• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 21, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

কমেণ্ট, এক্সপাৰ্ট কমেণ্টৰ ফায়াৰিং ৰেঞ্জত প্ৰাত্যহিক জীৱন…

-কাবেৰী গোস্বামী

by Admin
June 20, 2021
in Opinion
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-কাবেৰী গোস্বামী |

গাঁৱৰ ঘৰৰ চোতালত বা কোনো তিনিআলিৰ দোকানৰ সমুখত যেতিয়া কেৰম খেলা হয়, প্ৰায়েই দেখা যায় খেলুৱৈৰ লগতে দৰ্শকো থাকে৷ খেলুৱৈয়ে খেলি থাকোতে তেওঁলোকলৈ অযাচিতভাৱেই সেই উৎসুক দৰ্শকগণৰ মাজৰ পৰা অনেক দিহা-পৰামৰ্শ, আদেশ- উপদেশ, মন্তব্য আহি থাকে৷ এনে মন্তব্যবোৰ সাধাৰণতে দুই ধৰণৰ, একাংশ এক্সপাৰ্ট কমেণ্ট, আৰু আনবিধ এনেই ক’ব লাগে কাৰণে ওপৰতে কৈ দিয়া ধৰণৰ, যিজনে সেয়া কয় তেওঁ নিজেও হয়তো বৰ্ডখনত ষ্ট্ৰাইকাৰটো লৈ কি কৌশলৰে খেলখন নিজৰ আয়ত্তলৈ আনিব পাৰি সেই সম্পৰ্কে নিশ্চিত নহয়৷ এইক্ষেত্ৰত খেলুৱৈৰ বাবে প্ৰথমবিধৰ গুৰুত্ব আছে যদিও দ্বিতীয়বিধ উপেক্ষা কৰাই শ্ৰেয়৷ আচলতে সম্পূৰ্ণ মনোযোগ দি খেলিবলগীয়া খেলখনত চৌদিশৰ পৰা অহা শব্দবোৰৰ মাজৰ পৰা গ্ৰহণ কৰিবলগীয়া আৰু উপেক্ষা কৰিবলগীয়াখিনিক বাচি লৈ বা নোলোৱাকৈও নিজৰ বিচাৰ বুদ্ধিৰে বৰ্ডখনৰ নিৰ্দিষ্ট সীমাৰেখা আৰু নিৰ্ধাৰিত নিয়মৰ ভিতৰত আঙুলি সঞ্চালন কৰি ষ্ট্ৰাইকাৰটোৰ জৰিয়তে গুটিকেইটা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাৰ ওপৰতে গেমটো নিৰ্ভৰ কৰিব (অৱশ্যে নিশ্চয়কৈ আনুষংগিক কাৰক/ কাৰকসমূহো থাকিবই)৷

RelatedPosts

গোপীচান্দ, আমিৰ খান, নিউটনৰ কাহিনী আৰু  মানৱ সম্পদ

গোপীচান্দ, আমিৰ খান, নিউটনৰ কাহিনী আৰু মানৱ সম্পদ

May 20, 2022
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 19, 2022
ধৰ্মীয় অসহিষ্ণুতা

ধৰ্মীয় অসহিষ্ণুতা

May 18, 2022

কেৰম খেলখনত যিদৰে দৰ্শকৰ এক্সপাৰ্ট কমেণ্ট কিছুক্ষেত্ৰত সহায়ক হ’ব পৰাৰ থল থাকে, একেদৰে উপৰুৱাকৈ কোৱা কেতবোৰ মন্তব্য খেলুৱৈৰ বাবে distraction হৈ পৰে, যাৰবাবে তেওঁৰ বহুসময়ত focus হেৰাই যায়, আৰু ভবা ধৰণে নহয়৷ সেয়ে খেলুৱৈগৰাকীৰ বাবে সেয়া উপেক্ষা কৰাৰ বাহিৰে আন উপায় নাথাকে৷ বাস্তৱ জীৱনটো কোনো ঘটনা বা বিষয়ক কেন্দ্ৰ কৰিও অনেক চৰ্চা বা আলোচনা চলা দেখা যায়, ক্ৰিয়াৰ প্ৰতিক্ৰিয়াৰ দৰেই  বহুক্ষেত্ৰত এয়া স্বাভাৱিকো৷ কিন্তু ব্যাখ্যাতকৈ অপব্যাখ্যা নিশ্চয়কৈ বিৰক্তিকৰ আৰু অস্বস্তিকৰ৷ একেদৰেই ব্যক্তিগত আৰু সামাজিক জীৱনৰ ঘটনাসমূহৰ আলোচনাতো আমি এইদৰে আনৰ মন্তব্যসমূহৰ বিচাৰ কৰিব পাৰো৷ পাৰিবাৰিক জীৱনতো এনে পৰিস্থিতি আহিব পাৰে৷ য’ত নিজৰ ধৰণৰে কাম কৰি যোৱা বা কৰিব খোজা এজনক তেওঁক লক্ষ্য কৰি থকা পৰিয়ালৰ একাংশই ফায়াৰিং ৰেঞ্জৰ শ্বুটিং অবজেক্ট হিচাপে টাৰ্গেট কৰিবলৈ সততে সাজু থাকে৷ যাতে এটামান ভুল হ’লেই কথাৰ গুলিৰে তেওঁক থকা- সৰকা কৰিব পৰা যায়৷

