• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

কলিয়াবৰৰ সলাল গোহাঁই

ASSAMESE SECTION / History / Assam

by Diganta Kumar Gogoi
April 28, 2025
in History, ASSAMESE SECTION
Reading Time: 5 mins read
0
কলিয়াবৰৰ সলাল গোহাঁই
Share on FacebookShare on TwitterShare on LinkedIn

কলিয়াবৰৰ সলাল গোহাঁই

দিগন্ত কুমাৰ গগৈ

Diganta Gogoi
দিগন্ত কুমাৰ গগৈ

২০২১ চনৰ নৱেম্বৰ মাহৰ কথা। মই, মোৰ মা প্ৰনতী গগৈ, মোৰ পত্নী প্ৰিয়ম‌ আৰু মোৰ ভাইটি মানস, আমি গোটেই পৰিয়াল যোৰহাটলৈ ভাইটিৰ লগৰ বন্ধু এজনৰ বিয়ালৈ বুলি যাত্ৰা কৰিছিলোঁ।

গুৱাহাটীৰ পৰা যোৰহাটলৈ লৈ গৈ থাকোঁতে বাটত যেতিয়া কলিয়াবৰ পাৰ কৰি আছিলো, মোৰ পত্নী প্ৰিয়মে কলে ” মোৰ পুথা দেউতা (ককা) বীৰেন্দ্ৰ গোহাঁই আৰু এনাই(আইতা) ৰত্নামালা গোহাঁই কলিয়াবৰৰ সলাল গোহাঁইৰ পৰিয়ালৰ”।

সলাল গোহাঁই শব্দটো তেতিয়া মই মোৰ স্মৃতিৰ কোষত সাঁচি থৈ আৰু মনতে ইয়াৰ ইতিহাস বিচাৰিম বুলি সংকল্প লৈছিলোঁ। পৰৱৰ্তী কালত মই মোৰ সংকল্প মতে সলাল গোহাঁইৰ ইতিহাসৰ সন্ধান কৰিলো।
কলিয়াবৰৰ সলাল গোহাঁই

আহোম ৰাজ প্ৰশাসনৰ অন্তৰ্গত বৰ্তমান কালৰ নগাওঁ জিলাৰ কলিয়াবৰ অঞ্চল, দাতিয়লীয়া গোহাঁই কেইজনৰ ভিতৰত অন্যতম সলাল গোহাঁইৰ প্ৰধান কেন্দ্ৰ আছিল।সলাল গোহাঁই বৰ্তমান কালৰ নগাঁও জিলাৰ এক বৃহৎ অংশ আৰু চাৰিদুৱাৰ অঞ্চলৰ প্ৰশাসনৰ দায়িত্বত আছিল।

পশ্চিম অসমৰ গুৱাহাটী স্থিত আহোম ৰাজ প্ৰশাসনৰ প্ৰতিনিধি বৰফুকন আৰু উজনিৰ শিৱসাগৰ জিলাত অৱস্থিত ৰাজধানী গড়গাঁও আৰু ৰংপুৰত স্থিত আহোম ৰজাৰ মাজত কলিয়াবৰত স্থিত সলাল গোহাঁই এজন প্ৰধান বিষয়া। অসমত মোগলৰ আক্ৰমণৰ কালচোৱাত, কলিয়াবৰত অসমীয়া সৈন্যৰ এক অন্যতম প্ৰধান সামৰিক ঘাটি আছিল আৰু ‌সেই সূত্ৰে সলাল গোহাঁই পদটো অতি গুৰুত্বপূৰ্ণ।

সলাল গোহাঁইৰ বিষয় পদটো আহোম ৰজা চুখামফাৰ (ৰাজত্ব ১৫৫২-১৬০৩) দিনত সৃষ্টি হৈছিল । আহোম ৰজা‌ চুখামফাই(খোৰা ৰজা) বৰগোহাঁই ফৈদৰ লেচাইজং গোহাঁইক প্ৰথমজন সলাল গোহাঁই ৰূপে নিযুক্ত দিছিল। চুখামফাৰ পৰৱৰ্তী আহোম ৰজাকেইজনৰ দিনত সলাল গোহাঁই পদটো কিছুকালৰ বাবে লুপ্ত হৈ আছিল। এই কালছোৱাত কলিয়াবৰ, বৰফুকনসকলৰ প্ৰধান ঘাটি ৰূপে পৰিগণিত হৈছিল।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ(ৰাজত্ব: ১৬৬৩-৭০ চন ) দিনত লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সৈন্যই মোগলক পৰাস্ত কৰি, গুৱাহাটী পুনৰুদ্ধাৰ কৰি, পশ্চিম অসমৰ মানাহ নদীলৈকে আহোম ৰাজ্যৰ সীমা বৃদ্ধি কৰি গুৱালপাৰাৰ বিপৰীতে মানাহ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী হাদিৰাত সীমান্ত চকী স্থাপন কৰিছিল।

