• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Heritage

কলিয়াবৰৰ ৭ টা বৰটোপ !

HISTORY

by Editor
September 16, 2024
in Heritage, History
Reading Time: 4 mins read
0
কলিয়াবৰৰ ৭ টা বৰটোপ !
Share on FacebookShare on TwitterShare on LinkedIn

কলিয়াবৰৰ ৭ টা বৰটোপ !

নবীন বুঢ়াগোহাঁই

Nobin Buragohain
নবীন বুঢ়াগোহাঁই

নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলটো প্ৰাক্‌-আহোম আৰু আহোম ৰাজত্বকালত অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল৷

বৰ্তমান সময়ত এই অঞ্চলত অনেক প্ৰকাৰৰ পুৰাকৃতি আৰু বৰটোপ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে৷ এই অঞ্চলত থকা বৰটোপসমূহৰ বিষয়ে ইতিমধ্যে আমি বিভিন্ন উৎসৰ পৰা জানিবলৈ পাই আহিছিলোঁ৷ সেই সূত্ৰে এই বৰটোপসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ ইচ্ছা জাগিছিল।

কলিয়াবৰৰ সাতটা বৰটোপ
বৰটোপ অধ্যয়ন কালত লেখক আৰু ড০ জীৱন কলিতা

সি যি নহওক, ২০২২ খ্ৰিষ্টাব্দৰ ১১ ডিচেম্বৰ তাৰিখে আমি দিশপুৰস্থিত গড়কাপ্তানি সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাত মুখ্য বক্তা হিচাপে ভাষণ প্ৰদান কৰিবলৈ গৈছিলোঁ৷ ১২ তাৰিখে ভাষণ প্ৰদান কৰি ১৩ তাৰিখৰ পুৱা ওভতি আহোঁতে কলিয়াবৰত বৰটোপ অধ্যয়নৰ কামত সোমাই আহিছিলোঁ৷ আমাৰ লগত শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়া আৰু নাজিৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ জীৱন কলিতা সংগী হিচাপে আছিল৷

গুৱাহাটীত থাকোঁতেই আমি কলিয়াবৰৰ ইনতাজ আলিৰ লগত যোগাযোগত আছিলোঁ৷ আমাক আগৰে পৰাই মৰমতে ‘ভাইজান’ বুলি সম্বোধন ধৰা আলিয়ে সেইদিনা নিজে উপস্থিত থাকিব নোৱৰাৰ বাবে স্থানীয় জান আলি নামৰ ব্যক্তিজনক সমল ব্যক্তি হিচাপে আমাৰ ওচৰলৈ পঠাইছিল৷ জান আলিৰ লগত খামিৰুদ্দিন আহমেদ আৰু জয়ন্তীপুৰ জাম্মে মছজিদৰ সভাপতি মঃ চফিজুল হকে আমাক সহযোগিতা আগ বঢ়াইছিল৷

পোনতে আমি ১৫৭৫ খ্ৰিষ্টাব্দত প্ৰতিষ্ঠিত জয়ন্তীপুৰ জাম্মে মছজিদৰ চৌহদত প্ৰৱেশ কৰি এটা মজলীয়া আকাৰৰ বৰটোপ দেখিবলৈ পাওঁ৷ এই বৰটোপটো তুৰ্বকৰ আক্ৰমণৰ সময়ৰ বুলি জান আলিয়ে জানিবলৈ দিয়ে৷ বৰটোপটো স্থানীয়ভাৱে সংৰক্ষণ কৰি থোৱা হৈছে যদিও ইয়াৰ উপযুক্ত সংৰক্ষণ হোৱা নাই৷ এই বৰটোপটোৰ দৈৰ্ঘ ৪ ফুট ৯ ইঞ্চি৷ মূৰ অংশৰ ঘেৰ ১ ফুট ১০ ইঞ্চি, মাজ অংশৰ ঘেৰ ১ ফুট ৮ ইঞ্চি আৰু শেষ অংশৰ ঘেৰ ১ ফুট ৪ ইঞ্চি৷

