• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, December 1, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

কাণখোৱা

শ্ৰীধৰ কন্দলি

by Admin
November 7, 2021
in Poetry
Reading Time: 2 mins read
0
কাণখোৱা
Share on FacebookShare on TwitterShare on LinkedIn

–শ্ৰীধৰ কন্দলি |

ঘুমতি যায়োৰে উৰে কানাই
হুৰে কাণখোৱা আসে।
সকল শিশুৰ কাণ খাই খাই
আসয় তোমাৰ পাশে॥
মাৱৰ বচন শুনি পাশ চাপি,
হাসিয়া সোধে কানাই।
কেনেকুৱা গোটে কাণ খাই ফুৰে
চিনাওঁ হাৰলী আই॥
তাৰ নাম শুনি ঘুমতি নাসয়,
ডৰে কাম্পে মোৰ বুক।
দেখিলে লৱৰি পলাইবাক পাৰো,
সত্বৰে চিনাওঁ মোক॥
অনাদি স্বৰূপে জগত স্ৰজিলোঁ,
চৰাচৰ ভেদ কৰি।
সকল জগত প্ৰতিপাল কৰি,
আত্মাৰূপে আছোঁ ধৰি॥
ব্ৰহ্মা মহেশ্বৰ আদি কৰি যত,
সমস্ত মোৰ স্ৰজন।
মই যে নজানো সিতো কাণখোৱা,
স্ৰজি আছে কোন জন?
বিষ্ণুৰূপে মই বৈকুণ্ঠৰ হস্তে,
চড়িয়া গৰুড় স্কন্ধে।
সমস্তে জগত বিচাৰি চাহিলোঁ,
ফুৰিয়া অতি প্ৰৱন্ধে॥
স্বৰগী নৰকী দুৰ্জ্জন মহন্ত,
বিচাৰি ফুৰিলোঁ পাছে।
সিয়ো কালে মই লগ নপাইলোঁহো,
কাণখোৱা কৈত আছে॥
প্ৰথমতে মই অৱতাৰ ভৈলোঁ,
দিব্য মৎস্য ৰূপ ধৰি।
চাৰিও বেদক পাতালৰ হন্তে,
আনিলো সঙ্গে উদ্ধাৰি॥
পাছে সেহি ঠাই বঢ়াই মৎস্য কাই,
জুৰিলোঁ সাগৰ তীৰ।
সিয়োকালে মই লাগক নাপাইলোঁ,
কাণখোৱা কেন বীৰ॥
কুৰ্ম্মৰূপে মই মন্দৰ ধৰিলোঁ,
সাগৰ মথিবে লাগি।
যত জলচৰ খলকি সাগৰ,
সমস্ত গৈল ভাগি॥
কাল কুট বিষ অগনি পালিজে,
লক্ষ্মীয়ে ৰজাইলা পাছে।
সিয়োকালে মই লাগক নপাইলোঁ,
কাণখোৱা কৈত আছে॥
বৰাহ স্বৰূপে পৃথিবী উদ্ধাৰি,
আনিলো দান্তৰ আগে।
হিৰণ্যক্ষ নামে বীৰকো বধিলোঁ,
যুদ্ধকৰি মহাভাগেশ॥
মোক ভয়ে যত অসুৰ দৰিলা,
কম্পি গৈলা ত্ৰিজগত।
সিয়োকালে মই লাগক নপাইলোঁ,
কাণখোৱা কেন মত॥
স্ফটিক স্তম্ভে ৰাজ ভৈলোঁ মই,
নৰসিংহ ৰূপ ধৰি।
হীৰণ্যক্ষ নামে দৈত্যক বধিলোঁ,
নখ অগ্ৰে বুক চিৰি॥
জটাৰ ছাতিত মেঘ উৰুৱাইলোঁ
মেদিনী কম্পিলা দৰে।
সিয়োকালে মই লাগক নপাইলোঁ,
সিতো আছে কাৰ ঘৰে॥
বামন স্বৰূপে দেব কাৰ্য্য সাধি,
বলিক ছলিবে গৈলোঁ।
দান লওঁ বুলি তিনি পদ ভূমি,
ত্ৰৈলোক্য জুৰিয়া লৈলোঁ॥
উপায় কৰিয়া বলিক ছলিলোঁ,
পঠাইলোঁ পাছে সুতলে।
কাণখোৱা নামে বীৰ গোট আছে,
নুশুনিলোঁ সিয়ো কালে॥
শ্ৰীৰাম স্বৰূপে সীতাৰ নিমিত্তে,
ভৈলোঁ সাগৰৰ পাৰ।
সবংশে ৰাৱণ ৰাক্ষস বধিলোঁ,
খণ্ডিলো ভূমিৰ ভাৰ॥
দেৱাসুৰ নৰ ভালুক বানৰ,
সবে আইলা মোৰ কাছে।
লঙ্কা নগৰীত কাণে নুশুনিলোঁ,
কাণখোৱা কৈত আছে॥
হলিৰাম ৰূপে লাজল ধৰি্লোঁ,
সম কৰি খাল বাম।
সকল পৃথিবী বিচাৰি চাহিলোঁ,
লৈলোঁ হলধৰ নাম॥
আসিলোঁ ইবাৰ কৃষ্ণ অৱতাৰ,
ৰঙ্গে আছোঁ তযু ঘৰে।
কাণখোৱা নাম শুনি মোৰ গাৱ,
তৰতৰি কাম্পে দৰে॥
ঘুমতিৰ ছলে নিচুকিয়া মই,
চক্ষু মেলি আছোঁ চাই।
কেনকুৱা গোটে কাণ খাই ফুৰে,
চিনায়ো হাৰলী আই॥
কৃষ্ণৰ বচন শুনিয়া যশোদা,
ভয় হুয়া ৰহি আছে।
একোৱে উত্তৰ দিবাক নপাৰি,
হাসি মাতিলন্ত পাছে॥
মিছা সে বুলিয়া মুখে স্তন দিয়া,
কৃষ্ণক সাবতি ধৰি।
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি,
ডাকি বোলা হৰি হৰি॥

