষণৰ দোষত লঙ্কা আৰু ৰাক্ষস বংশ ধ্বংস পোৱাদি, মন্ত্ৰীৰ দোষত কমতাপুৰ আৰু “খেন’ বা ‘‘কমতেশ্বৰ’’ বংশ ধ্বংস পালে৷ ঠিক এই দৰেই ১৭৩৮—৩৯ শঁকত (ইং ১৮১৬—১৭ খ্ৰী:) বদনচন্দ্ৰ বৰফুকনৰ দোষত আহোম ৰাজ্য ধ্বংশ পালে।

এই ঐতিহাসিক প্ৰকৃত ঘটনাটিকে অবলম্বন কৰি “কমতাপুৰ ধ্বংশ বা সাদৰী” কাব্য ৰচনা কৰা হল। নীলাম্বৰ ৰজাৰ ৰাণীৰ নাম সাদৰী। সময়ত, বহুত কথা নতুনকৈ সৃজন কৰা হৈছে।

                  কিমধিকমিতি।

                           শ্ৰীহিতেশ্বৰ বৰ বৰুৱা।

                    ••••••••••••••••

                          পাতনি

পুথি লিখিলেই বোলে পাতনি লিখিব লাগে। আমিও পাতনি স্বৰূপে কেই শাৰী মান লিখিলো, মৰমীয়াল পাঠক-পাঠিকাসকলে যেন দ৷ই দোষ নধৰে, ইয়াকেহে গোহাঁৰী কৰিলো।

“বিৰহিণী বিলাপ কাব্য’ৰ “ওপৰঞ্চি” আৰু “সমৰ্পন” অংশটী বাদ দিলে, ‘তলসৰা ফুলৰ” সমুদায় লিখনি লিখোতাৰ চেঙ্গেৰা কালৰ লিখা। “বিৰহিনী বিলাপ কাব্য” ইং ১৮৯৬ চনত, আৰু “কমতাপুৰ ধ্বংস কাব্য” ইং ১৮৯৯ চনত।

অসমীয়া সাহিত্যত এনেকুৱা পুথিৰ কিবা বিশেষ আৱশ্যক আছেনে নাই, সেইটো লিখোঁতাই এতিয়ালৈকে থিৰাং কৰিব পৰা নাই। সেই বুলি তেও ইমান দিনে তেওঁৰ “তলসৰা ফুল’ প্ৰকাশ কৰিবলৈ আগবঢ়া নাছিল। সম্প্ৰতি তেওঁৰ কেইজনমান পঢ়াশলীয়া বন্ধুৰ বিশেষ আগ্ৰহ দেখি “তলসৰা ফুলৰ দুটী” প্ৰকাশ কৰিলে। এই সম্পৰ্কে আমাৰ পঢ়াশলীয়া বন্ধু সৰুচৰাই বাগিছাৰ ম্যানেজাৰ জীযুত শিবপ্ৰসাদ বৰুৱাৰ নাম বিশেষকৈ উল্লেখ যোগ্য। মৰমীয়াল পাঠক পাঠিকা সকলৰ পৰা এইদুটীয়ে মৰম চেনেহ পালে, ‘তলসৰা ফুলৰ” বাকি কেইটীও লাহে লাহে প্ৰকাশ কৰা যাব।

বৰ্ত্তমান সময়ত লিখোঁতা পৰাধীন, সময়ৰ বৰ নাটনি; পুথি খনি ঘূৰাই আকৌ এবাৰ চাবলৈ নাপালে এই বিষয়ে তেওঁ শেষ দুখিত।

লিখোঁতা সাহিত্য সমাজত একেবাৰেই নতুন আৰু এই ধৰণৰ কাব্যও সম্ভবতঃ বৰ্ত্তমান যুগৰ অসমীয়া সাহিত্যত এয়ে ——তে বিদেশত ছাপা হওঁতে, তেওঁ নিজে আহি কাকত চাব নোৱাৰাত, ও ছাপা হই থকা অৱস্থাতে লেখকৰ পত্নী বিয়োগ ঘটি মনোশান্তিৰ ব্যাঘাত জন্মি বিশেষ মনোযোগ দিব নোৱাৰাত, পুথি –ত অনেক খুঁত থাকি গল। সেই বিষয়ে মৰমীয়াল পাঠক পাঠিকা সকলে যেন দাই দোষ ক্ষমা কৰে, ইয়াকেহে খাটিলো।

শেহত কওঁ যে, কলিকতাত ছাপা হওঁতে “তলসৰা ফুল দুটী”ৰ লগত শ্ৰীযুত বোধনাথ পটঙ্গীয়া বি, এ, ডাঙ্গৰীয়াই অনেক পৰিশ্ৰম কৰিছিল। তেখেতৰ যত্ন নথকা হলে “তলসৰা ফুল দুটী”য়ে এনেকুৱা অৱস্থা বোধ হয় কেতিয়াও নাপালে হেতেন। সেই নিমিত্তে লিখোঁতা তেওঁৰ ওচৰত চিৰঋণী থাকিল। ইতি।

চকলাটিঙ্গা

                              ইতি
         শ্ৰীহিতেশ্বৰ

                   To The Muse.

“I sing
“Tho with faltering voice aid great Muse,

In this unequal task; but one kind word

O saddess, from thy lips, hath power to lead—

                       * * * *

Inspire my song, thy blessing I invoke.

O strengthen where I fail.”

                                          –R. V. R.

                         •••••••••••

                   কমতাপুৰ ধ্বংস কাব্য।

                        প্ৰথম সৰ্গ।

“Poesie, thou sweet’st content,
That are Heaven to mortals lent:
*  *  *  *
Though, thou be to them a scorn
That to nought but earth are born
Let my life no longer be
Than 1 am in love with thee.”
             —Dryden.

[১৫]
দুখময় সংসাৰৰ দাৰুণ দুখত
জ্বলা কলা প্ৰাণ মোৰ,—আই বীণাপানি।
কি ৰাতি কি দিন হায়! সৰে দুচকুত
শোকৰ চকুলো ঘনে তিয়াই পৃথিবী।
জ্বলিছে নিতউ জুই হিয়াৰ মাজত
দপ্ দপ্ কৰি, মাতৃ নাপাওঁ তৰণী!
তোমাৰ কাষত মই ললোঁহি আশ্ৰয়
সিকাৰণে, দয়াময়ি! চোৱাঁ চকুমেলি।

[ ১৬ ]
তেনে, সেই ঠাই কৰিছে বিৰাজ মাথোঁ
তোমাৰ কাষতে —তযু পদৰ ইয়াত।
কবিৰ ঈশ্বৰী তুমি,—কবিৰ জননী,-
শোকাকুল হিয়া যেৱে অভগা কবিৰ
কান্দে বিয়াকুল হই,—তুমি সি কালত
ঢালি দিয়া শাস্তিপানী,—শোকভৰা হিয়া
হয় পুন শান্তি ভৰা,—শান্তিৰ নিজৰা।
শান্তিৰ ঝৰণা দেবি। তোমাৰ কৰুণা
কুল্ কুল্ কুল্ কৰি বয় চিৰকাল;
অনন্ত অক্ষয় তাৰ শান্তি ৰূপী পানী
তাপিত নৰক কৰে শাত মন প্ৰাণ।
চেপিছে সঘনে টেটু দাসত্বৰ দোলে,
সতিনীৰ পুত্ৰ বুলি নাচায় কমলা
চকুমেলি মোক, মাতৃ!—জ্বলিছে হিয়াত
“দৰিদ্ৰ-দুখৰ জুই,”—বিৰহ-অগনি।
ভাই ভনী বান্ধৱৰ,—চেনেহী মাতৰ;
কি ৰাতি, কি দিন, হায়! নাপাওঁ তৰণী।
কৰুণা চকুৰে মাতৃ! চোৱাঁ চকুমেলি
দীনহীন প্ৰবাসীক, অযোগ্য পুত্ৰক।
দিয়াঁ ঢালি কৃপা কৰি শান্তি ৰূপী পানী
তাপিত হিয়াত মোৰ,–জ্বলে যি ঠাইত
দুখ শোক ধিকাৰৰ দাৰুণ অগনি।
বিতৰাঁ কৰুণা, আই! লওঁ নুমুৱাই
অন্তৰৰ জ্বলা জুই- ভুলি দুখ শোক

[ ১৭ ]
শান্তিৰে ভৰাও মোৰ বিয়াকুল হিমা।
কৰাঁ মাতৃ! কৃপা মোকো, মুছো দুচকুৰ
দুধাৰি চকুলো আজি,—হৰিষ মনত
দেশীয় বনৰ পৰা তুলি বন ফুল,
কাব্যৰূপী সুতে গাথোঁ মালা আলসুৱা।
নহওঁ মালীয়া আই! নাজানোঁ গাঁথিব
ভালকই মালা মই,—নাজানোঁ গাঁথনী
মন প্ৰাণ-মুগ্ধকৰ। তুমি দয়া কৰি
শিকাই দিয়াঁহে, আই! মই যাও গাঁথি।
গাথিম নতুন মালা, যদি কৃপা কৰা
তুমি আজি অধমক। কওঁ সকাতৰে,—
কঁৰা মাতৃ! কৃপা মোকো,—মোকো সি চকুৰে
চোৱা, চালা যি চকুৰে কবিকুল-গুৰু
বাল্মীকিক, আৰু মাতৃ! চাদি, হাফেজক।
দিয়াঁ আই। সেই সুধা,-যি সুধা ঢালিলা
কালিদাস চেক্ষপীৰ কবিৰ মুখত
অতি চেনেহৰে সতে,-মাকে যেনেকই
স্তন দিয়ে সন্তানক সন্তোষ মনত।
যদিও অযোগ্য মই,—যদিওবা মোৰ
নাই তেনে গুণ আই। কিন্তু যে তোমাৰ
মাতৃ স্নেহে ভৰা হিয়া, সকলো পুত্ৰতে
সম স্নেহ জননীৰ,—জ্ঞানী ব অজ্ঞানী।
নানা জাতি গজে গছ নইৰ পাৰত
কোনো দিয়ে সুধাফল,—কোনো বিষময়,—

[ ১৮ ]

কোনো সুগন্ধৰে ভৰা,—কিন্তু চোৱাঁ,—নই
ৰস দিবলই কাকো হয় কি বিমুখ?
হীন ভাবি যদি দেবি! দয়া নকৰিবা
আজি মোক,- হায়! তুমি ৰাখিব কি কৰি
“সন্তান-বৎসলা” নাম? দিবা কি প্ৰমাণ
মহত গুণৰ তযু? মহতৰ হিয়া
নোহে ভৰা পক্ষপাতে,—-সকলো সমান।
চোৱা মাতৃ! চন্দ্ৰ সূৰ্য্য জলিছে নিতউ
আকাশ-মাৰ্গত, অহা! ঢালিছে কিৰণ
সমভাবে সকলোতে (ৰাজ-মন্দিৰত,
দৰিদ্ৰৰ চোতালত,—সুন্দৰ ফুলনী,
কিম্বা হায়! মৰিশালী অগাধ বননী,
সকলোতে একে ভাবে)। মলয়া বতাহ
ৰিব্ ৰিব্ ৰিব্ কৰি বলে যেনেকই
ফুলনী মাজত দেবি! সেই একেদৰে
ধীৰে ধীৰে থাকে বলি গহীন শ্মশানে।
সিকাৰণে কওঁ মাতৃ! কৃপা কৰাঁ তুমি,
পুৰণী কলীয়া কথা আজি মই গাওঁ
নানা ছন্দময় সুৰে কমতাপুৰৰ।
নোগোৱালে তুমি আই! গাম কেনেকই?
মই যে নাজানো একো, -কবিৰ ঈশ্বৰি!
অধমক কৃপা কৰা চাই চকুমেলি।

                  •••••••••••••••

কমতাপুৰ ধ্বংস কাব্য

দ্বিতীয় সৰ্গ।

“Nor hath love’s mind of any judgment taste,
Wings, and no eyes, figure unheedy haste;
And therefore is love said to be a child,
Because in choice he is so oft begull’d.
         —shakespeare.

[১৯]
ৰিব্ ৰিব্ ৰিব্ কৰি বলিছে মলয়া
কমতাপুৰৰ সেই ৰাজ-উদ্যানত।
গোলাপী সখীয়ে স’তে সাদৰী কুঁৱৰী
লইছে সন্ধীয়া-বায়ু আনন্দ মনত।
ফুলৰ গোন্ধেৰে আজি ভৰিছে ফুলণী,—
কুঁৱৰীয়ে চিঙ্গে ফুল এপাহি দুপাহী,—
গোলাপ, মালতি, জাতি, বকুল বন্দুলী,
গাঁথে মনোৰম মালা অন্তৰ উলাহি।
মিচিকীয়া হাঁহি মাৰি সুৱলা মাতেৰে
গোলাপী সখীৰে স’তে কৰিছে ধেমালী;—
আনন্দেৰে ভৰা ৰাণী,-বয়স কোমল,—
বিষাদৰ ৰেখা তাত নেদেখি সমূলী।
ৰাণীত আজিও আহা! কৰিছে বিৰাজ
ছোৱালী কালৰ সেই সৰল হৃদয়;—

[ ২০ ]
সৰলতা ভৰা মুখ আজিও শোভিছে,—
কালৰ চক্ৰতো একো হোৱা নাই লয়।
ছোৱালী কালৰ ৰঙ্গ এতিয়াও আছ,—
ফুল চিঙ্গি, মালা গাঁথি পিন্ধালে গছক
ঠালে মূৰে, গোট গাই ধাৰ ধাৰ কৰি,—
অপূব সাজেৰে গছ ৰমক-জমক।
সজালে-পৰালে গছ,—বহিল তলতে
সথীয়ে সইতে দুয়ো হৰিষ মনত,—
উলিয়ালে “দৰা-কন্যা” (ওমোলা পুতলি!)
বিয়া দিলে দুয়োটীৰ কত আনন্দত।
কুঁৱৰী “কন্যাৰ” মাক,—গোলাপী “দৰা”ৰ,—
সখী হৈও, দুয়ে আজি “বিয়ণী” পাতিলে;
বহু হাবিয়াস কৰি, অতি যতনেৰে
“কণীয়া দানৰ ভোজ” বালিৰে ৰান্ধিলে।
ৰান্ধি বাঢ়ি বালি-ভাত” সাদৰী কুঁৱৰী
জী-জোঁৱাই দুয়োটাকে খুৱালে-মেলিলে,—
জীয়ৰী দিবৰ হলে, মাকে যেনেকই
কান্দে,—সেই দৰে ৰাণী বহুত কান্দিলে।
এৰি দিলে “মায়া-কন্দা” হাঁহিলে মিচিকি,—
হাঁহি এৰি পুত্ৰ, তেওঁ ক’লে গোলাপীক,—
“আজলী ছোৱালী মোৰ, জনিব বিয়ণি!
শিকাই-বুজাই তুমি ল’বা বোৱাৰীক।
একোকে নেজানে মোৰ কোমল ছোৱালী,—
পুতেৰাক ক’বা, যেন নামাৰে নাকটে,—

[ ২১ ]
যদিহে মাৰিব, মই পাম বিৰগতি,
তোমাকো পাৰিম গালি, য’তে পাওঁ তাতে৷
আনিম ছোৱালী কাঢ়ি,—নাক কান কাটি
পুতেৰাক সাৰ মেলি থ’ম দলনীত;
তেতিয়া জানিবা মই কেনুৱা বিয়নী;
নকৰিবা অভিমান মোৰ ছোৱালীত৷”
এই বুলি—হাঁহি পুনু কলে কণীযাক
(পুতলী জীয়াৰীটীক)—“নাকান্দিবি,—আই৷
জী হ’লে যে দিব লাগে শাস্ত্ৰৰে যুগুত,
নোৱাৰে মাৰিব তোক ভেকোলা জোঁৱাই’৷
এই বুলি খিল্‌ খিল্‌ হাঁহিলে কুঁৱৰী,
খিল্‌ খিল্‌ শবদত ভৰিলে ফুলনী;
উলাহেৰে ভৰা ৰাণী,—“কিন্তু গোলাপীৰ
নোলাল মুখত হাঁহি অলপো একনি৷
নহঁহা নমতা দেখি চেনেহী সখীক
ওবিলে ৰাণীয়ে,—”সখি! কোৱাঁ কিনো হ’ল?
হাঁহা দেখোঁ আনকাল, কিয় আজি নাই
সেই হাঁহি? চকু দুটা কিয় ছল-ছল?
কান্দো-কান্দো কি মুখ? কোৱাঁ সখি! কোৱাঁ,—
কি দুখত হ’ল আজি বেজাৰ মনত?
নেভাবিবা, বধ লাগে! কোৱাঁ সঁচাকই
কি শোকৰ ছবি আজি খেলে অন্তৰত?
“কিনো ক’ম, সখি?” দুখে ক’লে গোলাপিয়ে,
“জানা সকলোটী তুমি, —কি ক’ম দুনাই?

[ ২২ ]
ক’বলই লাগে লাজ, হৃদয়ৰ পৰা
নন্দৰ ছবিটী মোৰ আঁতৰি নাযায়।
কিনো যে মোহণী মাৰ মোহিলে নন্দই,—
নোৱাৰোঁ বণিব, সখি! কতনো যতন
কৰিছোঁ ৰাতিয়ে দিনে তেওঁক ভূলিব,
নোৱাৰি ভূলিব,—ভূলি, নাথাকে জীৱন”।
এই বুলি টোপাটোপে টুকিলে চকুলো
দুখেশোকে গোলাপীয়ে হুমুনীয়া কাঢ়ি।
ৰাণীৰ কোমল হিয়া,—সখীৰ দুখত
বিষযাদে পৰিল ভৰি, শুনি কথা সাৰি।
বিষাদ মনেৰে তেও ক’লে গোলাপীক,—
“কিয় কান্দা সখি? তুমি দুখ নকৰিবা
নকলোঁ তোমাক মই সেই দিনা খনে,—
পাহৰাঁ তেওঁক তুমি আৰু নাভাবিবা।
নন্দ যে বামুণ, সখি! মন্ত্ৰীৰ পুতেক,
অতুল ঐশ্বৰ্য্যে-ভৰা, তুমি শুদিৰনী,—
বিশেষত ধনহীনা; পাবা কেনে কই
তাক তুমি? কিয় সখি! এনুৱা ভাবনী?
তুমি যে বাওনা সখি! কিয় আশা কৰা
ধৰিব’ আকাশী জোন? লেঙ্গেৰা যে ভৰি,
পৰ্ব্বত লঙ্ঘিব তুমি খোজা কেনেকই?
মিছাতে দুৰাশা এনে কিয় থাকা কৰি?
প্ৰণয় পৰমধন, স্বজাতীয়ে স’তে
যদি হয়,—নতু সখি! বিহ হলাহল!