ইয়াৰ ফলত বৰফুকনৰ কাৰ্যালয় গুৱাহাটীলৈ স্থানান্তৰ হৈছিল। কলিয়াবৰৰ সামৰিক আৰু প্ৰশাসনিক গুৰুত্ব উপলব্ধি কৰি স্বৰ্গদেউ চক্ৰধ্বজ সিংহই সলাল গোহাঁই পদটো পুণৰ সৃষ্টি কৰিলে। বুৰঞ্জী সূত্ৰৰ মতে পৰৱৰ্তী সলাল গোহাঁই কেইজনো বৰগোহাঁই ফৈদৰ পৰা নিযুক্ত হৈছিল।

অসম বুৰঞ্জীৰ কেইজনমান উল্লেখযোগ্য সলাল গোহাঁই আৰু তেওঁলোকৰ কাৰ্য্যৱালী তলত দাঙি ধৰা হৈছে:

লাইথেপেনা সলাল গোহাঁই : লাইথেপেনা সলাল গোহাঁই অসমৰ বুৰঞ্জীৰ চিৰ পৰিচিত জয়মতী কুৱঁৰীৰ দেউতাক আছিল।‌ পৰৱৰ্তী কালত তেওঁক আহোম ৰজা চুদৈফাই (ৰাজত্ব: ১৬৭৭-৭৯ চন) বৰগোহাঁই মন্ত্ৰী পদত নিযুক্তি দিছিল।

লাইথেপেনা গোহাঁয়ে বৰগোহাঁই পদ গ্ৰহণ কৰাৰ আগতে তেওঁৰ এজন পুত্ৰক সলাল গোহাঁই পদত নিযুক্তি দিবলৈ অনুৰোধ কৰাত, লাইথেপেনা বৰগোহাঁইৰ পুত্ৰক, সলাল গোহাঁই পদত নিযুক্তি দিছিল। এই‌জনা সম্ভৱতঃ লাইথেপেনা বৰগোহাঁইৰ ষষ্ঠ (৬) পুত্ৰ ঘনশ্যাম সলাল বৰগোহাঁই আছিল।

এইজনা‌ সলাল গোহাঁইৰ জীয়েক অনাদৰী ও আকৰী গাভৰুক, স্বৰ্গদেউ শিৱ সিংহৰ (১৭১৪-১৭৪৪ চন) দিনত, বৰকুঁৱৰী বা বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক হৰিনাথ বৰপাত্ৰ গোহাঁইৰ (এইজনা কালুগঞা বৰপাত্ৰগোঁহাই বুলি জনাজাত) লগত বিবাহ হৈছিল।

বৰৰজা ফুলেশ্বৰী আৰু তেওঁৰ পৰৱৰ্তী বৰৰজা অম্বিকা বা দ্ৰোপদীৰ মৃত্যুৰ পিছত স্বৰ্গদেউ শিৱ সিংহই লাইথেপেনা বৰগোহাঁইৰ নাতিনী আৰু হৰিনাথ বৰপাত্ৰ গোহাঁইৰ পত্নী অনাদৰী ও আকৰী গাভৰুক বিবাহ কৰিলে আৰু সৰ্ব্বেশ্বৰী নাম দি, বৰকুঁৱৰী আৰু বৰৰজা পাতিলে। পূৰ্বৱৰ্তী বৰৰজা দুগৰাকীৰ দৰে সৰ্ব্বেশ্বৰী বৰৰজাই নিজৰ নামত মোহৰ মৰাইছিল। সৰ্ব্বেশ্বৰী বৰৰজাই নিজৰ শাহু, স্বৰ্গদেউ শিৱ সিংহৰ মাতৃ, কেঁৰী ৰাজমাওৰ নামত দৌল নিৰ্মাণ কৰিছিলে।

কলিয়াবৰৰ সলাল গোহাঁই
Jean baptise chevalier ৰেখা চিত্ৰ, হানিদ ৰঞ্জন ভূঞা

ভোলানাথ সন্ন্যাসী সম্পাদিত বৰগোহাঁই বংশাৱলীত উল্লেখ আছে যে অসম বুৰঞ্জীৰ চিৰ পৰিচিত লাইথেপেনা বৰগোহাঁইৰ ২৪ গৰাকী পুত্ৰ আছিল আৰু এই বংশৰ আৰু কেইজনমান সদস্য সলাল গোহাঁইৰ পদত অধিষ্ঠিত হৈছিল, সেই সকল ক্ৰমে বিশ্বনাথ সলাল বৰগোহাঁই, বনমালি সলাল বৰগোহাঁই, চাওমুংভাওনা মৌজানা সলাল বৰগোহাঁই, লেউৰাম সলাল বৰগোহাঁই আৰু বিনাৰাম সলাল বৰগোহাঁই।

আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত ১৭৫৫ চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ দূত আৰু ফৰাচী কুটনীতিবিদ, জঁ বেপ্টিষ্ট শ্বুভালিয়ে (Jean Baptise Chevaliar) অসমলৈ আঁহোতে, বৰ্তমান কালৰ শিৱসাগৰ জিলাৰ স্থিত ৰাজধানী ৰংপুৰলৈ ব্ৰহ্মপুত্ৰত নাওঁ লৈ যাত্ৰা কৰিছিল। জঁ বেপ্টিষ্ট শ্বুভালিয়ে লিখা তথ্য মতে বাটত কলিয়াবৰ আহি পাওঁতে তেওঁলোকৰ দলটোৱে প্ৰথমে কলিয়াবৰৰ পাহাৰৰ চুড়াবোৰ দেখিবলৈ পাইছিল।

শ্বুভালিয়েৰৰ লিখিত তথ্য মতে সেই কালত কলিয়াবৰত উৎকৃষ্ট মানৰ মুগা ধুতিৰ ব্যৱসায় হৈছিল। কলিয়াবৰৰ ওচৰৰ পাওঁতে সন্ধিয়া ৫:০০ টা বাজিল আৰু তেওঁলোকক নগৰৰ কাষৰ এটা পাহাৰৰ নামনিত অৱস্থিত এটা অসমীয়া সৈন্যৰ সামৰিক ঘাটিত ৰাতি থকাৰ ব্যৱস্থা কৰি দিছিল।

শ্বুভালিয়েৰৰ মতে অসমীয়া সৈনিকসকলে এক‌ প্ৰকাৰে দলটোক ঘেৰাও কৰি তেওঁলোকৰ সকলো গতি বিধি লক্ষ্য কৰি আছিল। শ্বুভালিয়েৰ বা তেওঁৰ দলৰ কোনো সদস্যই নাওঁ পৰা নামি অঞ্চলটোৰ বিষয়ে কোনো তথ্য সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে তাত থকা অসমীয়া সৈনিকসকল সজাগ আছিল।

ৰাতিপুৱা তৎকালীন সলাল গোহাঁইজনৰ ভাতৃ আৰু তেওঁৰ এজন সহকাৰী বিষয়া, সম্ভৱতঃ কলিয়াবৰীয়া ফুকনে, জঁ বেপ্টিষ্ট শ্বুভালিয়ক আদৰণি জনাইছিল আৰু তেওঁৰ দলৰ সকলো সদস্যক খাদ্য, ৰচদ, আদি প্ৰদান কৰিছিল।

ৰাতিপুৱা ১০ বজাত, জঁ বেপ্টিষ্ট শ্বুভালিয়ে কলিয়াবৰ পৰা উজনিমুৱাকৈ নাওঁ এৰিলে। নাওঁৰ পৰা শ্বুভালিয়ে কলিয়াবৰৰ পাহাৰৰ ওপৰত এটা মন্দিৰ দেখা পাইছিল, যিটো সম্ভৱতঃ কলিয়াবৰ স্থিত শিলঘাটৰ কামাখ্যা দেৱীৰ দেৱালয় বা হাতীমুৰাৰ দূৰ্গা দেৱীৰ মন্দিৰ আছিল। কলিয়াবৰ এৰাৰ সময়ত, শ্বুভালিয়ে নিজৰ নাওঁৰ পৰা সাতবাৰ টোপ ধ্বনি দি চালামি দিছিল। প্ৰত্যুত্তৰত কলিয়াবৰ স্থিত অসমীয়া সৈন্যই দহ – বাৰ (১০-১২) বাৰ বন্দুকৰ গুলী ফুটাই চালামি দিছিল।

স্বৰ্গদেউ লক্ষ্মী সিংহৰ (ৰাজত্ব ১৭৬৯-১৭৮০) দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। সেই সময়ৰ ৰাজমন্ত্ৰী কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱমৰীয়া মহন্তক কৰা অপমান, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালবৰ্গক নিৰ্বাসিত কৰা কাৰ্য্য আৰু মৰাণৰ মুখিয়াল ৰাঘৱক কৰা অত্যাচাৰ, আদি এই বিদ্ৰোহ হোৱাৰ তাৎক্ষণিক কাৰণ।

