কাগজৰ চৰম সংকট, পৰ্দাৰ আগ্ৰাসন আৰু বৌদ্ধিক স্থবিৰতা: গ্ৰন্থ সংস্কৃতি বিলুপ্তিৰ দিশে নেকি আমাৰ ভৱিষ্যৎ?
অঞ্জন শৰ্মা
১. প্ৰাচীন পেপিৰাছৰ পৰা গুটেনবাৰ্গলৈ: জ্ঞানৰ ভৌতিক যাত্ৰা আৰু আধুনিক মানৱ মনৰ নিৰ্মাণ
প্ৰায় ২৩০০ বছৰ পূৰ্বে মিচৰৰ ৰজা প্ৰথম টলেমীয়ে যেতিয়া সমগ্ৰ পৃথিৱীৰ জ্ঞান একত্ৰিত কৰাৰ সপোন দেখিছিল, তেতিয়া আলেকজেণ্ড্ৰিয়াৰ বন্দৰলৈ অহা প্ৰতিখন বিদেশী জাহাজতে সৈন্যই পুথি আৰু পাণ্ডুলিপিৰ সন্ধানত তালাচী চলাইছিল। এৰিষ্টটলৰ ‘লাইচিয়াম’ৰ আৰ্হিত নিৰ্মিত সেই প্ৰাচীন পুথিভঁৰালতেই এৰাটোস্থিনিছে পৃথিৱীৰ পৰিধি গণনা কৰিছিল, জেনোডোটাছে হোমাৰৰ মহাকাব্য সম্পাদনা কৰিছিল আৰু ইউক্লিডে জ্যামিতিৰ ভেটি স্থাপন কৰিছিল। কিন্তু খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ শেষলৈ সেই পুথিভঁৰাল নিঃশেষ হৈ গ’ল। ইতিহাসবিদসকলে দীৰ্ঘদিন যুদ্ধ-বিগ্ৰহক দায়ী কৰিলেও আধুনিক গৱেষকসকলে আঙুলিয়াই দিয়ে এক নিৰ্দয় কাৰণ- অৱহেলা।
পেপিৰাছৰ পুথিবোৰ সেমেকা বতাহ, পোক-পৰুৱা আৰু নিগনিয়ে ধ্বংস কৰিছিল আৰু পুৰণি পুথি নকল কৰি জীয়াই ৰখাৰ ইচ্ছাতকৈ সংগ্ৰহ ৰক্ষাৰ প্ৰত্যাহ্বান অধিক গধুৰ হৈ পৰিছিল। পণ্ডিত ৰজাৰ বেগনালে লিখাৰ দৰে, পুথিভঁৰালটোৰ ধ্বংসই প্ৰমাণ কৰে যে সমাজখনত ইতিমধ্যে বৌদ্ধিক অন্ধকাৰ যুগ নামি আহিছিল।
১৪৪০ চনত জোহানেছ গুটেনবাৰ্গে যেতিয়া ধাতুৰ চলন্ত আখৰৰ ছপাশাল আৱিষ্কাৰ কৰিলে, মানৱ সভ্যতা মৌখিক পৰম্পৰাৰ পৰা এক সুসংগঠিত লিখিত সাক্ষৰতালৈ উত্তৰণ ঘটিল। ছপা আখৰে মানুহৰ চিন্তাক স্থিৰ ৰূপ দিলে। ১৯৮৫ চনত নীল পষ্টমেনে লিখাৰ দৰে, লেখাই মুখৰ ভাষাক ধৰি ৰখাৰ ফলতেই জন্ম হ’ল ব্যাকৰণবিদ, তৰ্কবিদ, ইতিহাসবিদ আৰু বিজ্ঞানীৰ। আমেৰিকাৰ সংবিধান নিৰ্মাতা বেঞ্জামিন ফ্ৰেংকলিনৰ দৰে মনীষীয়ে ছপাশাল আৰু বাতৰিকাকতক গণতন্ত্ৰৰ মূল স্তম্ভ কৰি তুলিলে, কাৰণ এখন গণৰাজ্য টিকি থকাৰ প্ৰথম চৰ্তই আছিল সচেতন আৰু অধ্যয়নশীল নাগৰিক।

Burning & Destruction of the Library of Alexandria