RelatedPosts

Gerard Manley Hopkins on Nature and God

Gerard Manley Hopkins on Nature and God

November 2, 2023
photo of man wearing hooded jacket in front of body of water

পুৰুষ হ’বলৈ আৰু বহুযুগ লাগিব আপোনাক..

September 9, 2023
BOUND BY HOPE

BOUND BY HOPE

September 4, 2023

ঘোষা—উঠা উঠা হৰিএ, চান্দবয়ন, অ হৰি হৰি পদ্ম নয়ন, পুহাইল নিশি, মেলা ধেনুগণ, উঠা উঠা হৰিএ॥

উঠিয়ো কৃষ্ণাই হাৰলী বোপাই,
ৰোষ তাপ তেজি মনে।
পুহাইল ৰজনী উঠা যাদুমণি,
বুলি ডাকে শিশুগণে॥
যশোদাৰ বাণী শুনি চক্ৰপাণি,
বোলন্ত নমাতা মাৱ।
তোমাৰ আতাই বোপই বোলন্তে,
নুজুৰাই মোৰ গাৱ॥
দিন চাৰি পাঞ্চ নুঠিবোঁ নখাইবোঁ,
নযাইবোঁ গোৰখ্য থানে।
দুৰ্ষশ কলঙ্ক দুঃখ সুমৰন্তে,
নসহে মোৰ পৰাণে॥
মই নাৰায়ণ জগত কাৰণ,
তুমি গোৱালৰ জীউ।
তথাপি তোমাক দেখন্তে ভৰত,
উৰি যাই মোৰ জীউ॥
যত খাওঁ দাওঁ তভু শুকাই যাওঁ,
নাই মোৰ উদগতি।
হাত মুঠি যেন কঙ্কাল খানিষে,
বান্ধতে চিন্দিল আতি॥
নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড,
স্ৰজি আছো লীলা কৰি।
সমস্তে জগত প্ৰতিপাল কৰি,
আত্মা ৰূপে আছো ধৰি॥
ব্ৰহ্মা আদি কৰি যত চৰাচৰ,
মোকে সেৱা কৰি যাই।
তোৰ ঘৰে আসি গৰু চাৰি ফুৰো,
কৰকৰা ভাত খাই॥
নাৰায়ণ ৰূপে অনন্ত শয্যাত,
জলত কৰি শয়ন।
নাতিপদ্ম হন্তে ব্ৰহ্মা উপজাইলোঁ,
স্ৰজিলোঁ তিনি ভুবন॥
বেদৰু পঢ়াইলোঁ তত্ত্বজ্ঞান কৈলোঁ,
অজ্ঞান কৰিলোঁ দূৰ।
তোহোৰ হাতত যতেক ঐশ্বৰ্য্য,
সবে তৈলা মষিমূৰ॥
হংস ৰূপে মই স্বৰ্গক কম্পাইলোঁ,
ব্ৰহ্মাৰ সভাত ৰৈলোঁ।
মুনি সমন্তৰ সংশয় ছেদিলোঁ,
আত্মতত্ত্ব জ্ঞান কৈলোঁ॥
মুনি সিদ্ধ সবে সাদৰিলে মোক,
প্ৰণামিলা সৃষ্টিকৰে।
আবে আসি মই শ্ৰীকৃষ্ণৰ বেশ,
ভৈলোঁ আসি তযু ঘৰে॥
ব্যাস ৰূপে মই চাৰিও বেদৰ,
কৰিলোঁহোঁ শাখা ভেদ।
জ্ঞান কৰ্ম্ম ভক্তি প্ৰবৃত্তি নিবৃত্তি,
দিলোঁ সবে পৰিচ্ছেদ॥
বেদৰ ৰহস্য ভাগৱত ধৰ্ম্ম,
নিবন্ধিয়া থৈ্লোঁ পুনু।
