–( ৱাশ্বিংটন পষ্টৰ আমেৰিকাস্থ জ্যেষ্ঠ সাংবাদিক শ্ৰী জগন্নাথৰ লিখনিৰ পৰা) |
চেন্নাইৰ মাইলাপুৰৰ কপালেশ্বৰ মন্দিৰ দৰ্শন কৰাৰ পিছত ওলাই আহি মন্দিৰৰ কাষতে থকা কিতাপ আৰু অন্যান্য সামগ্ৰীৰ দোকান এখনত সোমালো | উদ্দেশ্য তত্ববোধৰ ওপৰত এখন কিতাপ কিনিম |
দোকানখনত মানুহৰ ভিৰ | কিছুমানে বিভিন্ন কিতাপ কিনিছে, কিছুমানে ভক্তিমূলক গীতৰ চিডি কিনিছে | সংগ্ৰহ ভাল |
মই কিতাপৰ ৰেক্ কেইখনৰ ফালে গতি কৰিলো আৰু আমাৰ শ্ৰীমতী গল ‘চি-ডি’ সংগ্ৰহৰ ফালে |
যিজন মানুহে পইচা লয়, তেওঁৰ কাষতে এজনী ছোৱালী ঠিয় হৈ গ্ৰাহকৰ ওপৰত চকু ৰাখিছে আৰু নিজৰ ইপ্সিত কিতাপ বা ‘চি-ডি’ বিচাৰি পোৱাত সহায় কৰিছে | সাধাৰণ তামিল ছোৱালীৰ দৰেই তাই ক’লা বৰণৰ, খীনাংগী আৰু নিশ্চয় ওচৰৰে গাঁৱৰ পৰা আহিছে | সোতৰ বছৰ মান বয়সৰ হব আৰু নিশ্চয় তাই হাইস্কুলৰ দেওনা পাৰ হোৱা নাই | কিজানি জীৱনৰ তাড়নাত তাই চাকৰি কৰিবলৈ আহিছে | মোৰ দীঘলীয়া সাংবাদিকতাৰ অভিজ্ঞতাৰে ছোৱালীজনীৰ বিষয়ে থুলমূল ধাৰণা এটা মোৰ মনত সঞ্চিত হল |
মই সহায় বিচাৰিম বুলি মাজে মাজে তাই মোৰ ফালে চাই আছে | কিন্তু মোৰ ভাৱ – তই নো মোক কি সহায় কৰিবি, মোৰ কিতাপ মই নিজে বিচাৰি পাম |
বহুত কিতাপ দেখিলো, কিন্তু মই বিচৰা তত্ববোধৰ কিতাপখন নাপাও হে নাপাও | ৪০ মিনিট সময় পাৰ হল | অৱশেষত মই তাইৰ ফালে চালো আৰু তাইও মোৰ ফালে চাই আগুৱাই আহিল | মোৰ তাইক সোধাৰ একো ইচ্ছা নাছিল কাৰণ মোৰ দৃঢ় বিশ্বাস আছিল যে তত্ববোধৰ দৰে এখন “গধুৰ” কিতাপৰ বিষয়ে তাই একো নাজানিব |
কিন্তু তাই মোৰ ওচৰ পালেহিয়েই | তামিল ভাষাতে মোক সুধিলে “চাৰ, আপোনাক কিবা সহায় কৰিব পাৰোনে? ” তত্ববোধ” কিতাপ খন বিচাৰি থকাৰ কথা তাইক কলো |
“চাৰ, আপোনাক মূল সংস্কৃত কিতাপ খন লাগিব নে সংস্কৃত আৰু ইংৰাজী দুয়োটা ভাষাতে থকা খন লাগিব? চিন্ময় মিশ্যনে প্ৰকাশ কৰা খন লাগিব নে ইন্দু প্ৰকাশনে উলিওৱা খন লাগিব নে ৰামকৃষ্ণ মঠে প্ৰকাশ কৰা খন লাগিব? “
মই অবাক হলো | কলো – “মই বিশেষ নাজানো | কেৱল বিষয়টো কিছু জানিব বিচাৰো মাত্র |”
“চাৰ, আপুনি তামিল পঢ়িব পাৰে নে? “
