• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, September 25, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তন আৰু আশুতোষ মুখাৰ্জী

ৰবীন ভূঞা

by Admin
October 20, 2022
in Special Report, Remembrance
Reading Time: 2 mins read
0
কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তন আৰু আশুতোষ মুখাৰ্জী
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া ভাষা প্ৰবৰ্তন আৰু আশুতোষ মুখাৰ্জী

ৰবীন ভূঞা

অসমীয়া ভাষাক অসমতে একপ্ৰকাৰ নিষিদ্ধ কৰিছিল কোনে ? বাহিৰৰ শত্ৰুৱে ?

আৰু আজি ?

পয়ত্ৰিশটা বছৰ নিজৰ ভূমিতে মাতৃভাষাক হেৰুৱাই বাংলা ভাষাক আঁকোৱালি লোৱা এটা দুৰ্ভগীয়া জাতিৰ নাম অসমীয়া।

ক্ষমতাৰ বাবে বৃটিছৰ অভিসন্ধিৰ অন্ত নাছিল। সৰলমনা অসমীয়াৰ বিৰূদ্ধে এচাম সুবিধাবাদী বাঙালীয়ে তাহানিৰ পৰাই অস্ত্ৰ ধৰাই আহিছে। আজিও সক্ৰিয় সেই শক্তি। এচাম মূৰ্খ অসমীয়াই এইবোৰ অভিসন্ধি বুজিও নুবুজে। অগ্নিকবিয়ে কোৱাৰ দৰেই অসম শ্মশান নোহে কোনে কয়,,?

RelatedPosts

সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

September 25, 2023
Men rights matter too

Men rights matter too

September 25, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023

আমি দুজনা গুৰুক আজিও নুবুজিলোঁ। তেওঁৰ আদৰ্শৰ প্ৰায়োগিক গুৰুত্ব নুবুজাৰ বাবেই আজি ধৰ্মৰ নামত ব্যভিচাৰ সৃষ্টি হৈছে। বেজবৰুৱাৰ জাতীয়বোধ নুবুজাকৈয়ে আমি জাতীয়তাবাদী। আনন্দৰাম ঢেকিয়াল ফুকন,গুণাভিৰাম বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা,হেমচন্দ্ৰ গোস্বামী, অম্বিকাগিৰী, কমলাকান্তৰ ভাষা নুবুজাকৈ চলি আছে জাতীয়বাদৰ নামত অনেক দালালি। আজিৰ প্ৰজন্মক নিজৰ শিপাডালৰ পৰা কৌশলেৰে বিচ্ছিন্ন কৰি দিয়া হৈছে। অসমীয়া ভাষাৰ শিক্ষানুষ্ঠানৰ এতিয়া শ্মশান যাত্ৰা। জাতীয় স্বাভিমান মানে ৰাষ্ট্ৰীয় ঐক্যক অৱজ্ঞা কৰা নহয়। আজি কিন্তু এনে এক ধাৰণা দিয়া হৈছে যত জাতি বুলিলেই যেন ৰাষ্ট্ৰদ্ৰোহ । 

 ইতিহাসৰ পৰা শিক্ষা লবলৈ আমি আজিও শিকা নাই।গড্ডালিকা প্ৰবাহত আমি উটি গৈ আছোঁ। 

অসমীয়া ভাষাক মান্যতা দিয়াৰ বাবে আমি আশুতোষ মুখাৰ্জীকহে মনত ৰাখিম ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীক নহয়। আজি ৰাজনৈতিক দৃষ্টিৰে শ্যামাপ্ৰসাদ মুখাৰ্জীক পোহৰলৈ অনা হৈছে। কিন্তু অসমৰ বাবে আশুতোষ মুখাৰ্জীহে প্ৰাসংগিক। 

সেই কথা বুজিবলৈ আমি সেইদিনবোৰলৈ ঘূৰি যাব লাগিব….