মূঢ়তো অধিক কৰি আবে তুমি,
মোক বোলা জৰ কানু॥
অসুৰৰ ভয়ে পূৰ্ব্বে দেৱগণে
চিন্তিলে গৈয়া আমাক।
চতুৰ্ভুজ ৰূপে আসি তাৱক্ষণে,
দেখা দি্লোঁ তাম্বাসক॥
মোৰ ৰূপ দেখি চমক লাগিলে,
ত্ৰিদশে পৰিল ঢলি।
আবে তুমি মোক ৰিগুটিয়া মাতা,
কলিয়া কলিয়া বুলি॥
মোহিনী স্বৰূপে, সাগৰ মথিলোঁ,
আসিল লক্ষ্মী বজাই।
ব্ৰহ্মাদিক তেজি, মোক ভজিলেক,
হৃদয়ত দিলো ঠাই॥
হেন লক্ষ্মীপতি আসি তোৰ ঘৰে,
কাল গুণি আছো ৰই।
ধান্য মুঠি দিয়া, ফল কিনি খাও,
তাহাত মৰিলি দেই॥
তাত অনন্তৰে, ধনন্তৰী ৰূপে,
অমৃতৰ ঘট ধৰি।
সাগৰৰ হন্তে, বাজ তৈলোঁ মই,
জগত প্ৰখ্যাত কৰি॥
মোহিনী স্বৰূপে, অমৃত পিয়াইলোঁ,
সাধিলো দেৱৰ কাম।
তোৰ ঘৰে আসি, বৰ যশ পাইলোঁ,
লৈলো দধিচোৰ নাম॥
কপিল স্বৰূপে, কৰ্দ্দমৰ ঘৰে,
হুয়া মই অৱতাৰ।
দেৱহুতি নামে, মাতৃক তাৰিলো,
কহিলো তত্ব বিচাৰ॥
এৰে আসি মই, তযু ঘৰে আছোঁ,
দেহক কৰিছোঁ ছন্দ।
আছোক আমাত, জ্ঞান সুধি লৈবা,
দিনে পতি কৰা দ্বন্দ॥
বামন স্বৰূপে, বলিক ছলিলোঁ,
বিশ্বৰূপ দৰশাইলোঁ।
সৰ্গৰ দ্বাৰত, ৰাজ ভৈলো আমি,
গঙ্গাক আনি নমাই্লো॥
সেহি পদ জল, শিৰত ধৰিল,
মহেশে বাটত পাই।
এৰে তুমি মোক, বিগুটিয়া মাতা,
দিয়া মাতি খোৱা দায়॥
হৰি অৱতাৰে, গজেন্দ্ৰক মই,
মুকুতি পদক দিলো।
নিজ ৰূপে মই, স্বৰ্গক চাহিলোঁ,
আপুনি উৎপত্তি ভৈলো॥
পৃথু অৱতাৰে, সাত পৃথিবীৰ,
ভৈলো্হোঁ এক নৃপতি।
বাপেৰ কালৰ, পুত্ৰ পাইলি মোক,
মাতস তই বিগুটি॥
দুকৰ তপক, আচৰিয়া মই,
ঋষভ স্বৰূপ হই।
দ্বিতিত্ৰয় ৰূপে, যদু নৃপতিক,
নিস্তাৰিলোঁ জ্ঞান কই॥
জীৱন্তে ধ্ৰুৱক, থাপিলো স্বৰ্গত,
এক দূৰ্ব্ব ৰূপ ধৰি।
গোৱালৰ জীউ, হুয়া তুমি মোক,
কৰাহা এত চাতুৰী॥
নাৰদ স্বৰূপে, ভাগৱত ধৰ্ম্ম,
কৰিলো মই বিদিত।
নৰ নাৰায়ণ, ৰূপে তপ কৰোঁ,
জগতৰ চিন্তো হিত॥
আন অৱতাৰ, হুয়া বাৰম্বাৰ,
জগত কৰি ৰক্ষণ।
এবে আসি মই তযু ঘৰে আছোঁ
তোমাৰ জিজ্ঞাসি মন॥
আনো যত মোৰ, মহিমা আছয়,
কহিবাক লাগে কিক।
মই হেন পুত্ৰৰ, মাৱ বোলাইবাক,