কলিয়াবৰৰ সলাল গোহাঁই
হাতীমুৰা দূৰ্গা দেৱীৰ মন্দিৰ
কলিয়াবৰৰ সলাল গোহাঁই
শিলঘাট কামাখ্যা দেৱালয়

বিদ্ৰোহী সকলে ৰাজকীয় সৈন্য বাহিনীক পৰাজিত কৰি ৰাজধানী ৰংপুৰ অধিকাৰ কৰি, স্বৰ্গদেউ লক্ষ্মী সিংহ, কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু অন্যান্য ডা- ডাঙৰীয়াসকলক বন্ধী কৰিবলৈ সক্ষম হৈছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পুত্ৰ চন্দ্ৰহাস ডেকা বৰবৰুৱা, যি ৰজাৰ চোলাধৰা ফুকনৰ বাবতো কায্য কৰিছিল, বিদ্ৰোহীৰ হাতত ধৰা নপৰাকৈ পলায়ন কৰিছিল। সেই সময়ৰ কলিয়াবৰৰ চটাইআলীয়া বৰগোহাঁই ফৈদৰ সলাল গোহাঁই জন, চন্দ্ৰহাস ডেকা বৰবৰুৱাৰ শহুৰেক আছিল।

কিন্তু সলাল গোহাঁয়ে জোৱায়েকক কোনো সহায় নকৰি, বন্দী কৰি বিদ্ৰোহী সকলক গটাই দিছিল। সম্ভৱতঃ সেই কাৰণে বিদ্ৰোহী সকলে আগৰ বিষয়া সকলক আতৰাই নতুন প্ৰশাসন স্থাপন কৰোতে, সলাল গোহাঁই গৰাকী সলনি কৰা নাছিল। পাঁচ মাহৰ পিছত, বহাগ বিহুৰ সংক্ৰান্তিৰ দিনা আহোম ডাঙৰীয়াসকলৰ বংশৰ লোকসকলে একত্ৰিত হৈ, বিদ্ৰোহীসকলৰ প্ৰধান নেতা ৰাঘৱ মৰাণক হত্যা কৰি, স্বৰ্গদেউ লক্ষ্মী সিংহক পুনৰ সিংহাসনত অধিষ্ঠিত কৰিলে।

নৱ প্ৰতিস্থিত ৰাজকীয় কৰ্তৃপক্ষই বিদ্ৰোহীত যোগ দিয়া বা সহযোগ কৰা লোকসকলক শাস্তি প্ৰদান কৰিছিল। সলাল গোহাঁইকো বিদ্ৰোহীক সহযোগ কৰা অপৰাধত পদচ্যুত কৰি শাস্তি প্ৰদান কৰা হৈছিল।

হেলিমেলি সলাল গোহাঁই : হেলিমেলি গোহাঁই স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত কলিয়াবৰত সলাল গোহাঁই ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ কালচোৱাত তেখেতৰ কিছুমান কাৰ্য্যৰ বাবে ৰজাঘৰীয়া লোকে তেওঁক বিদ্ৰোহী সকলৰ প্ৰতি সহানুভূতি থকা বুলি সন্দেহ কৰিছিল।

১৭৮৬ চনত ঝাপৰিভিটাত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই হেলিমেলি সলাল গোহাঁইক , মৰঙ্গীখোৱা গোহাঁই আৰু দিহিঙ্গীয়া ফুকন লগত, ৰাজকীয় সেনাবাহিনীৰ নেতৃত্বত পঠিওৱা হৈছিল।

কিন্তু হেলিমেলি সলাল গোহাঁই শৰীৰ অসুস্থতাৰ দোহাই দি, ৰাজকীয় সৈন্যবাহিনীৰ পৰা আতঁৰি কলিয়াবৰলৈ গুচি গৈছিল। হেলিমেলি সলাল গোহাঁই প্ৰস্থান কৰাৰ কিছু দিনৰ পিছতেই ৰাজকীয় সেনাবাহিনীক মোৱামৰীয়া বিদ্ৰোহীয়ে শলমাৰি বিলৰ কাষত আগ-পিছ দুয়োফালে আক্ৰমণ কৰি পৰাজিত কৰে আৰু ৰণত মৰঙ্গীখোৱা গোহাঁই আৰু দিহিঙ্গীয়া ফুকন, দুয়োজন সেনাপতি নিহত হৈছিল।