ক’ৰবাত কোনোবাই কোৱা শুনিছিলো যে, “শুনিবা সকলোৰে, কিন্তু কৰিবা নিজৰ মতে৷” লগতে ইণ্টলিজেঞ্চ ব্ৰাঞ্চৰ বিষয়া ককাইদেউ এজনেও এদিন কথা প্ৰসংগত কৈছিল যে, “Suspect all, respect all…”৷ প্ৰাত্যহিকতাত সকলো কথাকে suspect কৰাটো উচিত নহয় যদিও, এই দুয়োষাৰ কথা মিলাই ক’ব পাৰো যে, সম্ভৱপৰখিনি শুনি, শুনাখিনিকে চকু মুদি মানি লোৱাৰ সলনি তাৰ যুক্তিযুক্ততা নিজৰ বোধৰে বিচাৰ কৰি নিজৰ মতে কৰণীয়খিনি কৰি যোৱাটোৱেই হয়তো উচিত হ’ব৷

তেতিয়া অন্ততঃ আনৰ হয়ত হয়ভৰ দিয়াৰ বা দোমোজাত পৰাৰ সলনি বিচাৰবোধৰ ষ্ট্ৰাইকাৰটো নিজৰ হাতত ৰাখি  মূৰ তুলি জীয়াই থকাৰ অভ্যাসে গঢ় ল’ব পাৰে৷

আকৌ বহুসময়ত মানুহক মনৰ বাঘেও খায়৷ নিজৰ মনত চলি থকা অন্তৰ্দ্বন্দ্বইও অনেকক জুৰুলা কৰে৷ মন আৰু মগজুৰ এই অহৰহ যুঁজখন সম্পূৰ্ণ মানসিক যদিও ইয়াৰ শাৰিৰীক আৰু ব্যক্তিত্বত পেলোৱা  ক্ষতিকাৰক প্ৰভাৱো যথেষ্ট৷ অশান্ত বা অস্থিৰ মানসিক অৱস্থাত দেহৰ গ্ৰন্থি সমূহৰ পৰা  নিঃসৰিত হোৱা হ’ৰমনৰ প্ৰভাৱ  আৰু সুখী অৱস্থাত নিঃসৰণ হোৱা হ’ৰমনৰ প্ৰভাৱ বিশেষজ্ঞসকলে অধ্যয়ন কৰি এই কথা পাইছে যে ইয়াৰ মাজত বিস্তৰ পাৰ্থক্য আছে৷ অসুখী মন বহুসময়ত নানা শাৰীৰিক ৰোগৰ কাৰক হোৱাৰ লগতে ব্যক্তিত্বতো ই প্ৰভাৱ পেলায়৷