তোমাৰ আছে অধিক॥
কিছু কিছু কৰি, দেখি আছা মায়া,
তথাপি কৰা আক্ৰোশ।
এক ক্ষেণিতেকে, সুৰতি হবাইবোঁ,
নেদিবাহ মোক দোষ॥
কাঠ বাজী বুলি জগতে হাসয়,
দেখিলে সুমৰে হৰি।
এবে আসি তযু পুত্ৰ ভৈলোঁ যেবে,
সিটো দুঃখ দূৰ কৰি॥
তথাপি আমাৰ স্নেহ নজানস,
নকৰা মোত বিশ্বাস।
আগে যে আছিলা তেনয় কৰিবো,
দিন চাৰি বাট চাস॥
মোহোৰ মুখত লাজ লাগে আৰ,
তোমাৰ গুণ কহন্তে।
দুই ওঠ কাটি তেজ বহি যাই,
বাশৰ বাঁশী বজান্তে॥
চাৰি ৰাতি সোণাৰ বাঁশী গঢ়াই নেদ,
ৰাজ পটেশ্বৰী হুই।
গাতত পোতন্তে পেতাৰি বান্ধন্তে,
ধনত লাগিবে জুই॥
গৰুশালি লাগি অন্ন দি পঠোয়া,
সিয়ো হোৱে এক মুঠি।
এগৰাহ মাৰিলে এগৰাহ নাটে,
যাওঁ আধাপেটী উঠি॥
গৰু আগুৰান্তে ধাতু যাই মোৰ,
কণ্টক বনত সন্ধি।
চোপৰাতি দিন লৱৰি ফুৰন্তে,
নও আতনাক পিন্ধি॥
কুৰ কুটা চুলি পৰে গৰুধূলি,
কুকুহা পৰিয়া যাই।
গোটা গুটি কৰি জটা বান্ধি আছে,
তৈল মাথে দেখা নাই॥
কথাক কহন্তে ক্ৰন্দন আলয়,
যত অপমান পাইবোঁ।
যেবে হওঁ মই বাপেকৰ পুত্ৰ,
তোমাক আবে কলাইবোঁ॥
কংস মমাই আৰ সাৰথি আছই,
শুনিলে নিবে মাতাই।
ইতো অপমান সকলে সুজিবোঁ,
মথুৰা পুৰীক যাই॥
দৈৱকী মাৱত মোৰ বৰ লুলি,
থাকিবো তাহান পাশে।
আমাক দেখিবে লাগিয়া তোমাৰ,
বৰ হুইবে হাবিলাস॥
কৃষ্ণৰ বচন শুনিয়া যশোদা,
পুনু মাতে পাশ চাপি।
এৰ হাবিলাস মোৰ মাথা খাস,
নকান্দিবা মোৰ বাপি॥
মই অভাগীৰ ইবাৰ দোষক,
মৰষিও বনমালী।
আনকাল যদি দোষ দেখা মোৰ,
পাৰিবাহা মোক গালি॥
মাৱৰ বচন শুনিয়া কৃষ্ণৰ,
হৰষিত ভৈলা মন।
একে ডেৱে গৈয়া কোলাত চৰিয়া,
পিবাক লাগিলা স্তন॥
অমৃত সমান কৰি মৃদু হাস,
চাৰু দন্ত দৰশাই।
ব্ৰহ্মাণ্ডৰ সুখ মানিলা যশােদা,
কৃষ্ণৰ মুখক চাই॥
শুনা সভাসদ হুয়া নিঃশবদ,
শিশু গােবিন্দৰ কেলি।
কৃষ্ণৰ অৰুণ চৰণ পঙ্কজ,
কৰিবা মনে সেৱালি॥
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি,
কৃষ্ণৰ ভকতি কাম।
কৃষ্ণক ভকতি মিলােক মুকুতি,
ডাকি বােলা ৰাম ৰাম॥