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তনৰ বাবে অহোপুৰুষাৰ্থ কৰা হেমচন্দ্ৰ গোস্বামীক একাংশ বাঙালী পণ্ডিতে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।  

অসমীয়া ভাষা প্ৰতিষ্ঠাৰ সংগ্রামত বাধাৰ সৃষ্টি কৰা একাংশ বাঙালীৰ বিপৰীতে অসমীয়া ভাষাৰ পক্ষত থিয় দি হেমচন্দ্ৰক সাহস যোগাইছিল বংগৰ বাঘ খ্যাত পণ্ডিত ছাৰ আশুতোষ মুখাৰ্জীয়ে। অসমীয়া ভাষা যে এক স্বতন্ত্ৰ ভাষা সেই কথা প্ৰতিষ্ঠা কৰাৰ বাবে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অহৰহ বৌদ্ধিক যুঁজত নামিব লগা হৈছিল। 

যিসময়ত কলিকতাত এচাম বাঙালী পণ্ডিতে অসমীয়া ভাষা এটা স্বতন্ত্ৰ ভাষা নহয়, ই বাংলা ভাষাৰ অপভ্ৰংশ বুলি প্ৰচাৰ চলাইছিল সেইসময়ত লক্ষ্মীনাথ, হেমচন্দ্ৰ, চন্দ্ৰকুমাৰে ‘জোনাকী’ৰ জৰিয়তে আৰম্ভ কৰিছিল অসমীয়া ভাষা সাহিত্যৰ এক বৈপ্লৱিক জাগৰণ।

বংগৰ দীনেশচন্দ্ৰ নামৰ এজনে অসমীয়া ভাষাৰ বিৰুদ্ধে চলাইছিল নানা ষড়যন্ত্ৰ। ‘অসমীয়া সাহিত্যৰ চানেকি” প্ৰকাশৰ বিনিময়ত অসমীয়া ভাষাক বাংলা ভাষাৰ অপভ্ৰংশ বুলি স্বীকাৰ কৰি লবলৈ হেমচন্দ্ৰ গোস্বামীক এইদৰে কৈছিল আপোনালোকৰ দৰে দুখীয়া লোকে ভাষাৰ কি উন্নতি কৰিব। অসমীয়াক বাংলাৰ অপভ্ৰংশ বুলি মানি লওক।

এই তাচ্ছিল্যৰ উত্তৰত গোস্বামীয়ে কৈছিল আমি দুখীয়া হলেও আনৰ ধনী বাপেকক আমাৰ পিতৃ বুলিতো কব নোৱাৰো। এই গোড়া বাঙালীক হেমচন্দ্ৰই কৈছিল আপুনি এবাৰ অসমলৈ আহক। আসুৰিক ঔষধ খুৱাই আপোনাৰ মত সলনি কৰি দিম।

দীনেশচন্দ্ৰৰ দৰে অসমীয়াৰ শত্ৰুক সেইসময়ত প্ৰত্যাহ্বান জনাইছিল আশুতোষ মুখাৰ্জীয়ে। অসমীয়া ভাষাক কলিকতা বিশ্ববিদ্যালয়ত প্ৰবৰ্তনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখাৰ্জীৰ বাবে নিৰ্ভৰযোগ্য ব্যক্তি আছিল হেমচন্দ্ৰ গোস্বামী।

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তন আৰু আশুতোষ মুখাৰ্জী
আশুতোষ মুখাৰ্জী

1918 চনৰ 18 মাৰ্চ। আশুতোষ অসম পালেহি। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ঘোঁৰা গাড়ীত উঠাই তেওঁক আদৰি অনা হ’ল। ছাৰ আশুতোষৰ খ্যাতি ইতিমধ্যেই অসমৰ বৌদ্ধিক ক্ষেত্ৰত বিয়পি পৰিছিল। তেওঁক চাবলৈ, সম্বৰ্ধনা জনাবলৈ কটন কলেজিয়েট স্কুলৰ চৌহদত ভিৰ লাগিল। তেওঁ যেতিয়া ভাষণত কলে অসমীয়া ভাষাই বিশ্ববিদ্যালয়ত স্থান পাব তেতিয়া সভাস্থলীত আনন্দৰ জোৱাৰ উঠিল।

অসমলৈ আহোঁতে কামাখ্যা , উমানন্দ মন্দিৰৰ লগতে উত্তৰ গুৱাহাটীত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰকো সাক্ষাৎ কৰিলে।এই দৰে আশুতোষৰ অসমীয়াৰ সৈতে এক সম্পৰ্ক গঢ়ি উঠে।। 

আশুতোষৰ এই পৰিকল্পনাক সাৰ্থক ৰূপ দিয়াৰ বাবে হেমচন্দ্ৰ গোস্বামীযে প্ৰায় ডেৰ হাজাৰ বছৰীয়া অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিভিন্ন দিশ বিস্তাৰিতভাবে অন্তৰ্ভুক্ত কৰি অসমীয়া সাহিত্যৰ চানেকি নামকৰণেৰে এখন আঁচনি প্ৰস্তুত কৰি সেই বছৰৰ 23 এপ্ৰিলত আশুতোষক জমা দিয়ে। গোস্বামীৰ এই আঁচনিক আশুতোষ মুখাৰ্জীয়ে উচ্চ প্ৰশংসা কৰে।1918 চনৰ 31আগষ্ট ত কলিকতা বিশ্ববিদ্যালয়ৰ চিনেট সভাই এই আঁচনিত অনুমোদন জনায়। হেমচন্দ্ৰ গোস্বামীয়ে মাত্ৰ তিনিটা বছৰৰভিতৰতে কঠোৰ পৰিশ্ৰম কৰি 2500 পৃষ্ঠাৰ সাতটা খণ্ডত অসমীয়া সাহিত্যৰ চানেকি প্ৰস্তুত কৰিছিল।

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তন আৰু আশুতোষ মুখাৰ্জী
হেমচন্দ্ৰ গোস্বামী

1922 চনৰ 28 জানুৱাৰীত কলকাতাত হোৱা প্ৰাচ্য সন্মিলনত হেমচন্দ্ৰ গোস্বামীয়ে অসমক প্ৰতিনিধিত্ব কৰিছিল। অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ত আৰম্ভ কৰাৰ আনুষ্ঠানিক কাম সম্পূৰ্ণ হোৱাৰ পাছত পাঠ্যপুথি প্ৰকাশ কৰাকলৈ সমস্যাই দেখা দিয়াত হেমচন্দ্ৰ গোস্বামীয়ে সদাগৰ ভোলানাথ বৰুৱাৰ পৰা সহায় বিচাৰিলে। দানবীৰ ভোলানাথে অসমীয়া সাহিত্যৰ চানেকি প্ৰকাশৰ বাবে দহ হাজাৰ টকা দান দিয়ে।হেমচন্দ্ৰ গোস্বামীৰ সৈতে ভোলানাথ বৰুৱাৰ ওচৰলৈ আশুতোষ মুখাৰ্জীও গৈছিল।

এইদৰেই অসমীয়া সাহিত্যৰ চানেকি সাতটা খণ্ডত প্ৰকাশ পায়।লগে লগে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বুনিয়াদ গঢ় লৈ উঠে। দুৰ্ভাগ্যৰ বিষয় অসমীয়া সাহিত্যৰ চানেকিৰ আটাইকেইটা খণ্ডৰ প্ৰকাশৰ মুখ নেদেখাকৈয়ে 1924 চনৰ 25মেত ছাৰ আশুতোষ, 1923 চনৰ 30 মেত সদাগৰ ভোলনাথ আৰু 1928 চনৰ 2 মেত মাত্ৰ 56 বছৰ বয়সত পণ্ডিত হেমচন্দ্ৰ গোস্বামীযে পৃথিৱীৰ পৰা বিদায় মাগে।

