কলাগুৰু ৰাভাৰ এক ঐতিহাসিক ভাষণ
দিলীপ দৈমাৰী
একেধাৰে শিল্পী, গায়ক, নৃত্যশিল্পী, লেখক, কবি, সাহিত্যিক, ঐতিহাসিক, নাট্যকাৰ, চিত্রপৰিচালক, অভিনেতা, খেলুৱৈ বিষ্ণু প্ৰসাদ ৰাভা ৰূপান্তৰৰ সাধক, নিপীড়িত জনগণৰ সখা, ত্যাগী পুৰুষ, এজন মহান বিপ্লৱী আছিল।
১৯১৭ চনত ঢাকাত এখন উৰ্দ্দু নাটকত এটা সৰু ১০ বছৰীয়া ৰাজকোঁৱৰৰ ভাওত অভিনয়ৰে সাংস্কৃতিক জীৱন আৰম্ভ কৰা ৰাভাই “ৰাইজকে গণ দেৱতা, নাটঘৰ আৰু ভাৱঁৰীয়া” জ্ঞান কৰি এদিন ৰাইজৰ “হিয়াৰ কোঁহ”ৰ পৰা অসমৰ পুৰণি কৃষ্টি সংস্কৃতিৰ “অমৃতৰ সুৰৰ টোপালবোৰ বুটলি” আনি নিজৰ “মনকোঁহ”ত ভৰাই পুনৰ ৰসাল কৰি ৰাইজক বিলাই দিছিল।
ৰাভাদেৱে, ১৯৪৫ চনৰ ১৪ এপ্রিলৰ বিহুৰ বতৰত, কামৰূপৰ কনিহাত ৰঙিয়া ছাত্র সন্মিলনীৰ অধিৱেশনৰ সভাপতিৰূপে এটি বহুমূলীয়া ভাষণ প্রদান কৰিছিল। ১৯৪৬ চনত প্রগতি প্রকাশ ভৱনে, ৰাভাৰ সেই ভাষণ “অসমীয়া কৃষ্টিৰ চমু আভাস” নামেৰে প্রথম ছপা হোৱা পুথি ৰূপে পাঠক সমাজলৈ আগবঢ়াই দিয়ে। তাৰপিছত ১৯৫৬ চনত, গুৱাহাটীৰ প্রাগজ্যোতিয়ে প্রকাশ কৰে। বিষ্ণু প্রসাদ ৰাভাৰ পাতনি সম্বলিত এই ভাষণ পুথি খনত, ৰাভাদেৱৰ নিজৰ জীৱনৰ উপৰি প্রাচীন অসমৰ বহু কেইটা গৌৰৱোজ্জল দিশ, তথ্য সহকাৰে উল্লেখ কৰিছিল বাবেই সেই ভাষণটো ঐতিহাসিক বুলি আমি ইতিমধ্যেই কৈছোঃ
“পোন পোনতে আপোনালোকক অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী মাতৰ বানী লৈ হেঁপাহৰ আঁচুৰে বোৱা হিয়াৰ বিহুৱান গামোছা এখনো আগবঢ়াওঁ, তাৰ লগে লগে মৰমৰ দীঘ দি চেনেহৰ পেঁপা বজাওঁ, হৃদয়ে হৃদয়ে সিয়া বুকুৰ কলিজাৰ ঢোলত কোব দিওঁ। সিবিলাকৰ তিঁহিটি সুৰীয়া মাতৰ ছেৱে ছেৱে, তালৰ ছাবে ছাবে টকাৰ তালে তালে, ঢোলৰ কোবে কোবে কনিহা বিহুতলীত দল্ দোপ হেন্দোল দোপকৈ নাচি উলহ-মালহ উখল মাখল লগাওঁ। লগে লগে ছেঙেলীয়া চফল ডেকা সকলৰ লগত পথাৰত, বালি চাপৰিত ঘিলা; ঢোপ হাফলু আদি খেলো।
আয়তী ভনীসকলৰ চেনেহ লওঁ, বিহুৱান আদি গ্রহণ কৰোঁ, ভাই সকলৰ মৰমৰ সুৱাগ তুলোঁ, বুঢ়া- মেঠা সকলৰ প্রতি সেৱা জনাওঁ; নিৰ্দ্দেশ উপদেশ শুনো; শেহত হুচৰী গাই বিহুৱা দলৰ মাজত নতুন তেজেৰে কৰ্মক্ষেত্রত নামো…” । বিহুৰ লগত যেনেকৈ সেউজীয়া পথাৰ খন নাঙল জোৰ আৰু বলধ গৰু হালৰ সম্পৰ্ক আছে, তেনেকৈ অসমীয়া শিপীনীৰ তাঁতশাল খনো অসমীয়া কৃষ্টিৰ স’তে জড়িত।
তেনেকৈ ছালিমাৰি, নিগনি খুটি, গৰকা, মহুৰা, মাকো, দোপতি, ৰাচ, পুতল, কানমাৰি, টুলুঠা, যঁতৰ, উঘা, চেৰেকী, লেটাৰ সম্পৰ্ক তাঁতশালখনৰ সৈতে। জান- জুৰি নৈৰ পাৰৰ গৰু ম’হ জাকৰ সৈতে। ল’ৰা ছোৱালী, ডেকা-তিৰোতা, বুঢ়া-বঢ়ী, সকলৰ সৈতে। হাবি- বননিৰ ভেটো গছৰ ডাল, মাখিয়তী, দীঘলতী পাত, চাপৰিৰ বৰ্হমথুৰি গছ জোপাৰ উপৰি লাউ-বেঙেনা, মাহ-হালধি, খলিহৈৰ লগতো নিবিড় সম্পৰ্ক আছে।
চুৰিয়া, চাদৰ, চেলেং, ভমকা ফুলীয়া মেখেলা, কেচ দিয়া ৰিহা যেনেকৈ সম্ভান্ত অসমীয়া সাজ-পাৰ, তেনেকৈ ঘিলা খোপা, নেঘেৰী খোপা, কলডিলীয়া খোপা তাহানিৰ গাভৰুৰ সৌন্দৰ্যৰ ৰূপ।
বিহুৰ বতৰত প্রতি ঘৰ গৃহস্থৰ ঘৰত সন্ধিয়াৰ পৰা হুচৰীয়ে গোৱা নহয়; সত্র নামঘৰত খোল, তাল, ডবা, নাগাৰাৰে নাম-ঘোষা আদিৰে মুখৰিত কৰা হয়। সেইদৰে, গোলা, হাফলু, কচু-গুটি, ঢোপ খেল, নাৱ খেল, ম’হ যুঁজ, হাতী যুঁজ, কনী যুঁজ আদি খেল সমূহো অনুষ্ঠিত কৰা হয়।
বিহুৰ সমন্বয় ৰূপটোক ব্যাখ্যা কৰি তেখেতে আকৌ ক’বলৈ লাগিল — ” কেৱল ভৈয়ামৰ বিহুৱা সকলেই যে এনে কৰে, সেয়া নহয় – পৰ্ব্বতীয়া আৰু দাতিয়লীয়া ডেকা গাভৰু সকলেও এনে অতিকৈ চেনেহৰ বিহু পাতে। নগা চাঙৰ টিংখাং বাজি উঠে, খাচীয়া পাহাৰৰ খাচী ” কান্থেই ” অপেচৰী সকলে ” উখ্ পিং ” ” কাঞ্জৰী তাৰ ” ” পান্সিনিহাৎ” আদি গঢ়ানা-গঢ়না পিন্ধি ” কাবামৰ ” ছেৱে ছেৱে ” নংক্রেম ” নাচ নাচে। দেউৰী চাঙৰ ফালে বিহুৰ তলিত পূজা পাতল পাতি ডেকা গাভৰুৱে ” দিৰঙীয়া ” চুটিয়া ভাষাৰ নাম ” অ’নিতম ” গাই গাত লহৰ তোলে।
