• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কাছাৰী মুছলমানসকলৰ ইতিবৃত্ত

-ছামছুদ্দিন বৰভূইয়া

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 5 mins read
0
বৃহত্তৰ অসমীয়া মহাজাতিত অসমীয়া শিখৰ অৱস্থিতি
Share on FacebookShare on TwitterShare on LinkedIn

-ছামছুদ্দিন বৰভূইয়া |

কোনো জনগোষ্ঠীয়ে শিৰোন্নত কৰি বা সন্মানৰ সৈতে যুগ যুগ ধৰি জীয়াই থাকিবলৈ হ’লে একান্ত প্ৰয়োজন নিজৰ ইতিহাসক জনা আৰু ইতিহাস সম্পৰ্কে সচেতন হৈ থকা। আকৌ সেই ইতিহাসক বিকৃতিৰ হাতৰপৰা ৰক্ষা কৰি ভৱিষ্যৎ প্ৰজন্মৰ ওচৰলৈ আগবঢ়াই দিয়াৰ দায়িত্বও ল’ব লগা হয়, কিয়নো জাতিৰ তথ্যনিৰ্ভৰ অতীতেই তাৰ অস্তিত্বৰ ঘাইশিপাডালক শক্তিশালী কৰি তোলে।

পূৰ্বৰ কাছাৰ ৰাজ্যখন গঠিত হৈছিল উত্তৰ কাছাৰ, বৰ্তমান বৰাক উপত্যকাৰ কাছাৰ আৰু হাইলাকান্দি জিলাক লৈ। কৰিমগঞ্জ জিলা গৌড় বা ছিলেট (শ্ৰীহট্ট) ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। স্বাধীনতাৰ পিছত ১৯৫৪ চনত সমতল কাছাৰৰ শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ মহকুমাক লৈ কাছাৰ জিলাখন চিহ্নিত হয়।

তৎকালীন কাছাৰ ৰাজ্যৰ সৰ্বত্ৰ একেলগে মুছলমানসকলৰ বসতি গঢ়ি উঠা নাছিল, ই ক্ৰমান্বয়েহে গঢ়ি উঠিছে। ত্ৰয়োদশ শতাব্দীৰ প্ৰথমৰেপৰা ইংৰাজী ১৭৬৫ লৈকে ছিলেটৰ বৃহত্তৰ এলেকা আৰু গোৱালপাৰা জিলা বংগৰ মুছলমান নবাব ছুলতানসকলৰ শাসনাধীন আছিল। কৰিমগঞ্জ যিহেতু ছিলেটৰ অংশ আছিল সেয়েহে স্বাভাৱিকভাৱে অতি নিকটৱৰ্তী কাছাৰ ৰাজ্যত মুছলমানসকলৰ বসতি হোৱাৰ লগতে ইছলাম ধৰ্মৰ প্ৰচাৰ হৈছিল। তদুপৰি ত্ৰিপুৰী, কোচ আৰু ডিমাচাসকলৰ শাসনকালত ৰজাসকলে কৃষি, সৈন্যবাহিনী ব্যৱসায়-বাণিজ্যৰ কামৰ স্বাৰ্থত আৰু কৰ্মচাৰী হিচাপে বহুতো বঙালী মুছলমান লোকক গৌড়ৰপৰা আনিছিল। ক্ৰমান্বয়ে তেওঁলোকৰ বহুতেই কাছাৰত স্থায়ীভাৱে বাস কৰিবলৈ লয়।