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰম্ভ কৰাৰ ক্ষেত্ৰত আশুতোষ, হেমচন্দ্ৰ আৰু সাউড ভোলানাথে কৰা অহোপুৰুষাৰ্থৰ কথা ইতিহাসে সদায় কৈ থাকিব। ভাৰতীয় প্ৰদেশীয় ভাষাৰ প্ৰচাৰ প্ৰসাৰ তথা গুৰুত্ব অনুধাৱন কৰা আশুতোষ মুখাৰ্জীযে তেওঁৰ এই সপোনৰ কথা Outlines of a scheme for the Advance Study of the Indian Vernaculars শীৰ্ষক লেখাত প্ৰকাশ কৰিছে।

ছাৰ আশুতোষৰ দৰে উদাৰ, দূৰদৃষ্টিসম্পন্ন গুণী পণ্ডিতে অসমীয়া ভাষাৰ স্বতন্ত্ৰ সত্তাক বুজি পোৱাৰ বাবেই অসমীয়া ভাষাই বিশ্ববিদ্যালয়ৰ স্তৰত খোপনি পুতিবলৈ সক্ষম হয়। অসমীয়া সাহিত্যৰ চানেকিৰ প্ৰথম সংস্কৰণৰ বিভিন্ন পৃষ্ঠাত এই বিষয়ে সম্ভ্ৰমেৰে উল্লেখ কৰা হৈছে। সুদীৰ্ঘ দহ বছৰ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব পালন কৰা আশুতোষ মুখাৰ্জীৰ পুত্ৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী 1934 চনৰ পৰা 1938 চনলৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থকাৰ সময়তে 1935 চনত অসমীয়া ভাষাৰ আনুষ্ঠানিক পৰ্ব আৰম্ভ হৈছিল। ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা শ্যামাপ্ৰসাদ উপাচাৰ্য হৈ থকাৰ সময়তে 1937 চনত পালিভাষাৰ আশংকালীন অধ্যাপকৰূপে কলিকতা বিশ্ববিদ্যালয়ত যোগদান কৰে।

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰম্ভ কৰাৰ ক্ষেত্ৰত আশুতোষ মুখাৰ্জীক অসমীয়াৰ বন্ধু আখ্যা দিছিলঅধ্যাপক অম্বিকানাথ বৰাই।

অসমীয়া সাহিত্যৰ চানেকিত অম্বিকানাথ বৰাই কৈছিল ভাৰতৰ উজ্জ্বল ৰত্ন ছাৰ আশুতোষ মুখাৰ্জীযে বহু চেষ্টাৰ কৰি ভাৰতৰ অন্যান্য ভাষাৰ লগতে অসমীয়া ভাষাকো ঠাই দিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল । আন বাঙালী পণ্ডিতে বাধা দিছিল যদিও অসম বন্ধু মুখাৰ্জীৰ অক্লান্ত চেষ্টাত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা স্বীকৃত হল।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
Remembrance

সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Admin
September 25, 2023
0

সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ...

Read more
Men rights matter too

Men rights matter too

September 25, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023
শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ বাংলাদেশ সংযোগ

শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ বাংলাদেশ সংযোগ

September 24, 2023
অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

September 24, 2023
Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

September 24, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

September 25, 2023
Men rights matter too

Men rights matter too

September 25, 2023
Rima Das’s Tora’s Husband : Extraordinary Portrayal of Ordinariness

Rima Das’s Tora’s Husband : Extraordinary Portrayal of Ordinariness

September 25, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023

Popular Stories

  • FREEDOM FIGHTERS OF ASSAM

    FREEDOM FIGHTERS OF ASSAM

    2548 shares
    Share 1019 Tweet 637
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1859 shares
    Share 744 Tweet 465
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1528 shares
    Share 611 Tweet 382
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1027 shares
    Share 411 Tweet 257
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    838 shares
    Share 335 Tweet 210
  • Wildlife Photos: An astonishing and sorrowful image!

    218 shares
    Share 87 Tweet 55
  • অসমৰ বুৰঞ্জী

    1280 shares
    Share 512 Tweet 320
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    179 shares
    Share 72 Tweet 45
  • Does IIT always guarantee jobs, huge salary packages?

    1084 shares
    Share 434 Tweet 271
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    680 shares
    Share 272 Tweet 170
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: