• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

কাণখোৱা

শ্ৰীধৰ কন্দলি

by Anjan Sarma
November 7, 2021
in Poetry
Reading Time: 2 mins read
0
কাণখোৱা
Share on FacebookShare on TwitterShare on LinkedIn

–শ্ৰীধৰ কন্দলি |

ঘুমতি যায়োৰে উৰে কানাই
হুৰে কাণখোৱা আসে।
সকল শিশুৰ কাণ খাই খাই
আসয় তোমাৰ পাশে॥
মাৱৰ বচন শুনি পাশ চাপি,
হাসিয়া সোধে কানাই।
কেনেকুৱা গোটে কাণ খাই ফুৰে
চিনাওঁ হাৰলী আই॥
তাৰ নাম শুনি ঘুমতি নাসয়,
ডৰে কাম্পে মোৰ বুক।
দেখিলে লৱৰি পলাইবাক পাৰো,
সত্বৰে চিনাওঁ মোক॥
অনাদি স্বৰূপে জগত স্ৰজিলোঁ,
চৰাচৰ ভেদ কৰি।
সকল জগত প্ৰতিপাল কৰি,
আত্মাৰূপে আছোঁ ধৰি॥
ব্ৰহ্মা মহেশ্বৰ আদি কৰি যত,
সমস্ত মোৰ স্ৰজন।
মই যে নজানো সিতো কাণখোৱা,
স্ৰজি আছে কোন জন?
বিষ্ণুৰূপে মই বৈকুণ্ঠৰ হস্তে,
চড়িয়া গৰুড় স্কন্ধে।
সমস্তে জগত বিচাৰি চাহিলোঁ,
ফুৰিয়া অতি প্ৰৱন্ধে॥
স্বৰগী নৰকী দুৰ্জ্জন মহন্ত,
বিচাৰি ফুৰিলোঁ পাছে।
সিয়ো কালে মই লগ নপাইলোঁহো,
কাণখোৱা কৈত আছে॥
প্ৰথমতে মই অৱতাৰ ভৈলোঁ,
দিব্য মৎস্য ৰূপ ধৰি।
চাৰিও বেদক পাতালৰ হন্তে,
আনিলো সঙ্গে উদ্ধাৰি॥
পাছে সেহি ঠাই বঢ়াই মৎস্য কাই,
জুৰিলোঁ সাগৰ তীৰ।
সিয়োকালে মই লাগক নাপাইলোঁ,
কাণখোৱা কেন বীৰ॥
কুৰ্ম্মৰূপে মই মন্দৰ ধৰিলোঁ,
সাগৰ মথিবে লাগি।
যত জলচৰ খলকি সাগৰ,
সমস্ত গৈল ভাগি॥
কাল কুট বিষ অগনি পালিজে,
লক্ষ্মীয়ে ৰজাইলা পাছে।
সিয়োকালে মই লাগক নপাইলোঁ,
কাণখোৱা কৈত আছে॥
বৰাহ স্বৰূপে পৃথিবী উদ্ধাৰি,
আনিলো দান্তৰ আগে।
হিৰণ্যক্ষ নামে বীৰকো বধিলোঁ,
যুদ্ধকৰি মহাভাগেশ॥
মোক ভয়ে যত অসুৰ দৰিলা,
কম্পি গৈলা ত্ৰিজগত।
সিয়োকালে মই লাগক নপাইলোঁ,
কাণখোৱা কেন মত॥
স্ফটিক স্তম্ভে ৰাজ ভৈলোঁ মই,
নৰসিংহ ৰূপ ধৰি।
হীৰণ্যক্ষ নামে দৈত্যক বধিলোঁ,
নখ অগ্ৰে বুক চিৰি॥
জটাৰ ছাতিত মেঘ উৰুৱাইলোঁ
মেদিনী কম্পিলা দৰে।
সিয়োকালে মই লাগক নপাইলোঁ,
সিতো আছে কাৰ ঘৰে॥
বামন স্বৰূপে দেব কাৰ্য্য সাধি,
বলিক ছলিবে গৈলোঁ।
দান লওঁ বুলি তিনি পদ ভূমি,
ত্ৰৈলোক্য জুৰিয়া লৈলোঁ॥
উপায় কৰিয়া বলিক ছলিলোঁ,
পঠাইলোঁ পাছে সুতলে।
কাণখোৱা নামে বীৰ গোট আছে,
নুশুনিলোঁ সিয়ো কালে॥
শ্ৰীৰাম স্বৰূপে সীতাৰ নিমিত্তে,
ভৈলোঁ সাগৰৰ পাৰ।
সবংশে ৰাৱণ ৰাক্ষস বধিলোঁ,
খণ্ডিলো ভূমিৰ ভাৰ॥
দেৱাসুৰ নৰ ভালুক বানৰ,
সবে আইলা মোৰ কাছে।
লঙ্কা নগৰীত কাণে নুশুনিলোঁ,
কাণখোৱা কৈত আছে॥
হলিৰাম ৰূপে লাজল ধৰি্লোঁ,
সম কৰি খাল বাম।
সকল পৃথিবী বিচাৰি চাহিলোঁ,
লৈলোঁ হলধৰ নাম॥
আসিলোঁ ইবাৰ কৃষ্ণ অৱতাৰ,
ৰঙ্গে আছোঁ তযু ঘৰে।
কাণখোৱা নাম শুনি মোৰ গাৱ,
তৰতৰি কাম্পে দৰে॥
ঘুমতিৰ ছলে নিচুকিয়া মই,
চক্ষু মেলি আছোঁ চাই।
কেনকুৱা গোটে কাণ খাই ফুৰে,
চিনায়ো হাৰলী আই॥
কৃষ্ণৰ বচন শুনিয়া যশোদা,
ভয় হুয়া ৰহি আছে।
একোৱে উত্তৰ দিবাক নপাৰি,
হাসি মাতিলন্ত পাছে॥
মিছা সে বুলিয়া মুখে স্তন দিয়া,
কৃষ্ণক সাবতি ধৰি।
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি,
ডাকি বোলা হৰি হৰি॥

ঘোষা—উঠা উঠা হৰিএ, চান্দবয়ন, অ হৰি হৰি পদ্ম নয়ন, পুহাইল নিশি, মেলা ধেনুগণ, উঠা উঠা হৰিএ॥

উঠিয়ো কৃষ্ণাই হাৰলী বোপাই,
ৰোষ তাপ তেজি মনে।
পুহাইল ৰজনী উঠা যাদুমণি,
বুলি ডাকে শিশুগণে॥
যশোদাৰ বাণী শুনি চক্ৰপাণি,
বোলন্ত নমাতা মাৱ।
তোমাৰ আতাই বোপই বোলন্তে,
নুজুৰাই মোৰ গাৱ॥
দিন চাৰি পাঞ্চ নুঠিবোঁ নখাইবোঁ,
নযাইবোঁ গোৰখ্য থানে।
দুৰ্ষশ কলঙ্ক দুঃখ সুমৰন্তে,
নসহে মোৰ পৰাণে॥
মই নাৰায়ণ জগত কাৰণ,
তুমি গোৱালৰ জীউ।
তথাপি তোমাক দেখন্তে ভৰত,
উৰি যাই মোৰ জীউ॥
যত খাওঁ দাওঁ তভু শুকাই যাওঁ,
নাই মোৰ উদগতি।
হাত মুঠি যেন কঙ্কাল খানিষে,
বান্ধতে চিন্দিল আতি॥
নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড,
স্ৰজি আছো লীলা কৰি।
সমস্তে জগত প্ৰতিপাল কৰি,
আত্মা ৰূপে আছো ধৰি॥
ব্ৰহ্মা আদি কৰি যত চৰাচৰ,
মোকে সেৱা কৰি যাই।
তোৰ ঘৰে আসি গৰু চাৰি ফুৰো,
কৰকৰা ভাত খাই॥
নাৰায়ণ ৰূপে অনন্ত শয্যাত,
জলত কৰি শয়ন।
নাতিপদ্ম হন্তে ব্ৰহ্মা উপজাইলোঁ,
স্ৰজিলোঁ তিনি ভুবন॥
বেদৰু পঢ়াইলোঁ তত্ত্বজ্ঞান কৈলোঁ,
অজ্ঞান কৰিলোঁ দূৰ।
তোহোৰ হাতত যতেক ঐশ্বৰ্য্য,
সবে তৈলা মষিমূৰ॥
হংস ৰূপে মই স্বৰ্গক কম্পাইলোঁ,
ব্ৰহ্মাৰ সভাত ৰৈলোঁ।
মুনি সমন্তৰ সংশয় ছেদিলোঁ,
আত্মতত্ত্ব জ্ঞান কৈলোঁ॥
মুনি সিদ্ধ সবে সাদৰিলে মোক,
প্ৰণামিলা সৃষ্টিকৰে।
আবে আসি মই শ্ৰীকৃষ্ণৰ বেশ,
ভৈলোঁ আসি তযু ঘৰে॥
ব্যাস ৰূপে মই চাৰিও বেদৰ,
কৰিলোঁহোঁ শাখা ভেদ।
জ্ঞান কৰ্ম্ম ভক্তি প্ৰবৃত্তি নিবৃত্তি,
দিলোঁ সবে পৰিচ্ছেদ॥
বেদৰ ৰহস্য ভাগৱত ধৰ্ম্ম,
নিবন্ধিয়া থৈ্লোঁ পুনু।
মূঢ়তো অধিক কৰি আবে তুমি,
মোক বোলা জৰ কানু॥
অসুৰৰ ভয়ে পূৰ্ব্বে দেৱগণে
চিন্তিলে গৈয়া আমাক।
চতুৰ্ভুজ ৰূপে আসি তাৱক্ষণে,
দেখা দি্লোঁ তাম্বাসক॥
মোৰ ৰূপ দেখি চমক লাগিলে,
ত্ৰিদশে পৰিল ঢলি।
আবে তুমি মোক ৰিগুটিয়া মাতা,
কলিয়া কলিয়া বুলি॥
মোহিনী স্বৰূপে, সাগৰ মথিলোঁ,
আসিল লক্ষ্মী বজাই।
ব্ৰহ্মাদিক তেজি, মোক ভজিলেক,
হৃদয়ত দিলো ঠাই॥