সকলো বিষয় সকলোৱে জনাতো সম্ভৱ যিদৰে নহয়, একেদৰে হকে বিহকে সকলোতে মাত মাতি নিজক জাহিৰ কৰাৰ প্ৰৱণতাও সঠিক নহয়৷ অলপতে কথা প্ৰসংগত নিতুদা (নিতুমনি ভূঞা)ই ‘অজ্ঞতাই দিব পৰা সুখ’ সম্পৰ্কে সুন্দৰকৈ কৈছিল৷ তেওঁৰ মতে নিৰক্ষৰ এজনে সৰলভাৱেই ‘এনাউন্স’ শব্দটো এলাউন্স বুলি বাৰে বাৰে আনৰ আগত কৈও সহজ হৈয়ে থাকিব পাৰে৷ কিন্তু জনা এজনে এবাৰমান  জিভা পিছলি শব্দ এটাৰ ভুল উচ্চাৰণ কৰিলে তেওঁ অপ্ৰস্তুত হয় (বহুসময়ত তেখেতৰ এনে অৱস্থাক লৈ সামাজিক মাধ্যমত তৰল হাস্যৰস(?)ৰ বাবে মিম বনোৱা বা ট্ৰলিঙৰ চিকাৰ হোৱাও দেখা যায়)৷ কিছু ক্ষেত্ৰত কেতবোৰ নেতিবাচক কথা বা ঘটনা নজনাকৈ থকাটো নিজৰ মানসিক স্বাস্থ্যৰ পক্ষেই হয়তো হিতকাৰী, এনেও সকলো জানিবই লাগিব বুলিতো কথা নাই৷ নহ’লে  গান্ধীৰ তিনিটা বান্দৰৰ বিষয়টো প্ৰাসংগিক নহ’লহেতেন৷ আছলতে সকলো আনৰ কথামতেই কৰি যাবলৈ হ’লে, বা সকলোৰে কথাক সমানে গুৰুত্ব দিবলৈ গ’লে পিতা-পুত্ৰ আৰু এটা গাধৰ সেই প্ৰাচীন সাধুটোৰ দৰে অৱস্থা হোৱাৰ থল থাকে৷ য’ত কামত সহায় হ’বলৈ কিনি অনা গাধটোক প্ৰত্যেকজন বাটৰুৱাৰ কথা শুনিবলৈ গৈ গৰাকীয়ে শেষত নিজৰ কান্ধতহে কঢ়িয়াই নিব লগা হয়৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: আনুষংগিক কাৰককেৰম খেলা
Admin

Admin

Related Posts

গোপীচান্দ, আমিৰ খান, নিউটনৰ কাহিনী আৰু  মানৱ সম্পদ
Opinion

গোপীচান্দ, আমিৰ খান, নিউটনৰ কাহিনী আৰু মানৱ সম্পদ

by Admin
May 20, 2022
0

গোপীচান্দ, আমিৰ খান, নিউটনৰ কাহিনী ড০ সৌমাৰজ্যোতি মহন্ত গোপীচান্দ: 'পঢ়াত কেঁচা আছিলো বাবে ভাল ক্ৰীড়াবিদ হ’লো—' ২০০১ চনৰ অল ইংলণ্ড...

Read more
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 19, 2022
ধৰ্মীয় অসহিষ্ণুতা

ধৰ্মীয় অসহিষ্ণুতা

May 18, 2022
অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

May 17, 2022
NEIPF : Interest of the indigenous people of NE must be protected

জনগোষ্ঠীয় সমন্বয়

May 15, 2022
man woman girl young

ডিঙিৰ বিষ মানেই কেন্সাৰ নহয়

May 15, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
 Assamese women nominated in Crain’s New York Business Awards

 Assamese women nominated in Crain’s New York Business Awards

May 21, 2022
ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

May 21, 2022
কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

May 21, 2022
Why should Afghan girls suffer?

Why should Afghan girls suffer?

May 21, 2022

Popular Stories

  •  Assamese women nominated in Crain’s New York Business Awards

     Assamese women nominated in Crain’s New York Business Awards

    32 shares
    Share 13 Tweet 8
  • Emergence Of The KNF In Chittagong Hill Tracts

    306 shares
    Share 122 Tweet 77
  • RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

    16 shares
    Share 6 Tweet 4
  • The Heaven on Earth: KASHMIR

    18 shares
    Share 7 Tweet 5
  • সংগীত : এক চিকিৎসা পদ্ধতি

    9 shares
    Share 4 Tweet 2
  • AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

    7 shares
    Share 3 Tweet 2
  • Women under Islamic Emirate of Taliban

    7 shares
    Share 3 Tweet 2
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    34 shares
    Share 14 Tweet 9
  • ভাৰতত ‘চিঙ্গল ইউজ’ প্লাস্টিক নিষিদ্ধ হ’বঃ ১ জুলাইৰ পৰা 

    6 shares
    Share 2 Tweet 2
  • NEIPF’s ‘Diphupar Declaration’

    80 shares
    Share 32 Tweet 20
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: