অসম পৰ্বতাৰোহণ সন্থা: পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা অভিযানৰ স্মৃতিগ্ৰন্থ উন্মোচন
মৃগাংক শৰ্মা

গুৱাহাটীঃ ২ এপ্ৰিলঃ উত্তৰ পূৱৰ অন্যতম অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই আয়োজন কৰা পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা অভিযানৰ স্মৃতিগ্ৰন্থ ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন তথা প্ৰশিক্ষণ কেন্দ্ৰত আজি উন্মোচন কৰা হয়।
কাঞ্চনজংঘা শৃংগলৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইয়ে সৰ্বপ্ৰথম অভিযান।
বৰ্ষীয়ান সাংবাদিক, পৰ্বতাৰোহী তথা ইণ্ডিয়ান মাউন্টেইনীয়াৰিং ফাউণ্ডেশ্যনৰ “নইন সিং-কিষাণ সিং জীৱনজোৰা সাধনা বঁটাপ্ৰাপ্ত (২০১৭)” মানিক বেনাৰ্জীয়ে উন্মোচন কৰে। স্মৃতিগ্ৰন্থখন সম্পাদনা কৰিছে জগদীশ বসুমতাৰীয়ে।
অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হীৰেণ চন্দ্ৰ নাথ তথা ক্ৰীড়া আৰু গৃহ বিভাগৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
প্ৰণিধানযোগ্য যে ২০১৫-১৬ চনৰ এভাৰেষ্ট অভিযান আৰু এইবাৰৰ কাঞ্চনজংঘা অভিযানত অভূতপূৰ্ব সহযোগিতাৰ বাবে আয়োজক সমিতিৰ মুখ্য আহ্বায়ক সত্যন শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানতে বিগত বৰ্ষত অসম পৰ্বতাৰোহণ সন্থাই আয়োজন কৰা বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ অনুষ্ঠান সমূহৰো প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
ইয়াৰ ভিতৰত আছে- লাদাখৰ ইউ টি কাংৰি অভিযান, কেদাৰকণ্ঠ ট্ৰেকিং অভিযান, বৰাইল অভয়াৰণ্যলৈ এক্সপ্ল’ৰেশ্যন ও ট্ৰেকিং অভিযানৰ লগতে ৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিবিৰ আৰু ৩৩ সংখ্যক চিলড্ৰেন অৰিয়েন্টেচন কেম্পত অংশগ্ৰহণকাৰীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।
মুখ্য আহ্বায়ক সত্যন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ সভাপতি ডাঃ দেবেন্দ্ৰনাথ মহন্তই।
03-04-2023
[মৃগাংক শৰ্মা, ভা: সাধাৰণ সম্পাদক, অসম পৰ্বতাৰোহণ সন্থা]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)