চতুৰ্দশ শতাব্দীত গৌড়ৰ প্ৰজা বুৰহানউদ্দিন আৰু তৰফৰ প্ৰজা নুৰউদ্দিনৰ স’তে গৌড় আৰু তৰফ ৰজাৰ নিষ্ঠুৰ আচৰণৰ প্ৰতিক্ৰিয়াস্বৰূপে ছিকন্দৰ শ্বাহ গাজীয়ে গৌড় ৰাজ্য আক্ৰমণ কৰে আৰু ছিকন্দৰ শ্বাহ গাজীৰ স’তে হজৰত শ্বাহজালাল (ৰঃ) ছিলেটলৈ আগমন কৰে। হজৰত শ্বাহজালাল (ৰঃ) ৰ আগমনত ছিলেট তথা পাৰ্শ্বৱৰ্তী অঞ্চলত ঐতিহাসিকভাৱে ইছলামী গণ-জাগৰণ ঘটে। সেই সময়ছোৱাত ছিলেটকে ধৰি সমগ্ৰ বংগত হিন্দু সমাজৰ মাজত জাতিভেদ প্ৰথা অত্যন্ত প্ৰবল আছিল। হজৰত শ্বাহজালাল (ৰঃ)ৰদ্বাৰা প্ৰচাৰিত ইছলামৰ সামাজিক ন্যায়, সাম্য আৰু শ্ৰেণীহীন বিধানৰ প্ৰতি আকৰ্ষিত হৈ ছিলেট আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোক ব্যাপক হাৰত মুছলমান ধৰ্ম গ্ৰহণ কৰিলে। হজৰত শ্বাহজালাল (ৰঃ)ৰ বিভিন্ন খলিফা (শিষ্য) কৰ্তৃক ইছলাম ধৰ্ম প্ৰচাৰৰ প্ৰভাৱ কৰিমগঞ্জৰ লগতে কাছাৰী ৰাজ্যতো পৰিবলৈ ধৰে। ফলস্বৰূপে সেই অঞ্চলৰ স্থানীয় বঙালী আৰু উপজাতি লোকসকলৰ বহুতেই ইছলাম ধৰ্ম গ্ৰহণ কৰি মুছলমান হৈছিল বুলি ইতিহাসত প্ৰমাণ উপলব্ধ। প্ৰখ্যাত সমাজবিজ্ঞানী ড৹ ছৈয়দ আবু নাছিৰ আহমেদৰ মতে— “A large group of Muslims in Assam could be located in Barak Valley who are decedents of converts of 14th century at the missionary initiative of Hazrat Shah Jalal (R:) (The Muslims and the Barak valley)। কাছাৰত কোচ শাসনৰ স্থপতি চিলাৰায়ৰ বহুতো সহকৰ্মী এই অঞ্চলত অৱস্থানৰত ছুফী সন্তসকলৰ মানৱতাবাদী আদৰ্শৰদ্বাৰা প্ৰভাৱিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এই সম্পৰ্কে শিক্ষাবিদ্, গৱেষক আৰু লেখক আলী হাইদৰ লস্কৰে The History of the Muslims and the Barak Valley নামৰ ঐতিহাসিক গ্ৰন্থত এই বুলি বৰ্ণনা কৰিছে— “People accompanying Chilaray are also reportedly by embraced Islam due to influence of many Sufi/saints living in the Valley.” তেওঁ আৰু লিখিছে— “Muslims majority population of Hailakandi may be because of conversion of Bengali Hindu, Kachari, Kukies, Lusaies and other local tribes due to presence of many saints.” এই সম্পৰ্কে ‘কাছাড়েৰ ইতিবৃত্ত’ৰ লেখক প্ৰয়াত শ্ৰীযুক্ত উপেন্দ্ৰ চন্দ্ৰ গুহ মহাশয়েও লিখিছে—“পূৰ্ব ভাৰতে এ সকল জাতীয় অসংখ্য লোক (চুটিয়া, গাৰো, হাজং, কাছাৰী, মেচ, কোচ, তিপৰা, লালুং, ৰাভা ইত্যাদি) কৌলিক ধৰ্ম, ভাষা ও আচাৰ-ব্যবহাৰ পৰিত্যাগ কৰিয়া বৰ্তমানে হিন্দু সমাজেৰ বিভিন্ন স্তৰে প্ৰচ্ছন্নভাৱে অৱস্থিতি কৰিতেছে। কেহ শাক্ত, কেহ বৈষ্ণব কেহ বা ইসলাম ধৰ্মেৰ আশ্ৰয় গ্ৰহণ কৰিয়াছে।”

কাছাৰী ৰজাসকলৰ ভিতৰত ৰজা কৃষ্ণচন্দ্ৰই কৃষকসকলক ‘খেল’ প্ৰথাৰ জৰিয়তে ভূমি বন্দবস্তিৰ ঘোষণা কৰে। তেতিয়া কৃষকসকল উৎসাহিত হৈ ভূমিৰ মালিকীস্বত্বৰ লোভত গভীৰ হাবি-বননি আবাদ কৰি বসতি নিৰ্মাণ কৰে। এওঁলোকৰ মাজতো বঙালী মুছলমান কৃষকসকলেই আছিল প্ৰধান। আকৌ কিছু সংখ্যক মুছলমান মৎস্যজীৱীও আছিল। তেওঁলোকেই পৰৱৰ্তী কালত মুছলমানসকলৰ মাজত মাইমাল সম্প্ৰদায় হিচাপে পৰিচিত।

বৰ্তমান কাছাৰ জিলাৰ পশ্চিমাংশত অৱস্থিত কাটিগড়া, কালাইন, দুধপাতিল, বৰখলা, উধাৰবন্দ আৰু হাইলাকান্দি জিলাৰ পশ্চিমাংশৰ অঞ্চলসমূহত হিন্দু-মুছলিম বসতি বহু প্ৰাচীন। সেয়েহে এইসমূহ অঞ্চলৰপৰা কৃষকসকল কাছাৰী ৰজাসকলৰ শাসনকালৰ বিভিন্ন সময়ত দক্ষিণ-পূব কাছাৰত হাবি-কাটি বসতি স্থাপন কৰে। কাছাৰৰ দক্ষিণাংশত অৱস্থিত অধিকাংশ এলেকা অৰ্থাৎ বৰাক নৈৰ বাঁওফালৰ গাঁওবোৰ ভাগা, ধলাই আৰু বনৰাজ অঞ্চলৰ অধিকাংশ গাঁও হাইলাকান্দি আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰপৰা অহা কৃষকসকলৰদ্বাৰা আবাদ হোৱাৰ যথেষ্ট প্ৰমাণ পোৱা যায়।

সপ্তদশ শতাব্দীৰ প্ৰথমাৰ্ধত মুছলমান চুলতান আহমেদৰ সৈতে প্ৰথম যুদ্ধ পৰাস্ত হোৱাত বহুতো মুছলমান সৈন্য বন্দী হৈ এই অঞ্চলতে থাকি যায়। পৰৱৰ্তী কালত তেওঁলোকে মুক্তি লাভ কৰি আহোমসকলৰ প্ৰতিপক্ষ চিলাৰায়ৰ সৈন্যদলত যোগদান কৰি তেওঁৰ সেনাবাহিনীক শক্তিশালী কৰিছিল। তাৰ পিছত চিলাৰায়ে যেতিয়া ত্ৰিপুৰী ৰজাক পৰাস্ত কৰি কাছাৰৰ সমতল অঞ্চল কোচ শাসনৰ অধীনলৈ আনে, সেই সময়ত এইসকল মুছলমান সেনাৰ বহুতেই ইয়াত স্থায়ীভাৱে বসতি স্থাপন কৰে বুলি কথিত আছে। তেওঁলোকৰ বংশধৰসকল বঙালী মুছলমানসকলৰ অংশ বিশেষ।

১৭৯৯-১৮০০ খ্ৰীষ্টাব্দত মোগল অভিযানকাৰী আগা মোহাম্মদ ৰেজা (ফেৰটুপী)ই পাঁচ হাজাৰ সৈন্য লৈ কাছাৰ আক্ৰমণ কৰে। কাছাৰী ৰজা কৃষ্ণচন্দ্ৰ ফেৰটুপীৰ ভয়ত উত্তৰ কাছাৰলৈ পলায়ন কৰে। ফেৰটুপীয়ে কাছাৰ অধিকাৰ কৰি নিজকে কাছাৰৰ ৰজা বুলি ঘোষণা কৰে আৰু ১৮০১ খ্ৰীষ্টাব্দলৈকে কাছাৰত অৱস্থান কৰে। তেওঁ কাছাৰ ত্যাগ কৰাৰ পিছত তেওঁৰ সহযোগী সৈনিকৰ বহুতেই স্থানীয় ৰমণীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰি স্থায়ীভাৱে বসবাস আৰম্ভ কৰে। বৰ্তমান তেওঁলোকৰ বংশধৰসকল বঙালী মুছলমানসকলৰ অংশ বিশেষ। ইয়াৰ কিছুকাল পিছত ভুৱন পাহাৰত তপস্যাৰত এজন মুছলমান ফকীৰে (ভুৱন ফকীৰ) তাৰপৰা ‘আলী আলী’ বুলি চিঞৰি সমগ্ৰ কাছাৰী ৰাজ্য কঁপাই মুছলমান/অমুছলমান জনগণক আশ্চৰ্যচকিত কৰি তুলিছিল। তেওঁ সমগ্ৰ কাছাৰ ঘূৰি-ফুৰি পিছলৈ ত্ৰিপুৰালৈ গমন কৰে। তেওঁৰ আধ্যাত্মিক শক্তিত অভিভূত হৈ বহুতো লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল বুলি জনা যায়। এইদৰে যুগে যুগে বিভিন্ন ধৰণে পুৰণি কাছাৰ তথা বৰ্তমান বৰাক উপত্যকাত বাহিৰৰপৰা অহা মুছলমান আৰু স্থানীয় জাতি-উপজাতিবোৰৰ অধিকাংশই ইছলাম ধৰ্ম গ্ৰহণ কৰাত মুছলমানসকলৰ বসতিৰ অগ্ৰগতি, প্ৰসাৰ আৰু বিস্তাৰ ঘটিছিল।