বিদেশত ঘূৰি ফুৰোঁতে মোৰ কামকাজ, আদৱকায়দা এনেকুৱা ধৰণৰ যে মই যে এজন তামিল সেই কথা দেখুৱাব নোখোজো | কিন্তু ছোৱালীজনীৰ কথাই মোৰ আত্মসন্মানত আঘাত হানিলে | মুখ ফুটাই কলো – “মই এজন তামিল | তামিল পঢ়িব কিয় নাজানিম? “
তাই ততালিকে কিতাপৰ ৰেক্ কেইখনৰ ওচৰলৈ গল আৰু যি ঠাইত মই ইমান দেৰি বিচাৰি আছিলো তাৰ পৰাই তামিল ভাষাৰ কিতাপ এখন উলিয়াই আনি মোৰ হাতত দি কলে – “তেনেহলে চাৰ আপুনি এইখন কিতাপ নিয়ক, এন্ শিৱৰমনে তামিল ভাষাত লিখা আৰু ইন্দু প্ৰকাশনে ছপা কৰি উলিওৱা |”
এই ছোৱালীজনীয়ে একোৱেই নাজানে বুলি ইমান দেৰি ভাৱি থকাৰ বাবে মোৰ নিজৰ ওপৰতে ধিক্কাৰ উপজিল | আমেৰিকাত থাকো আৰু ৱাশ্বিংটন পষ্টৰ দৰে পৃথিৱীৰ আটাইতকৈ প্ৰখ্যাত বাতৰিকাকত খনৰ জ্যেষ্ঠ সাংবাদিক হোৱাৰ বাবেই মোৰ ইমান উচ্চাভিমান নে? মই ভবাই নাছিলোঁ ক’লা-ম’লা, গাঁৱৰ পৰা অহা এই ছোৱালীজনীয়ে “তত্ববোধ”ৰ দৰে এখন কিতাপৰ বিষয়ে কিবা জানিব |
মোৰ মনোভাৱ তত্ক্ষণাত সলনি হৈ গল আৰু এনেকুৱা লাগিল এই আচৰিত ছোৱালীজনীৰ সমুখত মই এটা মহামূৰ্খ | কিতাপখনৰ বিষয়ে যে মই একো নাজানো সেই কথা বিনাদ্বিধাই স্বীকাৰ কৰি কলো –
“শুনা, যোৱা কালিলৈকে এই কিতাপ খনৰ নামেই মই শুনা নাছিলো, কিতাপ খন কোনে লিখা, তাকো নাজানো | অলপ আগতে মই তত্ববোধৰ ওপৰত এটা সুন্দৰ বক্তৃতা শুনিলো আৰু বক্তৃতাটোৱে মোৰ মন ইমান আকৃষ্ট কৰিলে যে বিষয়টো সম্বন্ধে ভালকৈ জানিবলৈ মোৰ আগ্ৰহ উপজিছে |”
ছোৱালীজনীয়ে তপৰাই সুধিলে, ” তাৰ মানে আপুনি ভাৰতীয় বিদ্যা ভৱনে আয়োজন কৰা গড়া ভেংকটেশ্বৰ শাস্ত্রীৰ বক্তৃতা শুনিবলৈ গৈছিল? তেওঁ এইবোৰ তত্বগধুৰ বিষয়ৰ ওপৰত নিয়মীয়াকৈ বক্তৃতা দিয়ে |”
হে ইশ্বৰ, এই কমবয়সীয়া ছোৱালীজনীয়ে কেনেকৈ জানে ইমান কথা?
সুধিলো, “তুমি এইবোৰ বিষয়ে জানিবলৈ বিচাৰা নে? “
“হয় চাৰ, মই স্বামী বিবেকানন্দ আৰু ৰামকৃষ্ণৰ বিষয়ে বহুত পঢ়িছো | তত্ববোধৰ বিষয়ে জানিবলৈ মোৰ খুউৱ আগ্ৰহ |”
“তুমি তত্ববোধ খন পঢ়িছানেকি? “
“শিৱৰমনে লিখা খন মই পঢ়িছো | এবাৰ কিতাপ খন পঢ়িলে আপুনি অনুভৱ কৰিব যে এইখন কিতাপ টেবুলত সজাই থোৱাৰ বাবে নহয় |”
অতিশয় আত্মবিশ্বাসেৰে কোৱা তাইৰ কথাখিনিয়ে মোৰ মুখৰ মাত হৰিলে | কলো – “ইমান নো কি কথা আছে কিতাপখনত?”