পৰৱৰ্তী কালত মোৱামৰীয়া বিদ্ৰোহৰ ফলত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী ৰংপুৰৰ পৰা পিছুৱাই নগাঁওত বাঁহৰ পাতি থকা কালত, বিদ্ৰোহী প্ৰজাৰ একাংশই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা নগাঁওত ৰজাৰ বাহৰ আক্ৰমণ কৰিবলৈ আহোতে, কলিয়াবৰ স্থিত হেলিমেলি সলাল গোহাঁইয়ে কোনো বাধা প্ৰদান নকৰি, বৰঞ্চ বিদ্ৰোহী দলটোক কলিয়াবৰৰ মাজেৰে পাৰ হৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল। কলিয়াবৰ পাৰ কৰি বিদ্ৰোহী দলটোৱে স্বৰ্গদেউ গৌৰীনাথ সিংহক নগাঁওৰ বাহৰত আক্ৰমণ কৰাৰ ফলত, গৌৰীনাথ সিংহই গুৱাহাটীলৈ পিছুৱাই যাব লগা হৈছিল।

ৰাজ্যত হোৱা বিদ্ৰোহ আৰু অৰাজকতা দুৰ কৰাৰ স্বাৰ্থত স্বৰ্গদেউ গৌৰীনাথ সিংহই কলিকতা স্থিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছলৈ সাহায্য বিচাৰি আবেদন জনাইছিল । লৰ্ড কৰ্ণৱালিছে আবেদন মঞ্জুৰ কৰে আৰু ১৭৯২ চনত কেপ্তেইন ৱেলছৰ অধীনত বৃটিছ সৈন্য বাহিনীৰ এটা দল অসমলৈ প্ৰেৰণ কৰে। কেপ্তেইন ৱেলছৰ নেতৃত্বত বৃটিছ সেনাবাহিনীয়ে সফলতাৰে বিদ্ৰোহীক পৰাস্ত কৰি ৰাজধানী ৰংপুৰত ৰাজকীয় কৰ্তৃত্ব পুণৰ স্থাপন কৰে।

সেই সময়ত গুৱাহাটীৰ আহোম ৰাজ প্ৰশাসক হলিৰাম বৰফুকনৰ মৃত্যু হোৱাত, এজন কছাৰী লোক, যি চেটিয়া ফুকনৰ পদত আছিল, কেপ্তেইন ৱেলছক লগ কৰি, তেওঁক বৰফুকন পাতিবলৈ খাটনি কৰাত, কেপ্তেইন ৱেলছে স্বৰ্গদেউ গৌৰীনাথ সিংহক অনুৰোধ কৰি চেটিয়া ফুকনক বৰফুকন পাতে।

এই চেটিয়া বৰফুকনে, হেলিমেলি সলাল গোহাঁইৰ লগত মিলি আহোম ৰাজবংশৰ কোঁৱৰ কেইজনমান গোটাই ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল, কিন্তু সেই বাৰ কেপ্তেইন ৱেলছৰ হস্তক্ষেপত এই ষড়যন্ত্ৰ বেছি আগ নাবাঢ়িলে। ১৭৯৩ চনৰ শেষৰ ফালে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰ আৰু আহোম ৰজা গৌৰীনাথ সিংহৰ মাজত কেইবাখনো বাণিজ্য সন্ধি স্বাক্ষৰিত হোৱাৰ পিছত কেপ্তেইন ৱেলছ পুনৰ ব্ৰিটিছ শাসনাধীন বংগলৈ ঘূৰি আহে।

স্বৰ্গদেউ গৌৰীনাথ সিংহই চেটিয়া বৰফুকনক সোণৰ জাপি-চুলা, চন্দ্ৰতাপ, আদি উপহাৰ দি ৰাজসভাত তিনিজন ডাঙৰীয়াৰ সমান মৰ্যদা প্ৰদান কৰে।

তৎসত্বেও চেতিয়া বৰফুকন আৰু হেলিমেলি সলাল গোহাঁইয়ে তুংখুঙ্গীয়া ফৈদৰ বাপী গোহাঁইৰ পুতেকক গুৱাহাটীলৈ অনাই ৰজা পাতিছিল। কিন্তু গুৱাহাটীৰ অন্য ফুকন বিষয়াসকলে এই নিযুক্তি মানি নললে। ৰাজকীয় কৰ্তৃপক্ষই চেতিয়া বৰফুকন আৰু হেলিমেলি সলাল গোহাঁইক বন্দী কৰিবলৈ ৰাজবিষয়া পঠিয়াইছিল কিন্তু, দুয়োজনেই, তেওঁলোকক বন্দী কৰিবলৈ অহা বিষয়াকেইজনক খেদি পঠিয়ালে।