১৭৪৫ খ্ৰীষ্টাব্দত কাছাৰৰ সমতল অঞ্চলত প্ৰত্যক্ষভাৱে ডিমাচা ৰাজত্ব প্ৰতিষ্ঠিত হোৱাৰ পিছত উত্তৰ কাছাৰৰপৰা দলে দলে ডিমাচাসকল আহি কাছাৰৰ বৰখলা, উধাৰবন্দ আৰু জয়পুৰ অঞ্চলত বসবাস আৰম্ভ কৰে। সেই সময়তে হাৰিছা নামৰ এগৰাকী সম্ভ্ৰান্ত যুৱকো হজৰত শ্বাহজালাল (ৰঃ)ৰ ছুফী আউলিয়াসকলৰদ্বাৰা প্ৰভাৱিত হৈ নিজৰ পৰিয়াল আৰু কিছু আত্মীয়-স্বজনসহ ইছলাম ধৰ্ম গ্ৰহণ কৰি মুছলমান হৈছিল। ৰাজশক্তিৰ স’তে মত-বিৰোধৰ সম্ভাৱনা থকাত তেওঁলোকে কাছাৰৰ বিভিন্ন ঠাইত হাবি মুকলি কৰি ঘৰ সাজি বসবাস কৰিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে কাছাৰ তথা বৰাক উপত্যকাত যদিও এই অঞ্চলৰ বিভিন্ন জাতি-গোষ্ঠীৰ লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে, কিন্তু ধৰ্মান্তৰিত হোৱাৰ পিছত সেইসমূহ জাতিগোষ্ঠীৰ স্বকীয় পৰিচয় ইছলামৰ আদৰ্শ আৰু সাংস্কৃতিক আধাৰত বিলীন হৈ একাকাৰ হৈ গৈছে। এইক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰিছে মুছলমান সমাজত প্ৰচলিত বিভিন্ন গোষ্ঠীৰ মাজত পৰস্পৰ বৈবাহিক সম্পৰ্ক, যাৰ ফলত নৱদীক্ষিত মুছলমানসকলৰ জাতি-গোষ্ঠীগত বিভিন্নতা দূৰীভূত হৈ তেজৰ বান্ধোনেৰে একীভূত হৈছে। পশ্চিম দিশৰপৰা অহা আৰব, ইৰাকী, আফগানী, উত্তৰ ভাৰতীয়, বাহিৰৰপৰা অহা বিভিন্ন গোত্ৰৰ বঙালী, স্থানীয় বঙালী, কোচ, কাছাৰী, কুকি, ৰাজবংশী, বৰ্মন, লুচাই আৰু তৎকালীন বহুতো জাতি-উপজাতিৰ লোক ইছলামৰ ছায়াতলত আশ্ৰয় লৈ ইছলামৰ আদৰ্শেৰে এক মহাসন্মিলনৰ সৃষ্টি কৰিছে কাছাৰ তথা বৰাক উপত্যকাত। সেয়েহে লেখক আলি হাইদৰ লস্কৰে তেওঁৰ ৰচিত The History of the Muslims and the Barak Valley গ্ৰন্থত কৈছে— “The Barak valley is an anthropological garden, The foundation of society in the valley has been laid an admixture of Astric, Mongolian, Dravidian, Aryan including Mughal-Pathan races.”