বৰটোপটোৰ মাজে মাজে ঊধৰপৰা মূধলৈ এটা ঘূৰণীয়া ফুটা আছে৷ ইয়াৰ মুখৰ অংশটোত বৰটোপৰ গাতে সংপৃক্ত হৈ থকা ডাঠ লোৰ পটিৰে আবৃত৷ শেষৰ ফালে কোনো নাল অংশ নাই৷ এই বৰটোপটোৰ কাৰিকৰীৰ সম্পৰ্কে বিশেষজ্ঞসকলে অধ্যয়ন কৰাৰ থল আছে৷ বৰটোপটো আহোম যুগৰ বৰটোপসমূহৰ দৰে নহয়৷ ইয়াৰ আকাৰ, আকৃতি আৰু কাৰিকৰী আহোম যুগৰ বৰটোপৰ পৰা সম্পূৰ্ণ পৃথক বুলি বুজিব পৰা যায়৷

ইয়াৰ পিছতেই আমি জয়ন্তীপুৰ বৰ মছজিদত উপস্থিত হওঁগৈ৷ জানিব পৰা মতে, এইটো হৈছে অসমৰ দ্বিতীয়টো মছজিদ৷ বৰ মছজিদৰ প্ৰতিষ্ঠাকাল ১৫৭০ খ্ৰিষ্টাব্দ৷ মছজিদটোৰ নিৰ্মাণশৈলী পুৰণি অৰ্থাৎ ইয়াক আৰম্ভণিতে নিৰ্মাণ কৰা ভাগেই ৰাখিবলৈ যত্ন কৰা হৈছে৷ মছজিদৰ মেহৰাব অংশ থকাৰ ফালে বেৰত লগোৱা অলংকৰণবোৰ আইনা কাটি কাটি লগোৱা৷ সেয়ে ই আন মছজিদতকৈ পৃথক৷

মছজিদৰ লোকে জনোৱা মতে, এনে শৈলীৰ মছজিদ সমগ্ৰ অসমতে দ্বিতীয় এটা নাই৷ এই মছজিদ ইটা, কাঠ, চূণ-চুৰকি আৰু টিনপাতেৰে নিৰ্মাণ কৰা৷ সময়ৰ লগে লগে মছজিদৰ কাঠ বহু পুৰণা হৈ গৈছে৷ মছজিদটোত উপস্থিত হৈ, ইয়াৰ বাহিৰ-ভিতৰ প্ৰত্যক্ষ কৰি আমাৰ এই অনুভৱ হ’ল যে ই এই অঞ্চলৰ এটা ঐতিহ্যপূৰ্ণ সম্পদত পৰিণত হৈছে৷ কিন্তু ইয়াত ব্যৱহৃত সামগ্ৰীসমূহ [বিশেষকৈ কাঠ] বহু দিন নিটিকিব৷

সেয়ে বিশেষজ্ঞৰ হতুৱাই এই মছজিদটোৰ মূল নক্সা প্ৰস্তুত কৰি, পূৰ্বৰ নিৰ্মাণশৈলী একেই ৰাখি ইয়াত ব্যৱহৃত সামগ্ৰীসমূহৰ নবীকৰণ কৰিলে এই মছজিদটো অধিক আয়ুসৰ অধিকাৰী হোৱাৰ লগতে অনাগত বহু বছৰলৈ ঐতিহ্যপূৰ্ণ সম্পদত পৰিণত হৈ থাকিব৷ প্ৰসংগতঃ উল্লেখযোগ্য যে জয়ন্তীপুৰ জাম্মে মছজিদত ডেকা জামাতে আৰু বৰ মছজিদত বুঢ়া জামাতে নামাজ কৰে৷

কলিয়াবৰৰ সাতটা বৰটোপ
বৰটোপৰ জোখ-মাখ লোৱা অৱস্থাত লেখক

বৰ মছজিদতো আগৰ মছজিদত থকাৰ দৰে একেধৰণৰ আন এটা বৰটোপ অতি যত্নসহকাৰে সংৰক্ষণ কৰি থোৱা হৈছে৷ এই বৰটোপটোৰ দৈৰ্ঘ ৫ ফুট ৩ ইঞ্চি৷ মূৰ অংশৰ ঘেৰ ১ ফুট ১০ ইঞ্চি, মাজ অংশৰ ঘেৰ ১ ফুট ৭ ইঞ্চি আৰু শেষ অংশৰ ঘেৰ ১ ফুট ৪ ইঞ্চি৷