হেন লক্ষ্মীপতি আসি তোৰ ঘৰে,
কাল গুণি আছো ৰই।
ধান্য মুঠি দিয়া, ফল কিনি খাও,
তাহাত মৰিলি দেই॥
তাত অনন্তৰে, ধনন্তৰী ৰূপে,
অমৃতৰ ঘট ধৰি।
সাগৰৰ হন্তে, বাজ তৈলোঁ মই,
জগত প্ৰখ্যাত কৰি॥
মোহিনী স্বৰূপে, অমৃত পিয়াইলোঁ,
সাধিলো দেৱৰ কাম।
তোৰ ঘৰে আসি, বৰ যশ পাইলোঁ,
লৈলো দধিচোৰ নাম॥
কপিল স্বৰূপে, কৰ্দ্দমৰ ঘৰে,
হুয়া মই অৱতাৰ।
দেৱহুতি নামে, মাতৃক তাৰিলো,
কহিলো তত্ব বিচাৰ॥
এৰে আসি মই, তযু ঘৰে আছোঁ,
দেহক কৰিছোঁ ছন্দ।
আছোক আমাত, জ্ঞান সুধি লৈবা,
দিনে পতি কৰা দ্বন্দ॥
বামন স্বৰূপে, বলিক ছলিলোঁ,
বিশ্বৰূপ দৰশাইলোঁ।
সৰ্গৰ দ্বাৰত, ৰাজ ভৈলো আমি,
গঙ্গাক আনি নমাই্লো॥
সেহি পদ জল, শিৰত ধৰিল,
মহেশে বাটত পাই।
এৰে তুমি মোক, বিগুটিয়া মাতা,
দিয়া মাতি খোৱা দায়॥
হৰি অৱতাৰে, গজেন্দ্ৰক মই,
মুকুতি পদক দিলো।
নিজ ৰূপে মই, স্বৰ্গক চাহিলোঁ,
আপুনি উৎপত্তি ভৈলো॥
পৃথু অৱতাৰে, সাত পৃথিবীৰ,
ভৈলো্হোঁ এক নৃপতি।
বাপেৰ কালৰ, পুত্ৰ পাইলি মোক,
মাতস তই বিগুটি॥
দুকৰ তপক, আচৰিয়া মই,
ঋষভ স্বৰূপ হই।
দ্বিতিত্ৰয় ৰূপে, যদু নৃপতিক,
নিস্তাৰিলোঁ জ্ঞান কই॥
জীৱন্তে ধ্ৰুৱক, থাপিলো স্বৰ্গত,
এক দূৰ্ব্ব ৰূপ ধৰি।
গোৱালৰ জীউ, হুয়া তুমি মোক,
কৰাহা এত চাতুৰী॥
নাৰদ স্বৰূপে, ভাগৱত ধৰ্ম্ম,
কৰিলো মই বিদিত।
নৰ নাৰায়ণ, ৰূপে তপ কৰোঁ,
জগতৰ চিন্তো হিত॥
আন অৱতাৰ, হুয়া বাৰম্বাৰ,
জগত কৰি ৰক্ষণ।
এবে আসি মই তযু ঘৰে আছোঁ
তোমাৰ জিজ্ঞাসি মন॥
আনো যত মোৰ, মহিমা আছয়,
কহিবাক লাগে কিক।
মই হেন পুত্ৰৰ, মাৱ বোলাইবাক,
তোমাৰ আছে অধিক॥
কিছু কিছু কৰি, দেখি আছা মায়া,
তথাপি কৰা আক্ৰোশ।
এক ক্ষেণিতেকে, সুৰতি হবাইবোঁ,
নেদিবাহ মোক দোষ॥
কাঠ বাজী বুলি জগতে হাসয়,
দেখিলে সুমৰে হৰি।
এবে আসি তযু পুত্ৰ ভৈলোঁ যেবে,
সিটো দুঃখ দূৰ কৰি॥
তথাপি আমাৰ স্নেহ নজানস,
নকৰা মোত বিশ্বাস।
আগে যে আছিলা তেনয় কৰিবো,
দিন চাৰি বাট চাস॥
মোহোৰ মুখত লাজ লাগে আৰ,
তোমাৰ গুণ কহন্তে।
দুই ওঠ কাটি তেজ বহি যাই,
বাশৰ বাঁশী বজান্তে॥