১৮২৩ খ্ৰীষ্টাব্দত কাছাৰৰ শেষৰজন ৰজা গোবিন্দচন্দ্ৰই ৰাজ্যৰ কোষাগাৰৰ নাটনি পূৰণ কৰিবৰ বাবে প্ৰজাসকলৰ মাজত উপাধি প্ৰদান কাৰ্য আৰম্ভ কৰে। তেওঁ গণ্য-মান্য হিন্দু প্ৰজাসকলৰ মাজত ব্ৰাহ্মণ, কায়স্থ, হীদলা, নাথ, পাঠনী আদি আৰু গণ্য-মান্য মুছলিম প্ৰজাসকলৰ মাজত চৌধুৰী, মজুমদাৰ, বৰভূইয়া, লস্কৰ, বৰলস্কৰ, ভূইয়া, মাঝাৰভূইয়া আদি উপাধি অৰ্থৰ বিনিময়ত প্ৰদান কৰে। উপাধিভূষিত ব্যক্তিসকলে নিজ মৰ্যাদা অনুসৰি উত্তম বস্ত্ৰ, উত্তৰীয় আদি পৰিধান কৰিব পাৰিছিল। তাৰ লগতে নিজ মৰ্যাদা অনুসৰি সোণ-ৰূপৰ খাৰু আৰু ধৱল ছত্ৰও ব্যৱহাৰ কৰিব পাৰিছিল। অন্যথা অনধিকাৰ চৰ্চা কৰিলে নানা ধৰণৰ লাঞ্ছনা ভোগ কৰিব লগাও হৈছিল।

ৰজা গোবিন্দচন্দ্ৰৰ সময়ছোৱাত কাছাৰৰ বিভিন্ন গাঁৱত যিসমূহ উল্লেখযোগ্য বংশ বা গণ্য-মান্য ব্যক্তি আছিল তেওঁলোকৰ কিছু নাম আৰু গাঁৱৰ নাম তলত উল্লেখ কৰা হ’ল।

১। বেৰেংগা                          গুলমিয়া

২। কনকপুৰ                         ৰজুমিয়া, সঙ্গাইমিয়া

                                                দেওয়ানমিয়া, লেদুমিয়া

৩। অম্বিকাপুৰ                        যুবাইমিয়া, ছুনাইমিয়া

৪। দুধপাতিল                        নকিমিয়া

৫। মাঝিৰগ্ৰাম                        সন্দাইমিয়া

৬। সাতকৰাকান্দি                     সোনামিয়া

৭। গোবিন্দপুৰ                       টেনাইমিয়া, গুলাইমিয়া

৮। আলগাপুৰ                        বৰাইমিয়া

৯। নিয়াইৰগ্ৰাম                       ফুল খাঁ, নিয়াই

১০। বাগপুৰ                          লাতুমিয়া

১১। বনৰাজ                          সঙ্গাইমিয়া

১২। বাঁশকান্দি                        কালামিয়া, গুল্বাইমিয়া

১৩। উধাৰবন্দ                        লেদুমিয়া, কমরোজখাঁ

১৪। জয়নগৰ                         আৰিমায়ুদ

১৫। বৰযাত্ৰাপুৰ            মাতাবখাঁ, ধনুমিয়া, গণিমিয়া, আজুমিয়া

১৬। হাইলাকান্দি            ফেচুমিয়া, ফেচাইমিয়া

এইসকলৰ উপৰি আন বহুতো অঞ্চলত গণ্য-মান্য অনেক ব্যক্তি আছিল বুলি কথিত আছে। কিন্তু দুৰ্ভাগ্যবশতঃ ইতিহাসৰ পাতত তেওঁলোকৰ নামৰ উল্লেখ নাই। ইয়াত যি নামসমূহ উল্লেখ কৰা হৈছে সেইবোৰৰ অধিকাংশ তেওঁলোকৰ পূৰ্বৰ নাম আছিল বুলি উল্লিখিত হৈছে। সেই সময়ত ব্যক্তিক ‘সকলোৱে মতা নামেৰে’ পৰিচয় দিয়াৰ এক প্ৰৱণতা সমাজত প্ৰচলিত আছিল।