দুই মছজিদৰ বৰটোপকেইটাৰ জোখ-মাখ আৰু চিত্ৰ-ভিডিঅ’ লোৱাৰ পিছত আমি কলিয়াবৰ চাহ বাগিচাৰ পৰিচালন সঞ্চালক চবিৰ আহমেদৰ বাংলোৰ চৌহদত উপস্থিত হওঁগৈ৷ বাংলোৰ চৌহদত আমি প্ৰাক্‌-আহোম যুগৰ বহুতো শিলাখণ্ড দেখিবলৈ পাওঁ৷ এই শিলাখণ্ডসমূহৰ কোনোটোত চিত্ৰ আৰু কোনোটোত বিভিন্ন প্ৰকাৰৰ খাজ ভিতৰলৈ সুমুৱাই কটা৷ এই খাজবোৰৰপৰা শিলাখণ্ডবোৰ কোনো প্ৰাচীন মন্দিৰ বা ৰাজকীয় বাসভৱনৰ ভগ্নাৱশেষ বুলি বুজিব পৰা গ’ল৷

এই শিলাখণ্ডসমূহৰ সদৃশ অসংখ্য শিলাখণ্ড তেজপুৰৰ দ-পৰ্বতীয়া, বামুণী পাহাৰ, উমানন্দ, বিশ্বনাথ ঘাট আদিত সিঁচৰতি হৈ পৰি থকা দেখিবলৈ পোৱা যায়৷ বাংলোৰ চৌহদত একাধিক শিলাখণ্ড চিমেণ্ট প্ৰয়োগ কৰি জোৰা লগাই একোটাহঁত খুঁটাৰ নিচিনাকৈ শাৰী পাতি সজাই থোৱা আছে৷

কলিয়াবৰৰ সাতটা বৰটোপ
বৰ মছজিদত থকা বৰটোপ আৰু লেখক

এই খুঁটাসমূহৰ মাজৰ মুকলিকৈ থকা বহল অংশটোত উত্তৰৰ পৰা দক্ষিণলৈ ক্ৰমান্বয়ে পাঁচোটা বৰটোপ পূবা-পশ্চিমাকৈ সজাই থোৱা আছে৷ এই বৰটোপসমূহৰ মুখকেইখন পশ্চিমলৈ অৰ্থাৎ ব্ৰহ্মপুত্ৰলৈ টোঁৱাই ৰখা অৱস্থাত থোৱা হৈছে৷ উল্লেখযোগ্য যে পৰিচালন সঞ্চালকৰ বাংলো থকা স্থানতে আহোম যুগত কলিয়াভোমোৰা বৰফুকনৰ সেনাৰ চাউনি বা কোঁঠ আছিল৷ এই কোঁঠতে কলীয়াভোমোৰা বৰফুকনে শত্ৰুলৈ বৰটোপ টোঁৱাই সন্মুখ হৈ বহি ৰৈছিল৷

কলিয়াবৰৰ সাতটা বৰটোপ
জয়ন্তীপুৰ জামে মছজিদৰ সন্মুখত জ্যোষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়া, ড০ জীৱন কলিতা আৰু লেখক

এই ঠাইখণ্ড ২৬ ডিগ্ৰী ৩৬ মিনিট ৩৯ ছেকেণ্ড উত্তৰ অক্ষাংশ আৰু ৯২ ডিগ্ৰী ৫৫ মিনিট ৫৯ ছেকেণ্ড পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত৷ ঠাইখণ্ড প্ৰকৃততে ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা টিলাহে৷ এই টিলাৰ পৰা কাষতে থকা কলিয়াভোমোৰা দলংখন দেখি থকা হয়৷ এইখন দলং পোনতে কলিয়াভোমোৰা বৰফুকনে শাল কাঠেৰে নিৰ্মাণ কৰিবলৈ বুলি খুঁটা আদি পুতিছিল যদিও দলং সজা হৈ নুঠিছিল৷ বৰ্তমান কালতহে দলংখন আধুনিক পদ্ধতিৰে সজা হয়৷

সি যি নহওক, আমি কলিয়াবৰ চাহ বাগিচাৰ পৰিচালন সঞ্চালকৰ বাংলোৰ চৌহদত থকা বৰটোপসমূহৰ বিষয়ে কিছু অধ্যয়ন কৰিছিলোঁ৷ ক্ৰমান্বয়ে উত্তৰৰ পৰা দক্ষিণলৈ সজাই থোৱা বৰটোপসমূহৰ জোখ-মাখ আৰু অন্যান্য তথ্য তলত দিয়া ধৰণৰ–

◆ উত্তৰৰ পৰা ১ নং বৰটোপৰ দৈৰ্ঘ ৫ ফুট, মূৰৰ অংশৰ ঘেৰ ১ ফুট ১১ ইঞ্চি, মাজ অংশৰ ঘেৰ ১ ফুট ৮.৫ ইঞ্চি আৰু শেষৰ অংশৰ ঘেৰ ১ ফুট ৮ ইঞ্চি৷

◆ ২ নং বৰটোপৰ দৈৰ্ঘ ৫ ফুট ৩.৫ ইঞ্চি, মূৰৰ অংশৰ ঘেৰ ২ ফুট, মাজ অংশৰ ঘেৰ ১ ফুট ১১ ইঞ্চি আৰু শেষৰ অংশৰ ঘেৰ ১ ফুট ৮ ইঞ্চি৷

◆ ৩ নং বৰটোপৰ দৈৰ্ঘ ৭ ফুট ৯ ইঞ্চি, মূৰৰ অংশৰ ঘেৰ ২ ফুট ১১ ইঞ্চি, মাজ অংশৰ ঘেৰ ২ ফুট ১০ ইঞ্চি আৰু শেষৰ অংশৰ ঘেৰ ২ ফুট ৮ ইঞ্চি৷

◆ ৪ নং বৰটোপৰ দৈৰ্ঘ ৪ ফুট ১১ ইঞ্চি, মূৰৰ অংশৰ ঘেৰ ১ ফুট ৮ ইঞ্চি আৰু শেষৰ অংশৰ ঘেৰ ২ ফুট৷

◆ ৫ নং বৰটোপৰ দৈৰ্ঘ ৫ ফুট, মূৰৰ অংশৰ ঘেৰ ২ ফুট আৰু শেষৰ অংশৰ ঘেৰ ১ ফুট ৮ ইঞ্চি৷

WhatsApp Image 2024 09 10 at 8.43.13 PM
বৰ মছজিদৰ সন্মুখত জান আলি আৰু লেখক

উল্লেখযোগ্য যে ৩ নং বৰটোপটো আনকেইটা বৰটোপতকৈ ডাঙৰ৷ ইয়াৰ মূৰৰ অংশত চাৰিশাৰী লিপি কটা আছে৷ আমাৰ হাতত সেই সময়ত লিপি অধ্যয়নৰ আধুনিক সঁজুলি মজুত নথকাত সকলো আখৰ পঢ়িব নোৱৰাৰ বাবে সম্পূৰ্ণ পাঠ উদ্ধাৰ কৰিব নোৱাৰিলোঁ৷ তাৰে প্ৰথম শাৰীৰ আগে-পিছে দুটা আখৰ একেবাৰে মচ খাই গৈছে৷ খালী চকুৰে পাঠ উদ্ধাৰ কৰিব পৰা অংশ এনেধৰণৰ–

“শ্ৰী….ৰায়ল দেৱ মহাৰাজা …
… … ৰুদ্ৰ …. স্তামেয়
ৱ … … মিদংহ পয়গো
… … … ১৫৮৯”

উল্লেখযোগ্য যে এই বৰটোপটোৰ লিপিত কটা শকটো হৈছে ১৫৮৯৷ এই শকত আহোম ৰজা চক্ৰধ্বজ সিংহই ৰাজত্ব কৰিছিল৷ কিন্তু বৰটোপত কটা লিপি অধ্যয়ন কৰি বুজা গ’ল যে ই গড়গঞা, বামুণীয়া বা কাইথেলী লিপি নহয়৷ এই লিপি কমতাৱলী লিপিৰ লগত মিলে৷

লিপি অধ্যয়নকাৰী ভাস্কৰ বৰদলৈলৈ এই বৰটোপৰ লিপিৰ ফটো পঠিওৱাত তেওঁ এইটো ‘কমতাৱলী লিপি’ বুলি ঠাৱৰ কৰি কয় যে লিপিৰ আখৰ চিলাৰায়ৰ ‘সাৰৱতী’ৰ লগত মিল থকা; অৰ্থাৎ এই বৰটোপটো বা ইয়াৰ কাষতে থকা বৰটোপকেইটা কোঁচসকলৰ বৰটোপ হোৱাৰ সম্ভাৱনা অধিক৷ সম্ভৱতঃ চিলাৰায়ে আহোমৰ লগত যুদ্ধ কৰিবলৈ আহোঁতে এই বৰটোপসমূহ এৰি থৈ যায় আৰু আহোমসকলে সেই বৰটোপ নিজৰ কামত ব্যৱহাৰ কৰিবলৈ লৈছিল৷