[ ২৩ ]
নন্দৰে সইতে প্ৰেম পবিত্ৰ নহয়,
তাকে ভাবি কিয় তুমি এনুৱা চঞ্চল?
নন্দ যে বামুণ সখি! তুমি শুদিৰণী,
তোমা-দুয়োটীৰ প্ৰেম পানীৰ লিখন
নাথাকে সদাই ইটো,—শেষ হব সখি!—
নাকান্দিবা অকথাত,—নহবা বিমন।”
গালি পাৰা, পাৰা সখি! মাৰা যদি মাৰাঁ,”
দুখে হুমুনীয়া কাঢ়ি গোলাপীয়ে কয়,—
“নকবা কিন্তু হে সখি! ভূলিব তেওঁক
(প্ৰাণৰ নন্দক মোৰ) হৃদয়ে নসয়।
তেওঁক তুলিম সখি? কিৰূপে বুলিলা?
শেল মাৰি কিয় মোৰ হৃদয় বিন্ধিলা?
দেখুৱাব পৰা হ’লে হিয়া খনি ফালি
কৰিলোঁ হেতেন আজি হৃদয় ৰাঙ্গলী।
দেখালোঁ হেতেন, তুমি পালা হয় দেখা,
তেওঁৰ ছবিটী মোৰ হাৰে হাৰে লেখা।
নলিনীয়ে ভূলে যদি দেৱ দিবাকৰ,
যদি ভূলে কুমুদিনী জোন মনোহৰ,
ভূলিব তথাপি সখি! নোৱাৰো নিশ্চয়,
প্ৰাণৰ নন্দক ভুলি পৰাণ নৰয়।
কি ঘটিব মোৰ সখি! নন্দকেই যদি
ভূলিব নোৱাৰোঁ? হায়! কিবা হব গতি?”
“নোৱাৰিবা যদি সখি! ভুলিব নন্দক
সখীলই চাই ধীৰে কুঁৱৰীয়ে কয়,—

[ ২৪ ]
“কান্দিব লাগিব তুমি চিৰ জীবনত,
নোপোৱা তেওঁক কিন্তু, জানিব নিশ্চয়।
শুদিৰনী তুমি সখি! বামুনক পতি
নোপোৱা; তোমাৰ হব তপোবনে গতি,—
কিম্বা মৃত্যু (আত্মহত্যা); জ্বলিব হিয়াৰ
বিৰহৰ জুই, হব অৰণ্যে তোমাৰ
গতি, তপসিনী বেশে আশ্ৰম-তলত
কটাব লাগিব কাল শোক সঙ্গীতত।
সাধ্বী যি উপেক্ষা কৰি সুখ তোশ-ধ্বনী
সিদৰে সাজিব পাৰে যৌৱনে যোগিনী।
জগতত ধন্য সেই, ঘি পুষ্প ৰতন
নিৰ্জ্জনে বনত বহি
নিজে ফুলি, নিজে জহি
গোন্ধত মোহিত কৰে মানুহৰ মন।
কিন্তু সখি! কথা শুনা, পাহৰাঁ নন্দক,
নেলাগে পিন্ধিব তুমি বেশ যোগিনীৰ;
কেচুৱা নোহোৱা তুমি, বঢ়া-বুজা সখি!
কিয় হোৱা বিয়াকুল, এনুৱা অধীৰ।
কিয় অত চিন্তা কৰা? আপোনা-আপুনি
চিন্তা পিশাচীৰ তুমি কিয় হোৱা বলি?
চিন্তা অগণিত কিয় পেলোৱা লেৰেলা
অকালত হায় সখি! ফুল ঢোপাকলি?”
“হায় সথি! কোনে বাৰু”— কয় গোলাপীয়ে,—
“নিজে ইচ্ছা কৰি দিয়ে আপোনাক বলি

[ ২৫ ]
চিন্তাৰূপী পিশাচীৰ ভয়ঙ্কৰ মুখে?
কোনে পৰে অগণিত নিজে নিজে হলি?
কিন্তু সখি! মন মোৰ নহয় অধীন,
মনৰ অধীনী মই; নােৱাৰোঁ ভুলিব
একোতে নন্দক হায়! পাওঁবা নাপাওঁ,
তেওঁৰ ছবিটী মোৰ নিতউ থাকিব।
যি যি ক’লা তুমি সখি! মিছাও নহয়,
নেমানে মাথোন মােৰ অবোধ হৃদয়
শুনিছিলোঁ কিন্তু হায়! তাহানি কালত
কইছিলে তেওঁ মােক ফুলনী মাজত
প্ৰণয়ে মনেৰে চাব চকুৰে নাচায়,
কামদেৱ জানে অন্ধ চকু তাৰ নাই।
নাই প্ৰণয়ৰ ৰুচি, নাই সুবিচাৰ,
পাখী আছে, চকুনাই আকৃতিটী ত’ৰ,
কেচুৱা লৰাৰ দৰে প্ৰণয় সৰল,
বাচি লােৱা শক্তি তাৰ নিচেই দুৰ্বল।
বিধতাৰ বিধি সখি! বুজিব নোৱাৰোঁ,
ইতিহাস, উপন্যাস, যেতিয়া যি পঢ়াঁ,
যতে চাওঁ ততে পাওঁ নিতউ প্ৰমাণ
প্ৰকৃত প্ৰেমৰ সোঁত নবলে সমান।
নপৰে সমান বংশ কিম্বা জাতিকুল,
প্ৰকৃত প্ৰেমত সখি! চিৰকালে ভুল।
তুমিও যে পঢ়িছিলা তাহানি কালত,
প্ৰকৃত প্ৰেমত নাই ৰূপহ কুচ্চিত,

[ ২৬ ]
নাই জাতি, নাই কুল, নাই ভালবেয়া
নাই তাত সৰু বৰ জ্ঞান হিতাহিত।
যদি সেয়ে হয় সখি! কিয় নাকান্দিম?
নন্দক সুঁৱৰি কিয় নহম অধীৰ?
কিয়নো এৰিম আশা? কিয় অকালত
ভাঙ্গিম স্নেহৰ মােৰ সুখৰ মন্দিৰ?
কাব্য কবিতাৰ কথা যদি সঁছা হয়,
কিয়নো নাপাম মই স্বোৱামী নন্দক?
কি কৰিব জাতি কুলে? পাৰিবনে সখি!
বাধা দিব কিবাৰূপে প্ৰকৃত প্ৰেমক”?
“নকৰাঁ বিশ্বাস সখি! কাব্য কবিতাক”
সুৱলা মধুৰ সুৰে কুঁৱৰীয়ে কয়,
“কবি যে বলিয়া হায়, বলিয়ালি ভৰা
হিয়া তাৰ, তাৰ কথা কোনেনো বা লয়?
মিছাৰ ভঁড়াল কবি, মিছা মিছি কই
আকে কত ছবি সখি! কৰি মনােহৰ,
এনুৱা সৌন্দৰ্য্য দিয়ে, নােপােৱা বিচাৰি
যেনেকুৱা শোভা হায়! ক’তাে জগতৰ।
যেনুৱা প্ৰকৃত ৰূপ, তেনে শত গুণ
বঢ়াই যে আঁকে কবি মােহকৰী ছবি।
তেনুৱা ছবিত তুমি কিয় ভুলা সখি?
কবি যে বলিয়া হায়! মিছলীয়া কবি—
বৰ্ণাব এনুৱা সুখ, অমৰা পুৰতো
নাই যিটো ক’তো; সখি! কবি মিছলীয়া!—

[ ২৭ ]
তেনুৱা সুখত তুমি কিয় যোৱা মোহ?
জনা-বুজা তুমি সখি! থিৰ কৰা হিয়া।”
কুঁৱৰীৰ কথা শুনি কলে গোলাপীয়ে
“যি যি ক’লা তুমি সখি, সকলো বুজিলোঁ,
কিন্তু যে কিৰূপে মই ভূলিম নন্দক,
তাৰে মাথোঁ একো হায়! বুদ্ধি নেদেখিলোঁ।
যিমানে বুজোৱা সখি, যিমানে শিকোৱা,
নুবুজে, নিশিকে একো অথিৰ হৃদয়ে।
পাওঁ বা নাপাওঁ হায়! স্বোৱামী তেঁওক,
পৰাণ ত্যজিম মই সেই নাম লৈয়ে।
নিৰ্জ্জন বনত ফুলি নীৰলে জহিম,
কঙ্গালিনী বেশে কান্দি বনত ফুৰিম।
তথাপি ভুলিব মই নোৱাৰোঁ তেঁওক,
যিমানেই হক সখি! মোব দুখ ভোগ।
একো হানী নাই সথি! নেদেখিব বিয়া
জগতে তেঁওৰে মোৰে, অন্তৰে অন্তৰে
বিয়া যে গইছে হই আমাদুয়োটীৰ!
ভাবিলে সি কথা হায় চকু পানী পৰে।
তেঁওকে স্বোৱামী ভাবি দেবী-মন্দিৰত;
চিৰ তপসিনী বেশে ভ্ৰমিম বনত।
বিৰহৰ গাম গীত শোক-তাপ হৰা;
প্ৰকৃত প্ৰণয় সখি! বিপদেৰে ভৰা।
প্ৰেমত কাঁইট আছে, লিখা বিধতাৰ;
মিছাতে ব্যাকুল হয় হৃদয় আমাৰ।

[ ২৮ ]
জানিলোঁ বিপদহীন সুখ নাইকিয়া,
প্ৰেমত কাঁঁইট সখি! চিৰ লগৰীয়া।
যেতিয়া তেঁওৰে স’তে দেখা দেখি নাই,
আছিলে নগৰ মোৰ অমৰাৰ ঠাই।
নাজানো প্ৰেমত কিনো আছে বিদ্যমান,
কৰিলে সি স্বৰ্গ মোৰ নৰক সমান।
কিনো যে সোমাল সখি! অন্তৰত মোৰ,
নাই শান্তি, নাই সুখ, চিন্তা দোৰ-ঘোৰ।
ইয়াত নবহে মন তোমাৰ লগত,
উৰোঁ উৰোঁ কৰে প্ৰাণে তেঁঁওৰ কাষত।
বসন্ত কালত সখি! বলিলে মলয়,
কৰিলে কুলিয়ে ‘কুউ’ কেনে সুধাময়।
তাতো কৰি সুমধুৰ সখি হে। তেওঁৰ,
সুৱলা সুৱলা কথা অমিয়া মধুৰ।
এতিয়াও আছে বাজি দুখনি কানত
তেনুৱা মধুৰ কথা। হৃদয়-ফলিত
আছে সেই ছবি অঁকা,—কিৰূপে ভুলিম?
ভাবিলে “ভূলাৰ কথা” কান্দে মন চিত।
কিবা বাজ ভিতৰত, অৰণ্য, পঠাৰ,
শীতল ছঁয়াৰ তলে, কিম্বা নই পাৰ,
সকলোতে নিতে সখি! তেঁও মোৰ ধ্যান,
তেঁও ইষ্টদেৱ ধন, তেওঁ মোৰ প্ৰাণ।
পৰিছে মনত সখি! তাহানি এদিন
শুনিছিলোঁ সুখে মই সুৱলা সঙ্গীত

[ ২৯ ]
তেওঁৰ মুখত, বহি নইৰ পাৰত
সন্ধিয়া বেলিকা দুয়ো আনন্দ মনত।
ঠউকী-বাঠুকী ঢউ সি সুৱলা গানে
ধৰিলে প্ৰশান্ত ভাব, আকাশৰ তৰা
পৰিছিল যেন খহি উন্মত্তৰ দৰে
তেঁওৰ মুখৰ শুনি মধুৰ সঙ্গীত।
আৰু কত কথা সথি! পৰিছে মনত,—
ভাবিলে পৰাণ মোৰ বিয়াকুল হয়!
জনমে এনুৱা ভাব, লই দুটী পাখী
তেঁওৰ কাষত যেন উৰি পৰোঁ গই।
নহ’লোঁ চৰাই সখি! হলো যে মানুহ,
নাইকিয়া পাথী হায়! নোৱাৰো উৰিব।
তীৰ্থলই গই তেঁও আছে বিদেশত,—
কেনে কই পাম সখি! তেঁওক দেখিব?
গইছিলে কই তেও যাবৰ কালত
ফুৰাই লাহৰী হাত দুখানি গালত,
চিঠি দি থাকিবা প্ৰিয়ে! যদি কাকো পোৱা
(তীৰ্থ-যাত্ৰী কমতাৰ) গঙ্গালই যোৱা।
পমিলী বুঢ়ীয়ে কলে—কাইলই হেনো
কোনোবা কোনোবা বোলে যায় গঙ্গালই।
সিহঁতৰ হাতে সখি! দিওঁছো এখন,—
চিঠি লিখি মোৰ হই দিবা ভালকই।”
“একো কথা নাই সখি!” কলে কুঁৱৰীয়ে,
দিম মই চিঠি লিখি, তুমি কই যোৱা

[ ৩০ ]
কি লিখিব লাগে মাথোঁ এটী দুটী কই;―
অথিৰ নহবা সখি! থিৰ হই কোৱাঁ।”
দুধাৰী চকুলো মুছি ধীৰ ধীৰ কই
গোলাপীয়ে কুৱঁৰীক কবলৈ ধৰিলে
এটী দুটী কৰি কথা, একান্ত মনেৰে
কানপাতি ৰাণীয়েও সকলো শুনিলে।
শুনি বুজি ল’লে কথা ক’লে কুঁৱৰীয়ে
“বাৰু সখি! আজি ৰাতি মই লিখি থ’ম
চিঠি খনি,―ৰাতি পুৱা লই যাবা তুমি,―
যোৱা ঘৰলই আজি নহবা বিমন।
এই বুলি দিহাদিহি গ’ল দুয়ো সখী
নিজা নিজা ঘৰলই তিয়াগি ফুলনি।
যেন দুটী দেৱকন্যা আপোন ৰূপত
কৰিছিলে ফুলবাৰী ৰূপহ-শুৱনী।

                ••••••••••••

                     তৃতীয় সৰ্গ।

“Oh I had the wings of a dove
How soon would I taste you again.”
         —Cowper

[৩১]
নীৰৱ দুপৰ নিশা, কমতা নগৰ
নীৰৱতা ভৰা, নাই কাৰো ক’তো মাত,—
সকলো নীৰল, মাথোঁ নিশাৰ বতাহ,
এটী দুটী মাজে মাজে লৰাইছে পাত।
গোটেই নগৰবাসী, কি ৰজা কি প্ৰজা,
সকলোটী টোপনীৰ কোলাত মগন,
ৰজাৰ চ’ৰাত মাথো আছে “নিশা-চোৱা”
ইফাল সিফাল কৰি সাৰেৰে দুজন।
শোৱনী কোঠাত আজি ৰজাৰে সইতে
শুই আছে কুঁৱৰীয়ে কোমল শয্যাত।
কিবা মনোহৰ শোভা, কিবা অপৰূপ,—
দেবেন্দ্ৰে সইতে শচী যেন অমৰাত।
অপূৰ্ব্ব সৌন্দৰ্য্য যদি চাব খোজা আজি,
আমাৰে সইতে তুমি আহাঁ, হে পাঠক।

[ ৩২ ]
চোৱাঁহি সোমাই কোঠা, লাৱণ্য মধুৰ,
চাই কৰাঁ আপোনাৰ নয়ন সাৰ্থক।
“ৰজাঘৰ” বুলি তুমি নকৰিবা ভয়,
লেখক, পাঠক পাৰে আহিব ইয়াত।
কি স্বৰগ, কি নৰক, কি পাতাল পুৰি,
যাওঁ আমি সকলোতে, পৰ্ব্বত-গুহাত।
নাই ক’তো এনেকুৱা গোপনীয় ঠাই,
নোৱাৰে যলই যাব লেখক পাঠক।
নিৰ্ভয় মনেৰে তুমি চোৱাঁহি সোমাই
মনোহৰ ৰূপ, কৰা জীৱন সাৰ্থক।
ৰাতি হ’ক দিন হ’ক, যেতিয়াই হয়,
আমি দুয়ো পাৰোঁ যাব সকলো ঠাইতে।
কাৰো সাধ্য নাই ক’তো বাধিব আমাক,
কিয় কৰা ভয় তুমি, পাঠক! মিছাতে?
এনেকুৱা ভয়াতুৰ নহ’বা পাঠক!
সাহসে ভৰোঁৱা হিয়া পুৰুষৰ দৰে।
লেখক, পাঠক পাৰে আহিব ইয়াত
“নিশা-চোৱা” ৰখিয়াই একোকে নকৰে।
আাহাঁছো। পাঠক! তুমি সৌৱা চোৱাঁহিছো,
ধীৰে ধীৰে ভয় মনে উঠিল কুৱৰী
ৰজাৰ কাষৰ পৰা, লেখনী চিয়াঁহি,
এডোখৰ সাঁচি পাত আনিলে বিচাৰি।
জানো, ৰজা সাৰ পাই, এই ভয় মনে,
শঙ্কাৰে ভৰাই হিয়া কৰি লৰালৰি,

[ ৩৩ ]
(গইছিলে যি যি কই গোলাপী সখীয়ে)
লিখিব ধৰিলে চিঠি তেনেকুৱা কৰি:—
“পৰাণৰ নন্দ মোৰ! হৃদয় দেৱতা।
কিয় হলা প্ৰাণনাথ এনুৱা নিৰ্দ্দয়?
নেদেখি তোমাক মোৰ কান্দিছ পৰাণ,
বিৰহৰ জুযে হায়। দহিছে হৃদয়॥
যি দিনাই গলা নাথ। তুমি তীৰ্থলই
সি দিনা অবধি সুখ নাই অভাগীৰ!
মৰিশালী যেন লাগে এই ৰাজপুৰি,
নবহে একোতে মন হৃদয় অথিৰ!!
চৰাইৰ দৰে হায়। যদি দিলে হয়
আমাকো ঈশ্বৰে পাখী, তোমাৰ কাষত
উৰা মাৰি গই মই পৰিলো হেতেন
আকাশত কৰি ভৰ, উলাহ মনত।
নহলোঁ চৰাই নাথ, অৱলা তিৰুতা
কেনেকই পাম হায়! তোমাৰ কোষৰ,
অমিয়া শান্তিৰে ভৰা সুখময় ঠাই?
সি শোকে কান্দিছে ঘনে অথিৰ অন্তৰ।
কিন্তু যে নাজানো নাথ! মই যেনেকই
কান্দিছোঁ ইয়াত আজি তোমাক সুৱৰি,
কান্দিছা কি সেই দৰে ভাবি অভাগীক
তুমিও সি বিদেশত বিৰহত পৰি?
নহয়, নহয় নাথ। মই ভবা ভূল,
পুৰুষৰ হিয়া হায়! শিলেৰে বন্ধোৱা

[ ৩৪ ]
বিৰহৰ জুয়ে তাক নোৱাৰে দহিব,
সি কাৰণে তুমি একা সঁতাপ নেপােৱা।
ভাবা বা ভাবা মােক, পােৱা বা নোপােৱা
বিৰহৰ তাপ তুমি শিল হৃদয়ত,
সি কথা নালাগে মােক। কিন্তু মই নাথ!
তােমাকে নিতউ পূজা কৰিছোঁ মনত।
তুমি আকশৰ জোন মই যে চাকই,
চাকইক জোনে ভাল প’ক বা নপক,
চিৰকাল চায়েতো অন্তৰে সইতে
ভাল পাব তেওকেই (আকাশী জোনক)।
কোনাে কোনাে লােকে, সছা, কওঁতেও কয়,
চকুৰ আঁতৰ হ’লে মনৰাে আঁতৰ,
কিন্তু প্ৰাণ নাথ! তুমি জানিবা নিশ্চয়,
সি কথা যি কয়, তাৰ নিৰ্ব্বোধ অন্তৰ।
যদি সেয়ে হয় নাথ! আছাতাে আঁতৰি
দাসীৰ চকুৰ পৰা আজি অত দিনে
নাই হােৱা কিয় তেনে মনৰো আঁতৰ?
কিয় আনে সোঁৱৰণী সঘনে সঘনে?
মানস ফলিৰ পৰা কি কাৰণে নাথ!
নুগুছে তােমাৰ ছবি পট মনোহৰ?
কিয় কান্দে মন প্ৰাণ সুৱৰি তােমাক,
জ্বলে কিয় দিন নিশা জুই বিৰহৰ
যতে থাকা ত’তে থাকা যিমানে আঁতৰি,
নােৱাৰোঁ একোতে মই তােমাক ভূলিব;—