১৮৩২ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰ কাছাৰৰ শাসনভাৰ গ্ৰহণ কৰে। তাৰ পিছত ১৮৩৪ খ্ৰীষ্টাব্দত ব্ৰিটিছৰ উদ্যোগত শিলচৰ চহৰৰ নিৰ্মাণ হয়। শিলচৰ চহৰৰ নিৰ্মাণৰ লগে লগে বিভিন্ন প্ৰশাসনিক দপ্তৰ প্ৰতিষ্ঠিত হয়। ব্ৰিটিছ চৰকাৰ চহৰ আৰু গাঁৱৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। সেই সময়ছোৱাতে ছিলেটৰ শিক্ষা-দীক্ষা, ব্যৱসায়-বাণিজ্যত উন্নত আৰু অগ্ৰসৰ হিন্দু-মুছলমান লোকসকলে চৰকাৰী চাকৰি আৰু বাণিজ্যৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে।

১৮৬৮ খ্ৰীষ্টাব্দত স্থানীয় লোকসকলৰ ভিতৰত শ্ৰীহৰিহৰণ দাশ আৰু সেই শতাব্দীৰ আশীৰ দশকত কাছাৰ জিলাৰ কনকপুৰ গাঁৱৰ জোনাব মছমন আলী বৰলস্কৰ এন্ট্ৰেন্স পাছ কৰা কাছাৰৰ প্ৰথম মুছলমান। ব্ৰিটিছ শাসনৰ প্ৰথমাৰ্ধত শিক্ষা, চৰকাৰী চাকৰি, ব্যৱসায়-বাণিজ্যত সুযোগ-সুবিধাৰ ক্ষেত্ৰত স্থানীয়সকল বিশেষকৈ কৃষিজীৱী মুছলমানসকল যে অত্যন্ত পিছপৰা আছিল সেয়া নক’লেও হ’ব। পৰৱৰ্তী কালত স্থানীয়সকল শিক্ষা-দীক্ষাত কিছু অগ্ৰসৰ হৈ চৰকাৰী চাকৰি বা অন্যান্য সুযোগ-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু স্বাধীনতাৰ পিছত দেশ-বিভাজনৰ সময়ত চাকৰিজীৱী বা অগ্ৰসৰ মুছলমানসকলৰ অধিকাংশই পাকিস্তানলৈ গুচি যোৱাত স্থানীয় মুছলমানসকলৰ শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত পশ্চাদপদতা পুনৰ প্ৰকট হৈ উঠে। অন্যথা বিনিময় প্ৰথাৰ সুযোগ লৈ পাকিস্তানৰপৰা আহি শিক্ষিত হিন্দুজনৰ এইবোৰ চৰকাৰী পদত বাহাল থাকি চৰকাৰী চাকৰি আৰু সুযোগ-সুবিধাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰাধান্য বজাই ৰাখে।

১৮৫২ খ্ৰীষ্টাব্দৰ কাছাৰ জিলাৰ ছুপাৰিনটেণ্ডেণ্ট জি বাৰ্নাৰ চাহাবৰ ৰিপোৰ্ট অনুসৰি কাছাৰৰ (কাছাৰ আৰু হাইলাকান্দি) জনবিন্যাস তলত দিয়া ধৰণৰ—