কিন্তু আজি একবিংশ শতিকাৰ এই সন্ধিক্ষণত বিশ্বই এনে এক অভাৱনীয় ঐতিহাসিক সংকটৰ মুখামুখি হৈছে, য’ত কিতাপৰ ভৌতিক অস্তিত্ব অৰ্থাৎ ‘কাগজ’ আৰু কিতাপ গ্ৰহণ কৰাৰ মানসিক সামৰ্থ্য অৰ্থাৎ ‘পঠন চেতনা’- দুয়োটা দিশতে সমান্তৰালভাবে এক ভাঙোন আৰম্ভ হৈছে।
২. কাগজ শিল্পৰ বিশ্বজোৰা মন্দাৱস্থা আৰু অসমৰ ঔদ্যোগিক বিপৰ্যয়
কাগজ কোনো সাধাৰণ ব্যৱহাৰ্য পণ্য নহয়; ই হ’ল মানৱ চেতনাৰ ভৌতিক আধাৰ। কিন্তু আজি সমগ্ৰ বিশ্বতে কাগজ উৎপাদন এক চৰম অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। কাঠৰ মণ্ড (wood pulp), পানী, ৰাসায়নিক সামগ্ৰী আৰু শক্তিৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে কাগজ কলসমূহৰ উৎপাদন ক্ষমতা সংকুচিত কৰি আনিছে। ইউৰোপৰ পৰা উত্তৰ আমেৰিকালৈ বহুতো ঐতিহ্যমণ্ডিত মিল বন্ধ হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কয়লা আৰু ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কাগজ কলসমূহৰ কাৰ্যক্ষমতাত প্ৰত্যক্ষ আঘাত হানিছে। তাৰ সমান্তৰালভাৱে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে কেঁচা সামগ্ৰী সংগ্ৰহ আৰু উৎপাদিত কাগজ পৰিবহণৰ ব্যয় নিয়ন্ত্ৰণহীন কৰি তুলিছে।
ভাৰতবৰ্ষত এই পৰিস্থিতি আৰু অধিক জটিল। ভাৰতৰ শীৰ্ষস্থানীয় কাগজ নিৰ্মাতা কোম্পানীসমূহ, যেনে বল্লাৰপুৰ ইণ্ডাষ্ট্ৰীজ, জে কে পেপাৰ, ৱেষ্ট ক’ষ্ট পেপাৰ মিলছ, ছেশাছায়ে পেপাৰ আদি বৃহৎ প্ৰতিষ্ঠানসমূহে আধুনিকীকৰণৰ চেষ্টা চলোৱাৰ সত্ত্বেও কেঁচা সামগ্ৰী আৰু শক্তি সংকটৰ বাবে পাইকাৰী বজাৰত কাগজৰ দাম অহৰহ বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। আজিকালি যিদৰে নিতৌ পেট্ৰ’ল বা পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পায়, অনুৰূপভাৱে কাগজৰো নিতৌ মূল্য সলনি হৈ থাকে।
কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত
CLICK THE ABOVE LINK