[ ৩৫ ]
যেতিয়াইকে প্ৰাণ থাকিব দেহাত,
তােমাৰেই ছবি অঁকা হিয়াত থাকিব।
আকাশত থাকে সূৰ্য্য,—চন্দ্ৰ মনােহৰ,
পদুম ভেঁটৰ ফুল থাকে মৰতত,
কিন্তু নাথ সেই বুলি, কমিছে কি কাৰো
ভাল পোৱা কিহবাত, কাৰৰ অন্তৰত?
যত দিন ই দেহাত থাকিব জীৱন,
যত দিন মই নাথ! থাকিম মৰ্ত্ত্যত,
শিৰৰ মাজে দি’ ব’ব যত দিন মােৰ
বিন্দুমাত্ৰ তেজ,—তুমি থাকিবা মনত।
আহাহা! জানিলো নাথ! বুজিলো এতিয়া,
লােৰ শিকলিত কই প্ৰেমৰ বন্ধন
শত গুণে গুৰুতৰ, যাক অনায়াসে
প্ৰেমিকে দিঙ্গিত পিন্ধি আনন্দ মগন।
লাহৰী গোলাপ ভাবি বহু হাবিয়াসে,
আজলী তিৰিয়ে তাকে পিন্ধে যে দিঙ্গিত;
মনে মনে ভাবে সুস্থ থাকিব নিতউ,
কিন্তু পাছে বিৰহত দহে মন চিত।
নেৰিম তােমাৰ সঙ্গ, আছিলে মনত
নিতে নিতে চাম মুখ ভােমাৰ বিৰলে।
এতিয়া সি আশা মােৰ গল চিগি-ভাগি,
নেদেখি তোমাক নাথ! হিয়া নিতে জ্বলে!
তোমাৰ বিৰহ ৰূপী জ্বলা অগণিত
হিয়া পুৰি ছাই কৰি নিয়াইছোঁ কাল।

[ ৩৬ ]
তিল মাত্ৰো নাই সুখ খাওঁতে-শােওেঁত,
অমৃততো নাই ৰুচি,—নালাগে যে ভাল।
কিন্তু নাথ! এটী কথা,—যেই দিনা তুমি
এৰি গলা দুৰ্ভাগীক অকলে অকলে;
সি দিনা অৱধি হায়। গোটেই জগতে
শতৰুৰ দৰে মােক হিংসিছে বিৰলে॥
চন্দ্ৰ বােলে সুধাকৰ, চন্দ্ৰৰ কিৰণ
সুশীতল বুলি দেখাে জগতেই কয়—
কিন্তু সেই জোনে আজি দিছে নানা দুখ
ছল পাই, প্ৰাণনাথ! দহিছে হৃদয়!
জগতৰ চকু সূৰ্য্য,—গােটেই জগত
সূৰুযে পােহৰ কৰে; কিন্তু মােৰ হিয়া
ঘোৰ এন্ধাৰেৰে ভৰা; সিদিনা অৱধি
অলপো পােহৰ হায়! দেখা নাইবিয়া।
বসন্ত কালত নাথ! দুৰন্ত ঋতুত
কুউ কুউ কৰি কুলি কৰে উপহাস
হাঁহি মনে চাই মােক,—জ্বলিছে পৰাণ।
নেদেখোঁ উপায়! হলো আশাত নিৰাশ।
দক্ষিন ফালৰ পৰা বলিছে মলয়া
ৰিব্‌, ৰিব্‌ কৰে, লই সুগন্ধ ফুলৰ।
দিছে শান্তি সুধা ঢালি কাৰৰ অন্তৰত,
কিন্তু হলাহলে মোৰ দহিছে অন্তৰ।
মুঠতেই কওঁ নাথ! আপদ কালত
ঔৱে খজুৱায় মােৰ অভাগীৰ গলা।

[ ৩৭ ]
নিউ জ্বলিছে মোৰ বিৰহ অগনি,
অথিৰ-অবিৰ মন, হিয়া জ্বলা-কলা।
বলিয়ানী মই আজি, মনো যে অথিৰ,
যিহকে আহিছে তাকে লিখিছোঁ চিঠিত,
নধৰিবা দোষ যেন এয়েই গােহাৰী
কৰিলোঁ তােমাৰ নাথ! চৰণ দুটীত।
অন্ত হল চিঠি মােৰ, আৰু কি লিখিম?
আশা কৰোঁ যেন নাথ! শীঘ্ৰে ঘৰলই
আহাঁ তুমি ভালে কালে, মোৰ অন্তৰৰ
বিৰহ এন্ধাৰ ঘােৰ আঁতৰাই থই।
নাপাহৰাঁ যেন নাথ! অভাগী দাসীক,
এয়েই প্ৰাৰ্থনা মােৰ, ইয়াকেই সাধোঁ।
জীৱনত আৰু মোৰ একো আশা নাই,
প্ৰাণৰ দেৱতা বুলি চাব খােজো মাথোঁ।”
চিঠি লিখা অন্ত হল,—ভাবিলে কুঁৱৰী
লিখোঁনে নিলিখোঁ নাম সখীৰ তলত?
দিওঁ যদি নাম লিখি জানো বেয়া হয়,
(ৰজাই শুনিলে পাছে) সখীৰ শেহত।
নালাগে নিলিখোঁ নাম, জানিব এনেই
সখীয়ে লিখিছে বুলি মন্ত্ৰীৰ পুতেকে।
এই ভাবি কুঁৱৰীয়ে সামৰিলে চিঠি
ভয়-ভয়-ভয় কৰি, জানাে ৰজা দেখে।
যদিও ৰজাৰ ৰাণী, আজলি তিৰুতা,
এফালে মাথোন দেখে, নাচায় সিফালে।

[ ৩৮ ]
নাভাবিলে আগ পাছ, ইয়ে যে কৰিব
অনিষ্ট তেওৰ হায়! নিজৰ একালে।
সাৱধান হবা ৰাণী! ভবিষ্যত ভাগ্য
তােমাৰ দাৱৰে ঢকা। জানােবা সখীৰ
বেয়া হয়, এই ভাবি আজলী তিৰুতা।
লিখি যে নিদিলা নাম তলত চিঠি,
এয়ে যে তােমাক হায়! কন্দাব এদিন,
এদিন ইয়াকে ভাবি চকুলো টুকিবা,
লােকৰ লগত পাবা বেজাৰ কেলেশ,
কোমল হিয়াত তাপ মিছাতে সহিবা।
সামৰি-সুতৰি চিঠি, ৰিহাৰ আগত
থলে বান্ধি কুৱৰীয়ে, শুলে ধীৰে ধীৰে
আকউ কাষতে গই নিজা সােৱামীৰ,
ধৰিলে টোপনী পুনু আহি জুৰে জুৰে।

                  ••••••••••••••

                       চতুৰ্থ সৰ্গ।

“My wife my wife! what wife? I have no wife;
0, insupportable। 0, heavy hour!
Methinks it should be now a huge eceipse
of sun and Moon, and that the affrighted globe
Did Tawn at alteration.”
⸺Shakespeare.

[৩৯]
বসন্ত কালৰ ধীৰ পুঁৱতী বতাহ
ৰিব্‌ ৰিব্‌ কৰি বলে প্ৰাণ শীতলাই।
দেখা দিলে পুবফালে ৰঙ্গচুৱা বেলি,
সাৰ পালে জীৱ জন্তু ন পৰাণ পাই।
নিজৰ জগত হল আকউ সজীব,
আকউ পােহৰ পৃথিবী এন্ধাৰ।
জৰিলে চৰায়ে গান সুললীত সুৰে,
শুনি সি সঙ্গীত ভাগে টোপনী ৰজাৰ॥
সাৰ পাই চকুমেলি দেখিলে ৰজাই,
এতিয়াও আছে ৰাণী ঘােৰ টোপনীত।
(নাই সাৰ নাই সুৰ, নাই কাটি কুটা)
নিমাত অচল হই কোমল তুলিত।

[ ৪০ ]
আহা! কি মধুৰ ৰূপ! লাৱন্য অতুল!
মৰ্ত্তৰ সৌন্দৰ্য্য যেন একে ঠাই হই
পৰি আছে সুকোমল সুন্দৰ শয্যাত,
লাৱন্যে ভৰাই কোঠ মনােহৰ কই!
ফুলৰ সুন্দৰী যেন তিয়াগি ফুলনী
শুইছে বিভােৰ হই নীৰৱ নিমাত।
আহা! কি মাধুৰী আহা মধুৰ অতুল!
কৰিছে বিৰাজ এই শােৱনী কোঠাত।
জোন যেন মুখ খনি, ৰঙ্গচুৱা গাল,
পৰিছে মুকলি হই খোপা মনােহৰ,
মুদা-মুদা চকু দুটা; যদিও টোপনি
তথাপি হাহিছে যেন আনন্দ অন্তৰ॥
কোমল গাৰুত মুৰ বাঁও ফালে হলা
চন্দ্ৰহাৰ বাঁও ফালে ওলমি পৰিছে।
সোঁ কানত জিলিকিছে মিনাকৰা কেৰু,
বাও কানে পিন্ধা কেৰু গাৰুত লাগিছে।
আছিলে খোপাত বহু ফুল ঢোপা কলি,
পুৱাৰ বতাহ পাই ফলিছে উলাহি।
কিব অনুপম ৰূপ! আজি কুঁৱৰীৰ,
চাৰু কাষে বিৰাজিছে মিচিকীয়া হাঁহি।
ৰমক জমক কৰি জিলিকি উঠিছে
মুগাৰ দোলেৰে গঁথা বাখৰুৱা মনি
ধাৰে ধাৰে কুঁৱৰীৰ সুন্দৰ দিঙ্গিত।
আহা! কি মধুৰ ৰূপ! কেনুৱা লৱনী!

[ ৪১ ]
“মনিমৰা” খাৰু জ্বলে পােহৰাই কোঠা
মৃণাল সদৃশ, আহা! হাতত ধুনীয়া।
আঙ্গুলীত জিলিকিছে লাহৰ আঙ্গঠী
জেঠি-পটা গৰু-চকু বাবৰি ফুলীয়া।
বদলাৰে বনকৰা পিন্ধি আছে ৰিহা
ন মেখেলা শিংখাপৰ (ভমকা ফুলীয়া);
জিলিকিছে সেন্দুৰৰ ফোঁট কপালত,
কেনে মনােহৰ শোভা, মধুৰ, অমিয়া।
জোলাৰ-হাতৰে-বােৱা গুনাৰ-ফুলায়
পাৰি দিয়া কাপােৰত বুটা জিলিকিছে।
এনয়ে ধুণীয়া, তাতে কুঁৱৰীক পাই,
সােনােৱালী বুটা আৰু দুগুনে জ্বলিছে।
মিহলি হইছে যেন সুৱগা সােনত,
কিম্বা পদুমৰ গাত অগুৰু চন্দন,
কিম্বা শােভদেৱী নিজে আহিছে ইয়াত
(ৰাণীৰ কাষত) লই শােভা অতুলন।
দেখিছোঁ অনেক ৰূপ এই দুচকুত
বহু সুন্দৰীৰ বহু ফটোগ্ৰাফ ছবি,
পঢ়িছোঁ কাব্যত বহু নায়িকাৰ ৰূপ,
মনােহৰ কৰি যাক আঁকিছিলে কবি।
দেখিছোঁ বিয়াত কত ৰূপহী ছােৱালী
লানি লানি পিন্ধে ফুল খোঁপা ভৰি ভৰি,
ৰঙ্গাচন্দনৰ ৰেখা লয় কপালত,
সেন্দুৰ নীলৰ ফোঁট সাৰি সাৰি কৰি।।

[ ৪২ ]
দিঙ্গি ওপছাই কত পিন্ধে মনি বিৰি,
কানলতি-চিঙ্গা কেৰু দুখনী কাণত।
মুগা, পাট, শিংখাপৰ নতুন মেখেলা
উলহ-মালহ কৰি পিন্ধে আনন্দত।
এই বয়সতে হায়! দেখিলো বহুত,
বহু ৰূপহীয়ে মুখ চাই দপােনত
তিনি ভেঙ্গুৰিয়া কৰি ভাঙ্গে পেঁছ টাৰি,
আটক-ধুণীয়া কৰি উলাহ মনত।
(নোহে কিন্তু কুভাবেৰে। ই ঘৰে সিঘৰে
দেখিলাে গাভৰু বহু—মুখ সুন্দৰীৰ।
সিলােকো ৰূপহী সঁছা, লাৱণ্যেৰ ভৰা,
তুলনা একোতে কিন্তু নহয় ৰাণীৰ।
ৰাণীৰ অতুল ৰূপ স্বৰ্গীয় সৌন্দৰ্য্য,
ৰজাই আছিল বহু বেলিলকে চাই,
ৰিহাৰ আগত পাছে দেখিলে গাঁথিটী,
কিনো আছে বুলি তেওঁ চালে মােকোলাই
মােকোলালে ৰিহা-গাঁথি পৰিলে ওলাই
চিঠি খনি (কুঁৱৰীয়ে কালি ৰাতি লিখা);
পঢ়ি চালে আদি অন্ত, ক’লে মনে মনে,
“শেষ হল আজি মােৰ হৃদয়ৰ আশা।
উস!—
পৰাণতো বেছি বুলি যাক ভাবিছিলোঁ”
দুখে হুমণীয়া কাঢ়ি ভাবিলে ৰজাই,
“তাৰে কি এনুৱা ভাব? এনুৱা স্বভাৱ?

[ ৪৩ ]
তিৰু তাত নে-কি হায়! বিশ্বাসেই নাই?
ভােগাইছে ৰাজ-ভােগ ৰাণীয়ে এতিয়া,
আছে কত সুখে হায় ই ৰাজ পুৰত।
পৰাণে সইতে মই কত ভাল পাওঁ,—
তথাপিও আশা উস্‌! পৰ পুৰুষত।
ধিক্‌ ধিক্! শতধিক্‌। তিৰীৰ প্ৰেমত!
আৰু ধিক, শত ধিক! প্ৰেম শবদত!!
ধিক্ ধিক্ ‘লক্ষ ধিক্’ প্ৰণয় সলনী
আত্ম বিসৰ্জ্জন কৰা নাভাবি নুগুনি।
একমনে ৰাতি দিন যাক পুজিছিলোঁ
হৃদয়ৰ দেবী ভাবি হিয়া মন্দিৰত,
য ৰ মুখ খনি দেখি, লাৱণ্য সুন্দৰ,
অপাৰ আনন্দ পাওঁ জগত মাজত।
দুৰ্ভাগ্য ফেৰত হায়! হৃদয়ৰ দেবী
পিশাচিনী! হৃদয়ত জ্বলালে অগনি!
মৰু সমনীয়া আজি শান্তি সৰােবৰ!
বুৰিলে শোকৰ মণ, নাপাওঁ তৰণী॥
উস্‌!
প্ৰকৃতি দেবীৰ, হায়! কোমল কোলাত
কেচুৱা লৰাৰ দৰে আছিলোঁ যে শুই!
কোনেনাে জগাই মােক কিয় কন্দুৱালে
জ্বলালে কোনেনা এনে হৃদয়ত জুই?
দিম বুলি প্ৰতিমাক সাদৰে পিন্ধাই,
জীৱনৰ তুলি ফুল গাঁথিছিলাে মালা!

[ ৪৪ ]
অকালতে হই গল, হায়! অকস্মাত
দশমী দিনাৰ, উস,! সন্ধীয়াৰ বেলা!!
মৰহি যে গল ফুল, শুকালে যে পাহি!
ফুল গুছি হল, হায়! চকুলো চকুৰ!
উঘলিলে আশালতা কাল বতাহত,—
ভাগিলে লাহৰী বীনা সুৱলা মধুৰ॥
সুখৰ সুন্দৰ ছবি দেখােতে দেখােতে
লুকালে মিহলি হই ঘােৰ অশান্তিৰ
কলা দাৱৰত হায়! কান্দিছে পৰাণ
কিযে বিষাদত অজি! হৃদয় অথিৰ
প্ৰাণেশ্বৰি! প্ৰিয়তমা! হৃদয়ৰ দেবি!
কিয়নাে জ্বলালা মােৰ জুই হৃদয়ত?
অতভাল পাওঁ মই, কিন্তু নে কি তুমি
কৰোঁ অত আশা, হায়! পৰপুৰুষত?
পতিব্ৰতা ধৰ্ম্ম প্ৰিয়ে! এয়ে কি তােমাৰ?
এয়েকি তােমাৰ হায়! সতীত্বৰ ছিন?
এয়েকি তোমাৰ, হায়। পবিত্ৰ প্ৰণয়?
সৰলতা-সানি-থােৱা স্বাভাব গহীন?
বামুণ নন্দক তুমি অত ভাল পােৱা?
পৰপুৰুষত, হায়! এনেকুৱা আশা?
নিৰ্ম্মল হিয়াত এনে অপবিত্ৰ ভাব?
ভাঙ্গিলা হঠাত কিয় সুখময় “বাসা”?
কিনে কুক্ষণত, প্ৰিয়ে। লিখিছিলা চিঠি?
জ্বলালা হিয়াত মােৰ দাৰুণ অগনি!

[ ৪৫ ]
শোক সাগৰত মোৰ বুৰিলে হৃদয়,
অনন্ত, অপাৰ, হায়! নাপাওঁ তৰণী!
এই দৰে নীলাম্বৰে (কমতা ৰজাই)
দুখে শােকে কত ভাবি অপােন মনত,
শােৱনী-কোঠাৰ পৰা আহিলে ওলাই
অথিৰ-অবিৰ হই মনৰ দুখত।
এনেতে আহিল সখী (গােলাপী আইতী)
জগালেহি কুৱাৰীক ধীৰে ধীৰে কই,
সাৰ পাই কুৱৰীয়ে চালে চকু মেলি,
উঠিলে সখীক দেখি হৰষিত হই।
“অত বেলি লই শুলা” কয় গােলাপীয়ে,
“কিয়, সখি! আজি তুমি? শুলে বেলিকই
নালাগেনে গাটী বেয়া? মােৰ হলে, সছা,
“লাগে দেখোঁ বৰ বেয়া গা বেয়া হয়।”
“এৰা সখি! আন দিন উথোঁ সােনকালে,
মধুৰ মিচিকি হাঁহি কুৱৰীয়ে কয়,
“লাগে মােৰৰ গাটো বেয়া, বেলি কৰি শুলে
ৰাই জাই লাগে দেখো, জ্বৰ-জ্বৰ হয়!
কিন্তু, সধি! যােৱা ৰাতি বহু পৰলকে
সাৰেৰে আছিলোঁ মই টোপনী গলত
মহাৰাজ, চিঠিখনি লিখিলো তােমাৰ।”
এই বুলি চালে ৰাণী ৰিহাৰ আগত।
ৰিহাৰ আগত চাই হল আচৰিত,
নাই তাত চিঠি খনি, ৰাণীয়ে মনত

[ ৪৬ ]
কোনে নিলে, থলে কত? এই দৰে ভাবি
বিচাৰিলে, গাৰু আৰু তুলিৰ তলত।
নাপালে, নােলালে চিঠি,—কলে কুঁৱৰীয়ে,
“চিঠি খনি চুৰকৰি নিলে কোনােবাই।
নতু থলোঁ কৰবাত,—কিন্তু পাহৰিলোঁ,
বিচাৰি নাপাওঁ দেখোঁ! কতো সখি! নাই।
যদি কোনােবাই পালে, বৰ বেয়া হল।
গােপনীয় কথা, সখি! তেনেই ওলাল!
থলে যদি কৰবাত, পাহৰিহে আছোঁ,
তেনে একো কথা নাই—সেয়ে হলে ভাল।
“থলা, সখি! কৰবাত, পাহৰিলা তুমি,
পাছে বিচাৰিলে পাবা গােলাপীয়ে কয়,
নাই পােৱা কোনোবাই আছে চিঠি খনি
ইয়াতেই কেনিবাদি, নকৰিবা ভয়।
কিন্তু সখি! পুনু মােক চিঠি লিখি দিয়াঁ
মানুহ নাপাম পাছে, আজি দিন গলে
চিঠি দিবলই আৰু; আজি যাব গই
সকলোটী খাই বই, পৰেকীয়া হলে।
সখীৰ কথাটী শুনি, পুনু কুৱৰীয়ে
লিখিলে এখনি চিঠি সেই একে কথা
লৰালৰি কৰি, সেই একেই দৰেই,
একে ভাব, একেদৰে পদ্য সুতে গঁথা।
চিঠি লিখা অন্তহল, শুধিলে কুঁৱৰী
নামটী তােমাৰ সখি! দিমনে নিদিম

[ ৪৭ ]
চিঠিৰ তলত কোৱা, যদি দিব লাগে,
নহলে নিদিওঁ নাম এনেয়ে ৰাখিম৷
নালাগে নিদিবা, সখি! এনেয়েই থোৱাঁ
চিঠিৰ তলত নাম লাগিছে কেলেই?
পোৱা মাত্ৰে চিঠি খনি পাৰিব বুজিব,
মই দিছোঁ বুলি তেঁও জানিব এনেই।”
সখীৰ কথাতে ৰাণী নিলিখিলে নাম,
সামৰি-সূতৰি, দিলে সখীৰ হাতত
লৰালৰি কই চিঠি; চিঠি খনি লই
ওলই আহিলে সখী আনন্দ মনত।

               ••••••••••••••••

                  পঞ্চম সৰ্গ।

“⸺What committed?
Heaven’s stops the nose at it, and the moon wink
The bawdy wind, that kisses all it meets,
Is hush’d within the hollow mine of earth.
And not hear it, what committed.”
⸻Shakespeare.