WhatsApp Image 2024 09 10 at 8.43.14 PM
প্ৰাক্-আহোম যুগৰ প্ৰত্নতাত্ত্বিক সম্পদ

এই ডাঙৰ বৰটোপটো পাঁচটা খণ্ডত বিভক্ত৷ প্ৰতিটো খণ্ডতে গাতে লিপিট খাই থকা একোটাকৈ ঘেৰ আছে৷ বৰটোপটোৰ ঠিক সোঁ-মাজতে বৰটোপটো কঢ়িয়াই নিয়াৰ সুবিধাৰ বাবে দুটা লোৰ অংশ ওলাই আছে৷ অংশ দুটাৰ দীঘ ৯ ছেণ্টিমিটাৰ আৰু ঘেৰ ৭ ছেণ্টিমিটাৰ৷ নাল অংশতে কোনোবাই নালটো কাটি নিয়াৰ চিন আছে৷ বৰ্তমানে থকা নাল অংশৰ ঘেৰ ১ ফুট৷

কলিয়াবৰ চাহ বাগিচাৰ পৰিচালন সঞ্চালকৰ বাংলোৰ চৌহদত বৰটোপ আৰু প্ৰাক্‌-আহোম যুগৰ শিলাকৃতিৰ উপৰি ব্ৰিটিছৰ যুগৰ বেলিৰ ছাঁ চাই সময় নিৰূপণ কৰা পদ্ধতিযুক্ত এটা সময়-মাপক দেখিবলৈ পাওঁ৷ বাগিচাৰ মেনেজাৰে এই সময়-মাপকটোৰ নাম ‘চান ডাইলাৰ ৱাটছ্‌’ বুলি জানিবলৈ দিয়ে৷

আগতেই উল্লেখ কৰি আহিছোঁ যে কলিয়াবৰ অঞ্চলৰ বিভিন্ন ঠাইত অনেক পুৰাকৃতি সিঁচৰতি হৈ আছে৷ মানুহৰ ঘৰতো অনেক পুৰণি বস্তু থকাৰ কথাও জানিবলৈ পাওঁ৷ এই সকলোবোৰ পুৰাকৃতিৰ লগত সেই অঞ্চলৰ ইতিহাস আৰু ঐতিহ্য সংপৃক্ত হৈ আছে৷ এই কথা অনুধাৱন কৰি আমি লগ পোৱা লোকসকলক সেই অঞ্চলতে এটা যাদুঘৰ নিৰ্মাণৰ পৰামৰ্শ আগ বঢ়াওঁ৷

ইয়াৰ কাৰণ হ’ল এই বস্তুবোৰ আন ঠাইলৈ বা আন যাদুঘৰলৈ স্থানান্তৰিত কৰিলে স্থানীয় ইতিহাস-ঐতিহ্যৰ গৰিমা হ্ৰাস পাব৷ আমাৰ পৰামৰ্শ তেওঁলোকে ভাল পোৱা বুলি জনায়৷ যাদুঘৰৰ বাবে মাটি থকা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷

সেয়ে আমিও কলিয়াবৰৰ কোনো সুগম স্থানত এটা যাদুঘৰ নিৰ্মাণ কৰি ৰ’দে-বৰষুণে বা মানুহৰ ঘৰত এলান্ধু লাগি অতদিনে পৰি থকা সামগ্ৰীসমূহ উদ্ধাৰ কৰি এটা যাদুঘৰ নিৰ্মাণৰ উদ্যোগ ল’বলৈ অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ৷ কলিয়াবৰৰ এই জাতীয় সম্পদসমূহ সংৰক্ষণ কৰি ৰখাটো অঞ্চলটোৰ প্ৰতিজন ব্যক্তি তথা অসম চৰকাৰৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য৷◆

WhatsApp Image 2024 09 10 at 8.43.15 PM
কলিয়াবৰৰ এটা বৰটোপৰ লগত লেখক

■ ফোন/হোৱাটছ এপঃ ৮০১১৬-১২৫৩৫
■ E-mail: nobinburagohain24@gmail.com
■ Facebook: https://www.facebook.com/nobin.buragohain1?mibextid=ZbWKwL
■ YouTube: Nobin Buragohain History & Culture

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়
History

চিলাৰায় ! চিলাৰায় নাছিল কি!!

by Anjan Sarma
September 13, 2026
0

চিলাৰায় ! চিলাৰায় নাছিল কি!! অঞ্জন শৰ্মা চিলাৰায়! আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত প্ৰত‍্যক্ষ কৰা ঘটনা-পশ্চিমবঙ্গৰ পৰা কামাখ্যা মন্দিৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d