কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা!
জ্যোতিময় কলিতা

ৱাৰি চ’ৰা ( Wari Chora) নামটো প্ৰায় এবছৰমান আগতে শুনিছিলো আৰু সামাজিক মাধ্যমত ৱাৰি চ’ৰাৰ ফটো দেখা পাই বিহ্বল হৈ পৰিছিলো।
২০২৩ চনৰ মাৰ্চ মাহত হঠাৎ সিদ্ধান্ত ল’লো যে ৱাৰি চ’ৰালৈ যাম। সেই সিদ্ধান্ত অনুসৰি মই, পল, আৰু ময়ুৰ-দা ওলালো ৱাৰি চ’ৰা অভিমুখে।
দক্ষিণ গাৰো পাহাৰত অৱস্থিত হ’ল ৱাৰি চ’ৰা। দুখন পাহাৰৰ মাজেৰে নামি অহা নিজৰাৰ পানীবোৰ অত্যন্ত নীলা, কল্পনাতীত নীলা! পৰিকল্পনা অনুসৰি প্ৰথমদিনা ৱাৰি চ’ৰাৰ সমীপত ‘হোম ষ্টে’-ত থাকি দ্বিতীয়দিনা আমাৰ গন্তব্যস্থল অভিমুখে ৰাওনা হ’লো।
ৱাৰি চ’ৰা অভিমুখে যাবলৈ দুটা পথ আছে। সেই পথেৰে সাধাৰণ গাড়ী নাযায়। ৪×৪ গাড়ীৰে যাব লাগে। এটা স্থান পোৱাৰ পিছত গাড়ীও নাযায়, ‘ট্ৰেকিং’ কৰিব লাগে।
আৰু ট্ৰেকিং, সহজ নহয় সেই ট্ৰেকিং! কষ্টকৰ!
বৰষুণ দি থকা কাৰণে আমি অইন এটা পথেৰে আগবাঢ়িলো।
এক নিৰ্দিষ্ট ঠাইত আমাৰ গাড়ীখন থৈ এখন ৪×৪ গাড়ীৰে ৪০ মিনিট যাত্ৰা কৰিলো উঠা- নমা ভীষণ বিপদসংকুল পথেৰে।
এটা সময়ত আমাৰ গাড়ীখনে গন্তব্যস্থল পালে আৰু আমি গাড়ীৰ পৰা নামি ট্ৰেকিং আৰম্ভ কৰিলো।
ট্ৰেকিং কৰি থাকোতে হঠাৎ দেখা পালো হোলোক-গিবন। অভাৱনীয় সেই দৰ্শনে আমাক আনন্দিত কৰি তুলিলে!
তাৰপিছত দুঘন্টা সময় পাহাৰৰ মাজে মাজে উঠা-নমা কৰি কৰি অৱশেষত আমি ৱাৰি পালো আৰু ৱাৰি চ’ৰা পাই নাওত উঠি নয়নাভিৰাম দৃশ্য আমাৰ কেমেৰাৰে বন্দী কৰি ‘মহাবাহু‘ৰ জৰিয়তে সকলোলৈ আগবঢ়ালো।

আঃ, কি অপূৰ্ব ৱাৰি চ’ৰা!

আমাৰ সমীপতে এনে সৌন্দৰ্যৰ আকৰ আছে বুলি আমি কোনোদিনে কল্পনা কৰাই নাছিলো।

সচাই, প্ৰকৃতিৰ ৰম্যভূমি আমাৰ এই উত্তৰ পূৰ্বাঞ্চল। ৱাৰি চ’ৰা, আমি তোমাক দৰ্শন কৰি ধন্য হ’লো!

অতি সংক্ষিপ্তকৈ ক’বলৈ হ’লে আমাৰ ভ্ৰমণসূচী আছিল এনেধৰণৰঃ
আমি অসমৰ পশ্চিমপ্ৰান্তৰ গোৱালপাৰাৰ পৰা দুধনৈ হৈ ‘নাঙল’ অভিমুখে ৰাওনা হৈছিলো। গুগল মানচিত্ৰত Wari Chora( ৱাৰি চ’ৰা) টিপিলে পথটো দৃষ্টিগোচৰ হয়।
প্ৰথমদিনা আমি দুধনৈ হৈ ‘শিজু টুৰিষ্ট ল’জ’ পালো। এই ল’জটো দুধনৈৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ নিলগত। আমাৰ প্ৰায় ৪ ঘন্টা সময় লাগিল।
দ্বিতীয়দিনা আমি শিজু টুৰিষ্ট ল’জৰ পৰা ৱাৰি চ’ৰা অনেষ্টি অভিমুখে প্ৰায় ৩০ কিলোমিটাৰ যাত্ৰা আৰম্ভ কৰিলো। পথছোৱাৰ অৱস্থা শোচনীয়, জৰাজীৰ্ণ। আমাক ডেৰ ঘন্টা সময় লাগিল ৱাৰি চ’ৰা অনেষ্টি পাবলৈ। কোনোবাই ইচ্ছা কৰিলে ওচৰৰ মৎস্য ক্ষেত্ৰ ( Fish Sanctuary)ও পৰিদৰ্শন কৰিব পাৰে।
তৃতীয়দিনা আমি গন্তব্যস্থল ৱাৰি চ’ৰা পালো।

( জ্যোতিময় কলিতা গোৱালপাৰাৰ বাসিন্দা আৰু গোৱালপাৰা ফটোগ্ৰাফী সংস্থাৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত; e-mail: hello@jyotimoyphotography.in)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)