[ ৪৮ ]
ধোঁৱা বৰণীয়া সাজ পিন্ধি দেবী
আহি উপস্থিত হল ধীৰে মৰতত।
এটী ছুটী কৰি চাকি উঠিহে উজ্জ্বলি,
উঠিলে জগত মাতি “সন্ধ্যা প্ৰসঙ্গত।”
ৰিব্‌ ৰিব্‌ কৰি বলে মলয়া বতাহ
নইৰ বুকত ধীৰে চউ নচুৱাই,
নাচিছে গছৰ পাত ওলমি দালত
ঘনে ঘনে তললই মূৰটী দোঁৱাই।
আধাফুলা ঢোপাকলি মালতী জুতীৰ
গাভৰু বিলাকে মালা গাঁথে অনন্দত
হাবিয়াস কৰি কোনে অঁৰিছে দিঙ্গিত,
থোপা বান্ধি কোনোৱেবা পিন্ধিছে মূৰত।

[ ৪৯ ]
কাউৰী শালিকা পখী বাঁহে বাঁহে গল,
হইছে মাথােন ফেঁছা ধোন্দৰ বাহিৰ।
কুউ কুউ গীত আৰু নাগায় কুলীয়ে
বজায় জিলিয়ে বীনা মাথোঁ জিৰ জিৰ।
তিয়াগি পদুমবণ অবােধ ভােমােৰা,
মধুৰ লােভ পৰে কেতেকী ফুলত।
কিন্তু মধু পাব কত? পায় মথোঁ দুখ,
চিগিছে মাথােন পাখী পৰি কাইটত।
হৰিষত ভেঁট ফুলে চকুদুটা মেলি
আকাশৰ ফালে চায় জোন মনােহৰ,
জিকি-মিকি জ্বলে তৰা উলাহ মনত,
জোনাকী পৰুৱা দুখে তাপিত অন্তৰ।
কাজ-কৰমৰ পৰা আহিলে সকলে,
পঢ়ি শুনি আহিঘৰ পালেহি ছাতৰ।
বিমল আনন্দে তাৰ ভৰিলে হৃদয়,-
পােৱা মাত্ৰে ঘৰ, হল হৰি অন্তৰ॥
“দাইতা! দাইতা!” বুলি হাত দুটী মেলি
মউ-সনা কথা কই উঠিলে কোলাত
আনন্দ মনেৰে সােন (প্ৰানৰ ভতিজা)!
দাইতাৰ যত দুখ লুকালে হিয়াত।
লাহে লাহে হল নিশা, পৃথিবী নীৰব,
অথিৰ-অবিৰ হিয়া হইছে সুথিৰ।
ধীৰে ধীৰে সোৱৱনী আনে তাৰ ছবি,-
যি জ্বলালে অকালত হিয়া দাইতিৰ॥”

[ ৫০ ]
চুবুৰীয়া, পেহী, মাহী, চিনাকী ৰঘুৱে
(হল আজি বহু দিন!) তাক পাহৰিলে।
হিয়াৰ মাজত কিন্তু, আছে দাইতিৰ
তাৰ সেই ছবি অঁকা, নাযায় ঘহিলে॥
সুঁৱৰি লাহৰী মুখ পোৰ নাতিনীৰ
বুৰী মাকে কান্দে হায়! এনুৱা কালত!
পুতেকৰ শোকে কান্দে অভাগিনী মাকে,
চকুত চকুলো টুকি শোক-বিষাদত॥
এনে সময়তে বহি চৰাৰ মাজত
শোকে দুখে খঙ্গে ৰজা জৰ্জৰিত হই,
দাৰুণ ক্ৰোধত আৰু শোক সন্তাপত
বুলিব ধৰিলে চাই কোটোৱাললই
মন্ত্ৰীৰ পুতেক নন্দ, বিশ্বাস ঘাতক,
“নৰাধম, পাপ মতি গইছে তীৰ্থত।
উলটিছে জানো, যাছোঁ বিচাৰি তহঁতে,
যতে পাৱ কাটি তাক পেলাবি বাটত॥
দেখিবি নোৱাৰে যাতে সোমাব ৰাজ্যত
জীয়াই থাকোতে ইষ্ট! পাপ মুখ তাৰ
নেদেখোঁ চকুৰে ফেন; যেনে তেনে কৰি
বধিবই লাগে তাক, কুলৰ এঙ্গাৰ॥”
এই বুলি আৰু কিবা কলে মনে মনে,
কোটোৱাল সব হল ৰজাত বিদায়।
ৰজাও সোমাই গল শোৱনী কোঠাত,
বুলিব ধৰিলে ক্ৰোধে কুৱৰীক চাই॥

[ ৫১ ]
“বিশ্বাস ঘাতিনী তই, কলঙ্কিনী তিৰী,
আনিলি কলঙ্ক তই পবিত্র কুলত।
পিশাচিনী তই দুষ্টা! তিৰুতা জাতিৰ,—
নোৱাৰ থাকিব আৰু ইৰাজ পুৰত॥
ডাকিনী সাপিনী তই মিছাতেই, হায়
গাখীৰ খুৱাই তোক পালিলোঁ যত্নত।—
এৰিব নোৱাৰি কিন্তু জাতীয় স্বভাৱ,
বিৰলে দংশিলি মোক হিয়াৰ মাজত॥
কলঙ্কিনী তই হায়! নকৰিবি আৰু
কলঙ্কিত ৰাজ-পুৰি পবিত্র নিৰ্ম্মল।
আৰু নাসানিবি মলি ইৰাজ বংশত
(চিৰ গৌৰবেৰে ভৰা, উজ্জ্বল, বিমল)॥
এইবুলি, মাতি ৰজা কলে পমিলীক,
(ৰাণীৰ লগৰ বেটী)“যদি লাগে ভয়,
“লইয়া মানুহ আৰু এই পাপিনীক
ৰাজ্যৰ বাহিৰ কৰি থই আহগই॥
মাটীয়ে মাটীয়ে নিবি খোজ কাঢ়ি যাব,
পাপিণীৰ মুখ আৰু নাচাওঁ চকুত।
এই মুহুৰ্ত্ততে যক, এই ৰাতিয়েই।
দাৰুণ ক্ৰোধৰ জুই জ্বলিছে বুকুত॥”
অকস্মাতে স্বোৱামীৰ এনে কথা শুনি
অজিলী কুঁৱৰী, হায়! হল বিমূৰ্চ্ছিত॥
জ্ঞান পাই পুনু, পাছে বুলিব ধৰিলে
কাতৰে ৰজাৰ ধৰি চৰণ দুটীত;

[ ৫২ ]
“এনেকুৱা ভাবান্তৰ কিয় হল, নাথ?
কি দোষত দোষী মই! কিয় অকস্মাত
পিশাচী, সাপিনী বুলি গালি পাৰা মোক?
কলঙ্কিনী বুলি শেল মাৰিলা হিয়াত।
অত দিন হল হায়! কোনো দিনে মোক
পাই কোৱা এনে কথা তুমি, প্ৰাণনাথ॥
কেনে কলঙ্কত মই আজি কলঙ্কিণী?
কেনুৱা দোষত মোক ত্যজিছা হঠাত।
জ্ঞান বিশ্বাসত, নাথ, নাই কৰা দোষ,
নাই কৰা কোনো পাপ, কলঙ্কিত কাম।
এনুৱা নিৰ্দ্দয় তুমি কিয় হলা আজি?
কোৱা প্ৰাণনাথ! “মোৰ জ্বলিছে পৰাণ॥”
“কোন তোৰ প্ৰাণনাথ, কুল কলঙ্কিনি?”
কঠোৰ মাতেৰে চাই বুলিলে ৰজাই,
“যি দহিলি, সেয়ে হল আৰু নুুপুৰিবি
হৃদয়ৰ বন মোৰ অগনি জ্বলাই॥
যি কৰিলি, সেয়ে হল, আৰু কলঙ্কিত
নকৰিবি দেহা মোৰ বুলি প্ৰাণনাথ, ।
পিশাচীৰ মুখে শুনি তেনুৱা শবদ,
ক্রোধ অগ্নি জ্বলে মোৰ তাপিত হিয়াত॥”
“কি কৰিলোঁ প্ৰাণ নাথ?” শোধে কান্দি কান্দি
সৰলতা ভৰা হায়। আজলী কুঁৱৰী।
“তুমি মোৰ প্ৰাণ পতি, হৃদয়—দেৱতা,
নুবুলি তোমাক নাথ’ থাকো কেনে কৰি?

[ ৫৩ ]
তিয়াগিলে মোক নাথ! পোৱা যদি সুখ!
একো কথা নাই, মই এই গুছি যাম,
ৰাজ্যৰ বাহিৰ হই, কিন্তু কোৱা শুনো
কি দোষ কৰিলোঁ? উস্‌! জ্বলিছে পৰাণ॥
শুনি যাওঁ, কোৱাঁ, নাথ! কি দোষত আজি
কৰিছা তিয়াগ মোক ভাবি কলঙ্কিনী!
মনৰ মুকুৰি ভাঙ্গি , দিয়াঁ যাবলই,—
অাছে মনে খু-দুৱাই, নাপাওঁ তৰনী॥”
অতকথা আৰু তোৰ শুনিব নোখোজোঁ,
জ্বলিছে অগনি মোৰ হিয়াৰ মাজত!
চাবলই মুখ তোৰ আৰু। নাই ইচ্ছা
এই জনমত, আৰু এই নগৰত॥
যি কৰিলি, কলঙ্কিনি দেখিছে ঈশ্বৰে
নকওঁ সি কথা মই, নোলায় মুখত।
আকাশৰ চন্দ্ৰ সূৰ্য্যে দেখিছে চকুত
কবলৈ জ্বলে জুই অথিৰ বুকুত॥”
এই বুলি ক্ৰোধে ৰজা কলে পমিলীক
লইযা ই পাপিনীক এই খন্তেকত
ৰাজ্যৰ বাহিৰ কৰি-কাইলই পুৱা
নেদেখো ই মুখ যেন এই নগৰত॥”
এই বুলি খঙ্গে ৰজা আহিলে ওলাই
কোঠাৰ বাহিৰ হই বুলনীৰ ফালে।
কান্দি কাটি বহু ৰানী ইনাই বীনাই
পমিলীক লই পাছে যাবলৈ ওলালে॥

[ ৫৪ ]
শোলোকালে মনি-বিৰি বাখৰুৱা খাৰু
বালী-চৰি, শিংখাপৰ সাজ বন কৰা;
এলেধুৱা সাজ পিন্ধি, তপসিনী বেশে
সাজু হল যাবলই ৰানী শোক-ভৰা॥
“লাহৰী দেহৰ পৰা” কলে পমিলীয়ে
“কিয়নো হৰিছা, অাই! এনুৱা সুন্দৰ
অলঙ্কাৰ, সাজ পাৰ? এই বয়সত
যোগিনীৰ বেশ কিয়? কান্দিছে অন্তৰ॥
খঙ্গত কইছে ৰজা কিবা দোষ পাই;
মাৰ গলে খঙ্গ তেওঁ পুনু হব ভাল।
সি কথাত খঙ্গ খাই নালাগে ওলাব
যাবলই,–আই। পিছে ঘটিব জঞ্জাল॥
স্বোৱামীয়ে গুৰু আই! গুৰুৱে তোমাক
খঙ্গত কইছে কিবা, নালাগিবা তাত।
এদিনত খঙ্গ কৰি, যদি কাটা পেট
ছমাহ শুকনী দিব লাগিব মিছাত॥
মোৰ কথা শুনা আই! নালাগে ওলাব
যাবলই কলইকো,-থাকাঁছোঁ ঘৰত
আজি ৰাতি,-চোৱাঁ আৰু, কাইলই পুঁৱা
কয়নে নকয় কথা তেওঁ মৰমত॥
“স্বামী মোৰ গুৰু বাই! স্বোৱামী দেৱতা,
তিৰুতাৰ স্বামী ধন স্বামী অলঙ্কাৰ,
জানো মই সকলোটি, স্বামীৰে কাৰণে
তিয়াগিম আজি মই স্বার্থ আপোনাৰ

[ ৫৫ ]
যদি মই থাকোঁ হায়! তেও পাব দুখ
দুখদি তেওঁক মই নাথাকো স্বৰ্গত
আতৰিলে মই যদি তেওঁ সুখ পায়
থাকি কি কৰিম আৰু ইৰাজ পুৰত?
তিয়াগিলো সাজ পাৰ, মণি অলঙ্কাৰ,
ইটো তুচ্ছ কথা, —বাই! পাৰোঁ তিয়াগিৰ
পৰাণকো আপোনাৰ, যদি পায় সুখ
স্বোৱামীয়ে মোৰ,— পাৰোঁ আত্মবলি দিব॥
সংসাৰৰ সুখ ভোগ নিচেই অসাৰ!
তেনুৱা সুখত লাগি দিম স্বোৱামীৰ
মনত কেলেশ, বাই! নোহোঁ তেনে মই,—
নোহে ধৰ্ম্ম তেনেকুৱা আদর্শ তিৰীৰ॥
তপসিনী বেশে যাম তিয়াগি নগৰ,
সেই বুলি মোৰ একো দুখ নাই বাই!
কিন্তু কি দোষত আজি মোৰ এনে দশা?
তাক যে নাপালোঁ মই শুনি যাব হায়!
এই দুখে মাথো মোৰ দহিছে অন্তৰ!
এই এটী কথা মাথোঁ থাকিলে মনত!
বেলি নকৰিবা আৰু বলাঁ যাওঁ বাই—
ৰাজ্যৰ বাহিৰ হও ঘোৰ এন্ধাৰত॥
নহয় কইছোঁ কিনো! লাগিছে কেলেই
তোমাক লগত বাই? তুমিতো সদাই
নাথাকিবা ৰাখি মোক? অকলে অকলে
যাম মই,—আছে মোৰ ঈশ্বৰ সহায়

[ ৫৬ ]
ৰাখিলে ৰাখিব তেওঁ মাৰিলে মাৰিব
ৰখা মৰা সকলোটী তেঁওৰ হাতত!
কেলেই লাগিছে বাই! মিছা-মিছি কই
যাব তুমি মোৰে সতে নিশা দুপৰত?
মোত লাগি কিয় খাবা এনুৱা কেলেশ?
চকুৰে নমনা তুমি, বুৰী হলা বাই।
অকলে অকলে যাম নালাগে তোমাক
নাই ভয় বাই! মোৰ ঈশ্বৰ সহায়।৷”
এই বুলি শোকে ৰাণী ওলালে বাহিৰ
শোৱণী কোঠাৰ পৰা অকলে অকলে
সাজু হল যাবলই বেজাৰ মনত
চকুৰ চকুলো টুকি নীৰলে নীৰলে।৷
“অকলে নালাগে যাব, ময়ো যাওঁ আই।”
কান্দি কান্দি অতি অতি শোকে পমিলীয়ে কয়,
এই মহা নিশা হায়! অকলে তোমাক
কিরূপে পঠাওঁ? মোৰ পৰাণে নসয়।।
আজলী ছোৱালী তুমি ৰজাৰ কুঁৱৰী
সজাৰ মইনা ষেন থাকা ভিতৰত’
দেখা নাই বাট পথ, যাবা কেনেকই
অকলে অকলে তুমি এই এন্ধাৰত?
ময়ো যাম, আই মোৰ! তোমাৰ লগত,
কাৰ মুখ চাই আৰু ইয়াত থাকিম?
কোনেনো কৰিব আৰু বুৰীক মৰম
তোমাদৰে? এই শোক কিরূপে সহিম?

[ ৫৭ ]
তোমাৰ যেনুৱা দশা মোৰো হ’ব তেনে,
তুমি যোৱা বনলই, ময়ো তাতে যাম!
কি কৰিম থাকি মই ইৰাজ-পুৰত?
কি সুখত? আৰু আই! কাৰ মুখ চাম?
নাগিনী ৰাখিবলই লাগে শৰ জাঠি
নগাক,-নাগিনী যদি নাই কিয়া তাৰ
কি কৰিব শৰ জাঠি? লাগিছে কেলেই
শৰ-জাঠি অকথাত, মিছা মিছি ভাৰ?
তোমাক ৰাখিবলই দিছিলে লিগিৰী
তোমাৰ লগত মোক, যদি তুমি যোৱাঁ
ইৰাজ পুৰত আৰু লাগিছে কেলেই
দখুনী বুৰীক? আই। ভাবি তুমি চোৱাঁ।
দুখ হক সুখ হক, তোমাৰ লগতে
যাম মই, আহা! মোক নেৰিবা বুৰীক।
অপুত্ৰকা মই, মোৰ কোনোৱেই নাই
যোৱা লগতেই লই বুৰী লিগিৰীক।
এই বুলি শোকে বুৰী কান্দিব . ধৰিলে
ইনাই-বনাই, হায়! মনৰ বেগত!
বুৰীলই চাই পুনু কলে কুঁৱৰীয়ে
ঠোকা-ঠোকি ধীৰে ধীৰে, বেজাৰ মনত,—
মাইকীৰো এনে স্নেহে, এনুৱা মৰম
জীয়েকত আছে নাই নাপালো বুজিব!
সৰুতে মৰিলে আই! মাউৰী ছোৱালী।

[ ৫৮ ]
তোমাৰ এনুৱা স্নেহ পৰজীয়ৰীত?
চেনেহৰে ভৰা জানো তোমাৰ অন্তৰ।
চেনেহে ভৰাই জানো গঢ়িলে বিধিয়ে
তোমাক, জানোবা তুমি মুৰ্ত্তি চেনেহৰ।
উপৰি জন্মত তুমি জানোবা আছিলা
মোৰ আই। সেই বুলি স্নেহ এনেকুৱা
তোমাৰ মোলই বাই! সেই বুলি জানো
অন্তৰে সইতে মোক এনে ভাল পোৱা।
বলা বাই! যদি তুমি থাকিবা লগত
স্বৰ্গ সুখ ভোগ মোৰ ঘটিব বনত।
এই বুলি কুঁৱৰীয়ে পমিলীক লই
ঘৰৰ বাহিৰ হল ধীৰ ধীৰ কই ।

                 •••••••••••••

                   ষষ্ঠ সৰ্গ।

“We Hermia, like two artificial Gods,
Have with our needles created both one flower,
Both on one sample, sitting on one cushion,
Both warbling on one song, both in one key;
As if or hands, or sides, voices, and minds
Had been incorporate, so we grew together
Like to a double cherry, seeming parted,
But yet a union in partition.
Two lovely berries moulded on one stem:
So with two seeming bodies but one heart.”
⸻Shakespeare.