পাছত ৰাজকীয় কৰ্তৃপক্ষই চেতিয়া বৰফুকনৰ ভেৰোনীয় হিন্দুস্তানী চিপাহী দলৰ চৰ্দাৰ হাজাৰা সিঙক ৰূপ ১০০০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দি, চেতিয়া বৰফুকনক বন্দী কৰোৱালে। চেতিয়া বৰফুকনৰ চকু কাঢ়ি, অন্ধ কৰি ৰাজধানী যোৰহাটলৈ পঠিয়াই দিয়া হৈছিল। ৰাজধানী যোৰহাটত ৰাজ আজ্ঞা অনুসৰি চেতিয়া বৰফুকনক মৃত্যু দণ্ড দিয়া হৈছিল।

ইতিমধ্যে এজন‌ হিন্দুস্তানী মূলৰ চিপাহী, জোৱানগিৰিৰ নেতৃত্বত হিন্দুস্তানী ভেৰোণীয়া সৈন্যৰ এটা দলে গুৱাহাটী‌ অধিকাৰ কৰি, নৱ নিযুক্ত বদন বৰফুকনক উৎখাত কৰিলে।

ফলস্বৰূপে বদন বৰফুকনে কাজলী চকীলৈ পিছুৱাই গৈ তাতেই ৰাজকীয় সৈন্যৰ আগমণলৈ অপেক্ষা কৰিলে। বদন বৰফুকনক সহায় কৰিবলৈ যোৰহাটৰ পৰা স্বৰ্গদেউ গৌৰীনাথ সিংহই মৰঙী খোৱা গোহাঁই আৰু কলীয়া ভোমোৰা ওপৰ দৈয়ঙ্গীয়া ৰাজখোৱাক (পৰৱৰ্তী কালত এওঁ বৰফুকন পদত নিযুক্ত হৈছিল আৰু কলীয়া ভোমোৰা বৰফুকন ৰূপে বুৰঞ্জীত জনাজাত) আদেশ দিলে।

লগতে স্বৰ্গদেউ গৌৰীনাথ সিংহই তেওঁলোকক গুৱাহাটীলৈ যোৱাৰ যোৱাৰ পথত হেলিমেলি সলাল গোহাঁইক বন্দী কৰিবলৈ আদেশ দিলে। দুয়ো ৰাজবিষয়াই বাঁহবৰীয়া ফৈদৰ কটকী গৌৰীক পঠিয়াই হেলিমেলি সলাল গোহাঁইক খবৰ দিয়ে যে ৰাজ আজ্ঞা অনুসৰি গুৱাহাটী পুনৰোদ্ধাৰ বাবে যোৱা ৰাজবিষয়া দুজনক সলাল গোহাঁইয়ে মানুহ , খাৰ, আহিলা, চাউল, আদি সমল দি সহায় কৰে যেন।

ইয়াৰ পিছত দুয়ো ৰাজ বিষয়াই সলাল গোহাঁইক বৰ্তমান কালৰ নগাঁও জিলাৰ কুঁৱৰীটোলত অৱস্থিত সৌভাগ্য মাধৱ দেৱালয়লৈ লগ কৰিবলৈ ৰামেশ্বৰ নামৰ দূত এজন পঠিয়াই অনুৰোধ কৰিলে। বুৰঞ্জী সূত্ৰৰ মতে সেইদিনা হেলিমেলি সলাল গোহাঁইৰ যাত্ৰাৰ সময়ত আৰোৱানৰ নাল ছিঙিছিল।

সৌভাগ্য মাধৱ দেৱালয় আহি পোৱা পিছত, দুয়ো ৰাজ বিষয়াই কটকী গৌৰীৰ হতুৱাই স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজ‌ আজ্ঞা পাঠ কৰাই, আদেশ অনুসৰি হেলিমেলিক সলাল গোহাঁইৰ পদৰ পৰা ভাঙি, তেওঁক বন্দী কৰিলে। পিছদিনা তেওঁ চক্ষু কাঢ়ি, অন্ধ কৰিলে আৰু তেওঁৰ সহযোগীসকল মৃত্যু দণ্ড দিয়া হৈছিল।

পিছত ৰাজবিষয়া কেইজনে লাহন ফৈদৰ লম্বো দোলাকাষৰীয়া বৰুৱাক হেলিমেলি গোহাঁইক গতাই দিয়ে, আৰু ৰাজ আজ্ঞা অনুসৰি লম্বো দোলাকাষৰীয়া বৰুৱাই হেলিমেলি গোহাঁইক মৃত্যুদণ্ড দিছিল আৰু তেওঁৰ ঘৰ-ভঁৰালৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰি ৰাজ ভঁৰালত জমা কৰিছিল।