১। বঙালী হিন্দু আৰু হিন্দীভাষী হিন্দু           – ৩০,৫৭৩ জন।

২। বঙালী মুছলমান                            – ২৯,৭০৮ জন।

৩। মণিপুৰী হিন্দু-মুছলমান                     – ১০,৭২৩ জন।

৪। অসমীয়া                                    – ২৭৬ জন।

৫। খ্ৰীষ্টান                                      – ৬২ জন।

৬। কুকি                                       – ৬,৩২০ জন।

৭। নগা                                        – ৫,৬৪৫ জন।

৮। কাছাৰী                                     – ২,১১৫ জন।

সৰ্বমুঠ                                – ৮৫,৫১২ জন।

এইখিনিতে উল্লেখ কৰিব পাৰি যে মণিপুৰী মুছলমান সমাজ মণিপুৰত বসবাস কৰা এক পুৰাতন অধিৱাসী। ইছলাম ধৰ্ম প্ৰচাৰৰ প্ৰাথমিক যুগত হজৰত মোহাম্মদ (ছঃ) ৰ কিছু শিষ্য-প্ৰশিষ্যৰদ্বাৰা চীন দেশত ইছলাম ধৰ্ম আংশিকভাৱে প্ৰচাৰিত হৈছিল। বিশেষতঃ ত্ৰয়োদশ শতাব্দীত চেংগিজ খানৰ পৌত্ৰ কুবলাই খানে যেতিয়া চীনত ৰাজত্ব কৰিছিল, তেতিয়া ইউনানৰ স্থানীয় লোকসকলৰ মাজত ইছলাম ধৰ্মই প্ৰসাৰ লাভ কৰিছিল। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ইউনানৰ স’তে মণিপুৰৰ যোগাযোগ আছিল। সেই সূত্ৰে বহুতো মংগোলীয় মুছলমান মণিপুৰলৈ আহে আৰু ক্ৰমান্বয়ে তেওঁলোকে সেই অঞ্চলৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰি তাত বসবাস কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ লগত যিসকল মুছলমান ধৰ্মগুৰু আহিছিল, তেওঁলোকৰ সাধ্য-সাধনা আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ সেই অঞ্চলৰ স্থানীয় জাতি-উপজাতিৰ লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰে। এইসকল স্থানীয় নৱধৰ্মান্তৰিত মুছলমান লোকসকলক ‘পাংগাল’ বোলা হৈছিল। তাৰ পিছত ১৭৫৪ চনত মণিপুৰৰ ৰজা পামহাইবাৰ মৃত্যুৰ পিছত মণিপুৰত অৰাজকতাই দেখা দিয়ে। এই দুৰ্বলতাৰ সুযোগ লৈ বহিৰ্শত্ৰুৰ ধাৰাৱাহিক মণিপুৰ আক্ৰমণত প্ৰজাসকল ব্যতিব্যস্ত হৈ পৰে। নিজৰ প্ৰাণ-সম্পত্তি আৰু নিৰাপত্তাৰ বাবে তেওঁলোকে কাছাৰ, ত্ৰিপুৰা, ছিলেট তথা ঢাকালৈকো যাবলগীয়া হৈছিল। সেই সময়ছোৱাতে হিন্দু মণিপুৰীসকলৰ লগতে মুছলমান মণিপুৰী সমাজৰ বহুতো লোক কাছাৰত আশ্ৰয় গ্ৰহণ কৰি স্থানীয়ভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে।

১৯৫৫-৫৬ খ্ৰীষ্টাব্দত ব্ৰিটিছে চাহ বাগিচাৰ শ্ৰমিক হিচাপে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰপৰা প্ৰচুৰসংখ্যক লোক আনয়ন কৰে। তেওঁলোকৰ ভিতৰত কিছুসংখ্যক হিন্দুভাষী মুছলমান লোকৰো কাছাৰলৈ আগমন ঘটে। পিছলৈ তেওঁলোকে বিভিন্ন বাগিচা বা বাগিচাসংলগ্ন অঞ্চলত বসতি স্থাপন কৰি বসবাস আৰম্ভ কৰে। কাছাৰত তেওঁলোকেই হিন্দু স্থানীয় মুছলিম সমাজ নামেৰে পৰিচিত।

এইদৰে কাছাৰত বংগ, মণিপুৰী আৰু হিন্দীভাষী মুছলমান সমাজ যুগে যুগে ধৰি এই অঞ্চলত বসবাস কৰা প্ৰাচীন অধিৱাসী। বৰ্তমান মুছলমান জনগোষ্ঠীয় বংশ-পৰম্পৰাত এওঁলোকৰেই বংশধৰ। তেওঁলোক বৰাক উপত্যকাৰ হাবি মুকলি কৰা আৰু পৰস্পৰ সৌহাৰ্দপূৰ্ণ পৰিৱেশত বসবাস কৰা এক খিলঞ্জীয়া তথা ভূমিপুত্ৰ অধিৱাসী।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কাছাৰী মুছলমান
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d