[ ৫৯ ]
গহীন দুপৰ নিশা। ঘোৰ অন্ধকাৰ,
নাই কাৰো কতো মাত নিজম, নিতাল।
নিশাৰ বতাহ মাথোঁ বলে ধীৰে ধীৰে
লৰাই গছৰ পাত, সৰু সৰু ঠাল।
আহা কি গহীন ভাব ধৰিছে পৃথিবী
নাই কাৰো কাতো খঙ্গ নাই দ্বন্দহাই।
নাই কতো শোক তাপ বিষাদৰ জুই
নাকান্দে শোকত কেৱে ইনাই বীনাই।

[ ৬০ ]
পাহৰিছে বিৰহিনী বিৰহৰ জুই,
পুত্র শোকাতুৰা মাকে শােক পুতেকৰ!
দুৰ্ভগীয়া পাহৰিছে বিষয়ৰ জ্বালা,
দাসত্ব দোলৰ চেপা, তাপ সংসাৰৰ।
আহা! কি মধুৰ ভাব! সকলো সমান,
সকলােটী একাকাৰ, নাই একো ভিন
কি অৰণ্য কি নগৰ ওখৰা ওখৰি
অনন্ত এন্ধাৰে ভৰা, সকলাে অচিন
অনন্ত ব্ৰহ্মাণ্ড, আহা! নীৰৱতা ভৰা!
জগতৰ প্রাণী অজি ঘােৰ টোপনীত!
নাই কতো কোনাে কাৰো সবে অচেতন।
এনুৱা কালত হায়! এনে মহা নিশা
পমিলীয়ে সতে যায় দুখুনী কুঁৱৰী
বাজ হই নগৰৰ, বিষাদ মনত
হৃদয়ৰ শােক, তাপ সুঁৱৰি সুঁৱৰি।
আগে আগে যায় ৰাণী পাছত পমিলী
পকিমুৰী কুঁজী বুৰী কুঁজা কুজ কই
লাখুটীত দিদি ভেজা, ককালত বিষে
মাজে মাজে ধৰে, পুনু ৰয় পােন হই।
কাঢ়িব নােৱাৰে খােজ, বল নাইকিয়া
হাবাথুৰি খালে বুৰী ফোঁপাই জোঁপাই!
“বহোঁছোঁ অলপ তেনে” কলে কুঁৱৰীয়ে,
ভাগৰ লাগিছে যদি বুৰাগাত, বাই।”
“নবহো ইয়াত আই! বহোঁগই বলাঁ

[ ৬১ ]
গোলাপহঁতৰ * তাত, পমিলীয়ে কয়
সখীক নোযোৱাঁ জানো চাই আজি তুমি?
বলা যাওঁ গোলাপক চাই লওঁ গই।”
‘এৰা বাই ! আহাঁ যাওঁ তাতে বহোঁগই
সখীক আাজিয়ে দুয়ো দেখিশুনি লওঁ।
অাৰুতো নাপাম? আৰু নেদেখোঁ সখীক
হেপাহ গুছাই আজি কথাবাত্রা হওঁ ।
এই বুলি কই ৰাণী পমিলীয়ে সতে
আকউ ধৰিলে যাব’ লাহেলাহেকই;—
অলপ দূৰই হই, অলপ পাছতে
গোলাপী সখীৰ দুয়ো ঘৰ পালে গই।
ঘোৰ টোপনীত সখী গোলাপী আইতী,
মাকো ঘোৰ টোপনীত সাৰ সুৰ নাই ”
“সখি! সখি! উঠাছোন!” চিয়ঁৰি চিয়ঁৰি
ৰাণীয়ে সখীক পাছে তুলিলে জগাই।
সাৰ পালে গোলাপীয়ে চালে চকুমেলি
কুঁৱৰীৰ বেশ দেথি হল আচৰিত!
শুধিলে, কি কথা সখি ! কিয় দেখো আজি
এনুৱা তোমাৰ হায়! বেশ বিপৰিত?
হাঁহিমুৱা মুখ খনি কান্দো-কান্দো হল
কিনো বিষাদত সখি? কোৱাঁ সখি মোক;
কিয়নো আনন্দ, হায় ! নাই অন্তৰত?

———————————————————
*গোলাপীক পমিলী বুৰীয়ে গোলাপ বুলি মাতে
[ ৬২ ]
বিষাদেৰে ভৰা কিয়? পোৱাঁ কেনে শোক?
তোমাক এনুৱা দেখি, এনেকুৱা বেশ,—
কঁপিছে পৰাণ মোৰ, –থিৰেৰে নৰয়!
কোৱাঁ সখি! আজি কিয় যোগিনীৰ দৰে
আহিছাই মহা নিশা অন্ধকাৰ ময়?”
গোলাপীৰ কথা শুনিটুকি চকু পানী
কুঁৱৰীয়ে কলে কথা এটা দুটী কৰি;
(আদি অন্ত সকলোৰে) বিষাদ মনত
হৃদয়ৰ শোক তাপ সুঁৱৰি সুঁৱৰি॥
শুনি কুঁৱৰীৰ কথা(সখীৰ স্নেহত)
গোলাপীয়ে দুখে শোকে কান্দিব ধৰিলে!
“এয়ে কি আছিলে, সখি, তোমাৰ ভাগ্যত”
এই বুলি টোপা টোপে চকুলো টুকিলে॥
নাকান্দিবা আৰু তুমি” কলে কুঁৱৰীয়ে,–
আছিলে ভাগ্যত যেনে, ঘটিছে তেনুৱা!
বিধতাৰ ইচ্ছা, সখি! নোৱাৰি খণ্ডাব,
নকৰা মিছাতে আৰু শোক এনে কুৱা॥
এৰি দিয়া শোক সখি! মাগিছোঁ বিদায়।
এয়ে শেষ দেখা দেখি, আৰু নেদেখিম।
শোক দুখ বেজাৰত অৰণ্য মাজত
সুঁৱৰি তোমাক মাথোঁ বিৰলে কান্দিম।
দুর্ভাগ্যৰ ফেৰ্‌ সখি ! আজি শেষ হল
হৃদয়ৰ আশা মোৰ! সখীৰ প্ৰেমত
বান্ধিছিলোঁ কত কথা মিলি দুয়োজনে

[ ৬৩ ]
কত ৰঙ্গে কতদিন বছি গোপনত।
কত সময়ত সখি কত যে ধেমালী
কৰিছিলোঁ দুয়ো মিলি আনন্দ মনত
একে লগে পঢ়ি পঢ়ি কত হাঁহিছিলোঁ
ছোৱালী কালৰ হায়! সখীৰ প্ৰেমত।
গন্ধৰ্ব্ব লোকৰ দুটী ছোৱালীৰ দৰে
বাচিছিলোঁ একে ফুল একে কাপোৰত!
কত সুখে একে লগে বহি দুয়োটীয়ে
গাইছিলোঁ কত গীত শুৱলা সুৰত।
হায় সখি! যেন একে হাত একে সুৰ
একে প্ৰাণ, একে দেহ একেই সকলো
সেই দৰে, একে লগে ধৰা ধৰি কই
আমি দুয়ো সখী সখি! একেই বাঢ়িলোঁ!
যেন দুটি কলাপুলি সৰল কোমল,
স্বতন্ত্ৰ, অথচ, দুয়ো গঁথা মূলে মূলে!
একোটী ঠাৰিতে যেন দুটী ফুলা ফুল,
একে প্ৰাণ, তথাপিও ভিনে ভিনে ফুলে!
বাঢ়িলো ইদৰে, সখি! আমা দুয়োটীয়ে
কিন্তু সি সপোন মোৰ আজি হল শেষ!
মোত লাগি সখি! আৰু নকৰাঁ বেজাৰ!
শেষ দেখা আজি! মোক নিদিবা কেলেশ!”
এই বুলি কুঁৱৰীয়ে ৰল মনে মনে
তপত চকুলো টুকি নীৰলে চকুত।
দুখ বেজাৰৰ তাপ সহিব নোৱাৰি

[ ৬৪ ]
কান্দিব ধৰিলে মূৰ সুমাই বুকুত।
“হায়! সথি ৰজানেকি এনুৱা নিৰ্ম্মম”
ৰানীলই চাই কান্দি গোলাপীয়ে কয়,
“নাই কি তেওঁৰ, হায়! একো বিবেচনা!
ত্যজিলে তোমাক! তেওঁ এনুৱা নিৰ্দ্দয়?
“কিয় সখি! দিছা দোষ মিছাতে ৰজাক?
আপোনাৰ ভাগ্য বেয়া কিহব দোষিলে
মিছাতে লোকক সখি! আছিলে ভাগ্যত
সেই বুলি মোৰ আজি এনুৱা ঘটিলে।”
এই বুলি কুঁৱৰীয়ে ধৰিলে সাবতি
চেনেহেৰে গোলাপীক কান্দি কান্দি কলে
“যাওঁ, সখি। দিয়াঁ মোক সাদৰে বিদায়,
আৰু বেয়া হব মোৰ ৰাতি পুৱা হলে।”
“কিয় যাবা সখি। তুমি অকলে অকলে?
তোমাৰ লগতে যাম ময়ো বনলই।
একে লগে হলোঁ বৰ, বাঢ়িলোঁ দুজনে,
এতিযাকি যোৱা তুমি মোক এৰিহাই?
তুমি এৰি গলে সখি! আজি পৰা আৰু
হৃদয়ৰ কথা কাক কম উলিয়াই?
কেনেনো কৰিব মোক মৰম সাদৰ
এই নগৰত? মোৰ আৰু সখী নাই।”
“অকলে অকলে থই দুখুনী মাৰাক
কি যাবা মোৰে সতে তুমি বন লই?
কিৰূপে থাকিব মাৰা অকলে ঘৰত?

[ ৬৫ ]
তোমাক নেদেখি তেওঁ ৰব কেনেকই?
তোমাক নেদেখি, সখি। কান্দিব মাৰাই
আউলি বাউলি হই দাৰুন শোকত
নালাগে, নোৱাৰা তুমি যাব বনলই
মোৰে সতে আজি সখি! মনৰ বেগত।
আকউ আহিম, সখি।” কয় গোলাপিয়ে
“উলটি আহিম থই তোমাক বনত।
এই বুলি, তুলি আনি টোপনীৰ পৰা
সকলোটী কলে কথা, মাকৰ আগত।
দিলে মাকে অনুমতি। চেনেহী গোলাপী
গল পমিলীয়ে সতে ৰানীৰ লগত
এখুজি দুখুজি কৰি অৰণ্যৰ ফালে
শোক দুখ তাপ লাই হিয়াৰ মাজত,।

                  •••••••••••••

                       সপ্তম সৰ্গ।

“Remote, unfriended, melancholy, slow
Or by the lazy, Scheld or wondering Po,
*  *  *
Wherever I roam, whatever realms to see,
My heart untravell’d fondly turns to thee.”
– Goldsmith

[ ৬৬ ]
পুঁৱতী স্থাহিছে পূবে, পলাইছে নিশা
লুকুৱাই আপোনাৰ মুখ বিষাদিত;
দাৱৰেৰে স’তে মিলি ৰশ্মি সুৰুযৰ
জিলিকিছে আকাশৰ চাৰিও দাতিত।
জুই বৰণীয়া ৰথ চলে পুৰুষৰ
ধীৰে ধীৰে একে ৰাহে অকশ পথত!
আঁতৰি আঁতৰি যায় বাট এৰি এৰি
মহাঘোৰ অন্ধকাৰ বিষাদ মনত
ধীৰে ধীৰে আহে যায় পুৱাৰ বতাহ
কুউ কুউ কৰি কুলি গায় মিঠা গীত!
কোনো হাঁহে কোনো কান্দে, কাৰো জ্বলে প্ৰাণ,
শুনি সি অমিয়া গীত কোনো বিষাদিত।
এনে সময়তে এটী পুখুৰী পাৰত

[ ৬৭ ]
(কমতা পুৰৰ পৰা আঁতৰি বহুত)
বহি আছে এটা দেকা বিষাদ মনত
শোকেৰে চকুলো টুকি ছয়টী চকুত।
ভাবি ভাবি মাজে মাজে হুমুনীয়া কাঢ়ে,
তললই কৰে মূৰ বিষাদ মনত।
কৰ দেকা? কিয় এনে ভাবি বিয়াকুল?
চকু পানী টোকে কিয়? কিহৰ দুখত
প্ৰবাসী কি এওঁ হায়? নিজৰ ঘৰত
মৰমৰ বাই ভনী তিয়াগি আহিছে?
হল আজি বহুদিন, দেখা শুনা নাই,
সি দুখতেনেকি এই চকুলো টুকিছে?
হাত ধৰা ধৰি কৰি কত চেনেহত
ভাই ককায়েৰে সতে জানো উঠিছিলে।
কিন্তু আজি বহু দিন, আছেহি আঁতৰি,
সেই বুলিনে কি আজি বিষাদে খৰিলে?
কান্দিছে হৃদয় নেকি আজি দুৰ্ভগাৰ
অতি চেনেহৰ, হায়! মাকক সুঁৱৰি,—
হিয়া ঢাকুৰাই যাক গইছে তিয়াগি
অকলে ঘৰত, প্ৰাণ শোকাকুলা কৰি?
কিম্বা দুৰ্ভগীয়া আজি টুকিছে চকুলো,
ভাবি এৰি-থই-যোৱা প্ৰতিমা প্ৰাণৰ?
পৰাণৰ প্ৰাণ বুলি যাক ভাবিছিলে
তেওঁকেই ভাবি নেকি কান্দিছে অন্তৰ?
কৰ দেকা?-কিয় আজি এনে বিয়াকুল?—

[ ৬৮ ]
পাঠক! পােৱা বা চিনি? ছোৱাছোঁ খন্তেক।
যদি নাই পােৱা চিনি,-কওঁ শুনা মই,—
এওঁৰেই নন্দ নাম ,-মন্ত্ৰীৰ পুতেক॥
গােলাপী সখীৰ এওঁ প্ৰাণৰ প্ৰণয়ী ,
গইছিলে এওঁৱেই গঙ্গাতীৰ লই ,
বিৰহৰ সাগৰৰ উৰ মাজত
প্ৰনয়ণী গোপীক উটুৱাই থই।
আহিছে গঙ্গাৰ পৰা উলটি এতিয়া,
কত ভাবি কত চিন্তি পুখুৰী পাৰত
বহিছে দুখে ভাগৰে, কান্দিছে নীৰলে
ভাবি আপােনাৰ দশা বিষাদ মনত।
এটী হুমুনীয়া কাঢ়ি, দুখিত মনেৰে
তলই কৰি মুৰ ভাবিলে মনত
“ক’তা? দেখোঁ নােৱাৰিলোঁ ভূলিব একোতে?
মিছাতে ভ্ৰমিলোঁ মাথোঁ দেশ বিদেশত?
কত আশা কৰি পিতা দিছিলে পঠাই
গঙ্গাতীৰলই মোক, তেঁও ভাবিছিলে,
ভূলিব পাৰিম মই সেই মুখখনি
আতৰি বহুত দিন দূৰত থাকিলে।
ফুৰিলো ইমান দিন! আজি এবছৰ!
ক’তা? দেখোঁ নােৱাৰিলোঁ ভূলিব সিমুখ?
হৃদয়ত অঁকা দেখো, সেই একে ছবি?
ভাবিলে ‘ভূলাৰ কথা’ বাঢ়ে মাথোঁ দুখ!
যতে ফুৰোঁ, যতে গলো দেশ বিদেশত

[ ৬৯ ]
সেই একে ছবি দেখোঁ হিয়াৰ মাজত?
সেই মূৰ্তি, দেখোঁ, মােৰ চিৰ লগৰীয়া?
অলপপ আঁতৰ ক’তো হােৱা নাই কিয়া।
হায়! পিতা, মই অতি পাপী নৰাধম!
একোতেই নােৱাৰিলো তোমাৰ আদেশ
পালন কৰিব মই! কি ৰূপে দেখাম
তোমাক ইমুখ মােৰ? জন্মিছে কেলেশ।
কত ক’লা, পিতা! তুমি (ভালৰ কাৰণে)
পাহৰিব’ সেই মুখ, হৃদয়ৰ পৰা
আঁতৰাব সেই ছবি, একোনোৱাৰিলো!
সেই মুখ, পিতা! মােৰ শােক-তাপ-হৰা।
মিছা তীৰ্থ লই গ’লোঁ, মিছা অতদিন
বিদেশ ফুৰিলোঁ, পিতা! একোকে ন’হল!
পাহৰা থাওক পৰি নিতে সোঁৱৰণী
আনি সেই মুৰ্ত্তি মোক কৰিলে বিকল।
উস!–
জলিছে হিয়াত বিষম যাতনা
পৰি প্ৰনয়ৰ ঘােৰ প্ৰমাদত।—
জ্ঞান বুদ্ধি আজি গ’ল সকলােটী ,
জ্বলে মাথোঁ হিয়া নিতে বিষাদত।
ভূলিছোঁ জগত, ভূলিছোঁ সংসাৰ
ভূলিছে আকাশ, অমৰা নগৰ!
ভূলিছোঁ অদৃষ্ট ভাগ্য আপােনাৰ,
জীবন মৰণ নৰ জীৱনৰ,

[ ৭০ ]
ভূলছোঁ ধৰম, ভূলিছোঁ কম,
ভূলিছো যে আজি আজি আপােনাৰ পৰ,।
ভূলিছোঁ প্ৰতিজ্ঞা ভূলিছোঁ চেনেহ,
আপোন পিতাৰ কথা মৰমৰ।
পাহৰিছোঁ বিয়া, ভূলিছোঁ সমাজ
ভূলছোঁ নিজৰ হৃদয় পৰাণ!
ভূলিছোঁ ভাইতি, ভূলিছোঁ ভনিতী,
ভূলিছোঁ সকলো জাতীয় সম্মান!!
কলঙ্কৰ থালি বােজা বান্ধি লম,
কলঙ্কৰ ভয় নকৰো মনত!
কলঙ্কিত বুলি জগতে নিন্দিব,
নিন্দোক জগতে কি হানী নিন্দাত?
বিৰহ ৰক্ষস নিজে বলি দিম,
সুখেৰে পুৰাম হেপাহ মনৰ।
গুছি যাম গই দূৰ দেশলই,
(জনম ভূমিৰ বহুত আঁতৰ!)
নিৰ্জন বনত কটাম জীৱন
হিয়াৰ মাজত ভৰাই পৰাণ!
কোনেও নাজানে, কোনেও নুশুনে
আমাদুয়োটীৰ প্ৰেম ভৰা গান।”
এই দৰে কত ভাবি আপােন মনত,
আছিলে অকলে দেকা পুখুৰী পাৰত;
এনে সময়তে, হায়! বহু কোটোৱালে
তেঁওক ধৰিলে গই বেৰি চাৰু ফালে।

[ ৭১ ]
বেঢ়ি ললে কোটোৱালে, ধৰিলে হাতত,
বিয়াকুল হ’ল ডেকা প্ৰাণৰ ভয়ত।
শুধিলে কাতৰ মুখে, “কিয় ধৰা মোক?
নাই কৰা একো মই, নাই কোনো দোষ!
হাতে হাতে তৰোৱাল দেখি লাগে ভয়!
কি দোষত আজি মোক কাটিব খুজিছাঁ?
মন্ত্ৰীৰ পুতেক মই, নাই অপৰাধ,
আহিছোঁ তীৰ্থৰপৰা, কিয়নো ধৰিছ?”
এই বুলি কই নন্দ চকু পানী টুকি
কান্দিব ধৰিলে, হায়! প্ৰাণৰ ভয়ত!
নন্দলই চাই ক্ৰোধে ক’লে কোটোৱালে,
“ৰজাৰ আদেশ তোক কাটিব বাটত।
পাপী নৰাধম তই! ব্ৰাহ্মণ কুলত
জন্ম লই, কৰ তই পৰস্ত্ৰীত আশা?
সেই দোষ নে কি তোৰ দোষেই নহয়?—
সি পাপতে আজি তোৰ এনেকুৱা দশা।
খন্তেকৰ পাচে আৰু নাথাকে পৰাণ,—
অধম দেহাত তোৰ!—ইষ্ট-দেৱ-নাম
সুঁৱৰিব খোজ যদি, সুঁৱৰি ল তই,—
নহলে, নাপাবি আৰু এনুৱা সময়।”
“বিশ্বাস নহয় মোৰ,” বুলিলে নন্দই,—
নকৰে কদাপি ৰজা ব্ৰহ্ম-বধ-পাপ।
খঙ্গত যদিও তেও কইছে সিদৰে
এতিয়া,—পাচত পাব ঘোৰ মনস্তাপ।”

[ ৭২ ]
“ব্ৰহ্মবধ-পাপ? দুষ্ট!” কয় কোটোৱালে,—
“শুদিৰিণী-সংসৰ্গত তেজ ব্ৰাহ্মণৰ
নষ্ট পালে তােৰ গাৰ! পতিত ব্ৰাহ্মণ!
কলঙ্ক এতিয়া তই ব্ৰাহ্মণকুলৰ।
তােক কাটি থলে, আৰু ব্ৰহ্ম-প পাপ
নালাগে ৰজাৰ গাত, কিম্বা কাটোঁতাৰ।
পতিত ব্ৰাক্ষণ তই! শুদিৰণী-লােভী।
ব্ৰাহ্মণকুলৰ তই কুলৰ এঙ্গাৰ।”
“যদি সেয়ে হয়,” ধীৰে বুলিলে নন্দই,—
“একো কথা নাই, যদি আদেশ ৰজাৰ,—
কাটি থ’বা মােক; আৰু নাই আশা মােৰ
এই পাপ-পৰাণত, অনিত্য, অসাৰ!
মিনতি কৰিছো, কিন্তু নাকাটি এতিয়া,—
লই ব’লাঁ মােক মােৰ আপােন ঘৰত,—
শেষ দেখা দেখি লওঁ পিতাদেৱে স’তে,—
আৰু পৰাণৰ দেবী, যাৰ সংসৰ্গত
কলঙ্কিত বুলি সবে নিন্দিছাঁ নন্দক।
হেপাহ পূৰাই লওঁ সেই মুখ চাই!—
আৰু যে নহব দেখা এই জনমত!—
দেখুৱাঁ এবাৰ মাথোঁ, আৰু আশা নাই!
মাৰা, কাটা, যেই কৰা কৰিব পাচত,—
এবাৰ দেখুৱাঁ মাথোঁ সেই মুখ খনি
প্ৰেমময়ী প্ৰতিমাৰ, যাৰ বিৰহত
জ্বলিছে হিয়াত মােৰ দাৰুণ অগনি।

[ ৭৩ ]
যদি দেখোঁ সেই মুখ এবাৰ মাথােন
যমো যদি নিজে আহে, নকৰোঁ যে ভয়!
নৰকতাে পৰোঁ যদি, তাতাে পাম সুখ
সেই মুখ খনি ভাবি,-ব’লা মােক লই।”
কত ক’লে এই দৰে, কিন্তু কোটোৱালে
একো নুশুনিলে, হায়! শিলাময় মন!
দাঙ্গি ল’লে তৰােৱাল! “অষ্টমীৰ দিনা”
কাটে যেনেকই ছাগ, কাটিলে ব্ৰাহ্মণ!
ইকি ভয়ঙ্কৰ দৃশ্য! পুখুৰীৰ পাৰ
তেজেৰে ৰাঙ্গলী হ’ল। নিষ্ঠুৰ কোটাল!—
ব্ৰহ্মবধ কৰি হায়! নালাগেনে বেয়া?
মানুহক কাটি নে কি পাৱ বৰ ভাল?
শিলেৰে বন্ধাই নে কি পঠালে ঈশ্বৰে,
নিৰ্দ্দয় নিষ্ঠুৰ হায়! হিয়া তহঁতৰ?
নালাগে পাপৰ ভয়, কৰুণা মনত
অকালত প্ৰাণ বধ কৰোঁতে নৰৰ?
আহা নন্দ! কান্দে প্ৰাণ! ভাবিলে তােমাৰ
এনেকুৱা দশা আজি পুখুৰী পাৰত!
বিদেশৰপৰা তুমি কত আশা কৰি
আহিছিলাঁ দেশলই কত হেপাহত!
আছিলে হেপাহ কত পাম বুলি সুখ
আকউ দেশত দেখি প্ৰণয়িনী মুখ;
কিন্তু সেই আশা হায়! নউ পুৰুতেই
ৰাক্ষসৰ হাতে প্ৰাণ এৰিলা নিজেই!

[ ৭৪ ]
এনুৱাই ঘটে যদি প্ৰকৃত প্ৰেমত
প্ৰেমক বিচাৰি কিয় ফুৰে জগতত
নিৰ্ব্বোধ মানুহে হায়! নাভাবি দুগুণি।
এয়েনে কি প্ৰতিফল প্ৰেমৰ সলনী?
ই কি কাণ্ড ভয়ানক! নিষ্ঠুৰ কোটালে
কুটি বাচি ল’লে হায় মাংস ব্ৰাহ্মণৰ!
মুৰটীও ল’লে বান্ধি! নৰমাংস খোৱা
আছে কি মানুহ হায়! ক’তো জগতৰ?
এতিয়াও আছেনে কি লঙ্কাৰ ৰাক্ষস?
বকাসুৰ, বঘাসুৰ ঘোৰ অৰণ্যত?
সিহঁতৰে পো-নাতিনী নে কি কোটোৱাল?—
কাটিলি বামুন আজি মাংসৰ লোভত?
পঢ়িছোঁ পুথিত বহু আগৰ কালৰ,
(ইতিহাস পুৰাণত প্ৰাচীন যুগৰ)
বহু আচৰিত কথ,—সত্য-দ্বাপৰত
পশুৰ সন্তান হয় নাৰীৰ গৰ্ভত!
তহঁতেও নে কি হায় নিৰ্দ্দয় কোটাল!—
পশুৰ সন্তান? (মাথোঁ সাজ মানৱৰ?
পশুৰো যে আছে দয়া মায়া অন্তৰত;
নাই মাথোঁ কনামাত্ৰো দয়া তহঁতৰ!
মূৰটীয়ে স’তে লই মাংস ব্ৰাহ্মণৰ
নগৰৰ ফালে গ’ল বেগে কোটোৱাল।
পৰেকীয়া সময়ত পালেগই গই
ৰজাৰ নগৰ, আৰু ৰজাক কোটাল

[ ৭৫ ]
দেখুৱালে উলিয়াই মুৰটী নন্দৰ,
মাংসৰ টোপোলা থলে ৰজাৰ আগত!
মাংস দিলে খাবলই মন্ত্ৰীৰ ঘৰত
হৰিণাৰ মাংস বুলি!
মূৰটী সুমাই থ’লে লুকাই ৰজাই,
আহাহা! আাকাশ!!
বজ্ৰহীন আজি তই!—নতুবা বজ্ৰত
নাই সেই তেজ আজি, যি তেজেৰে স’তে
ত্ৰিলোক কঁপাইছিলে তাহানি কালত ।

                  ••••••••••••

                     অষ্টম সৰ্গ

“There Is no union here of hearts
That finds not here an end :
*   *   *
Beyond the flight of time.
Beyond this vale of death,
There surely is some blessed clime
Where life is not a breath,
There is a world above
where parting is shown :
A whole eternity of love,
Form’d for the good alone.
  -Montgomery.

[ ৭৬ ]
“ক’ত! সখি। এতিয়াও নাহিলে পমিলী?
পুৱাতেই গ’ল বুঢ়ী, কিয় অত বেলি?”
কমতাপুৰৰ পৰা বহুত দূৰই
এখন বনত ধীৰে গোলাপীয়ে কয়।
“এৰা সথি। অত বেলি পাব লাগিছিল,—”
ধীৰে ধীৰে কুঁৱৰীয়ে গোলাপীক কয়,—

[ ৭৭ ]
“জানোঁ সখি! আহি নন্দ নাই পােৱাহি বা?
সি কাৰণে, জানো বুঢ়ী আছে তাতে ৰই?”
“কিয় সখি! নাপাবহি তেওঁ আহি ঘৰ?
কে’বা দিনো হ’ল আজি, দেখিছিলে হেনো
তেওঁক বহুতে সখি! বাটত এদিন;—
কিয় বুঢ়ী অহা নাই? তাকে মাতোঁ গুণো।
নে, সখি! খুজিছে তেওঁ আহি সন্ধীয়া
পমিলীৰে স’তে দুয়ো এই বনলই?
দেখা নাই বাট-পথ ক’ত আছোঁ আমি,—
সি বুলি বা বুঢ়ী সখি! আছে তাতে ৰই।”
“জানো সখি! ৰ’বাছােন” কলে কুঁৱৰীয়ে,—
“গধূলি হ’লেতো বুঢ়ী আহিব উলটি?
উতলা নহ’বা সখি! থিৰভাৱে ৰােৱা,—
নহবা মিছাতে তুমি বিয়াকুল অতি।”
এই বুলি কুঁৱৰীয়ে ৰ’ল মনে মনে;—
সৰুক চাই খুঙ্গে গােলাপীয়ে কয়;—
“যােৱাঁ দেৱ! যোৱাঁ তুমি, লুকুৱাঁ আঁৰত
আকাশ পথৰপৰা বেগা বেগি কই।
তোমাৰ ৰথৰ ঘােৰা খেদোৱাঁ বেগাই—
জুই বৰনীয়া ছঁয়া পৰােক মেম্বত;
যোৱাঁ দেৱ। যােৱা তুমি, নাথাকিবা আৰু
আকাশ মাৰ্গত; যোৱাঁ অস্ত-অচলত।
ৰথৰ সাৰথী তুমি নিজেই, অৰুণ!—
কোবাই কোবাই ঘােৰা কিয় নেখেদোৱাঁ?

[ ৭৮ ]
পলম কিয়নো কৰা? বেগা-বেগি কই
সুৰুযক লই তুমি কিয়নো নোযোৱা?
নিতে নিতে তুমি পখি! চলাইছা ৰথ,—
বিষালে বা হাত ঘোৰা খেদোতে-খেদোতে?
অৰুণ! তোমাৰ নে কি লাগিছে ভাগৰ
সুৰুযে সইতে নিতে ফুৰোতে-ফুৰোতে?
এদিনো আজৰি নাই,—নিতে পুঁৱা হ’লে,
এহাতেৰে দোল ধৰা,—এহাতে আচাৰি;—
‘এক চক্ৰ ৰথ’ খনি নিতউ চলোৱাঁ
আকাশে দি,-পশ্চিমৰ ফালে মুখ কৰি ।
সি বুলি অৰুণ! যদি লাগিছে ভাগৰ,—
সোনকালে যোৱাঁ আজি অস্ত গিৰিলই,—
জুড়োৱা খন্তেক তাতে, পলোৱাঁ ভাগৰ,
আকউ আনিবা ৰথ ৰাতিপুৱা কই!
আহাঁ হে সন্ধিয়া সখি! দিয়া ঢালি তুমি
ধোৱা বৰণীয়া আহা! শীতল কিৰণ!
দেশ-এৰা প্রবাসীয়ে ভূলক খন্তেক
হৃদয়ৰ শোক, তাপ, বিৰহ দহন!”
এনে সময়তে আহি পালেহি পমিলা
শোকত চকুলো টুকি কান্দো কান্দোঁ হই—
পমিলীক এনে লেখি শুধিলে গোলাপী,—
“কিয়, বাই! চকু-পাণী টোকা এনেকই?
সৰ্ব্বনাশ নে কি, বাই ঘটিছে তেওঁৰ?
আহি তেও নেকি হায়! পোৱাহিয়ে নাই?

[ ৭৯ ]
অথিৰ-অবিৰ মোৰ হইছে হৃদয়,—
কি ঘটিছে? কিয় কান্দা? কোৱা মোক বাই!
“অদৃষ্ট তোমাৰ আই!” ক’লে পমিলীয়ে,—
“মুখত নোলায় কথা, তেওঁ আৰু নাই!
সাৰিলে সংসাৰ-হাত! তেওৰ শোকত
নাকান্দিবা মিছামিছি আৰু তুমি আাই!
ফাটি বা হৃদয় কান্ধি গোলাপীয়ে কয়,
ঈশ্বৰো কি হায় বাই! এনুৱা নিৰ্দ্দয়?
আধাফুলা ঢোপাকলি চিঙ্গে বতাহত,
দয়া মায়া, বাই! তাৰ নাইনে মনত?
“নহয় ঈশ্বৰ আই! মানুহে কৰিলে!”
চকু পাণী টুকি টুকি পমিলীয়ে কয়,
“অকাল মৃত্যুত তেও এৰিলে সংসাৰ!
কিৰূপেনো কওঁ আই! পৰানে নসয়।”
পমিলীৰ কথা শুনি কয় গোলাপীয়ে
হৰিনীৰ চকু তেন দুচকু পকাই;
“পিশাচিনি! দিছ কিয় দুখ নৰকৰ!
দয়া, মায়া, সেই তোৰ একোৱে কি নাই!
নন্দনে কি আত্মাঘাতী হল তেনে বুৰি?
কছোঁ মোক মাথোঁ হায়! হয়নে নহয়?
যদি কৱ হয় বুলি, তেনেহলে তোৰ
বিন্দু মাত্ৰো নাই দয়া, নিৰ্দ্দয় হৃদয়॥
হয় কথা বিষময়, তক্ষকৰো বিষ
অতি তুচ্ছ তাৰ ঠাই নানিবি মুখত।

[ ৮০ ]
যদি কৱ হয় বুলি, পিশাচিনী তই।
জিবা জ্বলি যাব তােৰ দাৰুন বিষত॥”
“কিয় কৰা খঙ্গ মােক, কয় পমিলীয়ে
“কিবা দোষ মােৰ আই? যদি খঙ্গ কৰা
নকঁও একোকে আৰু মনে মনে থাকা;
মিছাতে ফুৰিলে মাথোঁ ৰাতি-পুৱা পৰা॥
“বেজাৰত কও কিবা, নালাগিবা তাত”
ইনাই বীনাই কান্দি গােলাপীয়ে কয়,
কোৱাঁ তেওনে কি, বাই হল আত্মঘাতী?
নকৰিবা বেলি, মােৰ দহিছে হৃদয়।
“আত্মঘাতী নাই হােৱা” কয় পমিলীয়ে,
“কিবা দোষ পাই হায়! কটালে ৰজাই,
কিন্তু কি দোষত হায়! নাপালাে শুনিব!
শুনা হলে, ক’লো হয় তাকো মই আই।”
এই বুলি পমিলীয়ে টুকিলে চকুলাে!
হিয়ামূৰ ভূকুৱাই গোলাপী কান্দিলে!
বাৰিষা কালত যেন বৰষুন পাণী,
চকু পাণী দুচকুত সিদৰে সৰিলে!
“ফাটি যা হৃদয়!” কান্দি কয় গােলাপীয়ে
“ফাটি যা দুচিটা হই! হতভাগ্য প্ৰাণ
সৰ্বস্ব ধুকালি তই কালৰ চক্ৰত!
যা বাহিৰ হই! তোৰ নলওঁ যে নাম!
অসাৰ অনিত্য দেহা! যা মিহলি হই
মাটীৰে সইতে! আৰু কি থাক তই

[ ৮১ ]
বল শক্তি শৰীৰৰ? শ্মশান মাজত
যা অ দেহা! তেৰে স’তে অনন্দ-মনত!
বিষাদত কান্দি কান্দি ক’লে কুঁৱৰীয়ে
সখীলই চাই ধীৰে, নাকান্দিবা সখি!
কান্দিলে নোপোৱা আৰু দেখি সি মুখ;
এই জগতত আৰু তেওঁক নেদেখি!
নেদেখা ৰাজত সখি তেওঁ আছে গই
কান্দিলে নুশুনে তেওঁ নোপোৱা তেওঁক!
যেনুৱা তাগাত, সখি! তেনেকুৱা হ’ল!
নাকান্দা মিছাতে, আৰু নকৰিবা শোক!
সখীক ইদৰে বুলি সাদৰী কুঁৱৰী
পমিলীৰ ফালে চাই শোধে ধীৰে ধীৰে,
“টুকি কথা বাই! হায়! হিল ৰজাৰ?
হিতাহিত নিবিচাৰি ব্ৰহ্মা বধ কৰে?
উস! কোনে জানে কালসৰ্প থাকিব ফুলত?
ৰাক্ষসে কৰিব বাস দেব মন্দিৰ ত!
মুখনি নুন্দৰ যাৰ-হিয়া এনেকুৱা?
কোনে জানে জুই-দ হব ৰাতি-পুৱা?
“কেৱলে কি ব্ৰহ্মবধ?” কয় পমিলীয়
তাভো কেছি পাপ আই কৰিলে ৰজাই,
হৰিনাৰ মাংস বুলি মাংস পূতেকৰ
মন্ত্ৰীক খুৱালে উস! ছখ কৰি আই!
খাই-বই উঠিলত অমোৱালে মান্তি
ৰজাই মন্ত্ৰীক হেনো ৰাজ সভাই

[ ৮২ ]
পুতেকৰ মুৰ আনি দেখালে মন্ত্ৰীক
মাংসৰো যে কথা হেনাে দিলে ভাঙ্গি কই!
কান্দিলে মন্ত্ৰীয়ে হেনো বহুত বীনাই;
বহু ধনভাঙ্গি বােলে হল পৰাচিত!
এতিয়া ৰাজ্যত নাই, গ’ল তীৰ্থলই;
নাহিব উলটি; হেনো থাকিব কাশীত!”
পমিলীৰ কথা শুনি, শুধিলে গােলাপী
কান্দি কান্দি,-“কছো বাই। সছাঁ-সঁছি কই
আছেনে তেঁওৰ মুৰ ৰজাৰ হাতত?
এতিয়া তালই গ’লে দেখিমনে মই?”
“এতিয়াও আছে আই। ৰজাৰ হাততে”
চকুপানী টুকি টুকি পমিলীয়ে কয়,
“যদি যোৱা, পাবা দেখা, যদি চাব খােজা,
সােনকালে যােৱাঁ আই! ৰজাৰ তালই।”
কথা শুনি পমিলী, ইনাই-বীণাই
গােলাপীয়ে কলে কান্দি ৰাণীলই চাই
“দশা বেয়া মােৰ সখি! যিহ’বৰ হ’ল!
দুপৰ নউ হওতে বেলি মাৰ গ’ল!
যি আছিলে সেয়ে হ’ল! কান্দিছো মিছাতে!
পমিলীয়ে স’তে আজি থাকাছোঁ বনত।
আহোঁছোঁ মই এবাৰ নগৰৰ পৰা,
আকউ আহিম; চিন্তা নানিবা মনত।”
“এনে বেজাৰত সখি! মনৰ বেগত
নালাগে তালই যাব, যদি যােৱাঁ সখি!