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: কাণখোৱাশ্ৰীধৰ কন্দলি
Admin

Admin

Related Posts

Gerard Manley Hopkins on Nature and God
Poetry

Gerard Manley Hopkins on Nature and God

by Admin
November 2, 2023
0

Gerard Manley Hopkins on Nature and God Sanjeev Kumar Nath Sanjeev Kumar Nath The poetry  of Gerard Manley Hopkins (1844-1889),...

Read more
photo of man wearing hooded jacket in front of body of water

পুৰুষ হ’বলৈ আৰু বহুযুগ লাগিব আপোনাক..

September 9, 2023
BOUND BY HOPE

BOUND BY HOPE

September 4, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ক’ত, আলাবৈ!!

August 5, 2023
বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

June 19, 2023
মৃত্যুক সুধিলে নচিকেতাই ‘মৃত্যু’ কি?

মৃত্যুক সুধিলে নচিকেতাই ‘মৃত্যু’ কি?

June 17, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
COP28: Navigating the Pivotal Climate Conference in Dubai

COP28: Navigating the Pivotal Climate Conference in Dubai

December 1, 2023
বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস

বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস

December 1, 2023
What’s COP28 and why is it important?

COP28: Climate Disaster Fund Approval and UAE’s Investment Initiative

December 1, 2023
বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

November 30, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1726 shares
    Share 690 Tweet 432
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2093 shares
    Share 837 Tweet 523
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1546 shares
    Share 618 Tweet 387
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    932 shares
    Share 373 Tweet 233
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2443 shares
    Share 977 Tweet 611
  • FREEDOM FIGHTERS OF ASSAM

    3016 shares
    Share 1206 Tweet 754
  • অসমৰ লোকসংস্কৃতি

    1266 shares
    Share 506 Tweet 317
  • মাজুলী আৰু ৰাস

    411 shares
    Share 164 Tweet 103
  • ইতিহাসৰ জলঙাইদি হাজো

    1051 shares
    Share 420 Tweet 263
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    1262 shares
    Share 505 Tweet 316
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: