• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কলাগুৰু ৰাভাৰ এক ঐতিহাসিক ভাষণ

ASSAMESE SECTION / Bishnu Rabha

by Dilip Daimary
June 19, 2025
in Bishnu Rabha, ASSAMESE SECTION
Reading Time: 3 mins read
0
কলাগুৰু ৰাভাৰ এক ঐতিহাসিক ভাষণ
Share on FacebookShare on TwitterShare on LinkedIn

কলাগুৰু ৰাভাৰ এক ঐতিহাসিক ভাষণ

Bishnu Rabha

দিলীপ দৈমাৰী

Dilip Daimary 1

একেধাৰে শিল্পী, গায়ক, নৃত্যশিল্পী, লেখক, কবি, সাহিত্যিক, ঐতিহাসিক, নাট্যকাৰ, চিত্রপৰিচালক, অভিনেতা, খেলুৱৈ বিষ্ণু প্ৰসাদ ৰাভা ৰূপান্তৰৰ সাধক, নিপীড়িত জনগণৰ সখা, ত্যাগী পুৰুষ, এজন মহান বিপ্লৱী আছিল।

১৯১৭ চনত ঢাকাত এখন উৰ্দ্দু নাটকত এটা সৰু ১০ বছৰীয়া ৰাজকোঁৱৰৰ ভাওত অভিনয়ৰে সাংস্কৃতিক জীৱন আৰম্ভ কৰা ৰাভাই “ৰাইজকে গণ দেৱতা, নাটঘৰ আৰু ভাৱঁৰীয়া” জ্ঞান কৰি এদিন ৰাইজৰ “হিয়াৰ কোঁহ”ৰ পৰা অসমৰ পুৰণি কৃষ্টি সংস্কৃতিৰ “অমৃতৰ সুৰৰ টোপালবোৰ বুটলি” আনি নিজৰ “মনকোঁহ”ত ভৰাই পুনৰ ৰসাল কৰি ৰাইজক বিলাই দিছিল।

 ৰাভাদেৱে, ১৯৪৫ চনৰ ১৪ এপ্রিলৰ বিহুৰ বতৰত, কামৰূপৰ কনিহাত ৰঙিয়া ছাত্র সন্মিলনীৰ অধিৱেশনৰ সভাপতিৰূপে এটি বহুমূলীয়া ভাষণ প্রদান কৰিছিল। ১৯৪৬ চনত প্রগতি প্রকাশ ভৱনে, ৰাভাৰ সেই ভাষণ “অসমীয়া কৃষ্টিৰ চমু আভাস” নামেৰে প্রথম ছপা হোৱা পুথি ৰূপে পাঠক সমাজলৈ আগবঢ়াই দিয়ে।

তাৰপিছত ১৯৫৬ চনত, গুৱাহাটীৰ প্রাগজ্যোতিয়ে প্রকাশ কৰে। বিষ্ণু প্রসাদ ৰাভাৰ পাতনি সম্বলিত এই ভাষণ পুথি খনত, ৰাভাদেৱৰ নিজৰ জীৱনৰ উপৰি প্রাচীন অসমৰ বহু কেইটা গৌৰৱোজ্জল দিশ, তথ্য সহকাৰে উল্লেখ কৰিছিল বাবেই সেই ভাষণটো ঐতিহাসিক বুলি আমি ইতিমধ্যেই কৈছোঃ

“পোন পোনতে আপোনালোকক অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী মাতৰ বানী লৈ হেঁপাহৰ আঁচুৰে বোৱা হিয়াৰ বিহুৱান গামোছা এখনো আগবঢ়াওঁ, তাৰ লগে লগে মৰমৰ দীঘ দি চেনেহৰ পেঁপা বজাওঁ, হৃদয়ে হৃদয়ে সিয়া বুকুৰ কলিজাৰ ঢোলত কোব দিওঁ।

সিবিলাকৰ তিঁহিটি সুৰীয়া মাতৰ ছেৱে ছেৱে, তালৰ ছাবে ছাবে টকাৰ তালে তালে, ঢোলৰ কোবে কোবে কনিহা বিহুতলীত দল্ দোপ হেন্দোল দোপকৈ নাচি উলহ-মালহ উখল মাখল লগাওঁ। লগে লগে ছেঙেলীয়া চফল ডেকা সকলৰ লগত পথাৰত, বালি চাপৰিত ঘিলা; ঢোপ হাফলু আদি খেলো।

আয়তী ভনীসকলৰ চেনেহ লওঁ, বিহুৱান আদি গ্রহণ কৰোঁ, ভাই সকলৰ মৰমৰ সুৱাগ তুলোঁ, বুঢ়া- মেঠা সকলৰ প্রতি সেৱা জনাওঁ; নিৰ্দ্দেশ উপদেশ শুনো; শেহত হুচৰী গাই বিহুৱা দলৰ মাজত নতুন তেজেৰে কৰ্মক্ষেত্রত নামো…” । বিহুৰ লগত যেনেকৈ সেউজীয়া পথাৰ খন নাঙল জোৰ আৰু বলধ গৰু হালৰ সম্পৰ্ক আছে, তেনেকৈ অসমীয়া শিপীনীৰ তাঁতশাল খনো অসমীয়া কৃষ্টিৰ স’তে জড়িত।

তেনেকৈ ছালিমাৰি, নিগনি খুটি, গৰকা, মহুৰা, মাকো, দোপতি, ৰাচ, পুতল, কানমাৰি, টুলুঠা, যঁতৰ, উঘা, চেৰেকী, লেটাৰ সম্পৰ্ক তাঁতশালখনৰ সৈতে। জান- জুৰি নৈৰ পাৰৰ গৰু ম’হ জাকৰ সৈতে। ল’ৰা ছোৱালী, ডেকা-তিৰোতা, বুঢ়া-বঢ়ী, সকলৰ সৈতে। হাবি- বননিৰ ভেটো গছৰ ডাল, মাখিয়তী, দীঘলতী পাত, চাপৰিৰ বৰ্হমথুৰি গছ জোপাৰ উপৰি লাউ-বেঙেনা, মাহ-হালধি, খলিহৈৰ লগতো নিবিড় সম্পৰ্ক আছে।

কলাগুৰু ৰাভাৰ এক ঐতিহাসিক ভাষণ

চুৰিয়া, চাদৰ, চেলেং, ভমকা ফুলীয়া মেখেলা, কেচ দিয়া ৰিহা যেনেকৈ সম্ভান্ত অসমীয়া সাজ-পাৰ, তেনেকৈ ঘিলা খোপা, নেঘেৰী খোপা, কলডিলীয়া খোপা তাহানিৰ গাভৰুৰ সৌন্দৰ্যৰ ৰূপ।

বিহুৰ বতৰত প্রতি ঘৰ গৃহস্থৰ ঘৰত সন্ধিয়াৰ পৰা হুচৰীয়ে গোৱা নহয়; সত্র নামঘৰত খোল, তাল, ডবা, নাগাৰাৰে নাম-ঘোষা আদিৰে মুখৰিত কৰা হয়। সেইদৰে, গোলা, হাফলু, কচু-গুটি, ঢোপ খেল, নাৱ খেল, ম’হ যুঁজ, হাতী যুঁজ, কনী যুঁজ আদি খেল সমূহো অনুষ্ঠিত কৰা হয়।

বিহুৰ সমন্বয় ৰূপটোক ব্যাখ্যা কৰি তেখেতে আকৌ ক’বলৈ লাগিল — ” কেৱল ভৈয়ামৰ বিহুৱা সকলেই যে এনে কৰে, সেয়া নহয় – পৰ্ব্বতীয়া আৰু দাতিয়লীয়া ডেকা গাভৰু সকলেও এনে অতিকৈ চেনেহৰ বিহু পাতে। নগা চাঙৰ টিংখাং বাজি উঠে, খাচীয়া পাহাৰৰ খাচী ” কান্থেই ” অপেচৰী সকলে ” উখ্ পিং ” ” কাঞ্জৰী তাৰ ” ” পান্সিনিহাৎ” আদি গঢ়ানা-গঢ়না পিন্ধি ” কাবামৰ ” ছেৱে ছেৱে ” নংক্রেম ” নাচ নাচে। দেউৰী চাঙৰ ফালে বিহুৰ তলিত পূজা পাতল পাতি ডেকা গাভৰুৱে ” দিৰঙীয়া ” চুটিয়া ভাষাৰ নাম ” অ’নিতম ” গাই গাত লহৰ তোলে।

মৰাণ হঁতৰ মৰাণ ঘৰৰ এটা কোঠাত ডেকাদলে আন এটা কোঠালিত গাভৰু জাকে নাম জুৰি বিহু পাতে,বৰো কছাৰী সকলৰ মাজত ডেকা “ঝহু লাউ ” লৰা বাঠো সকলে” চিফুং” বাঁহী, জোথা তাল বজায় আৰু “গাভৰু – চিখ্লা ” সকলে নতুন ফুলাম দখনা-মেখেলা পিন্ধি গংগনা-গগনা বজাই হালে জালে, কাছাৰৰ ডিমাছা কছাৰী সকলে বসতি অঞ্চলত মঃৰি পেঁপা খাৰাম ঢোলৰ ছেৱে ছেৱে” ৰিগু ” মেখেলা , ” ৰিজাংফাই ” ৰিহা আৰু “ৰিখা ওছা ” চাদৰ পিন্ধি খছাৰী – মাঠলা “গাভৰু” সকলে নগা সকৰ লগত হেলাৰঙে নাছে বাগে, “হাচৰী” হুচৰী গাই উমলে আৰু “বিষু” মেলা পাতে। মণিপুৰীয়া মৈতে লৈপাকৰ ( মিশ্রিত জাতিৰ দেশ) লাইছৱি (নাচনী), “মগলৌ” কুঁৱৰী সকলে ডেকা সকলৰ লগত থাংজিং ” বৰষুণ ” দেৱতাৰ উপলক্ষে ” লাই -হাৰওৱা ” নৃত্য কৰে ……”

কলাগুৰু ৰাভাৰ এক ঐতিহাসিক ভাষণ

ৰাভাই অসমৰ দুখীয়া গাৱঁলীয়া অসমীয়া সকলৰ ওপৰত পূৰ্ণ আস্থা স্থাপন কৰি কৈছিল —”অসমীয়া কৃষ্টি সংস্কৃতি আৰু সভ্যতা, নিৰ্য্যাতিত নিষ্পেষিত দুখীয়া কৃষক বনুৱা অসমীয়াইহে আজিও অৱহেলিত ভাবে জীয়াই ৰাখিব পাৰিছে, যিবিলাকেৰে আজিও আমি অনুভৱ কৰিব পাৰো, অসমীয়া বুলি জগতত চিনাকি দিব পাৰো। গতিকে অসমীয়া জাতিৰ মৃত্যুবাণ, এই হোজা দুখীয়া গাঁৱলীয়া অসমীয়াৰ হাততেই।”

তেওঁ পুনৰ কৈছিল — ” তেতিয়াহে প্রকৃত শিৱৰ উৎকৰ্ষ সাধন হ’ব, যেতিয়া এই অত্যাচাৰিত দলৰ প্রকৃত স্বৰূপ উদঘাটিত হ’ব, অৱনত দুৰৱস্থা উন্নিত হ’ব আৰু তেওঁলোক এই আহল – বহল পৃথিৱীৰ বুকুত চিৰমুক্ত, চিৰ-স্বাধীন হৈ উমলি ফুৰিব পাৰিব।”

শেষত, অসমীয়া কৃষ্টি -সংস্কৃতি আৰু অসমীয়া জাতিৰ সন্দৰ্ভত এটা সুন্দৰ মন্তব্য প্ৰকাশ কৰি বক্তৃতাটো সামৰণি মাৰিছে — “অসমৰ যি কৃষ্টি – সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব, যি নতুন আহিছে তাকে অসমীয়া ঠাচত ভালকৈ সজাই পৰাই গঢ়িব লাগিব। তেতিয়াহে আমাৰ কৃষ্টি – সংস্কৃতি আৰু সভ্যতা পূৰ্ণ বিকাশ পাব আৰু আমাৰ জাতি বাঁচিব ।”

Climate Template 1

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Dilip Daimary

Dilip Daimary

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 7, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
বিষ্ণুদা উভতি আহিল

বিষ্ণুদা উভতি আহিল

June 20, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d