[ ৮৩ ]
হৃদয়ৰ জ্বলাজুই উজ্বলি উঠিব
(ভাবিলে পৰণ কালে!) সেই দৃশ্য দেখি!
যােৱা যদি, পাছে যাবা আন দিনলই;
এতিয়া নালাগে যাব, কথা শুনা, সখি!
কটাঘাত চেঙ্গা তেল দিলে কি লাভ?
জ্বলিব পৰাণ মাথো, হ’বা মাথোঁ দুখী।”
“আতােকই আৰু সখি কি জ্বলিব জুই
কান্দি কান্দি গােলাপীয়ে কুঁৱৰীক কয়,
“জ্বলিবৰ আছে যদি, চাওঁ জ্বলায়েই;
নাবাধিবা সখি! মােৰ জ্বলিছে হৃদয়।”
এই বুলি গােলাপীয়ে নগৰৰ ফালে
বেগেৰে ধৰিলে খােজ, সন্ধীয়া লগাত
পালেহি নগৰ আহি, দেখিলে ৰজাক
বহি থকা দুখ মনে অকলে চৰাত!
“মহাৰাজ। পতি ঘাতী তুমি অভাগীৰ?”
কান্দি কান্দি গােলাপীয়ে বুলিহে ৰজাক,
“ফুলতে কৰি মােক অনাথ বিধৱা;
শিলেৰে গঢ়িলে নেকি ঈশ্বৰে তােমাক?
এপাত পাণৰ বহ নউ পাওতেই
স্বোৱামীক বধি মােক বিধবা কৰিলা।
এমে কি ৰজাৰ ধৰ্ম্ম? ব্ৰহ্মবধ কৰি
পবিত্ৰ বংশত কিয় কলঙ্ক আনিলা?
সেই যেই হক ৰাজা! কৰিছোঁ মিনতি,
দিয়া অভাগীক মােক মুৰটী স্বামীৰ

[ ৮৪ ]
হেপাহ পূৰাই লই হিয়াৰ মাজত,
জুড়াও হৃদয় মোৰ অথিৰ-অবিৰ।
বেলি নকৰিবা, ৰাজা! মাতিছোঁ তোমাক
মুৰটী তেওঁৰ মোক দিয়া উলিয়াই।
শেষ চোৱা লওঁ চাই এই জনমত
লও দেখি আজি মই হেপাহ পূৰাই।”
“কি কইছা সখি! তুমি একো বুজা নাই।”
গোলাপীক ধীৰেধীৰে বুলিলে ৰজাই,
বিয়া নউ দিওতেই, বাৰী হলা তুমি।
মানে কি ইয়াৰ, সখি ? নাপালো যে গুণি!”
নাই দিয়া বিয়া সছা! বিয়া দেশাচাৰ
নিদিলেও বিয়া; তেওঁ স্বামী অভাগীৰ
বৰিছিলো মনে মনে মিলিছিলে মন
অন্তৰে অন্তৰে ৰাজা! আমি দুয়োটীৰ!
দেশাচাৰ মতে হায়! দেখনিয়া বিয়া
যদিও নহল ৰাজা আমা দুয়োটীৰ,
ইটে সিটে দুয়োটীকে ভাল পাইছিলো,
নহলেও বিয়া, তেঁবে স্বামী অভাগীৰ!
তেওঁকেই ভাবি ভাবি নিয়াম জীৱন,
বেলি নকৰিবা, দিয়াঁ মূৰ উলিয়াই;
হিয়াৰ মাজত লই শাঁত কৰো প্ৰাণ,
হেপাহ পুৰাই হায়! লওঁ আজি চাই ।
‘ইকি আচৰিত সখি?” বুলিলে ৰজাই
“তোমা দুয়ো সখী নেকি একেই বিধীয়া?

[ ৮৫ ]
গুপ্ত প্ৰেম তাৰে সতে দুয়ােৰে আছিলে?
আছিলে কি নন্দ হায়! এনুৱা পপীয়া।
একে কলঙ্কৰে নেকি দুয়াে কলঙ্কিনী?
দুয়ো সখী একে দৰে পাপত মজিলা?
চিৰ পবিত্ৰতা ভৰা কমতা পুৰত ,
কলঙ্কৰ পানী দুয়াে সখীয়ে ঢালিলা?”
“কি কইছা তুমি ৰাজা! দুয়াে সখী বুলি?
একো নুবুজিলোঁ হায়।” গোলাপীয়ে কয়,
মই বাৰু কলঙ্কিনী আৰু কোন সখী
আছে এই নগৰত কলঙ্কিনী হই?
মােৰ সতে ভাল পোৱা আছিলে তেওঁৰ,
গুপ্ত প্ৰেম তেঁৱে সতে আৰু কাৰো নাই!
তােমা দুয়ো সখী বুলি কোৱাঁ কি ভাবত
একো বুজা নাই মই দিয়াঁছোঁ বুজাই।
“কিয় কোৱা মিছা কথা”? বুলিলে ৰজাই
“জানা তুমি সকলোটী নন্দৰ লগত
কুৱৰীৰো গুপ্ত প্ৰেম আছিলে নিশ্চয়
কিয় মিছা কোৱা তুমি মােৰ সন্মুখত?”
“এনুৱা মিছা সন্দেহ কিয় কৰা ৰাজা?”
আচৰিত হই শােকে গোলাপীয়ে কয়:—
“কিহত জানিলা তুমি? কিয় অবিশ্বাস?
সতী পতিব্ৰতা ৰানী, অসতী নহয়॥”
“অসতী নহয়? সখি! অসতী কুঁৱৰী,
প্ৰমাণ দেখালে তুমি পাৰিবা বুজিব,”

[ ৮৬ ]
এই বুলি চিঠি খনি(মোকলাই লোৱা
ৰিহাৰ গাঁথিৰ পৰা) ধৰিলে পঢ়িব।
চিঠি পঢ়া অন্তহল—কলে গোলাপীক
“ইমানতো নেকি তুমি বিশ্বাস নকৰা
ৰানীকো তোমাৰ দৰে বামুণ নন্দৰ
গুপ্ত প্ৰণয়িনী বুলি কলঙ্কেৰে ভৰা?”
“কি কাম কৰিলা ৰাজা?” কয় গোলাপীয়ে
দুখে হুমুনীয়া কাঢ়ি ৰজালই চাই;
এই চিঠিয়েই নেকি দুৰ্দ্দশা ৰানীৰ?
ইয়াতেই নেকি তেওঁ বনলই যায়
এয়েই প্রমাণ নেকি আৰু অাছে ৰাজা?
ইয়াতে ৰানীক নেকি ভাবিছা অসতী?
আৰু যদি পোৱা নাই একোতে প্রমাণ,
তেনে কুৱৰীৰ হল মিছাতে দুৰ্গতি।
“প্রমাণ চিঠিত বাজে আৰু মোৰ নাই।”
বিয়াকুল মনে ৰজা গোলাপীক কয়,
“কিবা যদি জানা সখি, কোৱাঁ শীঘ্ৰে মোক
কুৱৰীক ভাবি মোৰ কান্দিছে হৃদয়।”
“বহুদিনাৱধি মোৰ আছিলে প্রণয়
মন্ত্ৰীৰ পুতেকে সতে” গোলাপীয়ে কয়,
“পাছে হায়! সেই কথা গম পালে গই
নন্দৰ বাপেক মাকে লাহে লাহে কই।
কত চেষ্টা কৰিছিলে কত যত্ন কৰি
নোৱাৰিলে এৰুৱাব কিন্তু পুতেকক,

[ ৮৭ ]
সেই বুলি, ছল কৰি দিলে পঠিয়াই
গঙ্গাতীৰলই হায় পাইত নন্দক।
তীৰ্থলই গ’ল তেওঁ থাকিলোঁ ইয়াতে
বিৰহৰ জ্বলাজুই ফুঁৱাই ফুঁৱাই।
তেওঁল’কে দিবলই এই চিঠিখনি
লেখােৱাইছিলোঁ। মই সখী-হতুৱাই।
তুমি দেখা বুলি ৰাণী ভয় ভয় কৰি,
লিখিছিলে চিঠি তুমি টোপনী গ’লত;
লিখি এতালত, পাছে থইছিলে বান্ধি
সামৰি-সুতৰি হায়! ৰিহাৰ আগত।
পাছ দিনা ৰাতিপুৱা চিঠি খুজিছিলোঁ,
বিচাৰি নেপালে তেওঁ ৰিহাৰ আগত!
এতিয়া জানিলোঁ ৰজা। তুমি চিঠি-চোৰ;
মােকোলাই নিলা তেওঁ টোপনী গ’লত!
এতিয়া জানিলোঁ তুমি মিছা সন্দেহত
ব্ৰহ্মবধ মহাপাপ কৰিলা বংশত।
মিছাতে ৰাণীক দিল দুখ দুৰগতি,
নিশ্চয় জানিবা ৰাণী নহয় অসতী।”
“সত্য কৰি কোৱাঁ সখি!” বুলিলে ৰজাই,
“কান্দিছে হৃদয় মােৰ দাৰুণ শােকত!
নােহে কি অসতী ৰাণী? চিঠি কি তোমাৰ?
ত্যজিছোঁ তেওঁক নেকি মিছা সন্দেহত?
ইচ্ছাময়! জগদীশ! গুছুৱাঁ সন্দেহ
হৃদয়ৰ পৰা মােৰ! কৰা দৈৱবাণী,

[ ৮৮ ]
অসতী নহয় ৰাণী, নাই চোৱা পাপে
কুৱৰীৰ দেহা, সতী পতিব্ৰতা ৰাণী।
গুছুৱাঁ সন্দেহ মােৰ পুনু আজি যাওঁ
আনােগই মাতি-বুলি দেবী হৃদয়ৰ,—
কমতাৰ ৰাজলক্ষ্মী, যাৰ সদ্‌গুণত
মােহিত আছিলে হায়! কমতা নগৰ।
মই অতি নৰাধম! ভাবি নাচাই,
সতী তিৰুতাক দিলোঁ দুখ হৃদয়ত।
হৃদয়ৰ ৰত্ন হায়! দিলোঁ দলিয়াই;
ঠাই আৰু নাই মােৰ কতাে নৰকত।”
“সত্য কৰি কও ৰজা।” গােলাপীয়ে কয়
“সতী পতিব্ৰতা ৰাণী অসতী নহয়।
সাক্ষী আছে মহাৰাজ! সৌৱা জোন তৰা!
সেই চিঠি মােৰ, ৰাণী সতীত্বৰে-ভৰা।
সেই যেই হ’ক হয়! যিহকে কৰিলা,
উলিয়াই দি মােক মুৰ স্বোৱামীৰ!
হেপাই পূৰাই লই হিয়াৰ মাজত
শাত কৰো মন প্ৰাণ, হৃদয় অথিৰ।”
এই বুলি গােলাপীয়ে কান্দিব ধৰিলে,
ৰজাই নন্দৰ মুৰ দিলে উলিয়াই।
ইনাই-বিনাই কান্দি অতি হেপাহত
হিয়াৰ মাজত ল’লে অভাগী সুমাই।
“প্ৰাণেশ্বৰ! প্ৰাণনাথ! অভাগীত লাগি
অকালতে হায়। তুমি ত্যজিলা পৰাণ।

[ ৮৯ ]
নাকান্দো সি বুলি আৰু। সুখী তাত দাসী
ত্যজিম পৰাণ আজি সইতে তােমাৰ।
বলাঁ নাথ! বলা যাওঁ দুয়াে একে লগে,
নুমাও দুয়োৰে আজি হৃদয়ৰ জুই।
বিষময় ই সংসাৰ এৰি বলা নাথ,
নিত্য ধামলই যাওঁ, সেই স্বৰ্গপুৰ।
পৃথিবীৰ ভাল পােৱা দুদিনীয়া মাথোঁ
নহয় চিৰকলিয়া প্ৰেম সংসাৰৰ।
কিন্তু নাথ! আছে তাত সিপাৰে মেঘৰ
স্বৰ্গ নামে দেশ এক অনন্ত সুখৰ।
নাই ভিন সি দেশত বামুণ শুদিৰ,
নাই তাত জাতী কুল ধনী ধনহীন।
বিৰহ বিচ্ছেদ তাত নাই শােক তাপ,
কি ৰজা কি প্ৰজা তাত নাই একো ভিন।
বলা নাথ! দুয়ো আজি যাও সি দেশত,
—ভিন-পৰ ঘিনা-ঘিনি থকা ঠাই এৰি,
তিয়াগি সংসাৰ ঘােৰ শােক-তাপ ভৰা-
যত নাই শােক-তাপ সন্তাপ এফেৰি।
সি ঠাইত দুয়াে আমি নােহোঁ এৰা-এৰি,—
বিৰহৰ গে ন্ধো নাই;—নিতউ মিলন।
‘কলঙ্কিত’ বুলি নাথ নােৱাৰে নিন্দিব,—
প্ৰকৃত প্ৰেমত তাত সবেই মগন।
মহাৰাজ!
অকলে আইতা আছে ঘৰত দুখুনী।

[ ৯০ ]
দেখা যদি পোৱা হায়! কেতিয়াবা তুমি,-
কবা (মোৰ হই) হেনে,—তিয়াগি সংসাৰ,
নন্দই সইতে গ’ল গোলাপী তোমাৰ!
যদি শোধে কুঁৱৰীয়ে—প্ৰাণৰ সখীয়ে-
ক’বা মহাৰাজ হেনে আজি শেষ হ’ল।
তোমাৰ সখীটী সেই ছোৱালী কালৰ
নন্দে স’তে দুৰ্ভাগিনী, স্বগলৈ গ’ল
অনুৰাগ সুখে হায়! মাধই লতাই
ভুজ-ফাহে তমালক যিৰূপে মেৰাই,
বিৰহ-প্যাকুলা হায়! দুখুনী গেলাপী
নন্দকেই মেৰিয়াই সি দৰে পলায়।”
এইবুলি গোলাপীয়ে ল’লে উলিয়াই
হাতৰ কটাৰী খনি ফুলাম দাবৰ।
আপোনাৰ দিঙ্গিতেই দিলে তিনিৰেপ!
লুটি খাই পৰি হায়; কৰে থৰ ফৰ।
ইকি কান্দ হায়! দেথি কান্দে ষে পৰাণ,
তেজেৰে ৰাঙ্গলী হল দুখুনী গোলাপী।
নাই মাত নাই বোল নিমাত অচল।
ভুলিছে দুখুনী আজি বিহুৰ তাপ।
প্ৰণয়ীৰ মৃত্যু শোক ভুলিছে দুখুনী
ভুলিছে দুখুনী ছৰি শোক বিষাদৰ।
প্ৰণয়ীত লাগি কৰি আত্ম-বিসৰ্জন,
দেখুৱালে আজি ছিন প্ৰকৃত প্ৰেমৰ।
যোৱাঁ তুমি সুখে যোৱাঁ গোলাপী সুন্দৰী।

[ ৯১ ]
প্রণয়ীৰে স’তে আজি যোৱা স্বৰ্গলই,
গুছাই মনৰ দুখ বেজাৰ সন্তাপ,
বিৰহৰ জ্বলা জুই নুমুৱাই থই।
প্রকৃত প্ৰেমৰ তুমি দেখুৱালা ছিন
প্রণয়ত লাগি দিলা আত্ম-বিসর্জন।
সুন্দৰি! তোমাৰ দৰে প্ৰেমৰ নিমিত্তে
জগতত প্রাণ দিব পাৰে কেইজন?
বলিয়ানী, উন্মাদিনী বুলিব জগতে
তোমাক সুন্দৰি! কিন্তু যদি প্রণয়ত
আপোনাকে পাহৰিব নোৱাৰে প্ৰেমিকা,
কিবা সুখ ভাল পোৱা তেনুৱা প্ৰেমত?
নিজৰ অস্তিত্ব যদি নোৱাৰে ভুলিব,
প্রেমিক-প্রেমিকা যদি পগলা নহয়,
সেই প্রেম ভাল পোৱা নিতান্ত অসাৰ
তেনুৱা প্রেমক কোনে প্রেম বুলি কয়?
আহাহা জানিলে হায়! যেতিয়া জুলীয়া(১)
ৰোমিওৱে স’তে হব নোৱাৰে বিবাহ।
—মণ্টাগো কেপুলেটৰ শক্র চিৰকাল
উভয় বংশৰে কাৰো নাই আহ-যাহ;–
হৃদয়ৰ বেগ হায় সহিব নোৱাৰি
জুলীয়া ধৰিলে ক’ব নিজকে পাহৰি,—
“ৰোমিও! ৰোমিও! কোৱাঁ ৰোমিও!নোহোৱা
বিপক্ষৰ পুত্ৰ তুমি; অন্য নাম লোৱাঁ
(১) Juliet

[ ৯২ ]
শলাব ‘ৰোমিও’ নাম যদিহে নোখোজা,
কোৱাঁ মাথোঁ তুমি মোক বুলি ভাল পাওঁ,
তেন্তে এই খন্তেকতে পিতৃ-মাতৃ এৰি
নিজৰে ‘জুলীয়া’ নাম আপুনি গুছাওঁ।”
প্রেম-বলিয়ানী হায় জুলীয়া সুন্দৰী
নোৱাৰিলে পাহৰিব ৰোমিও ধনক।
শেহত দুয়োটী গই দিলে বিসৰ্জ্জন
প্রণয়ত লাগি হায় আপোন প্ৰাণক।
আহাহা পৰাণ কান্দে! আজলী ওফিলী(২)
শুনিলে দুখুনী যৱে প্ৰাণ পৰাণৰ
হেমলেটে আৰু বোলে নকৰে বিবাহ,—
কান্দিব ধৰিলে কত দুখিত অন্তৰ।
উন্মাদিনী হ’ল হায় শুনিলে দুখিনী
হেমলেট আৰু বোলে নাই সংসাৰত
কত কান্দি কত নাচি উন্মদিনী দৰে
ত্যজিলে পৰাণ গই লাগি প্ৰণয়ত!
প্রণয়ত লাগি কৰে আত্ম বিসৰ্জ্জন।
সি দৰে তুমিও আজি গোলাপী সুন্দৰি।
পাহৰিলা আপোনাক অস্তিত্ব নিজৰ,
ত্যজিলা পৰাণ নিজে প্রণয় সুঁৱৰি!
আত্মঘাতী হ’লে বোলে কাৰো মুক্তি নাই,
কোনে কয় এনে কথা? কেনুৱা শাস্ত্ৰত?
যদি সেৱে হয় হায়! প্রকৃত প্রণয়
—————
(২) Ophelia

[ ৯৩ ]
নেদেখিব কোনোৱে যে আৰু জগতত।
মিছা কথা! যোৱাঁ তুমি গোলাপী সুন্দৰি!
মন সুখে যোৱাঁ তুমি বৈকুণ্ঠ পুৰত,
কবিৰ ঈশ্বৰী আৰু লক্ষ্মীয়ে সইতে
বিৰাজিছে যত প্ৰভূ সন্তোষ মনত।
আয়ে বজাইছে বীণা, গাইছে সঙ্গীত
মনি মৰকত আদি পিন্ধি অলঙ্কাৰ;
মাহী আয়ে শুৱাইছে সোণালী দুৱাৰ।
সুন্দৰি! তালই তুমি গুছি যোৱাগই
বিৰহৰ জ্বলাজুই নুমুৱাই থই,
নন্দৰে সইতে তাত কৰা স্বৰ্গ ভোগ
আতৰাই দুখ তাপ, সংসাৰৰ শোক।

                ••••••••••••••

                    নৱম সৰ্গ।

“Ah what a life were this! how sweet! how lovely।
Gives not the hawthorn bush a sweeter shade,
To shepherds looking on their silly sheep,
Titan doth a rich embroidered canopy
To kings that fear their subjects treachery?’’
        -Shakespeare

[ ৯৪]
ওলাইছে ৰঙ্গা বেলি পূব আকাশত
নিশাৰ এন্ধাৰ ঘোৰ দূৰতে খেদাই।
জুৰিলে চৰায়ে গান মধুৰ সুৰত,
সাৰ পালে সকলোটী ন পৰাণ পাই।
শোৱা ধাৰি পাটী এৰি উঠিল সকলো;
গঁয়ালী তিৰুতা উঠি কৰে বাহিবন,
ঠাই সাৰে পানী আনে, বিচাৰিছে শাক,
ৰঙ্গা বেলি দেখি লৰা আনন্দিত মন।
কাষত কলহ লই ধলে ধলে যায়
গঁয়ালী গাভৰ হঁত নই ঘাটলই;
কোনোৱেবা গা ধুইছে, কোনো ভৰাইছে
কলহত পানী, কোনো আছে তাতে ৰই।
খিল্‌ খিল্‌ খিল্‌ কৰি হাঁহে কোনোজনী
অন্তৰৰ গোপনীয় ভাব উলিয়াই;
কোনো নাচে কোনো বায় দুহাতে চাপৰি,