মৰাণ হঁতৰ মৰাণ ঘৰৰ এটা কোঠাত ডেকাদলে আন এটা কোঠালিত গাভৰু জাকে নাম জুৰি বিহু পাতে,বৰো কছাৰী সকলৰ মাজত ডেকা “ঝহু লাউ ” লৰা বাঠো সকলে” চিফুং” বাঁহী, জোথা তাল বজায় আৰু “গাভৰু – চিখ্লা ” সকলে নতুন ফুলাম দখনা-মেখেলা পিন্ধি গংগনা-গগনা বজাই হালে জালে, কাছাৰৰ ডিমাছা কছাৰী সকলে বসতি অঞ্চলত মঃৰি পেঁপা খাৰাম ঢোলৰ ছেৱে ছেৱে” ৰিগু ” মেখেলা , ” ৰিজাংফাই ” ৰিহা আৰু “ৰিখা ওছা ” চাদৰ পিন্ধি খছাৰী – মাঠলা “গাভৰু” সকলে নগা সকৰ লগত হেলাৰঙে নাছে বাগে, “হাচৰী” হুচৰী গাই উমলে আৰু “বিষু” মেলা পাতে। মণিপুৰীয়া মৈতে লৈপাকৰ ( মিশ্রিত জাতিৰ দেশ) লাইছৱি (নাচনী), “মগলৌ” কুঁৱৰী সকলে ডেকা সকলৰ লগত থাংজিং ” বৰষুণ ” দেৱতাৰ উপলক্ষে ” লাই -হাৰওৱা ” নৃত্য কৰে ……”
ৰাভাই অসমৰ দুখীয়া গাৱঁলীয়া অসমীয়া সকলৰ ওপৰত পূৰ্ণ আস্থা স্থাপন কৰি কৈছিল —”অসমীয়া কৃষ্টি সংস্কৃতি আৰু সভ্যতা, নিৰ্য্যাতিত নিষ্পেষিত দুখীয়া কৃষক বনুৱা অসমীয়াইহে আজিও অৱহেলিত ভাবে জীয়াই ৰাখিব পাৰিছে, যিবিলাকেৰে আজিও আমি অনুভৱ কৰিব পাৰো, অসমীয়া বুলি জগতত চিনাকি দিব পাৰো। গতিকে অসমীয়া জাতিৰ মৃত্যুবাণ, এই হোজা দুখীয়া গাঁৱলীয়া অসমীয়াৰ হাততেই।”
তেওঁ পুনৰ কৈছিল — ” তেতিয়াহে প্রকৃত শিৱৰ উৎকৰ্ষ সাধন হ’ব, যেতিয়া এই অত্যাচাৰিত দলৰ প্রকৃত স্বৰূপ উদঘাটিত হ’ব, অৱনত দুৰৱস্থা উন্নিত হ’ব আৰু তেওঁলোক এই আহল – বহল পৃথিৱীৰ বুকুত চিৰমুক্ত, চিৰ-স্বাধীন হৈ উমলি ফুৰিব পাৰিব।”
শেষত, অসমীয়া কৃষ্টি -সংস্কৃতি আৰু অসমীয়া জাতিৰ সন্দৰ্ভত এটা সুন্দৰ মন্তব্য প্ৰকাশ কৰি বক্তৃতাটো সামৰণি মাৰিছে — “অসমৰ যি কৃষ্টি – সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব, যি নতুন আহিছে তাকে অসমীয়া ঠাচত ভালকৈ সজাই পৰাই গঢ়িব লাগিব। তেতিয়াহে আমাৰ কৃষ্টি – সংস্কৃতি আৰু সভ্যতা পূৰ্ণ বিকাশ পাব আৰু আমাৰ জাতি বাঁচিব ।”
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)