চাৰি ৰাতি সোণাৰ বাঁশী গঢ়াই নেদ,
ৰাজ পটেশ্বৰী হুই।
গাতত পোতন্তে পেতাৰি বান্ধন্তে,
ধনত লাগিবে জুই॥
গৰুশালি লাগি অন্ন দি পঠোয়া,
সিয়ো হোৱে এক মুঠি।
এগৰাহ মাৰিলে এগৰাহ নাটে,
যাওঁ আধাপেটী উঠি॥
গৰু আগুৰান্তে ধাতু যাই মোৰ,
কণ্টক বনত সন্ধি।
চোপৰাতি দিন লৱৰি ফুৰন্তে,
নও আতনাক পিন্ধি॥
কুৰ কুটা চুলি পৰে গৰুধূলি,
কুকুহা পৰিয়া যাই।
গোটা গুটি কৰি জটা বান্ধি আছে,
তৈল মাথে দেখা নাই॥
কথাক কহন্তে ক্ৰন্দন আলয়,
যত অপমান পাইবোঁ।
যেবে হওঁ মই বাপেকৰ পুত্ৰ,
তোমাক আবে কলাইবোঁ॥
কংস মমাই আৰ সাৰথি আছই,
শুনিলে নিবে মাতাই।
ইতো অপমান সকলে সুজিবোঁ,
মথুৰা পুৰীক যাই॥
দৈৱকী মাৱত মোৰ বৰ লুলি,
থাকিবো তাহান পাশে।
আমাক দেখিবে লাগিয়া তোমাৰ,
বৰ হুইবে হাবিলাস॥
কৃষ্ণৰ বচন শুনিয়া যশোদা,
পুনু মাতে পাশ চাপি।
এৰ হাবিলাস মোৰ মাথা খাস,
নকান্দিবা মোৰ বাপি॥
মই অভাগীৰ ইবাৰ দোষক,
মৰষিও বনমালী।
আনকাল যদি দোষ দেখা মোৰ,
পাৰিবাহা মোক গালি॥
মাৱৰ বচন শুনিয়া কৃষ্ণৰ,
হৰষিত ভৈলা মন।
একে ডেৱে গৈয়া কোলাত চৰিয়া,
পিবাক লাগিলা স্তন॥
অমৃত সমান কৰি মৃদু হাস,
চাৰু দন্ত দৰশাই।
ব্ৰহ্মাণ্ডৰ সুখ মানিলা যশােদা,
কৃষ্ণৰ মুখক চাই॥
শুনা সভাসদ হুয়া নিঃশবদ,
শিশু গােবিন্দৰ কেলি।
কৃষ্ণৰ অৰুণ চৰণ পঙ্কজ,
কৰিবা মনে সেৱালি॥
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি,
কৃষ্ণৰ ভকতি কাম।
কৃষ্ণক ভকতি মিলােক মুকুতি,
ডাকি বােলা ৰাম ৰাম॥

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কাণখোৱাশ্ৰীধৰ কন্দলি
Anjan Sarma

Anjan Sarma

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
মই খটখটী

মই খটখটী

April 11, 2026
নাম শুনিলেই যাৰ….

নাম শুনিলেই যাৰ….

January 26, 2026
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025
মায়াৱী কুকুৰা

মায়াৱী কুকুৰা

September 16, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 10, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d