[ ৯৫ ]
কোনোৱেবা ৰঙ্গমনে প্রেমগীত গায়।
কি ৰজা, কি প্রজা, হায়! কি ধনী দুখীয়া,
কমতাপুৰৰ আাজি সবে সাৰ পায়;
বনৰ মাজত কিন্তু ৰাণী স’তে থকা
পমিলী বুৰীৰ সাৰ এতিয়াও নাই।
অচেতন ভাবে বুৰী আছে টোপনীত,
উঠিলে বহুত বেলি সাৰকে নাপায় ।
পাছে কাষলই গই সাদৰী ৰাণীয়ে
ধীৰে ধীৰে পমিলীক তুলিলে জগাই
কুঁৱৰীয়ে জগালত সাৰ পালে বুৰী
চকুমেলি চাই ধীৰে কলে কুঁৱৰীক;
“লৰালৰি কৰি মোক কিয়নো জগালা?
দেথিছিলোঁ মই আই! এটী সমাজিক।”
“কিনো দেখিছিলা বাই কেনুৱা সপোন?”
বুৰীলই চাই ধীৰে কুঁৱৰীয়ে কয়,
“কিনো হল জগালত? কিয় পালা বেয়া?
কোৱা বাই! কি দেখিলা, শুনোঁছোন মই।”
“ৰাতি পুৱাইছে যেন” পমিলীয়ে কয়,
“আহিছে ৰজাই হেনো এই বনলই,
আনিছে দোলা, দুলীয়া, ঢুলীয়া, গায়ন,
মানুহে পৰিলে ভৰি যেন এই বন।
সুঁৱৰি সুঁৱৰি যেন অকাৰ্য্য নিজৰ
তোমাৰ আগত ৰজা কান্দিলে বহুত,
সাদৰে তোমাৰ ধৰি দুটী হাত আই।

[ ৯৬ ]
উলিয়াই চকু পানী দুয়োটী চকুত।
তুমিও কান্দিলা হেনো চকুপানী টুকি,
সাদৰে ৰজাৰ ধৰি দুটী চৰণত,
তাৰ পাছে যেন তুমি উঠিলা দোলাত
ৰজাই সইতে হেনো আনন্দ মনত।
আক নেদেখিলোঁ একো জগাই তুলিলা
টোপনীৰ পৰা মোক তুমি আহি আই!
ইয়াকে প্রভূক খাটো, সমাজিক মোৰ
আজি যেন তালেতিলে শীঘ্ৰে ফলিয়ায়।”
সপোনৰ কথা শুনি বুৰীৰ মুখত,
হুমুনীয়া কাঢ়ি কলে ৰাণীয়ে শোকতঃ—
“সি সুখৰ দিন নেকি আৰু বাই হব?
মৰুৰ মাজত মোৰ নই নেকি কব?
ভেকুলী পিঠিত হায়! গজিব কি নোম?
বেলি কি ওলাব মোৰ ভাগ্য আকাশৰ?
দুখৰ কলীয়া মেঘ থই আঁতৰাই,
ৰাঙ্গলী ৰ’দেকি আৰু কৰিব পোহৰ?
ভাগ্য-ফুল আৰু বাই! ফুলিব কি মোৰ?
সেই সুখ আৰু নেকি পাম জীৱনত?
ফুটা কপালৰ মোৰ গুছিব কি দুখ?
পাম কি বহিব আৰু স্বামীৰ কাষত?”
এই বুলি কুঁৱৰীয়ে কান্দিব ধৰিলে,
বুকুৰ মাজত হায়! মুৰটী সুমাই।
ৰাণীৰ কান্দন দেখি বিয়াকুল হই,

[ ৯৭ ]
বুলিব ধৰিলে বুৰী দুহাত ফুৰাই;—
“নকৰিবা শোক আই! নাভাবিবা তুমি
সমাজিক মিছা বুলি, ফলিয়াব পাৰে।
আহিলেও পাৰে ৰজা আহিব ইয়াত,
কেতিয়া কি ঘটে, কব কোনেও নোৱাৰে।
অকস্মাতে খঙ্গ কৰি, নাভাবি নাচাই
ত্যজিলে তোমাক হায়! মহাৰাজে আই!
অনুতাপ বেজাৰত আাকউ এতিয়া
কান্দিব ৰজাৰ পাৰে মন প্ৰাণ হিয়া।
আকউ তোমাক তেওঁ নিব পাৰে আই!
নিব যে নোৱাৰে এনে অসম্ভব নাই।
তোমাৰ ভাগ্যৰ ফুল ফুলিবও পাৰে,
ফুলিলে কোনেও আই! জপাব নোৱাৰে।
পুৱাৰ সপোন দেখোঁ, সছা বুলি কয়,
ঘটিব তোমাৰ ভাল সেয়ে যদি হয়।
সমাজিক মিছা বুলি নাভাবিবা আই!
কেতিয়াবা সমাজিক ঠিক ফলিয়ায়।”
“সপোন মনৰ ভ্ৰান্তি,” কয় কুঁৱৰীয়ে
“সছা হোৱা হলে, কত অভাগীয়ে বাই!
পালে হয় ওলোটাই প্ৰাণৰ পুতেক
গইছে যি অকালত হিয়া–ঢাকুৰাই ।
কত বিধৱাই হায় পালে হয় পতি
(গইছে যি অভাগীক থই কন্দুৱাই)
কত বিৰহীয়ে, পালে হেতেন প্রণয়ী

[ ৯৮ ]
সমাজিক যদি সচা হল হয় বাই ।
কত দীন দুখী হায়! হল হয় ৰজা
সপোনত পোৱা সেই ৰাজ্য ভাৰ লই;
কত ৰজা হল হয় দৰিদ্ৰ-কঙ্গাল
সপোনত ৰাজ ভোগ হেৰুৱাই থই।
হায় বাইঃ—
সপোনত পোৱা সুখ খন্তেকীয়া মাথোঁ,
যি পায় তেনুৱা সুখ, কিবা সুখ তাৰ?
টোপনীত যত বেলি, তত বেলি সুখ,
সাৰ পাই কান্দে টুকি চকুলো দুধাৰ।
বিজুলীয়ে যেনে কই খন্তেক পোহৰি
ডকা-ডোমা কৰি পুনু বঢ়ায় এন্ধাৰ;
খন্তেক লগাই ৰঙ্গ, সপোনে সিদৰে
বেছি কৰে মানুহৰ সন্তাপৰ ভাৰ ।
সপোন মনৰ ভ্ৰান্তি; —একেবাৰে মিছা,
সেই মুখ আৰু মোৰ নঘটে ভাগ্যত !
নিতে তাকে ভাবি থাকা সেই বুলি বাই।
তাকেই দেখিলা তুমি ঘুৰি সপোনত।
সাপোন মনৰ ভ্ৰান্তি! অকস্মাতে দেখে,
যদিও বা মাজে মাজে কেতিয়াবা হায়!
ফলিওৱা যেন দেখি ; কিন্তু প্রকৃততে,
ভ্ৰান্তি মাথো একো ঠিক সপোনত নাই।
“হওতেও হয় আই! নিতে তাকে ভাবোঁ,
যোগীৰ নিচিনা কই তাকে কৰো ধ্যান,

[ ৯৯ ]
তাকেই দেখিলো আজি ঘুৰি সপোনত,
ফলেকি নফলে আজি চাওঁ পৰিমান।”
এই বুলি কই বুৰী ৰল মনে মনে,
কুঁৱৰীয়ে দুখে শোকে বহিলে কাষত
আপোন ভাগ্যৰ আৰু সপোনৰ কথা
ভাবি ভাবি মনে মনে ব্যাকুল মনত।—
ভাগ্যৱতী তুমি অতি; যিহকে ধিঁয়োৱা
যিহকে মনত ভাবা, তাকে দেখা ঘুৰি
সপোনত তুমি, মোৰো ভাগ্য খনি তেনে
হোৱা হলে, কত সুখী হলো হয় বুৰি!
হল আজি বহু দিন! হেৰুৱালো এটী
পৰাণৰ ৰত্ন মোৰ (ভতিজা স্নেহৰ)
কত তাকে ভাবি থাকে কতনো ধিয়াওঁ
দেখিম দেখিম বুলি মুখনি সুন্দৰ!
এদিনো নেদেখো কিন্তু হায়! সপোনতো,
সেই মুখ খনি মোৰ লাহৰী সোণৰ!
দেখোঁ মাথোঁ কিবা কিবি, আৰ তাৰ মুখ,
যাৰ মুখ চাব মোৰ নোখোজে অন্তৰ।
যাক চাবলই কৰোঁ মনত হেপাহ,
সপোনৰ পৰা সিটো থাকে আঁতৰত;
যাক দেখি নাই লাভ (বৰঞ্চ হানী-হে)!
সিটো মাথোঁ দেখা দিয়ে আহি সপোনত!
যাক ভাবোঁ, তাৰ ছবি, মুৰ্ত্তি মনোহৰ
দেখালে হেতেন যদি আনি টোপনীত,

[ ১০০ ]
সকলােকে এৰি আজি পুজিলো হেতেন
স্বপ্নকে দেৱতা ভাবি, হই একচিত।
কিন্তু হায়! সমাজিক নহয় দেৱতা,
কিবা কিবি দেখুৱায় পগলালী কৰি;
সপােন মনৰ ভ্ৰান্তি,—পগলা মগজ
টোপনীত ভাও দিয়ে নানা মুৰ্ত্তি ধৰি।
ইননা কি আকউ! দেখোঁ গােটেই অৰন্য
ঢুলিয়া-গায়েনে আহি পৰিলেহি ভৰি!
আহে দোলা, আহে হাতী, বহুত ছােৱালী
কপালত ফোঁট পিন্ধা সাৰি সাৰি কৰি।
এনে আড়ম্বৰ কৰি কোন আজি আহে
অকস্মাতে এই মহা অৰন্য মাজত?
যেয়েই আহােক,—কিম্বা পাছেও শুনিম,—
এটী কথা শুধি মাথোঁ চাওঁ প্ৰথমত।
গাভৰু সকল! মােক নাপাৰিবা গালি,—
কোৱাঁছোঁ খন্তেক ৰই, লেহেৰী খােপাত
কিয় পিন্ধা অত ফুল খোঁপা ওপছাই?
ভাৰ যেন নালাগেনে লাহৰী দেহাত?
ধৰিছা গাভৰু বল, নালাগিব পাৰে।
ভাৰ যেন,—মুৰ জাননা নাই কৰা ভৰ?
কিন্তু কি কৰিবা যদি চিগি পৰে খােপা
সহিব নােৱাৰি ভৰ ইমান ফুলৰ?
“ইউদিকোলন’ আৰু ‘লেভেণ্ডাৰ’ তেল
চিচাই চিচাই যদি ঘঁহাহি নিতউ,—

[ ১০১ ]
গজিবনে চুলি আৰু? নগজে, নােপােৱা
লেহেৰী খােপাটী হায়! মুৰত আকউ।
জীয়াৰী কালতে ল’ব লাগিব ওৰণী;
চকু বা ঘােৰা যেন ফুৰিবা বাটত।
পিন্ধিব নোৱাৰি ফুল কান্দিবা তেতিয়া,
উলিয়াব নােৱাৰিবা মুৰটী লাজত।
দিঙ্গি ওপছাই অত মণি বিৰি পিন্ধা
দুধাৰি পিখিলে জানাে গাটীকে নৰয়?
ধুনত পিন্ধোতে মণি যদি ভাগে দিঙ্গি,
তেতিয়ানো কি কৰিবা কি হ’ব বিলয়?
কোৰ নাল যেন কেৰু পিন্ধিছা কাণত,
কাণ লতি চিগে যদি কেৰুৰ ভৰত,
কি কৰিবা তেতিয়ানাে? কিৰূপে পিন্ধিবা
বাখৰুৱা কেৰু আৰু? এনেই থাকিবা।
বিয়ালই নিবলই যি দৰে হাতীক
সেন্দুৰ পিন্ধাই দিয়ে আঁক বাঁক কৰি,
আঁকিলা কপাল খনি সি দৰে দেখােন?
কপাল ভৰাই লােৱা ফোঁট সাৰি সাৰি?
কিয় এনেকই আঁকা লাহৰী কপাল?
পখৰা-পখৰী কৰি পােৱানেকি ভাল?
ভাৱনাত ভাও দিকি আহিছা ওলাই?
যদি সেয়ে হয় ফোঁট পেলােৱা গুছাই।
ইনোকি আকউ! দেখোঁ কমতাৰ ৰজা
নামিলে দোলাৰ পৰা ধীৰ ধীৰ কই,—

[ ১০২ ]
সন্তাপ মনেৰে চাপি ৰাণীৰ কাষৰ,
ধৰিলে চকুলো টুকি কথা ক’বলই:—
প্ৰাণেশ্বৰী! প্ৰিয়তমা! ক্ষমা কৰাঁ দোষ,
নাভাবি নিচিন্তি দিলো তোমাক কেলেশ।
মই অতি নৰাধম! তোমা হেন সতী
তিকতাক দিলো হায়! যাতনা অশেষ!
কমতাৰ ৰাজলক্ষ্মী। তিয়াগি কমতা
আছাহি বনত তুমি,—ব’লা ঘৰলই
ক্ষমা কৰি অপৰাধ মই অধমৰ,
হৃদয়ৰ শোক তাপ আঁতৰাই থই।
এই বুলি শোকে ৰজা কান্দিব’ ধৰিলে,
বুলিব ধৰিলে ৰাণী সাদৰে ৰজাক:—
“কিয় কান্দা প্ৰাণনাথ! নকৰিবা শোক;
নোৱাৰে বাধিব কেৱে প্ৰভুৰ ইচ্ছাক।
ঈশ্বৰৰ ইচ্ছা নাথ! দুখ পাব লাগে,
দুখ পালো দুখুনীয়ে,—কি দোষ তোমাৰ?
কিয় কান্দা? কিয় তুমি টুকিছা চকুলো?
পেলোৱাঁ মুছি হে নাথ! চকুলো দুধাৰ।
কিন্তু নাথ!
সকলো আহিছে আজি দেখিছোঁ সবকে,
কিয়নো নাহিল সখী এনুৱা কালত?
শোকবিষাদতো তেওঁ আছিলে লগতে,
কিয়নো নাহিল তেওঁ এনে আনন্দত?
সখীক নেদেখি মোৰ কান্দিছে হৃদয়;

[ ১০৩ ]
কোৱা নাথ! কিয় মোৰ সখীটী নাহিলে?
এই বুলি কুঁৱৰীয়ে ৰল মনে মনে,
কিবা ভাবি টোপা টোপে চকুলো টুকিলে।
কুঁৱৰীৰ কথা শুনি বুলিলে ৰজাই,
“নাকান্দিবা প্ৰিয়তমা! কালি শেষ হ’ল
তোমাৰ সখীটী সেই ছোৱালী কালৰ।
নন্দ সতে দুৰ্ভাগিনী স্বৰ্গলই গ’ল।
অনুৰাগ সুখে হায়! মাধই লতাই
ভূজ-ফাঁহে তমালক যিৰূপে মেৰাই,
বিৰহ-ব্যাকুলা হায়! দুখুনী গোলাপী
নন্দকেই মেৰিয়াই সিদৰে পলায়!”
এই বুলি ধীৰে ধীৰে কলে সকলোটী,
আদি অন্ত সকলোৰে, —তেও কোনেকই
কটালে নন্দক আৰু কি কৰি সখীয়ে
তিয়াগিলে প্ৰাণ বায়ু আত্মঘাতী হই।
“এয়েই আছিলে সখি! ভাগ্যত তোমাৰ!”
চকুপানী টুকি শোকে কুঁৱৰীয়ে ,
বিৰহ-জুইত নউ ছাই হওতেই,
প্ৰণয়ীৰে সতে তুমি গ’লা স্বৰ্গলই
আত্ম-বিসৰ্জ্জন কৰি প্ৰণয়-শলনী,
আনন্দ মনেৰে সখি! গ’লা স্বৰগত,
জগতত ৰাখি কীৰ্ত্তি অমূল্য অমৰ,
তোমাৰ নিমিত্তে আৰু নাকান্দো মনত।
একে থিৰে চাম নিতে সি দেশৰ ফালে,

[ ১০৪ ]
প্ৰণয়ীয়ে সতে তুমি যত আছা সখি!
জীৱনৰ সাঁজ মােৰো লাগিব যেতিয়া,
তুমিয়ে সইতে পুনু হম দেখা দেখি।”
এই বুলি কুঁৱৰীয়ে টুকিলে চকুলাে,
দুহাত ফুৰাই কলে সাদৰে ৰজাই,
“নাকান্দিবা আৰু প্ৰিয়ে! বলা ঘৰলই,
শোক তাপ হৃদয়ৰ থােৱা আঁতৰাই।”
“তুমি ইষ্টদেৱ নাথ!” বুলিলে ৰানীয়ে ,
“তোমাক যেতিয়া আজি পালো ওলােটাই,
কিবা দুখ আছে আৰু বেজাৰ সন্তাপ?
সকলোটী আজি মই থলো আঁতৰাই।
মায়াৰ অধীন কিন্তু মানৱৰ হিয়া,
দুদিন থাকিলে জন্মে মায়া অন্তৰত;
যতে থাকে সেয়ে ঘৰ তেনে ভাব হয়,
জনমিছে মায়া মােৰ এই অৰন্যত।
শােক বেজাৰত টোকা নাই চকু পানী,
লাগিছে মনত বেয়া এৰি যাবলই
এই বন খনি নাথ;—সুন্দৰ নগৰ
ইয়াৰে সইতে যেন তুলনা নহয়।—
সুৱলা সুৰেৰে পখী কত গান গায়;
অপেশ্বৰী গাব নেকি পাৰে তেনে গীত?
পাৰেনে কি সেই গীতে মােহিব পৰাণ,
পখীৰ গীত কৰে যি দৰে মােহিত?
কুউ কুউ কৰি কুলি মিঠা গীত গায়,

[ ১০৫ ]
কুউৰ সুৰত সুৰ মিলাই মিলাই;
কত গীত গাই বহোঁ গছৰ ছঁয়াত
বুৰী বামে সতে কৰোঁ মণ প্ৰাণ শাঁত
চিৰ্‌ চিৰ্‌ চিৰ্‌ কৰি বয় সৰু জান,
শীতল বতাহ বলে বিৱ ৰিৱ কৰি;
ৰঙ্গা বগা ভেট ফুলে কত কোৰোকত
মনোহৰ কত ফুল দাল ভৰি ভৰি।
কত গছে কেউ ফালে ফেৰ মেলি মেলি,
ঘৰ যেন ছঁয়া দিছে পেলাই তলত!
তাত বহি যেনে সুখ, পাবনে কি না?
তেনে সুখ নগৰৰ সুন্দৰ ঘৰত?
ঠায়ে ঠায়ে কত গছ খৰিছে মেৰাই
দালপাত নাইকিয়া আকাশী লতাই;
ঘৰৰ চালত যেন উজ্জল আনন্দৰ
মেৰাই থইছে বহু শিকলি সোণৰ।
গছতেই গছ গজি, কত ফুলি ফুল
কৰিছে বনৰ শোভা সুন্দৰ অতুল।
তল ভৰি ভৰি সৰে ৰূপহী মদাৰ
গুছাই বনৰ নাথ। দোৰ্ঘোৰ এন্ধাৰ।
গোন্ধত আমোল-মোল মাধই ফুলিছে;
হিতেশা লতাই কত জোপা মৰাইছে;
নাই পাত, নাই ফুল, মাথোঁ ঠাৰি দালি,
বতাহত কেউ ফালে থাকে হালি-জালি।
কতদিন বহি বহি অউৰ (১) তলত

(১) অউৰ—ঔৰ অৰ্থাৎ ঔ টেঙ্গাগছৰ।

[ ১০৬ ]

অউ টেঙ্গা পাৰি পাৰি কত খাইছিলো!
ঠোপাঠোপে পকা জামু, লেতেকু কঠাল,
লেলেঙ্গ টেঙ্গাৰ গুটি কত যে চুপিলো।
কপউ ফুলৰ গছ দাঁড়েৰে খহাই
চাপৰত ৰুলো আনি গছৰ খাঁকিত।
কি সতেৰে ত্যজো আজি এনেকুৱা বন।
তাকে ভাবি মাথোঁ নাথ! হইছো চিন্তিত।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কমতাপুৰ ধ্বংস কাব্য
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
August 14, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39798 shares
    Share 15919 Tweet 9949
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18648 shares
    Share 7459 Tweet 4662
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3794 shares
    Share 1518 Tweet 949
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    286 shares
    Share 114 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d