মৰঙী খোৱা গোহাঁই আৰু কলীয়া ভোমোৰা ওপৰ দৈয়ঙ্গীয়া ৰাজখোৱাই ভটিয়াই নগাঁওলৈ আহিলে আৰু তাতে মাদুৰিয়াল বৰগোহাঁই ফৈদৰ সদস্য দুৱলীয়া গোহাঁইক ৰাজ আজ্ঞা অনুসৰি সলাল গোহাঁই ৰূপে নিযুক্তি দিয়ে আৰু কলিয়াবৰলৈ পঠিয়াই দিয়ে।

১৯ শতিকাৰ আৰম্ভণিতে বৃটিচ সামৰিক আৰু প্ৰশাসনিক বিষয়া ড° জন পিটাৰ ৱেডে আৰু ফ্ৰান্সিছ হেমিল্টনে, নিজৰ টোকাত কলিয়াবৰ আৰু সলাল গোহাঁইৰ কথা উল্লেখ কৰিছিল। পৰৱৰ্ত্তী কালত, অসমত নিযুক্ত বৃটিছ সামৰিক আৰু প্ৰশাসনিক বিষয়া মেজৰ আডাম হোৱাইটেও নিজৰ বিৱৰণীত কলিয়াবৰ আৰু সলাল গোহাঁইৰ কথা উল্লেখ কৰিছিল।

আহোম ৰাজ শাসনৰ শেষৰ ফালে হোৱা সলাল গোহাঁই কেই জনৰ নাম বুৰঞ্জীত স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই। ১৮০৩ চনত, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত (ৰাজত্ব ১৭৯৪-১৮১১ খ্ৰীঃ), কছাৰী ৰজা কৃষ্ণ চন্দ্ৰৰ গোপন সমৰ্থনৰ বলত মোৱামৰীয়াসকলে বৰ্তমান কালৰ নগাঁও আৰু মৰিগাঁও জিলাত বিদ্ৰোহৰ অগনি জ্বলাইছিল।

আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ৰাজধানী যোৰহাটৰ পৰা কূৱৈগঞা বুঢ়াগোহাঁই ফৈদৰ হৰিপদ ডেকা ফুকন আৰু কেপ্তেইন গোহাঁইৰ নেতৃত্বত ৰাজকীয় সৈন্যবাহিনী প্ৰেৰণ কৰে। যুদ্ধ চলি থকা কালতে কলিয়াবৰত দুৱলীয়া সলাল গোহাঁইৰ মৃত্যু হৈছিল। অন্য কোনোক সলাল গোহাঁই ৰূপে নিযুক্ত নিদিয়ালৈকে হৰিপদ ডেকা ফুকনে সলাল গোহাঁইৰ কাম-কাজ আৰু মানুহবোৰ পৰিচালনা কৰিছিল।

শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ দ্বাৰা ৰচিত তুংখুঙ্গীয়া বুৰঞ্জীত উল্লেখিত স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালৰ পাত্ৰ মন্ত্ৰী সকলৰ তালিকাখনৰ মতে তৎকালীন সলাল গোহাঁই গৰাকী বাৰুকীয়া ফৈদৰ পঙ্গুৱাধৰাত খেলৰ সদস্য আছিল।

বিশিষ্ট সাহিত্যিক লীলাধৰ বৰা বিৰচিত গ্ৰন্থ “ঐতিহ্যমণ্ডিত কলিয়াবৰ” গ্ৰন্থখনত আৰু ভোলানাথ সন্ন্যাসী সম্পাদিত বৰগোহাঁই বংশাৱলীত উল্লেখ আছে যে অসম বুৰঞ্জীৰ চিৰ পৰিচিত লাইথেপেনা বৰগোহাঁইৰ সপ্তদশ (১৭) সংখ্যক পুত্ৰ আছিল খামছেং দ’লবন্ধা বৰগোহাঁই, আৰু তেওঁ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ(ৰাজত্ব ১৭৪৪-১৭৫২) ৰাজত্বকালত ৰাজমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

খামছেং দ’লবন্ধা বৰগোহাঁইৰ পুত্ৰ কেইজন আছিল বাইলুং বৰগোঁহাই, পেতাল বৰগোহাঁই আৰু কৃষ্ণকান্ত বৰগোহাঁই।বাইলুং বৰগোঁহাই, স্বৰ্গদেউ লক্ষ্মীসিংহৰ(ৰাজত্ব ১৭৬৯-১৭৮০) ৰাজত্ব কালত মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। কৃষ্ণকান্ত বৰগোহাঁইৰ পুত্ৰ ৰামসিং পৰৱৰ্তী কালত কলিয়াবৰত সলাল গোহাঁই ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

১৮১৭ চনৰ পৰা ১৮২৬ চনলৈ অসমত চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা তিনিবাৰকৈ হোৱা আক্ৰমণ আৰু পৰৱৰ্তী কালত সংঘটিত ইংগ – বাৰ্মিজ যুদ্ধৰ(১৮২৪-১৮২৬ খ্ৰীষ্টাব্দ), ফলত অসমত আহোম শাসনৰ পতন হয়, আৰু অসমত ইংৰাজৰ শাসন স্থাপন হৈছিল। এই অস্থিৰতাৰ সময়ছোৱাতে কলিয়াবৰতো সলাল গোহাঁইৰ প্ৰশাসনৰ অস্তিত্ব শেষ হৈ গৈছিল।

ইতিপূৰ্বে উল্লেখিত ৰামসিং সলাল গোহাঁইৰ চাৰিগৰাকী পুত্ৰৰ, জেষ্ঠ পুত্ৰ লক্ষ্মীকান্ত বৰগোহাঁইৰ পুত্ৰ কেইজন আছিল ক্ৰমে কলাই গোহাঁই, বলো গোহাঁই, বাপুতি গোহাঁই, মদন গোহাঁই, ফুকন গোহাঁই আৰু মুকুতা গোহাঁই। প্ৰাপ্ত তথ্য অনুসৰি এই কেউজনৰ সতি সন্তনি বৰ্তমান কালত কলিয়াবৰ, জখলাবন্ধা, নগাওঁ, যোৰহাট, তিতাবৰ, আদি স্থানত বসতি কৰি আছে।

কলিয়াবৰৰ সলাল গোহাঁই
ৰত্না গোহাঁই, কাষত মাতৃ ভোগেশ্বৰী ফুকননীৰ অন্তিম শয়নৰত , ফটো কাল ১৯৪২ চন
কলিয়াবৰৰ সলাল গোহাঁই
ৰত্নামালা গোহাঁই

বাপুতি গোহাঁইৰ দ্বিতীয় পুত্ৰ বীৰেন্দ্ৰ গোহাঁইৰ বিবাহ ১৯৪২ চনৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ আৰু মুক্তি যুঁজাৰু ভোগেশ্বৰী ফুকননীৰ জীয়ৰী ৰত্নামালা গোহাঁইৰ লগত হৈছিল। ৰত্নামালা গোহাঁই নিজেও এগৰাকী মুক্তি যুঁজাৰু আছিল আৰু জীয়ৰী কালতে তেওঁ নিজৰ মাতৃ ভোগেশ্বৰী ফুকননী, জ্যেষ্ঠ ভাতৃ উমা ফুকন আৰু কনিষ্ঠ ভাতৃ নুমলী(দেবেন) ফুকনৰ সৈতে ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।

১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত, বৰ্তমান কালৰ নগাঁও জিলাৰ বঢ়মপুৰত, ৰত্নামালাই ঔপনিৱেশিক ব্ৰিটিছ বাহিনীৰ গুলীৰ আঘাতত নিজ মাতৃ ভোগেশ্বৰী ফুকননীৰ মৃত্যু হৈ শ্বহীদ হোৱা ঘটনাৰ সাক্ষী আছিল। অন্তিম শয়নৰত শ্বহীদ ভোগেশ্বৰী ফুকননীৰ লগত ৰত্নামালা গোহাঁইৰ ১৯৪২ চনত তোলা এখন ফটো বৰ্তমানে উপলব্ধ। কৰ্মসূত্ৰে তেখেত এগৰাকী সুদক্ষা শিক্ষয়িত্ৰী আছিল।

২০০৯ চনত ভাৰত চৰকাৰে স্বাধীনতা সংগ্ৰামত তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি সন্মান প্ৰদান কৰে। ২১‌ ফেব্ৰুৱাৰী ২০২৪ চনত, ৰত্নামালা গোহাঁইৰ পৰলোক প্ৰাপ্তি হয়। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান বীৰেন্দ্ৰ গোহাঁই আৰু ৰত্নামালা গোহাঁইৰ তিনিগৰাকী কন্যা আৰু তেওঁলোকৰ সতি সন্ততি নগাওঁ আৰু গুৱাহাটীত বাস কৰি আছে।

কৃতজ্ঞতা প্ৰকাশ : হানিদ ৰঞ্জন ভূঞা দেৱলৈ (ফৰাচী কুটনীতিবিদ, জঁ বেপ্টিষ্ট শ্বুভালিয়ে (Jean Baptise Chevaliar) প্ৰতিনিধিত্ব মূলক ৰেখা চিত্ৰৰ বাবে)।

দিগন্ত কুমাৰ গগৈ, দাৰ্জিলিং, ৯৮৫৪৩৭৯৭১৩

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Diganta Kumar Gogoi

Diganta Kumar Gogoi

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
July 29, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d