আৰু এই সমগ্ৰ সংকটটোৰ আটাইতকৈ মৰ্মান্তিক ছবিখন প্ৰতিফলিত হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত। যোগীঘোপাৰ অশোক কাগজ কলৰ কৰা বাদেই দিলো, এদিন প্ৰচুৰ থলুৱা বাঁহ আৰু বনজ সম্পদেৰে টনকিয়াল হৈ থকা নগাঁও কাগজ কল (জাগীৰোড) আৰু কাছাৰ কাগজ কল (পাঞ্চগ্ৰাম) চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিল। এই দুই বৃহৎ উদ্যোগৰ অপমৃত্যু কেৱল হাজাৰ হাজাৰ শ্ৰমিক আৰু কৃষকৰ জীৱিকা ধ্বংসতেই সীমিত নাথাকিল; ই অসমৰ সমগ্ৰ ছপা আৰু সংবাদ জগতখনৰ স্বাৱলম্বিতাত চৰম কুঠাৰঘাত কৰিলে।
থলুৱা কেঁচা সম্পদ থকা সত্ত্বেও আজি অসমৰ প্ৰকাশক, বাতৰিকাকত আৰু ছপাশালসমূহ বহিঃৰাজ্যৰ বৃহৎ ব্যক্তিগত মন’পলি কোম্পানীসমূহৰ দয়ালৈ চাই থাকিবলগীয়া হৈছে। ফলত নিউজপ্ৰিণ্টৰ পৰা আৰম্ভ কৰি কিতাপ ছপোৱা ডিমাই/ ক্ৰাউন ইত্যাদি কাগজৰ মূল্য অস্বাভাৱিক হাৰত বাঢ়িছে। তাৰ ওপৰত কাগজ আৰু ছপা সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টিৰ বোজাই সংকটক আৰু অধিক ভয়াৱহ কৰি তুলিছে।
৩. প্ৰকাশকৰ মূৰে-কপালে হাত: কিতাপৰ চৰা দাম আৰু পঢ়ুৱৈৰ কৃত্রিম নাটনি
কাগজৰ আকাশলংঘী মূল্য আৰু উৎপাদন খৰচ বৃদ্ধি পোৱাৰ ফলত কিতাপ এখন প্ৰকাশ কৰাটো এতিয়া প্ৰকাশকৰ বাবে এক দুৰ্বিষহ জুৱাখেলৰ দৰে হৈ পৰিছে। এখন সাধাৰণ ২০০-২৫০ পৃষ্ঠাৰ কিতাপৰ বাইণ্ডিং, প্লেট নিৰ্মাণ আৰু ছপা ব্যয় ইমানেই বাঢ়িছে যে তাৰ বিক্ৰী মূল্য ৫০০ ৰ পৰা ৬০০ টকালৈ বৃদ্ধি নকৰিলে প্ৰকাশকৰ অস্তিত্ব বিপন্ন হয় ( লগতে গ্ৰন্থ বিক্ৰেতাৰ অস্তিত্বও জড়িত)। কিন্তু এই মূল্যবৃদ্ধিয়ে মধ্যবিত্ত আৰু ছাত্ৰ সমাজৰ ক্ৰয় ক্ষমতা সংকুচিত কৰি পেলাইছে। কিতাপ প্ৰকাশ কৰি প্ৰকাশকে আজি গুদামত পেলাই থ’বলগীয়া হৈছে; মূলধন আবদ্ধ হৈ পৰিছে।

অসমৰ চহৰে-নগৰে অনুষ্ঠিত হোৱা শীতকালীন গ্ৰন্থমেলাবোৰত হয়তো ৰাইজৰ বিপুল সমাগম দেখা যায়। কিন্তু সেই ভিৰৰ কিমান শতাংশই প্ৰকৃত মননশীল পঠনৰ সৈতে যুক্ত, সেয়া গভীৰ পৰ্যবেক্ষণৰ বিষয়। গ্ৰন্থমেলাবোৰ লাহে লাহে শীতকালীন সামাজিক মেল আৰু খাদ্যৰ উৎসৱলৈ ৰূপান্তৰিত হোৱাৰ বিপৰীতে বছৰটোৰ বাকী সময়ছোৱাত কিতাপৰ দোকানবোৰ পঢ়ুৱৈহীনতাত ভোগে।
কাগজৰ ক্ষেত্ৰখনত ভয়ংকৰ পৰিস্থিতিঃ গ্ৰন্থ, ছপাশাল, বাতৰিকাকতৰ ভৱিষ্যত কি?
CLICK THE ABOVE LINK
গ্ৰন্থ ক্ৰয় কৰা সকলেও বছৰটোত কিমানখন গ্ৰন্থ পঢ়ে- সেয়াও গৱেষণাৰ বিষয় ( বেছিভাগ ক্ৰেতাই সজাই থয়)! গৱেষণামূলক, চিন্তাশীল বা ক্লাছিক সাহিত্যৰ বিক্ৰী ভয়ংকৰভাৱে স্থবিৰ। কিতাপ বিক্ৰী নোহোৱাৰ ফলত নতুন প্ৰজন্মৰ লেখক, চিন্তাবিদ আৰু অনুবাদকসকলে শব্দক উপজীৱ্য কৰি জীৱিকা নিৰ্বাহ কৰাটো আজি লাহে লাহে অসম্ভৱ হৈ পৰিছে।

৪. ‘পাঠহীন যুগ’ (Post-literate Era) আৰু স্মাৰ্টফোনৰ নীলা মাদকতা
কাগজৰ সংকটে কিতাপৰ শাৰীৰিক অবয়ৱত আঘাত হনাৰ সমান্তৰালভাৱে মানুহৰ পঢ়াৰ আত্মাক এফালৰ পৰা ধ্বংস কৰিছে ডিজিটেল পৰ্দা আৰু স্মাৰ্টফোনে। ১৯৬২ চনত মাধ্যম-তাত্ত্বিক মাৰ্শ্বাল মেকলুহানে তেওঁৰ ‘দ্য গুটেনবাৰ্গ গেলেক্সী’ গ্ৰন্থত ভৱিষ্যদ্বাণী কৰিছিল যে ইলেক্ট্ৰনিক মাধ্যমে লিখিত শব্দৰ স্থান লৈ সমাজক এক ‘পাঠহীন’ (Post-literate) যুগত উপনীত কৰাব। আজিৰ স্মাৰ্টফোন, হাই-স্পীড ইণ্টাৰনেট আৰু চুটি ভিডিঅ’ৰ আগ্ৰাসনে সেই শংকাক সম্পূৰ্ণ সত্য কৰি তুলিছে।
মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!
CLICK THE ABOVE LINK
মনোৰঞ্জন এতিয়া সীমাহীন। হাতৰ তলুৱাত থকা মোবাইল স্ক্ৰিনৰ অন্তহীন ‘স্ক্ৰ’লিং’, ইনষ্টাগ্ৰাম ৰিলছ, আৰু ইউটিউব শ্বৰ্টছৰ দৰে ক্ষণিক উত্তেজনাই মানুহৰ মগজুৰ মনোযোগ ধৰি ৰখাৰ সময়সীমা (attention span) সংকুচিত কৰি পেলাইছে। গৱেষণাই দেখুৱাইছে যে ২০০৪ চনত পৰ্দাত মানুহৰ গড় মনোযোগ আছিল আঢ়ৈ মিনিট, আজি সি নামি আহিছে মাত্ৰ ৪৭ ছেকেণ্ডলৈ। শিশুৰোগ বিশেষজ্ঞ অধ্যাপক জন হাটনে টিকটক বা চুটি ভিডিঅ’ চোৱাৰ অভ্যাসবোৰক গৱেষণাগাৰৰ নিগনি এটাই বুটাম টিপি ক’কেইনৰ মাত্ৰা লোৱাৰ সৈতে তুলনা কৰিছে: শেষলৈ মানুহে কেৱল সেই ক্ষণিক মাদকতাহে বিচাৰি থাকে।

স্নায়ুবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰিছে যে কিতাপ পঢ়াটো হৈছে মগজুৰ এক সক্ৰিয় বৌদ্ধিক কচৰৎ। কিন্তু ভিডিঅ’ চোৱাটো এক অত্যন্ত নিষ্ক্ৰিয় প্ৰক্ৰিয়া। পৰ্দাত সকলো দৃশ্য আৰু শব্দ নিজেই ঘটি থকা বাবে মগজুৰ কল্পনাশক্তি আৰু বিশ্লেষণাত্মক ক্ষমতাৰ কোনো অনুশীলন নহয়। ফলত নতুন প্ৰজন্মৰ মাজত জটিল পাঠ বুজি পোৱা, ভিন্ন ধাৰণা একত্ৰিত কৰি সিদ্ধান্ত লোৱা আৰু দীঘলীয়া ৰচনা অধ্যয়ন কৰাৰ মানসিক সহনশীলতা নিঃশেষ হৈ আহিছে। ছাত্ৰ-ছাত্ৰীয়ে আখৰ চিনি পায়, কিন্তু পাঠৰ অন্তৰ্নিহিত সৌন্দৰ্য আৰু বৌদ্ধিক গাম্ভীৰ্য অনুভৱ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে।
তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি
CLICK THE ABOVE LINK
৫. দ্বিতীয় পৰ্যায়ৰ মৌখিকতা আৰু কৃত্রিম বুদ্ধিমত্তা (AI)
১৯৮২ চনত ৱাল্টাৰ জে অঙে ‘অৰেলিটি এণ্ড লিটাৰেচি’ নামৰ গ্ৰন্থত সতৰ্ক কৰি দিছিল যে আধুনিক সভ্যতা পুনৰ এক ‘দ্বিতীয় পৰ্যায়ৰ মৌখিকতা’লৈ (Secondary Orality) ঘূৰি গৈছে, য’ত দীঘলীয়া যুক্তিৰ স্থান দখল কৰে ক্ষণিক আৱেগ, উচটনি আৰু হিংসাত্মক ভাষাই। আজিৰ বিশ্ব ৰাজনীতিত ডোনাল্ড ট্ৰাম্পৰ দৰে নেতৃত্বৰ চমু, আৱেগিক আৰু অপপ্ৰচাৰমূলক বাকভংগী এই পাঠহীন মৌখিক সমাজৰেই ফচল। যি কথা ১০ ছেকেণ্ডৰ ৰিলছ বা এটা চুটি মিমত প্ৰকাশ কৰিব নোৱাৰি, সেয়া আজিৰ গণমানসত অপ্ৰাসংগিক হৈ পৰিছে।

ইয়াৰ ওপৰত যোগ হৈছে জেনেৰেটিভ এ আই (Generative AI) ৰ অবাধ ব্যৱহাৰ। লিখা বা লেখাবোৰ কেৱল কথা কিছুমান কাগজত তুলি থোৱা নহয়; জৰ্জ অৰৱেল বা কেল নিউপ’ৰ্টে কোৱাৰ দৰে, লিখাৰ কঠিন প্ৰক্ৰিয়াটোৰ মাজেৰেহে মানুহে নিজৰ চিন্তাক শৃংখলিত আৰু পৰিশোধিত কৰে। কিন্তু যেতিয়া ছাত্ৰ-ছাত্ৰী আৰু নতুন লেখকে নিজৰ মগজু খটুওৱাৰ পৰিৱৰ্তে চেটজিপিটিৰ দৰে সঁজুলিক সকলো চিন্তাৰ দায়িত্ব এৰি দিয়ে, তেতিয়া মানুহৰ মৌলিক বিচাৰবুদ্ধি চিৰদিনৰ বাবে নিস্তেজ হৈ পৰে। বজাৰত এ আই নিৰ্মিত কিতাপ আৰু নিখুঁত ভাষাৰ বানপানী উঠিছে সঁচা, কিন্তু তাত আত্মিক প্ৰজ্ঞা আৰু মৌলিক সত্য অনুপস্থিত।
স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ ‘ছন্দপতন ৰিষ্ট’?
CLICK THE ABOVE LINK
৬. নিৰ্দিষ্ট সমাধানৰ পথ: কেৱল আক্ষেপ নহয়, লাগে কাৰ্যকৰী সামাজিক আৰু চৰকাৰী আঁচনি
গ্ৰন্থ সংস্কৃতিৰ এই মহাসংকট কেৱল টেলিভিছনৰ ষ্টুডিঅ’ত বহি আক্ষেপ কৰি সমাধান নহয়। ইয়াৰ বাবে প্ৰয়োজন এক সমান্তৰাল অৰ্থনৈতিক আৰু সামাজিক নৱজাগৰণৰ:
ক. নীতিগত আৰু উদ্যোগিক সংস্কাৰ
১. থলুৱা কাগজ কলৰ বিকল্প আৰু পুনৰুজ্জীৱন: অসম চৰকাৰে বন্ধ হৈ যোৱা কাগজ কলসমূহৰ বিকল্প হিচাপে উত্তৰ-পূবৰ প্ৰচুৰ বাঁহ আৰু কাঠৰ মণ্ড ব্যৱহাৰ কৰি ক্ষুদ্ৰ আৰু মজলীয়া পৰিসৰৰ আধুনিক, পৰিৱেশ-অনুকূল পেপাৰ মিল স্থাপনৰ বাবে বিশেষ ঔদ্যোগিক নীতি গ্ৰহণ কৰিব লাগিব। থলুৱা কাগজ উৎপাদন নহ’লে অসমৰ প্ৰকাশন জগতখন বহিঃৰাজ্যৰ হাতত বা বিদেশী কোম্পানীৰ হাতত সদায় পণবন্দী হৈ থাকিব।
কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!
CLICK THE ABOVE LINK
২. জি এছ টি প্ৰত্যাহাৰ: নিউজপ্ৰিণ্ট, ছপা কাগজ আৰু ছপা সঁজুলিৰ ওপৰত আৰোপিত জি এছ টি সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰিব লাগিব। জ্ঞান আৰু শিক্ষাৰ বাহকক সাধাৰণ বাণিজ্যিক সামগ্ৰীৰ দৰে কৰ আৰোপ কৰাটো এক বৌদ্ধিক আত্মঘাতী নীতি।
৩. মেক্ৰ’-ইকনমিক পুথিভঁৰাল পুঁজি: অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আদি জাতীয় অনুষ্ঠানসমূহে কোটি কোটি টকা খৰচ কৰি কৰা ক্ষণিক উৎসৱৰ সমান্তৰালভাৱে কিতাপ ক্ৰয় আৰু পঠন অভ্যাসক এক জাতীয় সংগ্ৰাম হিচাপে গ্ৰহণ কৰিব লাগিব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ত, ব্লক আৰু বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে নিয়মীয়াকৈ চৰকাৰী অনুদানৰ জৰিয়তে স্থানীয় গ্ৰন্থ ক্ৰয় কৰাৰ এক স্থায়ী ব্যৱস্থা গঢ়ি তুলিব লাগিব।
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!
CLICK THE ABOVE LINK
খ. দৈনন্দিন জীৱনত ‘পঠন বিপ্লৱ’: এঘণ্টাৰ ডিজিটেল ডিটক্স
কিতাপ জীয়াই ৰখাৰ আটাইতকৈ ডাঙৰ সংগ্ৰামখন চৰকাৰৰ টেবুলত নহয়, আমাৰ ঘৰৰ ভিতৰতহে হ’ব লাগিব:
১. দৈনিক কমেও এঘণ্টা গ্ৰন্থ পঠন: প্ৰতিজন সচেতন নাগৰিক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত কমেও এক ঘণ্টা সময় স্মাৰ্টফোন, লেপটপ আৰু টেলিভিছন সম্পূৰ্ণ বন্ধ ৰাখি কেৱল ছপা কিতাপৰ সংগত কটোৱাৰ সংকল্প ল’ব লাগিব। এই নীৰৱ এক ঘণ্টাই মানুহৰ মগজুক পৰ্দাৰ ক্লান্তিৰ পৰা মুক্ত কৰি গভীৰ চিন্তা আৰু মানসিক স্থিৰতা ঘূৰাই আনিব।
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি
CLICK THE ABOVE LINK
২. ‘পাৰিবাৰিক পঠন সময়’ (Family Reading Hour): ঘৰত সন্ধিয়া বা নিশা শোৱাৰ পূৰ্বে এনে এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিব লাগে, য’ত পৰিয়ালৰ সকলো সদস্যই নিজ নিজ পছন্দৰ কিতাপ পঢ়িব। পিতৃ-মাতৃয়ে নিজে কিতাপ মেলি বহিলেহে সন্তানে কিতাপৰ মূল্য বুজি পাব। সৰু ল’ৰা-ছোৱালীক সাধুকথা পঢ়ি শুনোৱাৰ ঐতিহ্য পুনৰ ঘূৰাই আনিব লাগিব।