তাই কলে – “চাৰ, আপুনি চাগে মোৰ লগত ধেমালি কৰিছে | মোৰ মতে আপুনি যদি এই কিতাপ খন পঢ়ে, বেদান্তৰ সমস্ত সাৰমৰ্ম পাই যাব আৰু এটা শব্দত কবলৈ হলে আপোনাৰ অহং ভাৱ সম্পূৰ্ণ নোহোৱা হৈ যাব আৰু বিনম্ৰতা আপোনাৰ সংগী হ’ব |”
মই পুনৰ সুধিলো, “কিতাপ এখন পঢ়িলেই মানুহ এনেকৈ বিনয়ী আৰু নিৰহংকাৰী হব পাৰে নে?”
তাই বিজ্ঞজনৰ দৰে সুন্দৰকৈ কলে – “অৱশ্যে কিতাপ খনৰ লগত সম্পূৰ্ণ একাত্মতাবোধ উপলব্ধি কৰিব লাগিব, নিজৰ দৃঢ় সংকল্প থাকিব লাগিব আৰু ভক্তি সহকাৰে কিতাপ খন পঢ়িব লাগিব |”
ইতিমধ্যে শ্ৰীমতী ওচৰলৈ আহি কথাবোৰ শুনি আছিল | ছোৱালীজনীৰ সৰলতা, বুদ্ধিমত্তা আৰু জ্ঞানৰ গভীৰতাই তেওঁকো আকৰ্ষিত কৰিছিল |
শ্ৰীমতীয়ে কলে – “ৱাশ্বিংটন পষ্টৰ বাবে তুমি তাইৰ এটা ইন্টাৰভিউ নোলোৱা কিয়? ষ্টাৰ বিচাৰি ফুৰাৰ দৰকাৰেই নাই |”
কথাটো মই ইমান দেৰি ভাবি আছিলোৱেই | তাইক সুধিলো ইন্টাৰভিউৰ বাবে অলপমান সময় দিব পাৰিবনে |
অতিশয় নম্ৰতাৰে তাই কলে যে তাৰ বাবে মালিকৰ অনুমতি লব লাগিব আৰু এতিয়া দোকানত ইমান মানুহ আছে যে তাই কাম এৰি যাব নোৱাৰিব |
লৰালৰিকৈ তাইক সুধিলো – “তোমাৰ নাম কি?” “কালাইৱানি”, বুলি কৈ আন এগৰাকী গ্ৰাহকৰ ওচৰলৈ তাই ঢাপলি মেলিলে |
কৰ্তব্যৰ প্ৰতি তাইৰ একাগ্ৰতা আৰু নিজৰ কামখিনিৰ সৈতে তাইৰ সম্পূৰ্ণ একাত্মবোধে মোৰ শ্ৰীমতীক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল | তেওঁ চিধাই দোকানখনৰ পৰিচালকৰ ওচৰ পালেগৈ আৰু ছোৱালীজনীৰ ফালে আঙুলিয়াই দিলে |
“অ’, তাই কালাইৱানি, কঠোৰ পৰিশ্ৰম কৰে তাই |”
শ্ৰীমতীয়ে মোক দেখুৱাই কলে – “এয়া মোৰ স্বামী বিশ্বনাথ, ‘ৱাশ্বিংটন পষ্ট’ৰ জ্যেষ্ঠ সাংবাদিক |”
পৰিচালকজন লৰালৰিকৈ ঠিয় হল আৰু ‘ৱাশ্বিংটন পষ্ট’ৰ নাম শুনি সম্ভ্ৰমেৰে মোৰ ফালে চালে |
মই কলো – “ছোৱালীজনীৰ কথাবতৰা আৰু তাইৰ নিয়মনিষ্ঠাই আমাক অতিশয় আকৃষ্ট কৰিছে | তাইৰ এটা ইন্টাৰভিউ লব খোজো |”
পৰিচালকজনে কালাইৱানিক মাতি কলে – “তেখেতসকল সুদূৰ আমেৰিকাৰ পৰা আহিছে | তোমাৰ লগত অলপ সময় কটাব বিচাৰে |”
সময় তেতিয়া সন্ধিয়া ৫-৪৫ |
“চাৰ, গ্ৰাহকেৰে ঠাহ খাই আছে | এতিয়া একেবাৰে অসম্ভব হব | যদি তেখেতসকল অহা কালিলৈ এবাৰ আহিব পাৰে |”
পিছদিনা ৰাতিপুৱা “টাইমছ্ অৱ ইণ্ডিয়া” আৰু “মাদ্ৰাজ প্ৰেছ ক্লাব” ৰ সৈতে থকা মোৰ মিটিং বাতিল কৰি সেই ছোৱালীজনীৰ ওচৰত উপস্থিত হলোগৈ |