৩. শ্ৰেণীকোঠাত ‘ন’ স্ক্ৰীন আৱাৰ’ আৰু পুথিভঁৰালমুখী পাঠ্যক্ৰম: ইউৰোপ আৰু আমেৰিকাৰ বহু শিক্ষানুষ্ঠানে এতিয়া শ্ৰেণীকোঠাত মোবাইল ফোন নিষিদ্ধ কৰিছে। আমাৰ বিদ্যালয়-মহাবিদ্যালয়তো মোবাইলৰ অবাধ ব্যৱহাৰ বন্ধ কৰি প্ৰতিদিনে পুথিভঁৰালত বহি ছপা কিতাপ পঢ়া আৰু তাৰ ওপৰত আলোচনা কৰাটো পাঠ্যক্ৰমৰ বাধ্যতামূলক অংশ কৰিব লাগিব। চুটি সাৰাংশৰ সলনি ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ মূল গ্ৰন্থখন পঢ়িবলৈ বাধ্য কৰাব লাগিব।

CLICK THE ABOVE LINK
গ্ৰন্থ সংস্কৃতিৰ বিলুপ্তি মানে জাতিৰ বৌদ্ধিক মৃত্যু
যেতিয়া আলেকজেণ্ড্ৰিয়াৰ পেপিৰাছবোৰ পুৰি ছাই হৈছিল, মানৱ সভ্যতাৰ প্ৰাচীন যুগৰ স্মৃতি ধূলিত মিলি গৈছিল। আজি ক্লাউড আৰু কম্পিউটাৰ মেম’ৰীৰ যুগত হয়তো লাখ লাখ কিতাপ এটা সৰু চিপতে সংৰক্ষিত হৈ থাকিব। কিন্তু কিতাপ ডিজিটেল ৰূপত সংৰক্ষিত হৈ থকাৰ পিছতো যদি সমাজখনৰ সেই কিতাপ খোলাৰ, তাৰ বাক্যবোৰ পঢ়াৰ আৰু তাৰ গভীৰ তাৎপৰ্য অনুভৱ কৰাৰ মানসিক সামৰ্থ্য আৰু ইচ্ছা মৰি যায়, তেন্তে সেই ডিজিটেল সংগ্ৰহ আলেকজেণ্ড্ৰিয়াৰ ধ্বংসস্তূপতকৈ কোনো গুণে পৃথক নহয়।

কাগজৰ মূল্যবৃদ্ধিয়ে কিতাপৰ ভৌতিক শৰীৰত আঘাত হানিছে, আৰু ডিজিটেল মাদকতাই আঘাত হানিছে মানুহৰ চৈতন্যত। কিন্তু এই সংকটৰ মাজতো পৰাজয় স্বীকাৰ কৰাটো হ’ব মানৱ চেতনাৰ আত্মসমৰ্পণ। আজিৰ এই জটিল সন্ধিক্ষণত কাগজ কল জীয়াই ৰখাৰ সংগ্ৰাম, কিতাপ ছপোৱাৰ সংগ্ৰাম আৰু দিনটোৰ কোলাহলৰ মাজৰ পৰা এঘণ্টা সময় উলিয়াই কিতাপ এখন মেলি নিস্তব্ধভাৱে পঢ়িব পৰা আত্মসংযম- এই তিনিওটাই হৈছে এক অবিচ্ছিন্ন বৌদ্ধিক আন্দোলন।
তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ
CLICK THE ABOVE LINK
গ্ৰন্থ সংস্কৃতিৰ মৃত্যু মানে এখন জাতিৰ চিন্তাৰ স্বাধীনতা, বিবেক আৰু ঐতিহাসিক চেতনাৰ অপমৃত্যু। গতিকে এই যুদ্ধখন কেৱল কেইটামান কাগজ কল বচোৱাৰ নহয়, বা কেৱল কেইখনমান কিতাপ বিক্ৰী কৰাৰো নহয়; এই যুঁজখন হৈছে মানৱ মস্তিষ্কক যন্ত্ৰৰ দাসত্বৰ পৰা মুক্ত কৰি আত্মমর্যাদা আৰু প্ৰজ্ঞাৰে উজ্জীৱিত কৰি ৰখাৰ ঐতিহাসিক সংগ্ৰাম।
Reference: The Atlantic, The Gutenberg galaxy, Orality and Literacy , etc.

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

