কথাবতৰাৰ পিছত জানিলো আৰ্কটৰ ওচৰৰ এখন সৰু গাঁৱৰ পৰা আহিছে কালাইৱানি | তাইৰ পাচজনী ভনী, তায়েই সকলোতকৈ ডাঙৰ | বাপেক খুউৱ মদপী আছিল, কেইবছৰ মান আগতে ঢুকাল | মাকে লোহালক্কৰৰ কাৰখানা এটাত কাম কৰি কোনোমতে পৰিয়ালটো চলাই আছিল, কিন্তু দুবছৰৰ আগতে তেৱো ঢুকাল, ছজনী ছোৱালী এৰি থৈ |
কালাইৱানিয়ে তেতিয়া নৱম শ্ৰেণী শেষ কৰিছেহে | উপায়বিহীন হৈ তাই এই কিতাপৰ দোকানত সোমাল | নামমাত্র দৰমহাৰে পাচঁজনী ভনীয়েকক চৰকাৰী স্কুলত পঢ়ুৱাইছে আৰু কোনোমতে পৰিয়ালটো চলাই আছে |
তাইক সুধিলো – “কালাইৱানি, তত্ববোধৰ বিষয়ে জানিবলৈ তোমাৰ আগ্ৰহ কেতিয়াৰ পৰা হল? “
“চাৰ, ইয়াত কামত যোগদান কৰাৰ পিছত মই ভাবিলো যে ইয়ালৈ অহা গ্ৰাহকসকলক সহায় কৰিবলৈ হলে মই প্ৰথমতে বিষয়টো জানি লব লাগিব | সেইবাবে মই ৰামকৃষ্ণ, স্বামী বিবেকানন্দৰ সৰু সৰু কিতাপ পঢ়িবলৈ ললো | কিতাপ বোৰ পঢ়ি মোৰ ইমান ভাল লাগিল যে মই তামিল ভাষাত থকা ভগৱতগীতা, বিবেকচূড়ামণি আদি কিতাপ পঢ়িবলৈ ধৰিলো | আৰু তেনেকৈয়ে…. “
শেহত মই সুধিলো – “কিমান দৰমহা পোৱা তুমি?”
“২৫০০ চাৰ “
“এইখিনি টকাৰে তুমি পাচজনী ভনীৰে সৈতে চলিব পাৰা নে?”
“নোৱাৰো চাৰ, কিন্তু আমাৰ দোকানৰ মালিকে বহুত সহায় কৰে |”
“তোমাৰ জীৱনৰ লক্ষ্য কি? “
“মোৰ পাচজনী ভনীক যাতে শিক্ষা দিব পাৰো | শিক্ষা দিব পাৰিলে তাঁহাতে কিবা চাকৰি পাব, হয় নে নহয় চাৰ? “
“যদি তোমাক মাহে মই দহ হেজাৰ কৈ টকা দিও, তোমাৰ খৰছবোৰ জোৰা মৰিব নে? “
এইখিনি বহুত টকা, কিন্তু মই দোকানৰ মালিকৰ যোগেদি হে টকাখিনি গ্ৰহণ কৰিব পাৰিম |”
মালিক সন্মত হল আৰু ভনীয়েক কেইজনীৰ শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰতি মাহে দহ হেজাৰ টকাকৈ দি থকাৰ ব্যৱস্থা হল |
মোৰ শ্ৰীমতীয়ে কলে “আমি আমেৰিকাত বেদান্তৰ ওপৰত কালাইৱানিৰ বক্তৃতাৰ আয়োজন কৰিম |”
গোটেই কথাখিনিৰ পৰা মোৰ এটা দৰকাৰী শিক্ষা হল – ভালকৈ নজনাকৈ কাকো “একো নাজানে ” বুলি ভাবি লব নালাগে | আমি নিজেও হীনমন্যতাত ভূগিব নালাগে আৰু আনকো তুচ্চ জ্ঞান কৰিব নালাগে |”
(ৱাশ্বিংটন পষ্টত প্ৰকাশিত মূল ইংৰাজী লিখনিৰ মুকলি অনুবাদ | শ্ৰীহৰেন ভূঞাৰ সহযোগত আৰু গুৱাহাটীৰ কুমাৰপাৰাৰ শ্ৰীৰমেন ডেকাৰ সৌজন্যত।)